ডঃ বাণিকান্ত কাকতি

...সাহিত্যৰ ক্ষেত্রত নতুনকৈ কৰিবলগীয়া কাম একো নাই। সাহিত্য ধ্বনি আৰু প্রতিধ্বনি মাথোন। পূর্বপুৰুষ সকলৰ ভাবৰ ধ্বনি যাৰ হৃদয়ত পুৰাকৈ প্রতিধ্বনিত হয় সিয়েই সফলতা লাভ কৰে... ডঃ বাণীকান্ত কাকতি, বাঁহী, ১৩শ বছৰ, অষ্টম সংখ্যা, আঘোণ, ১৮৪৭ শক।

Blog Archive

Saturday, January 22, 2022

পেখু পেখু (আঠসত্তৰ): আই-ঐ-দেহী সংস্কৃতি : পাৰ্শ্বজ্যোতি আৰু মূল্যাৰোপন (Value Addition)

  ["দৈনিক অসম"ৰ দেওবৰীয়া চ'ৰাত প্ৰকাশিত, ২২ আগষ্ট, ২০২১]

মূল্যাৰোপন বুলিলে সচৰাচৰ শৈল্পিক কাম এটা প্ৰাথমিক স্তৰ সম্পূৰ্ণ হোৱাৰ পিছত তাত সংযোগ কৰা পৰৱৰ্তী স্তৰৰ আঁচোৰখিনিকে বুজি থকা হয়। যিকোনো প্ৰসংগকেই বাহ্যিক বা আপাত অপ্ৰাসংগিক সূত্ৰ কিছুমানেৰে ব্যাখ্যা কৰি তাত মূল্য আৰোপণ কৰাৰ প্ৰৱণতা এটা আমাৰ থাকেই। শব্দ আৰু দৃশ্যৰ সংযোগ তথা বিযোগ সম্পৰ্কীয় কথাবোৰত এনে প্ৰসংগ সাধাৰণতেই আহি থাকে। ছবি এখন তাৰ দৃশ্যগুণেৰেই স্বয়সম্পূৰ্ণ হয় নে নহয়? কেৱল চাক্ষুস বা ৰেটিনা নিৰ্ভৰ সংবেদনাতে ভৰ দি ই ঠিয় দি থাকে, নে ভাষিক ব্যাখ্যাৰ বাবেই ই মুখ মেলি থাকে? ছবি এখন কেৱল ছবি, যি চাক্ষিক সি কেৱল চাক্ষিক- তাৰ বাহিৰত কোনো মৌখিক বা লিখিত ভাষাৰে ব্যাখ্যা কৰিব পৰা কাহিনীৰ যে প্ৰয়োজন নাই তাকে সাব্যস্ত কৰিবলৈ আধুনিকতাবাদৰ আলমত ভালেখিনি শিল্পৰ আন্দোলন ঘটি গৈছে। আনকি বিমূৰ্ত শিল্পধাৰাৰ উন্মেষৰ আঁৰতো ই এক প্ৰধান কাৰণ বুলি কৈ থকা হয়। চিত্ৰ আৰু ব্যাখ্যাচিত্ৰ বুলি দুটাকৈ অভিধা সৃষ্টি হোৱাৰো ইয়ে কাৰণ। চিত্ৰ এখন কেৱল চিত্ৰ, ই কিবা কাহিনী এটা ব্যাখ্যা কৰিবই লাগিব বুলি কোনো কথা নাই। কিন্তু সমান্তৰলভাবে ইয়ো সত্য যে পূৰ্ৱৱৰ্তী কিম্বা পৰৱৰ্তী পৰ্যায়ৰ কথা-বতৰা আৰু গল্প-গুজৱে কোনো শিল্পকেই সমূলি লগ এৰা দিয়া নাই। দুই এজনক বাদ দি আমাৰ মাজৰে কোনেও আন নালাগে বিষ্ণু ৰাভাই অঁকা শংকৰদেৱৰ ছবিখনকেই চাই পোৱা নাই। কিন্তু আমি সেই সম্পৰ্কে যৎকিঞ্চিত জানো কাৰণ আমি তাৰ কথা শুনিছোঁ। মুখেৰে ক’ব পৰা বা কাণেৰে শুনিব পৰা, হাতেৰে লিখিব পৰা বা পঢ়িব পৰা ভাষাৰে তাৰ কিছুমান কাহিনীৰ সন্মুখীন হৈছোঁ। 

ভেন গঘ, ঘেঁহুপথাৰৰ উপৰেদি কাউৰীজাক 

জন বাৰ্জাৰৰ ‘ৱেইজ অফ চিয়িং’ কিতাপৰ পৃষ্ঠা

এনেবোৰ প্ৰসংগত জন বাৰ্জাৰে ‘ৱেইজ অফ চিয়িং’ কিতাপখনত ভেন গঘৰ সেই বিখ্যাত ঘেঁহু খেতিৰ ওপৰেৰে কাউৰী উৰি যোৱাৰ ছবিখনৰ কথাৰে যেনেকৈ জেৰ টানিছে তালৈ মনত পৰে। এপৃষ্ঠাত ছবিখন দিয়া হৈছে পাঠক-দ্ৰষ্টাক কেৱল চকুৰে চাবৰ বাবে। একেখন কিতাপৰে পিছৰ পৃষ্ঠাত ছবিখন আকৌ দিয়া হৈছে কিন্তু এইবাৰ তলত বাক্য এটাত উল্লেখ আছে যে- এইখনেই ভিনচেণ্ট ভেন গঘে আত্মহত্যা কৰাৰ আগেয়ে অঁকা জীৱনৰ শেষখন ছবি। চাওক, আগৰ পৃষ্ঠাত হয়তো আপুনি যিকোনো এখন নিসৰ্গ চিত্ৰ যেনেকৈ চায় তেনেকৈয়ে চাইছিল, কিন্তু এইবাৰ আপুনি আকৌ এবাৰ চালে, কিন্তু এইবাৰ অন্য এটা মানসিক প্ৰস্তুতি লৈ। এইটো এটা কাহিনী- এইখন আত্মহত্যাৰ আগেয়ে অঁকা জীৱনৰ শেষ ছবি। এই নেৰেটিভটোৱে ছবিখনৰ ব্যাখ্যাকো মুহূৰ্ততে সলনি কৰি দিলে।  

এইখিনি শিল্পৰ কথা। কিন্তু শিল্পক বাদ দি অন্যান্য ক্ষেত্ৰতো দেখোঁ মূল কামটোতকৈ তাৰ অনুষাংগিক কথা-বতৰা গল্প-গুজবখিনি কেতিয়াবা আগবাঢ়ি যায়। ক নামৰ খেলুৱৈ এগৰাকীয়ে অধ্যাৱসায়ৰ বলত অলিম্পিকত খেলিবলৈ গ’ল, এটা পৰ্যায়লৈকে কৃতকাৰ্যতাও লাভ কৰিলে। এইটো এটা কামৰ কথা। এতিয়া প্ৰচাৰিত হ’ল ক কেনেকৈ এখন দুখীয়া ঘৰৰ পৰা অশেষ কষ্টৰ মাজেৰে আগবাঢ়িছিল তাৰ কাহিনী। আমি দেখিবলৈ পালোঁ এটা কেঁচা ঘৰৰ মজিয়াত বহি ক-ই ভাত খাই থকাৰ দৃশ্য। ক-ৰ কৃতকাৰ্যতাৰ বাতৰিটোত সংযোজিত হ’ল এটা অন্য নেৰেটিভ- মূল্যাৰোপণ বা ভেল্যু-এডিচনৰ প্ৰয়োজনত। ক-ৰ নামটো দুদিন পিছতে হয়তো পাহৰি যাব। কিন্তু ৰৈ যাব এই দুখীয়া হৈয়ো অমুক দক্ষতা প্ৰদৰ্শন কৰাৰ কাহিনীটো। এতিয়া ক নহৈ যদি সেই ঠাইত খ হ’লহেতেন আৰু খ যদি ধনী ঘৰৰ ব্যক্তি হ’লহেতেন তেতিয়া কি হ’লহেতেন? নেৰেটিভখিনি সলনি হ’লহেতেন, কিন্তু তাৰ আধাৰটো একেই থাকিলেহেতেন। ধনীঘৰত দাঙৰ দীঘল হৈয়ো খ-ই অমুক ক্ষেত্ৰত মনোনিৱেশ কৰিলে- ই আপাত দৃষ্টিত অন্য এটা নেৰেটিভ যেন লাগিলেও কিন্তু ইয়ো একেটা আধাৰৰেই সম্প্ৰসাৰণ। এই কাহিনীবোৰ এৰাব নোৱৰা। বহল দৃষ্টিৰে, এইবোৰ কাহিনীৰ কোনো দোষো নাই। সমস্যাটো তেতিয়াহে হয় যেতিয়া কাহিনীবোৰ বহুদূৰ আগবাঢ়ি যায় আৰু মূল প্ৰসংগটো তল পৰি ৰয়। যেতিয়া আনুষংগিক কাহিনীটোক লালন পালন কৰি অভ্যস্ত হৈ আমি কাহিনীটোক জীয়াই ৰাখিবৰ তাগিদাতে আনকি মূল প্ৰসংগটোৰো ক্ষতিসাধন কৰিবলৈ কুণ্ঠাবোধ নকৰা হওঁগৈ। 

মীৰাবাই চানুৰ ঘৰুৱা পৰিৱেশৰ ছবি

এনে আনুষংগিক নেৰেটিভৰে বলি হৈ আটাইতকৈ ক্ষতিগ্ৰস্থ হ’ল অসমীয়া সাহিত্যিক-শিল্পীকূল। “তুমিতো জানাই এই কবিৰ আৰু একো নাই” বোলা নেৰেটিভটোৱে অসমীয়া কবিক ধনী হ’বলৈ নিদিলে। শিল্পীয়ে সুন্দৰৰ উপাসনা কৰে বোলা নেৰেটিভটোৰ ফলতে এজনে যদি লিখে স্মৃতিৰ জোনাক, আনজনে লিখে স্মৃতিৰ ৰ’দালি। এজনে যদি গায় জোনাকী ৰাতি, আনজনে গায় উজাগৰী নিশা। এই নেৰেটিভবোৰ আমাৰ সামুহিক চেতনাত ইমানেই আগবাঢ়ি গ’ল যে দাৰিদ্ৰ্যৰ উদযাপন আৰু গৰিমা বিস্তাৰে ধৰ্ষকামী (sadist) মনস্তত্বক প্ৰতিপালন কৰিবলৈ ল’লে। ক্ৰীড়াজগতৰ কথাবতৰাতো বহুজনে বিশ্লেষণ কৰি ক’বলৈ ল’লে কেনেকৈ দাৰিদ্ৰইহে ক-ৰ, খ-ৰ অথবা গ-ৰ অধ্যাৱসায় আৰু কৃতকাৰ্যতাক সহায় কৰিছিল। এইটো হয় যে খেলুৱৈসকলৰ সংগ্ৰামৰ কাহিনী আন হাজাৰজনৰ কাৰণে অনুপ্ৰেৰণাৰো কাহিনী। কিন্তু তাৰ মানে এইটো হ’ব নালাগে যে দৰিদ্ৰতা অথবা সা-সুবিধাবোৰৰ পৰা বঞ্চিত হৈ ৰ’বলগীয়া পৰিৱেশ একোটাক আমি গৰিমামণ্ডিত কৰি থাকিম।

 এনেবোৰ কাৰণতে আমাৰ সমাজত একধৰণৰ ‘আই-ঐ-দেহী সংস্কৃতি’য়ে গা কৰি উঠিবলৈ সুবিধা পালে। কেনেকৈ একালত চৰম অসুবিধাৰ মাজেৰেও জ্যোতিপ্ৰসাদে চিনেমা এখন কৰিছিল তাৰ কাহিনী আমি শুনিছোঁ, শুনি অনুপ্ৰাণিতও হওঁ। কিন্তু আজিৰ তাৰিখতো অসমীয়া চিনেমা এখন সম্পৰ্কে কথা পাতিবলৈ গৈ কিমান অসুবিধাৰ মাজেৰে কামটো কৰি উঠিছে তাক প্ৰাধান্য দি ‘আই-ঐ-দেহী আমাৰ অমুকে যে ইমান কষ্টৰে তমুকটো কৰিব পাৰিছে’ বুলিয়ে বিতচকুৰে চিনেমাখন চাবলৈ লওঁ। এয়া এটা উদাহৰণ মাত্ৰ। এনেকৈয়ে মজলীয়া (mediocre) মানৰ শিল্পকো গৰিমামণ্ডিত কৰি আমাৰ সামূহিক শিল্পচেতনাকেই অৱনমিত কৰি ৰখা হৈ আছে। শিল্পক বিতচকু খুলি তাৰ আপোন স্থানত চাবলৈ যেনিবা আমি আজিও নাৰাজ।    

এইখন অসমতে এটা নোহোৱা নোপজা ঘটনা ঘটিছিল। দেশ আৰু সমাজৰ বিভিন্ন সমস্যাক সন্মুখলৈ আনি সোচ্চাৰ হৈ থকা এজন ব্যক্তিক বিনা কাৰণত (শেষ পৰ্যন্ত যাৰ অপৰাধেই সাব্যস্ত হোৱা নাছিল) ডেৰ বছৰৰ অধিক কাল জেইলত ভৰাই থোৱা হৈছিল। এটা ঐতিহাসিক ঘটনা ইয়ো যে জেইলত থাকিয়েই তেঁও ৰাজনৈতিক নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰি জিকিছিল। প্ৰতিদ্বন্দিতা কৰিবৰ পৰত বা জিকিবৰ পিছতো তেওঁ জেইলত আছিল। পিছত এটা সময়ত যেনিবা তেঁও মুকলি হ’ল। এতিয়া ৰাজনৈতিক বিশ্লেষণৰ আগ্ৰহীসকলে ক’বলৈ ল’লে- কেনেকৈ জেইলত থকাটো সেই ব্যক্তিজনৰ ৰাজনৈতিক কেৰিয়াৰৰ বাবে এটা ‘ভাল কথা’ আছিল। জেইলত থাকি প্ৰতিদ্বন্দিতা- এটা আজৱ ঘটনা হয় আৰু এই কাহিনীয়ে মুহূৰ্তৰ ৰাজনীতিক প্ৰভাৱিত কাৰাটোও সঁচা হ’ব পাৰে। কিন্তু নিৰ্বিচাৰে কিম্বা ভুল বিচাৰে এজন ব্যক্তিৰ কৰ্মঠ সময়ৰ এটা দীঘলীয়া সময় কাৰাবাসৰ নামত নষ্ট হোৱাৰ কথাটোক তল পেলাই সংগ্ৰামী ব্যক্তিৰ কাৰাবাসৰ কাহিনীক গৰিমামণ্ডিত কৰাৰ প্ৰৱণতাটো ধৰ্ষকামীয়েই হয়। 

এনেকৈ হ’লে, আমি বহুত কাহিনী শুনিবলৈ পাওঁ, অমুক লেখকজনে তমুক বিখ্যাত কিতাপখন হেনো কাৰাবাসত থাকোঁতে লিখিছিল, তেনেহ’লে সকলো লেখককে ধৰি বান্ধি নি জেইলত ভাৰাই থোৱা উচিত। মই অন্ততঃ ইমান দিনে ইমানকে বুজিলোঁ।   

 

সংঘৰ্ষক গৰিমামণ্ডিত কৰাক লৈ কৰা এটা সমসাময়িক মীম (meme) 

 

সমুদ্ৰ কাজল শইকীয়া

Address for communication:

Samudra Kajal Saikia, Kamar Gaon, Biswanath Chariali, Biswanath- 784176,

email: kankhowa@gmail.com, mobile: +91 9811375594


No comments: