ডঃ বাণিকান্ত কাকতি

...সাহিত্যৰ ক্ষেত্রত নতুনকৈ কৰিবলগীয়া কাম একো নাই। সাহিত্য ধ্বনি আৰু প্রতিধ্বনি মাথোন। পূর্বপুৰুষ সকলৰ ভাবৰ ধ্বনি যাৰ হৃদয়ত পুৰাকৈ প্রতিধ্বনিত হয় সিয়েই সফলতা লাভ কৰে... ডঃ বাণীকান্ত কাকতি, বাঁহী, ১৩শ বছৰ, অষ্টম সংখ্যা, আঘোণ, ১৮৪৭ শক।

Blog Archive

Tuesday, May 31, 2022

পেখু পেখু (বিৰাশী) : কালবিচাৰক : সময়ে বিচাৰ নকৰে

    ["দৈনিক অসম"ৰ দেওবৰীয়া চ'ৰাত প্ৰকাশিত, ১৩ ফেব্ৰুৱাৰী, ২০২২]


সময়ৰ শেষ আছে।

যাত্রা শেষ হয় পোহৰৰো।

[নৱকান্ত বৰুৱা, এলবার্ট আইনষ্টাইন সমীপেষু’] 

 

 

আমাৰ সাংস্কৃতিক পৰিমণ্ডলত বতাহতে উৰি-ঘূৰি ফুৰা বেছিভাগ কথা-বাৰ্তাই কেৱল শুনিবলৈ ভাল বাবেই কৈ থকা হয়, অথবা কোনোবাই ক’ৰবাত কৈছিল বাবেই তাকে দোহাৰি থকা হয়। “সময়ে বিচাৰ কৰিব” বোলা কথাষাৰো তেনেকুৱাই। বিশেষকৈ নতুন প্ৰতিভাই স্বীকৃতি নোপৱাৰ প্ৰসংগত জ্যেষ্ঠজনে কিম্বা সমসাময়িক কোনোবা এজনে উৎসাহ দিবলৈ এনে এষাৰ কথা কয়- নিজৰ অভ্যাস চলাই গৈ থাকা, সময়ে বিচাৰ কৰিব। কথাষাৰৰ ভিত্তি নথকা নহয়, কিন্তু তাৰ সীমাবদ্ধতা আছে। সেইখিনি কথাও পাতিবপৰা পৰিৱেশ এটাহে এতিয়া লাগে।

 

সময়ৰ বিচাৰত উত্তীৰ্ণ হোৱা উদাহৰণসমূহ সৰ্বজনবিদিত। মহান শিল্পীসকলৰ ক্ষেত্ৰত ভেন গঘৰ নাম বৰকৈ লোৱা হয়, কেনেকৈ জীৱনকালত বিশেষ কৃতকাৰ্যতা লাভ কৰিব নোৱাৰিলেও পৰৱৰ্তী কালত ভিনচেণ্ট নিজৰ কৰ্মৰ বলতেই অমৰ হৈ ৰ’ল। ১৮৯০ চনত মৃত্যু হোৱালৈকে মাত্ৰ এখনহে ছবি তেওঁ বেচিব পাৰিছিল আৰু ১৯১০ চনৰ পিছতহে খ্যাতি লভিবলৈ সক্ষম হৈছিল। বিশ্বজুৰি বিখ্যাত হেৰী পটাৰৰ লেখিকা জে কে ৰাউলিঙে কিমানবাৰ প্ৰকাশকৰ পৰা প্ৰত্যাখ্যান পোৱাৰ পিছত অৱশেষত প্ৰকাশৰ মুখ দেখিবলৈ পাইছিলগৈ সেই কাহিনীটোও বহু সময়ত উল্লেখ কৰা হৈ থাকে। ভেন গঘেই নহয় শিল্পজগতৰ আটাইতকৈ প্ৰভাৱশালী আন্দোলন মনচ্ছায়াবাদৰ পুৰোধা ব্যক্তি ক্ল’ড মনেয়ে (Claude Monet) জীৱিতকাল কেৱল তিৰষ্কাৰ আৰু প্ৰত্যাখান পায়েই কটাইছিল। মৃত্যুৰ পিছতহে যথাযোগ্য স্বীকৃতি পাইছিল। তেনেকৈ আজি আমি শ্ৰেষ্ঠতাৰ বিচাৰত উচ্চ আসন দি অহা এল গ্ৰেক’ (El Greco), ভিনচেণ্টৰ সমসাময়িক পল গঁগা (Paul Gauguin), উত্তৰ-মনচ্ছায়াবাদৰ কালৰে অন্যতম পল চেজাঁ (Paul Cézanne), চেৰা (Georges-Pierre Seurat), লট্ৰেক (Henri de Toulouse-Lautrec), অথবা যোহান ভাৰ্মিয়াৰ (Johannes Vermeer) যি মৃত্যুৰ সময়লৈ সাংঘাতিক আৰ্থিক অনাটনত ভূগিছিল, তেওঁকে ধৰি শিল্পীৰ তালিকাখন যথেষ্ট দীঘল। আলোকচিত্ৰশিল্পী ভিভিয়ান মেইয়েৰক জীৱিতকালত কোনেও চিনিও নাপালে, নিজৰ পৰিয়ালৰ মানুহেও বুজিয়ে নাপালে তেখেতে কৰিছিলনো কি!

 


আমেৰিকান লেখক, উপন্যাসিক আৰু শিল্পী হেনৰী যোছেফ ডাৰ্গাৰৰ মৃত্যুৰ পিছতহে আৱিষ্কাৰ হৈছিল তেওঁৰ ১৫,১৪৫ পৃষ্ঠাৰ পাণ্ডুলিপি- ‘The Story of the Vivian Girls’। একেধৰণৰ কাহিনী জড়িত আছে ভালেখিনি আজিৰ দিনৰ পৰিপ্ৰেক্ষিতেৰে নমস্য লেখক সাহিত্যিকৰ সৈতে। ফ্ৰাঞ্জ কাফকাক আজি এজন চেলিব্ৰিটী যেনেই ধাৰণা হয় কিন্তু বাস্তৱতে কোনো প্ৰকাশকে তেওঁৰ লেখা প্ৰকাশ কৰিবলৈ খোজা নাছিল। জীৱনৰ শেষ সময়খিনিত তেওঁ আনকি নিজৰ বন্ধু এজনক তেওঁৰ সমস্ত লেখা পুৰি পেলাবলৈকো কৈছিল। জীৱনৰ শেষৰ ফালে নিজৰ সৃষ্টিৰাজিক পুৰি পেলাবলৈ বিচৰা আৰু কেইজনমান লেখকৰ কথা গীতাশ্ৰী তামুলীয়ে তেওঁৰ কিতাপ এখনত উল্লেখ কৰিছিল (“কেতিয়াবা লেখকসকলে নিজেও নিজৰ কিতাপ দাহ কৰিব খোজে। কাফকাই মৃত্যুশয্যাত পৰি থাকোঁতে তেওঁৰ কিতাপবোৰ পুৰি পেলাব খুজিছিল। জৰ্জ লুই বৰ্হেছে বাস্তৱিকতেই তেওঁৰ আগবয়সৰ ৰচনাবোৰ ধ্বংস কৰিছিল। মৃত্যুৰ আগে আগে ভাৰ্জিলে তেওঁৰ 'ইনীড'খন পুৰি পেলাব খুজিছি -গীতাশ্ৰী তামুলী, 'কিতাপৰ কাহিনী', "সাহিত্য আৰু সমালোচনা")। জীৱিতকালত জন কীটছ পাঠক-সমালোচকৰ প্ৰিয়ভাজন নাছিল। এমিলী ডিকিনচন, জেন আষ্টিন, এডগাৰ এলান পো, হেনৰী ডেভিড থ’ৰু, হাৰমান মেলভিল, চিলভিয়া প্লেথ, এডিথ হ’ল্ডেন- এখেতসকলো মৃত্যুৰ পিছত জনপ্ৰিয়তা অৰ্জন কৰা ব্যক্তিত্ব। আজিৰ তাৰিখত অত্যন্ত জনপ্ৰিয় অস্কাৰ ৱাইল্ড মৃত্যুৰ সময়লৈ দেউলীয়া হৈ পৰিছিল। লেখক ষ্টীগ লাৰ্ছনক জীৱনকালত মানুহে কেৱল এজন সাংবাদিক বুলিয়ে জানি থাকিলে। 

 

যোহান বাচ হেন আজিৰ প্ৰখ্যাত সংগীতজ্ঞ জীৱিতকালত সিমান খ্যাত নাছিল। সংগীতৰ জগতত তেনেকৈয়ে আছে নিক ড্ৰেক, জেফ বাকলী আদি নামবোৰ। জন লেলন হয়তো এইটো শাখাত তেনেকৈ নপৰে। কিন্তু তেওঁৰ মৃত্যুৰ কাহিনীয়ে তেওঁৰ মৃত্যুৰ পিছত যে তেওঁক অনন্য এক জনপ্ৰিয়তাৰ শিখৰলৈ লৈ গ’ল সেইটো কথা এইখিনিতে উনুকিয়াই থ’ব পাৰি। ইভা কাছিডী, ৰবাৰ্ট জনছন, কাৰ্ট কোবেইন ফ্ৰেডেৰিক ডেলিয়াছ- আদিৰ নাম আছে এই একেখন তালিকাত। শিল্প-সাহিত্যৰ কথা পাতি আছোঁ হয়, বিজ্ঞানৰ জগতখনো জানো পৃথক? ১৬৪২ চনতেই মৃত্যুবৰণ কৰা গেলিলিঅ’ গেলিলিৰ কাহিনীবোৰ আমি প্ৰায় সকলোৱেই জানো। ঊনবিংশ শতিকাতহে তেখেতৰ পুনৰমূল্যায়ন সম্ভৱপৰ হৈ উঠিলগৈ। তেনেকৈয়ে আহে গ্ৰেগৰ যোহান মেণ্ডেল, আলফ্ৰেড ৱেগনাৰ, আদিৰ নাম।

 

শিল্পী Urs Fischer-ৰ মমৰ ভাস্কৰ্য


শিল্পী Néle Azevedo-ৰ বৰফৰ ভাস্কৰ্য অধিষ্ঠাপন


এয়া হ’ল বিচাৰক সময়ৰ কাহিনী। কথাখিনি কিছুমান ক্ষেত্ৰত উৎসাহজনক যেন লাগিলেও কিন্তু আচলতে পশ্বাদগামী। ভিনচেণ্টৰ কাহিনীটোৱে গোটেই জীৱন দুখকষ্টত থকা এজন আধুনিকতাবাদী সমাজ-বিৱৰ্জিত শিল্পীৰ ধাৰণাটোক সাৰ-পানী যোগায়। মৰাৰ পিছত ধন-সম্পত্তিৰেই বা কি কাম, মান-যশৰেই কি কাম? ভালেখিনি অনুপ্ৰেৰণামূলক বা ম’টিভেচনেল কথাবাৰ্তাৰ পাৰ্শ্বজ্যোতি এয়েই যে যিখিনি হ’ব আচলতে নালাগে সেইখিনিক মান্যতা দিয়া। একেধৰণৰ কথা আমি আগতেও এই শিতানতে পাতি আহিছোঁ, দুখ কষ্টৰ মাজেৰেও কৃতকাৰ্যতা লাভৰ কাহিনীবোৰে আমাক প্ৰেৰণা দিয়ে হয়, কিন্তু কৃতকাৰ্যতৰ বাবে দুখ-কষ্ট অথবা দাৰিদ্ৰ্যৰ যাতনা ভূগিবই লাগিব বোলা ধাৰণাটো অত্যন্ত ৰোমাণ্টিক আৰু বিপদজনক। এনে প্ৰেৰণাৰ প্ৰয়োজন নাই যি প্ৰেৰণাবাণীয়ে প্ৰকাৰান্তৰে একধৰণৰ দুঃখবিলাস বা মেলাংকলিহে লালন কৰিবলৈ লয়।

 

যি সময়ত প্ৰতিভা এটাৰ উন্মেষ ঘটে তাৰ স্বীকৃতি তেতিয়াই লাগিব। সময়ৰ বিচাৰলৈ ৰৈ থাকিলে কথা নিসিজে। সময়ে বিচাৰ কৰিব বুলি যিখিনি উদাহৰণ দি থকা হয় সেইবোৰ কিছু ব্যতিক্ৰমহে, সেয়া মান্য বা ষ্টেণ্ডাৰ্ড হ’বলৈ দিব নোৱাৰি। ক্ৰীড়াৰ জগতত খেলুৱৈ এজনে তেওঁৰ আগবয়সতেই যিমান কাম আছে কৰিব লাগিব। সময়ৰ বিচাৰলৈ ৰৈ থাকিলে শৰীৰে প্ৰতিভাৰ লগ এৰা দিব। লেখা-মেলাৰ ক্ষেত্ৰতো একে কথা। আৰু বহুতো গুৰুত্বপূৰ্ণ প্ৰসংগ আহি পৰে। ২০০০ চনৰ নাটক এখনৰ সমালোচনা এটা ২০২০ চনত প্ৰকাশ কৰিলে কাম নিসিজে। সেই সময়ৰ সাংস্কৃতিক চৰ্চাৰ গতিবিধি আজিৰ তাৰিখত নিমিলিব। যিখন নাটকৰ অভিনয়ৰ আলোচনা কৰা হৈছিল সেইসকল অভিনেতাৰ কোনোবাজন হয়তো আজিলৈ সিপুৰীও পালেগৈ।

 

যথাসময়ত প্ৰতিভাৰ মূল্যায়ণ নোহোৱাৰ আখেজটো অসমতেই আটাইতকৈ বেছি যেন লাগে। কিন্তু এই আখেজটো কেৱল আখেজ হৈয়ে ৰয়। তাৰ নিৰাময়ৰ কোনো উদ্যোগ আমি দেখা নাপাওঁ আৰু সেইকাৰণেই ‘সময়ে বিচাৰ কৰিব’ কথাষাৰ অসমৰ বাবে আৰু বেছি ক্ষতিকাৰক। এটা বৌদ্ধিক আন্দোলন চলিবলৈ হ’লে কোন সময়ত কোনজন ব্যক্তিয়ে কি কথা চিন্তা কৰিছে সেই চিন্তাৰ খতিয়ন সঠিকভাবে ৰ’লেহে তাৰ সমৰ্থনত কিম্বা তাৰ বিতৰ্কত এটা বৌদ্ধিক বাগধাৰাই বিকাশ লাভ কৰিব পাৰে। চিন্তাৰো সময় থাকে।

 

হে প্ৰিয় পাঠক, আপুনিয়েই দ্ৰষ্টা। দ্ৰষ্টায়েই আচল স্ৰষ্টা। বিচাৰৰ ভাৰ আপোনাৰ। অনুগ্ৰহ কৰি সময়ক বিচাৰক নাপাতিব। বিশ্বাসহীনতাৰ এটা যুগত বাস কৰি থাকি অন্ততঃ এইখিনি বুজি পাওক যে সময়কো বিশ্বাস কৰিব নোৱাৰি। 

 

সমুদ্ৰ কাজল শইকীয়া

Email: kankhowa@gmail.com, mobile: +91 9811375594

No comments: