ডঃ বাণিকান্ত কাকতি

...সাহিত্যৰ ক্ষেত্রত নতুনকৈ কৰিবলগীয়া কাম একো নাই। সাহিত্য ধ্বনি আৰু প্রতিধ্বনি মাথোন। পূর্বপুৰুষ সকলৰ ভাবৰ ধ্বনি যাৰ হৃদয়ত পুৰাকৈ প্রতিধ্বনিত হয় সিয়েই সফলতা লাভ কৰে... ডঃ বাণীকান্ত কাকতি, বাঁহী, ১৩শ বছৰ, অষ্টম সংখ্যা, আঘোণ, ১৮৪৭ শক।

Sunday, January 24, 2016

ধাৰলৈ অনা অলপ হালধীয়া:The Rabha Pluarility




ৰাভা বুলি কওঁতে আমি কোনজন ৰাভাৰ কথা আচলতে কওঁ?

এডৱাৰ্ড মুংখ, ভিনচেন্ট ভেন গঘ, বিষ্ণু ৰাভা

  • সত্ৰীয়া নৃত্যৰ মূদ্ৰা আৰু তাল-মানৰ সংগ্রাহক আৰু সংকলক ৰাভা?
  • সমাজৰ ধূতি নীতিক উপেক্ষা কৰা উন্মাদপ্ৰায় অবাধ্য ৰাভা?
  • এহাতে বন্দুক আৰু আনহাতে কলম লৈ থকা সেই প্ৰতিমূৰ্তি ৰাভা?
  • যাৰ হাতত হেণ্ডকাফ নাটে বুলি পঘাৰে বান্ধি ৰাস্তাৰে অপমান জনকভাবে টানি নিয়া হৈছিল সেই বিপ্লৱী শিল্পী?
  • নটৰাজৰ নাচ নাচি 'কলাগুৰু'ৰ খ্যাতি অৰ্জন কৰা নৰ্তক ৰাভা?
  • টেম্পেৰা আৰু ৱাছ মাধ্যমৰ সংবেদনাৰে ছবি অঁকা সেই নিপুণ চিত্ৰকৰ ৰাভা?
  • দুৰ্দান্ত প্ৰেমিক ৰাভা?
  • কৃষ্টি শব্দৰ উৎপত্তি যে কৃষ, কৃষি শব্দৰ পৰা - সেই কথা সঁকিয়াই দিয়া গৱেষক ৰাভা?
  • কৃষক আৰু শ্ৰমিকৰ উত্থানৰ বাবে সমাজক জাগ্ৰত কৰি তোলা কমৰেড ৰাভা?


কোনজন? আমি যেতিয়া ৰাভাৰ কথা পাতোঁ, কোনজন ৰাভাৰ কথা পাতোঁ?

কাৰোবাৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি কাম এটা কৰাটো সহজ কথা নহয়- 

যি কোনো মাধ্যমতেই নহওক কিয়। তাতে যদি বিষ্ণু প্ৰসাদ ৰাভাৰ দৰে এজন ব্যক্তি হয়, যি এটা নিৰ্দিষ্ট সংজ্ঞা বা পৰিচয়ৰ মাজত নিজকে আদ্ধ কৰি ৰাখিবলৈ কেতিয়াও বিচৰা নাছিল - তেনেহ'লেতো আৰু জটিল। যেতিয়া জয় বৰুৱাই জৰ্জ ব্ৰুকৰ চেক্সোফ'নৰ আধাৰত কৰা তেওঁৰ নতুন সাঙ্গিতীক সংৰচনাটো কাম কৰি থকা অৱস্থাতে অলপ শুনালে আৰু গীতভাগৰ আঁৰত থকা বিষ্ণু ৰাভা আৰু গাজীৰাম ৰাভাৰ কাহিনীটো শুনালে - মোৰ নিজৰ সন্মুখত প্ৰথম প্ৰশ্নটোৱেই আছিল- সাহস কৰিব পাৰোনে মই? তাৰ পিছতে ভাবিলোঁ, হয়, মই সাহস কৰিব লাগিব। মোৰ ব্যৱহাৰিক সামৰ্থ্য বা অসামৰ্থ্যৰ প্ৰসঙ্গত নহয়, কিন্তু অন্য কিছুমান প্ৰত্যাহবান আৰু দায়িত্ববোধৰ কথাও এইখিনিতে সাঙোৰ খাই আছে।
 

ইতিহাসৰ পাতৰ পৰা এটা চৰিত্ৰ বা একোটা ঘটনাক লৈ আমি যেতিয়া কিবা এটা কৰিবলৈ বিচাৰোঁ কথাবোৰ সামৰি সুতৰি আনি প্ৰসংগবোৰ সংকুচিত কৰি থোৱাৰ দৰে এটা ঘটনা ঘটে। আমি ইতিহাসৰ সাৰাংশ লিখিবলৈ চেষ্টা কৰোঁ, আমি আমাৰ অধিকাৰবোধ বা কর্তৃত্ব জাগ্ৰত কৰোঁ, আৰু এনেকৈ আচলতে এটা বিশেষ পদ্ধতিত আমি কথাবোৰ নিজৰ সুবিধা মতে সম্পাদনা কৰি জাতত তুলি লওঁ। এই প্ৰৱণতাটোএতিয়া কেনেকৈ প্রত্যাহবান জনাব পৰা যায়?

সত্ৰীয়া নৃত্যৰ মূদ্ৰা আৰু তাল-মানৰ সংগ্রাহক আৰু সংকলক ৰাভা

The present Assamese middle class culture-loving society is largely monochromatic.


অন্য কিছুমান আনুষাঙ্গিক কাৰক আছে যাৰ বাবে এনে এটা সাহস কৰিবলৈ মন মেলিছিলোঁ। জয়ৰ সৈতে কথা পাতোতে এইবোৰ কথা প্ৰায়ে উঠিছিল, আৰু তাৰ যৎসামান্য উল্লেখ নকৰালৈকে এই টোকাটো অসম্পূৰ্ণ হৈ ৰ'ব।


অধুনা মুম্বাই নিবাসী জয় বৰুৱা অসমীয়া সংগীতজগতৰ আটাইতকৈ নিমজ গায়কসকলৰ মাজৰ এজন। কেৱল গাব লাগে কাৰণেই গান গাই জনপ্ৰয়তা অৰ্জন কৰিবখোজা সংখ্যাহীন গায়কৰ ভীৰৰ বিপৰীতে জয় বৰুৱাৰ মাজত দেখা পাওঁ প্ৰকৃত শিল্পী সুলভ মনোবৃত্তি। মাত্ৰ এটা গীতৰ সংৰচনাৰ বাবেই তেওঁ কে'বামাহো সময় লয়। তেওঁক লগ পোৱাৰ পিছত আৰু এলানি আলোচনা আগবঢ়াৰ পিছত বুজিব পাৰিলোঁ যে, গান এটা হৈ উঠাৰ আগতেও গানটো কৰাৰ পদ্ধতি আৰু মাজত সোমাই থকা এজন শিল্পীৰ অভিজ্ঞতা আৰু যাত্ৰাখিনি তেওঁৰ বাবে বেছি গুৰুত্বপূৰ্ণ কথা। এইখিনিতেই তেওঁৰ প্ৰতি মোৰ ভাল লগাখিনিৰ আৰম্ভণী।   

অসমৰ সৰহভাগ সঙ্গীতপ্ৰেমী ৰাইজে অন্যান্য গায়কসকলৰ তুলনাত জয় বৰুৱাক বৰকৈ আঁকোৱালি লোৱা দেখা নাযায়। এইক্ষেত্ৰত জয়ৰ গায়কীৰ গুণ অথবা দোষ ত্ৰুটিৰ কথা এই মুহূৰ্তত ক'বলৈ নাযাওঁ, কিন্তু অন্য কিছুমান কথাহে উনুকিয়াব খুজিছোঁ। সাম্প্ৰতিক অসমৰ মধ্যবিত্তীয় সংষ্কৃতি প্ৰেমী সমাজখন বহুলাংশে একৰঙী, অথবা বিবৰ্ণ। বিশেষ কিছুমান বিষয়কলৈহে এইখন সমাজ সুখী। আধুনিকতাবাদী ধ্যান ধাৰণাৰ পৰা আজিও মুক্ত হ'ব নোৱাৰা এইখন সমাজে অলপমানো ব্যতিক্ৰমী ভংগীমাৰ কিবা এটা সন্মুখলৈ আহিলে তাক আঁকোৱালি ল'বলৈ শিকা নাই। ফলস্বৰূপে ইমানবোৰ ভাষিক গোট, সাংষ্কৃতিক বৈচিত্ৰ্য আৰু বৰ্ণ বৈচিত্ৰ্যৰে ভৰা নৃগোষ্টীৰ সমাৱেশৰ থলী হোৱাৰ পাছতো আমাৰ সমসাময়িক সমাজখন বৰ্ণহীন। আধুনিকতাবাদী জাতীয়তাবাদত সকলো ৰঙ উৱলি যোৱাৰ লেখীয়া। ফলস্বৰূপে এহাতে কোনো ধ্ৰুপদী কলা বা সঙ্গীতৰ উত্থান অসমত পৰিপূৰ্ণকৈ নঘটিল, আৰু অন্যহাতে, উপ-সংষ্কৃতি (চাব-কালচাৰ) বা জনপ্ৰিয় সংষ্কৃতিৰো কোনো অৱকাশ নাথাকিল। এতিয়া অসমৰ সঙ্গীত জগতত একেটাই স্তৰ। [সকলো গায়ক গায়িকাৰে প্ৰিয় শিল্পী জ্যোতি-বিষ্ণু নহ'লে ভূপেন হাজৰিকা। সকলোৱেই অনুপ্ৰেৰণা মাক দেউতাকৰ পৰা পাইছিল। শংকৰদেৱ সকলোৰেই প্ৰাতঃ নমস্য। সকলো গায়িকাই মঞ্চলৈ উঠাৰ আগতে চাদৰ মেখেলা পিন্ধে। পকা বিলাহী বা মুন্নী বদনাম গোৱাৰ আগতে সকলোৱেই অনুষ্টান এটা বৰগীতেৰে আৰম্ভ কৰে।] একেখিনি সাংষ্কৃতিক কৰ্মীয়েই মাফিয়াৰ দৰে সমাজৰ সংষ্কৃতিৰ সকলোবোৰ স্তৰ বা তৰপ দখল কৰি আছে। 'মূলসুতি'ৰ ভব্য গব্য অনুষ্ঠানত যি গায়ক, বাটৰ কাষৰ চেলুন বা চাহ দোকানতো সেই একেজনেই গায়ক। তাৰ পিছতে আছে বিহু। অসমৰ আটাইতকৈ আপুৰুগীয়া এই উৎসৱটো আজিৰ তাৰিখত অসমৰ সাংস্কৃতিৰ পথাৰৰ এটা ভাইৰাছ। পৰিবেশ পৰিস্থিতি উদ্দেশ্য আয়োজন যিয়েই নহওক কিয়, গীত কিন্তু হ'ব লাগিব বিহুসুৰীয়া।
আৰু জয় বৰুৱাই বিহুসুৰীয়া নাগায়।     
[এনেবোৰ কাৰণতেই মিষ্টাৰ ৰাজকুমাৰক প্ৰশংসা কৰিবলৈ আমি বাধ্য হওঁ। তেওঁহে একমাত্ৰ চূড়ান্ত চিত্ৰ-নির্মাতা সাংস্কৃতিক কৰ্মী যিয়ে অসমৰ এই অসমীয়া পৌৰুষিক মধ্যবিত্তীয় একঘেয়ামীৰ পৰা আমাক নিস্তাৰ দিব পাৰিব যেন লাগে।]  

মুম্বাইৰ কালা ঘোৰা শিল্প উৎসৱৰ বাবে "ডিছ্পোজেবল নাৰী" শীৰ্ষক এটি নাট্যানুষ্ঠানৰ প্ৰস্তুতি কৰি থাকোতে (Disposable Womaen, a Disposable Theatre by Kankhowa for the Kala Ghoda festival, Mumbai, 2015) জয় বৰুৱাৰ 'তেজীমলা' শীৰ্ষক অন্য এটা জনপ্ৰিয় গীতৰ দৃশ্যায়ণ কৰিছিলোঁ। আমাৰ পৌৰাণিক কথা - ইতিহাস - লোককথা ভিত্তিক নাটকখনৰ তিনিটা কেন্দ্ৰীয় নাৰী চৰিত্ৰ আছিল ক্ৰমে চিত্ৰলেখা, জয়মতী আৰু তেজীমলা। তাৰ অংশ হিচাপে জয়েও তেজীমলা গীতটী পৰিবেশন কৰিছিল। তেতিয়াৰে পৰাই জয় বৰুৱাৰ লগত এটা নতুন প্ৰকল্পত কাম কৰাৰ গুণা গঁঠা আৰম্ভ হৈছিল।  

 https://www.youtube.com/watch?v=2L02S53uxPo

The cultural aura in Assam is still (in fact, increasingly) modernist in nature. 

কৈছোৱেই, অসমৰ সাংস্কৃতিক পৰিমণ্ডল এতিয়াও (বৰঞ্চ ক্ৰমবৰ্ধমান ৰূপত) আধুনিকতাবাদী। নিজৰ ভাষা-সংস্কৃতিৰ লগত জড়িত হৈ কাম কৰিবলৈ হ'লে কিছুমান অলিখিত বিধান অনুসৰি আপুনি কিছুমান অৱস্থান গ্ৰণ কৰিবই লাগিব - যেনে অতীতত যি আছিল সকলো ভাল... ইত্যাদি। আপুনি জাতীয়তাবাদী হোৱাটো অৱশ্য বাঞ্চনীয়। জাতীয় প্ৰেম ৰু দেশভক্তি জাহিৰ কৰাটো বাধ্যতামূলক। এই বাধ্যবাধকতা সমূহ ইমানেই শক্তিশালী আৰু বহু তৰপীয়া যে তাৰ আঁৰত নিজৰ অস্তিত্বৰ সন্ধান কৰাৰ নামত (জাতীয়তাবাদৰ লগত নিজা অস্তিত্বৰ সন্ধানৰ বিষয়টো যদি সাঙোৰ খাই থকা বুলি মানি লওঁ) আপুনি আচলতে নিজৰ পৰা বহু যোজন আঁতৰতহে অৱস্থান কৰেগৈ। সন্মুখলৈ আগবাঢ়ি যোৱাৰ সলনি আমি বিষাদবোধ আৰু স্মৃতিচাৰণতে পাকঘূৰণি খাই থাকোঁ। "ক'লৈ গ'ল সেই লাচিত বৰফুকন..." বুলি আমি হুঙ্কাৰ দিওঁ, অথবা "আজি আমাৰ মাজত জয়াও নাই, গদাপানিও নাই..." ধৰণৰ কথাৰে চকুলো বোৱাই ভাববিলাসী আমিবোৰে আত্মতৃপ্তি লাভ কৰোঁ।
ওহোঁ, আমি 'ৰাভা' গীতটোক তেনেকৈ এটা শোকগাঁথা, অতীত-ৰোমন্থনৰ ইনিনি বিননি মাত্ৰ হ'বলৈ দিব নোৱাৰোঁ। 

(Thanks to Barnali Baruah for recently making a note in facebook on these aspects)
see Barnali Baruah's Facebook post here

বিষ্ণু প্ৰসাদ ৰাভা এজন মহৎ লোক- এনেধৰণৰ এটা সাধাৰণীকৰণ যদি পৰিহাৰ কৰি চলোঁ তেনেহ'লে কেনে হয়?!  

Bishnu Rabha, oftten iconified with holding a gun on one hand and pen on the other

এতিয়া সমস্যাটো হ'ল, ৰাভাৰ দৰে এক বিশাল ব্যক্তিত্বক কেনেকৈ ধৰি ৰাখিব পৰা যায়? কাৰণ কালক্ৰমত, বিষ্ণু ৰাভা মাত্ৰ এক ব্যক্তি বিশেষ হৈ থকা নাই। দেধাৰ কিংবদন্তী, বিৱৰণ, কল্পনা, দলিল, ইতিহাস, কল্প-ৰচনাৰ মাজেৰে আহি ৰাভা আজি এটা বিশাল শৰীৰ। সাংস্কৃতিক পৰিচয়ৰ লগত জড়িত থকা আজিৰ বা তাহানিৰ প্ৰায় সকলোবোৰ এৰাব নোৱাৰা প্ৰসঙ্গৰ লগতেই কিবা নহয় কিবা প্ৰকাৰে জড়িত হৈ আছে বিষ্ণু ৰাভা আৰু তেওঁৰ অৱদান- ভাষা, সাহিত্য, শিল্প, ৰাজনীতি- সকলোতে। আৰু তাৰপিছত যেতিয়া অসমীয়া (এই অসমীয়া কথাটোৱে বহুসময়ত 'মধ্যবিত্ত' আৰু মূলসুতি' এই দুটা কথাকো সাঙুৰি থাকে) অভিভাৱক সকলে ল'ৰা ছোৱালীক প্ৰতিবছৰে ৰাভাদিৱসৰ অনুষ্ঠানবোৰলৈ ৰাভাসঙ্গীত গোৱাবলৈ অনা নিয়া কৰে, এনে লাগে যেন নিজৰ সংস্কৃতি প্ৰেম বা অসমীয়াত্ব দেখুৱাবলৈ গৈ যেন কোনোবাপ্ৰকাৰে ৰাভাক সৰলীকৰণহে কৰি পেলোৱা হৈছে।    


  

ভিনচেন্ট ভেন গঘ নামৰ প্ৰতিভাধৰ শিল্পীজনক পগলা বুলি কৈ তথাকথিত স্বাভাৱিক সমাজখনৰ পৰা বহিৰ্ভূত কৰা হৈছিল। একেধৰণৰ ঘটনা ঘটিল বিষ্ণু ৰাভাৰ লগত। বহুক্ষেত্ৰতেই ৰাভাক দূৰলৈ থেলি পঠোৱাৰ নজিৰ আছে। কেতিয়াবা দেশদ্ৰোহী বিদ্ৰোহী বুলি, আকৌ জনজাতীয় মূলৰ বুলি। তাৰ পিছত যেতিয়া ৰাভাক আঁকোৱালি লোৱাৰ প্ৰৱণতা আৰম্ভ হ'ল, তেতিয়া দেখা পালোঁ - দূৰত্ব বজাই ৰখাৰ সিও এক প্ৰণালী। এতিয়া কচৰৎ আৰম্ভ হ'ল কেনেকৈ ৰাভাক এটা মিউজিয়ামৰ বস্তুৰ দৰে কাঁচৰ বাকচত সুমুৱাই থ'ব পৰা যায়।



অসমত শিল্পকলাৰ এক নিৰবিচ্ছিন্ন ইতিহাস নাই।

অৱশ্যে এই কথাষাৰ শিল্প ইতিহাসৰ (আৰ্ট হিষ্টৰী) সাধাৰণ আৰু মান্য ধাৰণাৰ পৰাই কোৱা - য'ত পৃথিৱীৰ বাকী সকল কৰ্তা ধৰ্তা বিধাতা সন্তুষ্ট থাকে। এটা সঙ্গীতৰ প্ৰতি এজন দৃশ্য শিল্পীৰ প্ৰতিক্ৰিয়া কেনে হ'ব বা হোৱা উচিত, কেনে ধৰণৰ দৃশ্যভাষা প্ৰয়োগ কৰিলে তাৰ প্ৰতি উচিত বিচাৰ কৰা হ'ব - এইটো নিশ্চয়কৈ এটা প্ৰাথমিক আৰু গুৰুতৰ সমস্যা হৈ উঠিছিল মোৰ সন্মুখত। তাতে যদি সি বিষ্ণু ৰাভাৰ দৰে এক প্ৰবাদ পুৰুষক কেন্দ্ৰ কৰি হয়, তেনেহ'লেতো ঘটনা আৰু জটিল। তেনেই কাষৰীয়া দেশ পশ্চিম বঙ্গৰ সৈতেও যদি তুলনা কৰিবলৈ হয়, দৃশ্যশিল্পৰ ক্ষেত্ৰখনত আমি আজিলৈকে কোনো ক্ৰমবিকাশ বা বিৱৰ্তনৰ খতিয়ান তৈয়াৰ কৰি উলিয়াব নোৱাৰিলোঁ। আমাৰ ইতিহাসক সিদ্ধ কৰিব পৰা এটাই শব্দ- সি হৈছে যাদৃচ্ছিক। সংহতি ৰহিত। ক্ৰমহীনতা। আৰু এই চৰিত্ৰটোৱেই আমাৰ চাৰিওপাশৰ বহুভাষিক, বহুজাতিক পৰিবেশটোৰ লগত ৰজিতা খায়।      




তেনেকৈয়ে ব্যক্তিত্বৰ মাজৰ উন্মাদনা আৰু বহুবৰ্ণিল চৰিত্ৰই মোক ভাৱনাক দিলে এটা আৰম্ভণী। ৰাভাৰ কৰা কেইখনমান নিপুণ চিত্ৰশিল্পৰ ছবি আমি দেখিবলৈ পাইছোঁ - কিন্তু তেনে ধৰণৰ দৃশ্য সংবেদনা আমি যদি তুলি লওঁ, আমি বিচাৰি থকা তেওঁৰ ব্যক্তিত্বৰ উন্মাদনাখিনিক অথবা পৰস্পৰবিৰোধী ঘটনাবোৰৰ সংঘাতক হয়তো ফুটাই তুলিব নোৱাৰিম। ঠিক তেনেহ'লে, ধুৱলি-কুঁৱলি স্মৃতিৰ ৰেঙনি, সৌৰ্য, ওপৰা উপৰিকৈ ঘটা ঘটনাৰ আভাস, স্পৰ্শক্ষম এটা পৃষ্টপট (textured surface) এইবোৰ বিচাৰি মই উভটি চালোঁ উত্তৰ- মনচ্ছায়াবাদী (post-impressionistic)ছবিৰ জগতখনলৈ। তেনেতে মই আবিষ্কাৰ কৰিলোঁ, সেই সময়ৰ অন্য এক প্ৰতিভূ জ্যোতি প্ৰসাদ আগৰৱালা যদি আছিল এজন নিপুণ আৰু মসৃণ মাষ্টাৰ, ৰাভা আছিল খহটা পৃষ্ঠ এখনৰ সৈতে এক বিপুল বৈচিত্ৰ্যৰ সমাহাৰ।    

সেয়েহে ভেন গঘৰ পৰা অলপ হালধীয়া মই ধাৰলৈ আনিলোঁ।
হয়, মোৰ ফালৰ পৰা এয়া ভিনচেন্টৰ প্ৰতিও এটা শ্ৰদ্ধাঞ্জলি।

সেই উন্মাদনা (মেডিকেল অৰ্থত কোৱা হোৱা নাই), সেই ৰঙৰ প্ৰাচূর্য, আৰু একেই ভাবে স্পষ্টকৈ দেখা পোৱা খেতি-পথাৰ, ভোক- অৱসাদ- কৰ্মৰত মানুহৰ সংগ্ৰামৰ সৈতে নিবিড় সম্বন্ধ - এই গোটেইবোৰেই ৰাভা আৰু ভেন গঘক একেলগে সাঙোৰাৰ পক্ষত কৈফিয়ৎ দিয়ে।


এতিয়ালৈকে আলোচ্য গীতটোৰ নেপথ্যত থকা কাহিনীভাগৰ কথা মই কোৱাই নাই- সে বিশেষ ৰাতি বিষ্ণু ৰাভা আৰু গাজী ৰাভাৰ সৈতে কি ঘটিছিল। সেই ঘটনাটো ইমানেই ৰোমহৰ্ষক আৰু স্পৰ্শকাতৰ যে অৱলীলাক্ৰমেই কাণখোৱাৰ ষ্টুডিঅ'ৰ দুৱাৰত আন এজনে আহি টোকৰ মাৰিলেহি- এডৱাৰ্ড মুংখ। গীতৰ কথাভাগ (ইবচন লাল বৰুৱালৈ চেল্যুট) আৰু জয় বৰুৱাৰ গায়কীৰ টেক্সাৰ - দুয়োটাই নিশ্চয়কৈ অভিব্যক্তিবাদী (expressionistic)। এনেকৈয়ে মনচ্ছায়াবাদ আৰু অভিব্যক্তিবাদৰ সনাপোটোকা আৰম্ভ হ'ল।  

Scream, Munch
যিহেতু এচিকুটমান অধিবাস্তৱবাদো (surrealism) অপৰিহাৰ্য আছিল সেয়েহে উৰন্ত বড়ো মহিলা এগৰাকীও আহি সোমালহি - এটা নিচুকণি গীতৰ দৰে, জৰ্জ ব্ৰুকৰ চেক্সোফ'নৰ লগে লগে।  উৰি অহা বড়ো মহিলাগৰাকীয়ে সূৰ্য এটা প্ৰসৱ কৰিলে, সেই সূৰ্যই দিশে দিশান্তৰে ভ্ৰমণ কৰিলে - হাবিয়ে- পথাৰে... মানুহবোৰে মূৰ তুলি তুলি চালে- ল'ৰাই, বুঢ়াই, ৰোৱনিয়ে, দাৱনিয়ে... কিহৰ জানো উৎসৱ, জাকে জাকে দখনা পিন্ধা গাভৰুৱে নাচোনৰ তাল তুলিলে...

a tale of a Bodo woman giving birth to the Sun
   

ইমানবোৰ বিচিত্ৰ চিত্ৰকল্প আৰু বৰ্ণৰ সমাহাৰে কামটো যে খেলি মেলি কৰি নষ্ট কৰি নেপেলাব সেইটো মই জানিছিলোঁ, কাৰণ সঙ্গীতৰ সংৰচনাৰ মাজতেই তাৰ উচনি সোমাই আছিল। প্ৰথমবাৰৰ বাবে সঙ্গীতৰ খচৰাটো জয়ে যেতিয়া মোক শুনাইছিল আৰু মোৰ প্ৰতিক্ৰিয়া জানিব খুজিছিল, তৎক্ষণাত মই একো ক'ব পৰা নাছিলোঁ। কি মনলৈ আহিছিল তেতিয়া? তীব্ৰ বৈপৰীত্য বিশিষ্ট এক নাটকীয় সঙ্ঘাত পাইছিলোঁ। কন্ঠ আৰু চেক্সোফ'ন, জয় বৰুৱা আৰু জৰ্জ ব্ৰুকচ, দুয়ো দুয়োৰে পৰিপূৰক হয় কিন্তু একেসময়তে বিৰোধো আছে। এটাই আনটোক এৰি যেন বাৰে বাৰে আঁতৰি যাব খুজিছে।

আবদ্ধ আৰু সম্প্ৰসাৰণ - এই দুটা বিপৰীত শব্দ মোৰ মনলৈ আহিছিল। 
বন্দিত্ব আৰু মুক্তি।
বৈপৰীত্য- সন্মতি আৰু অসন্মতিৰ এক নাট্যমুহূৰ্ত, - এই বিচিত্ৰতা কম্পোজিচনটোৰ মাজতেই আছিল।

George Brooks and Joi Barua
 আৰু সকলোৰে শেষত থাকিল - কাণখোৱা মেথড, ডিছপোজেবল থিয়েটাৰৰ মেথড- 'ইম্প্ৰ'ভাইজেচন'।  কাম কৰি থকাৰ মাজতে এবাৰ ডিচাঙলৈ বড়ো মানুহ এঘৰলৈ গৈছিলোঁ। মানুহ এজনে কাম কৰি থকাৰ ছবি অলপ লৈছিলোঁ, সেই মানুহজনো আহি ভিডিঅ'টোত সোমালহি। বিশ্বনাথ চাৰিলিৰ পথাৰ এখনত ভুঁই ৰুই থকা মানুহ দুগৰাকীও আহি ইয়াৰ চৰিত্ৰ হ'লহি। আৰু আহিল 'দ-পৰ্বতীয়াৰ সেই ছোৱালী দুজনী হাতৰ মুদ্ৰা আৱাহনী...'। 
Anything and everything just adds on, when you are working with improvisation.

Doorway from Daparbatiya and my rendering after a poem by Nilmoni Phukan in 1998





 


এতিয়া মই কি চফটৱেৰ ব্যৱহাৰ কৰিলোঁ সেইটো নুসুধিলেই ভাল পাম। এজন ফটোগ্ৰাফাৰৰ ছবি এখন চাই তেওঁ কি কেমেৰা ব্যৱহাৰ কৰিছিল সুধিলে তেওঁ বিৰক্ত হোৱাৰ সম্ভাৱনাই বেছি।

Comrade Gajiram Rabha

In an interview with Kasmin Fernandes, TOI, Joi Barua states:

Samudra Kajal Saikia has created the animated music video accompanying the song. Says Joi about the making of the video, "Samudra teaches drama and theatre and is a fantastic animation artist. I was working on the song and hadn't found a way forward on the visual tract. He had gifted me a small animation video he had made himself of my song 'Tejimola'. I was astounded by its wizardry. I knew if there was anyone, it was he who could take this song forward, with its nuances of art, music and heritage intact. It takes around 25 visual animation guys to do something like this, but he did this all by himself. He worked alone, sometimes 16 hour days, for nearly two months to come up with the first draft. I am lucky to have someone like him, who goes so deep into creating a piece of art that will stand the test of time."
http://timesofindia.indiatimes.com/entertainment/hindi/music/news/Assamese-musician-Joi-Barua-collaborates-with-American-saxophonist-George-Brooks/articleshow/50637048.cms

গীতৰ নেপথ্য কাহিনী-

সাম্যৰ যোগেৰে প্ৰকৃতাৰ্থত সমাজত প্ৰগতি আনিব বুলি বিপ্লৱৰ সূচনা কৰা বিষ্ণু প্ৰসাদ ৰাভা আৰু তেওঁৰ বিপ্লৱী সতীৰ্থ সকলৰ শিবিৰৰ ঠিকনা পুলিচৰ আগত ব্যক্ত নকৰিবলৈ কমৰেড্ গাজিৰাম ৰাভাই যথেষ্ট নিৰ্যাতন ভোগাৰ পিচত বন্দী অৱস্থাত নিজৰ জিভা কাটি পেলাইছিল।
বিষ্ণু প্ৰসাদ ৰাভাৰ মতাদৰ্শ সৰ্বসাধাৰণৰ অথবা দেশৰ প্ৰকৃত প্ৰগতিৰ বাবে কিমান অপৰিহাৰ্য আছিল সেয়া গাজি ৰাভাৰ ত্যাগ আৰু বলিদানৰ দৃষ্টিভঙ্গীৰে নিৰীক্ষণ কৰিলেহে হয়তো বুজিব পৰা যাব।


Joi Ft. George Brooks, "Rabha", Pride, Lyrics: Ibson Lal Baruah
Video: Samudra Kajal Saikia, a Kankhowa Creation


a very special round of thanks goes out to : INK talks & Lakshmi Pratury for bringing together
Joi Barua & George Brooks. Moina Goswami, Ratul Goswami & Kushal Mirza. Mixed & Mastered by Abani Tanti at Geet Audiocraft Mumbai. Art, Animation, VFX and Editing: Samudra Kajal Saikia

Media and Other Associated Links:  















Watch in MTV's site:



 or, mtv.tl/RabhaJB 



1 comment:

Dwijen Mahanta said...

ভাল লাগিল। গীতটো সাংঘাটিক।