ডঃ বাণিকান্ত কাকতি

...সাহিত্যৰ ক্ষেত্রত নতুনকৈ কৰিবলগীয়া কাম একো নাই। সাহিত্য ধ্বনি আৰু প্রতিধ্বনি মাথোন। পূর্বপুৰুষ সকলৰ ভাবৰ ধ্বনি যাৰ হৃদয়ত পুৰাকৈ প্রতিধ্বনিত হয় সিয়েই সফলতা লাভ কৰে... ডঃ বাণীকান্ত কাকতি, বাঁহী, ১৩শ বছৰ, অষ্টম সংখ্যা, আঘোণ, ১৮৪৭ শক।

Blog Archive

Monday, August 20, 2018

পাঠে পাঠান্তৰে (এক): কথা আৰু কবিতাৰ কথা


(কাব্যদেশ, প্ৰস্তাৱনা সংখ্যা, শণিবাৰ, ২৮ জুলাই, ২০১৮)

কবিতাৰ সমালোচনা আৰু সমালোচক দুয়োটাৰে প্ৰতি বেছিভাগ মানুহৰে অদম্য বিৰাগ। নিৰাসক্তিৰ লগতে কিবা এটা শংকা, আৰু কোনোবাখিনিত একধৰণৰ বিশ্বাসহীনতাও আছে। কবিয়ে অতীজৰে পৰাই সমালোচকক বিশ্বাসত ল’ব নোখোজে। কবিতাই নিজেই ক’ব নিজৰ কথা। কবিতাৰ কোনো সমালোচকৰ প্ৰয়োজন নাই। এইখিনি হ’ল সাধাৰণতে আমি জনমানসত শুনি থকা প্ৰচলিত ধাৰণা। কথাখিনি একেবাৰে মিছাও নহয়। তেনেহ’লে সমালোচকৰ মৃত্যু ঘোষণাই শ্ৰেয় নেকি? তেনেকৈ হ’লে এইটোও বিচাৰ্য যে আজি যদি সমালোচকৰ আৰু প্ৰয়োজন নাই বুলি সিদ্ধান্ত লোৱা হৈছে, তেনেহ’লে সমালোচকৰ প্ৰয়োজন আছিলনো কেতিয়া? চাবলৈ গ’লে কোনোকালেই নাছিল। সমালোচকৰ কথা শুনি কবিয়ে কবিতা নিলিখে। সমালোচকৰ ভাল বেয়া সিদ্ধান্ত বিচাৰ কৰি পাঠকে কবিতা নপঢ়ে। চলচ্ছিত্ৰ, সাংস্কৃতিক ইভেণ্ট আদি ব্যৱসায়িক উপাদান সমূহৰ ক্ষেত্ৰত যেনেকৈ পুনৰীক্ষণ বা ৰিভিউ আদিয়ে একধৰণৰ দৰ্শকক প্ৰভাৱিত কৰে কবিতাৰ ক্ষেত্ৰত সেইটো তেনেকুৱা নহয়। তেনেহ’লে সমালোচনাৰ কাম কি? কবিতাৰ সময় আমাৰ ব্যৱহাৰিক জীৱনত আমি সময়ক যেনেকৈ বুজোঁ তাতকৈ পৃথক। আজি ঘটা ঘটনা এটাৰ প্ৰতিক্ৰিয়াত ৰচিত কবিতা এটা হয়তো দুবছৰৰ পিছতহে প্ৰকাশৰ মুখ দেখিবগৈ। তাৰ পাঠক এজন হয়তো ৰৈ আছে আৰু এটা দশকৰ পিছত। এজন সমালোচকে তাক ফঁহিয়াই বিশ্লেষণ কৰি কিবা এটা দিহা যদি দেখুৱাইছে, সেই দিহা শুনিবলৈ হয়তো হব’পাৰে যে কবিজন আৰু ইহজগততেই নাই। তেনেহ’লে কবিতাৰ সমালোচনা কাৰ বাবে?

কবিতা সম্পৰ্কে লিখা মেলা কৰিব খোজা নতুন লেখকৰ সৈতে কথা পাতোঁতে তেওঁলোকে আমাৰ সন্মুখলৈ সততে লৈ অনা কেইটামান প্ৰশ্ন এনেধৰণৰ- কবিয়ে কি ক’ব খুজিছে সেইটোত গুৰুত্ব দিয়া উচিত, নে পাঠক হিচাপে মই কি অনুভৱ কৰিছোঁ সেইখিনি লিখিম? কবিৰ প্ৰকাশ কৰিব খোজা ভাবটো আৰু মই লিখা কথাখিনি যদি একে নহয় তেতিয়া কি হ’ব? কবিতা এটাৰ কিবা আঁসোৱাহ দেখিলে তাক আঙুলিয়াই দিলে কবিয়ে যদি বেয়া পায়?   

এইখিনিতে তলৰ কথাকেইটালৈ অলপ মন কৰক-
  • সমালোচক এজন সমালোচক হোৱাৰ আগতে কবিতাটোৰ পাঠক।
  • কবিজনো কবিতাটো লিখি উঠাৰ পিছত, আনকি এক অৰ্থত লিখাৰ আগমুহূৰ্ততো, নিজেই এজন পাঠক। ক’ব পাৰি প্ৰথম পাঠক।
  • পাঠক এজনে কবিতা এটা পঢ়ি নিজৰ মতে তাৰ ভাবৰ নিৰ্মাণ কৰি গৈ থকে বুলি যদি মানি লোৱা হয়, তেনেহ’লে পাঠক এজনো সেই একেটা কবিতাৰেই কবি।
  • সমালোচকজনে যেনেকৈ কবিতাটোৰ বিনিৰ্মাণ আৰু পুনৰনিৰ্মাণ কৰি গৈ থাকে সেই অৰ্থত সমালোচকজন কেৱল পাঠকেই নহয়, তেওঁ কবিও।
  • পাঠকজনে যেনেকৈ কবিতাটোৰ বিশ্লেষণ নিজৰ মনৰ মাজতে কৰি গৈ থাকে তালৈ চালে পাঠক জন কবিয়েই নহয় সেই একেটি কবিতাৰে সমালোচকো।
  • কবিজন নিজৰ কবিতাটোৰ প্ৰথম পাঠক যি অৰ্থত কোৱা হৈছিল, সেই একে অৰ্থতেই তেওঁ সেই একেটি কবিতাৰেই সমালোচকো। 
উক্ত কথাখিনি চালিজাৰি চাই দেখা গ’ল যে পাঠক, কবি, সমালোচক আটাইকেইটা পৰিচয় আচলতে হয় অভিন্ন, নহয় বিনিমেয় পাৰস্পৰিক অৱস্থানৰ সূচক। সকলোৱেই বিভিন্ন স্তৰত নিৰ্মণ কৰি গৈ আছে একো একোটা শব্দৰ শৰীৰ, কথাৰ ঘৰ।

আমি নজনাৰ ভাও জুৰি থাকিলেও ভালকৈয়ে জানো যে কবিতাই নিজৰ কথা নিজেই ক’লেও তাৰ আগে পিছে আৰু বহুখিনি কথা ৰৈ যায়। কথাবোৰ সমাপ্তিসূচক (Conclusive) নহয়, ডিছকাৰ্ছিভ হে। কবিয়ে লিখি থকাৰ পৰত কবিতা এটাৰ কাটি পেলোৱা চৰণবোৰৰ কি হয়? দুটা চৰণৰ মাজৰ নোকোৱাকৈ থকা কথাখিনিয়ে ক’ত কেনেকৈ উকমুকাই থাকেগৈ? সমালোচনা সম্পৰ্কে থকা সৰলতাপূৰ্বক ধাৰণাখিনি, যেনে- সমালোচকে কবিক বাট দেখুৱাই লৈ যাব লাগে- আদিবোৰ ধাৰণা অলপ কাষৰীয়াকৈ থ’লেই বুজিবলৈ অসুবিধা নহয় যে কবিতাৰ সমালোচনা আচলতে কবিতাৰ বিষয়ে কথা পতা, আন একো নহয়। এটা কবিতাৰ সমালোচনা হ’ল কেতিয়াবা সেই কবিতাটো সম্পৰ্কে কথা পতা। কেতিয়াবা সেই কবিতাটোৱে আনি দিয়া কেতবোৰ বিষয়ৰ কথা পতা, নহ’লেবা সেই কবিটোৱে নিৰ্মাণ কৰি দিয়া বাগধৰাৰ মঞ্চত থিয় হৈ কথা পতা। এটা কবিতা যেনেকৈ এটা বাগধাৰাৰ উৎস অথবা অংশ, সমালোচনা হ’ল সেই বাগধাৰাৰেই বিস্তাৰণ বা সম্প্ৰসাৰণ। এই সম্প্ৰসাৰণ কথাষাৰেই আমাক বহুখিনি সমস্যাৰ পৰা মুক্ত কৰিব। সমালোচনাৰ প্ৰতি আগ্ৰহী নতুন লেখক সকলৰ সৈতে কথা পাতোঁতেও আমি বাৰে বাৰে এই কথাষাৰত গুৰুত্ব প্ৰদান কৰি আহিছোঁ যে সমালোচনা কেৱল আলোচিত কবিতাটোতে আৱদ্ধ নাথাকে। কবিতা এটাৰ মানে কি, কবিয়ে কি ক’ব খুজিছে- এইবোৰ কথা সমালোচনা নহয়েই। আনকি কবিতাটোৰ দোষ গুণৰ বিচাৰো সমালোচনা নহয়। বৰঞ্চ সমালোচনা হ’ল সেই কবিতাটোৰ বাগধাৰাৰ বিস্তাৰণ- extension, আৰু সেই সূত্ৰেই কবিতা এটাৰ সমালোচনাক কবিতাটোৰ পৰা মুক্তি দিব পৰাটোহে প্ৰকৃত সমালোচকৰ সাৰ্থকতা।

পৰিশেষত আমি আহিব পৰা কেইটামান corollary বা অনুসিদ্ধান্ত এনে-
কবিতা এটা স্বয়ংসম্পূৰ্ণ সাহিত্যৰ বিভাগ। কবিতাৰ এটা নিজস্ব ইতিহাস বা ধাৰা আছে। ঠিক তেনেকৈয়ে সমালোচনাও এটা স্বয়ংসম্পূৰ্ণ ধাৰা। ইয়াৰো এটা নিজস্ব ইতিহাস আছে। কবিতাৰ ইতিহাস আৰু কবিতাৰ সমালোচনাৰ ইতিহাস একে হ’ব লাগিব বুলি কোনো কথা নাই। এইখিনি কথা মানি ল’লেই এইখিনি কথাও মানি লোৱাটো সমীচিন হ’ব যে এটা সুকীয়া ডিছিপ্লিন হিচাপে সমালোচনা এটায়ো নিজে নিজৰ ভৰিত ঠিয় দিবৰ সামৰ্থ্য ৰাখে। তাৰ বাবে নিৰ্দিষ্ট কবিতা অথবা এটা বিশেষ কবিতাত আশ্ৰয় কৰিবৰ কোনো বাধ্যবাধকতা নাৰাখে। বিশেষ কবিতা এটা নপঢ়াকৈয়ো সেই কবিতাৰ সমালোচনা পঢ়ি পাঠকে ৰসাস্বাদন কৰিবই পাৰে। সমালোচনা হ’ব পাৰে এজন পাঠকৰ পৰা অন্য এজন পাঠকলৈ বাৰ্তা। সমালোচকক কবিৰ পৰা নিলগাই ৰখাটো এইকাৰণেই জৰুৰী। আনকি বুজোঁতাই বুজিব যে বহুসময়ত কবিতাকো কবিৰ পৰা নিলগাই ৰখা জৰুৰী হৈ উঠে।  




সমুদ্র কাজল শইকীয়া
Rajya Sabha Television (RSTV), 3rd Floor,
Talkatora Stadium Annexe Building, New Delhi – 110001

email: kankhowa@gmail.com, mobile: +91 9811375594






No comments: