ডঃ বাণিকান্ত কাকতি

...সাহিত্যৰ ক্ষেত্রত নতুনকৈ কৰিবলগীয়া কাম একো নাই। সাহিত্য ধ্বনি আৰু প্রতিধ্বনি মাথোন। পূর্বপুৰুষ সকলৰ ভাবৰ ধ্বনি যাৰ হৃদয়ত পুৰাকৈ প্রতিধ্বনিত হয় সিয়েই সফলতা লাভ কৰে... ডঃ বাণীকান্ত কাকতি, বাঁহী, ১৩শ বছৰ, অষ্টম সংখ্যা, আঘোণ, ১৮৪৭ শক।

Thursday, April 4, 2019

পেখু পেখু (তেত্ৰিশ): ইউটিউব আৰু গান: দৃশ্যায়ণ, দৃশ্যকল্প, কল্পদৃশ্য



[DainikAsom,7 April,2019]
কোনোবাই গান গাইছে আৰু সমুখত বহি কোনোবাই শুনিছে। এইটো এতিয়া এটা অত্যন্ত বিৰল ঘটনা। গান গোৱাৰ আৰু শুনাৰ সমস্ত প্ৰপঞ্চবিজ্ঞান (phenomenology) বিগত কেইটিমান দশকত বিস্তৰ সলনি হ'ল। প্ৰযুক্তিগত সঁ‌জুলিয়ে আনি দিয়া নতুন পৰিৱেশত গান শুনাৰ অভিজ্ঞতা সমূহো সলনি হ'বলৈ বাধ্য। এই সময়ৰ নতুন গানৰ সৃষ্টি, পৰিৱেশন, প্ৰচাৰ, ব্যৱসায় সকলোখিনিয়েই গানৰ দৃশ্য-শ্ৰাব্য মাধ্যমৰ ওপৰত নিৰ্ভৰশীল হৈ উঠিছে। এই সময়ত ইউটিউবৰ ব্যাপক জনপ্ৰিয়তা আৰু নিৰ্ভৰশীলতা অনস্বীকাৰ্য। এই দিশলৈ চাই সমসাময়িক অসমীয়া গানৰ গুণগত মান নিম্নগামী হৈছে বুলি সততে শুনিবলৈ পোৱা আক্ষেপখিনিৰ লগতে এইখিনি অভিযোগো শুনা যায় যে- ভিডিঅ' এটা নিৰ্মাণ কৰাৰ উদ্দেশ্য সন্মুখত ৰাখি গানৰ প্ৰযোজনা হোৱাৰ বাবেই গানৰ মান তললৈ আহিছে। দুই একে কোৱা শুনো, দৃশ্যায়নৰ তাগিদা এটাই খেদি ফুৰাত গানৰ সৃষ্টি, পৰিৱেশন আৰু উপভোগ্যতাৰ মৌলিকতা কিম্বা বিশুদ্ধতা নোহোৱা হৈছে, যিটো ক্ষতিকাৰক। আমাৰ বক্তব্য- চকুৰ সন্মুখলৈ অহা এটা প্ৰপঞ্চ হিচাপে কথাখিনিৰ ভিত্তি থাকিলেও এটা বিচাৰ হিচাপে অযৌক্তিক। আনকি দৃশ্যায়ণ বা অডিঅ'-ভিজুৱেল উপস্থাপনৰ প্ৰৱণতাই গানৰ ক্ষতিসাধন কৰিব পাৰে বুলি হোৱা আশংকাখিনিও সমূলি অমূলক।


গান এটাৰ দৃশ্যায়িত ৰূপৰ সম্ভাৱনা গানটোৰ মাজতেই থাকে। যিকোনো সৃষ্টিশীল কৰ্মৰ ক্ষেত্ৰতেই এই কথা সত্য যে অন্য মাধ্যমলৈ অনুবাদৰ সম্ভাৱনা তথা অনুপ্ৰেৰণা ইয়াৰ নিজৰ মাজতে থাকে। চিনেমা আৰু ভিডিঅ'ৰ (মূলতে মুভিং পিকচাৰছ) আৱিষ্কাৰ বহু বেছি দিনৰ পুৰণি ঘটনা নহয় যদিও আধুনিক মনক আটাইতকৈ বেছিকৈ প্ৰভাৱিত কৰি ৰখা এয়াই শক্তিশালী মাধ্যম। বিশেষকৈ আমাৰ দেশত চিনেমা আৰু গানৰ দৃশ্যায়নৰ সংযোগৰ ইতিহাস অভিলেখকাৰী। সেয়েহে আজিৰ তাৰিখত সুৰ এটা শুনাৰ লগে লগেই মনৰ মাজলৈ কিবা চিত্ৰ এখন যদি ভাঁহি আহে আৰু সেয়া যদি বিনোদন উদ্যোগৰ বহু বছৰৰ অভিজ্ঞতাৰ আঁ‌চোৰে অৱচেতনাত আনি দিয়া এটা সংবেদনশীলতাৰ ৰূপক হয় তেন্তে তাত আচৰিত হ'বলগীয়া একো নাই। সত্যজিৎ ৰায় আৰু ঋত্বিক ঘটক- এই দুই মহাৰথী চিনেমা নিৰ্মাতাৰ হাতত ৰবীন্দ্ৰসংগীতৰ প্ৰয়োগৰ তুলনামূলক আলোচনা সদায়েই এটা মনোগ্ৰাহী বিষয়। অসমীয়া সংগীতৰ জগতখনতো আজিও আটাইতকৈ জনপ্ৰিয় গানখিনি চিনেমাৰ গানেই।

কিন্তু এই প্ৰভাৱখিনিৰ পৰা উজাই গৈও কথা পাতিব পাৰি। কবিতাৰো প্ৰাচীনতম আৰু অবিচ্ছেদ্য অংগ হ'ল চিত্ৰকল্প। এইখিনিতে মজাৰ কথাটো হ'ল এই যে বিমূৰ্ত ছবি এখনো শেষ বিচাৰত ছবি। নন-ফিগাৰেটিভ বা অবয়ৱৰ উপস্থিতিক নাকচ কৰিবলৈ বিচৰা শিল্পৰো নিজা শৰীৰী অবয়ৱ থাকে। সেই হিচাপেৰে কোনো চিত্ৰৰ নিৰ্মাণ কৰিবলৈ নিবিচাৰিলেও কবিতা চিত্ৰকল্পৰ পৰা মুক্ত হ'বগৈ নোৱাৰে। গান এটাই যদি একোৰে কথা নকয়, গানটোত যদি একোৰে বৰ্ণনা নাথাকে, ফুল নাই, তৰা নাই, ডেকা-গাভৰু নাই, নাই মানে একো নাই; গানটোৰ ভাষা যদি একো মানে নথকা জিবাৰিছ হয় তেতিয়াও সি দৃশ্য এটা মনৰ মাজলৈ আনিবই পাৰে। "ফুল ফুলিছে বসন্তত" বুলি গাওঁতে বাৰু বসন্তত ফুলা ফুলৰ দৃশ্য মনলৈ অহাটো স্বাভাৱিক। কিন্তু বিমূৰ্ত গান এটাত? ধ্ৰুপদী সংগীতৰ এটা বিমূৰ্ত দিশ আছে। সাধাৰণতে গান বুলিলে থকা ধাৰণাটো যেনে- গীতিসাহিত্য এভাগিক সুৰেৰে পৰিৱেশন কৰা হয়- এই ধাৰণাতকৈও ধ্ৰুপদী সংগীতৰ অভ্যাসত সুদীৰ্ঘ সময় ধৰি পৰিৱেশকে সুৰ তাল মানেৰে যি চৰ্চা কৰে তাৰ বিমুৰ্ততাইহে প্ৰাধান্য পায়। সেই হিচাপেৰে ৰাগ আৰু ৰাগিনী বিমূৰ্ত বস্তু। ৰাগ এটা চকুৰে দেখা নাযায়। বিশুদ্ধ ৰাগ এটাই নিজে একোৰে বৰ্ণনা নকৰে। কিন্তু সেই ৰাগৰো চৰিত্ৰ আৰু ধৰ্ম বখানিবৰ বাবে তাৰ সৈতে পুৰাকথা বা ৰূপকক সাঙুৰি লোৱা হয়। কেৱল ৰাগক ভিত্তি কৰিয়েই ৰাগমালা শীৰ্ষক ভাৰতীয় চিত্ৰৰ পৰম্পৰা এটাও আছে। সূক্ষ্ম অবয়ৱ আৰু ৰঙৰ প্ৰাচুৰ্যৰে সৈতে ৰাগমালা চিত্ৰ আপুৰুগীয়া সম্পদ। ইয়াত প্ৰতিটো ৰাগৰ বাবে নিৰ্ধাৰিত নিৰ্দিষ্ট ৰং আছে।



কোণাৰ্ক, হাম্পি, বাদামি, মহাবলিপুৰম, খাজুৰাহো, ইলোৰা সমন্বিতে অগণিত ঐতিহ্যময় স্থাপত্যৰ দৃষ্টান্তত সুলভ শৰীৰী পৰিৱেশনাত ভাৰত নাট্যম বা তদানুৰূপ নৃত্য নাট্যৰ প্ৰভাৱ স্বীকাৰ কৰাতো হয়েই লগতে সেই সমূহ আচলতে একো একোটা ছন্দোবদ্ধ সাহিত্যকৃতিৰ ব্যাখ্যাৰূপ বা ইলাষ্ট্ৰেচন। আইকণ'গ্ৰাফীৰ উৎপত্তি বা নিৰ্মাণ আৰু বিকাশ সাহিত্যনিৰ্ভৰ পাঠ (টেক্সট) আৰু দৃশ্যনিৰ্মাণ- এই দুই পৰম্পৰাৰ সমানে সমানে হাত ধৰিয়েই আগবাঢ়িছিল। কল্যাণসুন্দৰ মূৰ্তি অৰ্থাৎ শিৱ পাৰ্ৱতীৰ বিবাহৰ বৰ্ণনা একে সময়তে বিশুদ্ধ সাহিত্য, উপাসনাৰ সমল আৰু একে সময়তে খনিকৰৰ বাবে নিৰ্দেশাৱলীৰ হাতপুথি বা ইনষ্ট্ৰাকচন মেনুৱেল। এনে ক্ষেত্ৰত গান কবিতা গল্প কোনোটো সৃষ্টিকৰ্মৰ সৈতেই দৃশ্যায়ণৰ প্ৰৱণতা নতুন কথা হ'ব নোৱাৰে।


গান বা সংগীত স্বয়ংসম্পূৰ্ণ বা বিশুদ্ধ শিল্পবস্তু কোনোকালেই নাছিল। বৰঞ্চ স্বতন্ত্ৰ ৰূপ এটা ল'বৰ পিছৰে পৰাইহে গানৰ নিম্নমুখী গতি আৰম্ভ হয়। বিশুদ্ধতাবাদীসকলে মনলৈ অনা ভাল যে "গছে গছে পাতি দিলে ফুলৰে শৰাই" গীতটোও "শোণিত কুঁৱৰী" নামৰ নাটক এখনৰ গান। আজি কেৱল ৰবীন্দ্ৰসংগীত বুলি যিখিনি শুনি থকা হয় সেইখিনিৰ কিছুমান নাটকৰ একোটা পৰিস্থিতিৰ বাবে নিৰ্মিত গান, কিছুমান বৃক্ষৰোপন, হলকৰ্ষন বা দৌলোৎসৱৰ দৰে কিছুমান আয়োজনৰ অংশ হিচাপে প্ৰয়োজনত কৰা গান আৰু কিছুমান আচলতে ব্ৰহ্মসমাজৰ উপাসনাৰ সমল। কোনোধৰণৰ উদ্দেশ্য, পৰিস্থিতি কিম্বা প্ৰায়োগিক দিশৰ পৰা মুক্ত হৈ গানৰ সৃষ্টি বেছিদিনৰ কথা নহয়। এই মুক্তি বৰ এটা সুবিধাজনক নহয়। (এতিয়াও আমাৰ পৰামৰ্শ এয়ে যে কোনোবাই যদি গীতিকাৰ হ’ব খুজিছে কোনোবা সংগীতশিল্পীতকৈ আগতে কোনোবা নাট্যপৰিচালক, চিনেমা নিৰ্মাতাক লগ কৰক। ৰাস্তাই ঘাটে কেনিবা যদি প্ৰতিবাদ হৈছে তাত গৈ অংশগ্ৰহণ কৰক।) প্ৰাসংগিকতা বা কনটেক্সুৱেলিটীৰ পৰা মুক্ত হোৱাৰ ফলতেই আধুনিক গীতে এটা পৰ্যায়ৰ পিছত আৰু কোনো বাৰ্তা কঢ়িয়াব নোৱাৰেগৈ। এইখিনি দিশলৈ চালি জাৰি চাই এই কথাত উপনীত হ'ব পাৰি যে যদিহে সঁ‌চাকৈয়ে নতুন প্ৰজন্মই ইউটিউবৰ বাবে ভিডিঅ' কৰিবৰ উদ্দেশ্য আগত ৰাখি গান সৃষ্টি কৰিবলৈ লৈছে তেন্তে বেয়াৰতো প্ৰশ্নই নাই, সেয়া ভাল কথাহে (হ’ব লাগিছিল)। একধৰণৰ ভিজুৱেলাইজেচনৰ উদ্দেশ্য সন্মুখত থাকিলে গানৰ সৃষ্টিয়ে এটা নতুন মাত্ৰাহে পাব পাৰে। কিন্তু এইখিনিতে দুখৰ কথা এয়ে যে কাৰ্যক্ষেত্ৰত সেয়াও দেখা নগ'ল। এই দিশেৰেও আৰম্ভণীতে কৈ অহা অভিযোগটো শুদ্ধ নহয়। কাৰণ যদিওবা গান একোটা ৰীলিজ দিয়াই হৈছে দৃশ্য-শ্ৰাব্য ৰূপত কিন্তু প্ৰকৃতপক্ষে দৃশ্যমান দিশটোৱে কোনোবাটো গানক প্ৰভাৱিত কৰিছে- এনে উদাহৰণ আমাৰ সন্মুখত নাই। গান নিজৰ ভাগেই আছে, দৃশ্যায়ণৰ ধৰণ-কৰণবোৰো একেধৰণেৰেই আছে। প্ৰেম আৰু বিৰহৰ শুৱলা শব্দৰ সমাহাৰেৰে গানবোৰ যেনেকৈ ভৰন্ত, দৃশ্যবোৰো দেখনীয়াৰ ডেকাগাভৰু আৰু  নিসৰ্গৰ বিন্যাসতেই শেষ। শেহতীয়া কেইবছৰমানত কিবা যদি পৰিৱৰ্তন আহিছে তেনেহ’লে সেয়া হ’ল উচ্চ মানবিশিষ্ট যান্ত্ৰিক সা-সজুলিৰ ব্যৱহাৰ- উন্নত মানৰ কেমেৰা, ড্ৰোণ আদি। নন্দনতাত্বিক পৰিৱৰ্তন একো নাই। নতুনকৈ অহা এটা মাধ্যম আৰু সেই মাধ্যমে আনি দিব পৰা সম্ভাৱনাখিনিৰ সুপ্ৰয়োগ কৰিবলৈ শিকাত যেন আমি বাৰে বাৰে ব্যৰ্থ হৈছোঁ‌।

কিছুকাল আগতে অসমীয়া সংস্কৃতিক পৰিমণ্ডললৈ এটা আচহুৱা বস্তু আহিছিল- ভিচিডি চিনেমা। কম খৰচ আৰু আয়সতে নিৰ্মাণৰ সুবিধা, ঘৰতে বহি উপভোগ কৰিব পৰা এটা শিল্পবস্তু হিচাপে মধ্যবিত্তৰ অৱচেতনাত সুপ্ত হৈ থকা এটা ক্ষমতাৰ বা অধিকাৰৰ চেতনা, ৰূপালী পৰ্দাৰ চিনেমাৰ প্ৰচলনৰ প্ৰতিকূল পৰিৱেশত অসমৰ মানুহৰ বিকল্প বিনোদন ব্যৱস্থাৰ প্ৰতি থকা উকমুকনি- এই আটাইবোৰে মিলি ভিচিডি চিনেমাৰ ব্যৱস্থাক তুমুল সুবিধা কৰি দিছিল। এইখিনি কথা আমি অন্যত্ৰও আলোচনা কৰিছোঁ‌ যে সেই ভিচিডি চিনেমাৰ বহুল ব্যৱহাৰ আৰু প্ৰয়োগে অসমত এটা নতুন সাংস্কৃতিক আন্দোলনৰ জন্ম দিব পাৰিলেহেতেন। আমাৰ একাল গ’ল “আমাৰ ইয়াত তেনেকৈ সা-সুবিধা নাই” এনেধৰণৰ ওজৰ আপত্তি কৰি থাকোঁতে। কিন্তু এতিয়া যেতিয়া ঘৰে ঘৰে উন্নত সা-সৰঞ্জাম হ’ল, মোবাইল ফোনেৰেও হাই-ডেফিনিচন ফুটেজ লোৱাৰে পৰা সম্পাদনালৈকে কৰিব পৰা হ’ল, এতিয়া আৰু সেই অভিযোগ নৰজিব। ভিচিডি-চিনেমাৰ সময়তেই অজস্ৰ অসমীয়া ছুটি-চিনেমাৰ নিৰ্মানেৰে অসমীয়া চিনেমাৰ এটা নতুন ইতিহাস ৰচিব পৰা গ’লহেতেন। ডাঙৰ পৰ্দাৰ চিনেমাৰ লাৰ্জাৰ-দেন-লাইফ চৰিত্ৰটোক প্ৰত্যাহ্বান জনাই এটা নতুন শিল্পভাষাৰ সন্ধান কৰিব পৰা এটা সুযোগ ওলাইছিল। কিন্তু কাৰ্যক্ষেত্ৰত সেয়া দেখা নগ’ল। কাৰণটো বাৰু নৱ্যমাধ্যমৰ প্ৰতি থকা অশ্ৰদ্ধাশীল দৃষ্টিভংগীয়েই নেকি? অনীহা, বিৰাগ, অনাস্থা কিম্বা দুৰ্ভাৱনাৰ পৰিৱৰ্তে নৱ্যমাধ্যমে নৱ্য-চিন্তনৰ উন্মেষ দাবী কৰে।

[বি. দ্ৰ:- এতিয়াও আমি ইউটিউবক লৈ কথা পাতিবলৈ নাৰাজ, তেনেক্ষেত্ৰত টিকটক সম্পৰ্কে কথা পাতিম কেতিয়া?]



সমুদ্র কাজল শইকীয়া
Rajya Sabha Television (RSTV), 3rd Floor,
Talkatora Stadium Annexe Building, New Delhi – 110001
email: kankhowa@gmail.com, mobile: +91 9811375594
 

No comments: