ডঃ বাণিকান্ত কাকতি

...সাহিত্যৰ ক্ষেত্রত নতুনকৈ কৰিবলগীয়া কাম একো নাই। সাহিত্য ধ্বনি আৰু প্রতিধ্বনি মাথোন। পূর্বপুৰুষ সকলৰ ভাবৰ ধ্বনি যাৰ হৃদয়ত পুৰাকৈ প্রতিধ্বনিত হয় সিয়েই সফলতা লাভ কৰে... ডঃ বাণীকান্ত কাকতি, বাঁহী, ১৩শ বছৰ, অষ্টম সংখ্যা, আঘোণ, ১৮৪৭ শক।

Blog Archive

Sunday, October 2, 2016

প্রাচীণ ভাৰতীয় গুহাবোৰত থকা কৈলাশ কঁপোৱা ৰাৱণৰ প্রস্তৰ মূর্তি


বিভিন্ন চিত্রশিল্পৰ পৰম্পৰাত ৰাৱণৰ বভিন্ন ৰূপ দেখিবলৈ পাওঁ। সেইবোৰৰ কোনোটোৱেই ইটোৰ লগত সিটো নিমিলে। কিন্তু এটা কথা স্পষ্ট যে যেতিয়াই কোনোবা শিল্পী এজনে ৰাৱণক উপস্থাপণ কৰিবলৈ বিচাৰিছে নিজৰ কল্পনাৰ অবাধ স্বাধীনতা যেন গ্রহণ কৰিছে। ৰাৱণ বিভিন্ন পৰম্পৰাত এক বিশেষ মর্যাদা সহকাৰে উপস্থিত হৈছে। দৰাচলতে প্রভূ শ্রীৰামচন্দ্রতকৈয়ো এক গুৰুত্বপূর্ণ ৰূপতহে যেন আবির্ভাৱ হৈছেহি। ৰাৱণৰ এটা নির্দিষ্ট আইকনগ্রাফিক ৰূপ দেখিবলৈ পোৱাটো অসম্ভৱ। তাৰোপৰি এটা শৰীৰৰ ওপৰত দহোটা মূৰক সংস্থান কৰাৰ লেখীয়া সমস্যাটোৰো এটা গুৰুত্ব আছে নিশ্চয়। আমাৰ ৰাৱণ কথাৰ দশম স্কন্ধত এটা চৰিত্রই কয়ঃ
ৰাৱণৰ দহটা মূৰ একেলগে বহোৱাটো বৰ টান। ভাৰসাম্য কোনোমতেই নৰয়।এপিনে চাৰিটা, মাজত এটা, আনফালে পাঁচটা নাই নহল, ঠিক নহল।
মাজতে এটা ডাঙৰকৈ, তাৰ চাৰিওফালে সৰু সৰুকৈ নটা, অথবাদুয়োফালে চাৰিটা চাৰিটা কৰি আঠটা, তলে উপৰে একোটাকৈ মুঠ হলগৈ দহটা
না না নহল নহল ওহোঁ 
Ravana Shaking Kailasa, Kailashnath, Cave No. 16, Ellora


প্রাচীণ ভাৰতবর্ষৰ শিলত খোদাই কৰা গুহাবোৰত বিদ্যমান ভাষ্কর্য শিল্পৰ পৰম্পৰাবোৰত ৰাৱণে শিৱৰ কৈলাশ পর্বত কঁপাই তোলাৰ কাহিনীটোৱে এটা বিশেষ গুৰুত্ব পাই আহিছে। সম্ভৱতঃ এই উপকাহিনীৰ দৃশ্যায়ণৰ মাজত থকা নাটকীয়তাই তাৰ প্রধান কাৰণ। ৰাৱণে এবাৰ শিৱৰ মনযোগ আকর্ষণ কৰিবলৈ শিৱৰ কৈলাশ পর্বতটোকে কঁপাই তুলিছিল। ৰাৱণৰ পৰাক্রমৰ অন্ত নাই। অন্যহাতে শিৱৰো মহিমাৰ অন্ত নাই, কেৱল ভৰিৰ বুঢ়া আঙুলিটোৰে হেঁচুকি ধৰিয়েই যেন কৈলাশ খনক শান্ত কৰিলে।

যদিওবা ৰাৱণ ৰামায়ণখনৰে এটা মূখ্যতম চৰিত্র, আৰু আমি ইয়াক এটা বৈষ্ণৱ পাঠ হিচাপেই মানি আহিছোঁ, অগণিত শৈৱ মন্দিৰত ৰাৱণৰ ৰূপায়ণ আমি দেখিবলৈ পাইছোঁ। এই ৰাৱণ মূলতে পৌৰাণিক ৰাৱণ, ৰাৱণ অনুগ্রহ মূর্তি বুলি ইয়াৰ স্বকীয় স্থিতি আছে। উদাহৰণ স্বৰূপে ইলোৰাৰ কৈলাশনাথ মন্দিৰৰ ভিতৰতে (গুহা নম্বৰ ১৬) মুঠতে চাৰিবাৰ ৰাৱণক আমি দেখিবলৈ পাইছোঁ। লঙ্কেশ্বৰ গুহাৰ বেধৰ উত্তৰ ফালে, মূল মণ্ডপত, পিছফালৰ সোঁফালৰ বেৰখনত আৰু মূল মন্দিৰতো আমি ৰাৱণৰ সৈতে বাৰে বাৰে মুখামুখি হৈছোঁ। এইলানি মূর্তি ৰাষ্ট্রকূট সাম্রাজ্যৰ ৰজাসকলে ৭৫০-ৰ পৰা ৭৭৫ চনৰ ভিতৰত খোদাই কৰাইছিল বুলি ধাৰণা কৰা হয়।
 
Ravana Shaking Kailasa, A different one in Kailashnath, Cave No. 16, Ellora
ৰাৱণে কৈলাশ পর্বত কঁপাই তোলাই এই জনপ্রিয় কাহিনীটোৰ এটা পৰিক্রমা যদি অনুধাৱণ কৰিবলৈ হয় তেনেহলে কব লাগিব ই সম্ভৱতঃ যোগেশ্বৰীৰ পৰা খাৰোচালৈ, তাৰ পৰা এলিফেন্টালৈ আৰু তেনেকৈয়ে ইলোৰালৈ গৈছিল। [Shubhra Joshi, Iconographic Changes in “Ravana Shaking Kailasha” in Caves of Jogeshwari, Kharosa, Elephanta & Ellora,  (read in the UGC/DSA Departmental seminar on “Medieval Concepts and Aspects” in the Department of Art History and Aesthetics, MS University of Baroda, 24-25-26 January, 2000)]

Ravana Shaking Kailasa, Cave No. 29, Ellora
ৰাৱণে কৈলাশ গিৰি কঁপাই তোলাৰ চিত্রকল্প নির্মাণত সততে দেখিবলৈ পোৱা মূল চৰিত্রবোৰ হলঃ প্রভূ শিৱ আৰু পার্বতি, গণ চৰিত্রবোৰ, দাহোটা মূৰ আৰু কুৰিটা বাহুৰে স্বয়ং ৰাৱণ, ছত্রধাৰী, পৰিচাৰিকাবোৰ, কেইজনমান অন্যান্য দেৱতা আৰু তাৰ লগতে কেতিয়াবা কেইজনমান সঙ্গীত শিল্পী। স্থান বিশেষে আৰু সময় বিশেষে এই একেটা কাহিনীৰে ভাষ্কর্য সুলভ উপস্থাপনৰ ধৰণ কৰণৰ ভিন্নতা আমি দেখিবলৈ পাওঁ।

মূলগত ভাবে ফর্ম আৰু শাৰীৰিক অবয়ৱবোৰৰ ভিন্নতা আছে। যেনে কেতিয়াবা ৰাৱণৰ শৰীৰটো গুৰুত্বপূর্ণ হৈ উঠে আৰু কেতিয়াবা মহাদেৱ শিৱ। তেওঁলকৰ কর্মৰাজি আৰু গতিবিধি তথা সামগ্রিক সংৰচনা (composition)-ৰ বেলিকাও ভিন্নতা দেখিবলৈ পাওঁ। যোগেশ্বৰীত আমি কেৱল কিছুমান ৰৈখিক বিন্যাস হে দেখিবলৈ পাওঁ। ৰাৱণ আৰু গণ চৰিত্রবোৰৰ উপস্থিতি স্পষ্ট যদিও শিৱ আৰু পার্বতিক স্পষ্ট ভাবে দেখিবলৈ পোৱা নাযায়। খাৰোচাৰ মহেশ নামৰ গুহাটোত একেটা থিমৰে এটা অনুচ্চ ৰিলিফ দেখিবলৈ পাওঁ। পর্বতৰ কাৰণে এটা বক্রৰেখা পাওঁ যাৰে ইয়াৰ উচ্চতাৰ কিঞ্চিত আভাস পাব পাৰি। অন্যান্য গুহাবোৰত ৰাৱণক পিঠিৰ ফালৰ পৰা দেখা যায়, কিন্তু ইয়াত দেখা যায় সন্মুখৰ ফালৰ পৰা আৰু ৰাৱণে তৰোৱাল এখনো ধাৰণ কৰি আছে। ৰাৱণৰ পোছাক পৰিচ্ছেদত সামাণ্য বাস্তবিকতাৰ আভাস আছে। এলিফেন্টাৰ ৰাৱণে কৈলাশ পর্বত কঁপোৱাৰ চিত্রটোত পার্বতি আছে শিৱৰ সোঁফালে, যিটো এটা অগতানুগতিক দৃশ্য। (এলিফেন্টাৰ প্রথম গুহা, উত্তৰ দেৱাল, আনুমাণিক মধ্য ষষ্ঠ শতিকা, ৫২৫-ৰ পৰা ৫৭৫-ৰ ভিতৰত কালাচুৰি ৰজাসকলৰ দ্বাৰা কৃত)। পার্বতিৰ শৰীৰটো ভাঙিছে কিন্তু মূল দেহাটো বুজিব পাৰি। আগৰ উদাহৰণ দুটাৰ তুলনাত এইখিনিত ভাষ্কর্য নির্মাণৰ কুশলতা দেখিবলৈ পোৱা যায়, কিন্তু গতি বা মুভমেন্ট সীমিত। পর্বতিত অর্থাৎ বেকগ্রাউণ্ডত যথেষ্ঠখিনি কাম কৰা হৈছে যদিও মূখ্য চৰিত্রবোৰো যেন বেকগ্রাউণ্ডৰ লগতে আৱদ্ধ হৈ ৰৈছে।
Ravana Shaking Kailasa, Virupakkhya Pattadakal

ইলোৰাতেই আমি ৰাৱণে কৈলাশ পর্বত কঁপাই তোলাৰ বিষয়বস্তুটোক কেন্দ্র কৰি কৰা শিল্পকর্মৰ শ্রেষ্ঠ নিদর্শনবোৰ দেখিবলৈ পাওঁ। তাৰ মাজত ১৬ নম্বৰ গুহা অর্থাৎ কৈলাশনাথ মন্দিৰৰ ভাষ্কর্যটোৱেই আটাইতকৈ বান্ময় আৰু ধ্বনিময়। এই বিষয়বস্তুৰ ভাষ্কর্যৰূপ আমি ইলোৰাত দেখাপাওঁ ৰাৱণ কি খাই (অথবা ১৪ নম্বৰ গুহা), দশাৱতাৰ (১৫ নম্বৰ গুহা), কৈলাশনাথ (অথবা ১৬ নম্বৰ গুহা) আৰু ধুমাৰলেনা (অর্থাৎ ২৯ নম্বৰ গুহা)-ত।

Ravana Shaking Kailasa, Elephanta
দশাৱতাৰত এটা অনুচ্চ ৰিলিফ পাটিত (low relief panel) আমি দেখোঁ শিৱই তলৰ ফালে চাই আছে, যেন কোনেনো তেওঁক অসুবিধা দি আছে তালৈ বিৰাট আগ্রহ। ইয়াত শিৱ আৰু পার্বতিৰ আকাৰ ৰাৱণৰ তুলনাত অপ্রত্যাশিতভাবে ডাঙৰ। ৰাৱণ কি খাই গুহাটোৰ অনুচ্চ পাটিটোৰ সংৰচনা ঘূৰণীয়া। (interior, pillared hall, proper left side wall, 2nd niche from left, Date: ca. early seventh century, 600 CE - 650 CE). দৃশ্যগত ভাৰসাম্য আৰু গতিময়তা দুয়োটা ক্ষেত্রতে ই দুর্বল কিন্তু ৰাৱণৰ হাতবোৰৰ বিন্যাসবোৰত এটা মজা আছে। এটা হাতেৰে মাটিত ভৰসা ৰাখি আছে আৰু অন্য হাত এটা এনেকৈ আৰামেৰে নিজৰ আঁঠুৰ ভাঁজত থৈ দিয়া আছে যেন পর্বত এটা দাঙি ধৰাটো তেওঁৰ কাৰণে কোনো কথাৰ লগৰ কথাই নহয়। বাকী থকা হাতবোৰৰ বিন্যাসে এটা ঘূৰণীয়া ডিজাইন ৰচনা কৰিছে। পার্বতিয়ে শিৱলৈ চাই আছে, শিৱই এহাতেৰে পার্বতিক ধৰি আছে, তেওঁলোক দুয়োজনেই বেচ সুখ সন্তোষেৰে আছে। পৰিচাৰিকাবোৰো যথেষ্ঠ স্বাভাবিক ভাবেই আছে যেন তেওঁলোক নিশ্চিন্ত যিহেতু স্বয়ং মহাদেৱ শিৱ তেওঁলোকৰ লগত আছে। ১৪ আৰু ১৫ নম্বৰ গুহাৰ তুলনাত ধুমাৰলেনা গুহাটোৰ ভাষ্কর্য শিল্প গুণ উন্নত, কিন্তু ইয়াতো মুভমেন্ট সীমিত। (west entrance, veranda, right end, Kalacuri, Date: ca. sixth century CE, 501 CE - 600 CE). কৈলাশনাথ বা ১৬ নম্বৰ গুহাৰ বিখ্যাত ভাষ্কর্যটোত আমি দেখিবলৈ পাওঁ উচ্চতম ভাষ্কর্যগুণ, মেটেৰিয়েল আন্দাৰষ্টেন্ডিং আৰু স্থানৰ উপযুক্ত ব্যৱহাৰ। 
Ravana Shaking Kailasa, Dhumarlena, Ellora

যোগেশ্বৰী, খাৰোচা আৰু ইলোৰাৰ বাজেও বিভিন্ন ঠাইত আমি ৰাৱণে কৈলাশ পর্বত তুলি ধৰাৰ চিত্রটো দেখিবলৈ পাই আহিছোঁ। সেইবোৰৰ মাজত এটা অন্যতন হল পট্টডকলৰ বিৰূপাক্ষ মন্দিৰৰ ৰাৱণৰ মূর্তি, যত ৰাৱণৰ বিৰাট আকাৰৰ তুলনাত শিৱ পার্বতি আৰু তেওঁলোকৰ পৰিচাৰিকাবোৰৰ উপস্থিতি তেনেই নগণ্য। 
(অসম্পূৰ্ণ)  
Ravana Shaking Kailasa, Banteay Srei in Siem Reap, Cambodia

Ravana Shaking Kailasa, Cave No. 21, Ellora

Ravana Shaking Kailasa, Chennakeshava Temple Belur


Ravana Shaking Kailasa, Elephanta


Ravana Shaking Kailasa, Annamalaiyar Temple_ Thiruvannamalai


No comments: