ডঃ বাণিকান্ত কাকতি

...সাহিত্যৰ ক্ষেত্রত নতুনকৈ কৰিবলগীয়া কাম একো নাই। সাহিত্য ধ্বনি আৰু প্রতিধ্বনি মাথোন। পূর্বপুৰুষ সকলৰ ভাবৰ ধ্বনি যাৰ হৃদয়ত পুৰাকৈ প্রতিধ্বনিত হয় সিয়েই সফলতা লাভ কৰে... ডঃ বাণীকান্ত কাকতি, বাঁহী, ১৩শ বছৰ, অষ্টম সংখ্যা, আঘোণ, ১৮৪৭ শক।

Tuesday, May 1, 2018

পেখু পেখু (তেৰ): ডিছপোজেবল জনতা (তিনি): চৰুত উতলা চাউল আৰু আঙুলিত জনতাৰ উত্তাপ



[দৈনিক অসম, দেওবৰীয়া চ'ৰা, ৬ মে', ২০১৮]

কোনোবাই "'Public' (পাব্লিক, সচেতন জনগণ) শব্দটোৰ এতিয়া চকুত পৰা অৱক্ষয় ঘটিছে" বুলি ক'লে কথাষাৰৰ সৈতে সহমত প্ৰকাশ কৰিবৰ কেইটাও কাৰণ ওলাব। পাব্লিকৰ জুতিৰ (Taste) সৈতে সাংস্কৃতিক উপাদানৰ নিৰ্মাণ প্ৰক্ৰিয়াৰ পাৰস্পৰিক নিৰ্ভৰশীলতাৰ কথা বাৰে বাৰে দোহাৰিবৰ হয়তো প্ৰয়োজন নাই। কিন্তু ওপৰৰ উল্লেখটোৱে আকৌ এবাৰ এই কথাটোকেই প্ৰতিপন্ন কৰে যে পাব্লিক কথাষাৰ একান্তই আপেক্ষিক, আৰু সেইমতে পাব্লিকৰ জুতিৰ বিচাৰখিনিও আপেক্ষিক হ'বলৈ বাধ্য। পাব্লিক শব্দটোক "সচেতন জনগণ" বোলোঁতেই ওলাই পৰে এই মুহূৰ্তত ইপ্সিত পাব্লিকৰ সংজ্ঞা কোনদিশে। এইখিনিতেই উদয় হ'ব পৰা তাৎক্ষণিক প্ৰশ্নটো হ'ল পাব্লিক মানে যদি সচেতন জনগণ হয়, অসচেতন (অচেতন?) জনগণ পাব্লিকৰ আওতালৈ নহিব নেকি? তেনেহ'লে যিসকল সচেতন আৰু সুৰুচিবান নহয় তেওঁলোক উদ্বাস্তু হৈয়ে ৰ'ব? এই সমস্যাটোৱেই বাৰে বাৰে পাব্লিক সম্পৰ্কীয় কথাবাৰ্তাত উজুটি খুৱাবলৈ আহে। কাৰণ পাব্লিক লাইব্ৰেৰীৰ পঢ়ুৱৈ সকলৰ কথাতো যেনেকৈ পাব্লিক কথাষাৰ ব্যৱহাৰ হয়, কোনোবাই "পাব্লিক ধুলাই" বুলি কিবা এটা কওঁতেও সেই একেটা পাব্লিক শব্দই উচ্চাৰিত হয়। ক্ৰমবৰ্ধমান গণ-প্ৰহাৰৰ ঘটনাৰে ভৰি উঠা আজিৰ প্ৰাত্যহিকতাত পাব্লিকক কেৱল সচেতনতা, দায়বদ্ধতা আৰু ৰুচিৰ সংজ্ঞাৰে আৱদ্ধ কৰি ৰাখিবলৈ গ'লে তাত কেৰোণ ভালেখিনি ৰৈ যাব।

অসমীয়া আধুনিক গীত: "অসমীয়া" "আধুনিক" "গীত"

ব্যক্তিগত ভাবে কেইটামান ক্লাছিক উদাহৰণক বাদ দি আমাৰ অসমীয়া গান বৰকৈ শুনা নহয়। নতুন গান একেবাৰেই শুনা নহয়। বহুদিনৰ মূৰত অসমীয়া গান শুনিবলৈ মন গ'লে ইণ্টাৰনেট খুচৰি যিখিনি কাণত পৰে সেইখিনিয়ে অকথ্য পীড়া দিয়াৰ বাদে আন একো অভিজ্ঞতা নিদিয়ে। এই সময়ত জন-মাধ্যমত বহুল প্ৰচাৰিত সংগীত-শিল্পৰ বিপৰ্যয়ৰ কথা কওঁতে আগৰ দিনৰ ভাল গীতবোৰৰ কথা অনুষংগ হিচাপে আহি পৰাটো স্বাভাৱিক। কিন্তু এই 'অতীতৰ সোণালী দিন'ৰ ধাৰণাটোও এটা জোৰ কৰি নিৰ্মাণ কৰা বস্তু। অসমীয়া সংগীতত সাংঘাতিক ভাল দিন কোনোকালেই নাছিল। কেইটিমান কালজয়ী উৎকৃষ্ট উদাহৰণেৰে কেৱল এটা সোণালী অতীতৰ নিৰ্মাণ কৰি গৈ থকা হয়। অসমীয়া সংগীতত এটা শক্তিশালী ধ্ৰুপদী ধাৰাই গঢ় লৈ নুঠিল। বৰগীতৰ দৰে এটা অনন্য সুন্দৰ ধ্ৰুপদী উৎস থকাৰ পিছতো সেয়া কিয় হৈ নুঠিল সেয়া এক আশ্চৰ্যৰ কথা। 'জনমুখী' গীতৰ এটা ধাৰা সমান্তৰালকৈ পোৱা যায় যদিও সেয়া বিক্ষিপ্ত, আৰু কেইবাটাও প্ৰয়াস চালুকীয়া হৈয়ে ৰ'ল। বাকী সামগ্ৰিকভাবে জনমানসত প্ৰভাৱ বিস্তাৰ কৰি থকা গান সমূহ বহুলাংশেই একেখিনি আবেগ অনুভূতিৰ চৰ্বিত-চৰ্বন, আৰু পোনপটীয়া ভাষাত আচলতেই ক্লিচে (cliché)। পপুলাৰক বাদ দি মাৰ্জিত বা সম্ভ্ৰান্ত বুলি ভাবি থকা চৰ্চাসমূহৰো দশা আচলতে একেই। এটা সৰু উদাহৰণ দিলেই বুজিব পাৰিব। হয়তো অসমত এনে এজনো গীতিকাৰ নোলাল যাৰ অতীতলৈ, তাহানিৰ ল'ৰালিৰ দিনবোৰলৈ মনত নপৰাকৈ থাকিল। শ্ৰুতিমধুৰ অথবা মেল'ডি বুলিলেই যেনিবা এটা অতীতপ্ৰীতি, স্মৃতি-বিলাস। বহুদিন বকুলৰ গোন্ধ পোৱা নাই। এই আবেগখিনিয়েই এটা এপিট'মিক। পৰম শ্ৰদ্ধাভাজন হীৰেন ভট্টাচাৰ্যদেৱৰ গীতসমূহো ইয়াৰ পৰা আঁতৰত নহয়। কবি হিচাপে হীৰুদা যিমান মিতব্যয়ী আৰু স্পষ্টবাক, গীতিকাৰ হিচাপে আকৌ সিমান স্বচ্ছ নহয়। অ' জীৱন বুলাই দে তোৰ বিজুলী আঙুলি বুলি সুফলা মাটিৰ বীণখনি বাজি উঠাৰ কামনা কৰি এটা দেহত্বত্ব-ধৰ্মী আবেদন গঢ়ি তুলি সিও আকৌ পৰৱৰ্তী পংক্তি সমূহত কেৱল প্ৰকৃতিৰ বন্দনাতে আৱদ্ধ হৈ ৰয়। উৰি যোৱা চৰাইৰ মাটিত পৰা ছাঁটোত "কোন দূৰণিৰ বকুল বনৰ বা" আহি লগাটো আচলতে যে এটা উজু ৰাস্তা সেইটো আমি নভবাকৈয়ে থাকি যাওঁ। সেই একেটা উজু বাটেৰে বাট বোলাৰ ফলতেই ৰভাতলীৰ দাপোনমতীৰ সাজোন কাচোনৰ বৰ্ণনাৰ মাজতো আনকি কোনোবা দূৰণিৰ পেঁপাৰ মাতটো আহি সোমায়হি। কাব্যগুণ বা গীতিধৰ্মীতাৰ প্ৰতি সন্মান ৰাখিও সমগ্ৰ চৰ্চাৰ পৰিমণ্ডলেই যে চৰ্বিত-চৰ্বনেৰে ভৰা তাক আওকাণ কৰিব নোৱাৰি। এইখিনি উদাহৰণ শ্ৰেষ্ট বুলি মানি অহা গীতবোৰৰেই একো একোটা। ইয়াৰ বাজলৈ চালে অৱস্থা আৰু শোচনীয়। পাহাৰ বগাই কপৌফুল অনা, মাকো সৰি পৰা ছন্দৰ মোহতে আধাতকৈ বেছি অসমীয়া গীত আৱদ্ধ। বনঘোষাৰ পৰা ওজাপালিলৈকে অজস্ৰ উপাদানেৰে ভৰপূৰ পৰম্পৰাগত সাংস্কৃতিক পৰিমণ্ডলৰ পৰা "অসমীয়া আধুনিক গীত" নামৰ এই "জুগাড়" চৰ্চালৈ কেৱল ছন্দখিনিহে আহিল। কণ্টেণ্টখিনি নাহিল। দীৰ্ঘকালীন অভিজ্ঞতালৈ উভতি চালে অসমীয়া আধুনিক গীত শব্দত্ৰয়ৰ আধুনিক আৰু গীত দুয়োটা আঁতৰি কেৱল অসমীয়া শব্দটোলৈহে ঐকান্তিক মোহটো যে বৰ্তি থাকিল সেয়াই চকুত পৰে।

তেনেহ'লে অতীতৰ সোণালী দিন বুলিলে আমি কোনখিনি দিনক বুজিম, কোনখিনি উপাদানৰ কথা মনলৈ আনিম? বাচকবনীয়া কেইটিমান দৃষ্টান্তলৈ আঙুলিয়াই দেখুৱাই তাৰেই এটা ধাৰণা নিৰ্মাণ কৰি লোৱাৰ বাদে গত্যান্তৰ নাই। চৰুৰ এটা চাউল পিটিকি চালেই ভাত সিজিল নে নাই হয়তো উমান পোৱা যায়। কিন্তু সাংস্কৃতিক উপাদানৰ ক্ষেত্ৰত একেটাই কাৰবাৰ সম্ভৱ নহ'বও পাৰে। এনে অৱস্থাত হয়তো কৰণীয় হ'ব ক্ষেত্ৰ-বিশিষ্ট বিশ্লেষণ আৰু অধ্যয়ণ। অতীতৰ অসমীয়া গীত আৰু শ্ৰোতাৰ কথা সামগ্ৰিককৈ পতাতকৈ কেৱল কেশৱ মহন্তকেই এটা যুগ বুলি ধৰি লৈ এটা কথা পতাৰ বাট ওলাবগৈ পাৰে। আনহাতে পৰিৱেশন শৈলী আৰু ছন্দ-মৰ্মৰ দিশেৰেও কোনোবাই আলচিব পাৰে। সংগীত মানেতো কেৱল গীত নহয়। গীতি-সাহিত্য কথাষাৰো আমি বেয়া পাওঁ, যেনেকৈ নাট্য-সাহিত্য কথাষাৰ বেয়া পাওঁ। পৰিবেশনৰ মৰ্ম উপলব্ধি কৰি এটা দৃষ্টিকোণ গঢ়ি তুলিব নোৱাৰিলে বহুখিনি কথাই অসম্পূৰ্ণ ৰৈ যাব। অন্যথা মাইকী ম'হৰ বেজাৰত মতা ম'হ মৰিলে বুলি গাওঁতেও পিৰালিত বহি কান্দি নাথাকি কিয়নো বিহুৱাই বাহু দাঙি দাঙি নাচে সেই কথা কোনোদিনেই বুজি পোৱা নাযাব।

এটা অতীত-বিলাসী আত্মগৌৰৱৰ বাটেৰে অসমীয়া জাতিৰ ধাৰণা এটা নিৰ্মাণ কৰাৰ দায়িত্ব এটা ইমানকালে সাংস্কৃতিক উপাদানসমূহে পালন কৰি আহিছিল। কিন্তু কালৰ গতিত ভালৰো ভাল কথা এষাৰো অত্যাধিক ব্যৱহাৰৰ ফলত ক্লিচেলৈ ৰূপান্তৰিত হয়। অসমীয়া আধুনিক গীতক অসমীয়া কৰি ৰাখিবলৈ বাৰে বাৰে যেতিয়া অতীতলৈকে মনত পেলাই থক হ'ল, মাটিৰ গোন্ধ ৰাখিবলৈ বাৰে বাৰে যেতিয়া কুলি-কেতেকীকে ইনাই বিনাই থাকিবলৈ দিয়া হ'ল, সকলোৱেই যেতিয়া 'বাৰেমিচল' এটা উজু বাটেৰেই বাট বুলিবলৈ ল'লে এইবোৰ সমলৰ জোৰ যিমানলৈকে আছিল সিমানলৈকে টানিলে, আৰু নোৱাৰিছে। পৰিৱৰ্তিত সময়ৰ গান কি হ'ব? এই প্ৰশ্নটো কৰিব পৰা এজন সাংস্কৃতিক সমালোচকৰ অভাৱটো এইখিনিতেই অনুভূত হয়। শিল্পৰ ৰসাস্বাদানৰ কোনো নতুন মাপকাঠি আমি তৈয়াৰ কৰিব পৰা নাই।

পাব্লিক কথাষাৰলৈ উভতি গৈ এই কথাৰে মোখনি মাৰিব পাৰি যে, কোন কালৰ সংগীতৰ মান কেনেকুৱা আছিল সেই বিচাৰটোতকৈ পাব্লিকক সংজ্ঞায়িত কৰাৰ পদ্ধতিসমূহ কোন দিশে গৈ আছে সেই বিচাৰটোহে এই সময়ত বেছি জৰুৰী। গানৰ ভিডিঅ' এটা ইউটিউবত আপলোড কৰি তাৰ 'লাইক' আৰু চাবস্ক্ৰিপচনৰ পৰিসংখ্যাৰে পাব্লিকক সংজ্ঞায়িত কৰা হৈ আছে। মঞ্চৰ পৰা আধা গান গাই মাইক্ৰ'ফোনটো দৰ্শকলৈ টোৱাই "ৰাইজ আপোনালোকেও ধৰক" বুলি কৈ থকা গায়কজনেও তেওঁৰ নিজৰ পাব্লিক নিৰ্মাণ কৰি গৈ আছে। এইখিনিতেই পাব্লিচিটি আৰু পাব্লিক দুয়োটা কাষ চাপি আহে। পাব্লিক বিচাৰি গীত নিৰ্মাণ কৰি গৈ থকা শিল্পীয়েও ভাষ্য দিয়ে সেই সংগীত পাব্লিকে বিচাৰিছে বুলিহে। তেনেকৈয়ো এক শ্ৰেণীৰ পাব্লিকৰ নিৰ্মাণ হৈ আছে। এনে পৰিস্থিতিত চাবলগীয়া হ'ব, পাব্লিক নিৰ্মাণৰ সমস্ত পদ্ধতিৰ বাহিৰত ৰৈ যাব পৰা কোনোবা পাব্লিক থাকিব পাৰে নেকি? পাব্লিক মানে গণতন্ত্ৰই কোৱা ভোটাধিকাৰ থকা সমস্ত ব্যক্তিৰ এটা পৰিসংখ্যা নহৈ যদি এক একক ব্যক্তিবিশেষ হয়, তেতিয়া? এইটো এটা আজৱ প্ৰশ্ন। কিন্তু এই আজৱ প্ৰশ্নৰেও এটা বাট ওলাবগৈ পাৰে। কাৰণ সকলোৰে বাবে, সকলোৱে ভাল পাব পৰা, আৰু সকলোৱে চাপৰি বজাই নাচিবই লাগিব বুলি ভাবি কৰি গৈ থকা চৰ্চাবোৰে যদি জুতিৰ অৱনমনহে ঘটায় তেন্তে পাব্লিক ৰুচিক বেয়া ৰুচি বুলি কৈ থাকি আকৌ 'পাব্লিক-ডিমাণ্ড'ৰ ফালেই বাট পোনোৱাৰ কোনো মানে নাই। যোৱা কেইবছৰমানত অসমীয়া সংগীতৰ দুৰাৱস্থাৰ প্ৰতি সঁহাৰি জনাই "সমাজ সচেতন" আৰু "মাটিৰ গোন্ধ" থকা যি কেইটা  গান ওলাল সেইকেইটাৰ অৱস্থা আৰু বিষম। মিষ্টাৰ ৰাজকুমাৰে অথবা কুসুম কৈলাসেও সিমান কষ্ট দিয়া নাই যিমান সচেতন গায়কৰ গানে দিছে।

ঐককেন্দ্ৰিক

আমাৰ বিচাৰেৰে বিভিন্ন সমস্যাৰ মাজত এটা কেন্দ্ৰীয় সমস্যা হ'ল সাংস্কৃতিক বৈশিষ্ট্যৰ একমুখীতা। অসমীয়া গায়কৰ অনুষ্ঠান এটাত নতুন মুখ এখনে আত্মপ্ৰকাশ কৰাৰ লগে লগেই আমাৰ প্ৰত্যাশা হ'ল এনে- গায়ক হিচাপে উত্তৰণ কৰিবলৈ হ'লে তেওঁ শংকৰদেৱ বা জ্যোতিপ্ৰসাদৰ নাম জনাটো বাধ্যতামূলক। ধৰক গায়কজনে বা গায়িকাগৰাকীয়ে শংকৰদেৱ বা জ্যোতিপ্ৰসাদৰ নামটোকেই শুনা নাই। তেওঁৰ গায়ন-চৰ্চাৰ যোগ্যতা নোহোৱা হৈ যাব নেকি? ঐতিহ্যৰ প্ৰতি শ্ৰদ্ধাশীল হোৱাটো নিশ্চয় ভাল কথা। কিন্তু সেই শ্ৰদ্ধা বা সমীহৰ নাম লৈ বাস্তৱক্ষেত্ৰত যিটো কৰা হৈ থাকে সেইটো হ'ল সমস্ত ব্যক্তি-বিশেষৰ ওপৰতে প্ৰায় একেধৰণৰ প্ৰত্যাশাৰ অভিৰোচন। একমুখীতা বুলি কি বুজাব খুজিছোঁ সেয়া "গায়ক হ'লে এনেকুৱা হ'ব লাগে" এই ধাৰণাটোৱেই ব্যাখ্যা কৰিবলৈ সক্ষম। পাব্লিকৰ এই চাহিদা পুৰণ কৰিবলৈ গৈয়েই জুবিন নামৰ এক অনন্য প্ৰতিভাশালী গায়কৰ বিপৰ্যয় কেনেকৈ ঘটিছিল তাৰ সুদীৰ্ঘ আলোচনা আমি অন্যত্ৰ কৰিছিলোঁ। একেদৰেই হীৰুদা, নীলমণি, নৱকান্ত আদি কেইটিমান বাটকটীয়া নামৰ অনুসৰণেৰে গৈ কবি হিচাপে নিজকে জনমানসত প্ৰিয়ভাজন কৰি তুলিবলৈ গৈ কেনেকৈ সমসাময়িক অসমীয়া কবিয়ে কবিতাৰ পথাৰখনো ক্লিচেৰ বোকাৰে ভৰাই পেলালে সেই কথাও আমি কেইবাবাৰো পাতিছোঁ। কিন্তু তাৰ মানে এইটো নহয় যে আমাৰ প্ৰত্যাশা নাথাকিব। তাৰমানে এইটোও নহয় যে জুতিৰ স্খলন যেন লাগিলে আমি উদ্বিগ্নতাও প্ৰকাশ নকৰিম। কিন্তু সেই উদ্বিগ্নতাৰ আধাৰো যদি সৰলৰৈখিক হয় অথবা সাধাৰণীকৰণৰ দোষেৰে দোষী হয় তেতিয়াও বিপদ। ধৰা হওক এজন অত্যন্ত বেয়া সুৰ বা কথাৰে গায়ক এজনৰ গীতে জনপ্ৰিয়তা অৰ্জন কৰিছে আৰু তাকে লৈ আমি উদ্বিগ্ন। এতিয়া কথা হ'ল আমি কিয় ধৰি লৈছোঁ যে সেই গায়কজনৰ গীত সমস্ত পাব্লিকেই শুনিছে বা সমস্ত পাব্লিকৰ ৰুচিকে তেওঁ প্ৰতিনিধিত্ব কৰিছে? এইখিনিতে এটা সংখ্যাৰ প্ৰসংগও আহিব। জনপ্ৰিয় হৈছে বুলি উল্লেখ কৰিছোৱেই যেতিয়া ধৰি লোৱা হ'ল যে বহুল সংখ্যকেই তেওঁৰ গান শুনিছে বা শুনিবলৈ লৈছে। কিন্তু সাংস্কৃতিক ৰুচিৰ ক্ষেত্ৰত সংখ্যাটো কিমান বেছি গুৰুত্বপূৰ্ণ সেইটো এটা প্ৰশ্ন।

একমুখীতা কথাষাৰৰ আৰু অলপ ব্যাখ্যাৰ প্ৰয়োজন। আমি জানো যে গুৱাহাটীৰ মাজমজিয়াত থকা ৰবীন্দ্ৰ ভৱনো ৰংগমঞ্চ, ভ্ৰাম্যমানৰ অস্থায়ী আয়োজনো ৰংগমঞ্চ। কিন্তু ৰবীন্দ্ৰভৱনৰ সততে আশা কৰা আয়োনেস্কোৰ "দা চেয়াৰ্ছ"ৰ দৰে নাটক এখনৰ নান্দনিকতা বা অভিনয়ৰ গুণগত মান ভ্ৰাম্যমাণ মঞ্চতো একে ৰূপতে আশা কৰাটো এটা বিৰাট ভুল। পপুলাৰ সম্পৰ্কে এটা সম্যক ধাৰণা নথাকাকৈ সংস্কৃতিৰ সমালোচনাৰ নামত সমস্ত উপাদানক একেটা সুৰতে বান্ধিবলৈ যোৱাটোও এটা একমুখীতাৰেই উদাহৰণ। মিষ্টাৰ ৰাজকুমাৰৰ দৰে অধুনা চৰ্চিত এটা উপাদানক কেন্দ্ৰ কৰি হোৱা আলোচনাতো জ্যোতিপ্ৰসাদৰ পৰা আৰম্ভ কৰি অসমীয়া চলচ্ছিত্ৰৰ গৌৰৱময় ঐতিহ্যক টানি অনাটো যে এটা সংগতিৰ বিসংগতি সেই আলোচনা আগতে আমি কৰি আহিছোঁ। এতিয়াও, কুসুম কৈলাস নামৰ গায়ক এজনৰ গানৰ কথা পাতোতে তেওঁৰ পৰা ভূপেন হাজৰিকাৰ দৰেই কিবা এটা আশা কৰাটো কুসুম কৈলাসৰ ভুল, নে আমাৰ ভুল?

এটা সাংস্কৃতিক পৰিমণ্ডলত বহুতো স্তৰ বা তৰপ থকাৰ কথা। জটিল জনগোষ্ঠীয় আৰু ভাষিক সমিলমিলৰ এই অসম দেশত এনেকুৱা তৰপ আৰু বেছি জটিল হ'ব লাগিছিল। "আধুনিক অসমীয়া গীত" হ'বৰ কথা আছিল আৰু বেছি বৈচিত্ৰপূৰ্ণ, স্বভাৱতে বহুমুখী। কিন্তু তাকে নহৈ সকলো একেসুৰীয়া হোৱাৰ দোষটো আচলতে প্ৰতিভাৰ অভাৱ অথবা সদিচ্ছাৰ অভাৱ নহয়। সেয়া হ'ল এক বিশেষ ধাৰণাৰ "অসমীয়া" পাব্লিকৰ একমুখী দাবী। কথাটো হ'ব লাগিছিল অমুক গানটো হয়তো ক শ্ৰেণীৰ বাবে আৰু তমুক গানটো খ শ্ৰেণীৰ বাবে। এতিয়া একেখন সমাজতে যেনেকৈ ক শ্ৰেণীটোও আছে, খ শ্ৰেণীটোও আছে, সেই সূত্ৰেই অমুক গানটোও থাকক, তমুক গানটোও থাকক। কিন্তু আমি সেইটো হ'বলৈ দিয়া নাই। আমি ধৰি লৈছোঁ যে অমুক গানটোৱে আৰু তদ্ৰুপ তমুক গানটোৱে ক শ্ৰেণী, খ শ্ৰেণী আৰু কিবা যদি শ্ৰেণী আছে সকলোকে সমানে সন্তুষ্ট কৰিবই লাগিব। আৰু কেনেবাকৈ যদি সেয়া হৈ উঠা নাই হায় হায়, খালে খালে বুলি উদ্বিগ্নতা প্ৰকাশ কৰাত লাগিছোঁ। আৰু এই একেটা কাৰণতেই অন্য স্তৰৰ, অন্য শ্ৰেণীৰ, অন্য মাত্ৰাৰ গান আমাৰ মাজত নাই। দোষটো আমাৰ। পাব্লিকৰ। "সচেতন জনগণ"ৰ।

এটা বিশেষ স্থান আৰু কালত উপনীত হোৱাৰ পিছত পাব্লিকৰ প্ৰতি আস্থাবান হৈ থকাটো এটা সদগুণ নহৈ এটা বিপৰ্যয়ৰ কাৰণহে হৈ উঠিছে। তদ্ৰূপ, উজু বাটেৰে প্ৰমাণ দিবলৈ চেষ্টা কৰা "দায়বদ্ধতা"ৰ চিন বা "মাটিৰ গোন্ধ"ও হিতৈষী হৈ থকা নাই। জনতাই বিচৰা সকলোকে সন্তুষ্ট কৰিব পৰা সেৱাদাতা (চাৰ্ভিছ-প্ৰভাইডাৰ) গায়ক এজনতকৈ পাব্লিকক উপেক্ষা কৰিব পৰা আৰু পাৰিলে এঢাপ আগুৱাই গৈ পাব্লিকক প্ৰত্যাহ্বান জনাব পৰা গায়ক এজনৰহে প্ৰয়োজন এতিয়া বেছি। পাব্লিকক খুছ কৰি চলিবলৈ মোৰ একো গৰজ পৰা নাই বুলি যি নিৰ্দ্বিধাই ক'ব পাৰিব। এজন উভটগোৰে নাচিব পৰা নৈৰাজ্যবাদী-শিল্পীৰ দাবী সময়ে সময়ে উঠি আহিছে। পাব্লিক ডিছপোজেবল।

সমুদ্র কাজল শইকীয়া
Rajya Sabha Television (RSTV), 3rd Floor,
Talkatora Stadium Annexe Building, New Delhi – 110001
email: kankhowa@gmail.com, mobile: +91 9811375594

No comments: