ডঃ বাণিকান্ত কাকতি

...সাহিত্যৰ ক্ষেত্রত নতুনকৈ কৰিবলগীয়া কাম একো নাই। সাহিত্য ধ্বনি আৰু প্রতিধ্বনি মাথোন। পূর্বপুৰুষ সকলৰ ভাবৰ ধ্বনি যাৰ হৃদয়ত পুৰাকৈ প্রতিধ্বনিত হয় সিয়েই সফলতা লাভ কৰে... ডঃ বাণীকান্ত কাকতি, বাঁহী, ১৩শ বছৰ, অষ্টম সংখ্যা, আঘোণ, ১৮৪৭ শক।

Saturday, July 23, 2016

কবি আৰু আধুনিকতাবাদৰ পুহকৰ


কবিৰ ব'ৰ্ডাৰলাইন পাৰ্ছনেলিটি ডিজৰ্ডাৰ
আৰু আধুনিকতাবাদৰ পুহকৰ


“সময়ৰ বলুকাৰাশিত পদচিহ্ন ৰখাৰ
উন্মাদ বাসনা আমাৰ নাই। আমি
বুৰঞ্জীৰ শিলাখণ্ডৰ জীৱন্ত ফছিল।”
             (হেম বৰুৱা, “পোহৰতকৈ এন্ধাৰ ভাল”, বালিচন্দা) 


প্ৰথম ভাগঃ 

অসমীয়া সাহিত্যত আধুনিকতাবাদৰ বিৰোধী মুক্তিযুদ্ধখনৰ আটাইতকৈ আগৰণুৱা (আগৰণুৱা শব্দটো মন কৰিব) মুক্তিযোদ্ধাজনৰ নাম আছিল নীলিম কুমাৰ। 

নীলিম কুমাৰৰ হাততে কবিতাই সৰ্বাধিক স্বাধীনতা লাভ কৰিছিল। এতিয়া এই স্বাধীনতা বোলোতে দুই ধৰণৰ স্বাধীনতাৰ কথা মনলৈ আহিছে। 'অস্তিত্বটোৱেই কবিতাৰ আচল সংজ্ঞা তথা পৰিচয়' - নকান্ত বৰুৱাই এনেদৰে কৈছিল এটা সাক্ষাৎকাৰত [উৎস পাহৰিছোঁ, বহুকাল আগতে এখন কাকতত প্ৰকাশিত]। 'কবিতা মূলতঃ স্বাধীন' বুলি হীৰুদাই যেতিয়া লিখিছিল তেতিয়া আমি পুৰাপুৰি স্পষ্ট নাছিলোঁ কেনে ধৰণৰ স্বাধীনতাৰ কথা কোৱা হৈছে। কিন্তু লিখাৰ আগমুহূৰ্তলৈকেহে কবিতা এটা নিজৰ হৈ থাকে, লিখাৰ পিছত আৰু নিজৰ হৈ নাথাকে বুলি যেতিয়া কয়, তেতিয়া আমি স্পষ্টকৈয়ে বুজি পাওঁ তেখেতে কি ক'ব খুজিছে। এয়া এক ধৰণৰ স্বাধীনতা - যি স্বাধীনতা স্ৰষ্টাৰ পৰা সৃষ্টিৰ। 

আজিৰ পৰা প্ৰায় চল্লিশ বছৰমান আগতেই বিশ্বজুৰি এটা ঢৌ বা আন্দোলন ঘটিছিল সৃষ্টিক স্ৰষ্টাৰ পৰা মুক্তি দিবৰ বাবে।  বিগত শতিকাৰ সত্তৰৰ দশকত এহাতে লেখকৰ মৃত্যু ঘোষণা কৰিলে বাৰ্থে। ডনাল্ড প্ৰিজিঅ'জিয়ে দেখুৱালে কেনেকৈ ইতিহাসৰ গতিবিধিত স্ৰষ্টাক প্ৰাধান্য দিবলৈ গৈ সৃষ্টিক আৰু দ্ৰষ্টাক উপেক্ষিত কৰি ৰখা হ'ল। আমাৰ দেশতো বাদল সৰকাৰৰ দৰে লোক মঞ্চৰ পৰা বাটপথলৈ নামি আহিল দৰ্শকৰ সাক্ষা বিচাৰি।

প্ৰিজিঅ'জিয়ে ক'ব খোজা কথা খিনি ব্যাখ্যা কৰিবলৈ গৈ কৰ্মশালাবোৰত আমি এটা খেলা খেলোঁ।  ধৰা হওক ভেন গঘৰ “পটেট'-ইটাৰ্ছ” নামৰ ছবিখন আপোনালোকৰ সন্মুখত তুলি ধৰা হ'ল আৰু সোধা হ'ল - ছবিখন দেখি তৎক্ষণাত আপোনালোকৰ মনলৈ কি আহিছে এটা শব্দত বা এটা বাক্যত কওক।  এতিয়া আপোনালোকৰ এজনে ক'ব - ভেন গঘ। সঁচা, শুদ্ধ, ছবিখন ভেন গঘেই অঁকা। আন এজনে ক'ব - পটেট'-ইটাৰ্ছ, কেইজনমান মানুহে সন্ধিয়া শ্ৰমৰ শেষত আলু খাই আছে। হয়, এয়ে ছবিখনৰ বিষয়বস্তু। তৃতীয়জনে ক'ব - অইল পেইন্টিং, ৰুক্ষ তুলিকাৰ আঁচোৰেৰে কৰা। এয়াও সঁচা। কিন্তু কোনেও উল্লেখ নকৰে ছবিখন কাৰ কাৰণে কৰা, কোনে ছবি খন চাই আছে তাৰ কথা। দৰ্শক উপেক্ষিত। শিল্প যদি সৃষ্টা আৰু দ্ৰষ্টাৰ মাজৰ সম্পৰ্ক স্থাপনৰ মাধ্যম হয় তেনেহ'লে দৰ্শক সকলোতে কিয় উপেক্ষিত। এয়া আছিল প্ৰিজিঅ'জিৰ প্ৰশ্ন।

তেখেতৰ ভাষাৰেই- "শিল্প ইতিহাসৰ চৰ্চাক্ষেত্ৰখনৰ বিৰ্তনলৈ যদি আমি মনযোগেৰে চাওঁ তেতিয়া হ'লে আমি ভূমিকা পালন কৰি থকা পাঁচটা প্ৰযুক্ত উপাদান দেখিবলৈ পাম-
ক) সৃষ্টিকৰ্তা/ শিল্পী
খ) উৎপাদনৰ প্ৰক্ৰিয়া বা পদ্ধতি
গ) বস্তু (শিল্প)
ঘ) গ্ৰহণ কৰাৰ পদ্ধতি
ঙ) ব্যহাৰকাৰী/ দ্ৰষ্টা...
(ঙ-ভাগত সংযুক্ত সকল হ'ল- পাঠক, উপভোক্তা, এটা সংবহনৰ সংগ্ৰাহক - লাগিলে তেখেতলৈ উদ্দেশ্য কৰি সেইটো প্ৰেৰিত হওক বা নহওকেই, সমালোচক, তত্বাবধায়ক, ভক্ত)।"

প্ৰিজিঅ'জিয়ে আৰু কয় যে, "ইতিহাসৰ লেখাসমূহলৈ ভালকৈ মনিলে ওলাই পৰে যে আন কেইটা উপাদানতকৈ ঙ ভাগটোৰ খুব কমেইহে ৰূপকশোভিত পাঠ-পাঠান্তৰ পোৱা গৈছে- কাৰণ আজিকোপতি দৰ্শকক সদায়ে নিষ্ক্ৰিয় পাঠক হিচাপেই ধৰি লোৱা হৈ আহিছে- সেয়া লাগিলে ইপ্সিত দৰ্শকেই হওক বা অনভিপ্ৰেতই হওক"। (ডনাল্ড প্ৰিজিঅ'জি, "শিল্প ইতিহাসৰ পুণৰ্চিন্তন"/Donald Preziosi, "Rethinking Art History", p. 46)।  


দুখৰ কথা যে অসমীয়া সমালোচনা সাহিত্যৰ পৰা এই আঁসোৱাহটো আজিও দূৰ নহ'ল। আজিও কবিতা সম্পৰ্কীয় লেখা এটা পঢ়োতে বাৰে বাৰে আমি পঢ়িবলৈ পাওঁ “ইয়াত কবিয়ে কৈছে যে...”, “কবিয়ে বুজাব খুজিছে যে...” এনে ধৰণৰ বাক্য। জানিবা কবিয়ে কি ক'ব খুজিছে বা কি বুজাব খুজিছে সেয়াই শেষ কথা। সমালোচনা একোটাত সমালোকৰো উপস্থিতি নাই, পাঠকৰো উপস্থিতি নাই। উপস্থিতি নাই প্ৰকাশকৰ, ক্ৰেতাৰ, বিক্ৰেতাৰ... আন কাৰোৱেই।

*

হীৰেন ভট্টাচাৰ্যই লিখিছিল, “দেশ বুলিলে আদেশ নেলাগে”। কৰবাত কাৰোবাৰ মুখত শুনিছিলোঁ, সেই আন্দোলনৰ সময়তে হীৰুদাই এদিন হেনো বাটৰ কাষৰ দেৱাল এখনত বাক্যশাৰী দেখি থমকি ৰৈ চাইছিল। “দেশ বুলিলে আদেশ নেলাগে” বুলি দেৱালত হীৰুদাই লিখা নাছিল। আছুৱে লিখিছিল।

সৃষ্টিক স্ৰষ্টাৰ পৰা স্বাধীন কৰি তুলিব নোৱাৰাতো আমাৰ আধুনিকতাবাদী হেং-অভাৰৰ ফল। আনহাতে আমাৰ বিদ্যালয় মহাবিদ্যালয়ৰ সাহিত্য বিভাগবোৰৰ শিক্ষণপদ্ধতিৰ দোষ। "পাঠেই কবিতাৰ পূৰ্ণতা" বুলি ক'লে শুনিবলৈ ভাল, ইট চাউণ্ডছ গুড। কিন্তু কাৰ্যক্ষেত্ৰত কবি-পূজনেহে প্ৰাধান্য লাভ কৰি থাকিল আমাৰ সাহিত্যত, সমালোচনাত, চৰ্চাত। 

এতিয়া আহোঁ দ্বিতীয়ধৰণৰ স্বাধীনতাৰ প্ৰসঙ্গলৈ।
এই স্বাধীনতাৰ সৈতে বাস্ততাৰ ধাৰণা সমূহ যুক্ত হৈ আছে।  কবিতাই আন কিছুমান স্বাধীনতাৰ দাবী কৰে। অৰ্থৰ পৰা শব্দৰ স্বাধীনতা। পূৰ্বাপৰ ধাৰণাৰ পৰা উক্তিৰ স্বাধীনতা। পৰপম্পৰাৰ পৰা ব্যক্তিৰ স্বাধীনতা। দেহৰ পৰা আত্মাৰ স্বাধীনতা।  কবিতাৰ পৰা কবিতাৰ স্বাধীনতা।

এইখিনিতেই নীলিম কুমাৰৰ সংগ্ৰামৰ সূত্ৰপাত। নিপুণ আধিবাস্তববাদী (পৰাবাস্তববাদি?) কৌশলেৰে নীলিম কুমাৰে দীৰ্ঘকাল ধৰি এই স্বাধীনতাৰ যুঁজখন যুঁজিলে। আঁদ্ৰে ব্ৰেটনৰ সময়ৰ অধিবাস্ততাৰ অভিধা গোটেইখিনিয়েই নীলিম কুমাৰৰ কবিতাত আছে।   

ফেচবুকৰ মজিয়াত সম্প্ৰতি নীলিম কুমাৰ (কবিতা আৰু ব্যক্তিজন) সম্পৰ্কে যিমানখিনি হৈ চৈ হোৱা দেখা গ'ল তাৰ বাবে সেই কবি-ব্যক্তি বা কবিতা যিমান দায়ী তাতকৈ বহু বেছি পৰিমানে দায়ী আচলতে আমাৰ মাজত প্ৰচলিত সমালোচনাৰ ধাৰা (ধাৰাহীনতা)। [প্ৰসঙ্গতে কৈ থওঁ- সমালোচনাও যে পদ্ধতিগত হোৱা উচিত এই ধাৰণাটোও আমাৰ মানুহে বুজি নাপায়, বা বুজিবলৈ চেষ্টাও নকৰে। এইখিনি কথাওফেচবুকৰ মজিয়াতে অলপতে প্ৰকট হৈ গৈছে।]

এইখিনিতে কেইটামান সততে চকুত পৰি থকা আঁসোৱাহ উনুকিয়াই থওঁ। সকলো সময়তে লেখা এটা সম্পৰ্কে কথা পাতোতে লেখকে কি ক'ব খুজিছে, বা বুজাব খুজিছে সেই কথাই বেছি গুৰুত্ব লাভ কৰাৰ কথা  ইতিমধ্যেই কোৱা হৈছেই। ধৰা হওক কবিয়ে একো ক'ব খোজা নাই বা একোৱেই বুজাব খোজা নাই। তেতিয়া কি হ'ব? আচল কথা নীলিম কুমাৰৰ এনে বহু কবিতা আছে য'ত কবিয়ে একো ক'ব খোজা নাই।

কান্তৰ দুটা শাৰী মন কৰক-
“যাযাবৰ ধূমকেতু নাগাচাকি খুমতাই
হাৰাকিৰি পানীপথ বন্দী হাতিমতাই”
এতিয়া অসমীয়া সমালোচকসকলে বাৰু চেষ্টা এটা কৰি চাওকচোন এইবুলি “ইয়াত কবিয়ে বুজাব খুজিছে যে...”

দ্বিতীয়টো আসোঁৱাহ হ'ল সমালোচনাৰ পৰিভাষাত আঁহে আঁহে সোমাই থকা কিছুমান পাৰম্পৰিক ধূতিনীতি আৰু আধুনিকতাবাদী মৰেল প'লিচিং। উদাহৰণ স্বৰূপে অসমীয়া সাহিত্যত থকা কিছুমান অলিখিত বিধানৰ মাজত এটা হ'ল- কবিতাত মাটিৰ গোন্ধ থাকিব লাগে। এতিয়া এই মাটিৰ গোন্ধটো কেনেকুৱা? আন এটা হ'ল- কবিৰ সামাজিক দায়বদ্ধতা থাকিব লাগে। ভাল কথা। এজন ডক্তৰৰ, এজন ইঞ্জীনীয়াৰৰ থাকিব নেলাগে নেকি? এজন পান-দোকানীৰ, এজন নাপিতৰ, এজন ৰিক্সা-চালকৰ একা? কি কৰিলে নিজৰ সামাজিক দায়বদ্ধতা প্ৰমান কৰা হয়? প্ৰমাণ কৰাটোৱেই বা কিয় জৰুৰী?

এনেকৈ কথাত কথা বাঢ়ি গৈ থাকিব। অসাধান ভাবে কৰা সমালোচনাৰ ক্ষতিৰ বিষয়ে উনুকিয়াবহে খুজিছোঁ। যেনে ধৰক “অমুকৰ কবিতা মননশীল” বুলি কোনোবাই ক'লে। এতিয়া মননশীল মানে বা কি আজিলৈকে বুজিয়েই নাপালোঁ। নাটকৰ সমালোচনাত যে পাওঁ- অমুকৰ অভিনয় যথাযথ... এই যথাযথ মানে কি? সমালোচনা সম্পৰ্কে এই লেখা নহয়, সেয়ে ইমানতে সামৰিছোঁ।  

কথা হ'ল শিল্পত বাস্ততা সম্পৰ্কে অন্যধৰণৰ আলোচনাৰ অকাশ আছে। মাৰ্ক্সীয় ভাবাদৰ্শেৰে যি সামাজিক বাস্ততাৰ কথা কোৱা হয় তাৰ এক সুকীয়া ইতিহাস আছে। সেই ইতিহাস নিজৰ ভিতৰতেই প্ৰচুৰ বিৰোধেৰে ভৰা, দ্বন্দময়, আৰু তেনেকৈয়ে সি এক ডিছকাৰ্ছিভ বাগধাৰা - যি মতান্তৰ আৰু প্ৰসঙ্গান্তৰক সময়ে সময়ে আদৰণি জনাই আহিছে। অসমীয়া ভাষাৰ কাকত আলোচনীৰ পাতত সেই বাগধাৰাৰ গভীৰতালৈ প্ৰৱেশ নকৰি সাহিত্য আৰু শিল্পত সামাজিক বাস্ততাৰ নামেৰে কিছুমান পুৰণি ধাৰণাৰ চৰ্বিত চৰ্বনেৰে চৰ্চাৰ পৰিবেশ কেবল দূষিত কৰি ৰখা হ'ল। আৰু এইখিনি বস্তুৱে বা সমলে 'মাৰ্ক্সবাদ' বা 'বুদ্ধিজীৱী' আদি শব্দ শুনিলেই সাত জাঁপ মাৰি উঠা এচাম মানুহক সুবিধা দি আহিছে।

ছুৰিয়েলিজম বা অধিবাস্তবাদী আন্দোলনৰ প্ৰয়োজন এইকাৰণেই আছিল যে শিল্পৰ নিজস্ব এখন জগত আছে যাৰ লগত আমাৰ চাক্ষুস, অভিজ্ঞতা প্ৰদত্ত এই জগতখনৰ কোনো মিল নেথাকিবও পাৰে সেই কথা মানুহক বুজাই দিয়াটো জৰুৰী হৈ উঠিছিল। ছুৰিয়েলিজমৰ লগত ফ্ৰয়েডৰ মনস্তত্ব আৰু অৱচেতনাৰ এটা সঙ্গতি আছে [যিটো সকলোৱে জানে আৰু মানেও] যদিও সেয়ে শেষ কথা নহয়। সকলো ছুৰিয়েলিষ্ট ছবি শিল্পীয়ে সপোনত দেখি অঁকা নহয়, ছুৰিয়েলিষ্ট কবিতা সকলো কবিয়ে সপোনত নিলিখে। বৰঞ্চ যি সকলে ছালভাদোৰ ডালি বা ৰেণে মাৰগাৰেটৰ ছবি দেখিছে তেওলোকে জানে কিমান কৌশলী তেওঁলোকৰ হাত। এই কুশলতা বা স্কিল সপোনত নাহে। দিনে নিশাই কৰা পৰিশ্ৰমেৰে আহে সেই কুশলতা। সেই কুশলতাৰে এখন সমান্তৰাল অন্য জগত নিৰ্মান কৰাতো কেল বিলাসিতা বা উন্মাদনাই নহয়, একে সময়তে একোটা বৌদ্ধিক তাগিদাও। অধিবাস্তবাদী ছবি এখন তাৰ নিজৰ মাজতেই সম্পূৰ্ণ আৰু বাস্ত। তাক আমি চিনি পোৱা জগতখনৰ বাস্ততাৰ সৈতে ৰিজাই তাৰ মাজত আমাৰ মনে খোৱা ধৰণৰ অর্থ একোটা বিচাৰি উলিয়াবলৈ গ'লে ভুল হ'ব। [মন কৰা ভাল যে আমি যেতিয়া 'সত্যৰ সন্ধান' কৰোঁ, আমি আমাৰ মনে বিচৰা সত্যৰ ধাৰণাটোহে মানি লৈ সন্তুষ্ট হওঁ।]

বিমূৰ্ত শিল্পৰ জন্মলগ্নতো একেখিনি সংগ্ৰামেই আহিল। এই যে আমি ছবি এখনৰ সন্মুখত থিয় হৈ ভালদৰে মন দি নোচোৱাকৈয়ে প্ৰশ্ন কৰিবলৈ আৰম্ভ কৰি দিওঁ- শিল্পীয়ে ইয়াত কি বুজাব খুজিছে... এইখিনি কথাৰ প্ৰতিবাদ কৰাটো জৰুৰী আছিল সৃষ্টিশীল মানুহখিনিৰ কাৰণে। একোটা সৰ্ব-গ্ৰহণযোগ্য 'মানে' বা 'অৰ্থ'ৰ সন্ধানৰ পৰা শিল্প-ৰসাস্বাদনক মুক্তি দিয়াটোও সেই একে স্বাধীনতা সংগ্ৰামৰে এক অংশ।   

আন এটা স্বাধীনতাৰ সংগ্ৰাম ঘটিছিল এবছাৰ্ডিটিৰ হাত ধৰি।
ডালিনিয়ান বা ডালিইস্ক (Daliesque) অধিবাস্তবাদে যদি সৃষ্টি কৰিলে এখন সমান্তৰাল জগত আৰু ক'লে যে তুমি প্ৰাত্যহিক জীনত মুখামুখি হোৱা কিছুমান বস্তু ইয়াত দেখা পাবা কিন্তু ৰিজাই চাবলৈ চেষ্টা নকৰিবা, কেম্যুছিয়ান (Camusian) এবছাৰ্ডিটিয়েতো আৰু এঢাপ আগবাঢ়ি গৈ কৈয়েই দিলে - যিখন জগত তুমি চিনি পোৱা সেইখন অৰ্থহীন আৰু অসাৰ। তাৰ কোনো মানে নায়েই। (এতিয়া খা মৌকোলাটো!!)

নীলিম কুমাৰৰ কবিতাত যেতিয়া এটা গাহৰিৰ গুহ্যদ্বাৰেদি কাৰ্পেটখন সোমাই যায় বা অন্যান্য আচবাব এটাৰ পিছত এটাকৈ সোমাই যায় তেতিয়া সেয়া বাস্ত। তাত অস্বাভাৱিকতা একো নাই। আমাৰ দৈনন্দিন জীনৰ অভিজ্ঞতাৰ সৈতে তাক তুলনা কৰিবলৈ গ'লে সেয়া ভুল হ'ব।  নীলিম কুমাৰৰ শব্দবোৰ চিনি নোপোৱাৰ বা বুজি নোপোৱাৰ কোনো কথাই নাই। ঘটনাৰ বৰ্ণনাও যেন তেনেই চিনাকি। কিন্তু তাৰ বাস্ততা অন্য। ৰুবী গুপ্তাৰ অন্তৰ্বাসক লৈ যিখিনি হৈ চৈ হৈ আছে (প্ৰসংগঃ- ফেচবুক) তাৰ মূল কাৰণ এই বাস্ততাৰ ধাৰণটো নথকাটোহে। অশ্লীলতা বা অশালীনতা নহয়। যি কবিৰ বাবে মৃত্যু - ফুল, তৰা, পখিলাৰ দৰে কবিতাৰ আন এটা সহজতকৈয়ো সহজ এটা শব্দ, সেই কবিৰ বাবে যোনী, গুহ্যদ্বাৰ, অন্তৰ্বাস বা বীৰ্য একো কথাই নহয়। শব্দক তাৰ আভিধানিক অৰ্থৰ পৰা বহু আগতেই কবিয়ে মুক্তি দি থৈছে। মৃত্যু ইয়াত ভাতৰ লগত পানী খোৱাৰ দৰে কথা। এই বাস্ততাৰ বাবেই কবিৰ জন্ম। এই স্বাধীনতাৰ বাবেই কবিয়ে আমৃত্যু যুজিব [কথা আছিল [আমি ভাবি লৈছিলোঁ [কবিৰ কবিতাই ভাবিবলৈ বাধ্য কৰাইছিল]]]।

এইখিনিতে আৰু এটা সতৰ্কতা আলম্বন কৰা দৰকাৰ। যদি কোৱা হয় ৰুবী গুপ্তাৰ অন্তৰ্বাস কেবল অন্তৰ্বাস নহয়, তাতকৈ বহুত কিবা বা আন কিবা; অথবা যদিহে কোৱা হয় যে ৰুবী গুপ্তাৰ অন্তৰ্বাসৰ দ্বাৰা কবিয়ে আমি চিনা বা জনা অন্তৰ্বাসৰ কথা ক'ব খোজা নাই, তেতিয়াহ'লে আকৌ ভুলেই কৰা হ'ব। এনে ধৰণেৰে চালে একোটা প্ৰপঞ্চ বা বস্তু যেনেকৈ দেখিছোঁ, সি ঠিক তেনেকৈ নহয় আন কিবাহে বুলি ধাৰণা এটা হ'ব, য'ত ৰিপ্ৰেজেন্টেচনৰ অন্য কিছুমান সমস্যা আহি পৰিব। এনেকৈ হ'লে নীলিম কুমাৰ প্ৰতীকবাদী হৈ পৰিব যিটো আচলতে একেবাৰেই নহয়। কেতিয়াবা কোনোবাখিনিত কোনোবাটো বস্তু আন কিহবাৰ প্ৰতীক হৈ ঠিয় হ'বহি পাৰে, কিন্তু সকলো সময়তে সেয়া নহয়।  উপমা নহয়। পটন্তৰ নহয়। ৰূপক নহয়। এহাতে অন্তৰ্বাস বুলোতে সি অন্তৰ্বাস নহয়। কিন্তু অন্তৰ্বাসৰ ৰূপত সি আন কিবা এটাৰো প্ৰতীক বা সূচক মাত্ৰ নহয়। সেয়েহে আনহাতে অন্তৰ্বাস বুলোতে সি আচলতে অন্তৰ্বাসেই। সি আন একো নহয়। যৌনতা যৌনতায়েই। তাক প্ৰতীকিকৰণ কৰাৰ প্ৰয়োজন নাই। কিন্তু যিখন জগতত তাক সংস্থাপন কৰা হৈছে, তাৰ বাস্ততা বেলেগ। আমাৰ সামাজিক আচৰণৰ মূল্যবোধেৰে সি শ্লীল নে অশ্লীল তাক কোৱা নাযায়।

প্ৰতীকবাদী দৃষ্টিকোণেৰে চালে বস্তু এটাক ব্যাখ্যা কৰিবলৈ সুবিধা বাবে বেছিভাগ আলোচক, পৰ্যবেক্ষক, পাঠক বা দ্ৰষ্টাই তাকে কৰি থাকে। অন্যথা অন্যভাবে চাবৰ বাবে আমাৰ চকু বা জিভা- দুয়োটাতেই ভাষাৰ অভা। সমালোচনাৰ ইতিহাসৰ সংকট এইখিনিতেই। ৰুবী গুপ্তাৰ অন্তৰ্বাসৰ দ্বাৰা কবিয়ে এইবুলি বুজাব খুজিছে বুলি কৈ থৈ দিলে সেয়া হৈ পৰিব সংক্ষিপ্তকৰণৰ (ৰিডাকচনিজম) দোষেৰে দোষী।

মন্ড্ৰিয়ানৰ ৰঙা ৰংটো কেল ৰঙা ৰং। আন একো নহয়। 
মাৰ্চেল দ্যুচাঁৰ মুত্ৰাশয়টো কেল মুত্ৰাশয় নহয়। কিন্তু একে সময়তে, মাৰ্চেল দ্যুচাঁৰ মুত্ৰাশয়তো কেল মুত্ৰাশয়, আন একো নহয়।

[এইখিনিতে যি সকলে নীলিম কুমাৰ ব্যক্তিজনক আজুৰি, আন কবিতাক আজুৰি শ্লীলতা বা নাৰী বিদ্বেষৰ অভিযোগ আনিছে তেওঁলোকলৈ কওঁ- আমি এতিয়া যিখিনি কথা পাতি আছোঁ- তেনেকৈ চালে- কোনো অশ্লীলতা বা নাৰী বিদ্বেষ তাত নাই। মই দেখা নাই। অসমীয়া কবিতাত নাৰী বিদ্বেষ সম্পৰ্কীয় এটা লেখা আগলৈ আগবঢ়াম - তাত নীলিম কুমাৰৰ সমসাময়িক বা উত্তৰসূৰী আন এচামহে থাকিব। নীলিম কুমাৰ নেথাকে।]

অধিবাস্তবাদ, এবছাৰ্ড দৰ্শন, যাদুবাস্তবাদ অথবা ননচেন্স আদি অসমীয়া সাহিত্যত নতুন নহয় আৰু নীলিম কুমাৰ ইয়াৰ কোনোটোৰে জনকো নহয়।  আনকি তেওঁ অকলশৰীয়াও নহয়। বহুতে খুব সঘনাই কৈ থকাৰ দৰে নীলিম কুমাৰে বৰ বিশেষ পৰীক্ষা নিৰীক্ষাও কৰা নাই। অধিবাস্তৱিক পৰিবেশ সৃষ্টিৰ কথা ওলাওতে মনলৈ আহিছে নীলমণি ফুকনৰ বুৰঞ্জী কবিতাটো-

“জুই জ্বলি থকা এখন অৰণ্যৰ কাষেদি আমি দুয়ো
নাৱেৰে গৈ আছিলোঁ...”
(নীলমণি ফুকন, বুৰঞ্জী, সূৰ্য হেনো নামি আহে এই নদীয়েদি)

অধিবাস্তৱিক কবিতাৰ অনন্য উদাহৰণ হিচাপে ৰফিকুল হোছেইনৰ জৰাসন্ধ কবিতাটো যি সকলে পঢ়া নাই পঢ়ি চাব পাৰে।
"যোৱাৰাতি অকস্মাৎ
মোৰ স'তে কথা পাতি গ'ল
ছিন্থেটিক ডিঙি এটাত
ফুলাম গামোচা এখন আঁৰি অহা
ক'তো কোনোদিনেই নেদেখা
ভীষণভাবে অচিনাকি মূৰ নথকা মানুহ এটাই..."

প্ৰথমৰ পৰা শেষলৈকে গোটেই কবিতাটোৰ যি নাটকীয় বৰ্ণনা সি অতুলনীয়। তাত মানুহৰ মগজুৰে ৰন্ধা বঢ়া কৰি খায়। ডিঙিৰ ওপৰত মূৰ নথকা মানুহ এটাৰ সৈতে কথা পাতে। সকলো অসম্ভৱ ঘটনাবোৰ তাত সম্ভ হয়- তাকো খুব স্বাভাৱিকতাৰে।

"বৰ ৰসাল আছিল সেই আলাপ ...
...
কেনেকৈ শিশুৰ মূৰ
আৰু নাৰীৰ স্তনবোৰ একেলগে গোটাই
কাঁক বাঁহৰ চুঙাত ঠাহি থ'ব পাৰি
কুকুৰৰ পেটৰ নাড়ীৰ স'তে
আৰু কোনোবা মৰিয়াহোলৰ
কোনোবা মৰিশালীত বহি এদিন
কেনেকৈ সেই চুঙা খুলি খাব পাৰি
ধোঁৱা উৰা লোৰ নল
আৰু কাৰ্টুজৰ পৰা তৈয়াৰী
সুৰাৰ স'তে..." 


উদ্ভট বা যুক্তিহীতাৰ যুক্তিৰে কাব্যচৰ্চাৰ নজিৰ আমাৰ পুণা সাহিত্যতো আছিল, লোকসাহিত্যতো আছে। এই ক্ষেত্ৰত কবীৰা ফকীৰাৰ অসমীয়া গীতফাকিয়েই এক উৎকৃষ্ট উদাহৰণ-

"গোহালিক গিলিলে হেৰামৰ কাঠে
পঁঘাই গিলিলে গৰু
হাত সাৱতি ৰান্ধনি পলাই যায়
পাছে পাছে খেদে চৰু

বাঘৰে চাগৰে হালখন জুৰিলো
কাঁৰশলা সাপৰে লৰো
ভালুকো বকুৰাই আলিৰ পাহ কাঁটে
বান্দৰেও  চাৰে গৰু..."

তেনেহ'লে নীলিম কুমাৰৰ অস্থান ক'ত?
প্ৰথম উত্তৰ- নীলিম কুমাৰ স্কিল্ড। কুশলী। যি শিল্পভাষাত তেওঁ সিদ্ধহস্ত সেয়া একান্ত নিজৰ হয় নে নহয় সেই প্ৰশ্নতকৈয়ো ডাঙৰ কথা দীর্ঘকাল ধৰি যি কুশলতাৰে তেওঁ কবি লিখি আহিছে সেয়াহে। তেনেকৈয়ে তেওঁ এই সময়ৰ আটাইতকৈ প্ৰভাশালী কবি সকলৰ এজন।

দ্বিতীয় উত্তৰটো আৰু বেছি গুৰুত্বপূৰ্ণ- সেয়া হ'ল শব্দ, কবিতা আৰু অনুভক দিব পৰা চূড়ান্ত মুক্তি। ৰফিকুল হোছেইনৰ কবিতাটোতো মাৰিয়াহোলাৰ প্ৰসংগ বা কনটেক্সট কোনোবাখিনিত আছে। কবীৰৰ গীতটোতো কবীৰপন্থী সকলে এটা কনটেক্সট বিচাৰি উলিয়াব। কিন্তু নীলিম কুমাৰৰ বেলিকা? এইখিনিতেই কবিৰ মুক্তি সংগ্রামৰ সুত্ৰপাত। এইখিনিতেই কবিৰ সফলতা।

[এইখিনিতে নীলিম কুমাৰৰ কবিতাৰ দুই এটা উদ্ধৃতি থাকিব লাগিছিল, কিন্তু ইচ্ছা কৰিয়েই দিয়া নাই। পাঠকে নিজে বিচাৰি পঢ়ি চাওক।] 





দ্বিতীয় ভাগঃ 

খেনোৱে কয় নীলিম কুমাৰে অসমীয়া কবিতাত বহুখিনি পৰীক্ষা নিৰীক্ষা কৰিছে।
পৰীক্ষা নিৰীক্ষা বুলি ক'লে আচলতে আমি যি বুজোঁ সেই ধৰণৰ পৰীক্ষা নিৰীক্ষা অতি সম্প্ৰতি অসমীয়া কবিতাত দেখিবলৈ পোৱাই নাই। তুলনাত চাবলৈ গ'লে নীলমণি ফুকনে যদিওবা কয় যে গোটেই জীন ধৰি মই একেটা কবিতাই লিখিবলৈ চেষ্টা কৰি আহিছোঁ - তেখেতৰ কাব্যভাষাৰ মাজত বৈচিত্ৰ্য আৰু বিস্তাৰ দেধাৰ দেখা যায়।  ছন্দোবদ্ধ কবিতা, মুক্তক ছন্দৰ কবিতা, মহাকাব্যিক কবিতাৰ পৰা আৰম্ভ কৰি ননচেন্স সাহিত্যলৈকে নকান্তৰো পৰিসৰ আছিল বিশাল। সেই তুলনাৰে চাবলৈ গ'লে নীলিম কুমাৰে ব্যহাৰ কৰা শিল্পভাষা আচলতে ইতিমধ্যেই টেষ্টেড, পৰিক্ষীত।  তাৰ মাজতো যে ভিন্নতা নাই তেনে নহয়, কিন্তু পৰীক্ষা নিৰীক্ষা বুলি ক'ব পৰাকৈ বৈচিত্ৰ্য তাত নাই। বৰঞ্চ আধুনিকতাবাদী শিল্পীৰ দৰে আত্মপৰিচয়ৰ বাহক এটা নিৰ্দিষ্ট ভাষাৰ প্ৰয়োগেৰেহে তেওঁ বেছিকৈ আত্ম প্ৰকাশ কৰে। দুই এবাৰ যেতিয়াই নিজৰ স্কিল বা নিজৰ দখল থকা এলাকা এৰি থৈ আহি তেওঁ লিখিছে তেতিয়াই 'ৰকিবুল'ৰ দৰে একোটা ডিজেষ্টাৰ আমি পাইছোঁ যিটো ঠিক নজমিল।

কথা সাহিত্যত যি কৃতিত্ব সৌৰভ কুমাৰ চলিহা, কাব্যত নীলিম কুমাৰ সেয়া নহয়।
কি অৰ্থত কৈছোঁ সেয়া বুজিবলৈ ড০ মহেন্দ্ৰ বৰাৰ এইখিনি কথা শুনক- "কিন্তু ইবিলাকৰ কোনোটো গল্পতেই অন্য কোনোবাটো গল্পৰ প্ৰতিধ্বনি পাবলৈ নাই। সৌৰভ চলিহাই এটা কাম ভুলতো কৰা নাই, নিজৰ সৃষ্টিক নিজে কৰা অনুকৰণ, যিটো কাম বহু প্ৰতিভাশালী গল্প-লেখকেও নকৰাকৈ থকাৰ দৃষ্টান্ত বিৰল। [ড০ মহেন্দ্ৰ বৰা, সাহিত্য আৰু সাহিত্য]। আনহাতে এয়া সত্য যে নীলিম কুমাৰ প্ৰচন্দ আত্মপ্ৰত্যয়েৰে সদায়ে নিজে নিজকে কপি কৰি থকা এজন কবি। 

(ব্যক্তি) নীলিম কুমাৰৰ আপত্তি যে আজিৰ কবিয়ে আগৰ কবিৰ কবিতা পঢ়া নাই। কিন্তু সম্প্ৰতি অজস্ৰ কবি আৰু কবিতাৰ পয়োভৰ দেখা গৈছে যাৰ বেছিভাগেই আচলতে প্ৰতিষ্ঠিত একো একোটা ঘৰাণাৰ চৰ্বিত চৰ্বন মাত্ৰ। নতুন কবিৰ কবিতা পঢ়িলেই কৈ দিব পাৰি অমুকটো কবিতাত হীৰুদাৰ প্ৰভাৱ আছে, বা তমুকটো কবিতা নীলমণি ফুকনৰ উত্তৰসূৰী। সম্ভতঃ অসমীয়া সৃষ্টিশীল সমাজৰ ৰক্ষণশীলতাই পৰীক্ষা নিৰীক্ষাৰ অকাশ নিদিয়ে [(ব্যক্তি) নীলিম কুমাৰৰ যুদ্ধক্ষেত্ৰখন হ'ব লাগিছিল অন্যত্ৰ]।

যিদিনা এজন কবিয়ে এখন কাব্যপুঠি প্ৰকাশ কৰিব (লগতে কোনোবা প্ৰকাশক প্ৰকাশ কৰিবলৈ আগবাঢ়ি আহিব) এনে এখন কাব্যগ্ৰন্থ যিখনত হয়তো এশমান পৃষ্ঠা থাকিব কিন্তু এটাও শব্দ নাথাকিব সেইদিনাহে ক'ম যে অসমীয়া কবিতাত পৰীক্ষা নিৰীক্ষা চলিছে।  

সি যি কি নহওক, এতিয়া আমি দুজন নীলিম কুমাৰক দেখা পাওঁ _ এজন কবিতাৰ মাজৰ যিজন কবি, আনজন ফেচবুক বা বাতৰি কাকতৰ যোগেদি ব্যক্তি হিচাপে আত্মপ্ৰকাশ কৰা নীলিম কুমাৰ। হতাশাজনকভাবে এই দুজনৰ মাজত বিস্তৰ ব্যধান পৰিলক্ষিত হৈছে, আৰু আনকি পৰস্পৰ বিৰোধী অস্থানো দেখা গৈছে। এইখিনিতেই আমাৰ এই লেখাটো লেখাৰ বাবে আগ্ৰহ হৈছিল।

এতিয়া আহোঁ এই কথাটোলৈ- নীলিম কুমাৰক আধুনিকতাবাদ বিৰোধী মুক্তিযোদ্ধা বুলি কিয় কৈছিলোঁ? কাৰণ আধুনিকতাবাদে কঢ়িয়াই অনা কিছুমান বোজা বৈ থাকিবলৈ তেওঁ অমান্তি হৈছিল আৰু চূড়ান্ত পৰ্যায়ৰ আধুনিক হৈয়ো এখোজ আগবাঢ়ি তেওঁ অস্থান গ্ৰহণ কৰিছিল। সেয়া হ'ল কবি নীলিম কুমাৰ। এতিয়া আনজন, যাৰ কথা পাতিম তেওঁ হ'ল ব্যক্তি নীলিম কুমাৰ। [ব্যক্তি বোলোতে এয়া ব্যক্তিগত একেবাৰেই নহয়। নীলিম কুমাৰ নামৰ আঁৰত থকা হেমেন নামৰ মানুহজনক মই চিনিও নেপাওঁ, তেখেত এই লেখাৰ প্ৰসংগও নহয়। ব্যক্তি বোলোতে ইয়াত সেইজনৰ কথা কোৱা হৈছে যি কবিতাৰ মাজেৰে প্ৰতিভাসিত হৈ উঠাৰ বাহিৰে অন্যত্ৰ আত্মপ্ৰকাশ কৰিছে- সাক্ষাৎকাৰ, কথা বতৰা, চ'ছিয়েল মিডিয়া ইত্যাদিত।]

আধুনিকতাবাদৰ ভালেখিনি আঁসোৱাহ উন্মোচিত হৈছিল বিগত শতিকাৰ প্ৰথমাৰ্ধতেই। মন কৰক যে আধুনিকতা আৰু আধুনিকতাবাদ দুটা বেলেগ কথা। আকৌ, আধুনিকতাবাদ এটা মাত্ৰ বাদ নহয়, বৰঞ্চ বহুতো বাদৰ এটা শিথিল সমূহ মাত্ৰ। এতিয়া আধুনিকতাবাদী কিছুমান বৈশিষ্ট্য বা আসোঁৱাহৰ কথা কবলৈ যাওতে সাধাৰণীকৰণৰ দোষেৰে দোষী সাব্যস্ত হ'ব পাৰোঁ - যিটো আকৌ আইৰণিকেলি আন এটা আধুনিকতাবাদীৰেই চৰিত্ৰানুগত। অঁহিয়াঅঁহিকৈ বিশদ ব্যাখ্যা আগবঢ়াবলৈ আমাৰ শকতি নাই। আংশিকভাবে আৰু সহজভাবে বুজিব পৰা কিছু কথাই পাতিব খুজিছোঁ।   

বাইনেৰী বা দ্বৈতবিৰোধ আধুনিকতাবাদৰ এটা কেন্দ্ৰীয় চৰিত্ৰ। যেনে, নাৰী আৰু পুৰুষ, ব্যক্তি আৰু সমাজ, দিন আৰু ৰাতি, পুঁজিপতি আৰু সৰ্বহাৰা, মানুহ আৰু প্ৰকৃতি ইত্যাদি। য'তেই বাইনেৰী আছে তাতেই ক্ষমতাৰ এটা প্ৰসংগ আহিয়েই পৰে। এটা আনটোতকৈ শ্ৰেষ্ঠ বুলি প্ৰতিপন্ন কৰাৰ এটা বাসনা আহিয়েই পৰে। নৈতিকতাৰে বা মঙ্গল কামনাৰ প্ৰতিকীকৰণেৰে যেনেকৈ দিন ৰাতিতকৈ শ্ৰেষ্ঠ, পোহৰ কামনা আন্ধাৰতকৈ ভাল ইত্যাদি। এই নৈতিকতা আৰু মঙ্গলাচৰণৰ বিৰুদ্ধাচৰণ কৰি কবি নীলিম কুমাৰে ওভট গোৰে নাচিছিল (যিটো আমাৰ বাবে ইতিবাচক আছিল)। তেওঁৰ কবিতাত জীনতকৈ মৃত্যু বেছি সহজ আৰু স্বাভাৱিক। কেতিয়াবা হয়তো বেছি ঐশ্বৰ্যশালী।  

বিশ্ব ব্ৰহ্মাণ্ডৰ সকলোবোৰেই প্ৰকৃতি। মানুহ তাৰ এক ক্ষুদ্ৰ অংশ মাত্ৰ। আধুনিকতাবাদে কৰিলে কি - মানুহ আৰু প্ৰকৃতিক নিলগাই দুভাগ কৰিলে। “মানুহ আৰু প্ৰকৃতি” মানে কি? এনেকৈ ক'ব পৰা যায় জানো? প্ৰকৃতি ৰক্ষা কৰাৰ কথা যে আমি কওঁ- প্ৰকৃতিক মানুহে ৰক্ষা কৰিব পাৰে জানোঁ? মানুহ হোৱাৰ অহংকাৰ আধুনিকতাবাদত ইমানেই বেছি হ'ল যে সি ঘোষনা কৰিবলৈ ল'লে প্ৰকৃতিৰ ওপৰত মানুহৰ শ্ৰেষ্ঠত্ব। তেনেকৈয়ে এতিয়া ব্যক্তি নীলিম কুমাৰ আৰম্ভ কৰিলে মানুহ (অথবা কবি) আৰু কবিতাৰ এটা দ্বৈত-বিৰোধাভাস - যেতিয়া তেওঁ ক'লে যে আমি কবিতাক ৰক্ষা কৰিব লাগিব। কিন্তু মানুহে কবিতাক ৰক্ষা কৰিব পাৰে জানোঁ? সেই ক্ষমতা মানুহৰ আছে জানো? অন্যভাবে আমি দেখোন ইমানদিনে জানি আছিলোঁ কবিতাইহে মানুহক ৰক্ষা কৰি আহিছে। এই কবিতাক ৰক্ষা কৰাৰ কথাটোতেই কবি নীলিম কুমাৰ আৰু ব্যক্তি নীলিম কুমাৰৰ বৈপৰিত্য আৰু বিৰোধ। ইয়াত ব্যক্তিজনে কবিজনক নৎস্যাৎ কৰে।

আধুনিকতাবাদে নতুন বা নতুনত্বৰ কথা কয় যদিও ইয়াৰ অন্তৰাত্মাত আছে অতীতপ্ৰীতি। নতুনত্বই আমাৰ কাম্য কিন্তু অতীতৰ ভেটিতেই সেই নতুনে পোখা মেলিব লাগিব - য়া আধুনিকতাবাদীয়ে কয়। আংশিকভাবে এয়া পৰম্পৰাৰ মোহ আৰু আত্মপৰিচয়ৰ সন্ধানৰেই ফলশ্ৰুতি। আনহাতে এয়া ইতিহাসৰ সৰলৰৈখিক ক্ৰমিক উন্নয়নশীল আৰ্হিটোৰ ফল। ইয়াক ডাৰউইনীয় ক্ৰমবিৰ্তনৰ ধাৰণা বুলিও বুজা যায়। কবি নীলিম কুমাৰ পূৰ্বসুৰী কবিকুলৰ প্ৰতীয়মান অনুসৰণ বা অণুকৰণৰ পৰা সমূলি মুক্ত- যিটো বেছিভাগ কবিৰেই এক সহজাত প্ৰবৃতি। তেওঁৰ কাব্যভাষা তেওঁৰ নিজৰ, সুকীয়া আৰু একেবাৰে নতুন। আমাৰ আশা আছিল ৰৈখিকতাক নীলিম কুমাৰেই ভাঙিব।  

এতিয়া আহোঁ ব্যক্তি গৰাকীলৈ। ব্যক্তি নীলিম কুমাৰৰ আক্ষেপ নতুনকৈ কবিতা লিখা সকলে পঢ়া নাই নীলমণি অথবা হীৰেণ ভট্টাচাৰ্য। কথা হ'ল সেয়া কিয় জৰুৰী? হীৰেণ ভট্টাচাৰ্যৰ এটাও কবিতা নপঢ়িলে এজন কবি হ'ব নোৱাৰিব নেকি? logocentric paradigm  বা ব্যক্তিপূজনৰ ইতিহাসটোকেই প্ৰাধান্য দিয়াৰ দৰে হ'ল নেকি বাৰু? আই এম ন চিওৰ! নতুন গায়ক গায়িকা সকলোৱেই বৰগীত গাবলৈ জানিবই লাগিব বুলি আমি কিয় ভাবোঁ? কোনোবাই জ্যোতিপ্ৰসা বা শংকৰদেৱ সম্পৰ্কে কিবা নাজানিলে আমি কিয় তাচ্ছিল্য কৰোঁ? গায়িকাই মঞ্চলৈ গান গাবলৈ উঠোতে চাদৰ মেখেলা পিন্ধিবই লাগিব নেকি? এই মধ্যবিত্তীয় আধুনিকতাবাদৰ পৰা মুক্তি আমি কবি নীলিম কুমাৰৰ পৰাই আশা কৰা নাছিলোঁ জানোঁ?

অতীতপ্ৰীতিৰ লগতে মধ্যবিত্তীয় আধুনিকতাবাদৰ আন এক দস্তুৰ  হ'ল ভীতিবিহবলতা। মহিলাৰ গাৰ পৰা আঁচলখন খহি পৰিলেই হৈ চৈ লাগি যায় কিজানিবা সংষ্কৃতিৰ পৰম্পৰাই খহি যাব নেকি(!)। নতুন গায়ক এজনে জ্যোতিসঙ্গীত গাব নাজানো বুলিলেই আমি আতংকিত হৈ যাওঁ- কি হ'ব এতিয়া, সংস্কৃতি দেখোন ৰসাতলে যাব, অসমীয়া দেখোন শেষ হৈ যাব এতিয়া। সেই ভীতি বিহবলতাৰ পৰা মুক্তি দিয়েই কবি নীলিম কুমাৰে আমাক এনে ঠাইলৈ লৈ আনিছিল য'ত যৌনতা সম্পৰ্কে আমি নিৰ্দ্বিধাই কথা পাতিব পাৰোঁ। সেই ভয়মুক্তিৰ বিপৰীতে ব্যক্তি নীলিম কুমাৰে প্ৰদৰ্শন কৰিলে সেই একেই মধ্যবিত্তীয় আধুনিকতাবাদী ভয়- নতুন কবিয়ে এনেকৈ কবিতা লিখি থাকিলে কবিতা দেখোন শেষ হৈ যাব। কি হ'ব এতিয়া? আহক আমি কবিতাক ৰক্ষা কৰোঁ।  


তেনেকৈয়ে অথৰিটি আৰু ক্ষমতা। নৈতিকতা আৰু মূল্যবোধৰ ধাৰণা।
ইতিমধ্যে পাতি থকা গোটেইখিনি কথা পৰস্পৰ সংপৃক্ত, সংযুক্ত। কবিতাক ৰক্ষা কৰাৰ ভাৰভাগ কোনে ল'ব, সেয়া কোনে সিদ্ধান্ত ল'ব? ভাল বেয়া উচিত অনুচিত সাৰ্থক অসাৰ্থক- এই বাইনেৰী স্থাপন কৰি আকৌ সেই ঐতিহাসিক ভুলখিনিৰেই চৰ্বিত চৰ্বন কৰি থকা হ'ব নেকি? নতুন বটলত পুৰণি মদ ভৰোৱা হৈ থাকিব নেকি? নৈতিকতাৰ দায়িত্বৰে সীতাক বনবাসলৈ পঠাই থকা হ'ব নেকি? মছজিদ ভাঙি থকা হ'ব নেকি? হুছেইনক নিৰ্বাসিত কৰি থকা হৈ থাকিব নেকি? আমি কি মাংস খাম ৰাষ্ট্ৰই আমাক কৈ থাকিব নেকি? 

কবি নীলিম কুমাৰৰ আটাইতকৈ বিতৰ্কিত কবিতাখিনি প্ৰকাশৰ সময়ত উচিত অনুচিত, মূল্যবোধীয়, নৈতিক- অনৈতিক, শ্লীলতা-অশ্লীলতা আদিৰ আধাৰত বহুখিনি বিৰোধে মূৰ দাঙি উঠিছিল। তেতিয়াও আমি ক্ষুন্ন হৈছিলোঁ। এতিয়া সেই কবিৰ একেটা নামৰেই ব্যক্তিজনে একেটা সুৰতেই ক'লে - “কবিতাৰো চেঞ্চৰশ্বিপ থাকিব লাগে”।

কবিতা অকবিতাৰ বিতৰ্কত দুদল মানুহ পালোঁ। দুয়োদলেই চেঞ্চৰশ্বিপৰ পক্ষপাতী। চেঞ্চৰশ্বিপে সদায়ে ইতিহাসক ঐককেন্দ্ৰিক আৰু সৰলৰৈখিক কৰি তোলে, তাৰ বহুত্বক অস্বীকাৰ কৰে। সেয়েহে আমি সকলো ধৰণৰ চেঞ্চৰশ্বিপৰেই বিৰোধী।  

যি কাহানিও কাব্যচৰ্চাক সাধনা হিচাপে লোৱা নাই আৰু যাৰ বাবে কবিতা কেল বিলাসিতাৰ বাহিৰে আন একো নহয়, সি প্ৰাত্যহিকতাত আক্ৰান্ত হৈ থকা মধ্যবিত্তীয় আধুনিকতাৰ উপসৰ্গবোৰৰ পৰা মুক্ত নোহোৱাতো স্বাভাৱিক। আনহাতে যি আগৰণুৱা বা আভাঁ গাৰ্ডে বুলি নিজকে দৰ্শাব পৰাৰ অকাশ আছিল সিও দেখোঁ আপোন স্থিতিৰ পৰা স্খলিত হোৱা।

যদি ইতিবাচক ভাবে চাবলৈ হয়, ক'ব লাগিব- ব্যক্তি নীলিম কুমাৰে কবি নীলিম কুমাৰৰ মৃত্যুঘোষনা কৰি কবি নীলিম কুমাৰক প্ৰকাৰান্তৰে আৰু বেছি জাষ্টিফাই কৰিলে। 

কিন্তু অৱশেষত, দেখা গ'ল- কবিতাৰ মুক্তিক লৈ কোনো দলৰেই মূৰ কামোৰণি আচলতে নাই।
অসমীয়া কবিতাৰ মধ্যযুগ বা সামন্তীয় আন্ধাৰ যুগ ইতিমধ্যেই ঘোষিত হৈছে। দুয়োপক্ষৰ পৰাই।




তথাপি

"ভয় নাই... এতিয়াও
মৈথুন আৰু শস্যৰ প্ৰয়োজন থকালৈ
থাকিব মানুহ, আৰু
কবিতা থাকিব মানুহৰ ৰখীয়া হৈ

(নকান্ত বৰুৱা, 'চিৰন্তন ১৯৮২', ৰত্নাকৰ আৰু অন্যান্য কবিতা)



পৰিশিষ্টঃ পাৰ্ফৰমেন্স


নীলিম কুমাৰে এবাৰ "চেভ পয়েট্ৰি" বুলি লিখা জেকেট এটা পিন্ধি গ্ৰন্থমেলাত ঘূৰি ফুৰিছিল। পাৰফৰমেন্স আৰ্টৰ গৱেষক হিচাপে এই কথাটোৱে আমাক আকৃষ্ট কৰিছে। কবি সন্মিলনবোৰলৈ যেতিয়া হীৰেন ভট্টাচাৰ্যক নিমন্ত্ৰণ কৰা হৈছিল, সেই আওপুণি বিৰক্তিকৰ মঞ্চসজ্জাবোৰৰ পৰা পলায়ন কৰি হীৰুদাই সভাগৃহৰ শেষৰ ফালে বহি থকা মানুহবোৰক দুবাহুৰে আঁকোৱালি লৈ বিভিন্ন ধৰণৰ 'গছিপ'ত (সুস্থ অৰ্থত) লিপ্ত হৈছিল। সেয়া আছিল কবি হীৰেন ভট্টাচাৰ্যৰ এক পাৰফৰ্মেন্স। এজন নবীন কবিয়ে এবাৰ দেখাক দেখি কবি অজিৎ বৰুৱাৰ চৰণ স্পৰ্শ কৰিবলৈ গৈছিল। দুখোজ পিছুৱাই গৈ অজিৎ বৰুৱাই কৈছিল- মোৰ চৰণ স্পৰ্শ নকৰিবা, মোৰ হে নেলাগে, আন কাৰোৰে নকৰিবা। আমাৰ অসমীয়া সমাজত পিতৃ মাতৃ আৰু (দীক্ষা লোৱা) গুৰুক বাদ দি আন কাৰো চৰণ স্পৰ্শ কৰাৰ দিহা নাই। সেয়া আছিল অজিৎ বৰুৱাৰ পাৰফৰমেন্স। কবিতাৰ নামত যিহকে তিহকে লিখিবলৈ লোৱা অল্পমতিৰ প্ৰতি অভিযোগ প্ৰদৰ্শণ কৰি "চেভ পইয়েট্ৰি" জেকেট পিন্ধি ঘূৰাটোও নীলিম কুমাৰৰ এটা পাৰ্ফৰমেন্স। সেইখিনি ঠাইত তেখেতে কৃতিত্ব দাবী কৰে।

অশোভনীয় হ'লেও অলপ নিজৰ কথা কওঁ। কলকাতাৰ বাবুঘাটত দুয়োপাৰে দুঠাইত দুবাৰ বগা পাউডাৰেৰে কবিতা লিখিছিলোঁ মাটিত। সেই কবিতা সেই নিৰ্দিষ্ট সময়খিৰ বাবেই আছিল। তাৰ পিছত তাক বতাহে উৰুৱাই নিছিল, আৰু মানুহে গছকি তাক মষিমূৰ কৰিছিল। একে কাণ্ড কৰিছিলোঁ ৰাজস্থানৰ চম্বল নদীৰ পাৰত। এনেকৈয়ে কবিতা লিখিবলৈ চেষ্টা কৰি আহিছোঁ। "কাণখোৱাৰ ঘৰ" নামেৰে ঘৰ বিষয়ক এখন কবিতা পুথি ওলাইছিল ২০১০ চনত। সন্তুষ্ট নহ'লোঁ। সমগ্ৰ গুৱাহাটী নগৰ জুৰি পাঁচটা লাইফ-চাইজ ঘৰৰ এটা শোভাযাত্ৰা কৰি পৰিশেষত "এই বজাৰৰ ভীৰৰ মাজতে কাণখোৱাৰ ঘৰ এখন হওক" বুলি সেই কিতাপখনৰ কপি এটা ব্ৰহ্মপুত্ৰৰ পাৰৰ বালিত এৰি থৈ আহিছিলোঁ। কবিতাক লৈ এই পৰ্যায়ত আন কাম অসমত আৰু হৈছে নে নাই নাজানোঁ। কিন্তু হোৱা উচিত বুলি ভাবোঁ। তাৰ পিছত যদি কোনোবাই কবিতাক লৈ পৰীক্ষা নিৰীক্ষা জাতীয় কিবা কথা কয় শুনিবলৈ ভাল লাগিব।




Sunday, January 24, 2016

ধাৰলৈ অনা অলপ হালধীয়া:The Rabha Pluarility




ৰাভা বুলি কওঁতে আমি কোনজন ৰাভাৰ কথা আচলতে কওঁ?

এডৱাৰ্ড মুংখ, ভিনচেন্ট ভেন গঘ, বিষ্ণু ৰাভা

  • সত্ৰীয়া নৃত্যৰ মূদ্ৰা আৰু তাল-মানৰ সংগ্রাহক আৰু সংকলক ৰাভা?
  • সমাজৰ ধূতি নীতিক উপেক্ষা কৰা উন্মাদপ্ৰায় অবাধ্য ৰাভা?
  • এহাতে বন্দুক আৰু আনহাতে কলম লৈ থকা সেই প্ৰতিমূৰ্তি ৰাভা?
  • যাৰ হাতত হেণ্ডকাফ নাটে বুলি পঘাৰে বান্ধি ৰাস্তাৰে অপমান জনকভাবে টানি নিয়া হৈছিল সেই বিপ্লৱী শিল্পী?
  • নটৰাজৰ নাচ নাচি 'কলাগুৰু'ৰ খ্যাতি অৰ্জন কৰা নৰ্তক ৰাভা?
  • টেম্পেৰা আৰু ৱাছ মাধ্যমৰ সংবেদনাৰে ছবি অঁকা সেই নিপুণ চিত্ৰকৰ ৰাভা?
  • দুৰ্দান্ত প্ৰেমিক ৰাভা?
  • কৃষ্টি শব্দৰ উৎপত্তি যে কৃষ, কৃষি শব্দৰ পৰা - সেই কথা সঁকিয়াই দিয়া গৱেষক ৰাভা?
  • কৃষক আৰু শ্ৰমিকৰ উত্থানৰ বাবে সমাজক জাগ্ৰত কৰি তোলা কমৰেড ৰাভা?


কোনজন? আমি যেতিয়া ৰাভাৰ কথা পাতোঁ, কোনজন ৰাভাৰ কথা পাতোঁ?

কাৰোবাৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি কাম এটা কৰাটো সহজ কথা নহয়- 

যি কোনো মাধ্যমতেই নহওক কিয়। তাতে যদি বিষ্ণু প্ৰসাদ ৰাভাৰ দৰে এজন ব্যক্তি হয়, যি এটা নিৰ্দিষ্ট সংজ্ঞা বা পৰিচয়ৰ মাজত নিজকে আদ্ধ কৰি ৰাখিবলৈ কেতিয়াও বিচৰা নাছিল - তেনেহ'লেতো আৰু জটিল। যেতিয়া জয় বৰুৱাই জৰ্জ ব্ৰুকৰ চেক্সোফ'নৰ আধাৰত কৰা তেওঁৰ নতুন সাঙ্গিতীক সংৰচনাটো কাম কৰি থকা অৱস্থাতে অলপ শুনালে আৰু গীতভাগৰ আঁৰত থকা বিষ্ণু ৰাভা আৰু গাজীৰাম ৰাভাৰ কাহিনীটো শুনালে - মোৰ নিজৰ সন্মুখত প্ৰথম প্ৰশ্নটোৱেই আছিল- সাহস কৰিব পাৰোনে মই? তাৰ পিছতে ভাবিলোঁ, হয়, মই সাহস কৰিব লাগিব। মোৰ ব্যৱহাৰিক সামৰ্থ্য বা অসামৰ্থ্যৰ প্ৰসঙ্গত নহয়, কিন্তু অন্য কিছুমান প্ৰত্যাহবান আৰু দায়িত্ববোধৰ কথাও এইখিনিতে সাঙোৰ খাই আছে।
 

ইতিহাসৰ পাতৰ পৰা এটা চৰিত্ৰ বা একোটা ঘটনাক লৈ আমি যেতিয়া কিবা এটা কৰিবলৈ বিচাৰোঁ কথাবোৰ সামৰি সুতৰি আনি প্ৰসংগবোৰ সংকুচিত কৰি থোৱাৰ দৰে এটা ঘটনা ঘটে। আমি ইতিহাসৰ সাৰাংশ লিখিবলৈ চেষ্টা কৰোঁ, আমি আমাৰ অধিকাৰবোধ বা কর্তৃত্ব জাগ্ৰত কৰোঁ, আৰু এনেকৈ আচলতে এটা বিশেষ পদ্ধতিত আমি কথাবোৰ নিজৰ সুবিধা মতে সম্পাদনা কৰি জাতত তুলি লওঁ। এই প্ৰৱণতাটোএতিয়া কেনেকৈ প্রত্যাহবান জনাব পৰা যায়?

সত্ৰীয়া নৃত্যৰ মূদ্ৰা আৰু তাল-মানৰ সংগ্রাহক আৰু সংকলক ৰাভা

The present Assamese middle class culture-loving society is largely monochromatic.


অন্য কিছুমান আনুষাঙ্গিক কাৰক আছে যাৰ বাবে এনে এটা সাহস কৰিবলৈ মন মেলিছিলোঁ। জয়ৰ সৈতে কথা পাতোতে এইবোৰ কথা প্ৰায়ে উঠিছিল, আৰু তাৰ যৎসামান্য উল্লেখ নকৰালৈকে এই টোকাটো অসম্পূৰ্ণ হৈ ৰ'ব।


অধুনা মুম্বাই নিবাসী জয় বৰুৱা অসমীয়া সংগীতজগতৰ আটাইতকৈ নিমজ গায়কসকলৰ মাজৰ এজন। কেৱল গাব লাগে কাৰণেই গান গাই জনপ্ৰয়তা অৰ্জন কৰিবখোজা সংখ্যাহীন গায়কৰ ভীৰৰ বিপৰীতে জয় বৰুৱাৰ মাজত দেখা পাওঁ প্ৰকৃত শিল্পী সুলভ মনোবৃত্তি। মাত্ৰ এটা গীতৰ সংৰচনাৰ বাবেই তেওঁ কে'বামাহো সময় লয়। তেওঁক লগ পোৱাৰ পিছত আৰু এলানি আলোচনা আগবঢ়াৰ পিছত বুজিব পাৰিলোঁ যে, গান এটা হৈ উঠাৰ আগতেও গানটো কৰাৰ পদ্ধতি আৰু মাজত সোমাই থকা এজন শিল্পীৰ অভিজ্ঞতা আৰু যাত্ৰাখিনি তেওঁৰ বাবে বেছি গুৰুত্বপূৰ্ণ কথা। এইখিনিতেই তেওঁৰ প্ৰতি মোৰ ভাল লগাখিনিৰ আৰম্ভণী।   

অসমৰ সৰহভাগ সঙ্গীতপ্ৰেমী ৰাইজে অন্যান্য গায়কসকলৰ তুলনাত জয় বৰুৱাক বৰকৈ আঁকোৱালি লোৱা দেখা নাযায়। এইক্ষেত্ৰত জয়ৰ গায়কীৰ গুণ অথবা দোষ ত্ৰুটিৰ কথা এই মুহূৰ্তত ক'বলৈ নাযাওঁ, কিন্তু অন্য কিছুমান কথাহে উনুকিয়াব খুজিছোঁ। সাম্প্ৰতিক অসমৰ মধ্যবিত্তীয় সংষ্কৃতি প্ৰেমী সমাজখন বহুলাংশে একৰঙী, অথবা বিবৰ্ণ। বিশেষ কিছুমান বিষয়কলৈহে এইখন সমাজ সুখী। আধুনিকতাবাদী ধ্যান ধাৰণাৰ পৰা আজিও মুক্ত হ'ব নোৱাৰা এইখন সমাজে অলপমানো ব্যতিক্ৰমী ভংগীমাৰ কিবা এটা সন্মুখলৈ আহিলে তাক আঁকোৱালি ল'বলৈ শিকা নাই। ফলস্বৰূপে ইমানবোৰ ভাষিক গোট, সাংষ্কৃতিক বৈচিত্ৰ্য আৰু বৰ্ণ বৈচিত্ৰ্যৰে ভৰা নৃগোষ্টীৰ সমাৱেশৰ থলী হোৱাৰ পাছতো আমাৰ সমসাময়িক সমাজখন বৰ্ণহীন। আধুনিকতাবাদী জাতীয়তাবাদত সকলো ৰঙ উৱলি যোৱাৰ লেখীয়া। ফলস্বৰূপে এহাতে কোনো ধ্ৰুপদী কলা বা সঙ্গীতৰ উত্থান অসমত পৰিপূৰ্ণকৈ নঘটিল, আৰু অন্যহাতে, উপ-সংষ্কৃতি (চাব-কালচাৰ) বা জনপ্ৰিয় সংষ্কৃতিৰো কোনো অৱকাশ নাথাকিল। এতিয়া অসমৰ সঙ্গীত জগতত একেটাই স্তৰ। [সকলো গায়ক গায়িকাৰে প্ৰিয় শিল্পী জ্যোতি-বিষ্ণু নহ'লে ভূপেন হাজৰিকা। সকলোৱেই অনুপ্ৰেৰণা মাক দেউতাকৰ পৰা পাইছিল। শংকৰদেৱ সকলোৰেই প্ৰাতঃ নমস্য। সকলো গায়িকাই মঞ্চলৈ উঠাৰ আগতে চাদৰ মেখেলা পিন্ধে। পকা বিলাহী বা মুন্নী বদনাম গোৱাৰ আগতে সকলোৱেই অনুষ্টান এটা বৰগীতেৰে আৰম্ভ কৰে।] একেখিনি সাংষ্কৃতিক কৰ্মীয়েই মাফিয়াৰ দৰে সমাজৰ সংষ্কৃতিৰ সকলোবোৰ স্তৰ বা তৰপ দখল কৰি আছে। 'মূলসুতি'ৰ ভব্য গব্য অনুষ্ঠানত যি গায়ক, বাটৰ কাষৰ চেলুন বা চাহ দোকানতো সেই একেজনেই গায়ক। তাৰ পিছতে আছে বিহু। অসমৰ আটাইতকৈ আপুৰুগীয়া এই উৎসৱটো আজিৰ তাৰিখত অসমৰ সাংস্কৃতিৰ পথাৰৰ এটা ভাইৰাছ। পৰিবেশ পৰিস্থিতি উদ্দেশ্য আয়োজন যিয়েই নহওক কিয়, গীত কিন্তু হ'ব লাগিব বিহুসুৰীয়া।
আৰু জয় বৰুৱাই বিহুসুৰীয়া নাগায়।     
[এনেবোৰ কাৰণতেই মিষ্টাৰ ৰাজকুমাৰক প্ৰশংসা কৰিবলৈ আমি বাধ্য হওঁ। তেওঁহে একমাত্ৰ চূড়ান্ত চিত্ৰ-নির্মাতা সাংস্কৃতিক কৰ্মী যিয়ে অসমৰ এই অসমীয়া পৌৰুষিক মধ্যবিত্তীয় একঘেয়ামীৰ পৰা আমাক নিস্তাৰ দিব পাৰিব যেন লাগে।]  

মুম্বাইৰ কালা ঘোৰা শিল্প উৎসৱৰ বাবে "ডিছ্পোজেবল নাৰী" শীৰ্ষক এটি নাট্যানুষ্ঠানৰ প্ৰস্তুতি কৰি থাকোতে (Disposable Womaen, a Disposable Theatre by Kankhowa for the Kala Ghoda festival, Mumbai, 2015) জয় বৰুৱাৰ 'তেজীমলা' শীৰ্ষক অন্য এটা জনপ্ৰিয় গীতৰ দৃশ্যায়ণ কৰিছিলোঁ। আমাৰ পৌৰাণিক কথা - ইতিহাস - লোককথা ভিত্তিক নাটকখনৰ তিনিটা কেন্দ্ৰীয় নাৰী চৰিত্ৰ আছিল ক্ৰমে চিত্ৰলেখা, জয়মতী আৰু তেজীমলা। তাৰ অংশ হিচাপে জয়েও তেজীমলা গীতটী পৰিবেশন কৰিছিল। তেতিয়াৰে পৰাই জয় বৰুৱাৰ লগত এটা নতুন প্ৰকল্পত কাম কৰাৰ গুণা গঁঠা আৰম্ভ হৈছিল।  

 https://www.youtube.com/watch?v=2L02S53uxPo

The cultural aura in Assam is still (in fact, increasingly) modernist in nature. 

কৈছোৱেই, অসমৰ সাংস্কৃতিক পৰিমণ্ডল এতিয়াও (বৰঞ্চ ক্ৰমবৰ্ধমান ৰূপত) আধুনিকতাবাদী। নিজৰ ভাষা-সংস্কৃতিৰ লগত জড়িত হৈ কাম কৰিবলৈ হ'লে কিছুমান অলিখিত বিধান অনুসৰি আপুনি কিছুমান অৱস্থান গ্ৰণ কৰিবই লাগিব - যেনে অতীতত যি আছিল সকলো ভাল... ইত্যাদি। আপুনি জাতীয়তাবাদী হোৱাটো অৱশ্য বাঞ্চনীয়। জাতীয় প্ৰেম ৰু দেশভক্তি জাহিৰ কৰাটো বাধ্যতামূলক। এই বাধ্যবাধকতা সমূহ ইমানেই শক্তিশালী আৰু বহু তৰপীয়া যে তাৰ আঁৰত নিজৰ অস্তিত্বৰ সন্ধান কৰাৰ নামত (জাতীয়তাবাদৰ লগত নিজা অস্তিত্বৰ সন্ধানৰ বিষয়টো যদি সাঙোৰ খাই থকা বুলি মানি লওঁ) আপুনি আচলতে নিজৰ পৰা বহু যোজন আঁতৰতহে অৱস্থান কৰেগৈ। সন্মুখলৈ আগবাঢ়ি যোৱাৰ সলনি আমি বিষাদবোধ আৰু স্মৃতিচাৰণতে পাকঘূৰণি খাই থাকোঁ। "ক'লৈ গ'ল সেই লাচিত বৰফুকন..." বুলি আমি হুঙ্কাৰ দিওঁ, অথবা "আজি আমাৰ মাজত জয়াও নাই, গদাপানিও নাই..." ধৰণৰ কথাৰে চকুলো বোৱাই ভাববিলাসী আমিবোৰে আত্মতৃপ্তি লাভ কৰোঁ।
ওহোঁ, আমি 'ৰাভা' গীতটোক তেনেকৈ এটা শোকগাঁথা, অতীত-ৰোমন্থনৰ ইনিনি বিননি মাত্ৰ হ'বলৈ দিব নোৱাৰোঁ। 

(Thanks to Barnali Baruah for recently making a note in facebook on these aspects)
see Barnali Baruah's Facebook post here

বিষ্ণু প্ৰসাদ ৰাভা এজন মহৎ লোক- এনেধৰণৰ এটা সাধাৰণীকৰণ যদি পৰিহাৰ কৰি চলোঁ তেনেহ'লে কেনে হয়?!  

Bishnu Rabha, oftten iconified with holding a gun on one hand and pen on the other

এতিয়া সমস্যাটো হ'ল, ৰাভাৰ দৰে এক বিশাল ব্যক্তিত্বক কেনেকৈ ধৰি ৰাখিব পৰা যায়? কাৰণ কালক্ৰমত, বিষ্ণু ৰাভা মাত্ৰ এক ব্যক্তি বিশেষ হৈ থকা নাই। দেধাৰ কিংবদন্তী, বিৱৰণ, কল্পনা, দলিল, ইতিহাস, কল্প-ৰচনাৰ মাজেৰে আহি ৰাভা আজি এটা বিশাল শৰীৰ। সাংস্কৃতিক পৰিচয়ৰ লগত জড়িত থকা আজিৰ বা তাহানিৰ প্ৰায় সকলোবোৰ এৰাব নোৱাৰা প্ৰসঙ্গৰ লগতেই কিবা নহয় কিবা প্ৰকাৰে জড়িত হৈ আছে বিষ্ণু ৰাভা আৰু তেওঁৰ অৱদান- ভাষা, সাহিত্য, শিল্প, ৰাজনীতি- সকলোতে। আৰু তাৰপিছত যেতিয়া অসমীয়া (এই অসমীয়া কথাটোৱে বহুসময়ত 'মধ্যবিত্ত' আৰু মূলসুতি' এই দুটা কথাকো সাঙুৰি থাকে) অভিভাৱক সকলে ল'ৰা ছোৱালীক প্ৰতিবছৰে ৰাভাদিৱসৰ অনুষ্ঠানবোৰলৈ ৰাভাসঙ্গীত গোৱাবলৈ অনা নিয়া কৰে, এনে লাগে যেন নিজৰ সংস্কৃতি প্ৰেম বা অসমীয়াত্ব দেখুৱাবলৈ গৈ যেন কোনোবাপ্ৰকাৰে ৰাভাক সৰলীকৰণহে কৰি পেলোৱা হৈছে।    


  

ভিনচেন্ট ভেন গঘ নামৰ প্ৰতিভাধৰ শিল্পীজনক পগলা বুলি কৈ তথাকথিত স্বাভাৱিক সমাজখনৰ পৰা বহিৰ্ভূত কৰা হৈছিল। একেধৰণৰ ঘটনা ঘটিল বিষ্ণু ৰাভাৰ লগত। বহুক্ষেত্ৰতেই ৰাভাক দূৰলৈ থেলি পঠোৱাৰ নজিৰ আছে। কেতিয়াবা দেশদ্ৰোহী বিদ্ৰোহী বুলি, আকৌ জনজাতীয় মূলৰ বুলি। তাৰ পিছত যেতিয়া ৰাভাক আঁকোৱালি লোৱাৰ প্ৰৱণতা আৰম্ভ হ'ল, তেতিয়া দেখা পালোঁ - দূৰত্ব বজাই ৰখাৰ সিও এক প্ৰণালী। এতিয়া কচৰৎ আৰম্ভ হ'ল কেনেকৈ ৰাভাক এটা মিউজিয়ামৰ বস্তুৰ দৰে কাঁচৰ বাকচত সুমুৱাই থ'ব পৰা যায়।



অসমত শিল্পকলাৰ এক নিৰবিচ্ছিন্ন ইতিহাস নাই।

অৱশ্যে এই কথাষাৰ শিল্প ইতিহাসৰ (আৰ্ট হিষ্টৰী) সাধাৰণ আৰু মান্য ধাৰণাৰ পৰাই কোৱা - য'ত পৃথিৱীৰ বাকী সকল কৰ্তা ধৰ্তা বিধাতা সন্তুষ্ট থাকে। এটা সঙ্গীতৰ প্ৰতি এজন দৃশ্য শিল্পীৰ প্ৰতিক্ৰিয়া কেনে হ'ব বা হোৱা উচিত, কেনে ধৰণৰ দৃশ্যভাষা প্ৰয়োগ কৰিলে তাৰ প্ৰতি উচিত বিচাৰ কৰা হ'ব - এইটো নিশ্চয়কৈ এটা প্ৰাথমিক আৰু গুৰুতৰ সমস্যা হৈ উঠিছিল মোৰ সন্মুখত। তাতে যদি সি বিষ্ণু ৰাভাৰ দৰে এক প্ৰবাদ পুৰুষক কেন্দ্ৰ কৰি হয়, তেনেহ'লেতো ঘটনা আৰু জটিল। তেনেই কাষৰীয়া দেশ পশ্চিম বঙ্গৰ সৈতেও যদি তুলনা কৰিবলৈ হয়, দৃশ্যশিল্পৰ ক্ষেত্ৰখনত আমি আজিলৈকে কোনো ক্ৰমবিকাশ বা বিৱৰ্তনৰ খতিয়ান তৈয়াৰ কৰি উলিয়াব নোৱাৰিলোঁ। আমাৰ ইতিহাসক সিদ্ধ কৰিব পৰা এটাই শব্দ- সি হৈছে যাদৃচ্ছিক। সংহতি ৰহিত। ক্ৰমহীনতা। আৰু এই চৰিত্ৰটোৱেই আমাৰ চাৰিওপাশৰ বহুভাষিক, বহুজাতিক পৰিবেশটোৰ লগত ৰজিতা খায়।      




তেনেকৈয়ে ব্যক্তিত্বৰ মাজৰ উন্মাদনা আৰু বহুবৰ্ণিল চৰিত্ৰই মোক ভাৱনাক দিলে এটা আৰম্ভণী। ৰাভাৰ কৰা কেইখনমান নিপুণ চিত্ৰশিল্পৰ ছবি আমি দেখিবলৈ পাইছোঁ - কিন্তু তেনে ধৰণৰ দৃশ্য সংবেদনা আমি যদি তুলি লওঁ, আমি বিচাৰি থকা তেওঁৰ ব্যক্তিত্বৰ উন্মাদনাখিনিক অথবা পৰস্পৰবিৰোধী ঘটনাবোৰৰ সংঘাতক হয়তো ফুটাই তুলিব নোৱাৰিম। ঠিক তেনেহ'লে, ধুৱলি-কুঁৱলি স্মৃতিৰ ৰেঙনি, সৌৰ্য, ওপৰা উপৰিকৈ ঘটা ঘটনাৰ আভাস, স্পৰ্শক্ষম এটা পৃষ্টপট (textured surface) এইবোৰ বিচাৰি মই উভটি চালোঁ উত্তৰ- মনচ্ছায়াবাদী (post-impressionistic)ছবিৰ জগতখনলৈ। তেনেতে মই আবিষ্কাৰ কৰিলোঁ, সেই সময়ৰ অন্য এক প্ৰতিভূ জ্যোতি প্ৰসাদ আগৰৱালা যদি আছিল এজন নিপুণ আৰু মসৃণ মাষ্টাৰ, ৰাভা আছিল খহটা পৃষ্ঠ এখনৰ সৈতে এক বিপুল বৈচিত্ৰ্যৰ সমাহাৰ।    

সেয়েহে ভেন গঘৰ পৰা অলপ হালধীয়া মই ধাৰলৈ আনিলোঁ।
হয়, মোৰ ফালৰ পৰা এয়া ভিনচেন্টৰ প্ৰতিও এটা শ্ৰদ্ধাঞ্জলি।

সেই উন্মাদনা (মেডিকেল অৰ্থত কোৱা হোৱা নাই), সেই ৰঙৰ প্ৰাচূর্য, আৰু একেই ভাবে স্পষ্টকৈ দেখা পোৱা খেতি-পথাৰ, ভোক- অৱসাদ- কৰ্মৰত মানুহৰ সংগ্ৰামৰ সৈতে নিবিড় সম্বন্ধ - এই গোটেইবোৰেই ৰাভা আৰু ভেন গঘক একেলগে সাঙোৰাৰ পক্ষত কৈফিয়ৎ দিয়ে।


এতিয়ালৈকে আলোচ্য গীতটোৰ নেপথ্যত থকা কাহিনীভাগৰ কথা মই কোৱাই নাই- সে বিশেষ ৰাতি বিষ্ণু ৰাভা আৰু গাজী ৰাভাৰ সৈতে কি ঘটিছিল। সেই ঘটনাটো ইমানেই ৰোমহৰ্ষক আৰু স্পৰ্শকাতৰ যে অৱলীলাক্ৰমেই কাণখোৱাৰ ষ্টুডিঅ'ৰ দুৱাৰত আন এজনে আহি টোকৰ মাৰিলেহি- এডৱাৰ্ড মুংখ। গীতৰ কথাভাগ (ইবচন লাল বৰুৱালৈ চেল্যুট) আৰু জয় বৰুৱাৰ গায়কীৰ টেক্সাৰ - দুয়োটাই নিশ্চয়কৈ অভিব্যক্তিবাদী (expressionistic)। এনেকৈয়ে মনচ্ছায়াবাদ আৰু অভিব্যক্তিবাদৰ সনাপোটোকা আৰম্ভ হ'ল।  

Scream, Munch
যিহেতু এচিকুটমান অধিবাস্তৱবাদো (surrealism) অপৰিহাৰ্য আছিল সেয়েহে উৰন্ত বড়ো মহিলা এগৰাকীও আহি সোমালহি - এটা নিচুকণি গীতৰ দৰে, জৰ্জ ব্ৰুকৰ চেক্সোফ'নৰ লগে লগে।  উৰি অহা বড়ো মহিলাগৰাকীয়ে সূৰ্য এটা প্ৰসৱ কৰিলে, সেই সূৰ্যই দিশে দিশান্তৰে ভ্ৰমণ কৰিলে - হাবিয়ে- পথাৰে... মানুহবোৰে মূৰ তুলি তুলি চালে- ল'ৰাই, বুঢ়াই, ৰোৱনিয়ে, দাৱনিয়ে... কিহৰ জানো উৎসৱ, জাকে জাকে দখনা পিন্ধা গাভৰুৱে নাচোনৰ তাল তুলিলে...

a tale of a Bodo woman giving birth to the Sun
   

ইমানবোৰ বিচিত্ৰ চিত্ৰকল্প আৰু বৰ্ণৰ সমাহাৰে কামটো যে খেলি মেলি কৰি নষ্ট কৰি নেপেলাব সেইটো মই জানিছিলোঁ, কাৰণ সঙ্গীতৰ সংৰচনাৰ মাজতেই তাৰ উচনি সোমাই আছিল। প্ৰথমবাৰৰ বাবে সঙ্গীতৰ খচৰাটো জয়ে যেতিয়া মোক শুনাইছিল আৰু মোৰ প্ৰতিক্ৰিয়া জানিব খুজিছিল, তৎক্ষণাত মই একো ক'ব পৰা নাছিলোঁ। কি মনলৈ আহিছিল তেতিয়া? তীব্ৰ বৈপৰীত্য বিশিষ্ট এক নাটকীয় সঙ্ঘাত পাইছিলোঁ। কন্ঠ আৰু চেক্সোফ'ন, জয় বৰুৱা আৰু জৰ্জ ব্ৰুকচ, দুয়ো দুয়োৰে পৰিপূৰক হয় কিন্তু একেসময়তে বিৰোধো আছে। এটাই আনটোক এৰি যেন বাৰে বাৰে আঁতৰি যাব খুজিছে।

আবদ্ধ আৰু সম্প্ৰসাৰণ - এই দুটা বিপৰীত শব্দ মোৰ মনলৈ আহিছিল। 
বন্দিত্ব আৰু মুক্তি।
বৈপৰীত্য- সন্মতি আৰু অসন্মতিৰ এক নাট্যমুহূৰ্ত, - এই বিচিত্ৰতা কম্পোজিচনটোৰ মাজতেই আছিল।

George Brooks and Joi Barua
 আৰু সকলোৰে শেষত থাকিল - কাণখোৱা মেথড, ডিছপোজেবল থিয়েটাৰৰ মেথড- 'ইম্প্ৰ'ভাইজেচন'।  কাম কৰি থকাৰ মাজতে এবাৰ ডিচাঙলৈ বড়ো মানুহ এঘৰলৈ গৈছিলোঁ। মানুহ এজনে কাম কৰি থকাৰ ছবি অলপ লৈছিলোঁ, সেই মানুহজনো আহি ভিডিঅ'টোত সোমালহি। বিশ্বনাথ চাৰিলিৰ পথাৰ এখনত ভুঁই ৰুই থকা মানুহ দুগৰাকীও আহি ইয়াৰ চৰিত্ৰ হ'লহি। আৰু আহিল 'দ-পৰ্বতীয়াৰ সেই ছোৱালী দুজনী হাতৰ মুদ্ৰা আৱাহনী...'। 
Anything and everything just adds on, when you are working with improvisation.

Doorway from Daparbatiya and my rendering after a poem by Nilmoni Phukan in 1998





 


এতিয়া মই কি চফটৱেৰ ব্যৱহাৰ কৰিলোঁ সেইটো নুসুধিলেই ভাল পাম। এজন ফটোগ্ৰাফাৰৰ ছবি এখন চাই তেওঁ কি কেমেৰা ব্যৱহাৰ কৰিছিল সুধিলে তেওঁ বিৰক্ত হোৱাৰ সম্ভাৱনাই বেছি।

Comrade Gajiram Rabha

In an interview with Kasmin Fernandes, TOI, Joi Barua states:

Samudra Kajal Saikia has created the animated music video accompanying the song. Says Joi about the making of the video, "Samudra teaches drama and theatre and is a fantastic animation artist. I was working on the song and hadn't found a way forward on the visual tract. He had gifted me a small animation video he had made himself of my song 'Tejimola'. I was astounded by its wizardry. I knew if there was anyone, it was he who could take this song forward, with its nuances of art, music and heritage intact. It takes around 25 visual animation guys to do something like this, but he did this all by himself. He worked alone, sometimes 16 hour days, for nearly two months to come up with the first draft. I am lucky to have someone like him, who goes so deep into creating a piece of art that will stand the test of time."
http://timesofindia.indiatimes.com/entertainment/hindi/music/news/Assamese-musician-Joi-Barua-collaborates-with-American-saxophonist-George-Brooks/articleshow/50637048.cms

গীতৰ নেপথ্য কাহিনী-

সাম্যৰ যোগেৰে প্ৰকৃতাৰ্থত সমাজত প্ৰগতি আনিব বুলি বিপ্লৱৰ সূচনা কৰা বিষ্ণু প্ৰসাদ ৰাভা আৰু তেওঁৰ বিপ্লৱী সতীৰ্থ সকলৰ শিবিৰৰ ঠিকনা পুলিচৰ আগত ব্যক্ত নকৰিবলৈ কমৰেড্ গাজিৰাম ৰাভাই যথেষ্ট নিৰ্যাতন ভোগাৰ পিচত বন্দী অৱস্থাত নিজৰ জিভা কাটি পেলাইছিল।
বিষ্ণু প্ৰসাদ ৰাভাৰ মতাদৰ্শ সৰ্বসাধাৰণৰ অথবা দেশৰ প্ৰকৃত প্ৰগতিৰ বাবে কিমান অপৰিহাৰ্য আছিল সেয়া গাজি ৰাভাৰ ত্যাগ আৰু বলিদানৰ দৃষ্টিভঙ্গীৰে নিৰীক্ষণ কৰিলেহে হয়তো বুজিব পৰা যাব।


Joi Ft. George Brooks, "Rabha", Pride, Lyrics: Ibson Lal Baruah
Video: Samudra Kajal Saikia, a Kankhowa Creation


a very special round of thanks goes out to : INK talks & Lakshmi Pratury for bringing together
Joi Barua & George Brooks. Moina Goswami, Ratul Goswami & Kushal Mirza. Mixed & Mastered by Abani Tanti at Geet Audiocraft Mumbai. Art, Animation, VFX and Editing: Samudra Kajal Saikia

Media and Other Associated Links:  















Watch in MTV's site:



 or, mtv.tl/RabhaJB