ডঃ বাণিকান্ত কাকতি

...সাহিত্যৰ ক্ষেত্রত নতুনকৈ কৰিবলগীয়া কাম একো নাই। সাহিত্য ধ্বনি আৰু প্রতিধ্বনি মাথোন। পূর্বপুৰুষ সকলৰ ভাবৰ ধ্বনি যাৰ হৃদয়ত পুৰাকৈ প্রতিধ্বনিত হয় সিয়েই সফলতা লাভ কৰে... ডঃ বাণীকান্ত কাকতি, বাঁহী, ১৩শ বছৰ, অষ্টম সংখ্যা, আঘোণ, ১৮৪৭ শক।

Wednesday, May 10, 2017

কাণখোৱাৰ হাতপুথি ১১ : পাঠক জনতাৰ এক্তিয়াৰ আৰু কবিৰ নিৰ্মাণ

পাঠকৰ প্ৰত্যাশা অনুযায়ী কবিতা লিখি গৈ থাকি এক ধৰণৰ পাৰস্পৰিক কমফোৰ্ট জোনৰ ভিতৰলৈ কবিকুল সোমাই গৈ থকাৰ কথা আমি আগৰ আলোচনাত কৰিছিলোঁ। কবি আৰু পাঠকৰ, শিল্পী আৰু দ্ৰষ্টাৰ পাৰস্পৰিক সম্পৰ্কই দুয়ো পক্ষকে নিৰ্মাণ কৰি গৈ থাকে। মানে, এজন কবিৰ দ্বাৰা লিখিত কবিতা পঢ়ি পঢ়িয়েই এক শ্ৰেণীৰ পাঠকৰ জন্ম হয়। জন্ম হয় এক নিৰ্দিষ্ট ৰুচিবোধৰ, সংবেদনাৰ আৰু চেতনাৰ। তেনেকৈয়ে সেই পাঠকচামৰ ৰুচি, হেঁপাহ আৰু আকংক্ষায়ো কবি এজনৰ উত্তৰোত্তৰ গতি পথ নিৰ্ধাৰণ কৰি যায়। এইটো এটা স্বাভাৱিক প্ৰক্ৰিয়া। এই পাৰস্পৰিকতাৰ উৰ্ধত কোনো অৱস্থান কৰিব নোৱাৰে। কথাখিনি কেৱল আক্ষৰিত অৰ্থতে নলৈ ধাৰণাগত ভাবেও চাব লাগিব। অৰ্থাৎ যদি কোনোবা এজন কবিৰ যদি এখনো কবিতাৰ কিতাপ ওলোৱা নাই, কোনো কাকত আলোচনীত আজিলৈকে প্ৰকাশো হোৱা নাই তেওঁৰ ক্ষেত্ৰত উপৰি-উক্ত কথাষাৰ প্ৰযোজ্য হ’ব নে নাই? উত্তৰটো হ’ল – হ’ব। কাহানিও ক’তো প্ৰকাশ নোহোৱা, কোনেও ক’তো পঢ়িবলৈ নোপোৱা কবিতা একোটাৰো পাঠক একোজন থাকেই থাকে। আনকি যি কবিতা এতিয়ালৈকে লিখায়ে হৈ উঠা নাই সেই কবিতাৰো পাঠক আছে। এজন ধাৰণাগত পাঠকৰ (conceptual reader বা conceptual spectator) অস্তিত্ব সদায়ে সৰ্বত্ৰ বিদ্যমান। ইয়াৰ লগতে সাঙুৰি ক’ব পাৰি কবিতাটো লিখি থকা কবিজনেই সেই কবিতাটোৰ পাঠকো হয়। কবি নিজেই প্ৰথম পাঠক। কবিতা এটা লিখি থকাৰ মুহূৰ্ততেই লেখক আৰু পাঠক – দুটা সত্বাৰ বিকাশ ঘটি গৈ থাকে। এই দুই সত্বায়ো তাকেই কৰে- ইটোৱে সিটোৰ সন্মুখত আবদাৰ ৰাখে। ইটো সিটোৰ পৰিপূৰক হয়। অভিযোগ অভিমানো হয়। প্ৰত্যাশাৰ প্ৰস্তাৱ ৰাখে।   

এইখিনিলৈকে কথাখিনি ঠিকেই আছিল। কিন্তু ব্যৱহাৰিক ক্ষেত্ৰত পাঠকৰ প্ৰতি কবিৰ ‘দায়বদ্ধতা’ৰ বোধ আৰু কবিৰ প্ৰতি থকা পাঠকৰ প্ৰত্যাশাৰ আলমত কিছুমান অপ্ৰীতিকৰ কথা আমাৰ চকুত পৰে – সেইখিনিহে আজিৰ আলোচনাৰ বিষয়। কবি আৰু পাঠকৰ অথবা শিল্পীৰ আৰু দ্ৰষ্টাৰ সম্পৰ্কটোত অলপমান বিমূৰ্ততা আছে, আকস্মিকতা আছে। উৎকণ্ঠা আৰু উদ্বিগ্নতাৰে ভৰা। যাদৃচ্ছিক। এই আদান প্ৰদান বা লেন দেন ব্যৱসায়িক ক্ষেত্ৰৰ স্ৰষ্টা আৰু উপভোক্তাৰ দৰে নহয়। সৃষ্টিশীল জগতখনতো অৱশ্যে এটা পৰ্যায় আছে য’ত ব্যৱসায়িক আদান প্ৰদানৰ সম্পৰ্কটো ৰক্ষিত হয়। কৰপোৰেট জগতত ব্যৱহৃত এটা নাম আছে “চাৰ্ভিছ প্ৰভাইডাৰ” বা সেৱা দাতা। বহু শিল্পী আৰু লেখকে নিজকে স্ব-ইচ্ছাৰেই চাৰ্ভিছ প্ৰভাইডাৰ বুলিয়ে পৰিচয় দিয়ে। আমিও ব্যক্তিগত ভাবে একোজন চাৰ্ভিছ প্ৰভাইডাৰ শিল্পী হিচাপেই কাম কৰি পেট প্ৰৱৰ্তাই আছোঁ। এই ক্ষেত্ৰত বজাৰে, মক্কেলে (Client) অথবা উপভোক্তাই বিচৰা মতেই চাৰ্ভিছ দিবলৈ আমি বাধ্য। কিন্তু তাৰ ব্যতিৰেকেও আন এখন জগত আছে য’ত এই প্ৰত্যক্ষ লেন দেনৰ মূল্য নাই। বিশেষকৈ কবিতাৰ ক্ষেত্ৰত এই কথা ক’বই পাৰি। আৰু অলপ আত্মপক্ষ সমৰ্থন কৰিবলৈ হ’লে অৰ্থোপাৰ্জনৰ বাবে বাণিজ্যিক লাভালাভৰ কথা সন্মুখত ৰাখি যিহেতু অসমীয়া কবিয়ে এই মুহূৰ্তত কবিতা লিখি থকা নাই গতিকে এই প্ৰত্যক্ষ লেনদেনৰ পৰা অসমীয়া কবি-কবিতা-পাঠক মুক্ত বুলিয়ে ধৰি ল’ব পাৰি।

কাব্যপ্ৰেমীৰ কবিৰ প্ৰতি আছে অগাধ সন্মান আৰু মৰম। কোনোকালে কবিতা নপঢ়া লোকৰো কবিৰ প্ৰতি অপৰিসীম দৰদ। এই ঘটনাটোৱেই এসময়ত মৰমৰ চুমাই নাকটি চুঙাৰ লেখীয়া হয়গৈ। এই সন্মান আৰু মৰমৰ লেচু লৈয়ে পাঠকৰ দাবীও বাঢ়ি গৈ থাকে। কিছুমান এক্তিয়াৰে সাৰ্বজনীন ৰূপ লয়গৈ অথবা যিখিনিক মান্যতাপ্ৰাপ্ত এক্তিয়াৰ বুলি ক’ব পাৰি। তেনে কেইটামান হ’ল –
(১) কবিৰ সামাজিক দায়বদ্ধতা থাকিব লাগে।
(২) কবিৰ কবিতাত মাটিৰ গোন্ধ থাকিব লাগে।
(৩) কবি বিনয়ী, বিনম্ৰ আৰু অহংকাৰ শূণ্য হ’ব লাগে।
(৪) কবিয়ে কবিতা লিখিও থাকিব লাগিব, প্ৰকাশো কৰি থাকিব লাগিব, কবি সন্মিলনীলৈ গৈ গামোচাও পিন্ধি ফুৰিব লাগিব, কিন্তু একে সময়তে তেওঁ অৱশ্যেই “প্ৰচাৰ বিমুখ” হ’ব লাগিব।

তালিকাখন আৰু দীঘল কৰি গৈ থাকিব পাৰি। ইয়ৰ পিছত আহে কবি-ব্যক্তিবিশেষৰ প্ৰতি পাঠকৰ অন্য অনুযোগ অথবা অনুনয় বিনয়খিনি। এক ধৰণৰ কবিতা লিখি প্ৰতিষ্ঠা লাভ কৰাৰ পিছত কেনেবাকৈ পৰীক্ষামূলক ভাবেও যাদি কবিয়ে নতুন ধাৰাৰ কবিতা সৃষ্টি কৰিবলৈ লয়, পাঠকে বিনাবলৈ লয় – “আপোনাৰ কবিতাত আগৰ দৰে সোৱাদ আৰু নাই”। কেতিয়াবা গ’ল গ’ল খালে খালে বুলি হায়ৈ বিয়ৈ লাগি যাবও পাৰে।

এই গোটেই পৰিস্থিতিখিনিত “ক্ষমতাৰ সম্পৰ্ক” জনিত অলপ মনস্তাত্বিক কাহিনীও সোমাই আছে।  এজন কবিৰ অভ্যুত্থানৰ বেলিকাই কিছু পাঠকে সেই কবিৰ মাজত ‘সম্ভাৱনা’ৰ আৱিস্কাৰ কৰে। স্বাভাৱিকতেই সেই পাঠকে সেই কবিৰ গঢ় গতি আশানুৰূপ ভাবে আগুৱালে তাৰ আঁৰত একধৰণৰ তৃপ্তি লাভ কৰিব। এই তৃপ্তি একধৰণৰ অভিভাৱকত্বৰ তৃপ্তি। ‘মই নকৈছিলোনে’ বুলি লাভ কৰিব এক সন্তুষ্টি। কেনেবাকৈ সেয়া হৈ নুঠিলে, কবিয়ে যদি গতিপথ সলায় তেতিয়া তেওঁ অসন্তুষ্ট হ’ব। এতিয়া এই কৈ থকা পাঠক- এক ব্যক্তি পাঠকো হ’ব পাৰে – এক সন্মিলিত পাঠক সমাজো হ’ব পাৰে। কৈ থোৱা ভাল যে সামাজিক স্তৰত (আনকি ব্যক্তিগত স্তৰতো) ব্যক্তি সমষ্টি সততে স্থিতাৱস্থা প্ৰত্যাশী। সমাজখন যেনেকৈ চলি আছে তেনেকৈয়ে চলি থাকিলেই সামগ্ৰিক ভাবে বিস্তৰ জনতা সুখী হয়। যিকোনো ধৰণৰ পৰিৱৰ্তনেই আকস্মিক যেন গণ্য হয়। পৰম্পৰাত আস্থা ৰাখিয়েই সমাজ এখনে গঢ় লয়। ফলত এই স্থিতাৱস্থাৰ মোহখিনিয়ে আহি কবিৰ ব্যক্তিগত কবিজীৱনকো প্ৰভাৱিত কৰেহি।

কিন্তু সেয়া আছিল জানো কবিৰ কাম্য? আছিল জানো সেয়া কবিতাৰ মৰ্ম? কবিতাই দেখোন বিচাৰিছিল সম্পূৰ্ণ বিপৰীত মেৰুত অৱস্থান কৰিবলৈ – স্থিতাৱস্থা বিৰোধী। কথা আছিল সমাজে বান্ধি দিয়া নৈতিকতা, আদৰ্শ আৰু আন সকলোবোৰ ধূতি-নীতিৰ পৰা উন্মুক্ত হৈ কবি অন্তত: কবিতাত এবাৰ নগ্ন হ’ব। কথা আছিল সভ্যতাৰ মুখাৰ আঁৰত শ্বাসৰূদ্ধ হৈ ৰোৱা কবিৰ মুখখন কবিতাত অন্তত: খোল খাব। যুক্তিৰ বান্ধ খোল খাব। আনকি এনে এটা পৰ্যায়লৈকো কবিতা গুছি যাব য’ত অৰ্থ বা মানেৰ বন্ধনৰ পৰাও শব্দই মুক্তি পাব।

কিন্তু কাৰ্যত: সেয়া হৈ উঠা দেখা নগ’ল। কবি পাঠকৰ দাসত্বৰ পৰাই মুক্ত হ’ব নোৱাৰিলে। সেয়েহে আমি ক’বলৈ বাধ্য হওঁ – পাঠকৰ প্ৰত্যাশা পূৰণ কৰি চলিবলৈ কবি পাঠকৰ গোলাম নহয়। 


সমুদ্র কাজল শইকীয়া



No comments: