ডঃ বাণিকান্ত কাকতি

...সাহিত্যৰ ক্ষেত্রত নতুনকৈ কৰিবলগীয়া কাম একো নাই। সাহিত্য ধ্বনি আৰু প্রতিধ্বনি মাথোন। পূর্বপুৰুষ সকলৰ ভাবৰ ধ্বনি যাৰ হৃদয়ত পুৰাকৈ প্রতিধ্বনিত হয় সিয়েই সফলতা লাভ কৰে... ডঃ বাণীকান্ত কাকতি, বাঁহী, ১৩শ বছৰ, অষ্টম সংখ্যা, আঘোণ, ১৮৪৭ শক।

Blog Archive

Monday, June 25, 2018

পেখু পেখু (ষোল্ল): নৃত্যকথা (এক প্ৰস্তাৱনা)

[দৈনিক অসম, দেওবৰীয়া চ'ৰা, ২৪ জুন, ২০১৮]
"তেজপুৰীয়া থেছপীয়ান"-ৰ বিতৰ্কিত পৰিৱেশন
নৃত্য এটা একান্তই শৰীৰী শিল্প। এটা জীৱন্ত শৰীৰৰ বাহিৰত ইয়াৰ অস্তিত্ব নাই। মানৱী শৰীৰটো নিজেই প্ৰকৃতিৰ এটা অনবদ্য সৃষ্টি। এই শৰীৰৰ অংগ সঞ্চালনেই নৃত্যৰ মূল কথা। নৃত্য আৰু অভিনয় এই দুইটাই এনে শিল্পৰূপ য'ত শিল্পীয়ে কোনো শিল্পবস্তুৰ নিৰ্মাণ নকৰে, বৰঞ্চ নিজৰ শৰীৰটোকেই এটা শিল্পকৰ্মলৈ ৰূপান্তৰিত কৰে। গতিকে এই শৰীৰটোৱেই এই শিল্পসমূহৰ প্ৰাথমিক উপাদান। দ্বিতীয়টো উপাদান হ'ল সময়। নাচটো শেষ হোৱাৰ লগে লগেই ই শেষ। ইয়াৰ অস্তিত্ব কেৱল ঘটনাটো ঘটো থকালৈকেহে। নাচটো শেষ হৈ যোৱাৰ পিছত তাক আৰু দুনাই পাব নোৱাৰি। নাচ এটা আকৌ চাবলৈ বিচাৰিলে হয়তো এটা ৰেকৰ্ডিং চাব লাগিব, যিটো আচলতে মূল নাচটো নহয়, তাৰ প্ৰতিলিপিহে। নাচোতাই আকৌ যদি নাচিবলৈ আৰম্ভ কৰে তেতিয়াও সেইটো এটা বেলেগ নাচ। একেটা নাচ দুবাৰ নাচিব নোৱাৰি। প্ৰতিটো নাচ প্ৰতিবাৰতেই একো একোটা নতুন নাচ। ইলোৰাৰ চৈধ্য নম্বৰ গুহালৈ সোমায়েই বাওঁফালে নৃত্যৰত শিৱ। অতিৰঞ্জিত ত্ৰিভংগ। দেহৰ উৰ্দ্ধাংগ সোঁফালে পৰ্যমানে থেলি বিপৰীত দিশে সম্প্ৰসাৰিত কৰা সোঁহাতখন দেখি এদিন মোহিত হৈ ৰৈছিলোঁ আৰু অনুভৱ কৰিছিলোঁ- নৃত্য মানেইতো শৰীৰৰ সম্ভাৱনাৰ সম্প্ৰসাৰণ!
 
ইলোৰাৰ ১৪ নম্বৰ গুহাৰ নৃত্যৰত শিৱ
সাহিত্য শব্দটোৰ প্ৰতি আমাৰ ইমানেই অদম্য মোহ যে সাহিত্যৰ সম্পৰ্কে মাজে মাজে কিছু কথা পতা হয় আৰু সেয়েহে সাহিত্য সমালোচনাৰ কিছু মাপকাঠি বা পৰম্পৰা আমি পাই আহিছোঁ। সম্ভৱ সাহিত্য আৰু সমালোচনা দুইটাই শব্দ নিৰ্ভৰ বাবেই তাত এটা সুবিধা আছে। শিল্পকলা সম্পৰ্কে কথা পাতিবলৈ গ'লেই সমস্যাটো আহি পৰে। তথাপি বিশ্বৰ শিল্পৰ ইতিহাসৰ এটা ডিছিপ্লিন আছে, শিল্পৰ মান নিৰূপন অথবা ৰসাস্বাদানৰ বাবে কেতবোৰ পদ্ধতিবিধি সময়ে সময়ে তৈয়াৰ হৈ আহিছে। আটাইতকৈ শোচনীয় অৱস্থাত ৰয়গৈ অভিনয় আৰু নৃত্য- যাৰ বিষয়ে কথা পাতিবলৈ আমাৰ হাতত পৰীক্ষিত সমলৰ অভাৱ (অন্তত: আমি সেইবুলি ভাবি থাকিলোঁ)। নাটক সম্পৰ্কে কথা পাতিবলৈ গৈ ঘূৰি পকি আমি আকৌ তাৰ লিখিত ৰূপটোতে আৱদ্ধ থাকোঁ, কাহিনী কি, নাট্যকাৰে কি ক'ব খুজিছে ইত্যাদিতে তাৰ সমালোচনা আৱদ্ধ থাকে। ইয়াৰ পিছত আকৌ অভিনয় সম্পৰ্কে কথা পতাৰ অৱকাশ ক'ত? নৃত্য সম্পৰ্কে কথা পাতিবলৈ আৰু বেছি আহুকাল এইবাবেই যে নাটকত অন্তত: পাণ্ডুলিপি বা "নাট্য-সাহিত্য" বোলা জিনিছটো আছিল। ইয়াত সেইটোও নাই। নৃত্যৰতো আৰু লিখিত স্ক্ৰিপ্ট এটা নাথাকে! এতিয়া কি কৰা যায়? গতিকে অভিনয় আৰু নৃত্য সম্পৰ্কীয় যি গোটা চেৰেক কথা-বাৰ্তা সম্ভৱপৰ হৈ উঠে সেইখিনি হয় শিল্পীৰ মন'গ্ৰাফ (অৰ্থাৎ এজন শিল্পীৰ জীৱনী, সাক্ষাৎকাৰ, অভিজ্ঞতা আদিৰ খতিয়ন), অথবা কৌশল বা পদ্ধতি সম্পৰ্কে কিছুমান মেনুৱেল- অভিনয় কেনেকৈ কৰা উচিত, বিশেষ নৃত্য এবিধ কেনেকৈ কৰা উচিত তাৰ বৰ্ণনা। কিন্তু এইখিনি কথাতেই সীমাৱদ্ধ হৈ থাকিলে বা তাৰ আন কোনো সমালোচনাৰ স্কুল আগবাঢ়ি নাহিলে শিল্পৰ বাগধাৰা আগুৱাবৰ বাট ৰ'বগৈ নে?

মাৰ্গী আৰু দেশী এই দুই ধাৰাৰেই নৃত্য চৰ্চা অসমত নিৰবিচ্ছিন্ন ভাবে চলি আহিছে আৰু এই দুইটা ধাৰাক প্ৰতিনিধিত্ব কৰিব পৰা প্ৰভূত্বশালী দুটা নাচ হ'লে ক্ৰমে সত্ৰীয়া আৰু বিহু। মাৰ্গীয় আৰু দেশী (কপিলা বৎসায়নে ব্যৱহাৰ কৰা অৰ্থেৰেই) নাচৰ ক্ষেত্ৰতো আলোচনাৰ বাবে কিছুমান সমল আমাৰ সন্মুখলৈ আহি পৰে আৰু তাকে ভিত্তি কৰি মত সাব্যস্ত অথবা বিতৰ্কৰ অৱতাৰনা কৰাৰ থল থাকে। মাৰ্গী-দেশী দুই ধাৰায়েই একোটা সুকীয়া পৰিচয়ে গঢ় লয় আৰু কোনোবা সুনিৰ্দিষ্ট উৎসৰ তথ্য-সূত্ৰ থাকক বা নাথাকক কিছুমান নিৰ্ধাৰিত ৰীতি বা বিধি থাকেই যাৰ আধাৰত আলোচনা সম্ভৱ। যাৰ আধাৰত আনকি এটা নৃত্য-পৰিৱেশনৰ গুণাগুণৰ পৰিমাপো সম্ভৱ। কিন্তু অসুবিধাটো ৰয় ক্ৰিয়েটিভ নৃত্যৰ ক্ষেত্ৰত অথবা এই দুই ধাৰাৰ বাহিৰত ৰৈ যোৱা নাচ সমূহৰ ক্ষেত্ৰত। পৰিৱেশন কলাৰ ক্ষেত্ৰত সমসাময়িক বাগধাৰা এটাৰ বিকাশ ঘটাব নোৱাৰি পৰিৱেশন কলা বুলিলেই কথায়ে প্ৰতি ভৰত মুণিৰ নাট্যশাস্ত্ৰলৈ ফৰ্মুটিয়ালে ফল নসৰে। বিশেষ কাৰণত "আধুনিক নৃত্য" কথাষাৰ পৰাপক্ষত পৰিহাৰ কৰি ক্ৰিয়েটিভ-নাচ বুলিয়ে ক'বলৈ চেষ্টা কৰিম। মাৰ্গী-দেশী পথেৰে বাট নুবুলিলে বুলিয়েই এই ক্ৰিয়েটিভ নাচসমূহ খতিয়ন নোলোৱাকৈয়ে ৰৈ যাব নেকি? এই প্ৰশ্নটোৰ উত্তৰ আজিলৈকে অন্তত: আমাৰ সন্মুখত নাই।   

শিল্প-ইতিহাসৰ ছাত্ৰ হিচাপে স্নাতকোত্তৰ স্তৰৰ সমালোচনাত্মক লেখাৰ শ্ৰেণীকোঠাত এবাৰ শিৱাজী কে পানিক্কৰেও কৈ উঠিছিল- অন্যান্য শিল্পৰূপৰ আলোচনাৰ বাবে কিছুমান পদ্ধতি-বিধি বাৰু আমাৰ হাতত আছেই, কিন্তু নাচ এটাক আমি কেনেকৈ চাম? পানিক্কৰ এজন শিল্প-ইতিহাসবিদ আৰু একালত তেওঁ নিজেও ভাৰত নাট্যমৰ চৰ্চা কৰিছিল। বৰোডাৰ ছায়াজী ৰাও বিশ্ববিদ্যালয়ৰ শিল্প-ইতিহাস বিভাগৰ মূৰব্বী হৈ থাকোতেই তেখেতৰ প্ৰচেষ্টাত বিভাগটোত মহুমাত্ৰিক (মাল্টিডিছিপ্লিনেৰী) আলোচনাৰ বাট মুকলি হৈছিল। শিল্প-ইতিহাসৰ ধাৰাটোৱে কেতিয়াবা সংস্কৃতি অধ্যয়নৰ ওচৰ চাপিছিল, কেতিয়াবা ফালৰি কাটি সামগ্ৰিকভাবে ভিজুৱেল-ষ্টাডিজৰ ফালে বাট পোণাইছিল।

কেইদিনমানৰ আগতে তেজপুৰীয়া থেছপিয়ান নামৰ এটা সাংস্কৃতিক দলৰ নৃত্য পৰিৱেশনৰ এটা বিশেষ দৃশ্যই ৰাইজৰ চকু কপালত তুলিছিল আৰু তুমুল বিতৰ্কৰ সূত্ৰপাত ঘটাইছিল। মোহময়ী হাঁহিৰে ভৰা এগৰাকী গাভৰু নাচনীৰ কান্ধত উঠি এজন জপৰা ছুলিৰ পেঁপাবাদকে পেঁপা বজাই থকা দৃশ্য এটাই খলকনি তুলিছিল। বিতৰ্ক আৰু বিশেষকৈ সেই "দৃষ্টিকটু", "অশোভনীয়", "অমাৰ্জিত" আৰু সকলোৰে উৰ্ধত "অসমীয়া সংস্কৃতি"ৰ বিৰোধী সেই দৃশ্যৰ বাবে এসময়ত তেজপুৰীয়া থেছপিয়ানে ক্ষমা খুজিবলৈ বাধ্য হ'ল আৰু আগলৈ এনে ভুলৰ পুনৰাবৃত্তি নঘটে বুলি বিবৃতি দিবলৈ বাধ্য হোৱা বুলি আমি শুনিবলৈ পাওঁ। সেই সময়তেই এই সময়ৰ নাচ, বা ক্ৰিয়েটিভ নাচ সম্পৰ্কে যে কোনো বিচাৰৰ মাপকাঠি আমাৰ হাতত নাই সেই কথাটোৱে মনত বাৰে বাৰে খুন্দিয়াই আছিল।
 
"তেজপুৰীয়া থেছপীয়ান"-ৰ বিতৰ্কিত পৰিৱেশন
কোনো বিশেষ সাংস্কৃতিক উপাদানৰ বাবেই অসমত এখন প্ৰশস্ত প্লেটফৰ্ম নাই। হয় বিহুমেলা নহয় সাংস্কৃতিক সন্ধিয়া নামৰ বাৰে-মিছল প্লেটফৰ্ম একোখনতেই সকলো ধৰণৰ শিল্পৰ সমাহাৰ ঘটে আৰু তাৰ ব্যতিৰেকে একাণপটীয়া কোনো শিল্প চৰ্চাৰ প্ৰতিয়েই আমি আজিলৈকে আগ্ৰহ দেখুওৱা নাই। ফলত এই সময়ৰ গীতেই হওক নাচেই হওক, সি বিহুৰ সৈতে সামঞ্জস্য একোটা মানি চলিয়েই আগবাঢ়িবলৈ বাধ্য। মিহুমঞ্চ-কেন্দ্ৰিক বিহু নাচ যে আচলতে পৰম্পৰাগত বিহুনাচ নহয়, বৰঞ্চ আধুনিক সময়ৰ উপযোগী কৰি গঢ় দি লোৱা এটা নতুন নাচহে সেই কথা অনেক বিজ্ঞলোকে স্বীকাৰ কৰি গৈছে। সন্ধ্যা মেনন, বিজয় ভূঞা আদি জনপ্ৰিয় হৈ থাকিবৰ সময়ত "বিহুসুৰীয়া আধুনিক গীত" বুলি ধাৰা এটা ওলাওতেও বহুতে সঠিক ভাবেই আঙুলিয়াই দিছিল যে- বিহুসুৰীয়া আধুনিক গীত বুলি একো নহয়, হয় বিহু বুলি কওক নহয় আধুনিক গীত বুলি কওক। তেজপুৰীয়া থেচপিয়ানৰ পৰিবেশনখিনিও এক আধুনিক পৰিৱেশনা, কেৱল তেওঁলোকৰ সমল বা আধাৰখিনি পৰম্পৰাগত। কোনোবাখিনিত নিজা আগ্ৰহ, কোনোবাখিনিত পৰম্পৰাগত লোকবাদ্য আৰু লোকনৃত্যৰ প্ৰতি থকা এটা আগ্ৰহ আৰু তাৰ লগতে পৰিবেশনৰ বাবে উপলব্ধ ক্ষেত্ৰৰ প্ৰভাৱ- এই তিনিৰ ফলতেই লোকায়ত শিল্পৰ সমলসমূহেৰে তেওঁলোকে নিৰ্মাণ কৰিছিল এই সময়ৰ দৰ্শকৰ বাবে ক'ৰিঅ'গ্ৰাফ।

এতিয়া আকৌ আৰম্ভণীৰ কথাখিনিলৈ উভতি গ'লে- নৃত্য মানেই এটা শৰীৰী কাৰবাৰ। ছন্দৰ সৈতে অংগ সঞ্চালন। আন একো নহয়। "টাকুৰি ঘুৰাদি ঘূৰ", "নাচ ঐ পমিলী বাহু দাঙি দাঙি" এইবোৰ কথাই যেনেকৈ অংগসঞ্চালন কৰাৰ কথাকেই কয় "Beat pe booty" বা "Shake, shake it baby"-এও একেটা কথাকেই কয়। চিত্ৰ শিল্পৰ সমল ৰং আৰু তুলি যদি হয় সেই ৰঙৰ সম্ভাৱনাৰ বিস্তাৰ কৰাটোৱেই শিল্পীৰ কাম। চিত্ৰশিল্পক ফটোগ্ৰাফিক অৰ্থেৰে কেৱল এক বাস্তৱতাক অন্য বাস্তৱতালৈ ৰূপান্তৰিক কৰাৰ কাৰুকৃতিৰ পৰা মুকলি দি ৰং আৰু ৰূপৰ নিজস্বতাক প্ৰাধান্য দিবলৈকে এদিন এবষ্ট্ৰেক্ট বা বিমূৰ্ত শিল্পই জন্ম লৈছিল। কবিতাৰো আধাৰ শব্দ। কেৱল বক্তব্য এটা প্ৰকাশ কৰা, বৰ্ণনা কৰা, বা বিষয় এটা তুলি ধৰাই যে শেষ কথা নহয় তাৰ বাবেই শব্দক তাৰ অৰ্থৰ পৰা মুক্তি দিবলৈ যুগে যুগে কবিসমস্তই সংগ্ৰাম কৰি আহিছে। ৰবীন্দ্ৰ সংগীতৰ আখৰৰ বিন্যাসেৰে কৰা ঋতেন মজুমদাৰৰ চিল্ক-প্ৰিণ্টৰ ছবিখিনি এইবাবেই গুৰুত্বপূৰ্ণ যে এহাতে ই দৃশ্যগত শিল্পকলাক এটা প্ৰতিৰূপনৰ (ৰিপ্ৰেজেণ্টেচন) বাধ্যবাধকতাৰ পৰা যেনেকৈ মুক্তি দিয়ে, তেনেকৈয়ে লিখিত বাচিক শব্দকো তাৰ পৰম্পৰাগত অৰ্থৰ বান্ধোনৰ পৰা মুক্তি দি এটা দৃশ্যৰূপ প্ৰদান কৰে। তেনেকৈয়ে নৃত্যৰ আধাৰ যদি শৰীৰ হয় এই ভৌতিক শৰীৰটোৰ সম্ভাৱনাক বিস্তাৰ কৰিবলৈ চেষ্টা কৰাটোৱেই নৃত্যশিল্পীৰ প্ৰাথমিক দায়িত্ব হ'বগৈ। কথাখিনি এনেকৈ ভাবিব পৰাৰ পৰিৱেশ এটা আমাৰ মাজলৈ আহিবনে? কিন্তু যিহেতু (আমি বাৰম্বাৰ বিভিন্ন প্ৰকাৰে দোহাৰি থকা কথাটো) আমাৰ শিল্পদৃষ্টি নাই, কেৱল চকুৰে চাই বা পৰিৱেশনৰ পৰত ঠাইত উপস্থিত থাকি পৰিৱেশনটোৰ ৰস উপভোগ কৰিবৰ অভ্যাসখিনি নাই, সেয়েহে শিল্পৰূপ এটাক, সি যিয়েই নহওক লাগিলে, এখন চিনেমাই হওক, চিত্ৰশিল্পই হওক বা এটা নাচেই হওক, তাত অলপ পৰম্পৰাৰ দোহাই, অলপ অসমীয়া জাতীয়তাবাদ আৰু অলপ "নৈতিক" ঔচিত্য-অনৌচিত্য-ৰ বাচ বিচাৰ যোগ দি তাক আমাৰ "বোধগম্যতা"ৰ আওতালৈ আনি লওঁহক। বিশিষ্ট শিল্পৰূপৰ বাবে বিশিষ্ট প্লেটফৰ্ম যদি আমাৰ মাজত থাকিলেহেতেন, বিহুমেলা বিহুমঞ্চত মানুহ ভাত পানী খাই আহিবৰ সময় হোৱা নাই- এনেকুৱা সময়ৰ ফিলাৰ হিচাপে সত্ৰীয়া নৃত্যশিল্পীয়ে নাচিবলগীয়া নহ'লহেতেন। একাণপটীয়াকৈ শাস্ত্ৰীয় সংগীতৰ শিল্পী দুজনমান আমাৰ মাজৰ পৰা ওলালেহেতেন। কেৱল বিহুসুৰীয়া নহৈ আধুনিক অসমীয়া গীতে অন্য আধুনিক ৰূপ ল'লেহেতেন।

তেজপুৰীয়া থেছপিয়ানে মহিলাৰ কান্ধত পুৰুষক উঠাই ভাল কাম কৰিলে বেয়া কাম কৰিলে তাৰ বাচ-বিচাৰ আমাৰ উদ্দেশ্য নহয়, তাৰ বিশদ বিবৰণ আৰু আলোচনা একেটা লেখাৰ পৰিসৰে সামৰিবও নোৱাৰে। এই মুহূৰ্তত দৃষ্টিগোচৰ কৰিবখোজা কথাটো এই যে, তেজপুৰীয়া থেছপিয়ানক ক্ষমা খুজিবলৈ বাধ্য কৰোৱা আলোচনা-বিলোচনাখিনি শিল্প বা সংস্কৃতি বিষয়ক আলোচনা নহয়েই। শিল্পৰ সমালোচনাত নৈতিকতা অথবা ঔচিত্য-    অনৌচিত্যৰ কথা পাতিবৰ স্থান নাথাকেই, অথবা থাকিলেও বাদ-বাকী অন্যান্য বহুতো কথা পতাৰ পিছত শেষৰ ফালেহে এনেবোৰ কথা আহিব পাৰে। কিন্তু অসমৰ সাংস্কৃতিক পৰিমণ্ডলৰ সামূহিক জনমানসতেই এনে হয় যে নৈতিকতাৰ বিচাৰতেই কথাখিনিৰ আৰম্ভ আৰু শেষ। মৰেল পুলিছিং-ক শিল্প সংক্ৰান্তীয় আলোচনাৰ নাম দিয়াটো ভুল। শিল্পত ভুল শুদ্ধ নাথাকে, শিল্পীয়ে কাৰোবাৰ ওচৰত ক্ষমা খোজাৰ প্ৰশ্নও নাথাকে। শিল্পী চৰকাৰ নহয় যে কি কৰা উচিত আমি তাৰ ওপৰতহে নজৰ ৰাখিম। পৰম্পৰা ৰক্ষাৰ অনুষ্ঠান প্ৰতিষ্ঠান বহুখিনি আছে আৰু তেওঁলোকে নিজৰ কাম কৰিও আছে। কিন্তু পৰম্পৰা আৰু নীতি-নিয়মৰ বান্ধোনৰ পৰা বাহিৰলৈ ওলাই উন্মুক্ত চিত্তে নাচিবলৈ বিচৰা কোনোবা থাকিবও পাৰে।  

        

সমুদ্র কাজল শইকীয়া
Rajya Sabha Television (RSTV), 3rd Floor,
Talkatora Stadium Annexe Building, New Delhi – 110001

email: kankhowa@gmail.com, mobile: +91 9811375594

No comments: