["দৈনিক অসম"ৰ দেওবৰীয়া চ'ৰাত প্ৰকাশিত, ২৬ অক্টোবৰ, ২০২৫]
অজান দেশত এলিচ নামেৰে অসমীয়া অনুবাদত আমি সৰুতে লুইছ কেৰলৰ সেই বিখ্যাত এলিচ ইন ৱণ্ডাৰলেণ্ড কিতাপখন পঢ়িছিলোঁ। আমাৰ কিশোৰ মনত সাঁচ বহাই যোৱা সেই কাহিনী আছিল স্বপ্নাতুৰ কল্পকাহিনী। অতিশয়োক্তিও হ’ব পাৰে, কিন্তু বাইবেলৰ পিছতে এইখনেই আটাইতকৈ বহুল পঠিত কিতাপ বুলিও কোৱা যায়। কালক্ৰমত বিভিন্ন আলোচনাত সপোনপুৰীৰ ঘটনা যেন লগা এই কাহিনীখিনিত নিহিত থকা সামাজিক আৰু ৰাজনৈতিক শ্ৰেণী সংগ্ৰামৰ অনুষংগ কিছুমানৰ সৈতে আমি পৰিচিত হ’লোঁ। সপোন সপোন যেন লগা, অবাস্তৱ আৰু উদ্ভত চৰিত্ৰৰ সমাৱেশেৰে ঘটা কাহিনীক্ৰমক লৈ সামাজিক শ্ৰেণী বিভাজন আৰু সংগ্ৰামৰ কথা সঁচাকৈ পাতিব পাৰিনে? ই আপাতদৃষ্টিত অৱশ্যেই এক কৌতুহলৰ বিষয় যেন লাগিব। কিন্তু ই সম্ভৱ, আৰু ভালেখিনি আলোচনাৰ সন্মুখীন আমি ইতিমধ্যে হৈছোঁৱেই। লুইছ কেৰলৰ এই কাহিনীখিনি মূলতঃ শিশুৰ বাবে ৰচিত কল্পনা কাহিনী বুলিয়ে গণ্য কৰা হয় যদিও এলিছৰ এডভেঞ্চাৰছ ইন ৱাণ্ডাৰলেণ্ডক ভিক্টোৰিয়ান যুগৰ সামাজিক আৰু ৰাজনৈতিক গাঁথনিৰ ওপৰত চোকা ব্যংগ সন্নিবিষ্ট কৰা ৰাজনৈতিক গ্ৰন্থ হিচাপে ব্যাপকভাৱে ব্যাখ্যা কৰা হয়। কোৱা হয়, লেখক লুইছ কেৰলে ৱণ্ডাৰলেণ্ডৰ অৰ্থহীনতাক ব্যৱহাৰ কৰি ব্ৰিটিছ সমাজৰ অযুক্তিকৰ আৰু বিশৃংখল দিশবোৰ প্ৰতিফলিত আৰু উপহাস কৰিছিল। ইয়াৰ মানে কি? এলিচ ইন ৱণ্ডাৰলেণ্ড আৰু তাৰ অগা-পিছা কিতাপকেখনৰ কাহিনীক্ৰম ৰাজনৈতিক লেখাহে আছিল নেকি? হয়তো হয়, হয়তো নহয়।
বিংশ শতিকাৰ আৰম্ভণীতে ইউৰোপত ঘটা শিল্প আন্দোলনসমূহৰ অন্যতম হৈছে ছুৰিয়েলিজম বা অতিবাস্তৱবাদ যাক প্ৰাথমিকভাবেই কল্পনা আৰু বিশেষকৈ সপোনৰ সৈতে জড়িত বুলি আমি জানো। বাস্তৱ আৰু অবাস্তৱৰ মাজত সপোন সদৃশ চিত্ৰকল্পৰ বাবেই এই শিল্পধাৰাই খুব কম সময়তে বিশ্বজুৰি সমাদৰ পাইছিল। আনকি আন্দোলন হিচাপে নহ’লেও ছুৰিয়েলিষ্টিক বা অতিবাস্তৱিক উপাদান আজিকোপতি শিল্পচৰ্চাৰ এক এৰাব নোৱৰা দিশ। ফ্ৰয়েড আৰু মনোবৈজ্ঞানিক চিন্তাচৰ্চাৰ সৈতে এই শিল্প আন্দোলনৰ এক প্ৰত্যক্ষ যোগাযোগ আছে। কিন্তু কেৱল মনোবিজ্ঞানৰ কথাতেই আৱদ্ধ থাকিলে ছুৰিয়েলিজম সম্পৰ্কে অধ্যয়ন সম্পূৰ্ণ নহয় যদিহে সেই সময়ৰ অগ্ৰণী শিল্পীসকলৰ ৰাজনৈতিক স্থিতি সম্পৰ্কেও বিচাৰ খোচাৰ কৰা নাযায়।
কবি আৰু লেখক ব্ৰেটন ছুৰিয়েলিজমৰ অন্যতম পুৰোধা ব্যক্তি আৰু ছুৰিয়েলিষ্ট মেনিফেষ্টোৰ ৰচনাকাৰ। আমাৰ বহুতৰে এই ধাৰণা নাই যে ছুৰিয়েলিজম আছিল সুপৰিকল্পিত আৰু সুসংগঠিত এটা শিল্প আন্দোলন। নহ’লেনো বাৰু শিল্পচৰ্চাৰ পদ্ধতিবিধি আৰু চিন্তা ভাৱনাৰ বাবেও কোনে মেনিফেষ্টো ৰচনা কৰে? ছুৰিয়েলিজম বুলিলেই আমি সচৰাচৰ কেৱল চালভাদোৰ ডালিৰ কথাহে মনত পেলাওঁ। কিন্তু চালভাদোৰ ডালিও আকৌ এক বিশেষ সময়ত ছুৰিয়েলিষ্ট দলটোৰ পৰা বহিস্কৃতহে হৈছিল। ১৯২৪ চনত প্ৰোত্থান ঘটা এই আন্দোলন সম্পৰ্কে ১৯৩৫ চনত আগবঢ়োৱা এটা ভাষণত আন্দ্ৰে ব্ৰেটনে কিছু আপত্তি দৰ্শায়। তেতিয়ালৈকে ছুৰিয়েলিজম আৰু ছুৰিয়েলিষ্ট চৰ্চা পৃথিৱীজুৰি ফাটিফুটি গৈছে। কিন্তু ব্ৰেটন যেন এই কথাটোত না-খুছ। যিকোনো পৰিস্থিতিত, যিকোনো প্ৰসংগ-সংগতিৰ সৈতে এই চৰ্চাক যুক্ত কৰা বা এই নামটোক ব্যৱহাৰ কৰাক লৈ আছিল তেওঁৰ আপত্তি। এক বিশেষ ৰাজনৈতিক আৰু সামাজিক পৰিপ্ৰেক্ষিততহে যে এটা শিল্পচৰ্চাৰ ধাৰাই জন্ম লয় আৰু তাৰ বিকাশ ঘটিব পাৰে সেই কথাক লৈ ব্ৰেটন আছিল অত্যন্ত স্পষ্ট। অলপ ধেমেলীয়া হ’লেও সেই কালৰ বিখ্যাত আলোকচিত্ৰশিল্পী মেন ৰে’ই দিয়া এটা পৰামৰ্শও তেওঁ ভাষণত গুৰুত্বসহকাৰে উল্লেখ কৰে। মে’ন ৰে’ই হেনো পৰামৰ্শ দিছিল- ছুৰিয়েলিষ্ট মুভমেণ্টৰ অন্তৰ্গত শিল্পীসকলে একোটা ষ্টাম্প বা ছাপ-চিহ্ন ব্যৱহাৰ কৰা উচিত যিয়ে তেওঁলোকক আনবোৰ বিস্তৃত আৰু বিস্তাৰিত ছুৰিয়েলিষ্ট কৰ্মবোৰৰ পৰা বিশেষভাবে চিহ্নিত কৰিব পাৰিব। শিল্পী মানে কেৱল দৃশ্যনিৰ্মাণ নহয়, শিল্পীৰ অৱস্থান নিৰূপনও যে এক অংগাংগী বিষয় তেওঁলোকে তাকেই সাব্যস্ত কৰিবলৈ বিচাৰিছিল।
লণ্ডন বিশ্ববিদ্যালয়ৰ কিংছ কলেজৰ ফৰাচী বিভাগৰ প্ৰবক্তা জোহানা মাল্টৰ “ইচ্ছাৰ অস্পষ্ট বস্ত— অতিবাস্তৱবাদ, ফেটিছিজম, আৰু ৰাজনীতি’ (Johanna Malt, Obscure Objects of Desire - Surrealism, Fetishism, and Politics) সাহিত্য বিশ্লেষণ আৰু শিল্প সমালোচনা দুয়োটাকে সাঙুৰি আগবঢ়া এখন মনোজ্ঞ গ্ৰন্থ। ১৯৩৫ চনত প্ৰাগত দিয়া ভাষণত আন্দ্ৰে ব্ৰেটনে সুধিছিল, ‘সঠিকভাৱে ক’বলৈ গ’লে নিজকে ৰক্ষা কৰিব পৰা বাওঁপন্থী শিল্প আছেনে?’। কিন্তু অতিবাস্তৱবাদে সঁচাকৈয়ে এনে কলা আগবঢ়াইছে বুলি তেওঁৰ দৃঢ় বিশ্বাস থকাৰ পিছতো ব্ৰেটনে বিপ্লৱী সমাজবাদৰ কাৰ্য্যৰ প্ৰতি অতিবাস্তৱবাদীসকলৰ দায়বদ্ধতা আৰু অতিবাস্তৱবাদী শিল্প আৰু সাহিত্যই যি ৰূপ লৈছিল, তাৰ মাজত তাত্ত্বিক সংযোগ স্থাপনৰ বাবে সদায় সংগ্ৰাম কৰিছিল। Obscure Objects of Desire নামৰ গ্ৰন্থখনত এনে এটা সম্পৰ্ক কেনেদৰে নিৰ্মাণ কৰা যায় সেই দিশৰ সম্ভাৱনাসমূহ অনুসন্ধান কৰা হৈছে। জোহানা মাল্টৰ কিতাপখন এষাৰ কথাই মন টানি নিয়ে- সুৰৰিয়েলিষ্ট শিল্প আৰু সাহিত্যক ৰাজনৈতিক হিচাপে পঢ়া মানে এই নহয় যে সম্পূৰ্ণ আন্দোলনটো ৰাজনৈতিক প্ৰেৰণাত চালিত আছিল। অথবা, অতিবাস্তৱবাদী শিল্প আৰু সাহিত্যৰ ৰচনাক ৰাজনৈতিক বুলি পঢ়াটো আৰু অতিবাস্তৱবাদী আন্দোলনটো ৰাজনৈতিকভাৱে প্ৰেৰিত বুলি গণ্য কৰাটো কোনো কাৰণতে একে নহয়।
এই শেষোক্ত কথাখিনি আগবঢ়াই নিবলৈকে আজিৰ আলোচনাটো। কেৱল ছুৰিয়েলিষ্ট বা অতিবাস্তৱবাদী শিল্পসম্পৰ্কেই নহয়। যিকোনো শিল্পৰ সম্পৰ্কেই এই কথা প্ৰযোজ্য। ৰাজনৈতিক শিল্প বুলি কিবা থাকে জানো? হয়তো থাকে। অন্ততঃ কিছুমান শিল্পই নিজেই নিজকে সেইবুলি ঘোষণা কৰে। যদিহে ৰাজনৈতিক শিল্প বুলি কিবা থাকে তেন্তে তাৰ মানেটো হ’ল, অৰাজনৈতিক শিল্প বুলিও কিবা থাকিব লাগিব। যৌক্তিকভাবে এইখিনি কথাত আমি পতিয়ন গৈয়ো আকো একেটা সুৰতে এতিয়া এইটো প্ৰশ্ন সন্মুখলৈ অনা যাওক- অৰাজনৈতিক শিল্প বুলি কিবা থাকে জানো? এইটোৱেই মজাৰ কথা যে, নাথাকে।
বহলভাবে দুই ধৰণৰ ৰাজনৈতিক শিল্প আমি দেখা পাইছোঁ— ঘোষিত ৰাজনৈতিক, আৰু আৰোপিত ৰাজনৈতিক।
ঘোষিত বুলোঁতে স্ব-ঘোষিতও বুজাইছোঁ। ইয়াত শিলকৰ্মটোৱে বা শিল্পীয়ে নিজেই ইয়াক এটা ৰাজনৈতিক কৰ্ম বুলি ঘোষণা কৰে। পাকঘৰৰ চেনীৰ বৈয়ামটোত চেনী বুলি লিখি লগাই দিয়া লেবেলটোৰ দৰেই। এই লেবেলিং বা লেবেল লগোৱা কথাটোতো বিতৰ্কৰ অৱকাশ আছে। বহুল সংখ্যক শিল্প-দ্ৰষ্টা বা দৰ্শকে এইটো সমৰ্থন নকৰে। শিল্প সম্পৰ্কে এটা বিমূৰ্ত ধাৰণাৰ ফলতে এনে ঘটে। এইটো দৃষ্টিভংগী ইমানেই ব্যাপক যে যিকোনো ক্ষেত্ৰতে কোনো ধৰণৰ লেবেলিঙৰেই তেওঁলোকে বিৰোধিতা কৰে। ইয়াৰ প্ৰভাৱ অধ্যয়নৰ বাবে প্ৰয়োজন হোৱা শ্ৰেণীবিভাজনৰ ওপৰতো পৰে। চিনেমা মানে কেৱল চিনেমা, সমান্তৰাল বা মূলসূঁতি বুলি ইয়াত কি কথা আছে— এই কথাষাৰ আজিকালি সঘনাই শুনো। কিন্তু শৈলীগত, পদ্ধতিগত, মতাদৰ্শগত বিভিন্ন পৰিপ্ৰেক্ষিতেৰে শ্ৰেণীবিভাজনৰ প্ৰাসংগিকতা আহি পৰেই যাক এৰাই চলিব নোৱাৰি। ভূপেন হাজৰিকাৰ ভালেখিনি কৰ্মই ৰাজনৈতিক, স্বঘোষিত অৰ্থেৰেও হয়, আৰু পৰৱৰ্তি কালত শ্ৰোতা-দৰ্শকৰ দৃষ্টিৰে ঘোষিত অৰ্থৰেও হয়।
আনহাতে আৰোপিত বুলি যাক বুজাইছোঁ, সেয়া হ’ল যি শিল্পী (বা যাৰ আঁৰত থকা শিল্পীয়ে) সজ্ঞানে হয়তো কোৱা নাই যে ই এক ৰাজনৈতিক শিল্প। কিন্তু হয় শ্ৰোতা-দ্ৰষ্টাৰ অনুধাৱন বা অধ্যয়নে তাক ৰাজনৈতিক বুলি চিহ্নিত কৰিছে, নহয় কালক্ৰমত পৰিস্থিতি সাপেক্ষে সি এক ৰাজনৈতিক প্ৰসংগ যাদৃচ্ছিকভাৱে গ্ৰহণ কৰিছে। আমি আৰম্ভণীতে উল্লেখ কৰি অহা এলিচৰ এডভেন্সাৰৰ কাহিনীখিনিৰ মাজত দেখা পোৱা ৰাজনৈতিক দিশবোৰ এই ক্ষেত্ৰত এটা উদাহৰণ।
অলপ সাধাৰণীকৰণৰ দোষে চুব, তথাপি ক’ব
পাৰি, মানুহ মূলগতভাবে ৰাজনৈতিক প্ৰাণী, আৰু সেই সূত্ৰেই মানৱসৃষ্ট এনে কোনো বস্তুপদ
নাই য’ত ৰাজনীতিৰ অনুষংগ নাই অথবা কালক্ৰমত য’ত ৰাজনীতিৰ আঁচোৰ পৰিব নোৱাৰে। প্ৰেম
আৰু বিদ্ৰোহৰ পাৰস্পৰিক সম্পৰ্কৰ শিল্পসমূহে এই কথা আৰু বেছি স্পষ্টকৈ বুজিবলৈ সহায়
কৰে। জীৱনী হিচাপে পঢ়িবলৈ গৈ কৈফী আজমি বা ফঈজ আহমদ ফঈজক আমি প্ৰতিবাদী বিপ্লৱী সত্বা
বুলি জানিবলৈ পাই যদি তেওঁলোকৰ গান একোটা শুবলৈ বহোঁ তেতিয়া আমি অলপ তভক মাৰি ৰ’বলগীয়া
হয়— এয়া কি, এয়া দেখোন তেনেই নিভাঁজ এটা প্ৰেমৰ গানহে! এইখিনি কথা পাতি থাকোঁতে বিগত
এমাহ কাল ধৰি অসমত যি পৰিস্থিতি চলি আছে তালৈ চালেও এটা উদাহৰণ জলজল পটপতকৈ সন্মুখতে
আছে। ২০০২ চনত এখন কমাৰ্চিয়েল অসমীয়া চিনেমাৰ বাবে জুবিন গাৰ্গ নামৰ গীতিকাৰ সুৰকাৰ
গায়কজনে সৃষ্টি কৰা ‘মায়াবিনী’ নামৰ গানটো নিশ্চয়কৈ এটা প্ৰেমৰেই গীত। ৰোমাণ্টিক গীত
বুলিয়েই ইয়াৰ লেবেলিং- ইয়াত কোনো দ্বিমত নাছিল আৰু নায়ো। কিন্তু জুবিন গাৰ্গৰ মৃত্যুৰ
পৰৱৰ্তী কালত বিপুল জনসমাজত এই গানটোৱে যি এটা অভূতপূৰ্ৱ অবৰ্ণনীয় প্ৰপঞ্চৰ সৃষ্টি
কৰিলে, সি নিতান্তই এক ৰোমাণ্টিক প্ৰেমানুভূতিৰ গান-মাত্ৰ হৈ নাথাকি অন্য এটা পৰ্যায়লৈ
নিজকে উন্নিত কৰিলে। কথাবোৰ এনেকুৱাই। শিল্পত কিছুমান ৰাজনীতি ঘোষিত আৰু স্বঘোষিত,
কিছুমান ৰাজনীতি আৰোপিত, কিছুমান ৰাজনীতি যাদৃচ্ছিকভাবে ঘটি যোৱা ঘটনা।
সমুদ্ৰ কাজল শইকীয়া
kankhowa@gmail.com, +91 9811375594

No comments:
Post a Comment