ডঃ বাণিকান্ত কাকতি

...সাহিত্যৰ ক্ষেত্রত নতুনকৈ কৰিবলগীয়া কাম একো নাই। সাহিত্য ধ্বনি আৰু প্রতিধ্বনি মাথোন। পূর্বপুৰুষ সকলৰ ভাবৰ ধ্বনি যাৰ হৃদয়ত পুৰাকৈ প্রতিধ্বনিত হয় সিয়েই সফলতা লাভ কৰে... ডঃ বাণীকান্ত কাকতি, বাঁহী, ১৩শ বছৰ, অষ্টম সংখ্যা, আঘোণ, ১৮৪৭ শক।

Blog Archive

Thursday, November 3, 2011

সলিল সমাধিস্থ উপত্যকাৰ গান ২


কাণখোৱাৰ চোতালঃ ডিছপোজেব্‌ল কথা-বার্তা
সলিল সমাধিস্থ উপত্যকাৰ গান ২

সমুদ্র কাজল শইকীয়া

ৰাগী হব নোবাৰিলোঁ
শিল্পী হব নোবাৰিলোঁ
বিপ্লবী হব নোবাৰিলোঁ
তোমাক ইমানকৈ ভালপায়ো
তোমাৰ প্রেমিক হব নোবাৰিলোঁ


ধাৰাজী ঘাটৰ ওচৰৰে মানুহ এঘৰত আমাক ৰাতিৰ ভাতসাজ আথে বেথে খুবালে। ধর্মশালা বুলি কোবা বিল্ডিংটোৰ ছাদতে ৰাতিটো কটাম। কিনতি যদিও দিনটোৰ ভাগৰত জুৰুলা হৈ আছোঁ, ঠাই ডোখৰক নতুনকৈ আকৌ এবাৰ বুজি লোবাৰ ইচ্ছাটো মনতে আছে। সেয়েহে অলপ সময় আমি, মানে মই আৰু শক্তি ভাই, ঘাটতে বহি থাস্কিলোঁ। ধাৰাজী গাঁৱৰ ল'ৰে এটা আগবাঢ়ি আহি সুধিলে, আপোনালোক গুজৰাতৰ পৰা আহিচঘে নেকি? মই যদিওবা দিল্লীৰ পৰা আহিছোঁ, মই হয় বুলিয়ে ক'লোঁ। আপুনি মোৰ লগত আহকচোন বুলি ক'লে, আৰু তেওঁৰ কথা কোবাৰ ধৰণুটোৰ পৰা গম পালোঁ তেওঁ মোক বিচাৰিয়ে আহিছিল। মই শক্তি ভাইক আন্ধাৰতে এৰি সেই ল'ৰাজনৰ লগত আগ বাঢ়িলোঁ। তেওঁ তেওঁৰ ঘৰলৈ লৈ গ'ল। এটেকেলি মহুবা মোৰ বাবে তাত থৈ দিয়া আছিল। জানিছিলোঁ, যে বিহাৰ আৰু মধ্যপ্রদেশৰ স্থানীয় সুৰা মহুবা। প্রায় দহবছৰৰ আগতে মহুবাৰ সোবাদ পাইছিলোঁ। দীপক ৰাজভৰ, উমেশ চাউ, আচিফ মেহবুব আৰু মই এদিন বোলপুৰৰ স্টেচনত স্কেচ কৰি থাকোতে হঠাতে চাহেবগঞ্জ অভিমুখী এখন ৰে"ল দেখি আগ পিছ একো নাভাবি জপিয়াই পৰিছিলোঁ। চাহেবগঞ্জত গোটেই দিনটো ছবি আঁকিলোঁ - মানুহ, গৰু, পাহাৰ, গাঁও। সন্ধিয়া মহুবাৰ গোন্ধ পালোঁ। সেয়াই মোৰ মহুবাৰ স্মৃতি। এই প্রায় দহ বছৰৰো অধিক সময়ৰ পিছত আকৌ মহুবাৰ গোন্ধ পালোঁ।  

নর্মদা মাৰ এটা মন্দিৰৰ সন্মুখতে শিল্পী সকল বহি কথা পাতি আছিল। তাতে অলপ সময় ৰৈ গান গালোঁ। মূখ্যতঃ লালন ফকীৰৰ গান আৰু কবীৰৰ গান। প্রায় আঠ মাহৰ মূৰত মই আৰু শক্তি ভাইয়ে আকৌ একেলগে গান গাইছোঁ। আজি ৰাতিপূৱা আহি থাকোতে বাটতে সম্পূর্ণ কৰা এটা নতুন কম্পজিচনো গালোঁ। বহু সময় ধৰি গান গালোঁ। তাৰ পিছত মুকলি আকাশৰ তলতে শুই পৰিলোঁ। অমাৱস্যাৰ ৰাতি, আকাশৰ জোন নাই, তৰা আছে। বহুত দিনৰ মূৰত আকাশত তৰা দেখিছোঁ, দিল্লীৰ আকাশত তৰা দেখা নাযায়। নাৱৰ টিঙত শুই তৰা আৰু বোকা একেলগে দেখি... আকৌ মনত পৰিল অজিত বৰুৱাৰ জেংৰাই ১৯৬৩

আজিৰ নতুন কম্পজিচনটো আছিল বাউল, ভাটিয়ালি আৰু ৰাজস্থানী মাংগনীয়াৰ মিশ্রিত।
বেহনে দো...
দেখনে দো সংসাৰ কি ৰূপ
খেলনে দো ইচমে ছাৱ ধুপ
জীনে দো জীনে দো জীনে দো
মস্তি মে চুৰ হো কৰ খুব;

নদী অ নদী...

ধূল মিট্টি সুখে পত্তে
হৰ কিসি কা হ্যেই ৰিস্তে নাতে
ইনচান ইনচান কে
ক্যুঁ অলগ হ্যেই য়ে চাৰি বাতেঁ

মা ৰেৱা অ মা ৰেৱা...



পিছদিনা শুই উঠিয়ে প্রাতঃক্রিয়া সমাপণৰ উদ্দেশ্যে পথাৰৰ ফালে বাট বুলিলোঁ। এজোপা মহুবা গছৰ তলত এজনী সৰু ছোবালীয়ে মহুবা ফুল বুটলিছে। তাইৰ লগতে কেইটামান মহুবা বুটলি মুখত দিলোঁ। ইমান মিঠা! অকণমানি ছোবালীজনীয়ে ক'লে, পানীৰে ধুলে হেনো মহুবাৰ সোবাদ নষ্ট হৈ যায়। মহুবা খাই, পথাৰৰ মাজতে প্রাতঃক্রিয়া কৰি, গাঁওখনৰ বুজ ল'বলৈ গাঁৱৰ বাটেৰে বাট ল'লোঁ।

এইবাৰ নতুন এটা ঘাটলৈ গা ধুবলৈ গ'লোঁ। হাতত এখন ছবি অঁকাৰ বহি আছিল, অলপ পানী ৰঙ আছিল, নর্মদাৰ পাৰতে কাগজ তুলি লি বহিলোঁ। পানী ৰঙৰ এখন ছবি আঁকিলোঁ। খৰধৰৰ কোবত বহুখিনি ৰঙ অনা নহ'ল, ৰঙা বা মটীয়া কোনো ৰঙ মোৰ ওচৰত নাছিল। বহু বছৰৰ মূৰত পানী ৰঙৰ ছবি আঁকিবলৈ বহিছোঁ। মনত দ্বিধা বহুত। কিন্তু যিহেতু মই এজন চিত্রকৰ নহয়, মোৰ কাৰণে চিত্রকর্মটোৰ গূণগত মানতকৈ তাৰ সৃষ্টিৰ প্রক্রিয়াটোহে বেছি গুৰুত্বপূর্ণ। গা ধুই উঠি আধা পিন্ধা কাপোৰেৰেই বহি পৰিলোঁ নর্মদাৰ দাঁতিত। কিন্তু ভবা কথা নহয় সিদ্ধি। হাতত থকা নীলা-সেউজীয়া-হালধীয়া ৰঙখিনিৰেই ছবি এখন আঁকি উলিয়াম বুলি ভাবিছিলোঁ যদিও, এই শেষ ফাগুণে শুকান কৰি যোবা উদং হাবিৰে আগুৰা, ৰঙচুবা পৰিবেশটোক মই ৰঙা বা ব্রাউন ৰঙ নহ'লে মোৰ ইপ্সিত ৰূপত আঁকিব নোবাৰোঁ। তথাপি চেষ্টা চলালোঁ। এইখিনিতে আৰু এটা সমস্যা। বাটাৰ কালাৰ বা পানী ৰঙৰ ছবি আঁকিবুৰ ক্ষেত্রত প্রাকৃতিক বাতাৱৰণৰ এটা বিশেষ ভূমিকা আছে। খুব বেছি শুকান বাতাৱৰণত পানী ৰঙৰ ছবি অঁকাৰ সমস্যা আছে, কাৰণ প্রতিটো ব্রাছ ষ্ট্রোক খুব বেছি সোনকালে শুকাই যায়। আকৌ অসমৰ বাৰিষা কালৰ দৰে বাতাৱৰণৰ সমস্যা এয়ে যে, একো একোটা ব্রাছ ষ্ট্রোক শুকাবলৈ বহুত বেছি সময় লাগে। সি যি কি নহওক, এয়া চ'ত মাহ, ফাগুণে তাৰ সকলো দায়িত্ব সামৰি গোটেই পর্বতমণ্ডলীক শুকান কৰি থৈ গৈছে। ভাগ্য ভাল যে, আজি বতাহ বেছি, আৰু নর্মদাৰ বুকুত ঢৌ উঠিছে। মই যি ঠাইত বহি ছবি আঁকিবলৈ বহিছিলোঁ, সেই ঠাইত নর্মদাৰ ঢৌবে আহি কোবা কোবে পানী ছটিয়াইছেহি। পানী ৰঙৰ ছবি অঁক মানুহে এই সমস্যাটো বুজিব। নর্মদাৰ ঢৌবে আহি, কেনেবাকৈ মোড় ছবি অঁকা কাগজখন শুকাই নোযোবালৈ ৰেয়াকঘিলে। মা ৰেবাৰ ক্রিপা। এইবাৰ স অস্যা হ'ল এয়ে এক্সযে, মোৰ হাতত কো নো ৰঙা বা মটীয়া ৰ ং নাই। কিন্তু এই শুকান এই বনভূম্নিক বা এই পৰইবেশক কেনেকৈ অঙ্কিত কৰোঁ? কাষতে দেখিলোঁ, কোনোবাই নর্মদা মাক পূজা কৰিবলৈ আহি পাৰৰ শিলত পেলাই থোবা অলপমান সেন্দুৰ। সেই সেন্দুৰকেই পানীৰ লগত মিহলাই ছবি অঁকাৰ কামৰত লাগিলোঁ।       

দূপৰীয়া আহাৰ গ্রহণ কৰি ঘাটৰ পৰা পোণপটীয়াকৈ দেখা পোবা বিল্ডিং এটাৰ বেৰ এখনত ছবি অঁকাৰ কাম হাতত ল'লোঁ। বিভিন্ন পোষ্টাৰ আদি লাগি দেবালখন লেতেৰা হৈ আছিল। কাঠি এডোখৰেৰে সেইবোৰ চিকুটি চিকুটি আঁতৰাই থাকোতেই ওচৰৰ মানুহ দুজনমান আগবাঢ়ি আহি দেবালখন পৰিষ্কাৰ কৰাত মোক হাত আগবঢ়ালেহি। কোনোবাই শুকান কাপোৰেৰে মোহাৰিলে, কোনোবাই পানী ঢালি পৰিষ্কাৰ কৰিলে, কোনোবাই বাঢ়নিৰে জাবৰ-জোথৰ আঁতৰালে। প্রভূজী, তাৰি ঢোঙ্গী মা ছেদ ছে (প্রভূজী, তোৰ নোউকাত ফুটা আছে) শীর্ষক ছবি এখন আঁকিলোঁ। দুঘন্টাৰ ভিতৰত ছবিখন শেষ কৰাৰ প্লেন। ছবি আঁকি থাকোতেই বহুখিনি মানুহ আহি গোট খালেহি। কাষৰ গাঁওখনৰ পৰা ঢোল-বাজানা লৈ আহি হাজিৰ হলহি। ক্ষন্তেকতে আমাৰ চাহ বাগিচাৰ ঝুমুৰৰ লেখিয়াকৈ নাচ বাগ আৰম্ভ হল। আৰম্ভ হল বিৰাট আনন্দ পর্ব। দুখ কৰাৰ কোনো কাৰণ নাই, বৰঞ্চ নাচ গানেৰে এয়া প্রতিপন্ন কৰাৰ সময় যে যিমানেই দুর্যোগ নাহক, জীৱন জীয়াই থাকে, তথাপি জীয়াই থাকে।



বেলি লহিয়াবলৈ লৈছে। সৌম্য নামৰ শিল্পী ছোৱালীজনীয়ে কালি সন্ধিয়াৰে পৰা লৰাছোৱালীবোৰক একত্র কৰি নাচ গান শিকাবলৈ লৈছে। ৰিচা নামৰ আন এগৰাকী শিল্পীয়ে সিহঁতক সাধু কবলৈ লৈছে। সৌম্যই নাটক এখন কৰিবলৈ বৰকৈ ধৰাত সিহঁতৰ লগতে অলপ গীত মাত আৰু নাটকীয় মুহূর্ত কেইটিমানৰ পৰিকল্পনা কৰি ললোঁ। 
চল চল চল জলধাৰা
চলন তেৰা হ্যেই বড়া প্যাৰা
না সহনা তু বেইমানী
কাৰতা চল আপনা মনমানী
চল চল চল জলধাৰা


সন্ধিয়ালৈকে সৰু লছালিবোৰক লৈ নাটক খন কৰাৰ কথা। কিন্তু একে সময়তে দূৰৰ এখন গাঁৱলৈ যাবলগা হোবাত নাটকখন স্থগিত ৰখা হল। সন্ধ্যা নামি আহিছে। ধূলি উৰুবাই সৰু ট্রাক এখনৰ পিছফালে বহি আমি শিল্পী মণ্ডলী আগবাঢ়িলোঁ বিন্ধ্যাচলৰ ওখোৰা মোখোৰা বাটেৰে। অন্ধকাৰত মূক বধিৰ গাঁও এখনত গাড়ীৰ পৰা আগবাঢ়ি গৈ দেখিলোঁ এখন চোতালত ডেৰ শ দুশ মান মানুহ আমাৰ বাবে অপেক্ষা কৰি আছিল। কোনো হাই উৰুমি নাই, কোনো চঞ্চলতা নাই। মানুহখিনি স্বভাৱতে শান্তিপ্রিয়। অন্ধকাৰতে কিছু পৰ বহি থকাৰ পিছত আমাৰ মাজৰে কোনোবা এজনে গাওবাসীক নর্মদা বচাও আন্দোলনৰ কালৰ গীত মাতৰ কথা সুধিলে। তেওঁলোকৰ মাজৰ কোনো এজন আগবাঢ়ি নহাত, পৰিবেশটো সক্রিয় কৰি তোলাৰ দায়িত্ব আমাৰ ওপৰত আহি পৰিলহি।  

পানী খাবলৈ কাষতে থোবা গিলাচ বাতি দুটামানকে তুলি শক্তিভাইৰ হাতত তুলি দিলোঁ। শক্তিভাইয়ে বুজি পালে তেওঁৰ দায়িত্ব কি। তেওঁ টুংটুঙাই ছন্দ তুলিলে। বার্টোল্ট ব্রেখটৰ এটা কবিতাৰ আধাৰত এটা গীতৰ সুৰাৰোপ কৰিছিলোঁ, তাৰেই আৰম্ভ কৰিলোঁ, আন্ধাৰে আবৰা দিনতো গোবা হবনে গান? গোবা হব আন্ধাৰে আবৰা দিনৰেই গান। ভাবিলোঁ, এই অন্ধকাৰত, এই অনিশ্চিত ভবিষ্যতক সন্মুখত লৈ জীয়াই থকা মানুহখিনিৰ মাজত ইয়াতকৈ উপযুক্ত আৰম্ভণী আৰু একো হব নোবাৰে। কেইটিমান গীতৰ পিছতে ঢাক ঢোল আহি পালেহি। গাঁওবাসীয়েও গীত আৰম্ভ কৰিলে। তাৰ পিছতে জাকে জাকে গাভৰুৰ নাচ। শেহলৈ আৰম্ভ হল বিহু।


গীত মাত আৰু কথা বার্তা বহুপৰ ধৰি চলিল। ভগবান দাদাই এই গাওঁখিনি কেনেকৈ বিভিন্ন সমস্যাৰ মাজত বর্তি আছে, কেনেকৈ শিক্ষাৰ অভাৱত ভবিষ্যত হেৰুবাই আছে, কেনেকৈ এখন পুলিচ বা আর্মিৰ গাড়ী দেখিলেই এই মানুহখিনি সিঁয়ৰি উঠে সেইবোৰ কথা বখানিলে। নদীবান্ধ নির্মাণ কৰি বিজুলি উতপাদন কৰি টনকীয়াল হব খোজা পুজিপতিৰ নির্দেশত ভাৰতীয় প্রশাসন হঠাতে আহি গাওঁ খালী কৰাৰ হুমকি দিয়েহি। মাটিৰ বদলি মাটি, সংস্থানৰ বদলি সংস্থান দিয়াৰ প্রতিশ্রুতি দিয়া চৰকাৰী আঁচনিবোৰে কেৱল মানুহখিনিক গৃহহীন কৰি বাটৰ ভীক্ষাৰী কৰে। এই নর্মদা বচাও আন্দোলনৰ কর্মীসকল সক্রিয় হৈ আছে কাৰণেই ধাৰাজী আৰু চুবুৰীয়া এইখিনি গাঁও এই পর্যন্ত বর্তি আছে। আজি তেওঁলোকে হাঁহি মাতি আছে সঁচা, কিন্তু কাইলৈ কি হব কোনেও নাজানে। প্রতিজন মানুহৰে চকুবে মুখে সেই আতঙ্কৰ অভিব্যক্তি দেখিলোঁ। যিকোনো মুহূর্ততে তেওলোকক গাঁৱৰ পৰা উছছেদ কৰা হব পাৰে। নহলেবা যিকোনো মুহূর্ততে, নদীবান্ধৰ হোতামন্ডলীৰ খামখেয়ালীৰ ফলশ্রুতিত পানীয়ে আহি গোটেইকেইখন গাঁও সলিল সমাধিস্থ কৰিবহি পাৰে। সাতাম পুৰুষীয়া এই জীৱন-নির্বাহ পদ্ধতি, এই মাটি এই জঙ্ঘল এৰি এইখিনি মানুহে কৰিব কি? এইখিনি মানুহ জঙ্ঘলৰ ৰজা, হাবিৰ প্রতিখিলা পাত, প্রতিটো চৰাই চিৰিকতি ইহঁতে চিনি পায়। এই হাবিৰ ৰজা, হাবিৰ ৰাণী যি কোনো সময়তে গৈ চহৰৰ ধনীক শ্রেণীৰ চাকৰ বাকৰ হবলগীয়া হব, নহলেবা উদবাস্তু ভীক্ষাৰীত পৰিণত হব। এই বিশাল খেতিৰ মাটি, এই বিভিন্ন বনদৰৱ আৰু মূল্যবান কাঠেৰে ভৰুণ হাবি এদিন পানীৰ তলত জাহ যাব।  

বিশ্বৰ সর্ব্বৃহত এই গণতন্ত্রখনত এইখিনি মানুহৰ জীৱনৰ কোনো মূল্য নাই।

এই গাওঁবোৰত কোনো চিকিতসালয় নাই। এইখিনি মানুহে কেতিয়াও কোনো আধুনিক ডাক্তৰ দেখা পোবা নাই। মাত্র পঞ্চম শ্রেণীলৈকে থকা এখন স্কুল আছে, কিন্তু তাৰ পঞ্চম শ্রেণীৰ ছাত্র এজনে শিক্ষাৰ নামত কেৱল নিজৰ নামটোহে লিখিবলৈ শিকে। কিন্তু শিক্ষকৰ নামত যি কেইজন আছে তেওঁলোকে দৰমহা পায় ঠিকেই।       

গাঁওখনৰ পৰা উভটি আহি খোবা বোবা কৰি আমি থকা ছাদখনত উঠিলোঁ। গাঁৱৰ লছালিবোৰক লোই নাটকখন আজি কৰা নহল। কাইলৈ আমি যামগৈ, তাৰ আগতেই সময়ে কূলালে কিবা এটা কৰিব লাগিব। ৰাতিপূবা ওচৰৰে চাল এখনৰ পৰা আনি থোবা শুকান কোমোৰা কেইটা যতনাই থলোঁ। এই কোমোৰা কেইটাৰে একতাৰা সাজিবলৈ দিব লাগিব। সিউৰীৰ নিতাইদাক একতাৰা এটা লাগে বুলি কওতে বহু বছৰৰ আগতেই মোক কোমোৰা এটা খুজিছিল। সাধেৰ লাউ, বানাইল মোৰে বৈৰাগী। ইমান দিনে সাধৰ লাউ-কোমোৰা গজাবও নোবাৰিলোঁ, গোটাবও নোবাৰিলোঁ, বৈৰাগী হবও নোবাৰিলোঁ। ইমান মোহ কেনেকৈ এৰোঁ?

ৰাতি এপৰলৈ কথা পতাই কথা পাতিছে, শোবাই শুইছে, আকাশৰ তৰা গণাই তৰা গণিছে।  

তেজী গ্রোভাৰ নামেৰে হিন্দী কবি এগৰাকীৰ লগত ৰাতিপূবা কথা পাতিছিলোঁ। তেখেতে নীলিম কুমাৰ, জীৱন নৰহকে ধৰি কেবাজনো অসমীয়া কবিক চিনি পায় আৰু অসমীয়া কবিতা হিন্দীলৈ অনুবাদো কৰিছে। অলপ পৰ তেখেতৰ সতে মই আৰু শক্তি ভাইয়ে নিৰলে বহি কবিতা শুনিলোঁ আৰু শুই পৰিলোঁ।


আজি ধাৰাজীত আমাৰ শেষ দিন। গাঁৱৰ মানুহ এজনৰ মুখত ধাৰাজীৰ অধুনালুপ্ত জলপ্রপাতৰ ইতিবৃত্ত শুনিলোঁ। হৰ কঙ্কৰ শংকৰ, ধাৰজীৰ জলপ্রপাতত পৰা প্রতিডোখৰ শিলাখণ্ডই শিৱলিঙ্গত পৰিণত হয়। যদিও এই ইতিবৃত্তি শৈৱ, ব্রাহ্মণীয় হিন্দুবাদতকৈ ইয়াৰ জনবিশ্বাসৰ কোনোবাখিনিত তফাত আছে।

দহমান বজাত চুবুৰিটোতে গান গাই গাই ঘূৰি ঘূৰি সৌম্য নামৰ শিল্পী গৰাকীয়ে গাঁৱৰ লৰাছোৱালীবোৰক লৈ মানুহ একত্রিত কৰিলে। মানুহ গোট খাওতে, সেইখিনিতেই, আগদিনা কৰা ম্যুৰেলখনৰ সন্মুখতে নাটকীয় পৰিবেশন এটা কৰিলোঁ। ইপ্রোজাইজেচন ভিত্তিক এটা ননচেঞ্চ পাৰফৰমেন্স। ডিছপোজেবল থিয়েটাৰ। বহুজাতিক কোম্পানীবোৰে, পুজিপতিবোৰে আনৰ মঙ্গল সাধিবলৈ আহে। এই উপকাৰৰ পৰিণাম এয়ে যে, এটা সভ্যতা এটা সংস্কৃতি সমূলে সলিল সমাধিস্থ হয়। সেয়েহে কোনবাই আহি যেতিয়া কয়, মই তোমালোকৰ ভালৰ কাৰণে কাম কৰিবলৈ বিচাৰোঁ, তেতিয়া এইখিনি মানুহে  ভয় খায়। আইৰণি এয়ে যে, আমাৰ দৰে শিল্পী সাহিত্যিক আৰু এন-জি-অ বোৰৰ ভূমিকাও ইয়াত হাস্যস্পদ মাত্র। যোৱাকালি অঁকা ম্যুৰেলখনতো আমাৰ দৰেই এটা চৰিত্র আছে, ওপৰৰ ফালে পাখিলগা এটা চৰিত্র, চকুত চশমা, হাতত কেমেৰা। সেয়েহে এই ভূমিপুত্র জনজাতিখিনিয়ে হয়তো ভাবে, যিহকেই নকৰা কিয়, আমাৰ উপকাৰ কৰিবলৈ আৰু নাহিবা...
এইছা কাৰো য়া বেইছা কাৰো
কভী কিছিকা না ভলা কৰো
আল্লা আল্লা আল্লা আল্লা দুৱা কৰো
চব লোগ মিলকৰ হাল্লা কৰো...

 ইতিমধ্যে সময় হৈ আহিছে। আমি শিল্পীমণ্ডলী দুভাগ হলোঁ। ইন্দোৰৰ পৰা দিল্লীমুখী হবলগীয়া আমি কেইজনমান নাৱত উঠিলোঁ। ধাৰাজী বিদায়।

ট্রেইনত উঠিবৰ পৰতহে মন কৰিলোঁ, খৰধৰৰ কোবত সেই কোমোৰাকেইটা অনা নহল। একতাৰা সাজিম বুলি ভাবিছিলোঁ। একোণত ফুটা কৰি পইচা সঁচা কৰিম বুলি ভাবিছিলোঁ। জেকি চ্চানৰ চিনেমাত দেখাৰ দৰে পানীয় খোবাৰ পাত্র গৰহিম বুলি ভাবিছিলোঁ। এক নহল। সাধেৰ লাউ... এৰি থৈ আহিলোঁ। বৈৰাগী হব নোবাৰিম হবলা!





No comments: