ডঃ বাণিকান্ত কাকতি

...সাহিত্যৰ ক্ষেত্রত নতুনকৈ কৰিবলগীয়া কাম একো নাই। সাহিত্য ধ্বনি আৰু প্রতিধ্বনি মাথোন। পূর্বপুৰুষ সকলৰ ভাবৰ ধ্বনি যাৰ হৃদয়ত পুৰাকৈ প্রতিধ্বনিত হয় সিয়েই সফলতা লাভ কৰে... ডঃ বাণীকান্ত কাকতি, বাঁহী, ১৩শ বছৰ, অষ্টম সংখ্যা, আঘোণ, ১৮৪৭ শক।

Blog Archive

Friday, June 29, 2018

ভ্ৰাম্যমাণ থিয়েটাৰ কেনেকৈ চাম?


*
মঞ্চত "হেমলেট" চলি আছে। তপন দাস হেমলেট। পূৰৱী শৰ্মা অ'ফেলিয়া। অ'ফেলিয়া সদ্য-পাগলী। ক'লৈ যাম কি কৰিম উৱাদিহ নাপাই অ'ফেলিয়াই কৈছে- "মই এতিয়া ক'লৈ যাওঁ?" লগে লগে গেলেৰীৰ পৰা চিঞৰ এটা ভাঁহি আহিল- "চিধা চিধা গেলেৰীলৈ পোণাই দে"।
*


যি কোনো এটা আলোচনা বা সমালোচনা আগবঢ়াবৰ বেলিকা আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হৈ ৰয় আলোচকৰ অৱস্থান গ্ৰহণ। কোন অৱস্থানৰ পৰা বস্তু এটালৈ দৃষ্টি নিক্ষেপ কৰা হৈছে- সেইটোৱেই নিৰ্ধাৰণ কৰি দিয়ে আলোচকৰ পৰিপ্ৰেক্ষিত। এই অৱস্থান গ্ৰহণৰ প্ৰসংগটো যদি স্পষ্ট নহয়, তেনেহ’লে আলোচকৰ বক্তব্যও ধূসৰ হৈ ৰোৱাটো স্বাভাৱিক। অসমৰ সাংস্কৃতিক পৰিমণ্ডলৰ উপাদানসমূহক লৈ কথা পাতিবৰ সময়ত এইটোৱেই হ’ল আটাইতকৈ গুৰুতৰ সমস্যা। এক কথাত অসমত সাংস্কৃতিক সমালোচক আজিও নাই, আগতেও কোনো নাছিল। যি দুই এক বাচকবনীয়া লেখকে সংস্কৃতিৰ পথাৰলৈ নিজৰ লেখাৰে অৱদান আগবঢ়াইছে তেওঁলোকৰ সৰহসংখ্যকেই আচলতে সাহিত্যৰ পথাৰৰ মানুহ। সাহিত্যৰ আলোচনাৰ ধৰণ কৰণেৰেই তেওঁলোকে সংস্কৃতিৰ উপাদান সমূহকো চাবলৈ চেষ্টা কৰাটো স্বাভাৱিক। কিন্তু সেই কামৰ কিছুমান অসুবিধাৰ দিশো আছে যাৰ বাবে আমি জানি বুজিয়েই অলপ উচ্চবাচ্য কৰি হ'লেও সোঁৱৰাই থাকিবলগীয়া হয় যে নাটক কেৱল সাহিত্য নহয়। সাহিত্যৰ শ্ৰেণীকোঠাত শ্বেইকছপীয়েৰ অথবা গীৰিশ কাৰনাডৰ নাটক এখনক সহিত্যৰ 'পাঠ' হিচাপে অধ্যয়ণৰ সুযোগ নিশ্চয় আছে। কিন্তু সেই নাটকৰ পৰিবেশন সম্পৰ্কে কথা পতাৰ সুযোগখিনি নাই। ফলত পৰিবেশন কলা হিচাপে তাৰ মূলগত দিশটো আওকণীয়া হৈয়েই ৰৈ যায়। তুলনামূলকভাবে নতুন নাট্যকাৰৰ নাটক এখন উপভোগ কৰি তাৰ আলোচনা এটা আগবঢ়াবৰ বেলিকাও সেয়েহে নাটকখনে কি ক’ব খুজিছে, অথবা তাৰ ‘মেছেজ’টোনো কি তাকে উল্লেখ কৰাতেই নাটকৰ সমালোচনাৰ অন্ত পৰে। নাটক হিচাপে তাৰ পৰিবেশনৰ দিশ সমূহৰ উল্লেখ প্ৰায় শূন্য। অভিনয়ৰ কথা ক’বলৈ গৈ “অমুকৰ অভিনয় যথাযথ” বুলি উল্লেখ কৰিয়েই দায় সামৰি থোৱা দেখা যায়। শব্দ, দৃশ্য, পৰিবেশ, অভিনেতা আৰু দৰ্শকৰ পাৰস্পৰিক সংযোগ আদিবোৰ দিশৰ কথা পতাৰ কোনো পৰিবেশেই দেখা পোৱা নাযায়। এনে এটা পৰিবেশত নাটক বা আন যি কোনো পৰিবেশনধৰ্মী শিল্পৰ ভৱিষ্যৎ কেনে হ’ব সেই সম্পৰ্কীয় কোনো ধৰণৰ উদ্বিগ্নতাৰো কোনো মানে নাথাকে।

কিবা এটা কাৰণত সাহিত্য শব্দটোৰ প্ৰতি আমাৰ অদম্য মোহ। সাহিত্যিক এজনৰ প্ৰতি যি সন্মান, অভিনেতা এজনে সেয়া কেতিয়াও আহৰণ কৰিব নোৱাৰেগৈ। শিল্পী হিচাপে অভিনেতা একোজনে ওৰেটো জীৱন পাত কৰিবলগীয়া হয় অৱহেলা আৰু অপমানৰ মাজেৰে। কবিতা এটা পঢ়ি আমি কথা পাতোঁ- ইয়াত কবিয়ে কি ক'ব খুজিছে সেইটোক লৈ। কবিজন হ'ল অৰিজিনেল অৰ্থাৎ মৌলিক সৃষ্টিকৰ্তা। নাট্যকাৰৰ নাটকখন পঢ়ি বা চাই (আচলতে শুনি) আমি কথা পাতোঁ নাট্যকাৰৰ বক্তব্যক লৈ। কিন্তু এজন অভিনেতাৰ বক্তব্য কি? এটা অভিনয়ৰ মাজেৰে অভিনেতাৰ ক'বলগীয়া কিবা থাকিব পাৰে বুলি আমি কেতিয়ালৈ ভাবিব পৰা হ'মগৈ? অভিনয় মানে কেৱল মুখা? অভিনয় মানে কি কেৱল ৰ'ল প্লে'? চং? ভাওভুকটি? আনৰ (আন চৰিত্ৰৰ) অনুকৰণ? অভিনেতা মানে কি কেৱল পৰিচালকৰ হাতৰ পুতলা? অভিনয় মানে সদায়ে কি মিছাৰ প্ৰতীক? অসত্য? অবাস্তৱ? যেতিয়া গায়কে গায় "জীৱনটো যদি অভিনয় হয়" তাৰ মানে কি বুজাব খোজে? অভিনয়ৰ আঁৰৰ অভিনেতাজনৰ অস্তিত্ব ক'ত? "Actors Prepare" নামৰ লেখাত অনুৰাধা কাপুৰে কোৱা এইখিনি কথা আমি আমাৰ বিভিন্ন কামৰ ক্ষেত্ৰত বাৰম্বাৰ উল্লেখ কৰি আহিছোঁ- Actors are probably the only art makers who can be told (in response to gestures they make with their vocal and physical apparatus, their own attributes and their responses) by an observer that what they have palpably executed is not real or truthful.[1] "নাট্য-সাহিত্য"-ৰ মোহত আচ্ছন্ন, সাহিত্যৰ আভিজাত্যৰে মদগৰ্ৱী সমাজত অভিনেতাৰ মনৰ দুখৰ কথা কোনোদিনেই হয়তো পাতিব পৰা নহ'মগৈ। এনেধৰণৰ আৰু বহুখিনি দিশ ওলাব পৰিবেশনৰ পৰিপ্ৰেক্ষিতেৰে আলোচনা কৰিবলৈ নিশিকালৈকে  যিখিনিক লৈ আমি কথা পাতিব নোৱাৰিম।

বিশেষকৈ ভ্ৰাম্যমাণ সম্পৰ্কীয় যিখিনি কথা বতৰা আজিলৈকে আমাৰ চকুত পৰিছে সেই সমূহৰ ক্ষেত্ৰত আলোচনা বা সমালোচনাৰ প্ৰেক্ষাপট আটাইতকৈ বেছি গণ্ডগোলীয়া। ভ্ৰাম্যমান থিয়েটাৰক কোন পৰিপ্ৰেক্ষিতেৰে কেনেকৈ চোৱা উচিত, কেনেকৈ ইয়াৰ নন্দনতত্বক সংজ্ঞায়িত কৰিব পাৰি অথবা ইয়াৰ ভৱিষ্যৎ সম্পৰ্কে কেনেধৰণৰ ৰায় দিব পৰা যাব– এইখিনি কথা নতুনকৈ ভাবিবৰ অৱকাশ সদায়েই আছিল, আৰু থাকিব। সেয়েহে ভ্ৰাম্যমাণ থিয়েটাৰক আমি কেনেকৈ চাম- এই প্ৰশ্নটোৰ আঁত ধৰিয়েই আজি কিছু আলোচনা আগবঢ়াই নিব খুজিছোঁ।

প্ৰথম কথা, ভ্ৰাম্যমান থিয়েটাৰক থিয়েটাৰ বুলিয়েই কোৱা ভাল। ইয়াক নাটক বুলি কোৱাটো অন্যায়। কাৰণ নাটক বুলি কোৱাৰ লগে লগেই আচলতে থিয়েটাৰ শব্দটো সংকুচিত হৈ পৰে। থিয়েটাৰ শব্দই এটা স্থাপত্যকো বুজায়। থিয়েটাৰ শব্দৰ মাজত থকা সামূহিকতা নাটক শব্দটোত নাই। অসমীয়াত আকৌ নাটক শব্দটোৰ লগত নাট্য-সাহিত্য বুলি কথা এষাৰ যুক্ত হৈ কথাখিনিৰ আৰু অলপ সংকোচন ঘটে। দ্বিতীয় কথা, ভ্ৰাম্যমাণৰ নন্দনতত্ব আমি সচৰাচৰ নাট্যশিল্প বা নাট্যসাহিত্য আদি প্ৰচলিত ধাৰাসমূহেৰে যিখিনি কথা বুজি আহিছোঁ- সেই সমূহৰ পৰা বাজত ৰাখি কথা পাতিবলৈ যত্ন কৰা উচিত। কাৰণ প্ৰাথমিক ভাবে আৰু প্ৰধানত: ভ্ৰাম্যমাণ এটা জনপ্ৰিয়-সংস্কৃতি বা পপুলাৰ কালচাৰৰ অংশ। অন্য এলিট অভ্যাসৰ সৈতে ইয়াক সাঙুৰিবলৈ গ’লে ভুলটো আমাৰহে হব। এলিট শিল্প বা অভিজাত শিল্প কথাষাৰত এটা নঞৰ্থক সুৰ সোমাই, আছে সেয়েহে উচ্চ শিল্প, পপুলাৰ শিল্প বা সামগ্ৰিক ভাবে কেৱল শিল্প- এই কথাখিনি আমি অলোচনাৰ সুবিধাৰ্থে এই লেখাত ব্যৱহাৰ কৰি চলিম। এইখিনিতে সামগ্ৰিক ভাবে শিল্প আৰু পপুলাৰ শিল্পৰ মূলগত পাৰ্থক্যখিনিলৈ অলপ মন কৰি লোৱাটো ভাল হ’ব।

বহুতে ভাবি থকাৰ দৰে শিল্পৰ উদ্দেশ্য কিন্তু দৰ্শকৰ ৰুচিবোধক তৃপ্তি দিয়াটো নহয়, বৰঞ্চ দৰ্শকৰ পূৰ্ৱাপৰস্থিত ৰসবোধক আঘাত হনাটোহে। বাৰ্টোল্ট ব্ৰেখটৰ নামেৰে প্ৰচলিত কিন্তু আচলতেৰ্লিয়ন ট্ৰটস্কীৰ (Leon Trotsky) এষাৰ কথা এইখিনিতে প্ৰণিধানযোগ্য- সমাজৰ বাস্তৱতাক প্ৰতিবিম্বিত কৰিবলৈ শিল্প এখন দাপোন নহয়, বৰঞ্চ সমাজক গঢ় দিবলৈ ই এক হাতুৰিহে[2] (Art is not a mirror with which to reflect reality but a hammer with which to shape it)। শিল্প কেৱল বিনোদন নহয়। ই মানুহক কিবা এটা ভাবিবলৈ বাধ্য কৰে। ই মানুহৰ মাজলৈ কিছুমান দাৰ্শনিক প্ৰশ্ন এৰি থৈ যায়। বিনোদনৰ দিশখিনি ইয়াত একোটা অজুহাতহে। কাহিনীকথন অথবা দৃশ্যগত উপাদান- সমস্ত নান্দনিকতা ইয়াত কেৱল এক বাহানা। শিল্প হিচাপে পপুলাৰ শিল্পয়ো সমাজৰ প্ৰতি এটা দায়িত্ব পালন নিশ্চয় কৰে। কিন্তু পপুলাৰ শিল্পৰ ক্ষেত্ৰত বিনোদনৰ দিশটোহে মূল। পপুলাৰ শিল্পই জনতাৰ পূৰ্ৱাপৰস্থিত ৰসবোধক আঘাত দিয়া বা প্ৰশ্ন কৰাৰ বিপৰীতে সেই ৰসবোধকেই আধাৰ হিচাপে লৈ নিজকে গঢ় দিয়ে। সেয়েহে পপুলাৰ শিল্প সদায়েই যিটো নান্দনিক ধাৰা ইতিমধ্যেই সমাজত চলি আছে তাকে ভিত্তি হিচাপে লয়। এই চলতি নান্দনিকতা কেৱল এটা বোধৰ ক্ষেত্ৰতেই নহয়, মাধ্যমৰ দিশেৰেও গুৰুত্বপূৰ্ণ। উদাহৰণ স্বৰূপে ভ্ৰাম্যমাণ থিয়েটাৰৰ নাটকৰ আৰম্ভণীৰ নে'মকাষ্টিঙৰ পৰম্পৰা এটা আছিল। অসমত চিডি-ৰ জৰিয়তে ভিডিঅ’ছবি আৰু মিউজিক ভিডিঅ'ৰ ব্যাপক প্ৰচলণ হোৱাৰ পিছত ভ্ৰাম্যমাণ থিয়েটাৰেও ডিজিটেল মিউজিক ভিডিঅ’ক আয়ত্ব কৰি নে’ম-কাষ্টিঙৰ অংশ কৰি ল’লে।   

২০০৭ চনত "দ্য লিগাচী" নামৰ আলোচনীত প্ৰকাশিত দেবৰাহ চ'ল'মনৰ সৈতে হোৱা এটা সাক্ষাৎকাৰত "কমেণ্টৰী" আলোচনীৰ সম্পাদক জন প'ধ'ৰেজ (John Podhoretz)-এ কোৱা কথা এষাৰ এইখিনিতে উল্লেখযোগ্য- জনপ্ৰিয় শিল্প সমাজ পৰিৱৰ্তনৰ এটা প্ৰতিবিম্বহে, তাৰ কাৰক নহয়[3] (Pop culture is a reflection of social change, not a cause of social change)। এই কথাষাৰ ওপৰত কৈ অহা ট্ৰটস্কীৰ কথাষাৰৰেই এটা অনুৰণন যেন লাগিব পাৰে, কাৰণ ট্ৰটস্কীয়ে কৈছিল শিল্প প্ৰতিবিম্ব নহয় বৰঞ্চ সমাজক গঢ় দিব পৰা এটা হাতুৰিহে। ট্ৰটস্কী আৰু প'ধ'ৰেজৰ দুয়োটা কথাৰ মাজত থকা বিভেদখিনিয়ে সামগ্ৰিকভাবে শিল্পৰ দায়িত্ব আৰু জনপ্ৰিয় স্তৰৰ শিল্পৰ স্বৰূপৰ ব্যৱধানটোকেই বুজাবলৈ প্ৰয়াস কৰে।

উচ্চ শিল্পত বিষয়বস্তু বা শিল্পীৰ বক্তব্য আদিয়ে কেন্দ্ৰীয়  স্থান গ্ৰহণ কৰি শিল্পত এক ঐক্য বা ইউনিটিৰ দাবী কৰে। পপুলাৰ শিল্পৰ ক্ষেত্ৰত এই ঐক্যৰ দিশটো একান্তই পৰিবেশন কেন্দ্ৰিক। বিভিন্ন উপাদানৰ সমাহাৰেৰে পৰিশেষত ইয়াত এটা সামগ্ৰিক উপভোগ্যতাৰ জন্ম হয়, যিটো আকৌ উচ্চ শিল্পত সচৰাচৰ এৰাই চলিবলৈ চেষ্টা কৰা হয়। উচ্চ শিল্প সচৰাচৰ মিনিমেলিষ্টিক, যিটো উপাদান নহ'লেই নহয় সেইটোহে তাত থাকে। পপুলাৰ শিল্পত বাহুল্য এটা চৰিত্ৰ। মূল বস্তুখিনিৰ লগতে নৃত্য, গীত, একচন আদিকে ধৰি বহুখিনি উপৰিঞ্চি বস্তু ইয়াত সাঙোৰ খাই থাকে।

শিল্পৰ নিৰ্মাণ বা প্ৰডাকচনৰ লগত অৰ্থনৈতিক দিশ এটা সদায়েই সাঙোৰ খাই আছে। এইখিনিতে উচ্চ শিল্পৰ এটা হিপোক্ৰিছী চকুত পৰে। শিল্পক পণ্য বুলি মানি ল'বলৈ অভিজাত শিল্পী নাৰাজ। ব্যৱসায় আৰু বিনিয়োগৰ সমস্ত দিশক আঁৰত লুকুৱাই থৈ উচ্চ শিল্পই শিল্প যে কেৱল জনগনৰ উৎকৰ্ষ সাধনৰ স্বাৰ্থত সেই কথা প্ৰতিপন্ন কৰিবলৈ চেষ্টা কৰে। ইয়াত এনে এটা ধাৰণাৰ নিৰ্মাণ কৰিবৰ কচৰৎ চলি থাকে যেন শিল্পী এজন ভলণ্টিয়াৰ বা স্বেচ্ছাসেৱী আৰু টকা পইচাৰ লগত তেওঁৰ কোনো সংযোগ নাই। এই ক্ষেত্ৰত পপুলাৰ শিল্প সম্পূৰ্ণ স্পষ্ট যে শিল্পৰো এটা বাণিজ্যিক দিশ আছে। শিল্পীৰো পেট আছে যাৰ লাললন-পালনৰ বাবে টকা পইচাৰ প্ৰয়োজন হয়। একেদৰেই শিল্পৰ ধাৰা এটাক জীয়াই ৰাখিবৰ বাবেও অৰ্থৰ বিনিয়োগ লাগে যাৰ ভিত্তিতে ব্যৱসায়ৰো বিকাশ ঘটাটো জৰুৰী। ভ্ৰাম্যমাণ থিয়েটাৰ এটা ব্যৱসায়িক উদ্যোগ। শিল্পৰ পণ্যকৰণৰ বিৰোধীসকলে, অথবা শিল্পৰ সৈতে টকা পইচাৰ সম্পৰ্কে নাই বুলি ভবি থকা সকলে সেয়েহে ভ্ৰাম্যমাণৰ নাটকৰ এষ্ঠেটিকছ সম্পৰ্কে মন্তব্য দিবলৈ আগবাঢ়ি আহিলে তাত বিসংগতি থকাটো স্বাভাৱিকেই।

শিল্পত চৰ্বিত চৰ্বন অথবা ক্লীচে (Cliche) এটা দোষ। শিল্পত সদায়ে নতুন কিবা এটাৰ সন্ধান কৰা হয়, দৰ্শকেও কিবা এটা নতুনত্বৰ দাবী কৰিয়েই শিল্প উপভোগ কৰিবলৈ আহে। আনহাতে পপুলাৰ শিল্পৰ আধাৰেই হ’ল ক্লিচে। যদিও নতুন কিবা এটা চাবলৈ পোৱাৰ হেঁপাহেৰে দৰ্শক আহে, আচলতে কিন্তু তেওঁলোকে একেখিনি বস্তুকেই নতুন ৰূপত চাবলৈ বিচাৰে। মূলগতভাবে নতুন বস্তু ইয়াত গ্ৰহণ কৰা নহয়। হিন্দী চিনেমাৰ পপুলাৰ হিৰো এজনক মানুহে যেনেকৈ জানে, যিটো ৰূপৰ মোহত আৱদ্ধ হৈ বিৰাট গুণমুগ্ধ বা 'ফেন' সকলৰ জন্ম হয়, সেই একেটা ৰূপতেই বাৰে বাৰে মানুহে চাবলৈ প্ৰত্যাশা ৰাখে। ইয়াত নতুনত্বৰ ধাৰণাটো বাহ্যিকহে। মূলগত নহয়।

এইখিনি কথাৰ আধাৰত যদি ভ্ৰাম্যমাণ থিয়েটাৰক চাবলৈ চেষ্টা কৰা হয় তেনেহ'লে আমি বুজি পাম যে ভ্ৰাম্যমাণ থিয়েটাৰৰ সমালোচনায়ো এটা নতুন ৰূপ বিচাৰে। ৰবীন্দ্ৰ ভৱনত অনুষ্ঠিত হোৱা কোনোবা এমেচাৰ গ্ৰুপৰ নাটক সম্পৰ্কে আমি যেনেকৈ কথা পাতিম, ভ্ৰাম্যমাণৰ মঞ্চত মঞ্চস্থ হোৱা নাটক এখন সম্পৰ্কেও সেই একেখিনি সঁজুলি, ধাৰণা বা পৰীক্ষণৰ-মাপকাঠি হাতত লৈ আমি নিশ্চয় কৰা উচিত নহ’ব। সাহিত্যিক-সমালোচকৰ উন্নাসিকতা এই ক্ষেত্ৰত যথেষ্ট ক্ষতিকাৰক হৈ উঠিব পাৰে।

এতিয়া ভ্ৰাম্যমাণ থিয়েটাৰৰ দুৰ্যোগৰ কাল। আগৰ গৰিমা ক্ৰমশ: ম্লান পৰি আহিছে বুলি প্ৰায়ে অভিযোগ পাই থাকোঁ যিখিনি মিছা নহয়। তথাপিও ভ্ৰাম্যমাণৰ প্ৰতি আমাৰ সদ্ভাৱ থকাৰ কাৰণ এইখিনিয়েই যে ভ্ৰাম্যমাণ থিয়েটাৰত অন্যান্য সাংস্কৃতিক কৰ্মত থকা দ্বিভাৱ, কপটতা বা ভণ্ডামী নাই। শিল্পৰ প্ৰযোজনা বা নিৰ্মাণৰ সৈতে টকা পইচাৰ সংযোগ নাই ধৰণৰ ধাৰণা এটা প্ৰচলন কৰাৰ ভণ্ডামী এটাৰ কথা আগেয়ে উল্লেখ কৰি আহিছোঁ। দ্বিতীয়তে, অসমত আজিৰ তাৰিখত অনুষ্ঠিত হৈ থকা সাংস্কৃতিক চৰ্চা সমূহে অচলতে শিল্পৰ মূলগত উদ্দেশ্যসমূহো ৰক্ষা কৰি চলা নাই। দৰ্শকক অসুবিধাত পেলোৱা বা প্ৰশ্নৰ মুখামুখি কৰিব পৰা একোটা উদ্যোগ লোৱাৰ পৰিৱৰ্তে সেই সমূহ চৰ্চায়ো আচলতে দৰ্শকৰ ৰুচি অভিৰুচিকেই সন্তুষ্টিকৰণৰ কাম কৰি গৈ আছে। সেই একেখিনি মানুহেই যেতিয়া ভাম্যমাণক বিনোদনমুখী হ’ল বা ব্যৱসায়মুখী হল’বুলি অভিযোগ কৰে তেতিয়া সেয়া হাস্যকৰ হৈ উঠে।

অসমীয়া সমাজত সামগ্ৰিক মনস্তত্বত আৰু এটা অসুবিধা আছে, সেয়া হ'ল ইয়াত বৈচিত্ৰ্য আৰু ভিন্নতাক আচলতে আকোঁৱালি লোৱা নহয়। অসমীয়া চিনেমাৰ ক্ষেত্ৰত আমি আগতে অন্য লেখাত কৈ আহিছোঁ যে কোনো ধাৰা বা Genre চৰ্চা কৰা নহয়। অসমীয়া চিনেমা মানেই এটা পাৰিবাৰিক কাহিন্নিৰ সৰলৰৈখিক পুনৰকথন। কোনোবাখিনিত সেই সৰলৰৈখিক, একমুখী চিন্তাধাৰাৰেই ফলস্বৰূপে ভ্ৰাম্যমাণ যে এটা অন্য ধাৰাৰ চৰ্চা সেই কথাটো স্বীকাৰ কৰা নহয়। ভাম্যমান থিয়েটাৰক থিয়েটাৰ বুলি নাচাই নাটক বুলিয়েই চাবলৈ চেষ্টা কৰি থাকি বিসংগতিখিনি আকোঁৱালি থকা হয়। সেয়েহে আমি বাৰে বাৰে দোহাৰি থকা কথা এইটোৱেই যে ভাম্যমাণ থিয়েটাৰ এটা সমূলি পৃথক বস্তু। অন্যান্য সাধাৰণ নাটক বা নাট্যশিল্পৰ মাজত ই এটা – Other, অন্য।

ভাম্যমাণ থিয়েটাৰ সম্পৰ্কে আমি পাই থকা কেইটামান নেতিবাচক মন্তব্যলৈ মন কৰিলেই আমি ক’ব খোজা কথাখিনি স্পষ্ট হ’ব।

মন্তব্য ১: আজিকালি ভাম্যমাণৰ নাটকবোৰ নাটক নহয়, নৃত্য-গীত আৰু একচনৰ মছলাৰে ভৰ্তি কাৰবাৰ এটাহে।
সঁহাৰি- হয়। কিন্তু মনত ৰখা ভাল যে এটা পপুলাৰ সংস্কৃতিৰ অংশ হিচাপে এই নৃত্য-গীত অথবা একচনবোৰ ইয়াৰ অপৰিহাৰ্য অংগহে। এয়া ইয়াৰ দুৰ্বল দিশ নহয়। যদি কিবা কেনা লাগিছে, অথবা নান্দনিকতাত বিজুতি ঘটিছে তেনেহ’লে আলোচনা কৰা উচিত কেনেকৈ সেই নৃত্যগীতৰ উপস্থাপনে কাহিনীৰ অগ্ৰগতিত বাধা দিছে সেইখিনিহে। কৰিঅ'গ্ৰাফ কেনে ধৰণৰ? একচন চিকুৱেন্সটোৰ উপস্থাপন শিল্পসন্মত নে? কাহিনীয়ে দাবী কৰামতে সেই সমূহ উপাদানৰ চয়ন হৈছে নে? যদি নাই হোৱা তেনেহ'লে কি কৰিবৰ অৱকাশ ৰৈ গৈছিল?

মন্তব্য ২: ভাম্যমাণত আজিকালি চেলিব্ৰিটিৰ ধুম উঠিছে। মানুহে হিৰোৰ গ্লেমাৰ অনুযায়ীহে নাটক চাবলৈ যায়।
সঁহাৰি- ইয়াত অস্বাভাৱিকতা কোনখিনিত? এটা ব্যৱসায়িক উদ্যোগ গ্লেমাৰ, চেলিব্ৰিটি, বিজ্ঞাপন আদিৰ আধাৰতেই চলি থাকে। তাৰ পিছতো পৰিবেশনৰ উপভোগ্যতা তাত কেনেকৈ সংৰক্ষিত হৈছে আমি কিয় সেইটোলৈ চাবলৈ শিকা নাই? একেদৰেই, সেই গ্লেমাৰ বা চেলিব্ৰিটিৰ সংমিশ্ৰণখিনিয়ে আজিৰ তাৰিখত কেনে ৰূপ লৈছে সেইটোওতো এটা অধ্যয়ণৰেই বিষয়।

মন্তব্য ৩: ভ্ৰাম্যমাণত আজিকালি নতুন কাহিনীৰ অভাৱ। নতুন নাটকে মানুহৰ মন টানিব পৰা নাই।
সঁহাৰি- প্ৰতিভাৱান আৰু সম্ভাৱনাপূৰ্ণ কথাশিল্পী সকল ভ্ৰাম্যমাণৰ দৰে ক্ষেত্ৰৰ পৰা আঁতৰি থাকিলে এনেকুৱাই হ’ব। যি সকলে নিষ্ঠাৰে সাহিত্য বা শিল্পৰ চৰ্চা কৰিবলৈ বিচাৰে সেইসকলৰ মাজত পইচা ঘটাতো বেয়া কথা, বেপাৰ বেয়া বস্তু এনে ধাৰণা এটা জীয়াই ৰখালৈকে অৱস্থাৰ উত্তৰণ নঘটাটোৱেই স্বাভাৱিক। এইখিনিতে ভৱেন্দ্ৰনাথ শইকীয়াদেৱে সাক্ষাৎকাৰ এটাত কোৱা কথা এষাৰ বাৰে বাৰে মনলৈ আহে। ভাম্যমান দলৰ ফালৰ পৰা তেওঁৰ ওচৰলৈ নাটক বিচাৰি অহাত তেওঁ মন কৰিলে যে সুযোগ পাওঁতেই যদি তেওঁ ইয়াৰ সৈতে জড়িত নহয় তেনেহ'লে দূৰত্ব বজাই ৰাখি তাক কেৱল সমালোচনা কৰি যোৱাৰ নৈতিক অধিকাৰো তেওঁ হেৰুৱাই পেলাব। এই দায়িত্ববোধৰ ফলতে আমি লাভ কৰিলোঁ ভ্ৰাম্যমাণৰ মঞ্চত কেইবাখনো মনোজ্ঞ নাটক। আজিও বহুতে সুঁৱৰিবৰ দৰে ভ্ৰাম্যমাণৰ এটা সোণালী যুগ। কিন্তু এই দৃষ্টান্তৰ বিপৰীতে আমি দেখা পাওঁ এলিট শিল্প-চৰ্চাকাৰীসকলৰ মাজত একধৰণৰ উন্নাসিকতা। ভ্ৰাম্যমাণ পপুলাৰ। ভ্ৰাম্যমাণ সস্তীয়া। ভ্ৰাম্যমাণ পণ্য।  

এইখিনিতে আৰু এটা সন্দেহ আমাৰ মনত থাকি যায়। কেনেবাকৈ আমি বাৰু ভ্ৰাম্যমানৰ নাটক চাবলৈ শিকা নাই নেকি? ভ্ৰাম্যমাণ এটা বিৰাট কাৰবাৰ। দুটা মঞ্চ একত্ৰে সাঙুৰি বিৰাট পেণ্ডেল। বিৰাটাকাৰ ৰঙা পৰ্দা এখন সন্মুখত। উত্তেজনাত বুকু কঁপাই দিব পৰাকৈ গলগলীয়া কণ্ঠ এটা ভাঁহি আহিছে- “আৰু ক্ষন্তেক পিছতেই…”। আন্ধাৰ হোৱাৰ লগে লগেই পিছফালৰ গেলেৰীৰ পৰা কীৰিলি ভাঁহি আহিছে। ই এটা পৰিবেশ। ই এটা নিৰ্মিত পৰিস্থিতি। এই পৰিস্থিতিৰ মাজত গোটেই পৰিবেশনাটো এটা ফৰ্মেল (ৰূপগত) কাৰবাৰ। কেনেবাকৈ এই ৰূপগত পৰিবেশনখিনিলৈ চকু মুদি থাকি নাটকখনৰ নাট্য-সাহিত্যই নো কি ক'ব খুজিছে সেইটোলৈহে আমি বাট চাই আছিলোঁ নেকি? এইটোও এটা প্ৰশ্ন।

মানৱ সভ্যতাৰ কিছুমান মৌলিক সৃষ্টিৰূপ কাহানিও সলনি নহয়। বিভিন্ন সংকটৰ মাজেৰেও মানৱ সভ্যতাৰ ধ্বংসৰ দিনটোলৈকে কবিতা জীয়াই থাকিব। ফটোগ্ৰাফীৰ ব্যপক প্ৰচলনৰ ফলত যেতিয়া যিকোনো দৃশ্যৰূপৰ প্ৰতিলিপি নিৰ্মাণ সহজসাধ্য হৈ উঠিছিল, মানুহে ভাবিছিল ইয়াৰ পিছত শিল্পীৰ ছবি অঁকা বন্ধ হৈ যাব নেকি? কিন্তু নহ’ল। বৰঞ্চ পেইণ্টিঙে শিল্প হিচপে নতুন মৰ্যাদা পাই উজ্জীৱিত হৈ হে উঠিল। ভিডিঅ’ ছবিৰ প্ৰসাৰৰ সময়ত চিনেমাও শেষ হৈ যাব নেকি বুলি এটা শংকা হৈছিল। কিন্তু সেয়া নহ'ল। বৰঞ্চ চিনেমাই এটা নতুন প্ৰাণ হে পালে। নাটকো তেনে এটা প্ৰাথমিক সৃষ্টি। নাটকৰো কোনো কালে মৃত্যু নহয়। কিন্তু এই মূলগত ফৰ্ম সমূহৰ ব্যতিৰেকেও আৰু বহুতো সৰু-বৰ সাংস্কৃতিক উপাদানৰ জন্ম হৈ গৈ থাকিব সময়ে সময়ে। ভ্ৰাম্যমাণ থিয়েটাৰৰ ব্যাপক প্ৰচাৰ আৰু প্ৰসাৰে এমেচাৰ নাটকৰ, প্ৰচেনিয়াম এলিট মঞ্চায়নৰ বাতত বাধা দিব নেকি? নিদিয়ে। সকলো ধাৰাই নিজৰ গৰিমাৰে বৰ্তি থাকিব। এই সময়ত ব্যাপক হাৰত প্ৰসাৰ লাভ কৰা অনলাইন ভাইৰেল চিনেমাখিনিৰ কথাই ক'ব পাৰি। আজিকালি ৱেব-ফিল্ম নামেৰে এক নতুন ধাৰাৰ প্ৰৱৰ্তন হৈছে য'ত যথেষ্ট ভাল কামো হৈ আছে। কিন্তু এখন ৱেব চিনেমাক মূল ধাৰাৰ চিনেমাৰ সৈতে সনা-পোটোকা কৰি হয়তো কোনেও নাচায়। ৰূপালী পৰ্দাৰ বাবে নিৰ্মিত চিনেমা এখন তাৰ নিজৰ মৰ্যাদা অক্ষুন্ন ৰাখিয়েই চালি ৰৈছে। এই সাময়িক ভাবে জন্ম লোৱা নতুন নতুন ধাৰা সমূহেও তদ্ৰূপ নিজৰ মৰ্যাদাৰে কাম কৰি গৈছে। দুটা ভিন্ন মাধ্যমৰ, ভিন্ন ধাৰাৰ, ভিন্ন পৰিস্থিতিৰ কামক দুটা ভিন্ন মানসিক প্ৰস্তুতি লৈয়েই মানুহে উপভোগ কৰে। এই ভিন্নতাক প্ৰাধান্য দি যদি কোনোবাই ভ্ৰাম্যমাণৰ নাটক সম্পৰ্কে আলোচনা কৰিছে বা কৰিবলৈ আগবাঢ়ি আহে, সেই আলোচনা পঢ়িবলৈ আমি সদায়ে আগ্ৰহী হৈ ৰ’ম।

আজি ভ্ৰাম্যমাণ থিয়েটাৰ সম্পৰ্কে যিসকলে আলোচনা কৰিব খোজে সেই সকলৰ প্ৰতি আমাৰ কৌতুহল এনেকুৱা যে- সেইসকলে সমসাময়িক ফেশ্বন ইণ্ডাষ্ট্ৰী সম্পৰ্কে কিমান অৱগত? কৰিঅ'গ্ৰাফী-ৰ ৰসাস্বাদন বা সমালোচনা কেনেকৈ হয়? দৰ্শকৰ সাম্প্ৰতিক অৱস্থান কি, অৰ্থাৎ এই সময়ৰ অসমৰ মফস্বল বা গাঁও অঞ্চলৰ অৰ্থনৈতিক অৱস্থান কি কি প্ৰসংগই কেনেকৈ প্ৰভাৱিত কৰি আহিছে? বিজ্ঞাপন, প্ৰচাৰ আৰু প্ৰসাৰ মাধ্যমৰ সৈতে জনতাৰ কলাত্মক ৰসবোধৰ নিৰ্মাণৰ দিশটো কেনেকৈ জড়িত? নাটক এখনৰ সাহিত্য অংশই হয়তো কিবা কথা এটা কয়, কিন্তু পৰিবেশনৰ বাকী উপাদানসমূহে কি কথা কেনেকৈ কয়? ব্যৱসায়ৰ উদ্দশ্যৰে জন্ম লোৱা এটা শিল্প-ভিত্তিক উদ্যোগৰ গতি বিধি ব্যৱসায়িক দিশ সমূহেই নিয়ন্ত্ৰিত কৰিব, এই কথাটো বুজিবলৈ কাৰো অসুবিধা হ'ব নালাগে। ব্যৱসায়, জনতাক নিয়ন্ত্ৰিত কৰি থকা আন আন অৰ্থনৈতিক কাৰকসমূহ, আৰু ব্যৱসায়ক নিয়ন্ত্ৰণ কৰি থকা উপাদানসমূহ- এইখিনিক সাঙুৰিহে ভ্ৰাম্যমাণলৈ চকু দিয়াটো সম্ভৱ। ভাম্যমাণৰ ব্যৱসায়ৰ ভিত্তি হ'ল বিনোদনৰ মাধ্যমেৰে দৰ্শকক তৃপ্তি দিয়া। গীত-মাত, একচন, কাহিনী, চেলিব্ৰিটী, ফেশ্বন- এই সকলোবোৰ সাঙুৰি লৈহে ভ্ৰাম্যমাণৰ মঞ্চত কিবা এটা মঞ্চস্থ হয়। সেই “কিবা এটা”ক সমালোচনা কৰিবলৈ যোৱাৰ আগতে সমালোচনাৰ মাপকাঠিও যে পৃথক হোৱাটো জৰুৰী সেই কথাকেই বাৰে বাৰে কোৱা হৈছে।

এটা বিশেষ ঐতিহাসিক-সাংস্কৃতিক মূহূৰ্তত আহি ভ্ৰাম্যমাণ থিয়েটাৰে অসমত জন্ম লৈছিল। নাট্যশিল্প আৰু সামগ্ৰিকভাবে পৰিবেশনধৰ্মী শিল্পৰ প্ৰতি থকা অপৰিসীম শ্ৰদ্ধা আৰু ভালপোৱাৰ ফলতে ইয়াৰ জন্ম। জন্মলগ্নৰ পৰা এটা দীৰ্ঘকালীণ পৰিক্ৰমা ই পাৰ কৰিছে। গাঁও গাঁও, চহৰ চহৰ পৰিভ্ৰমী মানুহৰ  মাজলৈ লৈ যোৱা এটা বিৰাট বা লাৰ্জাৰ-দেন-লাইফ সাংস্কৃতিক অনুষ্ঠান হিচাপে এই ভ্ৰাম্যমাণেই আজি আছে যি জীৱিত হৈ আছে। পৰিৱৰ্তনশীল সময়ৰ ধামখুমীয়াত পৰি আন বহুতো লাইভ সাংস্কৃতিক অনুষ্ঠানৰ ইতিমধ্যেই অৱলুপ্তি ঘটিল। চাৰ্কাছ, যাদুখেল আদিৰ অৱস্থা আজি বৰ টনকীয়াল নহয়। লাইভ অনুষ্ঠান হিচাপে অসমত এতিয়া বৰ্তি থকাৰ ভিতৰত আন কিবা যদি আছে সেইটো হ'ল কিম্ভূত কিমাকাৰ বাৰেভচহু বিহুমেলাবোৰ। কালক্ৰমত আহি আজিৰ বিহুমেলায়ো এটা বিশেষ ৰূপ পৰিগ্ৰহ কৰিছেহি যদিও এইসমূহ নিতান্তই অসংগঠিত। সংস্কৃতিৰ কথা ক'লেও তাত কোনোটো সাংস্কৃতিক উপাদানৰেই মৰ্যাদা ৰক্ষিত নহয়। মনোৰঞ্জন বা বিনোদনৰ বাবে আজি অসমীয়া মানুহৰ যাবলৈ ঠাই নাই, হয় বিহুমেলা, নহয় ভ্ৰাম্যমাণ। ইয়াৰ ভিতৰত বিহুমেলাৰ অসংগঠিত অপৰিশীলিত ৰূপটোৰ বিপৰীতে ভ্ৰাম্যমাণ এটা সুসংগঠিত ৰূপ। স্বকীয় এটা নন্দততত্ব তৈয়াৰ কৰি লৈ ই মূৰ দাঙি আছে আজিও। ইয়াৰ সামগ্ৰিক ৰূপটো, সামাজিক আৰু অৰ্থনৈতিক পৰিপ্ৰেক্ষিত আদি সকলোবোৰ চালি জাৰি চাই আলোচনা কৰাৰ পৰিৱৰ্তে অসমীয়া সাহিত্যিক-সমালোকৰ উন্নাসিক মন্তৱ্যসমূহে বৰ বিশেষ কিবা ইতিবাচক দিশৰ মুকলি কৰিব পাৰিবগৈ বুলি মনে নধৰে।

যদি কোনোবা সাংস্কৃতিক সমালোচকে আগবাঢ়ি আহি নাট্য সমালোচনাৰ প্ৰচলিত পদ্ধতিবিধি সমূহৰ পৰা সমূলাঞ্চে মুক্তি দি ভ্ৰাম্যমাণ থিয়েটাৰক পাৰফৰমেন্স ষ্টাডিজ-ৰ দিশেৰে চাবলৈ এটা নতুন বাট কাটি দিয়েহি তেনেহ'লে সেয়া হ'ব আমাৰ বাবে পৰম সৌভাগ্যৰ কথা।

[নাটক আৰু চিত্ৰ-ভাষ্কৰ্য বিষয়ক আলোচনী "সংস্কৃতি"ৰ প্ৰথম সংখ্যা (অক্টোবৰ ২০১৮- মাৰ্চ ২০১৯)-ত প্ৰকাশিত]
[কহিনুৰ থিয়েটাৰৰ চতুৰ্চত্বাৰিংশ বাৰ্ষিক সংকলন "কৰণি", ২০১৯-ত পুনৰ প্ৰকাশিত।]

সমুদ্র কাজল শইকীয়া
Rajya Sabha Television (RSTV), 3rd Floor,
Talkatora Stadium Annexe Building, New Delhi – 110001
email: kankhowa@gmail.com, mobile: +91 9811375594




[1] Anuradha Kapur, "Actors Prepare", Theatre India, National School of Drama's Theatre Journal, May 2004, Number Nine, ed. by, K S Rajendran, pp. 8-9

[2] Mistakenly attributed to Vladimir Mayakovsky in The Political Psyche (1993) by Andrew Samuels, p. 9; mistakenly attributed to Brecht in Paulo Freire: A Critical Encounter (1993) by Peter McLaren and Peter Leonard, p. 80; variant translation: "Art is not a mirror held up to society, but a hammer with which to shape it." First recorded in Leon Trotsky, Literature and Revolution (1924; edited by William Keach (2005), Ch. 4: Futurism, p. 120): "Art, it is said, is not a mirror, but a hammer: it does not reflect, it shapes."

[3] The Legacy, Interview by DEBORAH SOLOMON, DEC. 9, 2007


No comments: