ডঃ বাণিকান্ত কাকতি

...সাহিত্যৰ ক্ষেত্রত নতুনকৈ কৰিবলগীয়া কাম একো নাই। সাহিত্য ধ্বনি আৰু প্রতিধ্বনি মাথোন। পূর্বপুৰুষ সকলৰ ভাবৰ ধ্বনি যাৰ হৃদয়ত পুৰাকৈ প্রতিধ্বনিত হয় সিয়েই সফলতা লাভ কৰে... ডঃ বাণীকান্ত কাকতি, বাঁহী, ১৩শ বছৰ, অষ্টম সংখ্যা, আঘোণ, ১৮৪৭ শক।

Blog Archive

Wednesday, March 10, 2021

পেখু পেখু (এসত্তৰ): থিয়েটাৰৰ ব্যুৎপত্তি আৰু ডিজিটেল নাটকৰ ৰাজনীতি

 ["দৈনিক অসম"ৰ দেওবৰীয়া চ'ৰাত প্ৰকাশিত, ১৩ ডিচেম্বৰ, ২০২০] 

পৰিপ্ৰেক্ষিত ১: ব্যুৎপত্তিৰ গতিবিদ্যা

শিল্প-সংস্কৃতিৰ জগতখনত নামবিভ্ৰাট (Misnomer) অজস্ৰ। একেসময়তে নামকৰণ (Nomenclature) এটা অত্যন্ত গুৰুত্বপূৰ্ণ দিশ অন্তত: এইবাবেই যে বহুসময়ত নামটোৱেই সমল কিম্বা পদ্ধতি এবিধৰ সংজ্ঞা তথা ব্যাখ্যাও হৈ পৰে। কিছুমান নামবিভ্ৰাট নামকৰণৰ মুহূৰ্তৰ পৰাই থাকিব পাৰে যদিও বেছিভাগেই অৱশ্যে সময়ৰ পৰিৱৰ্তনৰ সৈতে ঘটা একোটা ঘটনা। চিনেমাক অসমীয়াত বোলছবি বুলি ক’লে বিশেষ ক্ষতি হয়তো নহয়। কিন্তু বোলছবি নুবুলি চলচ্ছিত্ৰ বোলাটোহে যুগুত বুলি যিখিনি কণ্ঠ উঠে সেয়া আদৰ্শগত আৰু শিল্পবিধৰ বিশেষ বোধক প্ৰাধান্য দিবৰ বাবেই যে সেয়া বুজিবলৈ টান নহয়। চিনেমাৰ দৃশ্যমান দিশটোৰ গুৰুত্ব আছে। চিনেমা যে কেৱল সংলাপেৰে ব্যাখ্যা কৰিব পৰা এটা গল্প বা কাহিনী মাত্ৰ নহৈ নিজস্ব মৰ্যাদাৰে থিয় দি থকা এটা স্বতন্ত্ৰ শিল্প তাক স্পষ্ট কৰাই ইয়াৰ উদ্দেশ্য। এতিয়া চিনেমা বুজোৱা মুভি, মুভিং পিকচাৰছ, টকী, চিনেমা, থিয়েটাৰ আৰু ফিল্ম এইখিনিৰ ভিতৰত আটাইতকৈ বেছিকৈ ব্যৱহাৰ হৈ থকা শব্দটো চাগৈ ফিল্ম। স্বতন্ত্ৰভাবে ফিল্ম বোলাৰ লগতে টেলিফিল্ম, চৰ্টফিল্ম এনেকৈ উপসৰ্গৰ ৰূপেৰেও ইয়াৰ ব্যৱহাৰ ব্যাপক। কিন্তু ফিল্ম মানে এখন নিগেটিভ, এবিধ বিশেষ ৰাসায়নিক প্ৰক্ৰিয়াৰ সমল যাৰ যোগেদি দৃশ্যৰূপ এটাৰ প্ৰক্ষেপন সম্ভৱপৰ হয় (a thin flexible strip of plastic or other material coated with light-sensitive emulsion for exposure in a camera, used to produce photographs or motion pictures.)। কিন্তু আজিৰ সময়ত সকলো প্ৰক্ৰিয়া ডিজিটেল হোৱাৰ লগে লগে সেই ফিল্ম প্ৰক্ৰিয়াৰ অৱলুপ্তি ঘটিলেও ফিল্ম শব্দটো ৰৈ গ’ল। এতিয়া ফিল্ম বুলি কওঁতে সেই ব্যুৎপত্তিগত শব্দাৰ্থলৈ আৰু মন দিয়া নহয়।

 

গুৱেৰ্নিকাৰ ডিজিটেল নাটকৰ পোষ্টাৰ

নাটক, নাট, নাট্য, নাট্যশিল্প এনেকৈ কেইবাটাও শব্দ অসমীয়াত ব্যৱহাৰ হৈ থাকিলেও ইংৰাজীত থকা প্লে’, ড্ৰামা আৰু থিয়েটাৰ- তিনিওটা শব্দৰ হুবহু পাৰিভাষিক প্ৰয়োগ আমাৰ ভাষাত স্পষ্ট নহয়। লিখিত-পঠিত ৰূপটোক স্পষ্ট কৰিবলৈকে চাগৈ নাট্য-সাহিত্য ধৰণৰ পৰিভাষাৰ প্ৰয়োগ হৈ আহিছে। অলপতে dramaturgy শব্দটোৰ অসমীয়া ৰূপ কি হ’ব সেই কথা আলোচনালৈ আহিছিল যদিও তাৰ সন্তুষ্টিজনক স্পষ্ট উত্তৰ পোৱা নগ’ল। ড্ৰামা শব্দটোৱে মূলতে যিয়েই নুবুজাওক, সম্প্ৰতি বিনোদন মাধ্যমৰ ৰীতি বা ধাৰা (genre) বিভাজনৰ সময়ত এই শব্দটোৱে কাহিনী বুজাবলৈ লৈছে। যেনে চিনেমা এখনৰ genre থ্ৰীলাৰ, হৰৰ, একচন কিম্বা ড্ৰামা বুলিলে তাৰ মানে কি বুজোৱা হৈছে সেয়া আমি জানো। পাব্লিক বা ৰাজহুৱা স্তৰৰ সমস্ত বিনোদনৰ অৱসৰক সামৰি সুতৰি আনি ঘৰৰ ভিতৰৰ সৰু LED TV-টোত থূপ খুৱাই তাকো আজিকালি ‘হ’ম থিয়েটাৰ’ নাম দিবলৈ লোৱাটো এই মূৰ্খৰ বাকচৰ সমসাময়িক প্ৰভূত্ব বিস্তাৰৰ (hegemony) ৰাজনীতি। কিবা কাৰণত এই ‘হ’ম থিয়েটাৰ’ শব্দযুগলে আমাক বিতুষ্ট কৰে। আনহাতে অসমৰ গাঁৱে-ভূঞে নাটক বুলিলে আন কিবা বুজিব পাৰে কিন্তু ‘থিয়েটাৰ’ বুলিলে পোনে পোনে ভ্ৰাম্যমান থিয়েটাৰৰ কথাকেই মনলৈ আনে সেই কথাটোত বিশেষ তৃপ্তি পাওঁ। থিয়েটাৰৰ মূল শব্দ গ্ৰীক থিয়েট্ৰনৰ মানেটো আছিল “চোৱাৰ ঠাই” (a place of seeing), আৰু তেনেকৈয়ে থিয়েটাৰ মানে এটা স্থাপত্য, এটা স্থানিক নিৰ্মাণৰ সৈতে ইয়াৰ সংগতি আছে। ভ্ৰাম্যমান বোলোঁতেও আন কিবা মনলৈ অহাৰ আগেয়ে আহে এখন বিশাল পেণ্ডেলেৰে আবৃত এক স্থানিক আয়োজন। তাতে আকৌ মজাটো হ’ল সেই স্থাপত্য চলমান, চলন্ত, ভ্ৰাম্যমান, মোবাইল।      

 

গুৱেৰ্নিকাৰ ডিজিটেল নাটকৰ পোষ্টাৰ

জুই বুলিলে ই জ্বলিব, ই তপত, সেয়ে পুৰিব, আৰু ই পোহৰ দিব, এয়ে সহজ বুজাপৰা। নাটক বুলিলে তাত কিছুমান নাটকীয় ধৰ্ম থাকিব, চিনেমা বুলিলেও একেদৰেই আমি তাৰ মাজত কিছুমান চিনেমাৰ গুণ থাকিব বুলি আশা কৰিম। কিন্তু শিল্পী বুলিলেই যিহেতু এক বুজন সংখ্যক ব্যক্তি প্ৰায়ে ‘খটাসুৰ’ ধৰণৰ হয় সেয়েহে কোনোবাই উদ্দেশ্যপ্ৰণোদিতভাবে সেই ‘গুণ’খিনিক বা তাৰ প্ৰতি থকা আমাৰ প্ৰত্যাশাখিনিক প্ৰত্যাহ্বান দিব পাৰে। ধৰক এটা কবিতা, কিন্তু সি গদ্যৰ দৰেহে তাত একো কাব্যগুণেই নাই। এখন ছবি হয়তো, ছবি মানেই আমি জানো চকুৰে চাব পৰা এটা বস্তু, এইখন ছবি আকৌ বোলে অন্ধকাৰ কোঠা এটাতহে আছে, চকুৰে নেদেখি কেৱল হাতেৰে চুই চাবহে পাৰি। শিল্প মানেই প্ৰত্যাহ্বান। এটা সংলাপ। ই ক’ৰবাত নহয় ক’ৰবাত কিবা নহয় কিবা প্ৰশ্ন এটা উদ্ৰেক কৰিব পাৰিবই লাগিব। কিন্তু য’ত শিল্পৰূপ এটাৰ প্ৰাথমিক শিক্ষাখিনিয়েই নাই, তাতোকৈ জৰুৰী- চোৱাৰ অভ্যাসেই নাই, চৰ্চাৰ পৰিৱেশেই নাই তাত কথাবোৰ পাতিবলৈ গৈ বাৰে বাৰে থমকি ৰ’বলগীয়া হোৱাটো স্বাভাৱিক। সাংস্কৃতিক প্ৰযোজনাৰ দিশেৰে অসম অতীজৰে পৰাই এক ভৰপক ক্ষেত্ৰ। কেমেৰা আৰু অন্যান্য কাৰিকৰী সুবিধা যেতিয়াই যিমানেই সহজলভ্য হৈছে তেতিয়াই চিনেমা, চুটি-চিনেমা আদিৰ চৰ্চাও ইয়াত বাঢ়িবলৈ লৈছে। কিন্তু আজি যদি নব্বৈ দশকৰ শেষৰ ফালৰ কিছুমান কেমেৰা-নিৰ্ভৰ প্ৰযোজনালৈ উভতি চোৱা হয় তেতিয়াই দেখা পাওঁ কেমেৰা-নিৰ্ভৰ কাম এটাও আচলতে মঞ্চত কৰা প্ৰযোজনা এটাৰেই সম্প্ৰসাৰণ। কেমেৰাই যে নিজৰ চকুৰে চাই নিজাববীয়া এটা দৃশ্যভাষাৰ নিৰ্মাণ কৰে সেই কথা বুজিবলৈ বহুকাল লাগিল। আজিলৈকে এই সমস্যাটো দূৰ হ’ল বুলিবলৈ ভাবিবলৈ টান। মঞ্চৰ অভিনয় আৰু কেমেৰাৰ সন্মুখৰ অভিনয় যে একে নহয় এই প্ৰাথমিক জ্ঞানখিনিয়ে ভালেখিনি অভিনেতাৰ নাই। একেদৰে নিৰ্মাণৰ দিশেৰেও মঞ্চৰ অভিজ্ঞতাখিনিকে ‘অনুবাদ’ কৰি থ’লে, অথবা গল্প কিম্বা উপন্যাসত বৰ্ণোৱা কাহিনী এটাক কোনোমতে কেমেৰাৰে কৈ দিব পাৰিলেই যে তাক চিনেমা বোলা নাযায় সেই ধাৰণাখিনি আজিও অনেক চৰ্চাকাৰীৰ মনত স্পষ্ট নহয় যেন লাগে। হিমাংশু প্ৰসাদ দাসৰ ৰচনা আৰু পৰিচালনাৰে গুৱেৰ্ণিকাৰ “ডিজিটেল নাটক” -এই অভিধাই এই কথাখিনিক প্ৰকাৰান্তৰে সন্মুখলৈ লৈ আনিছে। এইখন এখন নাটক, কিন্তু ডিজিটেল ভাবে ৰেকৰ্ড কৰিহে পৰিৱেশিত হৈছে। ‘লাইভ’ অৰ্থাৎ প্ৰত্যক্ষ অভিজ্ঞতা ব্যতিৰেকে ইয়াক নাটক বোলা উচিত হ’ব নে নহ’ব সেই প্ৰশ্নটো নিশ্চয় উঠিব। কিন্তু কেৱল কেমেৰাত আৱদ্ধ নেৰেটিভ বুলিয়েই ইয়াক যে চিনেমা বোলা উচিত নহয় সেই কথা হিমাংশুৱে ভালকৈয়ে বুজে। (মন কৰিব, এই সময়তে চিনেমা বুলি নিৰ্মিত একে পৰিচালকৰে চিনেমা এখন এই সময়তে মুক্তিৰ অপেক্ষাত আছে)। কেমেৰাৱদ্ধ হৈয়ো গাঠনিক, পৰিৱেশন-পদ্ধতিগত আৰু উপভোগ্যতাৰ দিশেৰে ইয়াৰ ভাষা নাটকৰেই ভাষা, আৰু তেনেকৈয়ে ‘ডিজিটেল নাটক’ এটা সাৰ্থক নমেনক্লেচাৰ।

 

নিৰ্মিয়মান অৱস্থাৰ ছবি

পৰিপ্ৰেক্ষিত ২: ডকুমেণ্টেচন

 

সময়ক আটক কৰিব নোৱাৰি। নাটক বা পৰিৱেশন মানেই সময়। ই শেষ হৈ যায়। এবাৰ কৰা পৰিৱেশনটো দুবাৰ কৰিব নোৱাৰি। এবাৰ জীয়াই উঠাৰ পিছত একেটা জীৱন দুনাই জীয়াব নোৱৰাৰ দৰে কথাটো। সেয়ে মানুহে ফটো উঠে, এলবাম সাজে, স্মৃতি হিচাপে অন্তত: মুহূৰ্ত একোটাক ধৰি ৰাখিবলৈ বিচাৰে। কিন্তু ফোটোতে হওক বা ভিডিঅ’তে হওক, ধৰি ৰখা মুহূৰ্তটো মুহূৰ্ত নহয়, বৰঞ্চ সেই মুহূৰ্তৰ স্মৃতি মাত্ৰ। ই ৰেকৰ্ড কৰি ধৰি ৰখাৰ অসম্ভৱতাখিনিয়েই নাটকৰ গৌৰৱ, পাৰফৰমেন্সৰ গৌৰৱ। তথাপি আমাক ৰেকৰ্ড, তথ্য-ৰূপান্তৰ আদিবোৰ লাগিবই আন একো নহ’লেও অন্তত: আগলৈ যাতে তাকে লৈ কথা পাতিব পাৰোঁ। সমুখত একো সমল নহ’লে কিহৰ আধাৰত আমি কথাবোৰ পাতিম, আৰু কথাবোৰ নাপাতিলে আমি কেনেকৈ আগুৱাম? – এইখিনি কথা আমি আগতে সবিস্তাৰে পাতি আহিছোঁ। আমি পাতি আহিছোঁ কেনেকৈ পৰিৱেশনৰ সৈতে হড়িত ব্যক্তি সকলৰ ডকুমেণ্টেচনৰ পক্ষে আৰু বিপক্ষে দুটা আদৰ্শগত ফৈদ আছে। কেনেকৈ ডকুমেণ্টেচনৰ প্ৰতি সমালোচনাত্মক দৃষ্টিভংগী থাকিলেও সকলোৱেই এটা সময়ত একোখন ফটোগ্ৰাফ, এটা ভিডিঅ’ অথবা একোটা লিখিত খতিয়ানৰ সহায় ল’বলগীয়া হয়েই। ডকুমেণ্টেচন বা তথ্যায়ন এটা এৰাবনোৱৰা দিশ হোৱাৰ পিছৰ কথাটো হ’ল ইয়াৰ পদ্ধতি। নাটক এখনকে ধৰক। নাটকখন চাওঁতে (সচৰাচৰ প্ৰচেনিয়াম নিৰ্ভৰ) ধাৰণা এয়ে যে এক স্থিৰ আসনত বহি ইয়াক আমি উপভোগ কৰোঁ। সেই অৰ্থেৰে স্থানিক আৰু ভৌতিক কাৰণতেই আমাৰ পৰিপ্ৰেক্ষিত স্থিৰ আৰু একক। কিন্তু নাটক এটা অভিজ্ঞতা। চাৰিওফালৰ পৰিৱেশৰ সামগ্ৰিকতাই এটা অভিজ্ঞতা প্ৰদান কৰে। এই অভিজ্ঞতাৰ সন্মুখত আচলতে নাটকৰ কাহিনী, অভিনয়- এই সকলোবোৰ কথা বহু পিছৰ কথা। [কোনো কাহিনী নথকা নাটকো মানুহে চায়, কোনো অভিনয় নথকা নাটকো মানুহে চাব পাৰে]। পৰিৱেশন কথাষাৰতে ‘পৰিৱেশ’ কথাষাৰ সোমাই আছে। এতিয়া নাটকখন কেমেৰাৰে আৱদ্ধ কৰোঁতে কাহিনী, অভিনয়, মঞ্চসজ্জা- সকলোবোৰ হয়তো আহিল- কিন্তু নাহিল যিটো সেইটো হ’ল পৰিৱেশটো। অলপ আগলৈকে আমি যিটোক বাকী সকলোতকৈ অগ্ৰাধিকাৰ দিবলৈ চেষ্টা কৰি আহিছিলোঁ। এনে ক্ষেত্ৰত কৰণীয় কি হ’ব? ডকুমেণ্টেচনৰ যথোচিত পদ্ধতি কিম্বা ব্যৱস্থা কি হ’ব?

 

এইখিনিতেই হিমাংশু প্ৰসাদ দাসে এটা ডকুমেণ্টেড ৰূপক পুনৰ এটা পৰিৱেশ্য ৰূপলৈ পৰিৱৰ্তিত কৰি ডকুমেণ্টেচনো যে এটা পৰিৱেশনীয় অভ্যাস হ’ব পাৰে এই তত্বটোক আমাৰ সন্মুখত তুলি ধৰিলে। মুহূৰ্ত এটাৰ ছবি বা আলোকচিত্ৰ এখন স্থিৰ-চিত্ৰ হ’লেও, তাক অলপ আগেয়ে আমি নিজেই সি মুহূৰ্তটোৰ স্মৃতিহে মাত্ৰ - মুহূৰ্তটো নহয় বুলি কৈ আহিছিলোঁ যদিও, স্থিৰচিত্ৰখনৰ দৰ্শনৰ মুহূৰ্তটোও আন এটা মুহূৰ্ত- এই মুহূৰ্তও দৰ্শনৰ, উপভোগৰ, কল্পনাৰ, মানসিক সংৰচনাৰ। এখন স্থিৰচিত্ৰয়ো পৰিৱেশন কৰিব পাৰে। [এইখিনি কথাৰ সবিস্তাৰ আলোচনা আমাৰ আগৰ ‘বুঢ়ী আইতাৰ কলিজাৰে গজে বন নহৰুৰ ফুল : শিল্পৰ ডকুমেণ্টেচন আৰু ডকুমেণ্টেচনৰ শিল্প সম্পৰ্কীয় টোকা’ আৰু অন্যান্য লেখাত আছে; ‘পলস’ নামৰ কিতাপখনত সন্নিবিষ্ট আছে]। সকলো শিল্পকেই এক অৰ্থেৰে ডকুমেণ্টেড ডকুমেণ্ট বুলিব পাৰি। কোৱাই হয় উপন্যাস এখন, কবিতা এটা, নাটক এখন একো একোটা সময়ৰ দলিল। একান্তই কল্পনাপ্ৰসূত কাৰবাৰ একোটাও প্ৰকাৰান্তৰে দলিলেই। লুই কেৰলৰ ‘এলিচ ইন ৱণ্ডাৰলেণ্ড’ৰ দৰে কিতাপক কেন্দ্ৰ কৰিও সেই সময়ৰ সমাজৰ অধ্যয়ন মাৰ্ক্সীয় তাত্বিকে কৰিছে। সকলো শিল্পৰে যেনেকৈ এটা দলিল-মূল্য স্বীকাৰ কৰিলোঁ, তেনেকৈ সকলো শিল্পৰ দলিলৰে আকৌ এটা পৰিৱেশনীয় বা পাৰফৰমেটিভ বৈশিষ্ট থাকে। হিমাংশুৰ “হেংদাং For Sale” নামৰ ডিজিটেল নাটকৰ প্ৰযোজনাটোৱে নাটক, পাৰফৰমেন্স, পৰিৱেশ আৰু তাৰ ডকুমেণ্টেচন আৰু সেই ডকুমেণ্টেচনৰ পুনৰ পৰিৱেশনীয়তা সম্পৰ্কে যিখিনি কথা পতাৰ সমল আমাক দিলে এই প্ৰসংগত বহু আগলৈকে আমি কথা পতাৰ সুযোগ পাই থাকিম। নাটকখনৰ এই ডিজিটেল ৰূপটো প্ৰথম পৰিৱেশিত হৈছিল গুৱাহাটীত। আমি চাইছিলোঁ ২১ নৱেম্বৰ ২০২০ তাৰিখে মিৰ্জাৰ বৰিহাটত। মুকলি পথাৰত পৰ্দা আঁৰি অস্থায়ী পেণ্ডেলেৰে সৈতে থিয়েটাৰী পৰিৱেশ এটা নিৰ্মাণ কৰি লোৱা হৈছিল। পূৰ্ৱপৰিৱেশিত পৰিৱেশনৰ কেমেৰাৱদ্ধ ৰূপ এটাৰো পুনৰপৰিৱেশনীয় পাৰিৱেশ্যিক ৰূপ এটা তাত আছিল।   

 

নিৰ্মিয়মান অৱস্থাৰ ছবি

পৰিপ্ৰেক্ষিত ৩: ৰাজনীতি

 

হিমাংশু প্ৰসাদ দাসৰ “হেংদাং For Sale” এখন ৰাজনৈতিক প্ৰহসন। সুন্দৰ অভিনয়, সাৰ্থক কমিক ৰিলিফ আৰু সাৱলীল গতিময়তাৰে ই এখন সৰ্বাংগ সুন্দৰ নাটক। আজি এই কথা সৰ্ৱজনবিদিত যে হিমাংশুৱে পপুলাৰ স্তৰৰ সাংস্কৃতিক চৰ্চাৰ সূক্ষ্মতাখিনি ভালকৈয়ে বুজে আৰু জানে কেনেকৈ মানুহক আকৰ্ষিত কৰিব লাগে। সমালোচনাত্মক দৃষ্টি এটাৰে এটা কথা মন কৰিছিলোঁ যে কাহিনীৰ অগ্ৰগতি আছিল অত্যন্ত স্বাভাৱিক আৰু অনুমানযোগ্য। মানে, এটা এটা মুহূৰ্তত দৰ্শক হিচাপে প্ৰথমবাৰ চাই থাকোঁতেই আমি জানি গৈছিলোঁ কাহিনীটোত কি ঘটিবলৈ গৈ আছে। সেই অৰ্থৰে কাহিনীকথনত সাংঘাতিক অপ্ৰত্যাশিত ‘চাৰপ্ৰাইজ’ তেনেকৈ নাছিল। কিন্তু এইটোক এটা দোষ বুলি ক’বলৈ গৈয়ো ৰৈ গ’লোঁ। এই অনুমানযোগ্যতাৰ সপক্ষেও দুটা যুক্তি ওলাল। প্ৰথমটো আৰ্হি আৰু গঠন সম্পৰ্কীয়, দ্বিতীয়টো বিষয়গত আৰু ৰাজনৈতিক। পপুলাৰ বা জনপ্ৰিয় স্তৰৰ শিল্পত মানুহে ‘চাৰপ্ৰাইজ’ বিচাৰে বুলি কৈ থাকিলেও বাস্তৱত অনুমানযোগ্যতা আৰু একধৰণৰ ইচ্ছা-পূৰণেহে বেছিকৈ ফল দিয়ে। [হিৰো এজন সৰ্বগুণাকৰ সৰ্বশক্তিমান হোৱাটো যেনেকৈ এটা পপুলাৰ আকাংক্ষা, তেনেকৈয়ে সকলো বিপৰ্যয়ৰ শেষত এটা হেপ্পী-এণ্ডিং তেনেকুৱাই এটা পপুলাৰ ইচ্ছা। হঠাত জ্বলি থকা চাকি এটা নুমাই যোৱা মানে কাৰোবাৰ মৃত্যু, অথবা কিবা দুৰ্যোগৰ পূৰ্ৱাভাস। এইখিনি কথা ক্লিচে যেন লাগিলেও জনপ্ৰিয় স্তৰৰ শিল্পত এইবোৰেই এটা দৰ্শকৰ ইচ্ছাপূৰণৰ কাম কৰে আৰু তেনেকৈয়ে এইবোৰ অপৰিত্যাজ্য হৈ ৰয়।] অনুমানযোগ্যতা, অৰ্থাৎ কি ঘটিবলৈ গৈ আছে তাৰ সম্ভাৱনীয়তাখিনিৰ অনুমান সহজ হোৱাৰ বাবেই হিমাংশুৰ নাটকখন সহজ গতিৰ আৰু সৰলতাৰে সৈতে উপভোগ্য।

 

পৰিৱেশনৰ পৰিৱেশ, বৰিহাট

আজি চাৰিওপাষৰ ৰাজনৈতিক অৱস্থা অত্যন্ত জটিল হয়, কিন্তু একেসময়তে একান্ত সৰলো। এই সময়ত অসমৰ আৰু সমগ্ৰ দেশৰে ৰাজনৈতিক গতিবিধি আচলতেই অনুমানযোগ্য। ৰাজনৈতিক আৰু অৰ্থনৈতিক ক্ষমতাৰ লালসাত কেনেকৈ এটাৰ পিছত এটাকৈ জনবিৰোধী নীতি গৃহীত হৈ থাকে সেয়া সৰ্বজনবিদিত। প্ৰতিবাদৰ কাৰ্যসূচী একোটা কেনেকৈ কৌশলী চন্ত্ৰান্তৰে প্ৰতিবাদী সকলৰ হাতৰ পৰা কাঢ়ি নি চৰকাৰী পক্ষই নিজৰ স্বাৰ্থতেই তাক ব্যৱহাৰ কৰিবলৈ লয় সেই কথাও সৰ্বজনবিদিত। এবছৰৰ আগৰ এইখিনি সময়তে কা-বিৰোধী আন্দোলনৰ সময়ত অনেকেই শংকা কৰিছিল যে বিপুল জনগণৰ স্বতষ্ফূৰ্ত জাগৰণৰ শক্তিখিনি কিজানিবা এমুঠি বুদ্ধিমানে ‘হাইজেক’ কৰি তাৰ তীব্ৰতা নষ্ট কৰিবলৈ গৈ আছে। আৰু কালক্ৰমত সেয়ে ঘটিল। সেই অৰ্থৰে দেশৰ ৰাজনৈতিক ৰেহৰূপ যিমানেই জটিল বুলি কৈ থকা নহওক, আজিৰ জনগণৰ সন্মুখত সকলোবোৰেই যেন- অনুমানযোগ্য, প্ৰেডিক্টেবল। ‘জনতাই তোৰ স্বৰূপ চিনিছে’ বুলিব পৰা ‘সুবিধাবাদীৰ দল’ৰ কাহিনীখিনি আচলতেই জলজল-পটপট। এনে দিশেৰে হিমাংশুৰ নাটকখনৰ কাহিনীৰ সৰল গতি আৰু  অনুমানযোগ্যতাও এই সময়ৰ ৰাজনীতিৰেই প্ৰত্যক্ষ আংগিক। ৰাজনৈতিক নাটক এখনৰ বিষয় আৰু আংগিক সম্পৰ্কে অলপ কথ নক’লেই নহয় বাবে এইখিনি কথা কোৱা হ’ল। ইয়াৰ বাহিৰেও, কৰ’ণা বা ক’ভিড-১৯-ৰ বিভীষিকা এতিয়াও দেশৰ পৰা আঁতৰি যোৱা নাই। জনতাৰ ত্ৰাণকৰ্তাৰ ৰূপত অৱতীৰ্ণ শাসকীয় দলেই যেতিয়া ৰাজনৈতিক স্বাৰ্থত বিপুল জনতাৰ ৰেলী আয়োজন কৰি আহিছে, সেই সময়ত এটা পেণ্ডেলৰ আয়োজনেৰে এখন ডিজিটেল নাটকৰ প্ৰযোজনাৰে হিমাংশুৰ উদ্যোগে অন্য এক আংগিকৰ ৰাজনীতিৰ সম্ভেদ দিয়ে। ডিজিটেল নাটক “হেংদাং For Sale” বহুদিনৰ মূৰত আমি উপভোগ কৰা ৰাজনৈতিকভাৱে স্পষ্ট, আদৰ্শগত ভাবে দৃঢ় আৰু শৈল্পিক-চৰ্চা-পদ্ধতিক মূলগত স্তৰত প্ৰশ্ন কৰিব পৰা এটা আংগিক।     

 

পৰিৱেশনৰ পৰিৱেশ, বৰিহাট

 

সমুদ্র কাজল শইকীয়া

Rajya Sabha Television (RSTV),

3rd Floor, Talkatora Stadium Annexe Building, New Delhi – 110001

email: kankhowa@gmail.com, mobile: +91 9811375594

No comments: