ডঃ বাণিকান্ত কাকতি

...সাহিত্যৰ ক্ষেত্রত নতুনকৈ কৰিবলগীয়া কাম একো নাই। সাহিত্য ধ্বনি আৰু প্রতিধ্বনি মাথোন। পূর্বপুৰুষ সকলৰ ভাবৰ ধ্বনি যাৰ হৃদয়ত পুৰাকৈ প্রতিধ্বনিত হয় সিয়েই সফলতা লাভ কৰে... ডঃ বাণীকান্ত কাকতি, বাঁহী, ১৩শ বছৰ, অষ্টম সংখ্যা, আঘোণ, ১৮৪৭ শক।

Blog Archive

Saturday, June 15, 2019

পেখু পেখু (ছয়ত্ৰিশ): ফুলনি মানে বাগিচা, বাগিচা মানে ফুলনি

সমুদ্ৰ কাজল শইকীয়া, ভিডিঅ' আৰ্টৰ স্থিৰচিত্ৰ

[‘দৈনিক অসম’ৰ দেওবৰীয়া চ’ৰাত প্ৰকাশিত, ২৬ মে’ ২০১৯]

পুনৰাবৃত্তি যিকোনো শৈল্পিক অভ্যাসৰে এটা প্ৰাথমিক আৰু মূলগত উপাদান। একেটা, নহ’লেবা একেধৰণৰ ৰূপ, ধ্বনি কিম্বা যিকোনো অস্তিত্বৰ বাৰম্বাৰ উল্লেখ, সমান্তৰাল অথবা ক্ৰমানুসাৰ উপস্থাপন, পুনপৌনিক পৰিৱেশন- এইবোৰৰ মাজত এক নান্দনিক আবেদন থাকিব পাৰে। শিল্প নিৰ্মাণ আৰু অনুধাৱনৰ মূলগত এই দিশটোক সময়ে সময়ে ৰিডম-আৰু-হাৰমনি বুলিও বুজি থকা হয়। গান আৰু কবিতা দুয়োটাৰে প্ৰাথমিক চৰ্ত যদি ছন্দ হয় তেন্তে ছন্দ মানে আন একো নহয় বৰঞ্চ একেটা বা সমৰূপবিশিষ্ট ধ্বনিৰ পুনৰাবৃত্তি মাত্ৰ। কেৱল এই পুনৰাবৃত্তিৰ আবেদনকে সাৰোগত কৰি সৃষ্টি হোৱা অলেখ দৃশ্যশিল্পৰ উদাহৰণ আছে। বিশেষকৈ পপ আৰ্টৰ উত্থানৰ কালত পুঁজিবাদৰ আগ্ৰাসনৰ স’তে হাতে হাত ধৰি বিকশিত হোৱা যান্ত্ৰিক উদ্যোগপ্ৰসূত “বস্তু”ৰ উৎপাদনৰ পয়োভৰৰ মাজত দেখা দিয়া সমৰূপ বস্তুৰ যুগপৎ অস্তিত্বই পুনৰাবৃত্তিৰে ভৰা শিল্প নিৰ্মাণক এক বিশেষ স্থান দিবলৈ বাধ্য হৈছিল। এণ্ডি ৱাৰহোলৰ ছপা-শিল্পই ইয়াৰ উৎকৃষ্ট উদাহৰণ। মেৰিলীন মনৰোৰ জনপ্ৰিয় ছবিৰ প্ৰতিলিপিৰ সমান্তৰাল উপস্থাপনখিনিলৈ যদি মনত পেলায় তেন্তে এইখিনি কথা বুজিবলৈ অলপো অসুবিধা নহ’ব। আনহাতে সংগীতৰ ক্ষেত্ৰতো ৰিমিক্স, মেডলী আৰু ডিজে-ৰ পয়োভৰৰ পৰৱৰ্তী কালত এই পুনৰাবৃত্তিৰ সংবেদনশীলতাই সুকীয়াকৈ আমাৰ মনযোগ আকৰ্ষণ কৰে। পুনৰাবৃত্তি হ’ল শিল্পৰ এনে এটা চৰিত্ৰ যি দ্ৰষ্টাৰ, শ্ৰোতাৰ মনযোগ পলকতে আকৰ্ষণ কৰে। পপুলাৰ ক্ষেত্ৰৰ উদাহৰণলৈ চালে বলিউড সংগীতত হিমেশ ৰসমীয়াৰ সংগীত আৰু গায়কীলৈ যদি কোনোবাই মন কৰে তেনেহ’লে দেখিব যে তেখেতৰ ৰচিত বেছিভাগ সংগীতৰ জনপ্ৰিয়কৰণৰ ৰূপগত আৰ্হিটোৰ ভিত্তি পুনৰাবৃত্তি। যেনে- “আশিক বনায়া, আশিক বনায়া, আশিক বনায়া...", “ঝলক দিখলা যা, ঝলক দিখলা যা, ঝলক দিখলা যা...", “তেৰা তেৰা তেৰা চুৰুৰ..." ইত্যাদি। সাম্প্ৰতিক বিনোদনধৰ্মী সংগীত বহুলাংশে পুনৰাবৃত্তি নিৰ্ভৰ। বহু সময়ত এনেকুৱাও হয়গৈ যে আন একো নালগে বাহু দাঙি নাচিবলৈ বা তাকে নকৰিলেও অন্তত: মূৰ দুপিয়াই থাকিবলৈ এটা ধ্বনিৰ পুনৰাবৃত্তিৰে ভৰা ছন্দ এটা হ’লেই হ’ল। আমেৰিকাৰ সংগীতত নাটকীয়তাৰহিত, মিনিমেলিষ্টিক পুনৰাবৃত্তিৰ নিৰ্ভৰশীলতাই কেনেকৈ পশ্চিমীয়া শিল্পসন্মত সংগীতত এটা আঘাত হানিছিল নিকোলাচ টিল-এ তাৰ বিশ্লেষণ কৰিছে "Joy in Repetition: Critical genealogies of musical minimalism" নামক ৰচনাত। এই ৰচনাখন অন্তৰ্ভূক্ত হোৱা "Performance Research" আলোচনীৰ চেপ্তেম্বৰ, ২০১৫-ৰ সংখ্যাটোত পুনৰাবৃত্তি অথবা Repetition-ক কেন্দ্ৰীয় বিষয় হিচাপে কেইবাটাও সাৰগ্ৰাহী আলোচনা আছে।
 
এণ্ডি ৱাৰহোলৰ মেৰিলীন মনৰোৰ প্ৰতিচ্ছবিৰ পুনৰাবৃত্তি
এটা শৈল্পিক উপাদান হিচাপে পুনৰাবৃত্তিয়ে উত্তৰ আধুনিক কালত এক বিশেষ ধৰণেৰে (আৰু ইচ্ছাকৃতভাবেই বিশেষ উদ্দেশ্যপ্ৰণোদিতভাবে) মনযোগ আকৰ্ষণ কৰিবলৈ বিচাৰে যদিও শিল্পৰ উপাদান হিচাপে পুনৰাবৃত্তি কিন্তু নতুন বিষয় একেবাৰেই নহয়। বৰঞ্চ কথা ওলোটাটোহে, পুনৰাবৃত্তি শিল্প-বোধৰ এক আদিতম চৰিত্ৰ। ৰত্নাকৰ বাল্মিকী হৈ উঠাৰ কাহিনীটোতো এটা পুনৰাবৃত্তিৰ আমোদজনক সংযোগ আছে। দস্যুৰ মুখত ৰাম নাম নুফুটে বাবে “মৰা” শব্দটো বাৰে বাৰে উচ্চাৰণ কৰি থাকিবলৈ দিয়া হৈছিল, সেই “মৰা” ধ্বনিটোৱেই পুনৰাবৃত্ত হৈ “ৰাম” ধ্বনিলৈ ৰূপান্তৰিত হৈছিল। পৃথিৱীৰ যিকোনো নৃগোষ্ঠীৰে লোকজীৱনৰ সাংস্কৃতিক আৰু শৈল্পিক সমলসমূহ বহুলাংশে পুনৰাবৃত্তিৰ আবেদনেৰে ভৰা। প্ৰাৰ্থনা, হৰিনাম, বিয়ানাম, বিহুনাম, নিচুকনি গীত- এই সকলোবোৰতে ধ্বনিৰ পুনৰাবৃত্তিয়ে এক বিশেষ ভূমিকা পালন কৰি আহিছে। শিশুটিক শুৱাবৰ সময়ত ধাই কিম্বা মাতৃয়ে একেটা ছাপেৰে একেটা সময়ৰ অন্তৰালেৰে দি থকা বাৰম্বাৰ ছাপৰটোৰ পুনৰাবৃত্তিয়েই শিশুক টোপনিত ঢলি পৰিবলৈ সহায় কৰে। ধাইৰ হাতত সেয়া স্থানৰো পুনৰাবৃত্তি, কালৰো পুনৰাবৃত্তি। সম্ভৱত: আমি লাভ কৰিব পৰা এয়াই মানৱসৃষ্ট পুনৰাবৃত্তিৰ চেতনাৰ প্ৰথম পাঠ। মন কৰিব বিহুগীত এটা নতুন আৰু বিভ্ৰান্তিকৰ অভিধা। আইনাম বা বিয়ানামৰ দৰে আগতে বিহুনামহে বোলা হৈছিল। নাম লোৱা মানেই তাত এটা বাৰে বাৰে উল্লেখ বা পুনৰোল্লেখৰ অনুষঙ্গ আপোনা-আপুনি আহি পৰে। এজন গাঁওতাই নামটো ধৰে, সংগত কৰা সকলে তাকে ঘূৰাই ধৰিব। কোনোবাটো নামত যদি অলপ ফালৰি কাটি যায়ো, অৰ্থাৎ পুনৰাবৃত্তি নঘটেও অন্তত: এটা বিশেষ অংশ থাকিবই যিটো অংশ এসময়ত উভতি আহিবই। বিহুনামৰ বেলা এই অংশটোক “জাত” বোলে।  “দীঘলী ঐ বিলতে জালে মাৰি আছিলোঁ” বুলি ধৰা নামটোত বাৰে বাৰে ঘূৰি ঘূৰি অহা অংশটো যদি “অ’ হে’ৰ গোলাপী/ মোৰে লগত ওলাবি/ ডালচেনি কিনি দিম/ মোৰোক মোৰোক চোবাবি” হয়, তেন্তে সেইখিনি অংশ বিহুনামটোৰ জাত। বিয়ানামতো “এ ৰাম ৰাম” বা “ৰামকৃষ্ণ”ৰ দৰে শব্দশৃংখলৰ ধ্বনিয়ে ভগৱন্তৰ নাম লোৱাটো বুজোৱাতকৈ বুজায় এটা ধনিগত পুনৰাবৃত্তিৰে শৈল্পিক আৱেদন সৃষ্টি কৰাটোহে। ওজাপালি মানেই প্ৰথম চৰ্ত হ’ল ওজাজনে প্ৰথমে ধৰিব, সেইখিনিকে পালিসকলে পুনৰাবৃত্তি কৰিব।

অ’ ফুল অ’ ফুল নুফুল কিয়? এই প্ৰশ্নটোৰ আঁত ধৰি একেটা সুৰেৰে আৰু এলানি প্ৰশ্ন বাৰে বাৰে ঘূৰি ঘূৰি আহে। উত্তৰবোৰো ঘূৰিবলৈ ধৰে। সাধুকথা কৈ যাওঁতেও “দে পানী পখালোঁ ঠোট, ভোজন কৰোঁ টিপচি গোট” ধৰণৰ ধ্বনিসমষ্টি বাৰে বাৰে ঘূৰি ঘূৰি আহে। পীট চিগাৰৰ কণ্ঠৰে জনপ্ৰিয় হোৱা “Where have all the flowers gone” এই প্ৰশ্নটোও বাৰে বাৰে আন এলানি প্ৰশ্নৰ বাবে বাট এৰি অহা এটা প্ৰশ্ন।  

লোকসংগীতৰ উপাদানেৰে যিখিনি আধুনিক সংগীতৰ সৃষ্টি হৈছে সেইখিনিতো পুনৰাবৃত্তিয়ে বিশেষ স্থান পায়। আইনামৰ সুৰেৰে ভূপেন হাজৰিকাৰ গীত “আই তোক কিহেৰে পূজিমে/ আই তোৰ চৰণে দুখানি/ আই অ কিহেৰে পূজিমে তোক/ আই অ’ জীৱন দি পূজিমে তোক” গীতটোত “আই” ধ্বনিৰ পুনৰাবৃত্তিলৈ মন কৰিব পাৰে। লোকসংগীতত আৰু লোকসংগীত-আধাৰিত ৰচনাত একে ধ্বনিৰ পুনৰাবৃত্তিৰে আবেদন সৃষ্টি কৰাৰ দৃষ্টান্ত দেধাৰ যদিও আধুনিক গীততো ই বিৰল নহয়। জুবিন গাৰ্গৰ এক অন্যতম মোহনীয়া গীত “অবাক অবাক, সপোন সপোন, পোহৰ পোহৰ আজি মন” গানটোত অবাক, সপোন, পোহৰ আদি শব্দৰ দ্বৈত উপস্থিতিলৈ মন কৰিব পাৰি।

আমাৰ এইলানি আলোচনাই যিহেতু শিল্পৰ পথাৰত ন-শিকাৰু তথা অনুসন্ধিৎসু শিল্পৰসিকক উদ্দেশ্য কৰিও কথা পাতিবলৈ বিচাৰে সেয়েহে শিল্প নিৰ্মাণ আৰু শিল্প-উপভোগৰ এটা মৌলিক উপাদান হিচাপে পুনৰাবৃত্তিক কেনেকৈ চাব পাৰি তালৈ মনযোগ আকৰ্ষণ কৰিবলৈ বিচৰা হৈছে। আন যিকোনো শিল্প-উপাদানৰ দৰেই ৰিডম, পেটাৰ্ণ আৰু হাৰমনি বা অন্যভাবে পুনৰাবৃত্তিৰ অধ্যয়ণৰ বাবেও অপৰিহাৰ্য তথা উৎকৃষ্ট সমল হৈছে প্ৰকৃতি। ধাইৰ হাতৰ পুনপৌনিক ছাপৰটো যেনেকৈ মানৱ-সৃষ্ট পুনৰাবৃত্তিৰ প্ৰথম পাঠ বুলি কোৱা হৈছিল তেনেকৈ প্ৰকৃতিপ্ৰদত্ত প্ৰথম পাঠটোৱেই হ’ব আমাৰ বুকুৰ ধপধপনি আৰু শ্বাসপ্ৰশ্বাস। সমান অন্তৰালবিশিষ্ট আৰু অবিৰাম, অবিৰত, আজন্ম, আমৃত্যু। বেলি উঠা আৰু বুৰাৰো এটা পেটাৰ্ণ আছে। চন্দ্ৰকলাৰো এটা পুনৰাবৃত্তি আছে। ঢেকীয়াৰ পত্ৰগুচ্ছত থকা পাতবোৰৰো এটা পুনৰাবৃত্তিৰ ছন্দ আছে। তাল, ছন্দ বা পুনৰাবৃত্ত ধ্বনি-চেতনা যেনেকৈ সংগীতৰ প্ৰথম প্ৰয়োজন তেনেকৈ দৃশ্যগত শিল্প-সমলসমূহেও ৰূপৰ পুনৰাবৃত্তিকে প্ৰাথমিক চৰ্ত কৰি লৈছিল। গামোচাখনলৈ চালেই গম পোৱা যাব, আঁচুফুলেই হওক বা বুটাবচাই হওক- সকলোতে পুনৰাবৃত্তি দেখা পোৱা যাব।   
 
গামোচাৰ পাৰিত একে মটিফৰ পুনৰাবৃত্তি
কিন্তু উত্তৰ আধুনিক কালত আৰু তাৰো পৰৱৰ্তী ‘সমসাময়িক কাল’ত শিল্পত এটা ৰূপৰ বা এটা অস্তিত্বৰ হুবহু কিম্বা সামঞ্জ্যস্যপুৰ্ণ ৰূপৰ পুনৰাবৃত্তি এটা অনন্য প্ৰপঞ্চ হৈ উঠিল। ইয়াৰ অন্তৰালত থকা কাৰকসমূহ কেইবাধৰণেৰেও বিশ্লেষণ কৰিব পাৰি যদিও তিনিটা প্ৰধান কাৰণ চমুৱাই উল্লেখ কৰিম। পপ আৰ্টৰ কথা কওঁতে উল্লেখ কৰি অহাৰ দৰে আধুনিকতাবাদৰ পৰৱৰ্তী কালৰ ঔদ্যোগীকৰণে পণ্যবস্তুৰ বহুল সংখ্যাত উৎপাদন সক্ষমশীল কৰি তুলিছিল। এনেধৰণৰ প্ৰসংগ আহিলেই সততে মনত পৰা ১৯৩৬ চনত জাৰ্মান সাংস্কৃতিক সমালোচক ৱাল্টাৰ বেঞ্জামিনে "যান্ত্ৰিক পুনৰোৎপাদনৰ যুগত শিল্পকৰ্ম" (The Work of Art in the Age of Mechanical Reproduction) নামৰ ব্যাপক প্ৰভাৱশালী ৰচনাখনৰ কেৱল নামটোৰেই বহু কথা ব্যাখ্যা কৰিবলৈ যথেষ্ট। যান্ত্ৰিকভাবে পণ্যৰ বহুল (Mass) উৎপাদ সম্ভৱপৰ হোৱাৰ লগে লগে শিল্পৰো সংখ্যাগত বহুল উৎপাদন সম্ভৱপৰ হৈ উঠিল। এই নতুন সময়ৰ বজাৰৰ বহুত্বই গঢ় দিয়া আমাৰ দৈনন্দিন জীৱনৰো নতুন ৰূপটোৱে বস্তুৰ বা ৰূপৰ পুনৰাবৃত্তি সম্পৰ্কে শিল্পীসকলক নতুনকৈ ভাবিবলৈ শিকাইছিল।   

শিল্পৰ উপাদানসমূহক তাৰ পুৰ্বাপৰ-স্থিত প্ৰসংগ-সংগতিৰ পৰা আঁতৰাই আনি ন-কৈ প্ৰতিষ্ঠা কৰাটো সমসাময়িক শিল্পচৰ্চাৰ এটা বৈশিষ্ট্য হৈ উঠিবলৈ ল’লে। শব্দৰ ধ্বনিয়ে সকলো সময়তে অন্য কিহবাৰ অৰ্থ বুজাবলৈ এটা প্ৰতিৰূপক বা ৰিপ্ৰেজেণ্টেচন মাত্ৰ কিয় হৈ থাকিব? শব্দ এটা নিজেই নিজৰ অস্তিত্ব কিয় হ’ব নোৱাৰিব? ছবি এখনে কিয় সদায়েই আন কিবা বস্তুক ৰিপ্ৰেজেণ্ট কৰি থাকিব লাগিব? ৰং ৰূপ আকাৰ আকৃতিৰে ই নিজেই নিজৰ প্ৰতিৰূপায়ণ কিয় হ’ব নোৱাৰিব? মন কৰিব এবষ্ট্ৰেক্ট আৰ্টৰ উন্মেষ কালতো এনে মনোবৃত্তিয়েই এক গুৰুত্ব লাভ কৰিছিল। ছবিখনত দেখা নীলা ৰং খিনি আকাশ নহয়। সাগৰ নহয়। দুখ-বিষাদ বা আন একোৰেই প্ৰতীক নহয়। নীলাখিনি কেৱল নীলা। তেনেকৈয়ে কবিতা এটা কেৱল কবিতা কিয় হ’ব নোৱাৰিব, কিম্বা গান এটা কেৱল গান? সকলো সময়তে গানে, কবিতাই, ছবিয়ে, চিনেমাই আন কিবা কথাক ব্যাখ্যা কৰিয়েই চলিব লাগিব বুলি কোনো কথা নাই। এইখিনি শিল্পৰ মূলগত প্ৰশ্ন আৰু সৃষ্টিৰ আৰম্ভণীকালৰে পৰাই অনন্ত কাললৈকে ইয়াৰ বিতৰ্কও চলি থাকিব। সময়ে সময়ে শিল্পক অনুধাৱন কৰাৰ মনোবৃত্তিও সলনি হৈ গৈ থাকিব এটা যাদৃচ্ছিক (arbitrary) গতিৰে। একালত ৰেডিঅ’ত “কিনো পখীয়ে পুৱতী গালে” শুনি বনৰ পখীটিলৈ মনত পেলোৱা কোনোবাই আন একালত ফালগুনি পাঠকে ষ্টুডিঅ’ত বা ডেন্স-ফ্ল’ৰত নাচি নাচি গোৱা “ব’লে জ’ কোয়েল বাগ মেইন” শুনোতে বনৰ কুলীটিলৈ মনত নেপেলাবও পাৰে, অথবা সেয়া জৰুৰী নহ’বও পাৰে। এইখিনিৰ পৰাই ফৰ্ম আৰু কণ্টেণ্ট-ৰ সেই আওপুৰণি দ্বন্দাত্মক কথাখিনিয়ে নতুন মাত্ৰা পাবলৈ আৰম্ভ কৰে। এইধৰণৰ মাত্ৰাৰ বৈচিত্ৰ্য কালৰ হিচাপেৰেও আচলতে ঠাৱৰ কৰিব নোৱাৰি। “আমৰে ডালতে কুলীয়ে বিনালে” বুলি ইমন কল্যাণ ৰাগৰ গীত পৰিৱেশন এটাত একেটা সময়তে এজন দৰ্শকে যদি আমডালৰ কুলীটিলৈ মনত পেলায়, আন এজন দৰ্শকে ইমন ৰাগৰ কল্যাণ ঠাতৰ খেলখনতে মজি থাকিব পাৰে। তাৰমানে একেটা সমতলতে দুটা কালে অৱস্থান কৰাটো সম্ভৱ।  

যান্ত্ৰিক পুনৰোৎপাদনৰ প্ৰসংগ আৰু ফৰ্ম তথা কণ্টেণ্ট সম্পৰ্কীয় নতুন প্ৰপঞ্চতত্বৰ পিছতে আনটো অতি গুৰুত্বপূৰ্ণ দিশ হ’ল উত্তৰ-গঠনবাদ আৰু নিৰ্গঠনবাদৰ পৰৱৰ্তী কালত শিল্পৰ স্ৰষ্টাকেন্দ্ৰিক, সৰলৰৈখিক, একপাক্ষিক বিশ্লেষণ বা ব্যাখ্যা-পদ্ধতিক নাকচ কৰি ৰচয়িতাতকৈ অধিক সংগ্ৰাহক/ উপভোক্তা/ ক্ৰেতা/ পাঠক/ দ্ৰষ্টা/ শ্ৰোতা-ৰ পক্ষক অধিক গুৰুত্ব দিবৰ প্ৰৱণতাটো। কবিতা এটাৰ শৰীৰ কেৱল কবিয়েই নহয়, পাঠকেও গঢ় দি গৈ থাকে। আৰু এইটো এটা নিৰন্তৰ প্ৰক্ৰিয়া। গান এটাৰ সৃষ্টিত গায়ক-সুৰকাৰ-গীতিকাৰৰ ভূমিকা যিমান শ্ৰোতাৰ ভূমিকাও সিমানেই। এনে সময়ত মৌলিকতা, সত্যতা আদি শব্দবোৰৰ অৰ্থও সলনি হ’বলৈ ল’লে।    

দৃষ্টিভঙ্গীৰ সামান্য সালসলনিয়েই কুম্ভীলকবৃত্তি বুলি ভবা ক্ৰিয়া এটাক নে ঐতিহ্যৰ নিৰ্মাণ পদ্ধতি বুলিও সাব্যস্ত্য কৰি দিব পাৰে। এনেকৈয়ে উত্তৰ-আধুনিক শিল্পত ‘পাষ্টিচ’ এটা অনন্য অপৰিহাৰ্য প্ৰসংগ হৈ উঠিল। এটা কামত আন এটা কামৰ উল্লেখ, অনুকৰণ আৰু প্ৰতিৰূপায়ণ এটা সহজ অভ্যাস হৈ উঠিল। একেটা কামতেই সেই কামটোৰেই বাৰম্বাৰ পুনৰোল্লেখো স্বাভাৱিক হৈ উঠিল। চিনেমাৰ চিকুৱেল নিৰ্মাণ যেনেকৈ হ’বলৈ লৈছে, চিনেমাৰ ৰিমেকো তেনেকৈয়ে হ’বলৈ লৈছে। কাহিনীচিত্ৰ এখনত ফিকচনেল চৰিত্ৰ এটা ৰূপায়ণ কৰি থাকোতে অজয় দেৱগণে “মই অজয় দেৱগণ” বুলি কৈয়ো হাঁহিৰ খোৰাক যেনেকৈ যোগাইছে, তেনেকৈয়ে শ্বাহৰুখ খানে বিভিন্ন অন্য চৰিত্ৰৰ ৰূপায়ণৰ মাজতে অভিনেতা শ্বাহৰুখ খান চুপাৰ ষ্টাৰ শ্বাহৰুখ খান হৈ উঠাৰ কাহিনীও সণ্ঢালনিকৈ উদযাপন কৰি চলিছে। কল্পনা-প্ৰসূত কাহিনী আৰু বাস্তৱ একাকাৰ হৈ আগবাঢ়িছে। 

য়ু মিনজুনৰ ছবিত পুনৰাবৃত্তিৰ আভাস  

কিছুদিন আগতে “ফুলনি মানে বাগিচা, বাগিচা মানে ফুলনি” বুলি বিহুসুৰীয়া গীত এটিৰ পৰিৱেশনে ইণ্টাৰনেটৰ পৰা অসমৰ আন বৈদ্যুতিন মাধ্যমলৈকে যথেষ্ট খলকনি তুলিছিল। গানটোত আন কোনো কথা নাই, কেৱল “ফুলনি মানে বাগিচা, বাগিচা মানে ফুলনি” এইখিনি কথাকেই ঢোলৰ চেৱৰ সৈতে ঘূৰাই পকাই গাই থকা হৈছিল। পাছলৈ গম পোৱা গৈছিল সেয়া মন্মথ বৰুৱা নামৰ কৌতুক অভিনেতাগৰাকীয়ে গাইছিল আৰু অসমৰ শ্ৰোতাৰাইজৰ পৰা প্ৰসংশা আৰু ককৰ্থনা দুয়োটাই লাভ কৰিছিল। এইটোনো আকৌ কেনেধৰণৰ বিহুগীত হ’ল বুলি দেখুওৱা ভ্ৰুকূটিৰ বিপৰীতে বেচ কিছুবছৰ ধৰি বিহুগীতৰ নামত সস্তীয়া জনপ্ৰিয়তা বিচাৰি নিম্নৰুচিৰ সংগীতৰ ব্যাপক প্ৰচলনৰ বিৰুদ্ধে ই এটা ব্যংগাত্মক পৰিৱেশন বুলিও একাংশ ৰাইজৰ মনযোগ আকৰ্ষণ কৰিছে। অৰ্থহীন শব্দচয়নেৰে কেৱল ছন্দ-তালৰ বিন্যাসেৰেই যদি বিহু হয় তেনেহলে সেয়ে হওক- এনে এটা মনোবৃত্তি এই পৰিৱেশনটোত ওলাই পৰে। অলপ মন কৰিলেই বুজিব পাৰি যে টিকটক বা আন আন মোবাইল ফোনৰ 'এপ'ৰ জৰিয়তে এতিয়া তেনেই সধাৰণ হৈ পৰা অন্যান্য সস্তীয়া জনপ্ৰিয়তাৰ বাবে কৰা আচহুৱা কাৰ্যকলাপসমূহতকৈ এইটো পৰিৱেশন সামান্য পৃথক। পৰিৱেশনটোকলৈ আপত্তি দৰ্শোৱা মহলৰ দৃষ্টিভংগীলৈ চালে বুজিব পাৰি যে তেওঁলোক আচলতে বিহু আৰু 'বিহুগীত' সম্পৰ্কে থকা এটা নৈতিক ধৰণাৰে আৱদ্ধ হৈ থকাটো তেওঁলোকৰহে এটা সমস্যা। পৰিৱেশন এটাক socio-psychological studies-ৰ দিশেৰে কিয় চাব পৰা নাযাব? এজন গীতিকাৰৰ ৰচনাৰে, ষ্টুডিঅ'ত বাণীবদ্ধ হোৱা নৱৰচনাৰে এজন গায়কৰ কণ্ঠৰে জনপ্ৰিয়তা অৰ্জন কৰা "গীত" সমূহকলৈহে বেচি আপত্তি থাকিবৰ থল ৰয়। বিহুগীতৰ পৰিৱৰ্তে বিহুনামৰ ফালে মন দিলে এই "ফুলনি মানে বাগিচা"ৰ গায়কীত লোকশিল্পীৰ গায়নশৈলী আমোদজনক ভাবে অধিক সংৰক্ষিত। এই গীতৰ কথাংশ অনুৰাধা শৰ্মা পূজাৰীৰ "নাহৰৰ নিৰিবিলি ছাঁ" উপন্যাসতো উল্লিখিত আছিল। সেয়ে হ'লে ধাৰণা কৰিব পাৰি যে এইখিনি বিহুসুৰীয়া ধেমালীৰ এটা প্ৰচলিত অতীত আছিলেই। কেৱল এটা বিশেষ সময়ত আৰু বিশেষ পৰিপ্ৰেক্ষিতত মন্মথ বৰুৱাৰ কণ্ঠৰে ই বহল স্তৰত জনপ্ৰিয়তা পাবলৈ ল'লে। গোটেই পৰিৱেশনটোত কেৱল চৰ্বিত-চৰ্বন অথবা পুনৰাবৃত্তি থাকিলেও লয়ৰ সামান্য সালসলনি আছে। ধীৰ গতিৰ পৰা এটা সময়ত ই খৰ গতি লয়। লোকসংগীতৰ আন বহুতো উপাদানৰ দৰেই বিহুনামো অতীজৰে পৰাই ভালেখিনি ননচেন্স উপাদানেৰে সমৃদ্ধ যিখিনিৰ আক্ষৰিক অৰ্থৰে কোনো যৌক্তিক ব্যাখ্যা সম্ভৱপৰ নহয়। মন্মথ বৰুৱাৰ এই পৰিৱেশনটোৱে বিহুনামৰ সেই ননচেন্স উপাদানৰ চৰিত্ৰটোকো সন্মুখলৈ লৈ আনে। পুনৰাবৃত্তিক এটা শৈল্পিক উপাদান হিচাপে অন্য মাত্ৰা দি বিশেষ মনযোগ আকৰ্ষণ কৰা, অসমৰ সমসাময়িক সাংস্কৃতিক পৰিমণ্ডলত সততে দেখা পোৱা 'ক্লিচে' বা চৰ্বিত-চৰ্বনক এক অনন্য ৰূপত ইচ্ছাকৃতভাবে  ভেঙুচালি কৰা আৰু লোকসংস্কৃতিৰ উপাদান হিচাপে বিহুৰ মাজতো নিহিত থকা ননচেন্স আৱেদনক সম্বোধন কৰা মন্মথ বৰুৱাৰ এই "ফুলনি মানে বাগিচা, বাগিচা মানে ফুলনি' পৰিৱেশনটো সেয়ে আমাৰ বিচাৰেৰে বুদ্ধিমত্ত দক্ষতাৰে কৰা এটা সুচিন্তিত পৰিৱেশন। এইটো এই সময়ৰ আটাইতকৈ প্ৰভাৱশালী পাৰফৰমেন্স-আৰ্ট-সুলভ এটা পৰিৱেশন। 

সমুদ্র কাজল শইকীয়া
Rajya Sabha Television (RSTV), 3rd Floor,
Talkatora Stadium Annexe Building, New Delhi – 110001
email: kankhowa@gmail.com, mobile: +91 9811375594

No comments: