ডঃ বাণিকান্ত কাকতি

...সাহিত্যৰ ক্ষেত্রত নতুনকৈ কৰিবলগীয়া কাম একো নাই। সাহিত্য ধ্বনি আৰু প্রতিধ্বনি মাথোন। পূর্বপুৰুষ সকলৰ ভাবৰ ধ্বনি যাৰ হৃদয়ত পুৰাকৈ প্রতিধ্বনিত হয় সিয়েই সফলতা লাভ কৰে... ডঃ বাণীকান্ত কাকতি, বাঁহী, ১৩শ বছৰ, অষ্টম সংখ্যা, আঘোণ, ১৮৪৭ শক।

Sunday, May 28, 2017

"অয়ল জীৱিচিৰিপ্পুণ্ডু" : এজন 'অসমীয়া' দৰ্শকৰ দৃষ্টিৰে থিতাতে মনলৈ অহা এটা কথা


"অয়ল জীৱিচিৰিপ্পুণ্ডু" (Ayal Jeevichirippundu) নামেৰে মালায়লম ভাষাৰ চিনেমা এখন চালোঁ। চিত্ৰনাট্যকাৰ Vyasan K P-ৰ পৰিচালক হিচাপে ডেবুট ফিল্ম, মানে প্ৰথম চিনেমা। নতুন দিল্লীৰ হেবিটেট চলচ্ছিত্ৰ উৎসৱত, ২৮ মে' ২০১৭ তাৰিখৰ দৰ্শনীত উপস্থিত থকা দৰ্শকে উচ্চস্বৰে প্ৰসংশা কৰিছিল যদিও পাছত অলপ বিচাৰ খোচাৰ কৰি গম পালোঁ চিনেমাখনে সমালোচকবৃন্দৰ পৰা বৰ বিশেষ দৃষ্টি আকৰ্ষণ কৰিব পৰা নাই। দুই এজন অভিনেতাৰ অভিনয়ৰ জঠৰতাকে ধৰি চিত্ৰনাট্যৰ শিথিলতালৈকে সাঙুৰি কে'বাটাও দোষ তেওঁলোকে অনুধাৱণ কৰিছে। কিন্তু আমি চাই ভালেই পাইছিলোঁ, হাস্যমধুৰ চিনেমাখন চকুৰ পলক নেপেলোৱাকৈ উপভোগ কৰিছিলোঁ। কেন্দ্ৰীয় চৰিত্ৰ, প্ৰথমখন প্ৰকাশিত কিতাপতে বুকাৰ প্ৰাইজ বিজয়ী হোৱা লেখক John Mathew Mathan-ৱে (Vijay Babu  অভিনীত) উপন্যাস এখন লিখিবৰ বাবে অণুপ্ৰেৰণা বিচাৰি আৰম্ভ কৰা এটা যাত্ৰাৰ কাহিনীয়েই চিনেমাখন বুলি চমুৱাই ক'ব পাৰি।  অসমীয়া সাংস্কৃতিক পৰিমণ্ডলৰ অভ্যস্ত দৰ্শক হিচাপে আমাৰ চকুত আৰু কিছুমান দিশ ধৰা পৰিছিল- যাৰ বাবে হয়তো আমাৰ আগ্ৰহ বেছিকৈ বৃদ্ধি পাইছিল।

কেৰেলাৰ সাগৰৰ পাৰত বন্ধুসকলৰ সৈতে মদ্যপানত মত্ত মুৰুগানৰ (Manikandan অভিনীত) অত্যন্ত ইচ্ছা আছিল গোৱা দৰ্শনৰ। সেইমতেই হৈ উঠে গোৱা দৰ্শন। গোৱাতে জন মেথিউৱে ঘটনক্ৰমে লগ পায় মুৰুগানক। মেথিউ চেলিব্ৰিটী লেখক। উচ্চ শ্ৰেণীৰ আভিজাত্যতো আছেই, লগতে আছে বুকাৰ বিজয়ী লেখক হোৱাৰ অহমিকা। আনহাতে মুৰুগান অশিক্ষিত, যি মালায়লি ভাষাটোৰ বাহিৰে একো ভাষাই বুজি নাপায়, নিজৰ মাছমৰীয়া জীৱনৰ খুতি-নাতিক বাদ দি বাহিৰৰ পৃথিৱীৰ আও ভাও একো নাজানে। এই দুই চৰিত্ৰৰ পাৰস্পৰিক বৈসাদৃশ্যৰ সংঘাত আৰু তৎসত্বেও দুয়োৰে মাজত গঢ়ি উঠা আকস্মিক অথচ নিবীড় সৌহাৰ্দ্যই চিনেমাখনৰ প্ৰাণশক্তি।

যিটো কথাৰ বাবে এই আলোচনাটো কৰিবলৈ বহিছোঁ সেয়া হ'ল চিনেমাখনত থকা মধ্যবিত্ত শ্ৰেণীৰ প্ৰতি এটা উপহাস যিটো অসমীয়া সাংস্কৃতিক পৰিমণ্ডলত আজিলৈকে কোনোদিনেই সম্ভৱ হৈ নুঠিল।"মধ্যবিত্ত শ্ৰেণী" - এই পৰিভাষাটোক লৈ বিতৰ্কৰ অৱকাশ থাকিব পাৰে। স্থান কাল বিশেষে বা প্ৰয়োগ ভেদে ইয়াৰ অৰ্থও ভিন্ন হোৱাটো স্বাভাৱিক। কেতিয়াবা যদি ই নিচক এটা অৰ্থনৈতিক শ্ৰেণীক বুজায়, কেতিয়াবা ই হ'ব পাৰে এক বিশেষ ধৰনৰ মানসিকতাৰ সূচক। গোটেই চিনেমাখনেই হাস্যৰসেৰে ভৰপূৰ হোৱাৰ বাবে কিছুমান চৰিত্ৰ অলপ কেৰিকেচাৰ হৈ উঠাটো স্বাভাৱিক প্ৰক্ৰিয়াই আছিল। এটা আৰ্বান বা নগৰীয়া পৰিবেশত এক গ্ৰাম্য চৰিত্ৰৰ উপস্থিতি পপুলাৰ সাংস্কৃতিক সমলসমূহৰ এটা সহজ হাস্যৰসৰ উপাদান। আৰু সৰলীকৰণ কৰি ক'ব পাৰি খাপ নোখোৱা পৰিবেশ এটাত উপস্থিত হোৱা এটা অন্য বাতাবৰণৰ চৰিত্ৰ। অসমীয়া নাটক, চিনেমা, ভিচিডি আদিতো মধ্যবিত্ত পৰিবেশত গাঁৱলীয়া চৰিত্ৰ এটাক হাস্যৰসৰ স্ৰষ্টা বুলিয়েই দেখুওৱা হয়। তেনেকৈয়ে গ্ৰামীণ পৰিবেশত চহৰৰ পৰা অহা 'অত্যাধুনিক' নগৰীয়া যুৱক বা যুৱতীকো খুহুতীয়া ৰূপতেই দেখুওৱা হয়। এই কাৰবাৰটোক ক্লীছে, তৰল আৰু বহুব্যৱহৃত বুলি ভাবিলেও উপায় নাই। বহু কালৰে পৰাই এতিয়ালৈকে ই সহজলভ্য হৈ আহিছে। ঠিক ব্যংগ বা চেটায়াৰ বুলি নক'লেও মধ্যবিত্ত জীৱনৰ খুতি নাতি আৰু বিসংগতি কিছুমানক হাস্যৰস বা চেন্স অফ হিউমাৰৰ উৎস হিচাপে আমি সদায়ে ব্যৱহাৰ কৰি আহিছোঁ। বিশেষকৈ অসমীয়া ছুটিগল্পৰ ধাৰাটোৱে এই প্ৰৱণতাটো বাৰুকৈয়ে প্ৰতিষ্ঠা কৰি থৈছে। কিন্তু আমাৰ ক'বলগীয়া কথা এইটোৱেই যে, সৰু সুৰা বিসংগতি সমূহলৈ চকু দি হাস্যৰস সৃষ্টি কৰা, প্ৰকাৰান্তৰে একধৰণৰ সামাজিক সমালোচনা জাগ্ৰত কৰা হৈ থাকিলেও, পৰিশেষত মধ্যবিত্তীয় মূল্যবোধক উৎখাত কৰি দিব পৰাৰ সাহসখিনি কোনো অসমীয়া সাংস্কৃতিক কৰ্মীয়ে আজিলৈকে দেখুৱাব পৰা নাই। অলপ সাধাৰণীকৰণৰ দোষৰ চুব বুলি জানিও ক'বলৈ বিচাৰিম যে, শ্ৰেণীগত সংঘাত আহিলে শেষপৰ্যন্ত নগৰীয়া, উচ্চ মধ্যবিত্ত বা ধনী শ্ৰেণীটোৱেই হ'বগৈ ভিলেইন। গাঁৱৰ ভাই-ককাইৰ সংঘাতকে ধৰি প্ৰাকৃতিক দুৰ্যোগলৈকে যিকোনো অথন্তৰৰে শেষ সমাধানটো সদায়েই হয়গৈ এটা মধ্যবিত্তীয় জীৱ-নিৰ্বাহৰ প্ৰণালী। মধ্যবিত্ত পৰিয়াল এটাৰ সমস্যাৰ বৰ্ণনাৰে সমালোচনাত্মক দৃষ্টিভংগী এটা থাকিলেও তাৰ সমাধানসূত্ৰটোৰ ভিত্তিভূমি কিন্তু শেষ পৰ্যন্ত মধ্যবিত্তীয় মূল্যবোধেই হৈ ৰয়গৈ - কোনটো ভাল, কোনটো বেয়া; অথবা কি উচিত, কি অনুচিত। বিচাৰৰ শেষ তুলাচনীখন কিন্তু তেওঁলোকৰ হাততেই থাকে।      

"অয়ল জীৱিচিৰিপ্পুণ্ডু" চিনেমাখন দেখিলোঁ এই সমস্ত বেষ্টনীৰ বাহিৰত। চেলিব্ৰিটি লেখক মেথিউক আদৰিবলৈ এয়াৰপোৰ্টৰ বাহিৰত ৰৈ থকা মানুহখিনি মধ্যবিত্তীয়। সেই আটাইকেইটা চৰিত্ৰই কেৰিকেচাৰড (Caricatured)। গাড়ীত আহি থাকোতে লেখকৰ মন জয় কৰিবলৈ লেখকৰ কিতাপৰ বিষয়ে তেওঁলোকে কথা পাতি আহে যিটোত লেখক বিৰক্ত হয়। তেওঁ জানে যে এইখিনি মানুহে তেওঁৰ কিতাপ পঢ়িছে নে নাই তাৰো কোনো ঠিকনা নাই। এজন চেলিব্ৰিটি লেখকৰ সৈতে ফটো তোলা, ডিনাৰ কৰা, কথা পতাৰ যি হাবিয়াস সেইবোৰৰ প্ৰতি লেখকজন একেবাৰেই নিৰ্লিপ্ত। বহুক্ষেত্ৰত বিৰক্তহে। তাৰ বিপৰীতে মুৰুগান নামৰ অশিক্ষিত মানুহ এজন যাক তেওঁ সাগৰৰ পাৰত হঠাতে লগ পাই গৈছিল- তেওঁৰ সৈতেহে লেখকৰ গঢ়ি উঠিল আত্মীয়তা। মুৰুগানৰ সৈতে আৰম্ভ হয় লেখক মেথিউৰ এক নিৰুদ্দেশ যাত্ৰা। আনহাতে লেখকক অভ্যৰ্থনাৰ দায়িত্বত থকা মানুহখিনিৰ আৰম্ভ হয় উৎকণ্ঠা। লেখক ক'ত কেনেকৈ কাৰ সৈতে নিৰুদ্দেশ হ'ল তাকে লৈ সাঙোৰ খাই পৰে কৰ্তৃত্বশালী চৰিত্ৰৰ লেখক-পত্নী আৰু জড়িত হৈ পৰে পুলিচৰ অনুসন্ধান। কিন্তু গোটেই ঘটনাটোত হাস্যস্পদ হৈ থাকে মধ্যবিত্তৰ প্ৰতিনিধি মানুহখিনি। গোৱাৰ পটভূমিত নিৰ্মিত চিনেমাখনত গোৱাৰ বিভিন্ন অঞ্চলৰ চিত্ৰায়ণ হৈছে আৰু চোৰ, গুণ্ডা, ঠগ, প্ৰৱঞ্চক বহু চৰিত্ৰই আহি ভূমুকি মাৰিছেহি। কিন্দু আদ্যোপান্ত প্ৰতীয়মান হয় আটাইতকৈ বিৰক্তিকৰ, ভূৱা আৰু তৰল চৰিত্ৰখিনি আটাইখিনি আচলতেই মধ্যবিত্তীয়খিনিহে। এনে এটা ষ্টেটমেণ্ট অসমীয়া চিত্ৰনিৰ্মাতাৰ পৰা হয়তো কোনোদিনেই আশা কৰিব নোৱাৰিম।    

মাত্ৰ অনুভূত হোৱা এটা বিশেষ দিশৰ কথাহে উনুকিয়াবলৈ খুজিছিলোঁ। সেয়েহে সদ্যহতে চিনেমখনৰ বাকীবোৰ দিশ এতিয়া নিলিখোঁ। থাকক।   


  
AYAAL JEEVICHIRIPPUNDU
(Malayalam/135mins/2017) |
Synopsis: Murugan is a poor illiterate fisherman residing in a small coastal village whose biggest dream is to visit Goa, and decides to take a solo trip to Goa. But he is unable to communicate with anyone in Goa as he doesn’t speak any other language except Malayalam. Also, at this time in Goa is John Mathew Mathan, a renowned writer who had won the Man Booker prize. John and Murugan come across each other. The innocence of Murugan catches the author’s attention & together they go on a journey exploring Goa.

Production: Eldhose John Keeleth
Screenplay: Vyasan K P
Cinematography: Hari Nair
Editing: B Ajithkumar
Sound: N Harikumar
Music: Ouseppachan


কথাৰ আঁৰৰ বেথা

আখৰুৱা : literati গোটৰ কবিতাৰ পৰ্যালোচনা:
পুনৰীক্ষণ - ৪৮ ১৬ - ২৩ মে', ২০১৭
পৰ্যালোচক- সমুদ্ৰ কাজল শইকীয়া

শিল্পৰ ৰসাস্বাদন বা অনুধাৱনত মনোনিবেশ কৰি গৈ থকাৰ পথত এটা সময়ত সাহিত্যৰ সকলো শ্ৰেণীবিভাজন গুৰুত্বহীন হৈ যায়। দুশাৰী বা তিনি শাৰীৰ হাইকুৰ লেখীয়া পদ্য এটাও মহাকাব্যৰ সমকক্ষ্য হৈ উঠিব পাৰে। আনকি গল্প আৰু কবিতাৰ ব্যৱধানটোও আৰু জৰুৰী হৈ নাথাকে। কাকত আলোচনী আদিত কোনোবা এটা শিতানক যদি "কথাশিল্প" বোলা হৈ থাকে, সেইটো দেখিয়েই আমি বুজি পাওঁ যে সেই শিতানটো গল্পৰ বাবে। কথাষাৰত আপত্তিজনক একো নাই। কিন্তু এই সুযোগতে আমি প্ৰশ্ন এটা কৰিবই পাৰো : গল্প কিয় কথাশিল্প, কবিতা কিয় নহয়? প্ৰকৃতপক্ষে হয়। কবিতাও কথা-শিল্পই। কবিতায়েও কথাকেই কয়। কবিতাক কেৱল ছন্দৰ খেল, আবেগ আশ্ৰিত সুশ্ৰাব্য শব্দ সমষ্টি মাত্ৰ বুলি ধাৰণা এটাৰ পোষকতা কৰাৰ কোনো কাৰণ নাই। আৰু অলপ সূক্ষ্ম বিচাৰত কিন্তু এই কথাটোৱেইহে প্ৰতীয়মান হয় যে মানুহৰ মুখৰ ভাষাই যেনেকৈ কবিতাৰ শৰীৰ নিৰ্মাণ কৰে, তেনেকৈয়ে কবিতায়েই আকৌ মানুহৰ মুখৰ ভাষাৰ ধৰণ কৰণ নিৰ্ধাৰণ কৰি আহিছে। এটা উদাহৰণ স্বৰূপে, ৰামায়ণৰ প্ৰসংগ অনুষংগৰেই অজস্ৰ যোজনা, ফকৰা আৰু সমাস বা বাক্যাংশৰে আমাৰ মুখৰ ভাষা সমৃদ্ধ। ৰামায়ণখন গল্প বা উপন্যাস নহয়। কবিতা। কাব্য। কথাষাৰ আধুনিক কালৰ সাহিত্যৰ ক্ষেত্ৰতো সমানেই প্ৰযোজ্য। কথকতা বুলি শব্দ এটা ইতিমধ্যেই অসমীয়ালৈ আমদানীকৃত হৈছে। আধুনিক মননৰ কথকতাকো কবিতায়েই সময়ে সময়ে গঢ় দি আহিছে। এই কথকতাৰ দিশেৰে কেইটিমান সুন্দৰ কবিতা এই সময়ৰ 'আখৰুৱা'ৰ মজিয়াত চকুত পৰিছে। 

*
দিবাকৰ ৰেণুৰ কবিতা - কল'হক কল'হে বৈহ্ৰান পইল্লাক

এক অনন্য সুন্দৰ কথাৰীতি সন্মুখলৈ আনিছে দিবাকৰ ৰেণুৱে। কলহে কলহে বৰষুণ পৰাৰ বৰ্ণনা এটা কৰা হৈছে যথা সম্ভৱ নিভাঁজ, অনাড়ম্বৰ কথন ভংগীমাৰে। নতুনত্ব বা অভিনৱত্বই শেষ কথা নহয়। নৈপুণ্যৰো এটা সুকীয়া মৰ্যাদা থাকে। বৈ উলুওৱা কাপোৰ এখন Seamless বা নিখুঁত হৈ উঠাটোও এটা জৰুৰী কথা। দিবাকৰ ৰেণুৰ কথন ভংগী নিপুণ, সৰল আৰু মনোগ্ৰাহী।  

সঘন বৰষুণৰ দেশ অসমত বৰষুণক কেন্দ্ৰ কৰি লেখা কবিতাৰ সংখ্যাও অজস্ৰ হোৱাটো স্বাভাৱিক। কিন্তু এইখিনিতে আমাৰ চকুত পৰা অলপমান কথা ক'ব লাগিব। প্ৰতি বছৰে, বছৰৰ যিকোনো ঋতুতে ইমান হাৰত বৰষুণ হোৱা স্বত্বেও, প্ৰতিবছৰে বানৰ প্ৰকোপত ধন জন হানি হোৱাৰ স্বত্বেও, মেঘে নিত্য নতুন ৰূপেৰে আকাশ ভৰাই ৰখাৰ পিছতো অসমীয়া কবিতাত বৰষুণৰ উপস্থিতি সঘন হৈয়ো যেন নিষ্প্ৰাণ। এয়া আমাৰ ব্যক্তিগত অনুভৱো হ'ব পাৰে। বহুকাল অসমীয়া লেখা মেলা পঢ়াৰ পৰা দূৰত থকাৰ বাবেও আমাৰ এই অনুভৱ হ'ব পাৰে। কিন্তু সকলো কৈফিয়ৎ বা স্পষ্টীকৰণৰ পৰা উধাই গৈয়ো এই কথা সঁচা যে "মেঘেৰ পৰে মেঘ জমেছে"ৰ দৰে প্ৰায় এহাজাৰ ৰবীন্দ্ৰ সংগীতত সততে উপলব্ধ বৰষুণৰ যি চিত্ৰকল্প - সেয়া অসমীয়া কবিতাত একেবাৰেই নাই।

"প্রচণ্ড গর্জনে আসিল একি দুর্দিন-- দারুণ ঘনঘটা, অবিরল অশনিতর্জন ॥
ঘন ঘন দামিনী-ভুজঙ্গ-ক্ষত যামিনী, অম্বর করিছে অন্ধনয়নে অশ্রু-বরিষন ॥"
অথবা
"বর্ষণগীত হল মুখরিত মেঘমন্দ্রিত ছন্দে,
কদম্ববন গভীর মগন আনন্দঘন গন্ধে "

--- ইত্যাদি ৰচনাৰ মাধ্যমেৰে (লগতে মন কৰিব, সংখ্যাগত ভাবে সেয়া হেজাৰৰ ঘৰত) ৰবীন্দ্ৰনাথে যেনেকৈ বৰষুণৰ বিৰাট নাটকীয় মুহূৰ্তবোৰ ধৰি থৈ গৈছে তাৰ সমতুল্য উদাহৰণ অসমীয়াত নাই। সেই বিৰাট নাটকীয়তাৰ লগে লগে "নিশীথৰাতেৰ বাদলধাৰা"ৰ দৰে নিভৃত অনুভৱবোৰৰ কথা নকলোৱেই বা।

অসমীয়া কবিতালৈ চকু দিলেই দেখা পাওঁ, বৰষুণে বেছিভাগ সময়তেই ভুমুকি মাৰিছে প্ৰতীকী আৰু পোছাকী ৰূপতহে। সদায়ে বৰষুণ, টোপাল, মেঘ, নদী এই গোটেইবোৰ কিহবাৰ নহয় কিহবাৰ প্ৰতীক মাত্ৰ। বৰষুণত তিতি ভাল পোৱা নে নাই - সেই ধৰণৰ একোটা পেনপেনীয়া প্ৰশ্নৰ ব্যতিৰেকে প্ৰকৃত বৰষুণৰ উপলব্ধিখিনি ক'তোৱেই নাই। কাৰোবাৰ প্ৰেমিকাই হয়তো বৰষুণত তিতি ভাল পায়, কাৰোবাৰ প্ৰেমিকাই নাপায়। কথা সিমানখিনিয়েই।  সম্ভৱ কোনো অসমীয়া কবিয়েই আজিলৈকে বৰষুণত তিতাই নাই। অৱশ্যে এই কথাখিনিত বেছিলৈ আপত্তি কৰিবলৈ আমাৰ হক নাই। কাৰণ অসমত মাছ-পুঠিৰ জুই-ছাই দামলৈ চাই অসমত দেখোন বৰষুণ নহয়েই বা এই দেশত খাল-বিল-পুখুৰী-নদীও নাই বুলিয়েই পতিয়ন গৈ সন্তুষ্টি লভি থাকোঁ। ই কথা ৰহোক।

এই কথাখিনি উদাহৰণ সহিতে খেনোৱে খণ্ডন কৰিবও পাৰে। কিন্তু এইখিনি কথাৰ পৰা অসমীয়া কবিতাৰ ৰেহ ৰূপ বা গতি বিধি সম্পৰ্কে আমি আগতে বাৰে বাৰে কৈ অহা আৰু কিছুমান কথা প্ৰতীয়মান কৰিব পৰা যায়। তাৰ মাজত এটা হ'ল - ক্লীছে (Cliche)। সৌ তাহানিতে নৱকান্ত নামৰ এক প্ৰেমিকে "বাৰিষাৰ ৰাতি তোমাৰ কবিক মনত পৰেনে অৰুন্ধতী" বুলি লিখাৰ পিছৰে পৰা সমস্ত কবিকূলৰ বাবে বাৰিষা হৈ থাকিল ৰোমাণ্টিকতাৰ একেটাই মুড। নহ'লেবা হীৰুদাৰ বাটকে অণুসৰণ কৰি সৰ্বত্ৰ উঠি থাকিল ধান-গান-বানৰ উজান। প্ৰেমৰ বৰষুণত তিতোতে তিতোতে, অথবা প্ৰেমিকাক তিয়াম নে নিতিয়াম ভাবোতে ভাবোতে, অথবা ছাতি লোৱাটো ভাল নে বেয়া সেইটো কওতে কওতে অসমৰ আকাশে বৰষা বৰষুণৰ জাকবোৰ ক'ৰবাতেই থাকিল। বৰষা নহয়, শৰৎ-হে আছিল পাৰ্ৱতি প্ৰসাদৰ প্ৰিয় সময়। কিন্তু বৰ্ষাৰ অন্তত শৰতৰ ফৰকাল আকাশৰ আগমণৰ বৰ্ণনা কৰিবৰ বেলিকা সেই পাৰ্বতিপ্ৰসাদেইহে বৰষুণ, আকাশ আৰু ডাৱৰৰ বিৰাট নাটকীয়তাক ধৰিব পাৰিছিল। ক্লীছেৰ কবলৰ পৰা মুক্ত হোৱাটোৱেই অসমীয়া কবিৰ বাবে এই মুহূৰ্তত আটাইতকৈ বেছি ডাঙৰ চেলেঞ্জ। নদীৰ কথা ক'বলৈ গৈ নদীক নাৰীৰ লগত তুলনা কৰিবই লাগিব বুলি কোনো কথা নাই। নদী নদীয়েই। নাৰী নাৰীয়েই। নদী নাৰী নহয়। নাৰীও নদী নহয়। এতিয়া এইখিনি কথা এনেকৈ কোৱাৰ বাবে কবিবৃন্দই মোক চুই নিকিলালেই হ'ল।    

দিবাকৰ ৰেণুৰ কবিতাটো পঢ়ি আমি আটাইতকৈ বেছি ভালপোৱাৰ এটা ঘাই কাৰণ এইখিনিয়েই। নতুন কথা একো নোকোৱাকৈও, ৰেণুৰ কবিতাটো ক্লীছেৰ পৰা মুক্ত। 

দিবাকৰ ৰেণুৰ সম্পূৰ্ণ কবিতাটো -
কল'হক কল'হে বৈহ্ৰান পইল্লাক

উখাৰৰ দিন গোটাই
মাটিগেলাত জুই লাগা দিছি
ফাগ্নৌৰ বাতাহে ৰাস্তাৰ মানুহ গিলাক
ধুলাইদি পুইতছি
তেঁ‌তলীৰ গুটি চুহি চুহি হেবাং আন্হাই
বগ্ৰীৰ লৰি খেলছি
জাক-ফুৰা আকজাক গৰুই
মণ্ডলথেৰ চোতলোত চিনোবিনো হৈছি
চামতাৰ চ'কত গৌহেইতা বাছ ৰাখা
আমি আগ গাড়ী মানুহ
পশ্চিমৰ পৰা ক'লা কৰি অকস্মাৎএ
ক'ৰ পৰা কি আইহ্লাক ধইৰবায়ে নইল্লু
কলহ'ক কল'হে বৈহ্ৰান পইল্লাক
গুন্টীৰ দ'কান এখানত খোকোমোকো কৰি
আমি আকমাখা মানহু----জান পানহে জাইপচু
ক'ৰ মানহু ক'ত গেল ধইৰবাকে নইল্লু
গাছৰ পাতগেলা উল্টাকে বইলচি
পথ্ৰোৰ ছাগাল গিলাক ঘৰক লগি দাউচ্চি
হিৰ হিৰ গিৰ গিৰ কৰি
বৈহ্ৰান জাকে ধুলামাখা ধুই নিলাক
এনায়ে বৈহ্ৰান,কায় নু মায়া বুইজবো
আইহ্লাকো গেলাকো

আপাত বস্তুনিষ্ঠ বৰ্ণনাৰ আঁৰত বক্তাৰ ব্যক্তিনিষ্ঠা খুব subtle ভাবে অনুভৱ কৰিব পাৰি - যিটো কবিতাটোৰ আটাইতকৈ শক্তিশালী দিশ। অলপ বহলাই ক'বলৈ গ'লে, গোটেই কবিতাটো আগবাঢ়িছে এটা নাটকীয় বৰ্ণনাৰে। নাটকীয় সংঘাতে পাঠকক শেহলৈকে উৎকণ্ঠিত কৰি ৰাখিব। বক্তাৰ সন্মুখত ঘটি থকা ঘটনাবোৰৰ এটা ডকুমেণ্টেচনহে যেন চলি আছে। কি কি ঘটিব লাগিছে তাৰেই বৰ্ণনা যেন। লেখকে কি লিখিছে? ডায়েৰী? নে লেখকৰ ভূমিকা দূতৰ দৰে, উদ্ধৱৰ দৰে, যি সন্মুখত নাই এই বৰ্ণনা সেই কৃষ্ণৰ প্ৰতি? তেনেই সাধাৰণ ভাত খোৱা শাক খোৱা কথাবোৰ আমি যাকে তাকে নকওঁ। তাকেইহে কওঁ যাৰ প্ৰতি আন্তৰিকতা আছে। কেঁচুৱা নিচুকাওতে মাকে কয়, গছবোৰ শুলে, চৰাইবোৰ শুলে। প্ৰিয়জনৰ সৈতে ফোনত আলাপ হওতে আমি কওঁ এতিয়া ইয়াত বতৰ কেনে, চকুৰ সন্মুখত কি কি ঘটি আছে। গতিকে এই কথকতাৰ মাজত আন্তৰিকতাৰ প্ৰসংগ এটা আপোনা আপুনি সোমায়েই আছে।

সি যি কি নহওক, কেৱল প্ৰকৃতিৰ বৰ্ণনা বা এটা পৰিবেশৰ চিত্ৰায়ণ বুলি কৈ থ'লে কবিতাটোৰ অৱমাননা কৰা হ'ব। কাৰণ শেহলৈ গৈ বৰষুণ জাকে ধূলিবোৰ ধুৱাই নিয়াৰ সেই বিৰাট নাটকীয়তাৰ অন্তত - বৰষুণজাকৰ এই আছে এই নাই - এই ক্ষণভংগুৰতাৰ কথাৰে যেতিয়া শেষ হয় তেতিয়া আমি বস্তুনিষ্ঠ বৰ্ণনাৰ আঁৰৰ ব্যক্তিজনক বিচাৰি পাওঁ।  

এনায়ে বৈহ্ৰান, কায় নু মায়া বুইজবো
আইহ্লাকো গেলাকো

দেখাতে সাধাৰণ যেন লগা বৰ্ণনা ধৰ্মী কথাৰ কথন ভংগী একোটাৰ আঁৰতো কেনেকৈ আন্তৰিকতাৰ সুৰ এটা নিহিত থাকে এয়া তাৰেই স্বাক্ষৰ। এয়াই কথাৰ আঁৰৰ বেথা।

[কবিতাটো কামৰূপীয়া কথিত ভাষাত ৰচিত। এয়াও এটা গুৰুত্বপূৰ্ণ দিশ। ভাষাৰ প্ৰয়োগৰ দিশৰ পৰা খুঁতি নাতি কিবা থাকিলেও সেয়া আমি চাবলৈ নাজানিম। এই পৰ্যন্ত কথিত ভাষাত লিখাৰ প্ৰসংগটোক বৰ বেছি প্ৰাধান্যও দিব খোজা নাই। কাৰণ সেয়া এটা গুৰুত্ব পূৰ্ণ দিশ যদিও কেৱল সেই কথাটোতেই কবিতা হিচাপে শিল্পকৰ্মটোৰ গুৰুত্ব যাতে হ্ৰাস হৈ নাযায়।]

*
ৰৌচন আৰা বেগমৰ কবিতা

ৰৌচন আৰা বেগমৰ কবিতাৰ কথন ভংগী সম্পৰ্কে প্ৰথম অনুভৱটোৱেই হ'ল - আটোম টোকাৰী নিটোল কথন। এই কাব্যভাষা এদিনৰ সৃষ্টি নহয়। ইয়াৰ এটা ইতিহাস আছে। এই ইতিহাস কবিৰ ব্যক্তিজীৱনৰ ইতিহাসেই নহয়, অসমীয়া আধুনিক কবিতাৰ কাব্যভাষা নিৰ্মাণৰো ইতিহাস। "ৰূপান্তৰৰ বৰ্ণমালা"ৰ স্তৱক দুটা পঢ়াৰ আগেয়েই পাঠকৰ মনত যেন সুৰ এটাই দোলা দি যায়। [কোনে জানো এইষাৰ কথাই কৈছিল হীৰেণ ভট্টাচাৰ্যৰ কবিতা সম্পৰ্কে]। নিৰ্মলপ্ৰভা আৰু হীৰুদাৰ কবিতাৰ লীৰিকেল গুণটো সংৰক্ষিত হৈ আছে এই কবিৰ কবিতাত। তাৰ লগে লগে আছে প্ৰাণৰ আকূতি - যাৰ বাবে "শব্দৰ উম" ৰৌচন আৰাৰ কবিতাৰ বাবে এক উপযুক্ত ব্যাখ্যা সূচক হ'ব যেন লাগে। এই সময়তে "আখৰুৱা"ৰ মজিয়াৰ প্ৰকাশ কৰা "জুই" কবিৰ আন এটা অসাধাৰণ কবিতা। গোটেই কবিতাটোৱেই এটা প্ৰাৰ্থনাৰ দৰে। 

আখৰুৱাৰ মজিয়াত এইজন কবিৰ উপস্থিতি এক আশিৰ্বাদ স্বৰূপ আৰু ন-শিকাৰু কবি সকলে তেখেতৰ কবিতাক এক আৰ্হি পাঠ হিচাপেও গ্ৰহণ কৰিব পাৰে। এই কথাষাৰৰ ভিত্তি হ'ল - ১) ভাষাৰ প্ৰয়োগ, ২) সু-সংহত চিন্তন প্ৰক্ৰিয়া অথবা কেন্দ্ৰীয় ভাবটিক লৈ কবিৰ নিজৰ মনত থকা স্পষ্টতা, ৩) যি বাক-ৰীতি প্ৰয়োগ কৰা হৈছে আৰু যি শাৰীৰিক অবয়বে গঢ় লৈ উঠিছে তাৰ মাজত নিহিত আটিল বিন্যাস।   

"ৰূপান্তৰৰ বৰ্ণমালা"ৰ প্ৰথম স্তৱকৰ প্ৰথম দুটা চৰণ-
“তই মোক ফুলিবলৈ শিকালি
লোতকৰ ধাৰ মচি দুচকুত অঞ্জন সানি দিলি”
প্ৰাথমিক বৰ্ণনাৰে পাঠকক ই সুমুৱাই লৈ যায় কবিতাৰ নিজৰ বিচৰণ ক্ষেত্ৰখনলৈ। কাৰোবাৰ প্ৰতি সম্বোধন, য'ত আছে এটা কৃতজ্ঞতাৰ সুৰ।
“ইমান দিনে শিপাবলৈ
মাটি অকনকে বিচাৰি পোৱা নাছিলোঁ”
এইখিনি কবিতাটোৰ মাজভাগ, য'ত আছে সামান্য অভিযোগৰ সুৰ। এটা সংঘাতৰ ইংগিত।

“তই পাতি দিলি তোৰ বুকু”
এইখিনিতে আকৌ উভতি আহে প্ৰথমচোৱাৰ সেই কৃতজ্ঞতাৰ সুৰ, আৰু বেছি তীক্ষ্ণতৰ হৈ। আৰু বেছি গভীৰ এটা উপলব্ধি হৈ। মাত্ৰ পাঁচটা চৰণৰ এই কবিতাটোক যদি উপৰিউক্ত ধৰণেৰে তিনিটা ভাগত ভাগ কৰি চোৱা যায় এটা তিনি বিন্দুৰ সমষ্টি পোৱা যাব, যাৰ দ্বাৰা গঠিত হৈছে এটা পিৰামিড। যিকোনো শ্ৰেষ্ঠ শিল্পৰে ক্ষেত্ৰতে ৰূপগত ভাবে এই পিৰামিডটোৱেই এটা প্ৰাথমিক চৰ্ত হৈ আহিছে সৌ এৰিষ্টটলৰ দিনৰে পৰা।  

ৰৌচন আৰা বেগমৰ সম্পূৰ্ণ কবিতাটো -
ৰূপান্তৰৰ বর্ণমালা

তই মোক ফুলিবলৈ শিকালি
লোতকৰ ধাৰ মচি দুচকুত অঞ্জন সানি দিলি
ইমান দিনে শিপাবলৈ
মাটি অকনকে বিচাৰি পোৱা নাছিলো
তই পাতি দিলি তোৰ বুকু

মোক পাহ পাহকৈ চিঙি নেপেলাবি বতাহ
সময়ৰ ডালত মোক ফুলিবলৈ দিবি
তোৰ খাজে খাজে ভৰাই লৈ যাবি মোৰ সুগন্ধি
এই সকলোবোৰ মাথো তোৰ বাবেই

*
নৱাকাশৰ কবিতা

কথকতা বা কথাশিল্প বা কথনভংগীৰে আজিৰ কথাখিনি আৰম্ভ কৰিছিলোঁ। এই ক্ষেত্ৰত নৱাকাশৰ কবিতাই এটা অন্য মাত্ৰাৰ সোৱাদ দিয়ে। "এই ধৰা না এবাৰ হাতত" কবিতাটোৰ "এই" শব্দটোৰ ব্যৱহাৰেই অসাধাৰণ। এই শব্দটোৰ ব্যৱহাৰ এনে ভাবে কৰা হৈছে যেন ইয়াৰ আগতে আৰু পাছতো বহুতো মুহূৰ্ত আছে, আছিল, থাকিব : বহুতো কথা। হঠাত কিবা এটা মনলৈ আহি আমি সন্মুখত থকাজনৰ মনযোগ বিশেষভাবে আকৰ্ষণ কৰিবলৈ হঠাৎ সম্বোধন কৰি উঠোঁ - "এই শুনানা"। নৱাকাশৰ "এই"টো এইটো "এই"। কবিতাটো ইণ্টেৰিয়ৰ মনোলগৰ দৰে। কথাই কথাই এটা দ্বন্দ প্ৰতিভাত হৈ নাটকীয়তাৰ ইংগিত দিছে। এই দ্বান্দিক বিন্যাসেই কবিতাটোৰ সৌন্দৰ্য।

“এই ধৰানা এবাৰ হাতত
না নধৰিলা
লাজ নে অভিনয়
স্পৰ্শকাতৰ মই”

"স্পৰ্শকাতৰ" শব্দটোৰ প্ৰয়োগ মন কৰিবলগীয়া। কাৰণ অসমীয়া ভাষাত "স্পৰ্শৰ প্ৰতি কাতৰ" আৰু "স্পৰ্শকাতৰ" দুয়োটা কথাৰ ব্যঞ্জনা আৰু অৰ্থ সামান্য বেলেগ। "এই ধৰানা এবাৰ হাতত" বোলোতে বুজোঁ "স্পৰ্শৰ প্ৰতি কাতৰ"। কিন্তু স্পৰ্শকাতৰতাই বুজায় লাজুক, সামান্য স্পৰ্শতেই জঁয় পৰি যোৱা বিধৰ - যেনে লাজুকী লতা। এই বিৰোধটোৱে পদে পদে সংঘাতৰ ইংগিত দিছে আপাদমস্তক কবিতাটোত।

“কথাবোৰ শেষ নহ'ল অনৰ্গল অনৰ্থক
তুমি কৈ ভাল পোৱা মই শুনি
শুনি থাকিলো
আচলতে শুনাৰ অভিনয়”
এইখিনিতো আছে সংঘাত। এক প্ৰকাৰে মই শুনি ভাল পাওঁ বোলাৰ পিছতে কোৱা হৈছে "আচলতে শুনাৰ অভিনয়"।
“মই কম বুলি ভাবিছিলোঁ নোৱাৰিলো
কথাবোৰ কৈ আছা কি কৈছা মই নাজানোঁ”
ঠায়ে ঠায়ে দ্বান্দিক উপস্থাপন এনে সঘন হৈ পৰিছে যে ই খৰস্ৰোতা নদীৰ ঢৌৰ দৰে হৈ পৰিছে। উঠিছে আৰু নামিছে অহৰহ ছন্দ। কবিৰ বাক্যাংশ ব্যৱহাৰ কৰিয়েই ক'ব পাৰি "অনৰ্গল অনৰ্থক"!

“মোৰ আঙুলিৰ মাজত তোমাৰ আঙুলি
এখন পাকৈত মাছুৱৈৰ জামু ৰঙী জাল
মাছুৱৈ ওচৰতে ক'ৰবাত
আমাৰ হাতবোৰত অগনন মাছ”

কথাৰ অনৰ্থকতাৰ পৰা বক্তা নামি আহিছে দুজন ব্যক্তিৰ শাৰীৰিক উপস্থিতিলৈ। দুখন হাতৰ আঙুলিবোৰৰ পাৰস্পৰিক বিন্যাসখিনি এখন মাছুৱৈৰ জাললৈ ৰূপান্তৰিত হোৱাটোৰ মাজত আছে চূড়ান্ত দৃশ্যগত কল্পনাৰ উপাদান। এনিমেচনৰ ভাষাত ইয়াক কোৱা হ'ল হেতেন মৰ্ফিং (Morphing)। হাতৰ আঙুলিৰ পাৰস্পৰিক অভিলেপনে এখন জালৰ নিৰ্মাণ কৰি পেলোৱাৰ পিছমুহূৰ্ততেই বাস্তৱতাই অধিবাস্তৱিক ৰূপ পৰিগ্ৰহ কৰাটো তেনেই সহজ আৰু স্বাভাৱিক হৈ পৰিল :
"আমাৰ হাতবোৰত অগনন মাছ"।
আৰম্ভণীতেই নায়কৰ আহ্বান আছিল হাতখন ধৰিবৰ, তাৰ পাছতেই কোৱা হৈছিল কথাবোৰ "অনৰ্থক" আৰু শুনি ভাল পায়ো শুনি থকাটো আচলতে "অভিনয়", সেই যুক্তিৰেও নায়কৰ অভীপ্সা পূৰণ কৰি এইবাৰ হৈ উঠিল মাছবোৰ সৰৱ: 
"ক্ৰমশঃ আমাৰ দুয়োৰে শৰীৰত
বিয়পি পৰিল মাছবোৰৰ খলখলনি" 

প্ৰটাগনিষ্টৰ প্ৰাথমিক আবদাৰ পূৰণ হোৱাৰ পিছতে, প্ৰাথমিক পৰ্যায়ৰ ঘটনাৰ অগ্ৰগতি সম্পূৰ্ণ হোৱাতে নিশ্চয় আহিব লাগিব কেন্দ্ৰীয় সংঘাত - ক্লাইমেক্স। এইখিনিতে আমি পালোঁ বৰ্ণনা -
“মোৰ মুৰত তুমি হাত বুলাই আছা
তোমাৰ হাতত জোনাক
তুমি ক'লা এইয়া অৰণ্য
মই ক'লো জোনাক”

অন্যত্ৰ হ'লে এই বাক্যাংশ, উপমা, ৰূপক অথবা চিত্ৰকল্পকে আমি ক্লীছে বুলি ক'লোঁহেতেন- [মূৰত হাত বোলোৱাৰ লগত জোনাক আৰু অৰণ্যৰ সহজ অনুষংগৰ কথাখিনি, "লাহি আঙুলিৰ বহুতো জোন"ৰ ৰিণিকি ৰিণিকি অণুৰণনখিনি] - যিটো কথাত আমি সময়ে সময়ে সৰৱ হৈ আহিছোঁ। কিন্তু নৱাকাশৰ এইটো কবিতাৰ ক্ষেত্ৰত সেয়া নকওঁ। তাৰ কাৰণ হ'ল ইয়াৰ পিছমুহূৰ্ততে ঘটা নাটকীয় এলিয়েনেচন (Alienation)। এই এলিয়েনেচন তেতিয়াই ঘটিল - যেতিয়াই গোটেই দৃশ্যপটলৈ সোমাই আহিল পৰিচালক- 
“মুঠতে এক সাংঘাটিক sensitive scene create কৰাৰ কথা আছিল
না ন'হল
director এ ক'লে cut”
এই তৃতীয় পক্ষৰ উপস্থিতি কবিয়ে কৌশলেৰে আগতেও এবাৰ দি থৈছিল "এখন পাকৈত মাছুৱৈৰ জামু ৰঙী জাল / মাছুৱৈ ওচৰতে ক'ৰবাত " ।

সি যি কি নহওক, এক সাংঘাটিক sensitive scene create কৰাৰ কথা আছিল – সেইটো নহ’ল যদিও হাতৰ জালত ৰৈ যোৱা মাছবোৰতে আছে চৰিত্ৰটোৰ প্ৰাপ্তি আৰু সঞ্চয়। এই সঞ্চয়েৰেই প্ৰটাগনিষ্ট গৰাকী চহকী।
“বেছেৰা director এ পিছে নাজানে
আমাৰ হাতৰ জালত অনেক মাছ”

আধুনিকতাৰ শীৰ্ষপৰ্বত প্ৰথমে দেৱকান্ত বৰুৱা আৰু তাৰ পাছত নৱকান্ত বৰুৱাৰ হাত ধৰি আগ বঢ়া নাট্যধৰ্মী বাচাল, বাগীশ কথোপকথনৰ ধাৰাটো প্ৰথমে হীৰেন ভট্টাচাৰ্যৰ গীতিময়তাৰ মাজেৰে আৰু তাৰ পাছত নীলমণি ফুকনৰ ধ্যানমগ্নতা বা Silence-ৰ মাজেৰে আহি সাম্প্ৰতিক অসমীয়া কবিতাত মোলান পৰিবলৈ লৈছিল। সেই দিশেৰেও নৱাকাশে যি কাব্যভাষাৰ প্ৰতি অনুৰাগ দেখুৱাইছে, সেয়া সম্ভাৱনাময় হৈ আমাৰ চকুত ধৰা দিছেহি।  

নৱাকাশৰ সম্পূৰ্ণ কবিতাটো -
এই ধৰানা এবাৰ হাতত

এই ধৰানা এবাৰ হাতত
না নধৰিলা
লাজ নে অভিনয়
স্পৰ্শকাতৰ মই
কথাবোৰ শেষ নহ'ল অনৰ্গল অনৰ্থক
তুমি কৈ ভাল পোৱা মই শুনি
শুনি থাকিলো
আচলতে শুনাৰ অভিনয়
Ac restaurantৰ শীতল হাৱা
তুমি কথাবোৰ হাঁহি হাঁহি কোৱা
মই শুনা নাই একো
কেৱল কঁপা কঁপা ওঁঠ তোমাৰ
এই ৰঙা লিপষ্টিক লগাবা না
তোমাৰ ওঁঠ এনেও ৰঙা কামচৰাইৰ ৰঙাঠোঁট
ৰঙা ভাল লাগে
মই কম বুলি ভাবিছিলোঁ নোৱাৰিলো
কথাবোৰ কৈ আছা কি কৈছা মই নাজানোঁ
বিস্ফোৰিত হাঁহিৰ টুকুৰাবোৰ মোৰ গালে মুখে
সৰ্ব শৰীৰত আলফুল শিহঁৰণ
এইবাৰ অনুভৱ কৰিলো
মোৰ আঙুলিৰ মাজত তোমাৰ আঙুলি
এখন পাকৈত মাছুৱৈৰ জামু ৰঙী জাল
মাছুৱৈ ওচৰতে ক'ৰবাত
আমাৰ হাতবোৰত অগনন মাছ
ৰঙা নীলা হালধীয়া
ৰঙসনা মাছ
মাছবোৰে হাঁহিৰ টুকুৰাবোৰত হাঁহিছে
ক্ৰমশঃ আমাৰ দুয়োৰে শৰীৰত
বিয়পি পৰিল মাছবোৰৰ খলখলনি
এতিয়া আন্ধাৰ ৰঙা ৰঙা
মোৰ মুৰত তুমি হাত বুলাই আছা
তোমাৰ হাতত জোনাক
তুমি ক'লা এইয়া অৰণ্য
মই ক'লো জোনাক
মুঠতে এক সাংঘাটিক sensitive scene create কৰাৰ কথা আছিল
না ন'হল
director এ ক'লে cut
বেছেৰা director এ পিছে নাজানে
আমাৰ হাতৰ জালত অনেক মাছ
মাছবোৰে জাল ফালি খেলে
জালবোৰত তোমাৰ হাঁহিৰ টুকুৰা
হাঁহিৰ টুকুৰাবোৰ কেৱল মোৰ
আস ! তুমি হাঁহিছা

তিনিজন কবিৰ তিনিটা কবিতাৰ মাজেৰে আমি তিনি ধৰণৰ কথন ভংগী অথবা কথকতাৰ সন্মুখীন হ’লোঁ। ভাষাৰ প্ৰয়োগৰ ফালৰ পৰাও তিনিওটা কবিতা ভিন্ন। দিবাকৰ ৰেণুৱে আগবঢ়াই আনিছে কামৰূপীয়া কথ্যভাষা, ৰৌচন আৰা বেগমে নৈপুণ্যৰে প্ৰয়োগ কৰিছে ইমান দিনে মান্য ৰূপত গঢ় লৈ উঠা কাব্যভাষা আৰু নৱাকাশে আদৰি লৈছে আজিৰ তাৰিখত যুৱ সমাজে দৈনন্দিন পৰ্যায়ত ব্যৱহাৰ কৰি অহা ভাষাৰ সুৰ এটা। সমসাময়িক অসমীয়া কবিতাৰ চৰ্চাই বৈচিত্ৰ্য হেৰুৱাইছে বোলা ধাৰণাটোৰ বিৰুদ্ধে যুঁজিবলৈ আখৰুৱাৰ মজিয়াত প্ৰকাশিত এই কবিতাখিনিয়েই যথেষ্ঠ।


Friday, May 19, 2017

কাৰ বাবে এই গীত গোৱা : ৰি যাক কৰিব নোৱাৰি

এজন শিল্পীৰ (দৃশ্যশিল্প বা প্লাষ্টিক শিল্পৰ কৰ্মী) বা এজন নাট্যশিল্পীৰ কিছুমান সমস্যা এজন কবিয়ে কোনোদিনেই হয়তো বুজি নাপাব। কবিতা এটা এশবাৰ বা এহেজাৰবাৰ ৰিপ্ৰিণ্ট কৰিলেও মূলগতভাবে কবিতাটোৰ একো হীন দেঢ়ি নঘটে। কবিতা এটাৰ ৰেল্পিকা (Replica) কৰাটো একো সমস্যাৰ কথায়েই নহয়। আপুনি আপোনাৰ টোকাবহীত আপোনাৰ ভাললগা কবিতা এটা অনায়াসে টুকি থ’ব পাৰে। তাত কবিতাটোৰ একো ক্ষতি নহয়। কবিতাটোৱে একো নেহেৰুৱায়। এনেকুৱা কেতিয়াও নহয় যে যিমানবাৰেই ৰিপ্ৰিণ্ট কৰি গৈ থকা হৈছে সিমানবাৰেই কবিতাটো মলিন হৈ গৈ আছে। আঠাইশ শাৰীৰ কবিতা এটা হয়তো বহুবাৰ কে’বাবাৰো প্ৰিণ্ট হৈ হৈ অৱশেষত মাত্ৰ দুশাৰীহে থাকিলেগৈ! কথাটো মজাৰ। কিন্তু তেনে হোৱাটো অসম্ভৱ। অৱশ্যে ছপা-প্ৰক্ৰিয়াত ৰসাস্বাদনৰ পথত লে’-আউট, ফণ্ট, স্থান বিভাজন আদিৰ কিছু কথা আছে (কিন্তু আমাৰ দেশত সেইবোৰকোনো গুৰুত্ব দিয়ে কোনে?)। কিন্তু পেইণ্টিং এখন এশবাৰ বা এহেজাৰবাৰ ৰিপ্ৰিণ্ট হোৱাটোতো দূৰৰে কথা, এবাৰৰ বাবেও সম্ভৱ নহয়। ফটো এখন তুলি আপুনি ফে’চবুকত দি হয়তো ক’ব পাৰে যে – চাওক এইখন পেইণ্টিং খন। কিন্তু নহয়। এইখন পেইণ্টিং খন নহয়। এয়া পেইণ্টিং খনৰ এখন ফটোগ্ৰাফহে। মূল পেইণ্টিংখনৰ পৰা এই ফটোখন শত শত যোজন আঁতৰত। পেইণ্টিং এখনৰ ৰেপ্লিকা নহয়। কৰিব খুজিলেও লগে লগেই সি হৈ উঠে অন্য এটা কৰ্ম – সম্পূৰ্ণ অন্য এটা অস্তিত্ব।

নাট্যকৰ্মীৰ সমস্যা একেটাই। বৰঞ্চ আৰু বেছি যন্ত্ৰণাদায়ক। নাটক এখন আপুনি বাৰে বাৰে কৰিবলৈ বাধ্য, নহ’লে চাবলৈ খোজা দৰ্শকক আপুনি নাটকখন কেনেকৈ দেখুৱাব? নকৰিলে দেখুৱাব নোৱাৰি। কিন্তু যি মুহূৰ্ততেই আপুনি মানুহে চাব খোজা সেই নাটকখন কৰি দেখুৱাব খুজিছে সেই মুহূৰ্ততেই বুজিছে যে এইখন আচলত দেখোন এখন বেলেগ নাটক। প্ৰতিটো পৰিবেশনৰ অভিজ্ঞতা একক আৰু অনন্য। এটা আনটোৰ ৰেপ্লিকা হ’ব নোৱাৰে। চেক্স কৰাৰ নিচিনা। যিমান বাৰেই আপুনি কৰে, প্ৰতিবাৰেই নতুন অভিজ্ঞতা।

এশবাৰ পৰিবেশন কৰাৰ পিছত সেই নাটকখন আৰু আৰম্ভণীৰ একেখন নাটক হৈ নাথাকে। নাটক কেৱল প্লে’ কৰিব পাৰি। ৰিপ্লে’ কৰিব নোৱাৰি।

এই সমস্যাবোৰ নাই বাবেই কবিকূলৰ ফোঁপজহ বেছি হয়। পাবত গজাৰ প্ৰৱণতাও বেছি। ফে’চবুকতো বহুত মানুহৰ লাইক আৰু কমেণ্ট পোৱাটোকে সফলতা বুলি ধৰি লোৱাৰ প্ৰবৃত্তিও বেছি। কিন্তু বহুল সংখ্যক দৰ্শকে দেখা পালে বা পঢ়িলে বুলিয়েই স্ৰষ্টাৰ ইপ্সিত দ্ৰষ্টা (Spectator) জনক সি চুবগৈ পাৰিলে বুলি ভবাটো ভুল। উদাহৰণ স্বৰূপে, আজিলৈকে অন্তত: হীৰুদাৰ “মৃত্যুওতো এটা শিল্প” বাক্যাংশৰ সৈতে হেজাৰৰো অধিকবাৰ সন্মুখীন হ’লোঁ বিভিন্ন ঠাইত, বিভিন্ন প্ৰসংগত। কিন্তু পাঠ নিৰ্মাণৰ বা ৰসগ্ৰহণৰ বহুত্বক স্বীকাৰ কৰিও ক’বলৈ বাধ্য হ’ম যে হীৰুদাৰ এই কথাষাৰৰ এটা মনপূত প্ৰসংগায়িতকৰণ আজিলৈকে চকুত নপৰিল। কবিতাটোৱে আজিও যেন তাৰ ইপ্সিত পাঠকজনক বিচাৰি ফুৰিছে।

সংখ্যগত ভাবে বহুতৰ মাজলৈ লৈ যোৱাৰ প্ৰক্ৰিয়াটো জটিল, আনকি একপ্ৰকাৰে অসম্ভৱ বুলি জানে বাবেই চিত্ৰকৰ এজনে সেই ইপ্সিত দ্ৰষ্টাজনৰ অৱস্থান সম্পৰ্কে দ কৈ ভাবিবলৈ বাধ্য হয়। মুখা, মেক-আপ আদিবোৰেৰে নাট্যশিল্পক দৰ্শোৱা হয় যদিও, চৰিত্ৰায়ণকেই অভিনেতাৰ মূল কৰ্ম বুলি ধৰা হয় যদিও এটা সময় অভিনেতা জন নিজৰ গহন কোণলৈ উভতি আহি নিজৰ সৈতে নিজে মুখামুখি হ’বলৈ বাধ্য হয়।    

এই গোটেইবোৰ কথাৰ লগত পাৰফৰমেন্সৰ ডকুমেণ্টেচন সম্পৰ্কে যথেষ্ট চিন্তা চৰ্চাৰ প্ৰয়োজনীয়তা আহি পৰে। 


Thursday, May 18, 2017

"কেলৈ আছা চাই"

চাৱনি এটা কেতিয়াও পেছিভ (নিষ্ক্ৰিয়) হ'ব নোৱাৰে। একপাক্ষিকো নহয়। নৈৰ্ব্যক্তিকো নহয়।
চকুৰে চোৱা - এই তেনেই সাধাৰণ কথাটো এটা বিৰাট ৰাজানৈতিক কাৰবাৰ হ'ব পাৰে।
দৃষ্টি নিক্ষেপ - এই কাৰ্যটো এটা দাৰ্শনিক প্ৰক্ৰিয়াৰ ফচল। (দৰ্শন শব্দটোৰ আক্ষৰিক অৰ্থ আৰু ফিল'চ'ফি শব্দৰ পৰিভাষাৰ মাজৰ সংযোগটোও মন কৰিব)।
এনেয়ে চোৱা বুলি আচলতে একো নাই। There is nothing like just seeing.
চোৱা আৰু চাই থকাৰো আকৌ পাৰ্থক্য আছে।
আমি বিচাৰিলেও নিবিচাৰিলেও প্ৰতি মুহূৰ্ততে আমি চাই আছোঁ। যদি চাই থকা নাই (ইচ্ছাকৃতভাবে) তেতিয়াও আমি অন্তত: দেখি আছোঁ। চকু মুদি থাকিলেও সপোনত দেখি আছোঁ। আক্ষৰিক অৰ্থত সপোনৰ কথা বাদ দিলেও দুচকু মুদাৰ লগে লগে মানস চক্ষু খুলি লৈছোঁ।
প্ৰেমৰ আৰম্ভণী চকুৰে হয়। বিপ্লৱৰ ঘোষণা চকুৰে হয়। চকু চিৰকালেই এপাত ৰাজনৈতিক হাথিয়াৰ।
কাষেৰে পাৰ হৈ যোৱা বিলাসী গাড়ী এখনলৈ যেনেকৈ চাওঁ, ফুটপাথৰ ভীক্ষাৰী এজনলৈ তেনেকৈ নাচাওঁ। শ্ৰেণী দ্বন্দৰ পৰা দৃষ্টি কাহানিও মুক্ত হ'ব নোৱাৰে। ধাৰণাগত ভাবে জেণ্ডাৰ ইকুৱেলিটিৰ কথা যিমানেই আগুৱাই নাযাওক, এজন পুৰুষৰ পুৰুষৰ প্ৰতি চাৱনি আৰু মহিলাৰ প্ৰতি চাৱনি কাহানিও একে হ'ব নোৱাৰে। চাৱনি এটা সদায়েই সকলো সময়তেই লিংগ-চেতনাৰ দ্যোতক। বাহক।
এইখিনি কথা - আন এটা প্ৰস্তাৱনা, আমাৰ আন এটা উৎসৱৰ বাবে। ভিজুৱেল কালচাৰ, দৃশ্য শিল্প, আৰু সামগ্ৰিক ভাবে 'ৱেইজ অব চিইং' সম্পৰ্কে।

কিন্তু সদ্যহতে বহিছিলোঁ "কেলৈ আছা চাই" কথাষাৰৰ আঁত ধৰিহে। সেয়েহে আনবোৰ কথা অলপ দেৰীলৈ নিলগই থওঁ দিয়ক। 

কেলৈ আছা চাই বাক্যাংশ লোৱা হৈছে এটা জনপ্ৰিয় বিহু নামৰ পৰা। ওজা খগেন মহন্তদেৱৰ কণ্ঠৰে শুনিবলৈ পোৱা যায়। নাম ফাকি এনে-
"কেলৈ আছা চাই
কেলৈ আছা চাই
তুমি চাই থাকিলে দেহা মোৰ
দেহা মোৰ মৰহি যায়"

চাই থকা জন কোন? - "তুমি"। দেহা মৰহি যোৱা জন কোন? - "মই"।
তোমাৰ আৰু মোৰ মাজৰ সংযোগটো কিহৰ? এটা দৃষ্টিৰ। এটা চাৱনিৰ। "তুমি" চাই থাকিলেই "মোৰ" দেহা মৰহি যোৱাটো সম্ভৱনে? সম্ভৱ। কাৰণ চাৱনি মানে কেৱল এটা চাৱনিয়েই নহয়। সেয়েহে কৈছিলোঁ -
"চাৱনি এটা কেতিয়াও পেছিভ (নিষ্ক্ৰিয়) হ'ব নোৱাৰে। একপাক্ষিকো নহয়। নৈব্যক্তিকো নহয়"।

"মই" কোন? "মই" - কবি, লেখক, সাহিত্যিক, গায়ক, সুৰকাৰ, অভিনেতা, পৰিচালক, নাট্যকাৰ, প্ৰযোজক... স্ৰষ্টা।
"তুমি" কোন? "তুমি"- পাঠক, দৰ্শক, উপভোক্তা, দ্ৰষ্টা।
এই দ্ৰষ্টাৰ এটা মাত্ৰ চাৱনিতে ইমানখিনি সামৰ্থ্য বা দম আছে য'ত স্ৰষ্টাৰ "দেহা মৰহি" যাব পাৰে।
এই পাৰস্পৰিক সম্পৰ্কটোৰ জটিলতাখিনিয়েই যিহেতু চলতি উৎসৱটোৰ কেন্দ্ৰীয় বিষয়বস্তু আছিল (The ambiguous relation between the performer and the spectator), সেয়েহে ইয়াৰ নাম ৰাখিছিলোঁ -
"কেলৈ আছা চাই"। 


হ'ব আৰু। এহেলৈ উৎসৱ শেষ। আৰু চাই থাকিব নালাগে। ঘৰাঘৰি যাওকগৈ ৰাইজ। 

Art: Samudra Kajal Saikia, 2006

Wednesday, May 10, 2017

কাণখোৱাৰ হাতপুথি ১১ : পাঠক জনতাৰ এক্তিয়াৰ আৰু কবিৰ নিৰ্মাণ

পাঠকৰ প্ৰত্যাশা অনুযায়ী কবিতা লিখি গৈ থাকি এক ধৰণৰ পাৰস্পৰিক কমফোৰ্ট জোনৰ ভিতৰলৈ কবিকুল সোমাই গৈ থকাৰ কথা আমি আগৰ আলোচনাত কৰিছিলোঁ। কবি আৰু পাঠকৰ, শিল্পী আৰু দ্ৰষ্টাৰ পাৰস্পৰিক সম্পৰ্কই দুয়ো পক্ষকে নিৰ্মাণ কৰি গৈ থাকে। মানে, এজন কবিৰ দ্বাৰা লিখিত কবিতা পঢ়ি পঢ়িয়েই এক শ্ৰেণীৰ পাঠকৰ জন্ম হয়। জন্ম হয় এক নিৰ্দিষ্ট ৰুচিবোধৰ, সংবেদনাৰ আৰু চেতনাৰ। তেনেকৈয়ে সেই পাঠকচামৰ ৰুচি, হেঁপাহ আৰু আকংক্ষায়ো কবি এজনৰ উত্তৰোত্তৰ গতি পথ নিৰ্ধাৰণ কৰি যায়। এইটো এটা স্বাভাৱিক প্ৰক্ৰিয়া। এই পাৰস্পৰিকতাৰ উৰ্ধত কোনো অৱস্থান কৰিব নোৱাৰে। কথাখিনি কেৱল আক্ষৰিত অৰ্থতে নলৈ ধাৰণাগত ভাবেও চাব লাগিব। অৰ্থাৎ যদি কোনোবা এজন কবিৰ যদি এখনো কবিতাৰ কিতাপ ওলোৱা নাই, কোনো কাকত আলোচনীত আজিলৈকে প্ৰকাশো হোৱা নাই তেওঁৰ ক্ষেত্ৰত উপৰি-উক্ত কথাষাৰ প্ৰযোজ্য হ’ব নে নাই? উত্তৰটো হ’ল – হ’ব। কাহানিও ক’তো প্ৰকাশ নোহোৱা, কোনেও ক’তো পঢ়িবলৈ নোপোৱা কবিতা একোটাৰো পাঠক একোজন থাকেই থাকে। আনকি যি কবিতা এতিয়ালৈকে লিখায়ে হৈ উঠা নাই সেই কবিতাৰো পাঠক আছে। এজন ধাৰণাগত পাঠকৰ (conceptual reader বা conceptual spectator) অস্তিত্ব সদায়ে সৰ্বত্ৰ বিদ্যমান। ইয়াৰ লগতে সাঙুৰি ক’ব পাৰি কবিতাটো লিখি থকা কবিজনেই সেই কবিতাটোৰ পাঠকো হয়। কবি নিজেই প্ৰথম পাঠক। কবিতা এটা লিখি থকাৰ মুহূৰ্ততেই লেখক আৰু পাঠক – দুটা সত্বাৰ বিকাশ ঘটি গৈ থাকে। এই দুই সত্বায়ো তাকেই কৰে- ইটোৱে সিটোৰ সন্মুখত আবদাৰ ৰাখে। ইটো সিটোৰ পৰিপূৰক হয়। অভিযোগ অভিমানো হয়। প্ৰত্যাশাৰ প্ৰস্তাৱ ৰাখে।   

এইখিনিলৈকে কথাখিনি ঠিকেই আছিল। কিন্তু ব্যৱহাৰিক ক্ষেত্ৰত পাঠকৰ প্ৰতি কবিৰ ‘দায়বদ্ধতা’ৰ বোধ আৰু কবিৰ প্ৰতি থকা পাঠকৰ প্ৰত্যাশাৰ আলমত কিছুমান অপ্ৰীতিকৰ কথা আমাৰ চকুত পৰে – সেইখিনিহে আজিৰ আলোচনাৰ বিষয়। কবি আৰু পাঠকৰ অথবা শিল্পীৰ আৰু দ্ৰষ্টাৰ সম্পৰ্কটোত অলপমান বিমূৰ্ততা আছে, আকস্মিকতা আছে। উৎকণ্ঠা আৰু উদ্বিগ্নতাৰে ভৰা। যাদৃচ্ছিক। এই আদান প্ৰদান বা লেন দেন ব্যৱসায়িক ক্ষেত্ৰৰ স্ৰষ্টা আৰু উপভোক্তাৰ দৰে নহয়। সৃষ্টিশীল জগতখনতো অৱশ্যে এটা পৰ্যায় আছে য’ত ব্যৱসায়িক আদান প্ৰদানৰ সম্পৰ্কটো ৰক্ষিত হয়। কৰপোৰেট জগতত ব্যৱহৃত এটা নাম আছে “চাৰ্ভিছ প্ৰভাইডাৰ” বা সেৱা দাতা। বহু শিল্পী আৰু লেখকে নিজকে স্ব-ইচ্ছাৰেই চাৰ্ভিছ প্ৰভাইডাৰ বুলিয়ে পৰিচয় দিয়ে। আমিও ব্যক্তিগত ভাবে একোজন চাৰ্ভিছ প্ৰভাইডাৰ শিল্পী হিচাপেই কাম কৰি পেট প্ৰৱৰ্তাই আছোঁ। এই ক্ষেত্ৰত বজাৰে, মক্কেলে (Client) অথবা উপভোক্তাই বিচৰা মতেই চাৰ্ভিছ দিবলৈ আমি বাধ্য। কিন্তু তাৰ ব্যতিৰেকেও আন এখন জগত আছে য’ত এই প্ৰত্যক্ষ লেন দেনৰ মূল্য নাই। বিশেষকৈ কবিতাৰ ক্ষেত্ৰত এই কথা ক’বই পাৰি। আৰু অলপ আত্মপক্ষ সমৰ্থন কৰিবলৈ হ’লে অৰ্থোপাৰ্জনৰ বাবে বাণিজ্যিক লাভালাভৰ কথা সন্মুখত ৰাখি যিহেতু অসমীয়া কবিয়ে এই মুহূৰ্তত কবিতা লিখি থকা নাই গতিকে এই প্ৰত্যক্ষ লেনদেনৰ পৰা অসমীয়া কবি-কবিতা-পাঠক মুক্ত বুলিয়ে ধৰি ল’ব পাৰি।

কাব্যপ্ৰেমীৰ কবিৰ প্ৰতি আছে অগাধ সন্মান আৰু মৰম। কোনোকালে কবিতা নপঢ়া লোকৰো কবিৰ প্ৰতি অপৰিসীম দৰদ। এই ঘটনাটোৱেই এসময়ত মৰমৰ চুমাই নাকটি চুঙাৰ লেখীয়া হয়গৈ। এই সন্মান আৰু মৰমৰ লেচু লৈয়ে পাঠকৰ দাবীও বাঢ়ি গৈ থাকে। কিছুমান এক্তিয়াৰে সাৰ্বজনীন ৰূপ লয়গৈ অথবা যিখিনিক মান্যতাপ্ৰাপ্ত এক্তিয়াৰ বুলি ক’ব পাৰি। তেনে কেইটামান হ’ল –
(১) কবিৰ সামাজিক দায়বদ্ধতা থাকিব লাগে।
(২) কবিৰ কবিতাত মাটিৰ গোন্ধ থাকিব লাগে।
(৩) কবি বিনয়ী, বিনম্ৰ আৰু অহংকাৰ শূণ্য হ’ব লাগে।
(৪) কবিয়ে কবিতা লিখিও থাকিব লাগিব, প্ৰকাশো কৰি থাকিব লাগিব, কবি সন্মিলনীলৈ গৈ গামোচাও পিন্ধি ফুৰিব লাগিব, কিন্তু একে সময়তে তেওঁ অৱশ্যেই “প্ৰচাৰ বিমুখ” হ’ব লাগিব।

তালিকাখন আৰু দীঘল কৰি গৈ থাকিব পাৰি। ইয়ৰ পিছত আহে কবি-ব্যক্তিবিশেষৰ প্ৰতি পাঠকৰ অন্য অনুযোগ অথবা অনুনয় বিনয়খিনি। এক ধৰণৰ কবিতা লিখি প্ৰতিষ্ঠা লাভ কৰাৰ পিছত কেনেবাকৈ পৰীক্ষামূলক ভাবেও যাদি কবিয়ে নতুন ধাৰাৰ কবিতা সৃষ্টি কৰিবলৈ লয়, পাঠকে বিনাবলৈ লয় – “আপোনাৰ কবিতাত আগৰ দৰে সোৱাদ আৰু নাই”। কেতিয়াবা গ’ল গ’ল খালে খালে বুলি হায়ৈ বিয়ৈ লাগি যাবও পাৰে।

এই গোটেই পৰিস্থিতিখিনিত “ক্ষমতাৰ সম্পৰ্ক” জনিত অলপ মনস্তাত্বিক কাহিনীও সোমাই আছে।  এজন কবিৰ অভ্যুত্থানৰ বেলিকাই কিছু পাঠকে সেই কবিৰ মাজত ‘সম্ভাৱনা’ৰ আৱিস্কাৰ কৰে। স্বাভাৱিকতেই সেই পাঠকে সেই কবিৰ গঢ় গতি আশানুৰূপ ভাবে আগুৱালে তাৰ আঁৰত একধৰণৰ তৃপ্তি লাভ কৰিব। এই তৃপ্তি একধৰণৰ অভিভাৱকত্বৰ তৃপ্তি। ‘মই নকৈছিলোনে’ বুলি লাভ কৰিব এক সন্তুষ্টি। কেনেবাকৈ সেয়া হৈ নুঠিলে, কবিয়ে যদি গতিপথ সলায় তেতিয়া তেওঁ অসন্তুষ্ট হ’ব। এতিয়া এই কৈ থকা পাঠক- এক ব্যক্তি পাঠকো হ’ব পাৰে – এক সন্মিলিত পাঠক সমাজো হ’ব পাৰে। কৈ থোৱা ভাল যে সামাজিক স্তৰত (আনকি ব্যক্তিগত স্তৰতো) ব্যক্তি সমষ্টি সততে স্থিতাৱস্থা প্ৰত্যাশী। সমাজখন যেনেকৈ চলি আছে তেনেকৈয়ে চলি থাকিলেই সামগ্ৰিক ভাবে বিস্তৰ জনতা সুখী হয়। যিকোনো ধৰণৰ পৰিৱৰ্তনেই আকস্মিক যেন গণ্য হয়। পৰম্পৰাত আস্থা ৰাখিয়েই সমাজ এখনে গঢ় লয়। ফলত এই স্থিতাৱস্থাৰ মোহখিনিয়ে আহি কবিৰ ব্যক্তিগত কবিজীৱনকো প্ৰভাৱিত কৰেহি।

কিন্তু সেয়া আছিল জানো কবিৰ কাম্য? আছিল জানো সেয়া কবিতাৰ মৰ্ম? কবিতাই দেখোন বিচাৰিছিল সম্পূৰ্ণ বিপৰীত মেৰুত অৱস্থান কৰিবলৈ – স্থিতাৱস্থা বিৰোধী। কথা আছিল সমাজে বান্ধি দিয়া নৈতিকতা, আদৰ্শ আৰু আন সকলোবোৰ ধূতি-নীতিৰ পৰা উন্মুক্ত হৈ কবি অন্তত: কবিতাত এবাৰ নগ্ন হ’ব। কথা আছিল সভ্যতাৰ মুখাৰ আঁৰত শ্বাসৰূদ্ধ হৈ ৰোৱা কবিৰ মুখখন কবিতাত অন্তত: খোল খাব। যুক্তিৰ বান্ধ খোল খাব। আনকি এনে এটা পৰ্যায়লৈকো কবিতা গুছি যাব য’ত অৰ্থ বা মানেৰ বন্ধনৰ পৰাও শব্দই মুক্তি পাব।

কিন্তু কাৰ্যত: সেয়া হৈ উঠা দেখা নগ’ল। কবি পাঠকৰ দাসত্বৰ পৰাই মুক্ত হ’ব নোৱাৰিলে। সেয়েহে আমি ক’বলৈ বাধ্য হওঁ – পাঠকৰ প্ৰত্যাশা পূৰণ কৰি চলিবলৈ কবি পাঠকৰ গোলাম নহয়। 


সমুদ্র কাজল শইকীয়া



কাণখোৱাৰ হাতপুথি ১০ : অ’ মোৰ সুৰীয়া মাত

কাব্যভাষাৰ নিৰ্মাণ প্ৰসংগত


প্ৰতিটো ভাষাৰ মাজতেই সুৰ এটা সোমাই থাকেই। অসমীয়া ভাষাৰো এটা সুৰ আছে। আনহাতে কবিতাৰো এটা সুৰ আছে। অসমীয়া কবিতাই ক্ৰমবিকাশৰ মাজেৰে আহি আজিলৈকে নিজস্ব আন এটা সুৰ তৈয়াৰ কৰি লৈছেহি। এই সুৰ, স্বন, অথবা ধ্বনি-মাধুৰ্যয়েই ‘অসমীয়া কবিতা’ৰ চৰিত্ৰ নিৰূপণ কৰিছে। এই ঘটনাটোক ইতিবাচক হিচাপেও চাব পৰা যায় যিহেতু তাৰ মাধ্যমেৰেই অসমীয়া কবিতাই এটা নিজস্ব ৰূপ পৰিগ্ৰহ কৰিবলৈ সক্ষম হৈছে। আনহাতে ইয়াক আসোঁৱাহপূৰ্ণ বুলি ভাবিবৰো থল থাকি যায় কিয়নো ইয়াৰ মাধ্যমেৰে কাব্যভাষাৰ নতুনত্বৰ প্ৰতি কবিমন তথা ৰসগ্ৰাহীৰ যি জিজ্ঞাসা, সেয়া স্থবিৰ হৈ পৰাৰ ভয় থাকে। গতিময়তাৰ পৰিৱৰ্তে একধৰণৰ স্থৱিৰতাৰ সংশয়ৰ উন্মেষ এইখিনিতে ঘটে।

মন কৰিবলগীয়া যে জনপ্ৰিয়, জনমুখী অথবা বিনোদনধৰ্মী সাংস্কৃতিক উপাদানবোৰে সৰ্বজনগ্ৰাহ্যতাৰ স্বাৰ্থতেই কিছুমান সাধাৰণীকৃত উপভাষা বা ইডিয়মৰ লালন পালন কৰে। পপুলাৰ হিন্দী চিনেমা এখন চাবলৈ যোৱাৰ আগতেই আমি জানো বা গম পাওঁ যে চিনেমাখনত আমি কি দেখিবলৈ পাম। আমাৰ প্ৰত্যাশা পূৰণ কৰাটোৱেই সেই মাধ্যমটোৰ এটা উদ্দেশ্য। কেনেবাকৈ সেই প্ৰত্যাশা পূৰণ কৰিব নোৱাৰিলেই চিনেমাখন ফ্লপ। আমি জানো যে হেজাৰ বাধা বিঘিনীৰ পিছতো সৰ্ব শেষত ভিলেইন পৰাজিত হ’ব, আৰু হিৰোই জয়লাভ কৰাত এটা হেপ্পী এণ্ডিং হ’বগৈ আৰু হাঁহি মুখে আমি হলঘৰৰ পৰা গান এটা গুণগুণাই ওলাই আহিম। ছয় ধৰণৰ দ্ৰষ্টা বা দৰ্শকৰ চৰিত্ৰ নিৰ্ণয় কৰিবলৈ গৈ “ষড়দ্ৰষ্টা” নামৰ এটা লেখাত আমি সাংস্কৃতিক উপাদান সমূহৰ আপোন দ্ৰ্ষ্টা প্ৰস্তুতি পদ্ধতি সমূহৰ কথা লিখিছিলোঁ আৰু তাৰ নাম ৰাখিছিলোঁ “ঘৰুৱা দৰ্শক” বা ডমেষ্টিক স্পেক্টেটোৰ – যি সকলো জানে। “মন কৰিবলগীয়া কথা যা সাম্প্রতিক হিন্দী চিনেমাৰ প্রমোচনেল ষ্ট্রেটেজিবোৰে চিনেমা এখন ৰিলিজ হোৱাৰ আগতেই গানবোৰ বজাৰত উলিয়াই দি, পোষ্টাৰ উলিয়াই, নায়ক-নায়িকাৰ মুখৰোচকৰ কাহিনী সজাই, ৰিয়েলিতি শ্বো পাতি, ‘ইউ-টিউবৰ দৰে চচিয়েল নেটওৱর্কত প্রচাৰ কৰি আচলতে এই শ্রেণীৰ ঘৰুৱা দর্শকৰ প্রস্তুতিকেই পোষকতা কৰে। এইবোৰ মার্কেটিং চানেকীয়ে আগতীয়াকৈয়ে চিনেমাখনৰ সম্পর্কে কিছুমান ক্লু বা সূত্র ভাবি-দর্শকৰ মাজলৈ আগবঢ়াই দিয়ে, যাৰ জৰিয়তে সেই ভাবি দর্শকজনৰ শিল্পকর্মটোত মনোনিৱেশ কৰিবলৈ সুবিধা হব পাৰে [ঘৰচীয়া বা ঘৰুৱা দর্শক (Domestic Spectator)]। আমি যিমানেই ‘আমাক নতুন কিবা এটা লাগে’ বুলি কৈ নাথাকোঁ কিয় মনোৰঞ্জনৰ বাবে চাবলৈ যোৱা চিনেমা এখনত যদি চলমান খান আছে তেনেহ’লে চলমান খানৰ যিটো ইতিমধ্যে নিৰ্মিত (projected) ইমেজ আছে আমি সেই ৰূপতেই চাবলৈ বিচাৰিম।   

কিন্তু মূলগত ভাবেই শিল্পকলা আৰু কবিতা এনে দুটা ক্ষেত্ৰ য’ত মানুহে সঁচা অৰ্থতে সদায়ে নতুন কিবা এটা বিচাৰে। অথবা সেইবুলি ভবা হয়। সভ্যতাৰ আদিকালৰে পৰা আজিকোপতি সেয়েহে এই দুটা ক্ষেত্ৰয়েই মানুহৰ বৌদ্ধিক জয়যাত্ৰাক নিৰন্তৰ জোকাৰি আহিছে। দ্ৰষ্টাক বিনোদন প্ৰদান কৰা, তৃপ্ত কৰা অথবা সন্তুষ্ট কৰি ৰখাটো শিল্পকলাৰ অথবা কবিতাৰ উদ্দেশ্য কাহানিও নছিল। বিপৰীতক্ৰমে সময়ে সময়ে স্থিতাৱস্থাক জোকাৰণি তোলাটোহে ইবোৰৰ উদ্দেশ্য। চিন্তন আৰু মননক এটা নতুন মাত্ৰা দিব নোৱাৰিলে সেই শিল্প মহত্বৰ তুলাচনীত নুঠে। ছন্দেৰে ৰূপেৰে বৰ্ণেৰে কেতিয়াবা কবিতা আৰু শিল্পই মানৱ মনক পুলকিত কৰি ৰাখিব পাৰে, কিন্তু তাৰ লগে লগে সেই পুলকৰ উৰ্ধলৈ গৈ সেই শিল্পই কেনে ধৰণৰ প্ৰশ্ন দ্ৰষ্টাৰ মনত উদ্ৰেক কৰিছে সেইটোহে মৰ্মভাগত থকা এটা গুৰুত্বপূৰ্ণ কথা। এতিয়া এই প্ৰশ্ন বা কৌতুহলেৰে দ্ৰষ্টা পাঠকক জোকাৰণি কেনেকৈ তুলিব সেয়া শিল্পকৰ্মটিৰ অন্তৰ্নিহিত চৰিত্ৰই নিৰ্ধাৰণ কৰিব। সূৰ্যাস্তৰ এখনি মনোমোহা নিসৰ্গ ছবিৰ মাজতো সেই ক্ষমতা থাকিব পাৰে, যদি দিৱাৱসানৰ ক্ষণৰ ভাৱাকুলতাই আপোনাক ব্যাকুল কৰি তোলে। যদি মাত্ৰ এখন ছবিয়ে, আলোকচিত্ৰই হওক বা হস্তাংকিতই হওক, আপোনাক দিবা নিশি সন্ধিক্ষণত ক্ষণভংগুৰতা সম্পৰ্কে অথবা চিৰাচৰিত পৰিৱৰ্তন সম্পৰ্কে কিবা এটা প্ৰশ্নৰ উদ্ৰেক কৰে। এয়া আছিল এটা দৃষ্টিনন্দন কলাৰ উদাহৰণ। ইয়াৰ বিপৰীতে কোনোবা শিল্পীয়ে দৃষ্টিনান্দনিকতাকেই সমূলাঞ্চে উৎখাৎ কৰি আপোনাক আমনি কৰিবলৈ বিচাৰিব পাৰে। হ’ব পাৰে আপোনাক আমনি কৰিবলৈ বিচৰাৰ প্ৰৱণতা তীৰ্যক। তীব্ৰ। আপোচবিহীন। আপোনাৰ পুৰ্ৱাপৰ স্থিত ধাৰণাক ই নামানিবও পাৰে আৰু আপোনাৰ প্ৰত্যাশা পূৰণৰ বাবে ই দায়বদ্ধ নহ’বও পাৰে। তেতিয়া পাঠক বা দ্ৰষ্টা হিচাপে আপুনি প্ৰথমে অসন্তুষ্ট হ’ব। সেই অসন্তুষ্টিয়ে যদি মূৰত খুন্দিয়াই থাকে আপুনি শিল্পীয়ে বা কবিয়ে কিয় এনে কৰিলে বুলি এটা প্ৰশ্ন হাতত লৈ অণুসন্ধানত ব্ৰতী হ’ব। আপোনাৰ সহজাত আৰাম-বোধ ক্ষুন্ন হ’ব, কাৰন আপোনাৰো কুচ-কাৱাজ আৰম্ভ হ’ব। আপুনি বুজি উঠিব কেৱল স্ৰষ্টাৰে নহয়, শিল্প নিৰ্মাণত দ্ৰষ্টাৰো কৰণীয় থাকে।       

অসমীয়া শিল্পকলা বুলি একো নাই, অসমত চৰ্চা হৈ থকা শিল্পকলা সম্পৰ্কে কথা পাতিবলৈ বিশেষ সমল পোৱা নাযায়। কিন্তু কবিতা সম্পৰ্কে কথা পতাৰ থল আছে। সম্প্ৰতি অসমীয়া কবিতা চৰ্চাৰ গতি বিধিলৈ চাই আমি মন কৰিছোঁ যে অসমীয়া কবিতাৰ ঐতিহ্য নিৰ্মাণৰ পদ্ধতিটোত কবি, পাঠক, আলোচক-সমালোচক সকলোৰে বাবে এটা সন্তুষ্টিৰ পৰ্ব চলিব লাগিছে। যি সকল অগ্ৰজ কবিক বৰেণ্য, প্ৰাত:স্মৰণীয় অথবা অৱশ্যপঠণীয় বুলি মানি অহা হৈছে তেওঁলোকৰ দ্বাৰা নিৰ্মিত কাব্যভাষা (সমূহ) নিৰ্দ্বিধাই অৱশ্য-অণুকৰণীয় বুলি মানি লোৱা হৈছে। তাৰ ফলশ্ৰুতিত যি ধৰণৰ কাব্যভাষাৰ অৱতাৰণা হৈ আহিছে সেয়া বিস্তৰভাবে সুৰীয়, লীৰিকেল। কবি আৰু পাঠকৰ মাজতো ইতিমধ্যেই একধৰণৰ বুজা পৰা অথবা আপোচ হৈ গৈছে। আপোচটো এনে ধৰণৰ যে – পাঠকে যিহেতু অসমীয়া ভাষাত কথা-বতৰাৰ এটা কালিকা আৰু তাৰ লগতে অসমীয়া কবিতাই আকোঁৱালি লোৱা এটা সুৰক মান্যতা দি লৈছে, গতিকে কবিয়ে সেই সুৰটো ৰক্ষা কৰিয়ে চলিব। ওলোটাকৈ ক’বলৈ গ’লে, যিহেতু ইমান দিনে অসমীয়া কবিয়ে এটা “অসমীয়া কবিতাৰ সুৰ” নিৰ্ধাৰণ কৰি লৈছে গতিকে পাঠকে সেই সুৰটোতেই নতুন কবিতা এটা পঢ়িবলৈ বিচাৰিব। ঠিক এইখিনিতেই সাম্প্ৰতিক অসমীয়া কবিতাৰ চৰ্চাৰ ৰেহ-ৰূপ সম্পৰ্কে আমাৰ আপত্তি।

আন ঠাইৰ কথা নাজানো, কিন্তু অসম দেশত এটা কথা ভাল যে কবিতা পঢ়াৰ বা কবিতা লিখাৰ এটা বিস্তৰ পৰিবেশ ইয়াত আছে। বহুতো নতুন নতুন কবি আমি দেখা পাই আহিছোঁ। তেওঁলোকৰ প্ৰতিভাৰ শলাগ নলৈ নোৱাৰি। তাৰে কেইবাজনকো ক’ব পাৰি আজন্ম-কবি। একধৰণৰ ‘ঈশ্বৰপ্ৰদত্ত প্ৰতিভা’ৰেই তেওঁলোক গৌৰৱাম্বিত যেন ধাৰণ হয়। খুব অনায়াসে তেওঁ লোকে একোটা ‘কবিতা কবিতা যেন লগা’ বাক্য সৃষ্টি কৰি শ্ৰোতা-পাঠকক মোহাচ্ছন্ন কৰি ৰাখিব পাৰে থিতাতে। কিন্তু এই উক্তি যদি সত্য হয়, কবিতাৰ অগ্ৰগতিৰ বাবে এয়া সুখবৰ হ’ব নোৱাৰে। শ্ৰুতিমধুৰতা অথবা সুখপাঠ্যতাৰ ধাৰণাটোৱে কবিতালৈ একধৰণৰ স্থিতাৱস্থা কঢ়িয়াই অনাৰ বাহিৰে আন একো উপকাৰ সাধিব নোৱাৰিব। সুখপাঠ্যতাৰ দাবীৰ আঁৰত হয়তো বহুখিনি বিষয়বস্তু, বহুখিনি প্ৰসংগ কবিৰ আওতাৰ পৰা বাজতেই ৰৈ যাবলৈ বাধ্য হ’ব।  শ্ৰৱণেন্দ্ৰিয়ক তৃপ্ত কৰাই শেষ কথা হোৱা হ’লে সংগীতত সকলোৱে নিচুকনি গীতকেই ৰচিলেহেতেন। হাৰ্ড ৰক বা মেটেলিকাৰ উত্থান নহ’লেই হেতেন। দৃষ্টিনান্দনিকতাই শেষ কথা হোৱা হ’লে ছবি যথাদৃষ্টবাদতে অথবা জ্যামিতিতে ৰৈ থাকিলেহেতেন।

সুখপাঠ্যতা আৰু সুশ্ৰাব্য অথবা শ্ৰুতিমধুৰতাৰ আন কিছুমান অসুবিধাও আছে। এজন ভাল বক্তাৰ পৰা সম্ভাব্য বিপদ এইটোৱেই যে তেওঁ কেনেকৈ আৰু কিমান ধুনীয়াকৈ কথাবোৰ কৈছে সেইখিনিতেই আমি মুগ্ধ হৈ থাকোঁ। কি কথা কৈছে বা কথাৰ মৰ্মখিনি কি সেইবোৰলৈ সোমাবলৈ আমি পাহৰিয়ে থাকোঁ। ভাল কথা ক'ব জনা মানুহে শ্ৰোতাৰ এই দুৰ্বলতাখিনি জানে আৰু সেইমতেই তেওঁলোকে শ্ৰোতাক সহজে পৰিচালিত কৰে। আজিৰ তাৰিখত ভাৰতবৰ্ষৰ ৰাজনীতিলৈ চকু দিলে এই কথাষাৰ বুজিবলৈ হয়তো কাৰো একো অসুবিধা নহ’ব। ভাষাৰ প্ৰয়োগ বা ফৰ্মৰ মনোগ্ৰাহিতাৰ মাজতে আমি ইমানকৈ নিমজ্জিত হৈ থাকো যে আচলতে ক'ব খোজা কথাখিনিৰ প্ৰতি আমি আওকাণ কৰি গুছি যাওঁ। এইখিনিতেই সতৰ্ক হোৱাটো পাঠকৰ দায়িত্ব। 
     


সমুদ্র কাজল শইকীয়া