ডঃ বাণিকান্ত কাকতি

...সাহিত্যৰ ক্ষেত্রত নতুনকৈ কৰিবলগীয়া কাম একো নাই। সাহিত্য ধ্বনি আৰু প্রতিধ্বনি মাথোন। পূর্বপুৰুষ সকলৰ ভাবৰ ধ্বনি যাৰ হৃদয়ত পুৰাকৈ প্রতিধ্বনিত হয় সিয়েই সফলতা লাভ কৰে... ডঃ বাণীকান্ত কাকতি, বাঁহী, ১৩শ বছৰ, অষ্টম সংখ্যা, আঘোণ, ১৮৪৭ শক।

Blog Archive

Saturday, March 31, 2018

পেখু পেখু (ন): মহাশয়, আপোনাৰ মানদণ্ডডাল ক'ত?

[দৈনিক অসম, দেওবৰীয়া চ'ৰা, ৪ মাৰ্চ, ২০১৮]

দৃশ্য ১:
ধৰক আপুনি দোকান এখনলৈ গৈ দোকানীক এক কিলোগ্ৰাম চাউল দিবলৈ ক'লে। দোকানীয়ে হাতৰ তলুৱাত চাউল অলপ লৈ আন্দাজ এটা কৰি "মই ভাবোঁ এয়াই এক কিলোগ্ৰামমান হ'ব" বুলি যদি আপোনাক দিয়ে তেতিয়া আপুনি তাকে লৈ সন্তুষ্ট হ'ব নে? তেনেকৈয়ে গুৱালে কোনো হিচাপ জোখা পাত্ৰ নোহোৱাকৈ যিকোনো এটা পাত্ৰৰে আন্দাজতে আপোনাক গাখীৰ দি থৈ গ'লে আপুনি মানিবনে? ফাৰ্মাচীৰ পৰা লেখ-জোখৰ দাগ নকটা থাৰ্মোমিটাৰ এটা আপুনি কিনি আনিব জানো?

দৃশ্য ২:
আপুনি যেতিয়া চাউলৰ দোকানীক সঠিক জোখত নিদিয়াৰ বাবে আপত্তি কৰিলে, দোকানীয়ে হয়তো "আৰে আম খাওক আমৰ গুটি কিয় হিচাপ কৰিব লাগে" ধৰণৰ উত্তৰ এটাহে দিলে। চাউলেৰে ভাত সিজাই খাওকগৈ, হিচাপত কিয় চকু দিছে বুলি আপোনাক পঠাই দিলে আপুনি বিনাবাক্যে উভটি আহিবনে?

দৃশ্য ৩:
এক লিটাৰ গাখীৰ ধৰা বটল এটা লৈ আপুনি চাউল কিনিবলৈ গ'ল। এক কেজি চাউল এক লিটাৰ মাপৰ গাখীৰৰ বটলটোত এতিয়া নোসোমায়। খা বাপ্পেকে ! এতিয়া কৰিব কি?



যিকোনো বস্তুকে জুখিবলৈ যাওঁতে এটা নিৰ্ধাৰিত মাত্ৰাৰ সৈতে তুলনা কৰিবৰ বাবে আপোনাক লাগে এখন তুলাচনীৰ। মাপ নিৰ্ধাৰণ কৰিবলৈ প্ৰয়োজন হয় এটা মাপকাঠিৰ। মান যিহেৰে নিৰ্ধাৰণ কৰা হ'ব তাক কোৱা হ'ব মানদণ্ড। অসমীয়া ভাষাত কথা-বাৰ্তাত কাচিৎ হে এই মানদণ্ড শব্দটোৰ সঠিক প্ৰয়োগ হয়। প্ৰায়েই শুনা যায় অমুক বস্তুটো "নিম্ন মানদণ্ডৰ" হৈছে বা তমুক বস্তুটো "উচ্চ মানদণ্ডৰ"। কিন্তু কথা হ'ল মানদণ্ডডাল উচ্চ নে নিম্ন সেইটো আপুনি বুজাব খুজিছে জানো? আপুনি আচলতে বুজাব খুজিছে (মানদণ্ডৰ মানৰ বিচাৰত) বস্তুটো উচ্চ মানৰ অথবা নিম্ন মানৰ- সেইটোহে। মানদণ্ড মানে মান নহয়, মান জোখা স্কেলডালহে। সূচক। এই বিভ্ৰান্তিটোক বহুজনে বহুঠাইত উনুকিয়াই আহিছে যদিও আজিও মানুহে একেটা ভুলকেই কৰি থকা দেখা যায়। সি যি কি নহওক, ভাষাৰ ভুল বা শব্দৰ অপপ্ৰয়োগ আজিৰ আলোচনাৰ বিষয় নহয়। বিষয়টো হ'ল, লাগিলে ভুলকৈয়ে হওক, মানদণ্ড শব্দটোক ইমান সঘনাই ব্যৱহাৰ কৰি থকাৰ পিছতো কিন্তু অসমৰ বৌদ্ধিক আৰু সাংস্কৃতিক পৰিমণ্ডলত আচলতেই "মানদণ্ড" বস্তুটোৰ যে বাৰুকৈয়ে অভাৱ সেইটোহে। বহুলোকৰ মনত আনকি কিহবাৰ মান বিচাৰ কৰিবলৈ হ'লে মানদণ্ড বুলি বস্তু এটা যে থাকিব লাগে সেই প্ৰাথমিক ধাৰণাটোৰেই ঠাই নাই। "সাংস্কৃতিক চৰ্চাৰ ক্ষেত্ৰত সংকট", "অসমীয়া সমালোচনা সাহিত্যৰ সংকট"- আদি বিষয়ক যিমানবোৰ অভিযোগ সততে শুনিবলৈ পোৱা যায়, তাৰ গুৰুভাগ আচলতে এই "মানদণ্ড" সম্পৰ্কিত। আৰম্ভণীতে উল্লেখ কৰি অহা তিনিওটা সৰু দৃশ্যতে তিনিটা গুৰুতৰ দিশ প্ৰকট হৈ আছে। আজি সেই তিনিটা দিশ সম্পৰ্কেই কিছু কথা পাতিম।

জনমানসত "ইডিঅ'চিনক্ৰেচী"

ক'তো কোনো মাপকাঠি বা মানদণ্ড নাই বুলি এটা ধাৰণা কৰি লৈ আমি নিজৰ নিজৰ সাধ্যানুসাৰে শিল্প-সংস্কৃতিৰ উপাদানাবোৰৰ বিচাৰ কৰি গৈ থাকোঁ। আনকি আমি বুজিও নাপাওঁ যে এনে ধৰণৰ ক'ৰবাত কিবা মাপকাঠি থাকিব পাৰে। আৰু সেই সূত্ৰেই আমি নিৰ্দোষিতাৰ অথবা সৰলতাৰ কাৰ্ডখন খেলি দিওঁ। এনে কাৰণতেই কোনোবাই যদি চিনেমা এখন চাই আহি তাৰ সমালোচনাও লিখে তেনেহ'লে তাৰ বেছিভাগ কথায়েই আৰম্ভ হয় "মই ভাবোঁ", "মোৰ বিচাৰত"- এনে ধৰণৰ বাক্যাংশৰে। কোনোবাই মই ভাবোঁ বুলি কথা এষাৰ উত্থাপন কৰিলে সমস্যা এইখিনিতেই হয় যে তাৰ পিছত আৰু তাক লৈ এটা বাগধাৰাৰ বিকাশ ঘটিবৰ থল নাথাকেগৈ। যদিহে "এয়া কেৱল কাৰোবাৰ ব্যক্তিগত মতহে", তেনেহ'লে তাক লৈ আগলৈ আৰু আমাৰ একো ক'ব লগা নৰয়গৈ। কোনোবা ব্যক্তিবিশেষৰ ব্যক্তিগত মত এটা থাকিবই পাৰে, তাত আমাৰ কি আপত্তি থাকিব পাৰে? বা, আপত্তি থাকিলেওনো কোনে কি কৰিব পাৰে, "এয়া ব্যক্তিগত মতহে কেৱল"! অসমীয়াত যিকোনো চৰ্চাতেই চৰ্চাকাৰী অমায়িক, নিৰ্জু, ডাউন-টু-আৰ্থ ধৰণৰ অৰ্থাৎ "মাটিৰ গোন্ধ" থকা হ'ব লাগে বুলি ধাৰণা এটাৰ প্ৰচলন আছে। সিও এক কাৰণ হ'ব পাৰে। কিন্তু একে সময়তে একধৰণৰ পলায়ণবাদীতাও ইয়াত আছে- "মই মোৰ কথাষাৰ ক'ম, কিন্তু তাৰ বাবে মই নিজে জবাবদিহি হৈ নাথাকিম"! মানে মই জিজি খাম, মাছ নাখাওঁ। পানীলৈ নামিম, কিন্তু চুলি নিতিয়াওঁ। মই চলচ্ছিত্ৰৰ সমালোচনা কৰিম, কিন্তু "মই চলচ্ছিত্ৰ সমালোচক নহয় দেই"! জনমানসত থকা এই ইডিঅ'চিনক্ৰেচী (অথিৰমনা, খেয়ালি, অস্থিৰমতি, খাম-খেয়ালী, মেজাজী) ভিত্তিক ভাবপ্ৰকাশে সেয়েহে এটা পদ্ধতিগত আলোচনাৰ বাট মোকোলাব নোৱাৰেগৈ।

পদ্ধতিগত চৰ্চাৰ প্ৰতি অনীহা

দ্বিতীয় দৃশ্যটো আৰু সাংঘাটিক। এইটোতে সোমাই আছে বৌদ্ধিক উদাসীনতাৰ প্ৰসংগটো। কোনোবাই যদি জানেও যে এটা মাপকাঠি ক'ৰবাত কেনেবাকৈ আছে, তেওঁ সেইটোক নৎস্যাৎ কৰি চলিবলৈকে বিচাৰিব। আজিও আমাৰ মাজতে এটা শকত অংশৰ মানুহে পোণপটীয়াকৈয়ে কয় যে সাহিত্যত সমালোচনাৰ কাম নাই। চিনেমা এখনৰ সমালোচনা এটা আগবঢ়ালে চিনেমাখনৰ প্ৰশংসাকাৰী একোজনে আহি "সমালোচনা কৰাৰ আগতে নিজে এনেকুৱা এখন চিনেমা কৰি দেখুৱাওকচোন, তেতিয়াহে মানিম"- এনেধৰণৰ কথা এষাৰ কৈয়েই পেলায়। সাহিত্যক সাংঘাতিক কিবা বস্তু এটা বুলি উচ্চাসন দিব খোজা ব্যক্তিসকলেও "সমালোচনা-সাহিত্য"ও যে "সাহিত্য" সেই কথাটো অণুধাৱণ কৰিবলৈ অপাৰগ। তাৰ লগে লগে আছে গুৰুভাগ শিল্পীৰেই শিল্প সম্পৰ্কীয় কথা বতৰাৰ প্ৰতি বিৰাট বিৰাগ। শিল্পীৰ মুখ খুলিবলৈ বিৰাট এলাহ। "বুদ্ধিজীৱী" শব্দটোৰ আগত হোৱাই নোহোৱাই "তথাকথিত" শব্দটো বহুৱাই দি গুৱাল গালি পৰা এটা জনমানসত এটা বৌদ্ধিক চেতনাৰ আশা কৰাটোও হয়তো ভুল।   

সংগতিৰ বিসংগতি (এনাল'জিকেল ডিজ'ৰ্ডাৰ)    

তৃতীয় দৃশ্যটোত আছে আমি ক'ব খোজা আচল কথাখিনি। "শিল্প জনতাৰ বাবে" বুলি ধাৰণা এটা আছেই আৰু কথাষাৰক নুই কৰিবৰ বাট নাই যেতিয়া, মত প্ৰকাশৰ স্বাধীনতা নিশ্চয় সকলোৰে থাকিব। চিনেমা এখন চাই আহি যিকোনো এজন দৰ্শকেই মতামত দিব পাৰে, আৰু দিয়া উচিতো। ধানে প্ৰতি কণটোৰ দৰে জনে প্ৰতি মনটো। এই বৈচিত্ৰ্যক আমি স্বীকাৰ কৰি চলিবই লাগিব। কিন্তু যি সকলে নিজকে শিল্পৰ ৰসজ্ঞ বুলি ভাবে আৰু সমালোচনাক সততাৰে গ্ৰহণ কৰিব খোজে তেওঁলোকৰ সন্মুখতো মানদণ্ডৰ ধাৰণা এটা নথকাটো আটাইতকৈ দুৰ্ভাগ্যজনক। চিনেমা এখনৰ সমালোচনা এটা পঢ়ি থকাৰ সময়ত আমাৰ মনলৈ স্পষ্ট ধাৰণা এটা নাহে যে কোন অৱস্থানৰ পৰা, কোন পৰিপ্ৰেক্ষিতৰ পৰা তেওঁ কি কথা বিচাৰ কৰিব খুজিছে, এই বিচাৰৰ মাপকাঠি কি। এই অস্পষ্টতাৰ কাৰণেই মিষ্টাৰ ৰাজকুমাৰ নামৰ ইউটিউবৰ দ্বাৰা ডিজিটেল আৰু চ'চিয়েল মিডিয়াৰ মাধ্যমত কাম কৰি ক্ষণিক জনপ্ৰিয়তাক আঁকোৱালি লোৱা এজন ব্যক্তিৰ কামৰ কথা পাতিবলৈ গৈও তুলনাত জ্যোতিপ্ৰসাদৰ পৰা আৰম্ভ কৰি অসমীয়া চিনেমাৰ গৌৰৱোজ্জল ইতিহাসৰ কথা কৈ পেলোৱা হয়। (মিষ্টাৰ ৰাজকুমাৰক লৈ বহু লেখা চকুত পৰিল, অসমীয়া জাতীয়তাবাদ, সংস্কৃতিৰ নন্দনতত্ব, অসমীয়া চিনেমাৰ ইতিহাস- আদি বহু দিশৰ পৰাই আলোচনাবোৰ দেখিলোঁ। কিন্তু পপুলাৰ সংস্কৃতি, উপসংস্কৃতি, ইণ্টাৰনেট প্ৰসাৰৰ পৰৱৰ্তী কালৰ ডিজিটেল যুগৰ পৰিপ্ৰেক্ষিতেৰে আজিলৈকে এটা বাক্যও কোনেও উল্লেখ কৰা চকুত নপৰিল)। "বাহুবলী"ৰ দৰে অতি উচ্চ বাজেটৰ এখন পপুলাৰ একচন আৰু ভি এফ এক্স চিনেমাৰ লগত একেখন মজিয়াতে "অন্তৰীণ"ৰ দৰে এখন সমাজ বাস্তৱতাৰ নিম্ন বাজেটৰ অসমীয়া চিনেমাৰ আলোচনা কৰি পেলোৱা হয়। সম্প্ৰতি কুসুম কৈলাশ নামৰ এক সংগীত শিল্পীয়ে জনপ্ৰিয়তা লাভ কৰিছে। কিন্তু সেই কুসুম কৈলাশক আমি কেনেকৈ চাম? হয়, আপোনাৰ ভয়টো যুক্তিসংগত। কাৰণ আপুনি ভয় কৰি থকাৰ ধৰণেৰেই কুসুম কৈলাশকো হয় ভূপেন হাজৰিকাৰ তুলনাৰে, নহয় জুবিন গাৰ্গৰ তুলনাৰেই এতিয়াও বিচাৰ কৰি থকা হৈছে। কুসুম কৈলাশৰ বাবে মিষ্টাৰ ৰাজকুমাৰৰ বাবে আমাৰ কোনো মানদণ্ড (পেৰামিটাৰ) নাই। মানে একলিটাৰ গাখীৰৰ বটলত এক কিলোগ্ৰাম চাউল যদি নোসোমায়, তেনেহ'লে কিয় নোসোমায় বুলি তাকে লৈ আপত্তি দৰ্শোৱা হয়। কোন মানদণ্ডৰে কোন বস্তুটোৰ মান নিৰ্ধাৰণ কৰিম সেই সম্পৰ্কত আমি স্পষ্ট নে? আৰু অলপ আগবাঢ়ি গৈ অমুক সংগীত-শিল্পীজনৰ বিষয়ে খেনোৱে যদি এটা পদ্ধতিগত সমালোচনা আগবঢ়াবৰ চেষ্টাও কৰে, তাৰ প্ৰত্যুত্তৰত আমি শুনিবলৈ পাম হয় তেওঁৰ ব্যক্তিগত জীৱনৰ ইটো সিটো একান্তই অপ্ৰাসংগিক কথা, নহয় তেওঁ মানুহ হিচাপে কেনেকৈ কিমান ভাল মানুহ সেইবোৰ কথা। সংগীত শিল্পীজনৰ সংগীত সম্পৰ্কীয় কথা পাতিবৰ বাট আৰু নৰয়গৈ।    

এতিয়া এই মানদণ্ডডাল ক'ত পায়? অথবা কিহেৰে গঢ়িব পাৰি?

সকলো শিল্পৰেই, সকলো চিন্তা-প্ৰক্ৰিয়াৰেই একোখন স্কুল আছে। শিল্পৰ নিজস্ব এটা বিৱৰ্তন প্ৰক্ৰিয়া যেনেকৈ আছে, তেনেকৈয়ে ইয়াৰ একোটা ইতিহাস থাকিবলৈকো বাধ্য। সেই সূত্ৰেই একো একোটা বিশেষীকৃত দিশেৰে শিল্প-বস্তু এপদলৈ দৃষ্টিপাত কৰিবৰ বাট একোটাও মোকোলাই ল'ব পাৰি। শিল্পৰ ৰসাস্বাদানৰ প্ৰক্ৰিয়াবোৰ কি? শিল্পক আমি কেনেকৈ অনুধাৱণ কৰিম? এই প্ৰশ্নখিনি আমি যদি নিজেই নিজকে কৰোঁ, আমি বুজি উঠিম যে এটা পদ্ধতিগত পৰ্যবেক্ষণৰ প্ৰয়োজনীয়তা ক'ত। খেনোৱে সমাজতত্বৰ দিশেৰে, খেনোৱে ইতিহাস-বীক্ষণৰ পৰিপ্ৰেক্ষিতেৰে, খেনোৱে নাৰীবাদী চিন্তা-চৰ্চাৰ আলমত, খেনোৱে দলিত আৰু অন্যান্য পিছপৰা জাতি সম্পৰ্কীয় বাকধাৰাৰ আধাৰেৰে, খেনোৱে আধুনিকতাবাদৰ সংজ্ঞাটোকে ভিত্তি কৰি, খেনোৱে মনোবিজ্ঞানৰ দৃষ্টিৰে শিল্পবস্তু এপদলৈ দৃষ্টি নিক্ষেপ কৰিবৰ চেষ্টা কৰি আহিছে। অতি সম্প্ৰতি 'খাকী হাফ-পেণ্ট' বৌদ্ধিক চৰ্চাৰ মানদণ্ড হ'বলৈ লোৱাটো বাৰুকৈয়ে পৰিলক্ষিত হৈছে। সহস্ৰটা ত্বত্ত্ব, দৰ্শনৰ শাখা-প্ৰশাখা আজি আমাৰ মাজত উপলব্ধ। সেই সমূহৰ ব্যতিৰেকেও, নিজাববীয়াকৈয়ো এটা ৰাজনৈতিক অৱস্থান গঢ়ি ল'ব পৰা যায়। একান্তই নিজাববীয়া মনদণ্ড এপাত গঢ়ি লোৱাটোও খুব বেছি কষ্টকৰ কাম এটা কিন্তু নহয়। প্ৰয়োজন কেৱল সদিচ্ছাৰ।

সেয়েহে এই সময়ৰ অসমীয়া ভাষাত প্ৰকাশিত যিকোনো বিষয়ৰ যিকোনো সমালোচনা পঢ়াৰ আগেয়েই (দু:খজনক ভাবে পঢ়াৰ পিছতো) সমালোচকগৰাকীক সুধিবলৈ ৰৈ যোৱা  আমাৰ প্ৰশ্ন মাত্ৰ একেটাই-  
"মহাশয়, আপোনাৰ মানদণ্ডডাল ক'ত?"      
 
 
Illustration: Shristtishree Rajguru
সমুদ্র কাজল শইকীয়া
Rajya Sabha Television (RSTV), 3rd Floor,
Talkatora Stadium Annexe Building, New Delhi – 110001

email: kankhowa@gmail.com, mobile: +91 9811375594

No comments: