ডঃ বাণিকান্ত কাকতি

...সাহিত্যৰ ক্ষেত্রত নতুনকৈ কৰিবলগীয়া কাম একো নাই। সাহিত্য ধ্বনি আৰু প্রতিধ্বনি মাথোন। পূর্বপুৰুষ সকলৰ ভাবৰ ধ্বনি যাৰ হৃদয়ত পুৰাকৈ প্রতিধ্বনিত হয় সিয়েই সফলতা লাভ কৰে... ডঃ বাণীকান্ত কাকতি, বাঁহী, ১৩শ বছৰ, অষ্টম সংখ্যা, আঘোণ, ১৮৪৭ শক।

Blog Archive

Thursday, November 3, 2011

সলিল সমাধিস্থ উপত্যকাৰ গান ১


কাণখোৱাৰ চোতালঃ ডিছপোজেব্‌ল কথা-বার্তা
সলিল সমাধিস্থ উপত্যকাৰ গান ১

সমুদ্র কাজল শইকীয়া

ৰেৱা নর্মদা নদীৰ প্রাচীন নাম। ভাৰতবর্ষৰ এখন পবিত্রতম নদী হোৱাৰ লগতে ইয়াৰ লগত জৰিত হৈ আছে বিশাল ভূখণ্ডৰ অগণিত জনগোষ্ঠীৰ সংস্কৃতি আৰু জীৱন নির্বাহৰ আৱলম্বন। ধাৰাজী মধ্যপ্রদেশৰ এডোখৰ ভিতৰুৱা অঞ্চল, নদী বন্‌ধ নির্মাণ আৰু কিছুমান বিসঙ্গতিৰ ফলশ্রুতিত এই অঞ্চলৰ এটি উপত্যকা পানীৰ তলত জাহ গৈছিল। নর্মদা বচাও আন্দোলনৰ সক্রিয় ভূমিকাতে এতিয়া তাত কেইখনমান গাঁও বর্তি আছে চৰম অনিশ্চয়তাৰ মাজত। আর্ট এণ্ড ডীল আলোচনীৰ সম্পাদক ৰাহুল ভট্টাচার্য আৰু ন ব আ-ৰ কর্মী ৰাভিশা মালৰ উদ্যোগত ধাৰাজীত শিল্পী সকলৰ ৰেৱা ডায়েৰীজ নামেৰে এটা সমাৱেশৰ আয়োজন কৰা হৈছিল। আমি সেই সমাৱেশত অংশ লৈছিলোঁ। এই সমাৱেশে বহুখিনি গুৰুত্বপূর্ণ আৰু জটিল প্রসংগ আমাৰ মাজত উত্থাপন কৰে, যেনে, শিল্পীৰ সামাজিক দায়বদ্ধতা, শিল্পীৰ ৰাজনৈতিক ভূমিকা, বহুৰাষ্ট্রীয় বজাৰ ব্যৱস্থাৰ প্রতি সঁহাৰি, জনজাতীয় জীৱনধাৰাৰ সৈতে আধুনিক শিল্পীৰ সম্পর্ক স্থাপন, দৈনন্দিন জীৱনত আৰু ৰাজহুৱা স্থানত শিল্পৰ উপস্থাপনা ইত্যাদি। এই জটিল বিষয়বোৰক আলোচনা কৰাৰ পৰিৱর্তে এই লেখাত আমি আমাৰ অভিজ্ঞতাখিনি ক্রমানুসাৰে উপস্থাপনা কৰাৰ চেষ্টা কৰিম, যাতে পাছলৈ আমি অন্যান্য বিষয়বোৰ তুলি ধৰাত সহজ হয়।




প্রায় চৈধ্য ঘন্টাৰ ৰেল ভ্রমণৰ অন্তত ইন্দোৰৰ ষ্টেচনত নামিলোঁ। শক্তি ভাই (শক্তি ভট্ট) পূৱা ন বজাতেই বৰোদাৰ পৰা আহি মোৰ কাৰণে ৰে'ল ষ্টেচনতে ৰৈ আছিল। এঘন্টামান সময় আমাৰ নষ্ট হ'ল মানুহ এজনৰ লগত হোৱা টেলিফোনিক কথা বার্তাৰ ভুল বুজাবুজিৰ কাৰণে। শেষত আমি নিজেই আমাৰ গন্তব্য স্থানৰ ফালে কিবা এটা কৰি আগবঢ়াৰ সিদ্ধান্ত ল'লোঁ। কিন্তু কেনেকৈ? আমাৰ গন্তব্য স্থান হ'ল মধ্য প্রদেশৰ ধাৰাজী নামৰ এখন গাঁও, কিন্তু কোনেও দেখোন ইয়াত গাওঁখনৰ নামেই শুনা নাই, যোৱাৰ পথৰ সন্ধান দিয়ে কেনেকৈ? ঔমকাৰেশ্বৰ নামৰ ঠাইখনলৈকে যোৱা যাওক। তাৰ পৰা কিবা নহয় কিবা এটা বন্দবস্ত হ'ব। যিসকল উদ্যোক্তাৰ ফোন নাম্বাৰ আমাৰ হাতত আছে সেইসকলৰ ফোনে কাম কৰা নাই যোৱা দুদিন ধৰি। আমি য'লৈ যাবলৈ ওলাইছোঁ তালৈ কোন যাতায়তৰ সুব্যৱস্থা নাই। তাত বিজুলীৰ সৰবৰাহ নাই, তাত মোবাইল ফোনৰ নে'টৱর্ক নাই। মধ্যস্থতাকাৰী এজনৰ ফোন যোগে কোনমতে এটা সন্ধান পালোঁ, আমি যদি চনাৱত নামৰ ঠাইডোখৰলৈকে গৈ ওলাবগৈ পাৰোঁ, ৰাহুলে নিজে আহি আমাক লগ ধৰি লৈ যাবহি পাৰিব। সেয়ে হওক। টেক্সি এখন ল'লোঁ, সদ্যহতে চনাৱতলৈকে যোৱা যাওক। কিমান দূৰ নাজানোঁ, কিমান সময় লাগিব নাজানোঁ। টেক্সিচালকৰ ভাষ্যমতে আশী কিলোমিটাৰ, দুই বা আঢ়ৈ ঘন্টা সময় লাগিব।

হাতত সময় কম। এন্ধাৰ হোৱাৰ আগতেই কোনোবা নহয় কোনোবা এজন উদ্যোক্তাক লগ পোৱাতো জৰুৰী। পেটত ভোক, কিন্তু এখন্তেক ৰৈ কিবা এটা খাই লোৱাৰ সুযোগকণো নাই। বাটতে শক্তি ভাইক মই শেহতীয়াকৈ ৰচনা কৰা গানটোৰ অলপমান গুণগুণাই শুনালোঁ। আৰু এটা অভিজ্ঞতাৰ কথা ক'লোঁ, ৰে'লত আহি থাকোতে এখন শুকান মৰা নদী দেখা পাইছিলোঁ, যাৰ দুই কাষে অধূতকঈ ৰঙ্গা হৈ ফুলা অগণন পলাশ ফুল। এয়া ফাগুণৰ শেষ। দিল্লীৰ কেবাঠাইতো ডাল ভৰি ভৰি শিমলু ফুলিছে। মধ্যপ্রদেশৰ পলাশৰ সংখ্যা বেছি দেখা পালোঁ।
এখন (শুকান) মৰানদীৰ বুকু ৰঙা কৰি
পলাশ ফুলি সৰিছে।
        কিহলৈনো পাতিছা
        ৰঙাকৈনো দলিচা
                কোনে আহি খাব ভাত
                দূপৰীয়াৰ বালিভাত
ইমান নিজান, দূৰ দূৰলৈকে...


        দেহা কৰে ছাটি ফুটি
        ৰৈ যা অ' ৰেলগাড়ী
        পলাশ শিমলু ফুলে
        মাতে মোক হাত তুলি

শুকান নদীৰ উদং বুকু
খৰাং ৰ'দত পোৰে চকু
তাৰ মাজতো তই কৱ বাৰে বাৰে অ'ই
ভালপাওঁ ভালপাওঁ ভালপাওঁ ভালপাওঁ

        ৰৈ যা ৰৈ যা ৰৈ যা ৰৈ যা
        ৰৈ ... যা...... ৰৈ ... যা
        ৰেলগাড়ী
        মোৰ হাতত ই-টিকট আছে, ফটো পৰিচয় পত্র নাই
        টি টি ই আহিলে কি বিপদ হ'ব ঠিকনা নাই
        ৰৈ যা ৰৈ যা ৰৈ যা ৰৈ যা
        মোক ইয়াতে থৈ যা

পলাশকে সোধা বা শিমলুকে সোধা
আছেনে বাৰু তহঁতৰ ভোটাৰ আই ডি?
        সিহঁতে ক'ব, অ' আই
        সেইটো আকৌ কি?

এইখন নদীক কোনোবাই দিব খুজিছিল এখন
পৰিচয় পত্র
আজি সি শুকান, নিচ্ছল, নিমাত
হাহাকাৰ সর্বত্র...

ৰিণিকি ৰিণিকি দেখা পালোঁ নর্মদা। হঠাতে অপ্রত্যাশিত ট্রেফিক জামৰ সন্মুখীন হ'লোঁ। শক্তি ভাইৰ কথাত গম পালোঁ, আজি চ'ত মাহৰ অমাৱস্যা, আজি হাজাৰ হাজাৰ মানুহ আহি নর্মদাত ডুব মাৰিছেহি। সেয়েহে এই ট্রেফিক জাম স্বাভাবিক। ঘামত দেহা তিতিছে, নর্মদাত ডুব এটা মাৰিব পাৰিলে ভালেই আছিল - মনে মনে ভাবিলোঁ।


চনাৱত পায়েই নেমু পানী এগিলাচ খাবলি  লওঁতেই দেখিলোঁ ৰাহুলক এখন জীপত। অলপমান ছবি অঁকাৰ বস্তু আৰু ৰন্ধা বঢ়াৰ সামগ্রী কিনিব লগা আছে। তেওঁলোক কিনা কটাত লাগিল। আমি ঠাইডোখৰতে পাক এটা মাৰিলোঁ। চনাৱত - গোতেই ঠেইডোখৰেই এটা নাটকীয় ছেটৰ দৰে। সমান্তৰাল নহয়, সকলোবোৰ দোকান-পোহাৰ, বাছ আস্থান, ম্যুনিচিপালিটি ভৱন অগা পিছা। মুগল মিনিয়েচাৰ পেইন্টিঙ্গৰ দৰে যেন এই স্থাপত্যবোৰে কোনো সু-সামঞ্জস্য পৰিপ্রেক্ষিত মানিব নোখোজে। এই চকুৰে মনিব পৰা প্রায় এশ মিটাৰৰ ব্যৱধানতে ঘোৰা গাড়ী, পুৰণিকলীয়া মপেড, ঠেলাগাড়ী, বাছ, অত্যাধুনিক ব্যক্তিগত গাড়ী সকলোঁ একেলগে চলিছে। এটাৰ পিছত এটাকৈ তিনিটামান বহুৰঙ্গী মন্দিৰ। আটাইকেইটাই শৈৱ। শক্তি ভায়ে এষাৰ কথা ক'লে, গমি চাব পাৰি, মহম্মদৰ ৰামৰ লগতেই সমস্যা আটাইতকৈ বেছি, মহাদেৱ শিৱৰ লগত ইমান বেছি সমস্যা নাই যেন পাইছোঁ। কথাটো হয়। ভাৰতীয় ব্রাহ্মণীয় ৰাজনীতিৰ চকুৰ মণি কেৱল ৰাম। শিৱ নহয়, ব্রহ্মা নহয়, আনকি শ্রীকৃষ্ণ অথবা বিষ্ণুও নহয়। কাৰণ এয়ে যে, পুৰুষতান্ত্রিক সমাজখনৰ ইচ্ছা অভিৰুচিক ৰামচন্দ্রই যিমান ভালকৈ প্রতিনিধিত্ব কৰে, সিমান ভালকৈ আন কোনেও নকৰে।

সি যি কি নহওক, পঞ্চলিশ মিনিটমান সময় আমি চনাৱতত কটালোঁ। স্থাপত্যৰ বিচিত্রতা বা যান বাহনৰ বিচিত্রতাৰ কথা কৈছোৱেই। এইবাৰ চকুত পৰিল মানুহৰ বিচিত্রতা। এয়া এনেকুৱা এক সমতল যত বিৰাজ কৰিছে এজন ছুট টাই পিন্ধা ভদ্রলোক, এজন পুলিচ, এজন দীন-দুখীয়া ভীক্ষাৰী, এজন মানসিক সন্তুলন হেৰুৱাই পেলোৱা পগলা। হয়, এয়া একপ্রকাৰে এক নাটকীয় পৰিবেশেই। তাৰ মাজতেই দেখিলোঁ, গেৰুৱা বসন পিন্ধা এজন সন্যাসী সাধু-বাবা জাতীয় ব্যক্তি আগবাঢ়িছে আৰু তেওঁৰ সন্মুখত ঢোল বজাই বজাই আন এজন মানুহ। অন্যান্য মানুহ আহি তেওঁক প্রণাম কৰিছে, ফুলৰ মালা পিন্ধাইছে। এই সকলোবোৰ ঘটনা যেন আমাৰ সন্মুখত আমাক দেখুৱাবৰ কাৰণেই ঘটি আছে। গোটেই দিনটোৰ দুখ-ভাগৰ-ভোক-পিয়াহ আঁতৰি গ'ল। আমি চনাৱত নামৰ এই সৰু ঠাইডোখৰক ভালপাবলৈ আৰম্ভ কৰিলোঁ।   


নর্মদা বচাও আন্দোলনৰ এজন পুৰণা কর্মী ভগৱান দাদাৰ জীপত আমি পুণাচা নামৰ ঠাইখনলোই গ'লোঁ, তাতে আৰু কেইজনমান আন্দোলনৰ কর্মকর্তা আমাৰ কাৰণে ৰৈ আছিল। এইডোখৰ ঠাইৰ পৰা ধাৰাজী নামৰ গাওঁখনলৈ যাবলৈ হ'লে মাজত বিশ-পচিশ কিলোমিটাৰ মানৰ এখন হাবি পাৰ হ'ব লাগে। ওখোৰা মোখোৰা হাবিতলীয়া বাটেৰে ভগৱান দাদাৰ জীপ আগবাঢ়িল। এইখিনিৰে পৰাই অতি ধুনীয়া লেণ্ডস্কেপ দেখিবলৈ পাবি - ৰাহুলে ক'লে। কিন্তু ইতিমধ্যেই আন্ধাৰ নামিবলৈ আৰম্ভ কৰিছে। আজি আঁউসীৰ ৰাতি, বাহিৰৰ দৃশ্যপট ধূসৰ। চকামকাকৈ দেখিলোঁ এঘৰ দুঘৰ মানুহ, সেৰেঙা হৈ আহিছে বসতি। এজাক-দুজাক ম'হ। এডৰা দুডৰা খেতি। তাৰ পিছত ক'লাত ক'লাৰে অঁকা এক অটব্য অৰণ্য- তাৰ মাজেৰে শিলুৱা ওখোৰা মোখোৰা বাটেৰে আমাৰ জীপগাড়ী আগবাঢ়িছে। আমি আৰাৱলি পর্বতমালাৰ ক্রমান্বয়ে ওপৰলৈ উঠিছোঁ। আৰাৱলি পাৰ হৈ আমি বিন্ধ্য পর্বতত উঠিমগৈ।

ক্রমান্বয়ে ওপৰলৈ উঠি গৈ থকাৰ পিছত অলপমান তললৈ নামি আহি জীপখন এঠাইত ৰ'ল। এতিয়া সন্মুখত বিৰাট পানী। এয়াই নর্মদা? হয়, কিন্তু ঠিক নদী বুলিব নোৱাৰি, এতিয়া কল্পনাৰো অতীত পানীৰ ভাণ্ডাৰ বুকুত সাবতি থকা কেৱল এটা জলাশয়। এই জলাশয়ৰ তলতে আজিৰ পৰা পাঁচবছৰৰ আগতে আজিৰ দিনটোতে এটা উপত্যকা জাহ গৈছিল। বাৰশৰ পৰা পোন্ধৰ শ মানুহ নিমষতে পানীয়ে মহতীয়াই নিছিল। কোনোবা উপন্যাসৰ দৰে কাহিনী, পুৰাণ কথাৰ দৰে কাহিনী, সভ্যতাৰ ইতিহাস বিদ্ধস্ত হৈ যোৱা এটা কল্প কাহিনী যেন লাগিল। কিন্তু কল্প কাহিনী নহয়।

ৰিঙি মাৰি সিপাৰৰ ঘাটৈক মতা হ'ল, ঘাৰ ঘাৰঘেৰাই এটা শব্দ আগবাঢ়ি আহিল। দূপৰীয়া কাকৰি অলপ কিনিছিলোঁ, খাবলৈ অৱকাস পোৱা নাছিলোঁ, তাতে দুকামোৰ মাৰোতেই ঘেৰঘেৰাই নাওঁখন কাষ পালেহি। নাঁৱত উঠিলোঁ, অপ্রাসঙ্গিক হ'লেও হঠাত অজিত বৰুৱাৰ জেংৰাই মনলৈ আহিল। এয়া জেংৰাই নহয়, এয়া সুবনসিৰীও নহয় - এয়া নর্মদা - মা ৰেৱা। তথাপি, 'আমি অন্ধবিশ্বাসী, কেৱল, আমাৰ অন্ধবিশ্বাস যদি নিৰন্ধ্র অন্ধকাৰ হ'লহেতেন'!

ধাৰাজীৰ ঘটত নামি দেখিলোঁ অন্য এটা নাটকীয় চে'ট। দুখন চাহৰ দোকান, মুখামুখি, এটা কিবা চৰকাৰী যেন লগা বিল্ডিং, কিবা পলিটিকেল বিষয়ৰ এখন বেনাৰ, অনতিদূৰত কিবা মন্দিৰ এটা, ৰৈ থকা এখন বাচ, চাৰিফালে যাব পৰা চাৰিটা ৰাস্তা - অসমীয়া একাঙ্কিকা নাটক আৰু ছুটিগল্পত সঘনে সন্মুখীন হোৱা এটা দৃশ্যপট। কিন্তু এয়ে অসম নহয়, মধ্যপ্রদেশৰ এখন ভিতৰুৱা জনজাতীয় গাওঁ। ভাৰতবর্ষৰ বিভিন্ন ঠাইৰ পৰা অহা শিল্পী মণ্ডলী এইখিনিতেই গোটখিছেহি। মোক আৰু শক্তিভাইক বাদ দি বাকী সকল আজি ঔমকাৰৰ পৰা এইখিনি পাইছেহি। চাহ একাপত চুমুক দি, ঢোলটো মোকোলাই ল'লোঁ। কিন্তু ঢোলত কিবা টুকুৰিয়াবৰ পৰতেই এটা প্রস্তাৱ আহিল, নর্মদাৰ ঘাটত গা টো ধুই অহা ভাল। এৰা, ভাল প্রস্তাৱ। ওচৰৰে ধর্মশালা বুলি কোৱা এটা বিল্লডিঙৰ ছাদতে মোনা আৰু সা-সৰঞ্জাম থৈ ধাৰাজীৰ ঘাটত পানীত জোবোৰা মাৰিলোঁ। এই জোবোৰা এটা ঐতিহাসিক মুহূর্তৰ এটা ঐতিহাসিক জোবোৰাৰ প্রতিনিধি। আজি চ'ত মাহৰ অমাৱস্যা, ভূতাড়ি অমাৱস্যা নামেৰে জনাজাত এই দিনটোতে এইখিনি ঠাইতে এখন বিৰাট ডাঙৰ মেলা বহিছিল। পঞ্চাশখন গাঁৱৰ মানুহ আহিছিল, আৰু পাঁচ লাখমান মানুহৰ সমাবেশ হৈছিল। নর্মদা ভাৰতবর্ষৰ পবিত্রতম নদী সমূহৰ মাজত এখন নদী, আৰু কিছুমান কিংবদন্তী অনুসাৰে ইয়াৰ স্থান গঙ্গা বা যমুনাতকৈয়ো ওপৰত। এই নর্মদা নদীৰো আকৌ আটাইতকৈ গুৰুত্ব পূর্ণ স্থান এইখিনিয়েই, ঠিক যি খিনি ঠাইত মই ঠিয় দি আছোঁ।

মই যিখিনি ঠাইত ঠিয় দি আছোঁ, তাৰ পৰা আৰু এখোজো আগবাঢ়ি নাযাবলৈ বাৰে বাৰে সকিয়নি দিয়ে হ'ল। কাৰণ তাৰ মাত্র এখোজ আগলৈয়ে এই নদী (নে জলাশয়) চাৰে তিনিশ ফুট গভীৰ। কেনেকৈ? এয়া নদী নহয়, এয়া জলাশয় নহয়। এইখিনিতেই বিন্ধ্যপৰবত আৰু আৰাৱলিৰ মাজৰ এখন উপত্যকা আছি, উর্বৰ শস্যভূমি আছিল, অগণিত গাঁও আৰু জনবসতি আছিল। সেয়া আজি পানীৰ তল।   

মই যি দিনটোত এইখিনি পানীত থিয় দি আছোঁ, এইটোৱেই আছিল সেই অভিশপ্ত দিন। চ'ত মাহৰ অমাৱস্যাটো ভূতাড়ি অমাৱস্যা নামেৰে জনাজাত, এই দিনটোত যিয়ে নর্মদাত ডুব মাৰে তাৰ গাৰ পৰা ভূত আঁতৰে। মানুহৰ দেহাৰ পৰা ভূত খেদোৱাৰ পৰম্পৰা এতিয়াও ইয়াত প্রচলিত। এইখিনিতেই এটা জলপ্রপাত আছিল, চাৰে তিনিশ ফুট মান দ। নৰমদাৰ আটাইতকৈ ধুনীয়া, প্রসিদ্ধ আৰু জনশ্রুতিৰে ভৰা পবিত্রতম জলপ্রপাত। এই জলপ্রপাতৰ তীব্র ধাৰত শিলাখণ্ডবোৰ নিমজ গোলাকৃতিৰ হৈ শিৱলিংগৰ সৃষ্টি কৰিছিল। এই জলপ্রপাতৰ অদ্ভূত গূণ। ইয়াত দলিয়াই পেলোৱা এটুকুৰা শিল এডোখৰ শিৱলিংগ হৈ পৰিছিল। সেয়েহে ইয়াক কোৱা হয়, "হৰ কংকৰ শংকৰ", প্রতিডোখৰ শিলেই শিৱ। এই শিৱলিংগ ইমানেই পবিত্র আৰু স্বয়ম্ভূ যে ইয়াৰ প্রাণস্থাপনাৰো প্রয়োজন নহয়। বাণাসুৰৰ লগত জড়িত এটা কিংবদন্তি মতে, তেতিয়া নর্মদা আছিল কুমাৰি আৰু নিজৰ মতে স্বচ্ছল গতিৰে বৈ আছিল। বাণাসুৰে নর্মদাৰ ৰূপ গূণত মোহ গৈ নর্মদাৰ বাট ভেটি ধৰিলে আৰু বিয়া পাতিবৰ বাবে জোৰ কৰিলে। তেতিয়া নর্মদাই কৰিলে কি, বাণসুৰ যি ঠাইত ৰৈ আছিল সেইখিনি ঠাইতে মাটি দ কৰি মাটি ফালি নিজৰ বৈ যোৱাৰ পথ নির্ধাৰণ কৰি ল'লে। সেইখিনিতেই, সেই মর্মেই এই জলপ্রপাতৰ সৃষ্টি। পাছলৈ বাণাসুৰে শিৱভক্ত হৈ প্রটিটো শিলকেই শিৱলিংগলৈ ৰূপান্তৰ কৰাৰ ভাৰ লয়।

ঠিক এইখিনিতেই, আজিৰ দিনটতেই আটাইতকৈ ডাঙৰ আৰু গাঁওখনৰ একমাত্র উতসৱটো উদযাপিত হৈছিল এইখিনিতেই য'ত পাঁচ লাখমান মানুহ একত্রিত হৈছিল। বহুতো সাধু-সন্ত, ভক্ত আৰু সাধাৰণ মানুহ আগদিনাই আহি ৰাতিটো ইয়াতে শুই থাকিছিল, পৰৱর্তি সূর্যোদয়ৰ প্রতীক্ষাত। আজিৰ দিনটোৰ ৰাতিপূৱা একো নভবা নিচিন্তাকৈ উদ্যোগপতিৰ নিজৰ মুনাফাৰ কথা ভাবি এচিয়াৰ ভিতৰতে এটা বৃহত্তম বন্‌ধ ইন্দিৰা সাগৰ নদীবান্ধ খুলি দিয়া হ'ল। সেই পানীত হাজাৰ হাজাৰ শুই থকা মানুহে একো গম নোপোৱাকৈয়ে পানীত উটি গ'ল, অথবা পানীত ডুবি ৰ'ল। চৰকাৰী হিচাপ মতে মাত্র সত্তৰজন মানুহৰ মৃত্যু হৈছিল, কিন্তু প্রত্যক্ষ্যদর্শীৰ মতে বাৰশ-পোন্ধৰশ মানুহৰ মৃতদেহ ট্রাকত ভৰাই অনা হৈছিল। বাৰশ, পোন্ধৰ শ, বা সত্তৰ - সংখ্যাৰ বিতর্ক আমাৰ বিচার্য্য নহয়। এজন মানুহৰো যদি মৃত্যু হৈছিল, তাৰ বাবেও দায়িত্ব স্বীকাৰ আমি বিচাৰোঁ।    

এই দায়িত্ব কোনে স্বীকাৰ কৰিব? এয়া চুনামি নহয়, ভূমিকম্প নহয় - বা তেনেকুৱা কোনো প্রাকৃতিক দুর্যোগ নহয়। এয়া মানুহৰ দ্বাৰা কৃত ঘটনা। নদী বান্ধ নির্মাণৰ ঘাই হোতা অথবা অংশীদাৰ বহুজাতিক কোম্পানীয়ে দোষ স্বীকাৰ কৰিবনে? নে সেই কোম্পানীবোৰৰ হাতত নিজৰ দায়িত্ব সঁপি দি নিজৰ ভাগৰ কর্তর্ব্যখিনি পাহৰি থকা আমাৰ নিজৰ এই সার্বভৌমিক গণতান্ত্রিক চৰকাৰখনে কৰিব? কোনখিনিত ইমান ডাঙৰ ভূল এটা হৈ গ'ল? ক'ত সংস্কৃতিৰ পালন, ক'ত মানুহৰ জীৱনৰ প্রমূল্য?

(আগলৈ)


No comments: