ডঃ বাণিকান্ত কাকতি

...সাহিত্যৰ ক্ষেত্রত নতুনকৈ কৰিবলগীয়া কাম একো নাই। সাহিত্য ধ্বনি আৰু প্রতিধ্বনি মাথোন। পূর্বপুৰুষ সকলৰ ভাবৰ ধ্বনি যাৰ হৃদয়ত পুৰাকৈ প্রতিধ্বনিত হয় সিয়েই সফলতা লাভ কৰে... ডঃ বাণীকান্ত কাকতি, বাঁহী, ১৩শ বছৰ, অষ্টম সংখ্যা, আঘোণ, ১৮৪৭ শক।

Blog Archive

Wednesday, December 28, 2016

কাণখোৱাৰ হাতপুথি ৩ : পুণৰীক্ষণৰ পুণৰীক্ষণ, সমালোচনাৰ সমালোচনা


[ক]
সমালোচনা নিজেই এক শিল্প। কবিতা এটাৰ যেনেকৈ এটা শৰীৰ আছে আত্মা আছে, কবিতাৰ সমালোচনা এটাৰো এটা নিজস্ব শৰীৰ আৰু আত্মা আছে। সেয়েহে অলপ সচেতন পাঠক মাত্ৰেই এই কথা বুজি পাব যে কবিতাৰ সমালোচনা মানে কেৱল কবিতা এটাৰ দোষ গুণৰ বিচাৰেই নহয়। এতিয়া এইখিনি কথাৰ আঁত ধৰি আৰু কিছুমান কথা আগবাঢ়িবৰ থল থাকিব। আজিলৈ প্ৰধানকৈ দুটা দিশত কথাখিনি আগুৱাই নিম।

[খ]
যদিহে কবিতাৰ দৰেই কবিতাৰ সমালোচনাকো এক শিল্পৰূপ বুলি গণ্য কৰা হৈছে তেনেহ’লে কবিতাৰ চৰ্চাৰ এটা ইতিহাস থকাৰ দৰেই সমালোচনাৰো এটা ইতিহাস নিশ্চয় থাকিব। আজি আমি কবিতা বুলি পঢ়ি থকা বা লিখি থকাবোৰ যেনেকৈ এদিনতে আলাসতে হোৱা বস্তু নহয়, তেনেকৈয়ে আজি আমি সন্মুখীন হোৱাৰ সমালোচনা সমুহৰ ভাব ভাষা বা ধৰণ কৰণবোৰো এদিনতে আহি পৰা নহয়। সাধাৰণ দৃষ্টিত অশিক্ষিত বিচাৰেৰে মানুহে স্বাভাৱিক বুলি ধৰি লোৱা সৰু সুৰা কথাৰ কালিকা কিছুমানো কিন্তু আচলতে স্বাভাৱিক, সহজাত অথবা স্বত:ফুৰ্ত নহয়। ‘এনেয়ে’ ভাল লগা বেয়া লগাবোৰ, ব্যক্তিগত পছন্দ অপছন্দবোৰ - এইবোৰো আচলতে এফালৰ পৰা একান্ত ব্যক্তিগত নহয়। চাবলৈ গ’লে সকলোখিনিতেই একোটা সাংস্কৃতিক, ভৌগোলিক আৰু ঐতিহাসিক কাৰ্য-কাৰণৰ সূত্ৰ আছে। ঐনিতম এটাৰ সুৰ শুনা মাত্ৰেই আপোনা আপুনি আমাৰ মন টানি ধৰে, কিন্তু ইটালীয়ান বেলাড এটা শুনি হয়তো আমি একোৱেই অনুভৱ নকৰিলোঁ। একোটা সাংস্কৃতিক পৰিমণ্ডলৰ সামগ্ৰিক-চেতনা আৰু অভিজ্ঞতাৰ অৱলম্বনৰ ফলতেই এনে নহয় জানোঁ? ফঁহিয়াই চালে আৰু দিশ ওলাই গৈ থাকিব। ভাষিক ভিন্নতা, লিংগ বৈষম্য আদিবোৰো ক্ৰমাগতভাবে আহি থাকিব। শিল্প অনুধাৱনৰ এনে কিছু কাৰ্য-কাৰণ সম্পৰ্কে আন লেখাত বহলাই লেখাৰ অশা ৰাখি সদ্যহতে এইখিনি কথা সামৰিছোঁ।

সমালোচনাৰ শৰীৰটোও ইতিহাস সিদ্ধ বুলি মানি লোৱাৰ পিছত মন কৰিব লাগিব যে কিছুমান সমালোচনৰ গঢ় গতিয়ে পদ্ধতিগতভাবে ইতিহাসৰ যাত্ৰাপথৰ ক্ৰম স্বীকাৰ কৰে। তেনেকৈয়ে গঢ় লৈ উঠে একো একোটা পদ্ধতি-বিন্যাস (মেথ’ড’ল’জী), একোটা স্কুলিং অথবা মতাদৰ্শই। মানৱ সভ্যতা আৰু বৌদ্ধিক চৰ্চাই আজি ইমান দূৰ আগবাঢ়ি আহিছে যে আজি আৰু এনে কোনো কথা বাকী নাই যি বিষয়ে কথা পতা হোৱা নাই। গতিকে আপুনি একান্ত মৌলিক বুলি ভাবি থকা কথা এষাৰো কোনোবা নহয় কোনোবা প্ৰকাৰে ক’ৰবাত নহয় ক’ৰবাত গৈ মিলিবগৈয়ে। গতিকে যিখিনি সমালোচনামূলক সাহিত্য কোনো পদ্ধতিগত চৰ্চাৰ অংশীদাৰ নহয় বুলি ভবা হৈ থাকে সেইখিনিও কেনিবাইদি বাট পোণাই গৈ কোনোবা ঘৰাণাৰ অঙহী বঙহী হৈ উঠিব পৰাৰ থল থাকে। এনে থলত পদ্ধতিগত সমালোচনাৰ সচেতন চৰ্চা কৰাটোৱেই যুগুত।

পদ্ধতিগত সমালোচনাৰ প্ৰতি বিশেষভাবে দৃষ্টি আকৰ্ষণ কৰা উচিত আৰু অসমীয়া সাহিত্যৰ জগতত ইয়াৰ প্ৰয়োজনীয়তা অধিক। কাৰণ অসমীয়া সাহিত্যত লেখকৰ “মই”-টো বহুত বেছি শক্তিশালী। ‘মই মোৰ নিচিনা’, ‘মই এনেকৈহে ভাবোঁ’, ‘মোৰ মতে’ – এনেধৰণৰ একোটা মনোবৃত্তিৰে অসমীয়া লেখক সকলে লেখা চৰ্চাৰ আৰম্ভণী কৰা সততে দেখা যায়। স্বকীয়তা, নিজস্বতা, একক বৈশিষ্ট্য ভাল কথা কিন্তু সেইখিনিতেই আবদ্ধ হৈ থাকিলে কথা আগবাঢ়িবৰ আৰু সুযোগ নাথাকে। এই গুণটোকে (আচলতে দোষ) আন এটা আলোচনাত আমি ইডিঅ’চিনক্ৰেচী বুলি উল্লেখ কৰিছোঁ। এই দোষটো অসমীয়া সাহিত্যলৈ কেনেকৈ আহিল আৰু কিয় ইমানকৈ প্ৰতিপালিত হ’ল তাৰ এটা বিশ্লেষণ স্থানান্তৰত কৰা হ’ব। সদ্যহতে থাউকতে ইয়াৰ সমস্যা কোনখিনিত তাকে উল্লেখ কৰিম। খুব বেছি আত্মকেন্দ্ৰিক মনোবৃত্তিৰ লেখা একোটাক কেন্দ্ৰ কৰি আগলৈ কথা বাৰ্তা আগবঢ়াই নিয়াৰ সুবিধা নাথাকে। কোনো বাদ-বিবাদ অথবা তৰ্ক-বিতৰ্ককো ই অনুমোদন নজনায়। যেনে যদি মই কথা এষাৰ কওঁ “মই ভাবোঁ” বা “মোৰ মতে” বুলি, তেনেহ’লে সেইটোক খণ্ডন কৰিবলৈ আপোনালোকৰ সন্মুখত বাট নাই। কাৰণ ব্যক্তিমনক প্ৰাধান্য দি “মোৰ মতে” সেইটো হ’বই পাৰে। সেইকাৰণেই “এইটো কেৱল মোৰ ব্যক্তিগত মতহে দেই”- এনেধৰণৰ বৈষ্ণৱী বিনয় প্ৰদৰ্শন সূচক কথা লেখা মেলাৰ প্ৰতি আগ্ৰহী সকলে পৰিহাৰ কৰাই শ্ৰেয়।

আনহাতে পদ্ধতিগত সমালোচনাই পূৰ্বসূৰী লেখকক চিহ্নিত কৰে, লেখাৰ গতি-বিধি নিৰূপন কৰি পূৰ্বাপৰ প্ৰচলিত এটা ধাৰাক আৰু অলপ দূৰ আগবঢ়াই নিয়ে আৰু উত্তৰসুৰী অভ্যাসকাৰীৰ বাবে বাট মোকোলাই দিয়ে। তেনেকৈয়ে গা কৰি উঠে এটা বাক-ধাৰাই। বাদ থাকিলেই বিবাদ থাকিব, প্ৰতিবাদ থাকিব। মত থাকিলেই অমত থাকিব। অসন্তুষ্টিয়েই উত্তৰণৰ বাট মোকোলায়। এনেকৈয়েই লেখা-চৰ্চাই উত্তৰোত্তৰ গতি কৰিব। এজনৰ মত, এটা সিদ্ধান্ত, এটা পদ্ধতি – এইবোৰক হয় প্ৰত্যাহ্বান জনাই, নহয় তাৰো এঢাপ আগুৱাই গৈ আন এজনে অন্য এটা মত, এটা সিদ্ধান্ত, এটা পদ্ধতি আগবঢ়াব। এনেকৈয়ে এটা সময়ৰ পিছত অসমীয়া সমালোচনাৰ ধাৰা বুলি স্কুল এখনে গা কৰি উঠিব।         

[গ]
এতিয়া কবিতাৰ দৰেই কবিতাৰ সমালোচনাৰো এটা নিজস্ব শৰীৰ আৰু আত্মা আছে বুলি কোৱা কথাষাৰৰ পৰা উদ্ভৱ হোৱা দ্বিতীয় দিশটোলৈ আহোঁ। আমাৰ বহু সময়ত এনে হৈছে যে যিটো সৃষ্টিকৰ্ম (ধৰাহওক কবিতা)-ক লৈ সমালোচনা এটা পঢ়িছোঁ, সেই মূল কবিতাটো পঢ়িবলৈ নাপালেও সমালোচনাটো বাৰে বাৰে পঢ়িয়েই আপ্লুত হৈছোঁ। এনেকুৱাও হৈছে যে মূল কবিতাটো হয়তো খুব ভাল লগা কবিতা এটা নহয়, কিন্তু তাৰ সমালোচনা এটাই মুগ্ধ কৰি ৰাখিছে। মই ভাল বেয়া পোৱা কবিতা এটাৰ সমালোচনাই মোক আকৃষ্ট কৰিব পাৰে নে? পাৰে। কাৰণ সমালোচনাটো নিজেই এক স্বয়ংসম্পূৰ্ণ কলা সেই কথা এইখিনিতেই বুজিবলৈ সহজ হয়। কবিতাৰ সমালোচনাটো কেৱল সেই কবিতাৰ কথাতেই আবদ্ধ নাথাকে, বৰঞ্চ ই আগ বঢ়ায় তলৰ বস্তুখিনি-
১) এটা পৰ্যবেক্ষণ পদ্ধতি
২) এটা দৃষ্টিকোণ
৩) এটা অৱস্থান (ৰাজনৈতিক অথবা মতাদৰ্শগত)
৪) এটা দৰ্শণ
৫) এটা নিজস্ব কথাশিল্পৰ দেহ যি নিজতেই সংপৃক্ত

উক্ত আটাইকেইটা কথাই পৰস্পৰ যুক্ত আৰু ইটোৱে সিটোক সমৃদ্ধ কৰে। আটাইকেইটা সম্পৰ্কেই বিশেষ গুৰুত্ব সহকাৰে চিন্তা কৰাটো প্ৰয়োজনীয়। কিন্তু এটা অৱস্থান গ্ৰহণৰ বিষয়টো সকলোৰে কেন্দ্ৰীয়। ডেভিদ কেৰিয়াৰ নামৰ শিল্প ইতিহাসবিদ এজনে এবাৰ কৈছিল – “ছবি এখনৰ পৰা দ্ৰষ্টাৰ দূৰত্ব আৰু কোন স্থানত ৰৈ তাক চোৱা হৈছে সেইটো কলা ঐতিহাসিকৰ বাবে বৰ গুৰুত্বপূৰ্ণ কথা”। এই কথাষাৰৰ কেইবাটাও মানে ওলাব পাৰে। আক্ষৰিক অৰ্থতো কথাষাৰ সঁচা আৰু প্ৰতিকী অৰ্থতো ল’ব পাৰি। পাঠকেই কবিতাৰ লক্ষ্যস্থান, ‘পাঠেই পূৰ্ণতা’। পঠনতেই কবিতাৰ মানে বা অৰ্থৰ উন্মোচন ঘটে। সেয়েহে কোন অৱস্থানৰ পৰা কবিতা এটা পঢ়া হৈছে বা কোন অৱস্থানৰ পৰা দৃষ্টি নিক্ষেপ কৰা হৈছে সেই কথাটোৱেই আটাইতকৈ গুৰুত্ব পূৰ্ণ হৈ উঠে। এই স্থিতি বা অৱস্থানেই পাঠক (সমালোচক)-ক কবিতাটোৰ প্ৰসংগায়িতকৰণত [Contextualization] সহায়ক হৈ উঠে।       

[ঘ]
পুণৰীক্ষণ আৰু সমালোচনা একে বস্তু নহয়।
ফেচবুকৰ আখৰুৱা দলৰ পুণৰীক্ষণ নামৰ উদ্যোগটোৰ অন্তৰ্গত কামখিনি এটা নিজস্ব ধৰণেৰে আগ বাঢ়ি গৈ আছে আৰু গৈ থাকিব। সমসাময়িক নতুন প্ৰজন্মৰ কবিকূল সম্পৰ্কে যেতিয়া কোনো ধৰণৰ লেখা মেলা সততে পোৱা নাযায়, তেনে ক্ষেত্ৰত এই লানি চৰ্চাই এসময়ত গৈ যথেষ্ট আপুৰুগীয়া সমল হৈ উঠিবগৈ বুলি আমি আশা কৰিব পাৰোঁ। কিতু পুণৰীক্ষণৰ ক্ষেত্ৰতো বিধি বিধান, পদ্ধতি-বিধি [Methodology] কেনে হ’ব – এই প্ৰশ্নটো এটা গুৰুতৰ প্ৰশ্ন হৈ থাকিব।

সমালোচনা সাহিত্যৰ পদ্ধতি-বিধি প্ৰয়োগ কৰিয়েই পুণৰীক্ষক সকলো ফলৱৰ্তী হ’ব পাৰে। কেৱল পুণৰীক্ষক সকলেই নহয়, আমি বাৰে বাৰে দোঁহাৰি থকা কথাবোৰৰ ভিতৰত এটা কথা হ’ল এই যে – কেৱল কবিতা চৰ্চাৰ প্ৰতি আগ্ৰহী সকলেও মাজে সময়ে হ’লেও গদ্য ৰচনাৰ অভ্যাস কৰাটো ভাল। সকলো লেখাই ভাল লেখা হ’ব  লাগিব বুলি কথা নাই। কিন্তু নিজৰ বুজা পৰাৰ বাবেও কিছুমান অভ্যাস জৰুৰী।

মোৰ বুজাত অলপ হীন দেড়ি হ’ব পাৰে, কিন্তু পুণৰীক্ষণৰ প্ৰত্যাহ্বান বহুত। সমালোচনা শব্দটোৱে বহন কৰা বহল Discursive পৰিবেশৰ আভাসটো পুণৰীক্ষণ শব্দটোৰ মাজত নাই। [Discursive-ৰ অসমীয়া পৰিভাষা বিচাৰি পোৱা নাই, জনা বুজা কোনোবাই সহায় কৰিব বুলি আশা কৰিলোঁ।] পুণৰীক্ষণ শব্দটো শুনিলেই কিবা পৰীক্ষাৰ বহী পুণৰীক্ষণলৈ মনত পৰি যায় আৰু বুকুখন কঁপি উঠে। আনটি সীমাবদ্ধতা হ’ল পুণৰীক্ষক সকল যিহেতু স্বেচ্ছাসেৱী উদ্যোক্তা, সকলো সময়তে তেওঁলোকৰ সময়-সুবিধা থাকিবই বুলি কথা নাই। ফলত ক্ৰমাগত ভাৱে একোটাকৈ কবিতাৰ বিপৰীতে এটাকৈ পেৰাগ্ৰাফৰ অলপ মন্তব্যৰ এটা ফৰ্মেট বা আৰ্হি হৈ উঠিছে। কোনোবাটো কবিতা সম্পৰ্কে আৰু বহু কথা পাতিবৰ অৱকাশ থাকিলেও সেয়া বাদ পৰি ৰয়। সেয়েহে আখৰুৱাৰ পুণৰীক্ষণ এতিয়া যেনে ধৰণেৰে চলি আহিছে সেয়া চলি থাওক। কিন্তু তাৰ লগতে চেগা চোৰোকাকৈ হ’লেও অন্য ধৰণেৰেও লেখা মেলাৰ অভ্যাসে গা কৰি উঠা উচিত বুলি বিবেচনা কৰোঁ। পুণৰীক্ষণ শিতানৰ আওতাত থাকিও এটা কথাৰ প্ৰতি দৃষ্টি আকৰ্ষণ কৰি আজি লেখা সামৰিবলৈ বিচাৰিম।  সেয়া হ’ল আমি ইমান পৰে আলোচনা কৰি অহাৰ ধৰণেৰে পুণৰীক্ষণক কেৱল লব্ধ কবিতা কেইটিমানৰ সম্পৰ্কে মন্তব্যৰ সমষ্টি বুলিয়ে নাভাবি এটা স্বয়ংসন্ম্পূৰ্ণ লেখা হিচাপে গঢ়ি তুলিবলৈ যত্নপৰ হ’ব লাগে। সেয়া কেনেকৈ হ’ব তাৰ সঠিক উত্তৰ আমাৰ হাতত নাই আৰু আৰু সেয়া আমাৰ উদ্দেশ্যও নহয়। ঠিক কোনখিনি কথাৰ প্ৰয়োগে লেখাটোক এটা স্বয়ংসম্পূৰ্ণ শিল্পৰূপ দিব সেই প্ৰশ্নটো কৰিব জানিলেই এটা সময়ত সমাধানো বিচাৰি পোৱা যাব।

[ঙ]
পৰিশিষ্ট:
নিজৰ যোগ্যতা থাকক বা নাথাকক, উচিত বুলি ভবা দুটামান দিহা পৰামৰ্শ এইখিনিতে আগবঢ়াই থওঁ।
১) ক্লীছে [cliché] পৰিহাৰ বাঞ্চনীয়
বহুল ব্যৱহৃত হৈ নিজৰ ওজন, মূল্য অথবা অৰ্থ হেৰুৱাই পেলোৱা যি কোনো প্ৰয়োগকেই ক্লীছে বুলি ক’ব পাৰি। উদাহৰণ স্বৰূপে নাটক সম্পৰ্কীয় ৰিভিউ আদিত প্ৰায়ে এষাৰ কথা পোৱা যায় – “অমুকৰ অভিনয় যথাযথ”। এই কথাষাৰৰ মানে কি? অভিনয় সভ্যতাৰ প্ৰাচীণতম কলাসমূহৰ এটা। বহু ৰথী মহাৰথীৰ কৃচ্ছসাধনাৰ মাজেদি বহুতো পৰীক্ষা নিৰীক্ষাৰে অভিনয়ে আহি আজিৰ অৱস্থান পাইছেহি। এখন নাটকৰ এটা সৰু ভূমিকাত অৱতীৰ্ণ হ’বলৈকো এজন অভিনেতাই দিনে নিশাই সাধনা কৰে। এতিয়া সেই অভিনয় সম্পৰ্কে যথাযথ বুলি কৈ থ’লে তাৰ একো মানে নোলায়। কেতিয়াবা কোনো পৰ্যবেক্ষকে কাৰো সম্পৰ্কে চমুকৈ হয়তো ‘যথাযথ’ বুলি কৈ থৈছিল, ঠিকে আছিল। কিন্তু কথাষাৰ ইমান সঘনে ব্যৱহাৰ হ’বলৈ ল’লে যে তাৰ আৰু কোনো মনে নেথাকিলগৈ। কবিতাৰ আলোচনাৰ ক্ষেত্ৰত তেনে এটা ক্লীছে হ’ল – “ইয়াত কবিৰ সামাজিক দায়বদ্ধতা দেখা গৈছে”। কথাষাৰত ভুল একো নাই বা আপত্তিজনকো একো নাই। কিন্তু কথাষাৰ ইমানেই বহুল ব্যৱহৃত যে ইয়াৰ দ্বাৰা আৰু একো বুজা নাযায়।

২) মেটা-ক্ৰিটিচিজম
স্নাতকোত্তৰ পৰ্যায়ত সমালোচনাত্মক লেখাৰ পাঠ্যক্ৰমৰ মাজত আমৰ এটা বিষয় আছিল মেটা-ক্ৰিটিচিজম। মানে এটা সমালোচনাত্মক লেখাৰ সম্পৰ্কে লেখা এটা সমালোচনা। এক প্ৰকাৰে এই লেখাটোও আংশিক ভাবে মেটাক্ৰিটিচিজমেই। কিন্তু পদ্ধতিগত মেটাক্ৰিটিচিজমেহে ন-শিকাৰু সকলক সঠিক বাট দেখুৱাব পাৰিব। আখৰুৱাৰ লেখক-বন্ধু সকলেও সময়ে সময়ে লব্ধ প্ৰতিষ্ঠিত এটা সমালোচনা তুলি লৈ তাক ফঁহিয়াই বিশ্লেষণ কৰিলে তাৰ পৰা আপোনা আপুনি বহু কথা শিকিব পাৰিব।

৩) চাবজেক্টিভ, অথবা পদ্ধতিগত অৱস্থান গ্ৰহণ
নিৰ্বাচিত কবিতাখিনিৰ বিষয়ে মন্তব্য দিয়াৰ আগতে নিৰীক্ষকে আগতীয়াকৈ নিজাকৈ এটা অৱস্থান গ্ৰহণ কৰি সেই অৱস্থানৰ পৰিপ্ৰেক্ষিতত কবিতাখিনি চাব পাৰিব। এই ক্ষেত্ৰত কবিতাখিনিক কোৱা হ’ব সমল বা এভিডেন্স। এই পদ্ধতিটো পৰীক্ষামূলক হ’ব পাৰে। মানে মই আগতীয়াকৈ এটা অৱস্থান লৈ ল’লোঁ আৰু কথা এষাৰ ক’লোঁ। এতিয়া এই সন্মুখত থকা কবিতাখিনিৰে মই পৰীক্ষা কৰি চাম কেনেকৈ এইখিনিয়ে মোৰ কথাখিনিক সিদ্ধ কৰে। তৰ্ক শাস্ত্ৰৰ জ্ঞান থকা সকলে এই ক্ষেত্ৰত বিশেষভাবে লাভবান হ’ব। এইটো বিদ্যায়তনিক গৱেষণাৰো এটা বহুলভাবে পৰীক্ষিত সূত্ৰ। গৱেষণাৰ আৰম্ভণীৰ প্ৰস্তাৱতেই কিছুমান উপপাদ্য ৰখা হয়। তাৰ পিছত ক্ষেত্ৰ অধ্যয়ণৰ মাজেদি (Case Study অথবা Field Study) সেইবোৰ পুণৰীক্ষণ কৰা হয়।

৪) কোনো এক বিশেষ স্কুলৰ আৱলম্বন
এয়া আগৰ কথাখিনিৰেই অলপ বিস্তাৰণ। বিভিন্ন ধৰণৰ প্ৰতিষ্ঠিত “স্কুল অব থট”, অথবা “-বাদ” আদিৰ আলমতো এটা সংখ্যাৰ পুণৰীক্ষণ হ’ব পাৰে। আগতে এঠাইত কৈ অহাৰ দৰে আপুনি বিচাৰিলেও নিবিচাৰিলেও আপুনি ইতিমধ্যেই কোনোবা নহয় কোনোবা এখন স্কুলৰ ভিতৰত পৰিবই পৰিব। সেয়েহে স্ব-ইচ্ছাৰে, সচেতন ভাবেই এক ধৰণৰ চিন্তন পদ্ধতিক সন্মুখত ৰাখি কথা পাতিবলৈ একো অসুবিধা থাকিব নালাগে। অসমত বৌদ্ধিক চৰ্চাৰ সুচল পৰিবেশ এটাৰ অভাৱৰ বাবে এনে চিন্তন-চৰ্চাৰ স্কুল সমূহক সীমাবদ্ধ ৰূপতে চাই থকা হৈ থাকে। কিন্তু যদি “নাৰীবাদ”ক তেনে এটা চিন্তন-পদ্ধতি হিচাপে ধৰি লৈ উদাহৰণ দিবলৈ যদি যাওঁ তেনেহ’লে ক’ম যে বিশ্বত এনে কোনো সমল বা বিষয়বস্তু নাই যাক নাৰীবাদী দৃষ্টিকোণেৰে বিচাৰ কৰিব নোৱাৰি। গতিকে এয়াও এটা পদ্ধতি নিশ্চয় হ’ব পাৰে।  

৫) অন্যান্য বৌদ্ধিক, সৃজনীমূলক ক্ষেত্ৰৰ সমান্তৰাল অধ্যয়ন আৰু প্ৰয়োগ
মাল্টি-ডিছিপ্লিনেৰী, ইণ্টাৰ-ডিছিপ্লিনেৰী আদি শব্দবোৰৰো অসমীয়া পৰিভাষা পাবলৈ অসুবিধা হয়। সি যি কি নহওক, কবিতাৰ লগে লগে চলচ্ছিত্ৰ, সংগীত, নাটক, শিল্পকলা আদিৰ সমান্তৰাল চৰ্চাও বহু সময়ত সহায়ক হয়। হীৰুদাৰ সংগীতৰ লগত সংযোগ, নীলমণি ফুকনৰ শিল্পকলাৰ লগত সংযোগ, ৰফিকুল হোচেইনৰ নাট্যশিল্পৰ লগত সংযোগ আদিবোৰলৈ মনত পেলালে আৰু ব্যাখ্যাৰ প্ৰয়োজন নাই। অলমিতি বিস্তাৰেণ।


[টোকা- 
দেশৰ বিভিন্ন প্ৰতিষ্ঠানৰ লগত জড়িত হৈ সময়ে সময়ে সৃষ্টিশীল আৰু চিন্তাশীল যুৱ-অভ্যাসকাৰীসকলক উদ্দেশ্য কৰি বিভিন্ন সময়ত কৰ্মশালাৰ আয়োজন কৰি আহিছোঁ। তেনে কৰ্মশালা সমূহত নতুন শিল্পী, লেখক আৰু চিন্তাবিদৰ বহুখিনি প্ৰশ্নৰ সন্মুখীন হওঁ। সেই প্ৰশ্নলানিৰ আঁত ধৰিয়েই কিছু কথা যুগুতাই থওঁ বুলি ভবাতেই এই "কাণখোৱাৰ হাতপুথি"ৰ জন্ম।]

সমুদ্ৰ কাজল শইকীয়া, ডিচেম্বৰ ২০১৬


No comments: