ডঃ বাণিকান্ত কাকতি

...সাহিত্যৰ ক্ষেত্রত নতুনকৈ কৰিবলগীয়া কাম একো নাই। সাহিত্য ধ্বনি আৰু প্রতিধ্বনি মাথোন। পূর্বপুৰুষ সকলৰ ভাবৰ ধ্বনি যাৰ হৃদয়ত পুৰাকৈ প্রতিধ্বনিত হয় সিয়েই সফলতা লাভ কৰে... ডঃ বাণীকান্ত কাকতি, বাঁহী, ১৩শ বছৰ, অষ্টম সংখ্যা, আঘোণ, ১৮৪৭ শক।

Blog Archive

Saturday, June 9, 2018

শুক্ৰাচাৰ্য ৰাভাৰ প্ৰসংগায়িতকৰণৰ প্ৰস্তাৱেৰে...




নাট্যচৰ্চাত, অথবা অন্যান্য সাংস্কৃতিক চৰ্চাৰ ক্ষেত্ৰতে অসমৰ চুকে কোণে বিভিন্ন ভাল কাম সময়ে সময়ে হৈ আছে। ইতিবাচক বহুখিনি খবৰ আমি মাজে মাজে পাই থাকোঁহক। কিন্তু তাৰ পিছতো ভাল মানবিশিষ্ট চৰ্চাৰ অভাৱ বুলি আমি হামৰাও কাঢ়ি থকাৰ কেতবোৰ বিশেষ কাৰণ আছে। কাম এটা ভাল বুলি জানি তাক কৰি পেলালেই নহয়। তাৰ বাবে প্ৰয়োজন হয় দীৰ্ঘম্যাদী পৰিকল্পনাৰ। নৈপুণ্য এটা দিশ, পৰিকল্পনা এটা দিশ, আৰু ভৱিষ্যৎ বীক্ষা আন এটা দিশ। এই সকলোখিনিৰ উপৰিও আকৌ যিটো বস্তুৰ প্ৰয়োজনীয়তা গুৰিতেই আহি পৰে সেয়া হ’ল এটা অৱস্থান গ্ৰহণৰ বাবে থাকিব লগা স্পষ্টতা, দৃঢ়তা আৰু সৎসাহস।

নাটকৰ ক্ষেত্ৰত অসমৰ মানুহ যথেষ্ট আবেগিক আৰু সৰু সুৰাকৈ হ’লেও ইয়াৰ চৰ্চাৰ কাহানিও যতি পৰা নাই, আৰু নপৰে। আনকি ৰাষ্ট্ৰীয় নাট্য বিদ্যালয় আদিত অধ্যয়ণ কৰি অহাৰ পিছত কেৱল অসম আৰু উত্তৰ পূৱৰ কৰ্মীসকলেহে নাটকক নাটক বা অভিনয়ক অভিনয় হিচাপে লৈ আগবাঢ়ি যায় বুলি প্ৰখ্যাত নাট্যকৰ্মী অনুৰাধা কাপুৰেও কেইবাবাৰো স্বীকাৰ কৰিছিল। সৰ্বভাৰতীয় স্তৰত ক’বলৈ গ’লে যি ক্ষেত্ৰত আগবয়সত অভিনয় শিক্ষাৰ প্ৰতি আগ্ৰহী হৈ ক্ৰমে ক্ৰমে নাট্যকৰ্মীসকল পেটৰ তাড়নাতেই হওক বা গ্লেমাৰ বিচাৰিয়েই হওক ব্যৱসায়িক উদ্যোগ সমূহত ব্যস্ত হৈ উঠে, কেৱল আমাৰ ফালৰ মানুহখিনিয়েহে নাটকৰ চৰ্চাক আগুৱাই লৈ যাবলৈ চেষ্টা কৰে।

তিনিটা সমান্তৰাল ধাৰৰে অসমৰ নাটক চলি আছে। প্ৰথম ধাৰাটো গ্ৰামে-গঞ্জে মৰি মৰিও বাৰে বাজে জী উঠা এটা এমেচাৰ নাটকৰ চৰ্চা। নাটকৰ প্ৰতি থকা দুৰ্বাৰ ভালপোৱা আৰি কিবা এটা কৰাৰ অদম্য হাবিয়াসৰ ই প্ৰতীক। পিয়লি ফুকন, শকুনিৰ প্ৰতিশোধ, মগৰীবৰ আজান আদি নাটকৰ সমানে সমানে ফেৰ মাৰি আগবাঢ়ে আগাথা ক্ৰিষ্টীৰ ‘মাউচ ট্ৰেপ’, আয়োনেস্কোৰ ‘দা চেয়াৰ্ছ’ কিম্বা ৰবীন্দ্ৰনাথৰ ‘চিত্ৰাংগদা’ৰ অসমীয়া অভিযোজনা। প্ৰচেনিয়াম থিয়েটাৰৰ আৰ্হিৰে, চেগা চোৰোকাকৈ স্তানিসলাভস্কিৰ ধাৰণাৰে কিছুমান প্ৰস্তুতি যেনেকৈ চলি থাকে, তাৰ লগে লগে নতুন সম্পৰীক্ষণৰ বাবেও এইখিনি নাট্যকৰ্মীয়েই আগ্ৰহ দেখুৱাই আহি আছে। আনটো ধাৰা হ’ল “ভ্ৰাম্যমাণ থিয়েটাৰ”। নাটকক বিপুল জনসমাজৰ মাজলৈ লৈ যাব পৰা এই উদ্যোগৰ বিকল্প তাহানিও নাছিল, আজিও নাই। মূলত: ব্যৱসায়িক আন্ত:গাঠনিৰে পৰিচালিত হৈয়ো সমাজৰ এটা অবিচ্ছিন্ন অংগ হৈ উঠা এই ভাম্যমাণ থিয়েটাৰৰ মঞ্চত নতুনত্ব অথবা বহুল কথিত ‘চিৰিয়াছ’ নাট্যশিল্পৰ চৰ্চাৰ বাট সুগম নহয়। সেয়া নহয় এই বাবেই যে ইয়াৰ এটা নিৰ্দিষ্ট গঠন বা আৰ্হি আছে যাৰ বাহিৰত ইয়াৰ স্বকীয় অস্তিত্ব অথবা ব্যৱসায়িক হিচাপ নিকাচবোৰ হয়তো নাথাকিব। কিন্তু তাৰ মাজতো অভিনৱ সম্পৰীক্ষণে ইয়াতো দেখা দি আহিছে সময়ে সময়ে। দৃশ্য নিৰ্মাণৰ চমৎকাৰী কাৰুকাৰ্যৰে পৰা বিষয়বস্তুলৈকে অভিনৱত্ব ইয়াতো আছে। পুৰাণিক নাটক, সআমাজিক নাটক, কাল্পনিক নাটক কোনোটো ধাৰাকেই ই পৰিহাৰ কৰি চলা নাই। মঞ্চত লাইট আৰু শব্দৰে এটা মায়াজাল সৃষ্টি কৰাৰ মাজতে কোনোবাতো সময়ত হয়তো সেই মায়াজালৰ আৱৰণ ফালি অভিনেতা ইয়াতো ওলাই আহি দৰ্শকৰ সন্মুখত ঠিয় দিছেহি। সম্ভাৱনাৰ প্ৰচুৰ বাট ইও কঢ়িয়াই আছে, কঢ়িয়াই থাকিব। তৃতীয়টো ধাৰত থাকিব অসমৰ একাংকিকা বা একাংক নাটক। নক'লেও হ'ব যে এই একাংক নাটকৰ ধাৰাটো মূলত: প্ৰতিযোগিতা কেন্দ্ৰিক আৰু আজিৰ তাৰিখৰ সমস্ত নাট্যকৰ্মীৰ এক বুজন সংখ্যকেই এই একাংক নাটক সমূহৰ চৰ্চাৰ তলীৰ পৰাই ওলাই আহিছে।

একাংক নাট, বিশেষকৈ প্ৰতিযোগিতা কেন্দ্ৰিক হোৱাৰ বাবেই নিৰ্দিষ্ট কিছুমান "নিয়মাৱলী"ৰ গণ্ডীৰ বাহিৰৰ পৰা ই ওলাবগৈ নোৱাৰে। অসমীয়া একাংক নাট সম্পৰ্কে "প্রাত্যহিকতাৰ কল্পৰূপ: অসমীয়া একাঙ্কিকা নাটকৰ প্রতিশ্রুতি আৰু ব্যর্থতা" শীৰ্ষক এটা লেখাত আমি সুবিস্তাৰে আলোচনা কৰিছোঁ। ব্যাপক চৰ্চাৰ ফলতে কিছুমান গ্ৰামাঞ্চলত নাটক বুলিলেই একাংকিকাকেই বুজি পালেও এটা নিৰ্দিষ্ট ফৰ্মৰ মাজত ই আৱদ্ধ হৈ ৰোৱাৰ কথা উলাই কৰিব নোৱাৰি। ভ্ৰাম্যমাণ থিয়েটাৰো নিৰ্দিষ্ট একোটা ফৰ্মৰ দাস। যিমানেই উৎকৃষ্ট মান সম্পন্ন নাটক মঞ্চায়িত নহওক কিয়, অভিনয় সম্পৰ্কে, নাট্যশিল্প সম্পৰ্কে এটা পৰ্যায়ৰ পিছত আৰু কথা পাতিবৰ অৱকাশ নৰয়গৈ। প্ৰথমে উল্লেখ কৰি অহা এমেচাৰ নাটকৰ ধাৰাটোৱেই চাবলৈ গ'লে আটাইতকৈ বেছি স্বতন্ত্ৰ আৰু সম্ভাৱনাপূৰ্ন। কিন্তু নাটক এখন কৰিবৰ বাবে যি আৰ্থিক আৰু পৰিস্থিতিগত সমৰ্থনৰ প্ৰয়োজন হয় সেইবোৰ আমাৰ সমাজত বৰ সুচল ৰূপত উপলব্দ্ধ নহয়। তাৰেই গইনা লৈ সততে এমেচাৰ নাট্যকৰ্মীসকলেও সহজ পথেৰেই আগবাঢ়িবলৈ লয়। নাটক মানে এনেকুৱা, অথবা নাটক মানে তেনেকুৱা, এনেকুৱা কিছুমান বদ্ধমূল ধাৰণা লৈ সেই ধাৰণাখিনিৰেই চৰ্বিত চৰ্বন কৰি নাটক কৰি গৈ থাকে। প্ৰচুৰ সম্ভাৱনা, প্ৰচুৰ চৰ্চা, প্ৰচুৰ নতুন প্ৰতিভা, প্ৰচুৰ মহীৰূহ সদৃশ স্বনামধন্যজন, প্ৰচুৰ সম্পৰীক্ষণ আমাৰ চাৰিওফালে আচলতেই ঘটি আছে। কিন্তু এই প্ৰাচুৰ্যই আমালৈ কিবা কঢ়িয়াই আনিছেনে? নাট্যচৰ্চাৰ ক্ষেত্ৰত এটা নিজস্ব ভাষা ক'ৰবাত তৈয়াৰ হৈছেনে? এটা নতুন ভাষা তৈয়াৰ হোৱা নোহোৱাৰ কথাখিনি বাৰু পাছলৈ থ'লোঁ। নাট্যশিল্প সম্পৰ্কে কথা পাতিব পৰা এটা বাগধাৰা কোনোবাখিনিত ওলাল নে? নোলাল। আজিও আমি নাজানো নাটক সম্পৰ্কে কথা পাতিবলৈ হ'লে কেনেকৈ কথা পাতিব লাগে। তাতোকৈ ডাঙৰ কথা হ'ল যে নাটক এখন কেৱল কৰিলেই নহয়, তাৰ সম্পৰ্কে কথা পতাটোও জৰুৰী- এই কথাটোতো মানুহক পতিয়ন নিয়াবলৈ টান। ভ্ৰাম্যমাণত যদি এইবছৰৰ "মঞ্চ কঁপোৱা" নায়িকা কোন সেই কথাটো সকলোতকৈ বেছি জৰুৰী কথা, একাংকিকাত কোনে প্ৰথম পুৰস্কাৰ পালে অথবা কোন দলক পুৰস্কাৰ নিদি বিচাৰকে অন্যায় কৰিলে সেই বিষয়ৰ গছিপ বা গুজৱখিনিহে বেছি জৰুৰী হৈ থাকিল। ইয়াৰ মাজত আকৌ নাটকৰ কথা কোনে কেনেকৈ পাতে?

তাৰ মাজতো আশাপ্ৰদ খবৰ কিছুমান আহে যেতিয়া দেখা পাওঁ এই সময়ৰ উদ্যমী লোকসকলে নাটক সম্পৰ্কে কথা পাতিবলৈ আগবাঢ়ি আহে, ৰংগমঞ্চৰ আখৰাৰ পৰা আহি হাতত কলম তুলি লয়। নাটক এখন কেনেকৈ চাম বা তাৰ বিষয়ে কেনেকৈ লিখিম এই প্ৰশ্নটো বাৰে বাৰে তুলিবলৈ চেষ্টা কৰিছে নিজৰা ৰাজকুমাৰীয়ে। নাট্যকৰ্মী কুশল ডেকাই নিজৰ অভিজ্ঞতাৰ পৰাই ডুখৰীয়া ছবি একোখনি তুলি ধৰি নাটকৰ কথা বতৰা নতুনকৈ আৰম্ভ কৰিছে। ৰণ্টু শৰ্মাইয়ো বাৰম্বাৰ চেষ্টা চলাই আহিছে নাটক সম্পৰ্কীয় কথা বতৰাক আগুৱাই নিবলৈ। এইকেইজনক ফে'চবুকৰ মজিয়াত কেইদিনমানৰ পৰা সততে দেখি থকা নামৰ মাজৰ পৰা উদাহৰণ হিচাপে তুলি ল'লোঁ। ইয়াৰ বাহিৰেও জনাই নজনাই হয়তো আৰু বহুজন আছে। যিখিনিৰ মাজৰ পৰা এদিন এটা নতুন বাগধাৰাৰ আৰম্ভণী হ'ব বুলি আমি আশা কৰি ৰ'ম।

এই বাগধাৰা বুলি কওতেই মূলগত সমস্যা এটা আমাৰ সন্মুখলৈ আহি পৰিল। নাটক সম্পৰ্কীয় কথাবতৰাত সকলো চৰ্চা থাকিও এটা চৰ্চাৰ অভাৱ বাৰুকৈয়ে ৰৈ গ'ল যিটো হ'ল বাগধাৰাৰ সমস্যাটো। একেটা সমস্যা অন্যান্য সাহিত্য আৰু সাংস্কৃতিক উপাদানৰ ক্ষেত্ৰতো একেই। তথাপি সাহিত্যৰ বিভাগসমূহত কম-বেছি পৰিমানে তাৰ উপস্থিতি আছেই। বাণীকান্ত কাকতি, মহেন্দ্ৰ বৰা, ভৱেন বৰুৱাৰ পৰা হীৰেন গোহাঁইৰে লৈকে অসমীয়া সাহিত্য সমালোচনাৰ কেতবোৰ ঘৰাণা আমি পালোঁ। তাৰ হয়তো এটা সুবিধা এয়ে যে সাহিত্য যেনেকৈ শব্দ নিৰ্ভৰ সমালোচনাও তেনেকৈয়ে শব্দ নিৰ্ভৰ। সেয়েহে সমালোচনা এটাও সাহিত্যৰেই অংগ হৈ উঠিবলৈ সহজ। কিন্তু দৃশ্যশিল্পৰ ক্ষেত্ৰত কি হ'ব? দৃশ্য-শ্ৰাব্য শিল্পৰ ক্ষেত্ৰত কি হ'ব?

নাটক হ'ল এক ধৰণৰ কাৰিকৰী শিল্প, এপ্লাইড আৰ্ট। স্বাভাৱিকতেই চৰ্চাকাৰী সকলৰ অভিজ্ঞতাৰ ভেঁটিতেই ইয়াৰ কথাবাৰ্তা হোৱাটো সহজ আৰু যুক্তিসংগত। সেয়েহে অভিনেতাৰ স্মৃতিচাৰণ, সাক্ষাৎকাৰ, মঞ্চায়নৰ পদ্ধতিবিধান আদি ধৰণৰ সমলৰ পৰা কিছু আলচিব পৰা প্ৰসংগ আমি সময়ে সময়ে পাই থাকোঁ। কিন্তু এটা পৰিপূৰ্ণ বাগধাৰা সেইবোৰৰ মাজেৰে আগবাঢ়ি অহাটো আমি দেখা পোৱা নাই। মনত ৰখা উচিত যে ক্ৰিয়া আৰু তাৰ সমালোচনা, দুয়োটা বস্তুৰেই মান পৰস্পৰ নিৰ্ভৰশীল হয়। ধৰক কোনোবা এটা ভাষাৰ, কোনোবা এটা যুগৰ কবিতাৰ মান অত্যন্ত নিম্ন অথচ সেই সময়ৰ সেই স্থানৰ সমালোচনাৰ মান অতীৱ উচ্চ- এনে ধৰণৰ ঘটনাৰ নজিৰ আছেনে? এইটো কথাৰ আধাৰতে যদি চাবলৈ চেষ্টা কৰা হয়, ইমানপৰে প্ৰচুৰ সম্ভাৱনাপূৰ্ণ বুলি উল্লেখ কৰি অসমৰ নাটকৰ চৰ্চা সমূহৰ কথা পাতি আহিছিলোঁ যদিও এতিয়া আমি দেখিম যে সেই সম্ভাৱনাপূৰ্ণ চৰ্চাসমূহেও আচলতে নাটক সম্পৰ্কীয় বিশেষ চিন্তচৰ্চাৰ বাট মোকলোৱা নাছিল। নাটক এখন কৰাই কৰিছে, কৰিব লাগে কাৰণে কৰিছে। কৰাক দেখি কৰিছে। দহে হয়তো ভাল বুলিছে সেই বাবে কৰিছে। কোনোবাখন ভাল হৈছে, কোনোবাখন বেয়া হৈছে। তাৰ পাছত? তাৰ বাহিৰে কি কথা পাতিম? হয় আংগীক কোনোবাটো বিশেষ দিশক লৈ, নহয় সামগ্ৰিক ভাবে নাটকৰ স্বৰূপকে লৈ কথা পাতিবৰ অৱকাশটো কোনোদিনেই পোৱা নাছিলোঁ যেন লাগে। এইখিনিতে আহি পৰা আন এটা গুৰুতৰ প্ৰশ্ন এইটোৱেই যে কেনেবাকৈ "সাহিত্য" কেন্দ্ৰিক আমাৰ সমাজখনৰ উন্নাসিকতা বা সুচী-বায়ুগ্ৰস্থতায়ো কেনেবাকৈ আমাক কথা পতাত বাধা দি আহিছে নেকি?

কোনোবা এদিন হঠাৎ, হঠাৎ বুলিয়েই ক'ব লাগিব, শুক্ৰাচাৰ্য ৰাভাৰ শালনিৰ মাজৰ থিয়েটাৰৰ খবৰ এটা আহিল। দেশৰ ভিতৰৰ লগতে বাহিৰতো তাৰ খবৰ শুনা গ'ল। এটা অন্য আৰম্ভণী, এটা অন্য প্ৰচেষ্টা বুলি আকৌ এটা সম্ভাৱনাৰ সম্ভেদ পোৱা গ'ল। মূলগত বিষয় কিছুমান সন্মুখলৈ আহিবৰ বাট এটা ওলাল, নাটক বা থিয়েটাৰ বুলিলেই প্ৰচেনিয়ামৰ এটা ধৰাবন্ধা ফৰ্মেট কিয় আমাৰ সন্মুখলৈ আহি পৰে? বিশ্বৰ নাট্যজগতৰ আজিলৈকে যিমান কেইজন কাণ্ডাৰীৰ নাম সঘনে শুনা যায় সেইসকলৰ কোনো সম্ভৱ ইমান বেছি প্ৰচেনিয়ামৰ মোহত আৱদ্ধ নাছিল যিমান বেছি প্ৰচেনিয়ামৰ মোহ আমাৰ মাজত আছে। অভিনয় মিছা নহয়, অভিনয়ৰ প্ৰতীক মুখা হ'ব নোৱাৰে। নাট্যাভিনয় মানেই হেলোজেন অথবা স্পটলাইট নহয়। "নাটকত/সাহিত্যত সমাজ দায়বদ্ধতা" জাতীয় ৰচনা লিখি লিখি অভ্যস্ত আমাৰ মানুহক ক'বৰ বাট নৰয়গৈ যে কেৱল কথাভাগে বা সাহিত্যভাগে নহয়, বস্তু এটাৰ ফৰ্মেও সমাজৰ হৈয়েই কথা ক'ব পাৰে। শুক্ৰাচাৰ্য ৰাভাক লৈ এটা নতুন ধৰণৰ বাগধাৰাৰ সূত্ৰপাত ঘটাৰ যো জা চলিছিলহে মাথোঁ। একেদৰেই হঠাৎ পোৱা গ'ল আন এটা খবৰ- শুক্ৰাচাৰ্য ৰাভা আৰু নাই!

এতিয়া শুক্ৰাচাৰ্যৰ জীৱনক লৈ যদি এখন নাটক কোনোবাই কৰিব খোজে, সেইখন নাটক কোনখন অথবা কেনেকুৱা মঞ্চত পৰিৱেশিত হ'ব? Theatre Under the Saal Trees- সম্পৰ্কে কথা পাতিবলৈ গৈয়ো "অমুকৰ অভিনয় যথাযথ" বুলিয়েই কথা পতা হৈ থাকিব নেকি?

নাটক সম্পৰ্কে চিন্তা চৰ্চা কৰিম বুলি ভাবি থকা সকলৰ দায়িত্ব এতিয়া আৰু বঢ়িল। 
   
(অসম্পূৰ্ণ)


No comments: