ডঃ বাণিকান্ত কাকতি

...সাহিত্যৰ ক্ষেত্রত নতুনকৈ কৰিবলগীয়া কাম একো নাই। সাহিত্য ধ্বনি আৰু প্রতিধ্বনি মাথোন। পূর্বপুৰুষ সকলৰ ভাবৰ ধ্বনি যাৰ হৃদয়ত পুৰাকৈ প্রতিধ্বনিত হয় সিয়েই সফলতা লাভ কৰে... ডঃ বাণীকান্ত কাকতি, বাঁহী, ১৩শ বছৰ, অষ্টম সংখ্যা, আঘোণ, ১৮৪৭ শক।

Blog Archive

Sunday, May 28, 2017

কথাৰ আঁৰৰ বেথা

আখৰুৱা : literati গোটৰ কবিতাৰ পৰ্যালোচনা:
পুনৰীক্ষণ - ৪৮ ১৬ - ২৩ মে', ২০১৭
পৰ্যালোচক- সমুদ্ৰ কাজল শইকীয়া

শিল্পৰ ৰসাস্বাদন বা অনুধাৱনত মনোনিবেশ কৰি গৈ থকাৰ পথত এটা সময়ত সাহিত্যৰ সকলো শ্ৰেণীবিভাজন গুৰুত্বহীন হৈ যায়। দুশাৰী বা তিনি শাৰীৰ হাইকুৰ লেখীয়া পদ্য এটাও মহাকাব্যৰ সমকক্ষ্য হৈ উঠিব পাৰে। আনকি গল্প আৰু কবিতাৰ ব্যৱধানটোও আৰু জৰুৰী হৈ নাথাকে। কাকত আলোচনী আদিত কোনোবা এটা শিতানক যদি "কথাশিল্প" বোলা হৈ থাকে, সেইটো দেখিয়েই আমি বুজি পাওঁ যে সেই শিতানটো গল্পৰ বাবে। কথাষাৰত আপত্তিজনক একো নাই। কিন্তু এই সুযোগতে আমি প্ৰশ্ন এটা কৰিবই পাৰো : গল্প কিয় কথাশিল্প, কবিতা কিয় নহয়? প্ৰকৃতপক্ষে হয়। কবিতাও কথা-শিল্পই। কবিতায়েও কথাকেই কয়। কবিতাক কেৱল ছন্দৰ খেল, আবেগ আশ্ৰিত সুশ্ৰাব্য শব্দ সমষ্টি মাত্ৰ বুলি ধাৰণা এটাৰ পোষকতা কৰাৰ কোনো কাৰণ নাই। আৰু অলপ সূক্ষ্ম বিচাৰত কিন্তু এই কথাটোৱেইহে প্ৰতীয়মান হয় যে মানুহৰ মুখৰ ভাষাই যেনেকৈ কবিতাৰ শৰীৰ নিৰ্মাণ কৰে, তেনেকৈয়ে কবিতায়েই আকৌ মানুহৰ মুখৰ ভাষাৰ ধৰণ কৰণ নিৰ্ধাৰণ কৰি আহিছে। এটা উদাহৰণ স্বৰূপে, ৰামায়ণৰ প্ৰসংগ অনুষংগৰেই অজস্ৰ যোজনা, ফকৰা আৰু সমাস বা বাক্যাংশৰে আমাৰ মুখৰ ভাষা সমৃদ্ধ। ৰামায়ণখন গল্প বা উপন্যাস নহয়। কবিতা। কাব্য। কথাষাৰ আধুনিক কালৰ সাহিত্যৰ ক্ষেত্ৰতো সমানেই প্ৰযোজ্য। কথকতা বুলি শব্দ এটা ইতিমধ্যেই অসমীয়ালৈ আমদানীকৃত হৈছে। আধুনিক মননৰ কথকতাকো কবিতায়েই সময়ে সময়ে গঢ় দি আহিছে। এই কথকতাৰ দিশেৰে কেইটিমান সুন্দৰ কবিতা এই সময়ৰ 'আখৰুৱা'ৰ মজিয়াত চকুত পৰিছে। 

*
দিবাকৰ ৰেণুৰ কবিতা - কল'হক কল'হে বৈহ্ৰান পইল্লাক

এক অনন্য সুন্দৰ কথাৰীতি সন্মুখলৈ আনিছে দিবাকৰ ৰেণুৱে। কলহে কলহে বৰষুণ পৰাৰ বৰ্ণনা এটা কৰা হৈছে যথা সম্ভৱ নিভাঁজ, অনাড়ম্বৰ কথন ভংগীমাৰে। নতুনত্ব বা অভিনৱত্বই শেষ কথা নহয়। নৈপুণ্যৰো এটা সুকীয়া মৰ্যাদা থাকে। বৈ উলুওৱা কাপোৰ এখন Seamless বা নিখুঁত হৈ উঠাটোও এটা জৰুৰী কথা। দিবাকৰ ৰেণুৰ কথন ভংগী নিপুণ, সৰল আৰু মনোগ্ৰাহী।  

সঘন বৰষুণৰ দেশ অসমত বৰষুণক কেন্দ্ৰ কৰি লেখা কবিতাৰ সংখ্যাও অজস্ৰ হোৱাটো স্বাভাৱিক। কিন্তু এইখিনিতে আমাৰ চকুত পৰা অলপমান কথা ক'ব লাগিব। প্ৰতি বছৰে, বছৰৰ যিকোনো ঋতুতে ইমান হাৰত বৰষুণ হোৱা স্বত্বেও, প্ৰতিবছৰে বানৰ প্ৰকোপত ধন জন হানি হোৱাৰ স্বত্বেও, মেঘে নিত্য নতুন ৰূপেৰে আকাশ ভৰাই ৰখাৰ পিছতো অসমীয়া কবিতাত বৰষুণৰ উপস্থিতি সঘন হৈয়ো যেন নিষ্প্ৰাণ। এয়া আমাৰ ব্যক্তিগত অনুভৱো হ'ব পাৰে। বহুকাল অসমীয়া লেখা মেলা পঢ়াৰ পৰা দূৰত থকাৰ বাবেও আমাৰ এই অনুভৱ হ'ব পাৰে। কিন্তু সকলো কৈফিয়ৎ বা স্পষ্টীকৰণৰ পৰা উধাই গৈয়ো এই কথা সঁচা যে "মেঘেৰ পৰে মেঘ জমেছে"ৰ দৰে প্ৰায় এহাজাৰ ৰবীন্দ্ৰ সংগীতত সততে উপলব্ধ বৰষুণৰ যি চিত্ৰকল্প - সেয়া অসমীয়া কবিতাত একেবাৰেই নাই।

"প্রচণ্ড গর্জনে আসিল একি দুর্দিন-- দারুণ ঘনঘটা, অবিরল অশনিতর্জন ॥
ঘন ঘন দামিনী-ভুজঙ্গ-ক্ষত যামিনী, অম্বর করিছে অন্ধনয়নে অশ্রু-বরিষন ॥"
অথবা
"বর্ষণগীত হল মুখরিত মেঘমন্দ্রিত ছন্দে,
কদম্ববন গভীর মগন আনন্দঘন গন্ধে "

--- ইত্যাদি ৰচনাৰ মাধ্যমেৰে (লগতে মন কৰিব, সংখ্যাগত ভাবে সেয়া হেজাৰৰ ঘৰত) ৰবীন্দ্ৰনাথে যেনেকৈ বৰষুণৰ বিৰাট নাটকীয় মুহূৰ্তবোৰ ধৰি থৈ গৈছে তাৰ সমতুল্য উদাহৰণ অসমীয়াত নাই। সেই বিৰাট নাটকীয়তাৰ লগে লগে "নিশীথৰাতেৰ বাদলধাৰা"ৰ দৰে নিভৃত অনুভৱবোৰৰ কথা নকলোৱেই বা।

অসমীয়া কবিতালৈ চকু দিলেই দেখা পাওঁ, বৰষুণে বেছিভাগ সময়তেই ভুমুকি মাৰিছে প্ৰতীকী আৰু পোছাকী ৰূপতহে। সদায়ে বৰষুণ, টোপাল, মেঘ, নদী এই গোটেইবোৰ কিহবাৰ নহয় কিহবাৰ প্ৰতীক মাত্ৰ। বৰষুণত তিতি ভাল পোৱা নে নাই - সেই ধৰণৰ একোটা পেনপেনীয়া প্ৰশ্নৰ ব্যতিৰেকে প্ৰকৃত বৰষুণৰ উপলব্ধিখিনি ক'তোৱেই নাই। কাৰোবাৰ প্ৰেমিকাই হয়তো বৰষুণত তিতি ভাল পায়, কাৰোবাৰ প্ৰেমিকাই নাপায়। কথা সিমানখিনিয়েই।  সম্ভৱ কোনো অসমীয়া কবিয়েই আজিলৈকে বৰষুণত তিতাই নাই। অৱশ্যে এই কথাখিনিত বেছিলৈ আপত্তি কৰিবলৈ আমাৰ হক নাই। কাৰণ অসমত মাছ-পুঠিৰ জুই-ছাই দামলৈ চাই অসমত দেখোন বৰষুণ নহয়েই বা এই দেশত খাল-বিল-পুখুৰী-নদীও নাই বুলিয়েই পতিয়ন গৈ সন্তুষ্টি লভি থাকোঁ। ই কথা ৰহোক।

এই কথাখিনি উদাহৰণ সহিতে খেনোৱে খণ্ডন কৰিবও পাৰে। কিন্তু এইখিনি কথাৰ পৰা অসমীয়া কবিতাৰ ৰেহ ৰূপ বা গতি বিধি সম্পৰ্কে আমি আগতে বাৰে বাৰে কৈ অহা আৰু কিছুমান কথা প্ৰতীয়মান কৰিব পৰা যায়। তাৰ মাজত এটা হ'ল - ক্লীছে (Cliche)। সৌ তাহানিতে নৱকান্ত নামৰ এক প্ৰেমিকে "বাৰিষাৰ ৰাতি তোমাৰ কবিক মনত পৰেনে অৰুন্ধতী" বুলি লিখাৰ পিছৰে পৰা সমস্ত কবিকূলৰ বাবে বাৰিষা হৈ থাকিল ৰোমাণ্টিকতাৰ একেটাই মুড। নহ'লেবা হীৰুদাৰ বাটকে অণুসৰণ কৰি সৰ্বত্ৰ উঠি থাকিল ধান-গান-বানৰ উজান। প্ৰেমৰ বৰষুণত তিতোতে তিতোতে, অথবা প্ৰেমিকাক তিয়াম নে নিতিয়াম ভাবোতে ভাবোতে, অথবা ছাতি লোৱাটো ভাল নে বেয়া সেইটো কওতে কওতে অসমৰ আকাশে বৰষা বৰষুণৰ জাকবোৰ ক'ৰবাতেই থাকিল। বৰষা নহয়, শৰৎ-হে আছিল পাৰ্ৱতি প্ৰসাদৰ প্ৰিয় সময়। কিন্তু বৰ্ষাৰ অন্তত শৰতৰ ফৰকাল আকাশৰ আগমণৰ বৰ্ণনা কৰিবৰ বেলিকা সেই পাৰ্বতিপ্ৰসাদেইহে বৰষুণ, আকাশ আৰু ডাৱৰৰ বিৰাট নাটকীয়তাক ধৰিব পাৰিছিল। ক্লীছেৰ কবলৰ পৰা মুক্ত হোৱাটোৱেই অসমীয়া কবিৰ বাবে এই মুহূৰ্তত আটাইতকৈ বেছি ডাঙৰ চেলেঞ্জ। নদীৰ কথা ক'বলৈ গৈ নদীক নাৰীৰ লগত তুলনা কৰিবই লাগিব বুলি কোনো কথা নাই। নদী নদীয়েই। নাৰী নাৰীয়েই। নদী নাৰী নহয়। নাৰীও নদী নহয়। এতিয়া এইখিনি কথা এনেকৈ কোৱাৰ বাবে কবিবৃন্দই মোক চুই নিকিলালেই হ'ল।    

দিবাকৰ ৰেণুৰ কবিতাটো পঢ়ি আমি আটাইতকৈ বেছি ভালপোৱাৰ এটা ঘাই কাৰণ এইখিনিয়েই। নতুন কথা একো নোকোৱাকৈও, ৰেণুৰ কবিতাটো ক্লীছেৰ পৰা মুক্ত। 

দিবাকৰ ৰেণুৰ সম্পূৰ্ণ কবিতাটো -
কল'হক কল'হে বৈহ্ৰান পইল্লাক

উখাৰৰ দিন গোটাই
মাটিগেলাত জুই লাগা দিছি
ফাগ্নৌৰ বাতাহে ৰাস্তাৰ মানুহ গিলাক
ধুলাইদি পুইতছি
তেঁ‌তলীৰ গুটি চুহি চুহি হেবাং আন্হাই
বগ্ৰীৰ লৰি খেলছি
জাক-ফুৰা আকজাক গৰুই
মণ্ডলথেৰ চোতলোত চিনোবিনো হৈছি
চামতাৰ চ'কত গৌহেইতা বাছ ৰাখা
আমি আগ গাড়ী মানুহ
পশ্চিমৰ পৰা ক'লা কৰি অকস্মাৎএ
ক'ৰ পৰা কি আইহ্লাক ধইৰবায়ে নইল্লু
কলহ'ক কল'হে বৈহ্ৰান পইল্লাক
গুন্টীৰ দ'কান এখানত খোকোমোকো কৰি
আমি আকমাখা মানহু----জান পানহে জাইপচু
ক'ৰ মানহু ক'ত গেল ধইৰবাকে নইল্লু
গাছৰ পাতগেলা উল্টাকে বইলচি
পথ্ৰোৰ ছাগাল গিলাক ঘৰক লগি দাউচ্চি
হিৰ হিৰ গিৰ গিৰ কৰি
বৈহ্ৰান জাকে ধুলামাখা ধুই নিলাক
এনায়ে বৈহ্ৰান,কায় নু মায়া বুইজবো
আইহ্লাকো গেলাকো

আপাত বস্তুনিষ্ঠ বৰ্ণনাৰ আঁৰত বক্তাৰ ব্যক্তিনিষ্ঠা খুব subtle ভাবে অনুভৱ কৰিব পাৰি - যিটো কবিতাটোৰ আটাইতকৈ শক্তিশালী দিশ। অলপ বহলাই ক'বলৈ গ'লে, গোটেই কবিতাটো আগবাঢ়িছে এটা নাটকীয় বৰ্ণনাৰে। নাটকীয় সংঘাতে পাঠকক শেহলৈকে উৎকণ্ঠিত কৰি ৰাখিব। বক্তাৰ সন্মুখত ঘটি থকা ঘটনাবোৰৰ এটা ডকুমেণ্টেচনহে যেন চলি আছে। কি কি ঘটিব লাগিছে তাৰেই বৰ্ণনা যেন। লেখকে কি লিখিছে? ডায়েৰী? নে লেখকৰ ভূমিকা দূতৰ দৰে, উদ্ধৱৰ দৰে, যি সন্মুখত নাই এই বৰ্ণনা সেই কৃষ্ণৰ প্ৰতি? তেনেই সাধাৰণ ভাত খোৱা শাক খোৱা কথাবোৰ আমি যাকে তাকে নকওঁ। তাকেইহে কওঁ যাৰ প্ৰতি আন্তৰিকতা আছে। কেঁচুৱা নিচুকাওতে মাকে কয়, গছবোৰ শুলে, চৰাইবোৰ শুলে। প্ৰিয়জনৰ সৈতে ফোনত আলাপ হওতে আমি কওঁ এতিয়া ইয়াত বতৰ কেনে, চকুৰ সন্মুখত কি কি ঘটি আছে। গতিকে এই কথকতাৰ মাজত আন্তৰিকতাৰ প্ৰসংগ এটা আপোনা আপুনি সোমায়েই আছে।

সি যি কি নহওক, কেৱল প্ৰকৃতিৰ বৰ্ণনা বা এটা পৰিবেশৰ চিত্ৰায়ণ বুলি কৈ থ'লে কবিতাটোৰ অৱমাননা কৰা হ'ব। কাৰণ শেহলৈ গৈ বৰষুণ জাকে ধূলিবোৰ ধুৱাই নিয়াৰ সেই বিৰাট নাটকীয়তাৰ অন্তত - বৰষুণজাকৰ এই আছে এই নাই - এই ক্ষণভংগুৰতাৰ কথাৰে যেতিয়া শেষ হয় তেতিয়া আমি বস্তুনিষ্ঠ বৰ্ণনাৰ আঁৰৰ ব্যক্তিজনক বিচাৰি পাওঁ।  

এনায়ে বৈহ্ৰান, কায় নু মায়া বুইজবো
আইহ্লাকো গেলাকো

দেখাতে সাধাৰণ যেন লগা বৰ্ণনা ধৰ্মী কথাৰ কথন ভংগী একোটাৰ আঁৰতো কেনেকৈ আন্তৰিকতাৰ সুৰ এটা নিহিত থাকে এয়া তাৰেই স্বাক্ষৰ। এয়াই কথাৰ আঁৰৰ বেথা।

[কবিতাটো কামৰূপীয়া কথিত ভাষাত ৰচিত। এয়াও এটা গুৰুত্বপূৰ্ণ দিশ। ভাষাৰ প্ৰয়োগৰ দিশৰ পৰা খুঁতি নাতি কিবা থাকিলেও সেয়া আমি চাবলৈ নাজানিম। এই পৰ্যন্ত কথিত ভাষাত লিখাৰ প্ৰসংগটোক বৰ বেছি প্ৰাধান্যও দিব খোজা নাই। কাৰণ সেয়া এটা গুৰুত্ব পূৰ্ণ দিশ যদিও কেৱল সেই কথাটোতেই কবিতা হিচাপে শিল্পকৰ্মটোৰ গুৰুত্ব যাতে হ্ৰাস হৈ নাযায়।]

*
ৰৌচন আৰা বেগমৰ কবিতা

ৰৌচন আৰা বেগমৰ কবিতাৰ কথন ভংগী সম্পৰ্কে প্ৰথম অনুভৱটোৱেই হ'ল - আটোম টোকাৰী নিটোল কথন। এই কাব্যভাষা এদিনৰ সৃষ্টি নহয়। ইয়াৰ এটা ইতিহাস আছে। এই ইতিহাস কবিৰ ব্যক্তিজীৱনৰ ইতিহাসেই নহয়, অসমীয়া আধুনিক কবিতাৰ কাব্যভাষা নিৰ্মাণৰো ইতিহাস। "ৰূপান্তৰৰ বৰ্ণমালা"ৰ স্তৱক দুটা পঢ়াৰ আগেয়েই পাঠকৰ মনত যেন সুৰ এটাই দোলা দি যায়। [কোনে জানো এইষাৰ কথাই কৈছিল হীৰেণ ভট্টাচাৰ্যৰ কবিতা সম্পৰ্কে]। নিৰ্মলপ্ৰভা আৰু হীৰুদাৰ কবিতাৰ লীৰিকেল গুণটো সংৰক্ষিত হৈ আছে এই কবিৰ কবিতাত। তাৰ লগে লগে আছে প্ৰাণৰ আকূতি - যাৰ বাবে "শব্দৰ উম" ৰৌচন আৰাৰ কবিতাৰ বাবে এক উপযুক্ত ব্যাখ্যা সূচক হ'ব যেন লাগে। এই সময়তে "আখৰুৱা"ৰ মজিয়াৰ প্ৰকাশ কৰা "জুই" কবিৰ আন এটা অসাধাৰণ কবিতা। গোটেই কবিতাটোৱেই এটা প্ৰাৰ্থনাৰ দৰে। 

আখৰুৱাৰ মজিয়াত এইজন কবিৰ উপস্থিতি এক আশিৰ্বাদ স্বৰূপ আৰু ন-শিকাৰু কবি সকলে তেখেতৰ কবিতাক এক আৰ্হি পাঠ হিচাপেও গ্ৰহণ কৰিব পাৰে। এই কথাষাৰৰ ভিত্তি হ'ল - ১) ভাষাৰ প্ৰয়োগ, ২) সু-সংহত চিন্তন প্ৰক্ৰিয়া অথবা কেন্দ্ৰীয় ভাবটিক লৈ কবিৰ নিজৰ মনত থকা স্পষ্টতা, ৩) যি বাক-ৰীতি প্ৰয়োগ কৰা হৈছে আৰু যি শাৰীৰিক অবয়বে গঢ় লৈ উঠিছে তাৰ মাজত নিহিত আটিল বিন্যাস।   

"ৰূপান্তৰৰ বৰ্ণমালা"ৰ প্ৰথম স্তৱকৰ প্ৰথম দুটা চৰণ-
“তই মোক ফুলিবলৈ শিকালি
লোতকৰ ধাৰ মচি দুচকুত অঞ্জন সানি দিলি”
প্ৰাথমিক বৰ্ণনাৰে পাঠকক ই সুমুৱাই লৈ যায় কবিতাৰ নিজৰ বিচৰণ ক্ষেত্ৰখনলৈ। কাৰোবাৰ প্ৰতি সম্বোধন, য'ত আছে এটা কৃতজ্ঞতাৰ সুৰ।
“ইমান দিনে শিপাবলৈ
মাটি অকনকে বিচাৰি পোৱা নাছিলোঁ”
এইখিনি কবিতাটোৰ মাজভাগ, য'ত আছে সামান্য অভিযোগৰ সুৰ। এটা সংঘাতৰ ইংগিত।

“তই পাতি দিলি তোৰ বুকু”
এইখিনিতে আকৌ উভতি আহে প্ৰথমচোৱাৰ সেই কৃতজ্ঞতাৰ সুৰ, আৰু বেছি তীক্ষ্ণতৰ হৈ। আৰু বেছি গভীৰ এটা উপলব্ধি হৈ। মাত্ৰ পাঁচটা চৰণৰ এই কবিতাটোক যদি উপৰিউক্ত ধৰণেৰে তিনিটা ভাগত ভাগ কৰি চোৱা যায় এটা তিনি বিন্দুৰ সমষ্টি পোৱা যাব, যাৰ দ্বাৰা গঠিত হৈছে এটা পিৰামিড। যিকোনো শ্ৰেষ্ঠ শিল্পৰে ক্ষেত্ৰতে ৰূপগত ভাবে এই পিৰামিডটোৱেই এটা প্ৰাথমিক চৰ্ত হৈ আহিছে সৌ এৰিষ্টটলৰ দিনৰে পৰা।  

ৰৌচন আৰা বেগমৰ সম্পূৰ্ণ কবিতাটো -
ৰূপান্তৰৰ বর্ণমালা

তই মোক ফুলিবলৈ শিকালি
লোতকৰ ধাৰ মচি দুচকুত অঞ্জন সানি দিলি
ইমান দিনে শিপাবলৈ
মাটি অকনকে বিচাৰি পোৱা নাছিলো
তই পাতি দিলি তোৰ বুকু

মোক পাহ পাহকৈ চিঙি নেপেলাবি বতাহ
সময়ৰ ডালত মোক ফুলিবলৈ দিবি
তোৰ খাজে খাজে ভৰাই লৈ যাবি মোৰ সুগন্ধি
এই সকলোবোৰ মাথো তোৰ বাবেই

*
নৱাকাশৰ কবিতা

কথকতা বা কথাশিল্প বা কথনভংগীৰে আজিৰ কথাখিনি আৰম্ভ কৰিছিলোঁ। এই ক্ষেত্ৰত নৱাকাশৰ কবিতাই এটা অন্য মাত্ৰাৰ সোৱাদ দিয়ে। "এই ধৰা না এবাৰ হাতত" কবিতাটোৰ "এই" শব্দটোৰ ব্যৱহাৰেই অসাধাৰণ। এই শব্দটোৰ ব্যৱহাৰ এনে ভাবে কৰা হৈছে যেন ইয়াৰ আগতে আৰু পাছতো বহুতো মুহূৰ্ত আছে, আছিল, থাকিব : বহুতো কথা। হঠাত কিবা এটা মনলৈ আহি আমি সন্মুখত থকাজনৰ মনযোগ বিশেষভাবে আকৰ্ষণ কৰিবলৈ হঠাৎ সম্বোধন কৰি উঠোঁ - "এই শুনানা"। নৱাকাশৰ "এই"টো এইটো "এই"। কবিতাটো ইণ্টেৰিয়ৰ মনোলগৰ দৰে। কথাই কথাই এটা দ্বন্দ প্ৰতিভাত হৈ নাটকীয়তাৰ ইংগিত দিছে। এই দ্বান্দিক বিন্যাসেই কবিতাটোৰ সৌন্দৰ্য।

“এই ধৰানা এবাৰ হাতত
না নধৰিলা
লাজ নে অভিনয়
স্পৰ্শকাতৰ মই”

"স্পৰ্শকাতৰ" শব্দটোৰ প্ৰয়োগ মন কৰিবলগীয়া। কাৰণ অসমীয়া ভাষাত "স্পৰ্শৰ প্ৰতি কাতৰ" আৰু "স্পৰ্শকাতৰ" দুয়োটা কথাৰ ব্যঞ্জনা আৰু অৰ্থ সামান্য বেলেগ। "এই ধৰানা এবাৰ হাতত" বোলোতে বুজোঁ "স্পৰ্শৰ প্ৰতি কাতৰ"। কিন্তু স্পৰ্শকাতৰতাই বুজায় লাজুক, সামান্য স্পৰ্শতেই জঁয় পৰি যোৱা বিধৰ - যেনে লাজুকী লতা। এই বিৰোধটোৱে পদে পদে সংঘাতৰ ইংগিত দিছে আপাদমস্তক কবিতাটোত।

“কথাবোৰ শেষ নহ'ল অনৰ্গল অনৰ্থক
তুমি কৈ ভাল পোৱা মই শুনি
শুনি থাকিলো
আচলতে শুনাৰ অভিনয়”
এইখিনিতো আছে সংঘাত। এক প্ৰকাৰে মই শুনি ভাল পাওঁ বোলাৰ পিছতে কোৱা হৈছে "আচলতে শুনাৰ অভিনয়"।
“মই কম বুলি ভাবিছিলোঁ নোৱাৰিলো
কথাবোৰ কৈ আছা কি কৈছা মই নাজানোঁ”
ঠায়ে ঠায়ে দ্বান্দিক উপস্থাপন এনে সঘন হৈ পৰিছে যে ই খৰস্ৰোতা নদীৰ ঢৌৰ দৰে হৈ পৰিছে। উঠিছে আৰু নামিছে অহৰহ ছন্দ। কবিৰ বাক্যাংশ ব্যৱহাৰ কৰিয়েই ক'ব পাৰি "অনৰ্গল অনৰ্থক"!

“মোৰ আঙুলিৰ মাজত তোমাৰ আঙুলি
এখন পাকৈত মাছুৱৈৰ জামু ৰঙী জাল
মাছুৱৈ ওচৰতে ক'ৰবাত
আমাৰ হাতবোৰত অগনন মাছ”

কথাৰ অনৰ্থকতাৰ পৰা বক্তা নামি আহিছে দুজন ব্যক্তিৰ শাৰীৰিক উপস্থিতিলৈ। দুখন হাতৰ আঙুলিবোৰৰ পাৰস্পৰিক বিন্যাসখিনি এখন মাছুৱৈৰ জাললৈ ৰূপান্তৰিত হোৱাটোৰ মাজত আছে চূড়ান্ত দৃশ্যগত কল্পনাৰ উপাদান। এনিমেচনৰ ভাষাত ইয়াক কোৱা হ'ল হেতেন মৰ্ফিং (Morphing)। হাতৰ আঙুলিৰ পাৰস্পৰিক অভিলেপনে এখন জালৰ নিৰ্মাণ কৰি পেলোৱাৰ পিছমুহূৰ্ততেই বাস্তৱতাই অধিবাস্তৱিক ৰূপ পৰিগ্ৰহ কৰাটো তেনেই সহজ আৰু স্বাভাৱিক হৈ পৰিল :
"আমাৰ হাতবোৰত অগনন মাছ"।
আৰম্ভণীতেই নায়কৰ আহ্বান আছিল হাতখন ধৰিবৰ, তাৰ পাছতেই কোৱা হৈছিল কথাবোৰ "অনৰ্থক" আৰু শুনি ভাল পায়ো শুনি থকাটো আচলতে "অভিনয়", সেই যুক্তিৰেও নায়কৰ অভীপ্সা পূৰণ কৰি এইবাৰ হৈ উঠিল মাছবোৰ সৰৱ: 
"ক্ৰমশঃ আমাৰ দুয়োৰে শৰীৰত
বিয়পি পৰিল মাছবোৰৰ খলখলনি" 

প্ৰটাগনিষ্টৰ প্ৰাথমিক আবদাৰ পূৰণ হোৱাৰ পিছতে, প্ৰাথমিক পৰ্যায়ৰ ঘটনাৰ অগ্ৰগতি সম্পূৰ্ণ হোৱাতে নিশ্চয় আহিব লাগিব কেন্দ্ৰীয় সংঘাত - ক্লাইমেক্স। এইখিনিতে আমি পালোঁ বৰ্ণনা -
“মোৰ মুৰত তুমি হাত বুলাই আছা
তোমাৰ হাতত জোনাক
তুমি ক'লা এইয়া অৰণ্য
মই ক'লো জোনাক”

অন্যত্ৰ হ'লে এই বাক্যাংশ, উপমা, ৰূপক অথবা চিত্ৰকল্পকে আমি ক্লীছে বুলি ক'লোঁহেতেন- [মূৰত হাত বোলোৱাৰ লগত জোনাক আৰু অৰণ্যৰ সহজ অনুষংগৰ কথাখিনি, "লাহি আঙুলিৰ বহুতো জোন"ৰ ৰিণিকি ৰিণিকি অণুৰণনখিনি] - যিটো কথাত আমি সময়ে সময়ে সৰৱ হৈ আহিছোঁ। কিন্তু নৱাকাশৰ এইটো কবিতাৰ ক্ষেত্ৰত সেয়া নকওঁ। তাৰ কাৰণ হ'ল ইয়াৰ পিছমুহূৰ্ততে ঘটা নাটকীয় এলিয়েনেচন (Alienation)। এই এলিয়েনেচন তেতিয়াই ঘটিল - যেতিয়াই গোটেই দৃশ্যপটলৈ সোমাই আহিল পৰিচালক- 
“মুঠতে এক সাংঘাটিক sensitive scene create কৰাৰ কথা আছিল
না ন'হল
director এ ক'লে cut”
এই তৃতীয় পক্ষৰ উপস্থিতি কবিয়ে কৌশলেৰে আগতেও এবাৰ দি থৈছিল "এখন পাকৈত মাছুৱৈৰ জামু ৰঙী জাল / মাছুৱৈ ওচৰতে ক'ৰবাত " ।

সি যি কি নহওক, এক সাংঘাটিক sensitive scene create কৰাৰ কথা আছিল – সেইটো নহ’ল যদিও হাতৰ জালত ৰৈ যোৱা মাছবোৰতে আছে চৰিত্ৰটোৰ প্ৰাপ্তি আৰু সঞ্চয়। এই সঞ্চয়েৰেই প্ৰটাগনিষ্ট গৰাকী চহকী।
“বেছেৰা director এ পিছে নাজানে
আমাৰ হাতৰ জালত অনেক মাছ”

আধুনিকতাৰ শীৰ্ষপৰ্বত প্ৰথমে দেৱকান্ত বৰুৱা আৰু তাৰ পাছত নৱকান্ত বৰুৱাৰ হাত ধৰি আগ বঢ়া নাট্যধৰ্মী বাচাল, বাগীশ কথোপকথনৰ ধাৰাটো প্ৰথমে হীৰেন ভট্টাচাৰ্যৰ গীতিময়তাৰ মাজেৰে আৰু তাৰ পাছত নীলমণি ফুকনৰ ধ্যানমগ্নতা বা Silence-ৰ মাজেৰে আহি সাম্প্ৰতিক অসমীয়া কবিতাত মোলান পৰিবলৈ লৈছিল। সেই দিশেৰেও নৱাকাশে যি কাব্যভাষাৰ প্ৰতি অনুৰাগ দেখুৱাইছে, সেয়া সম্ভাৱনাময় হৈ আমাৰ চকুত ধৰা দিছেহি।  

নৱাকাশৰ সম্পূৰ্ণ কবিতাটো -
এই ধৰানা এবাৰ হাতত

এই ধৰানা এবাৰ হাতত
না নধৰিলা
লাজ নে অভিনয়
স্পৰ্শকাতৰ মই
কথাবোৰ শেষ নহ'ল অনৰ্গল অনৰ্থক
তুমি কৈ ভাল পোৱা মই শুনি
শুনি থাকিলো
আচলতে শুনাৰ অভিনয়
Ac restaurantৰ শীতল হাৱা
তুমি কথাবোৰ হাঁহি হাঁহি কোৱা
মই শুনা নাই একো
কেৱল কঁপা কঁপা ওঁঠ তোমাৰ
এই ৰঙা লিপষ্টিক লগাবা না
তোমাৰ ওঁঠ এনেও ৰঙা কামচৰাইৰ ৰঙাঠোঁট
ৰঙা ভাল লাগে
মই কম বুলি ভাবিছিলোঁ নোৱাৰিলো
কথাবোৰ কৈ আছা কি কৈছা মই নাজানোঁ
বিস্ফোৰিত হাঁহিৰ টুকুৰাবোৰ মোৰ গালে মুখে
সৰ্ব শৰীৰত আলফুল শিহঁৰণ
এইবাৰ অনুভৱ কৰিলো
মোৰ আঙুলিৰ মাজত তোমাৰ আঙুলি
এখন পাকৈত মাছুৱৈৰ জামু ৰঙী জাল
মাছুৱৈ ওচৰতে ক'ৰবাত
আমাৰ হাতবোৰত অগনন মাছ
ৰঙা নীলা হালধীয়া
ৰঙসনা মাছ
মাছবোৰে হাঁহিৰ টুকুৰাবোৰত হাঁহিছে
ক্ৰমশঃ আমাৰ দুয়োৰে শৰীৰত
বিয়পি পৰিল মাছবোৰৰ খলখলনি
এতিয়া আন্ধাৰ ৰঙা ৰঙা
মোৰ মুৰত তুমি হাত বুলাই আছা
তোমাৰ হাতত জোনাক
তুমি ক'লা এইয়া অৰণ্য
মই ক'লো জোনাক
মুঠতে এক সাংঘাটিক sensitive scene create কৰাৰ কথা আছিল
না ন'হল
director এ ক'লে cut
বেছেৰা director এ পিছে নাজানে
আমাৰ হাতৰ জালত অনেক মাছ
মাছবোৰে জাল ফালি খেলে
জালবোৰত তোমাৰ হাঁহিৰ টুকুৰা
হাঁহিৰ টুকুৰাবোৰ কেৱল মোৰ
আস ! তুমি হাঁহিছা

তিনিজন কবিৰ তিনিটা কবিতাৰ মাজেৰে আমি তিনি ধৰণৰ কথন ভংগী অথবা কথকতাৰ সন্মুখীন হ’লোঁ। ভাষাৰ প্ৰয়োগৰ ফালৰ পৰাও তিনিওটা কবিতা ভিন্ন। দিবাকৰ ৰেণুৱে আগবঢ়াই আনিছে কামৰূপীয়া কথ্যভাষা, ৰৌচন আৰা বেগমে নৈপুণ্যৰে প্ৰয়োগ কৰিছে ইমান দিনে মান্য ৰূপত গঢ় লৈ উঠা কাব্যভাষা আৰু নৱাকাশে আদৰি লৈছে আজিৰ তাৰিখত যুৱ সমাজে দৈনন্দিন পৰ্যায়ত ব্যৱহাৰ কৰি অহা ভাষাৰ সুৰ এটা। সমসাময়িক অসমীয়া কবিতাৰ চৰ্চাই বৈচিত্ৰ্য হেৰুৱাইছে বোলা ধাৰণাটোৰ বিৰুদ্ধে যুঁজিবলৈ আখৰুৱাৰ মজিয়াত প্ৰকাশিত এই কবিতাখিনিয়েই যথেষ্ঠ।


No comments: