ডঃ বাণিকান্ত কাকতি

...সাহিত্যৰ ক্ষেত্রত নতুনকৈ কৰিবলগীয়া কাম একো নাই। সাহিত্য ধ্বনি আৰু প্রতিধ্বনি মাথোন। পূর্বপুৰুষ সকলৰ ভাবৰ ধ্বনি যাৰ হৃদয়ত পুৰাকৈ প্রতিধ্বনিত হয় সিয়েই সফলতা লাভ কৰে... ডঃ বাণীকান্ত কাকতি, বাঁহী, ১৩শ বছৰ, অষ্টম সংখ্যা, আঘোণ, ১৮৪৭ শক।

Blog Archive

Monday, June 25, 2018

পেখু পেখু (পোন্ধৰ): জুবিন গাৰ্গ আৰু মিষ্টাৰ টেম্বুৰিন মেন

[দৈনিক অসম, দেওবৰীয়া চ'ৰা, ১০ জুন, ২০১৮]

জুবিন গাৰ্গে ফে'চবুকত আপলোড কৰা ফটোখন।

আজিৰ এটা অসহনীয় সত্য হ'ল- গীত আৰু সংগীত যে ‘লাইভ’ শিল্প, গাওঁতাই গায়, বজাওঁতাই বজায় আৰু শুনোতাই শুনে- এই প্ৰাথমিক অভিজ্ঞতাৰ কথাখিনি আমি প্ৰায় পাহৰি পেলাইছোঁ। গীত পৰিবেশনৰ কোনো লাইভ পৰম্পৰা আজি আৰু আমাৰ মাজত সুস্থ ভাবে থিয় দি থকা নাই। হাতত মাইক্ৰ’ফোনটো নাথাকিলে আজি আৰু কোনো গায়কে গান নাগায়। কোনোবা মঞ্চত উপবিষ্ট নোহোৱালৈকে গায়ক এজনক গায়ক বুলি আমি স্বীকৃতি নিদিওঁ। গান গোৱাৰ আৰু গান শুনাৰ কোনো পাৰস্পৰিক সৌহাৰ্দ্যপূৰ্ণ অন্তৰংগ পৰম্পৰাই আজি আৰু আমাৰ মাজত বৰ্তি থকা নাই। এইখিনিতেই আকৌ বিৰম্বনাৰ কথা এয়ে যে অসমীয়া সংস্কৃতিৰ জগতখন তোলপাৰ লগাই থকা সাংস্কৃতিক উপাদানবিধ হ’ল গানেই। ঘাইকৈ গানৰ পৰিবেশনক ভিত্তি কৰিয়েই অসমৰ উধৰ পৰা মূধলৈকে হাজাৰ হাজাৰ বিহুমেলাৰ পয়োভৰ। ইলেক্ট্ৰনিক মেডিয়াতো সৰ্বত্ৰ ছানি ধৰিছে গান আৰু গানৰ ভিডিঅ’ই। কিন্তু সেইবোৰৰ কোনোটোৱেই আচলতে গান শুনাৰ আপ্তকাৰী বা প্ৰশস্ত ক্ষেত্ৰ নহয়। বিহুমেলা নামৰ এই কিম্ভূত-কিমাকাৰ বাৰেভচহু আয়োজনটোত গানেই মূখ্য আকৰ্ষণ হ'লেও আচলতে তাত গান শুনাৰ পৰিবেশ এটা একেবাৰে নাথাকে। শব্দ-ব্যৱস্থাৰ বিসংগতিৰ দৰে কাৰিকৰী কথাখিনিৰ পৰা আৰম্ভ কৰি গান এটা মন দি শুনিব পৰা সুস্থিৰ পৰিবেশ এটাৰ অভাৱলৈকে তাত আহুকালৰ অন্ত নাই। পপুলাৰ কালচাৰৰ অংগ হিচাপে তাত কেৱল কোনোবাই গোৱা কিবা ধৰণৰ গানৰ কেৱল এটা "ঝলক দিখলা যা"হে হ'ব পাৰে। তাত গান হ'ব নোৱাৰে। হাৰমনিয়াম বা গীটাৰ হাতত লৈ গায়কজন মাজত, তাকে ঘেৰি ধৰি এচাম গুণমুগ্ধ শ্ৰোতা – এনে এটা পৰিবেশ মই অসমত দেখা মনত নপৰে। গ্ৰাম'ফ'ন, আকাশবাণী, দূৰদৰ্শন, কেছেট, ডেক, ৱাকমেন, চিডি আদিৰ মাজেৰে আহি আহি সংগীত আজি ৰ’লহি মোবাইলত। লাইভ পৰিবেশনৰ মাধুৰ্যৰ কথা উঠি অহা প্ৰজন্মই নজনাকৈয়ে আৰু নুবুজাকৈয়ে হয়তো কালাতিপাত কৰিবগৈ। বিয়াবোৰত বিয়ানামবোৰ আছেগৈনে? শিশুটিক শুৱাবৰ পৰত নিচুকণি গীত এটা গুণগুনোৱা হয়নে? আমি প্ৰযুক্তিবিৰোধী কোনোমতেই নহয়। প্ৰযুক্তি-প্ৰদত্ত উপকৰণ আৰু অনুভৱখিনিকলৈয়েই আমিও কাম কৰি আহিছোঁ। কিন্তু লাইভ পৰিবেশনৰ অভিজ্ঞতাৰ কথাখিনিও আমাৰ বাবে বিচাৰ্যৰ বিষয়।

প্ৰাণঢালি গীত গাই থকা বা একান্তে নিমগ্ন হৈ বাদ্যযন্ত্ৰৰ ধ্বনিৰ সৈতে খেলা কৰি থকা ব্যক্তি এজন কেনে মনোমোহা তাক ভাষাৰে বুজাব নোৱাৰি। বিভিন্ন সময়ত বিভিন্ন শিল্পীৰ হাতত এয়ে হৈ উঠে একো একোটা ৰূপক। পাবলো পিকাছোৰ ব্লু পিৰিয়ডৰ পেইণ্টিং “বৃদ্ধ গিটাৰিষ্ট”খনে যিকোনো দ্ৰষ্টাৰে মন টানে। বৃদ্ধ আৰু অন্ধ মানুহজনৰ যেন গীটাৰখনেই একমাত্ৰ সম্বল। নীলাচানেকীয়া ৰঙেৰে সামগ্ৰিকভাবে ধুৱাই থকা ছবিখনত গীটাৰখনতহে অলপ বেলেগ ৰং আছে যি পৃথক হৈ চকুত পৰিব পাৰে। গীটাৰখনৰ সৈতে এই নিমগ্নতাই এক বিষাদবোধৰ জন্ম যেনেকৈ দিয়ে, নি:সংগতাৰ চেতনা এটাৰো তেনেকৈয়ে জন্ম দিয়ে।
 
পাবলো পিকাছো, "বৃদ্ধ গীটাৰিষ্টজন", ১৯০৩-০৪ 
আধুনিক অসমীয়া সাহিত্যৰ উন্মেষকালতো ব’ৰাগী এজনে আহি হাতত বীণ এখন লৈ ঘনে ঘনে ভূমুকি মাৰিছিলহি। অসমীয়াৰ হৃত-গৌৰৱ উদ্ধাৰৰ নিমিত্তে হেৰোৱা ইতিহাসৰ কথা ব'ৰাগীয়ে সোঁৱৰাই গৈছিল। চন্দ্ৰকুমাৰ আগৰৱালা আৰু বেজবৰুৱাৰ ব’ৰাগীৰ ভূমিকা আমি জানো। জ্যোতিপ্ৰসাদৰ ব’ৰাগী আছিল সত্য আৰু সুন্দৰৰ বাহক। "...আহি ৰূপকোঁৱৰে/ হাঁহিটি মাৰিবহি/ বীণখনি বাই"। শিৱপ্ৰসাদ ভট্টাচাৰ্যৰ কথাৰেও ভূপেন হাজৰিকাই গালে- "আৰু নবজাবি বীণ বাটৰুৱা..."। ইয়াৰ আগতে আমি "দৰিয়া, আচমান আৰু মানিমুনি শাক" শীৰ্ষক এলানি লেখাৰ "বিস্ময়বোধ আৰু কৌতুহলৰ ইতিহাস" খণ্ডত আমি এই বীণ ব’ৰাগীৰ সন্ধান কৰিছিলোঁ।

বব ডিলানে এটি প্ৰখ্যাত গীতত তেনেকৈয়ে এজন লোকায়ত সংগীতকাৰ মিষ্টাৰ টেম্বুৰিনমেনক (Mr. Tambourine man) অনুৰোধ জনায়- মোৰ বাবে এটা গান গোৱা। সেই টেম্বুৰিনমেনেই আহি কবীৰ সুমনৰ গানত হলহি গানৱালা। মোৰ বাবে এটা গান গোৱা, আজি মোৰ ক'লৈকো যাবৰ নাই, একো কৰিবৰ নাই। এই গানৱালা, এই ব’ৰাগী সকলোৱেই যেন কিবা এটা সোঁৱৰাবলৈকে আহে। আমি পাহৰি যোৱা কিবা এটা মনত পেলাই দি আমাক আশ্বস্ত কৰিবলৈকে আহে।  

অসমীয়াৰ হাৰ্টথ্ৰ’ব, সোণালী কণ্ঠৰ গায়ক জুবিন গাৰ্গে এবছৰতকৈয়ো আগতে (৭ ফেব্ৰুৱাৰী, ২০১৭) ৰাজহুৱা স্থানৰ খটখটিত হাতত টোকাৰী এখন লৈ গান গাই থকা অন্ধ মানুহ এজনৰ ফটো এখন ফেচবুকত আপলোড কৰি লিখিলে- "মই যেতিয়া বুঢ়া হম" (When I’m Old)। এজন চেলিব্ৰিটিয়ে দিয়া এটা ফেচবুক ষ্টেটাচ হিচাপে স্বাভাৱিকতেই তাত আজিলৈকে পোৱা গ’ল চৈধ্য হাজাৰ লাইক, ৩৬৫ টা মন্তব্য। ১৫৭ বাৰ ছবিখন শ্বেয়াৰ কৰা হ'ল বিভিন্নজনৰ দ্বাৰা। মন্তব্যলানিৰ পৰা বুজা গ'ল সেই মানুহজন এজন অন্ধ ব্যক্তি, যি নিতৌ হাজোৰ হয়গ্ৰীৱ মাধৱ মন্দিৰৰ চিৰিত বহি দৰ্শনাৰ্থীক লোকগীত শুনায়। ঘৰ হাজোৰ ৰামদিয়াত। নাম নাৰায়ণ ডেকা।

জুবিনক অন্ত:কৰণেৰে ভালপোৱা বহুজনেই ছবিখন দেখি আবেগত বিহ্বল হৈ পৰিল। বেছিভাগেই প্ৰকাশ কৰিলে- জুবিনদা আমি তোমাক এনেকৈ চাবলৈ নিবিচাৰোঁ। সেইলানি মন্তব্যৰ মাজত একাংশ মন্তব্য এনে য'ত সেই বৃদ্ধ মানুহজন হ'ল ভীক্ষাৰী আৰু জুবিনক তেওঁলোকে শেষ বয়সত ভীক্ষা খুজি খোৱাটো নিবিচাৰে। কেইজনমানেতো জুবিন গাৰ্গক নিজৰ ঘৰলৈ লৈ যাবলৈকো উদ্যত হ'ল, তেওঁলোকে নিজৰ ঘৰত ৰাখি জুবিন গাৰ্গৰ ভৰণ পোষণ কৰিব। দুটিমান মন্তব্য তুলি দিলে এনে হ'ব-
"সেয়া হবলৈ নিদিওঁ দাদা, লাগিলে মই দিন হাজিৰা কৰি তোমাক আমাৰ ঘৰত ৰাখিম"।
"দাদা আপুনি বহুত দয়ালু আৰু উদাৰ আপুনি অসমৰ কাৰনে সমস্ত ত্যাগ কৰিছে।আপোনাৰ তেনেকুৱা নহয়"।
জুবিন গাৰ্গে বলীউডতো ইমান নাম কৰাৰ পিছত এইবোৰ কি বাতুলামী কৰিছে (bullshit), মানুহ আগলৈ যায় তেওঁ আকৌ কিয় পিছলৈ গৈছে বুলিও খেনোৱে ওজৰ আপত্তি দেখুৱালে।

ফটোখন জুবিনৰ হেজাৰটা ভাববিলাসৰ মাজৰ এটা। “মন যায়” চিনেমাৰ “মন যায়” গানটোক জুবিন-ব্যক্তিত্বৰ বা জুবিন-মনস্কতাৰেই এটা প্ৰতিৰূপ বুলি অনেকে বিশ্বাস কৰে। আমাৰ বহুতৰ দৰেই জুবিনৰ কিবাকিবি হ’বলৈ মন যায়, অথবা, জুবিনৰ দৰেই আমাৰো বহুত কিবাকিবি হ’বলৈ মন যায়। কেতিয়াবা ‘বিষ্ণুৰাভা হ’বলৈ মন যায়’। কেতিয়াবা পথাৰৰ দাঁতিত লাং খাই এনেয়ে পৰি থাকিবলৈ আমাৰ মন যায়। কেতিয়াবা অটব্য অৰণ্যৰ মাজত হেৰাই যাবলৈ মন যায়। মন যোৱাৰ শেষ নাই। শিশু অৱস্থাতে কবিতা লিখিবলৈ আৰম্ভ কৰা সকলে জীৱনৰ প্ৰথম কবিতাটো ‘মই ভালপাওঁ’ বা ‘মোৰ মন যায়’ বুলিয়ে লিখে। এই ফটোখনত দেখা পোৱাৰ দৰে হয়তো হ’বই পাৰিলেহেতেন যে– বুঢ়া কালত বিৰাট কোলাহলমুখৰ মঞ্চায়োজনৰ পৰা আঁতৰি হাতত মাথোন দোতাৰা এখন লৈ অকলে অকলে গান গাই গাই সময় কটাবলৈ জুবিনৰ মন যায়। ফটোখন দেখি মোৰ তেনে অনুভৱেই হৈছিল। তাত বেয়া লাগিব লগা একো নাছিল, বৰঞ্চ ভালহে লাগিছিল। ফটোখনৰ মানুহজনৰ পৰিচয়টো আমি জানিও নজনা। মন কৰিব পাৰি যে সেই ব'ৰাগী, সেই টেম্বুৰিন মেন, সেই গানৱালা, অথবা জ্যোতিৰ ৰূপকোঁৱৰ- সকলোৱেই কোনোবা অজানা ঠাইৰ মানুহ। বাটৰুৱা। নাম থাকিও অনামী। আৰু আমি যেন ৰবীন্দ্ৰনাথৰ "ডাকঘৰ" নাটকৰ শিশু অমলৰ দৰে গৃহবন্দী যাৰ বাবে বহিৰ্দেশ বিচ্ছিন্ন এইসকলৰ বাৰ্তাবাহকৰ ব্যতিৰেকে। নিমাতী কইনাৰ মাত ফুটাবৰ সামৰ্থ্য আছিল ব'ৰাগীৰহে।

ফটোখনত কি আছে? দৃশ্যগতভাবেও ই সুন্দৰ ছবি। কৰ্ণৰেখাৰে পথালিকৈ থকা হেঙুলবৰণীয়া বেৰ এখনত ভেঁজা দি বহি টোকাৰী হাতত লৈ গান গাই থকা মানুহ এজন আছে। মানুহজনৰ উলম্ব অৱস্থানে কৰ্ণৰেখাৰ সৈতে সংঘাত সৃষ্টি কৰিছে। সংৰচনাৰ ক্ষেত্ৰতো কেন্দ্ৰবিন্দুৰ পৰা সামান্য বাওঁফালে বিষয়বস্তুটোৱে পইণ্ট-অব-ইণ্টাৰেষ্ট গঢ়ি তুলিছে। হেলনীয়াকৈ আহি পৰা ৰ'দৰ পোহৰে দিছে এটা অন্য আমেজ। মুখাবয়বতো ছাঁ-পোহৰে খেলা কৰি এটা লাৱণ্যৰ সৃষ্টি কৰিছে। ৰ'দত জিলিকি আছে হাতৰ বাদ্যযন্ত্ৰ। ফটোখন দেখি পিকাছোৰ অন্ধ বৃদ্ধ গীটাৰিষ্টজনলৈ মনত পৰি গৈছিল যদিও সেইখন ছবিৰ দৰে দু:খবোধ ইয়াত নাই। এইজন মানুহৰ মুখমণ্ডলতো দুখৰ চিনচাব নাই। বৰঞ্চ যেন তেওঁ আত্মতৃপ্ত, নিজতেই মগন। সাজপাৰ কেজুৱেল যদিও পৰিপাটি। এটা দুখৰ ৰেশ ইয়াত আহি পৰিব প্ৰসংগৰ ফালৰ পৰাহে। কাষত পৰি থকা খুচুৰা পইচা কেইটালৈ চাই। কি গাই আছিল তেওঁ তেতিয়া? আছিলেনে কোনোবাই শুনি? ফটোখন বন্ধু এজনক দেখুৱাওতে তেওঁ ক’লে– “ফটোখনত নি:সংগতা আছে”। মানুহজন নি:সংগ হয়, ফটোখনে তাকেই কয়। কিন্তু একে সময়তে এটা তৃপ্তিও আছে। মানুহজন অন্ধ, কিন্তু তেওঁৰ সম্বল টোকাৰীখন আছে। এই সম্বলেই অস্ত্ৰ। এয়াই আশ্ৰয়। সেয়ে– হি ইজ হোম। কিন্তু ঠাইডোখৰ পাব্লিক-প্লেচ, ৰাজহুৱা স্থান। সেইফালেই মানুহে অহা-যোৱা কৰে। সেইফালৰ পৰা এটা বৈপৰীত্যয়ো মনত দোলা দি যাব পাৰে। সন্মুখত খুচুৰা পইচা অলপ আছে মানে- দুটা পইচা যোগাৰ কৰিবৰ বাবেই হয়তো তেওঁ তেনেকৈ গান গায়। কিন্তু কেৱল মানুহে শুনক আৰু পইচা দুটামান দলিয়াই দিয়ক বুলিয়েই তেওঁ গান গায় নে? এবাৰলৈ হ’লেও পইচা নিদিলেও নাই, কিন্তু মানুহে অন্তত: শুনক বুলিওতো তেখেতে নিশ্চয় গান গায়! তাৰো এঢাপ আগুৱাই গৈ, মানুহে নুশুনিলেও নাই- এনে ভাবত, নিজৰ তৃপ্তিৰ বাবেওতো তেওঁ গান গায়। নাগায় জানো? কিন্তু পৰিতাপৰ কথা, এইখিনিতেই আমাৰ সাংস্কৃতিক অৱক্ষয়ৰ স্বৰূপ দাং খাই পৰে, যেতিয়া সেই মানুহজনক এজন শিল্পী হিচাপে অধিকাংশয়েই নেচালে, চালে কেৱল বাটৰ কাষৰ অসহায় অন্ধ ভীক্ষাৰী হিচাপেহে- যিটো ৰূপত জুবিনক কোনেও চাবলৈ নিবিচাৰে।

সেই ছবিখন আৰু তাৰ তলৰ মন্তব্যলানিয়ে বহুদিনলৈকে আমাক সমাজত শিল্পৰ অৱস্থান, শিল্পীৰ পৰিস্থিতি আদি বহুখিনি কথা ভবাই ৰাখিছিল। ছবিখন তুলি দি জুবিন গাৰ্গে নিশ্চয় বুজাব খোজা নাছিল যে মানুহজন এজন ভীক্ষাৰী আৰু জুবিন গাৰ্গে নিজে শেষ বয়সত ভীক্ষা খুজি চলিবলগীয়া হ'ব। হাতত টোকাৰী, দোতাৰা বা বীণ এখন লৈ গান গাই যোৱা লোক সংগীতৰ শিল্পী এজনক লৈ ৰোমাণ্টিক অনুভূতি এটা অহাটোত অস্বাভাৱিকতা একো নাই। কিন্তু কোনোবাখিনিত আমি আৰম্ভণীতে উল্লেখ কৰি অহাৰ দৰে সংগীতৰ লাইভ চৰিত্ৰটোক নুবুজাৰ সমস্যাটোৱেই ইয়াত প্ৰকট হৈ পৰিছে নেকি? হাজোৰ সেই অন্ধ মানুহজন কেৱল ভীক্ষাৰী? নে তেওঁ এজন শিল্পী? মাইক্ৰফ'নটো দলিয়াই দি, সুসজ্জিত মঞ্চ আৰু লাইটৰ জকজমকতাৰ পৰা আঁতৰি আহি, বাণীবন্ধনৰ অন্ধকাৰ কোঠালিৰ পৰা বাহিৰলৈ ওলাই আহি মানুহৰ মাজত বহি মুকলিত গান এটা গাবৰ বাসনা জুবিনৰো হ'ব নোৱাৰে নেকি? মাইক্ৰ'ফোন নোহোৱাকৈ মুক্তকণ্ঠেৰে জুবিন গাৰ্গৰ কণ্ঠ শুনিবলৈ আমিও কোনোদিন নিবিচাৰিম নেকি?

কি কাৰণত আমি সংগীতক আৰু শিল্পক আমাৰ জীৱনৰ পৰা দূৰলৈ ঠেলি পঠিয়ালোঁ?

সমুদ্র কাজল শইকীয়া
Rajya Sabha Television (RSTV), 3rd Floor,
Talkatora Stadium Annexe Building, New Delhi – 110001
email: kankhowa@gmail.com, mobile: +91 9811375594

No comments: