["দৈনিক অসম"ৰ দেওবৰীয়া চ'ৰাত প্ৰকাশিত, ২৬ অক্টোবৰ, ২০২৫]
অসমৰ সৃষ্টিশীল জগতখনত সংগীতেই আটাইতকৈ বেছিকৈ উদযাপিত হয় আৰু ‘চেলিব্ৰিটী’ৰ ধাৰণাটো সংগীতশিল্পীৰ ক্ষেত্ৰতহে দেখা যায়। ব্যাপক ৰূপত উদ্যোগ এটাই গঢ় লৈ নুঠাৰ ফলতেই কিজানি অসমীয়া চিনেমা বা নাটকৰ অভিনেতা এজন বলিউড বা দক্ষিণৰ চিনেমা জগতৰ লেখীয়াকৈ চেলিব্ৰিটী হৈ উঠা তেনেকৈ নেদেখোঁ। তাৰ পৰিৱৰ্তে সংগীতশিল্পীৰ জনপ্ৰিয়তা তুংগত উঠা আমি দেখি আহিছোঁ। ভূপেন হাজৰিকা, খগেন মহন্ত, জুবিন গাৰ্গ- এয়া এক দীঘলীয়া পৰিক্ৰমা আৰু আমাৰ সমুখত এনে উদাহৰণ ভালেখিনি আছে। সংগীতশিল্পী বোলোঁতেও আকৌ শিল্পীগৰাকী সুকণ্ঠী হোৱাটো জৰুৰী। এই জনপ্ৰিয়তাৰ খেলখন কেৱল গায়ক-গায়িকাৰ ক্ষেত্ৰতহে প্ৰযোজ্য। তুমুল জনপ্ৰিয়তাৰ শিখৰত অৱতীৰ্ণ বহুতো সংগীতশিল্পৰ আকৌ গীতিকাৰ, সুৰকাৰ, বাদ্যযন্ত্ৰী আদিৰ নামোল্লেখ পৰ্যন্ত নাথাকে। এই কথাক লৈ আক্ষেপ মাজে মাজে শুনা যায়, কিন্তু ইয়াৰ কোনো সমাধান ওলোৱা নাই। সৌ তাহানিৰ কলকাতাত ছপা হৈ ওলোৱা গ্ৰামোফোন ৰেকৰ্ডত থকা তথ্য বিসংগতি আৰু বানান ভুলৰ পৰম্পৰা আজিও বৰ্তি আছে। অতি সমসাময়িক কালত জনপ্ৰিয়তাৰ চৰম সীমা স্পৰ্শ কৰা গায়ক জুবিন গাৰ্গৰ গীতসমূহৰো সৃষ্টিৰ তথা পৰিৱেশনৰ আঁৰৰ সহশিল্পীসকল সম্পৰ্কে শুদ্ধ তথ্য বিচাৰি পাবলৈ কঠিন। অথচ আমি সকলোৱেই জানো যে সংগীত মূলগতভাবে এক সামূহিক চৰ্চা, এটা ক’লাবোৰেটিভ বা সহযোগিতাৰ পৰিৱেশতহে সংগীতৰ চৰ্চা সম্ভৱপৰ হৈ উঠে। তেন্তে সহযোগী শিল্পীক এলাগী কৰি কেৱল গায়ক-কেন্দ্ৰিক উচ্ছাসখিনিয়ে ইয়াকে বুজায় যে শিল্পচৰ্চাত থাকিবলগীয়া ন্যুনতম সৌহাৰ্দ্যখিনিও আমাৰ ইয়াত মানি চলা নহয়।
এই সপ্তাহতে, যোৱা তিনি অক্টোবৰ তাৰিখে বাঁহীবাদক হিচাপে বিপুল জনপ্ৰিয়তা লাভ কৰা দীপক শৰ্মাৰ বিয়োগ ঘটে। অসমৰ সাংস্কৃতিক পৰিমণ্ডলত সম্ভৱতঃ দীপক শৰ্মায়েই একমাত্ৰ প্ৰসিদ্ধ ব্যক্তি— যি কণ্ঠশিল্পী নহয়, বাদ্যযন্ত্ৰী। আমাৰ জনমানসত সংগীতৰ বুজাপৰাবোৰ কেৱল কণ্ঠ-নিগৰিত শব্দ আশ্ৰিত। ইনষ্ট্ৰুমেণ্টেল মিউজিক বা বাদ্যযন্ত্ৰনিৰ্ভৰ ‘বিশুদ্ধ’ সংগীতৰ বোদ্ধা আমাৰ মাজত কম। সেয়েই কিজানি, শাস্ত্ৰীয় সংগীতৰ কোনো ঘৰাণাও আধুনিক অসমত টনকিয়াল নহয়। ধ্ৰুপদী পৰম্পৰাগত চৰ্চাসমূহ সমসাময়িক সময়ত স্তিমিত হৈ আহিছে আৰু সামগ্ৰিকভাবে ‘গীত’-নিৰ্ভৰ জনপ্ৰিয় আধুনিক সংগীতৰ মাজতেই আমৰ সংগীতৰ চৰ্চা সীমিত হৈ আহিছে। সেই ক্ষেত্ৰত দীপক শৰ্মাই অৰ্জন কৰা গুৰুত্ব আৰু জনপ্ৰিয়তাখিনি প্ৰণিধানযোগ্য আৰু এই ছেগতে বাদ্য-বাদনক গুৰুত্ব দি সংগীত সম্পৰ্কীয় আলোচনাখিনি আগবাঢ়িবৰ বাট এইখিনিতে মুকলি হ’লে ভাল কথা হ’ব।
মাত্ৰ কেইদিনমান আগতে ৩০ অক্টোবৰ তাৰিখে আমি অসমৰ এগৰাকী কণ্ঠশিল্পী, গীতিকাৰ, অভিনেতা, আবৃত্তিকাৰ, সুৰকাৰ তথা অনাতাঁৰ ঘোষক চৈয়দ ছাদুল্লাকো হেৰুৱাইছোঁ। তাৰ কিছু আগেয়ে হেৰুওৱা জুবিন গাৰ্গৰ শোকত সমগ্ৰ ৰাজ্যখন ম্ৰিয়মান এতিয়াও হৈয়েই আছে। মন কৰিবলগীয়া যে চৈয়দ ছাদুল্লা আছিল এজন অনবদ্য গীটাৰিষ্ট আৰু ১৮০-ৰো অধিক গীতত সুৰাৰোপ কৰা সুৰকাৰ। বাদ্যযন্ত্ৰী হিচাপে ছাদুল্লাৰ খ্যাতি আছিল আৰু জুবিন গাৰ্গৰো সাধনা আৰম্ভ হৈছিল বাদ্যযন্ত্ৰী হিচাপেই। সংগীত সম্পৰ্কীয় আলোচনাসমূহ একান্তই গীতিসাহিত্য-নিৰ্ভৰ আৰু কণ্ঠশিল্প-কেন্দ্ৰিক হৈ নাথাকি সংগীতৰ সামগ্ৰিকতাৰ ফালে ধাৱমান হওক- বিগত সময়চোৱাত ঘটা তিনিটা মৃত্যুৰ এই দুখদায়ক বতৰত এয়া এক আহ্বান।
গৰীব শিল্পীৰ ৰাজনীতি
কবি প্ৰণৱ কুমাৰ বৰ্মনৰ ভাষাৰে দীপক শৰ্মা অসমৰ এনেকুৱা এগৰাকী শিল্পী যি ৪২ খন দেশত দ্বিশতাধিকবাৰ বাঁহী বজাইছে। ২০২৫ চনৰ ৩ নৱেম্বৰ তাৰিখে ৫৭ বছৰ বয়সত মৃত্যু হোৱাৰ আগেয়ে তেওঁ যকৃত ৰোগত আক্ৰান্ত হৈ কেইবাবছৰ ধৰি অসুস্থ হৈ আছিল। আৰ্থিক অনাটন আৰু অৱহেলাৰে পৰিসমাপ্তি ঘটা শিল্পীৰ জীৱন— এই দিশটোৱে আকৌ এবাৰ গুৰুত্ব লাভ কৰিছে। অসমত শিল্পীৰ আৰ্থিক দুৰাৱস্থা এটা চিৰাচৰিত প্ৰসংগ। এয়া গুৰুত্বসহকাৰে পাতিবলগীয়া বিষয় যদিও নৈৰ্ব্যক্তিক আৰু ব্যৱহাৰিক সমাধানকল্পে কৰা আলোচনা আমাৰ মাজত বিৰল। বৰঞ্চ দুখৰ বিষয় এয়ে যে এই দিশৰ আলোচনাখিনিয়ে শিল্পী এজনৰ কামৰ মূল্যায়ণৰ পৰা আমাৰ মনযোগ আঁতৰাই ই এক পুতৌজনক স্থিতিলৈহে লৈ যায় শিল্পী-ব্যক্তিক। শিল্পী মানেই দাৰিদ্ৰ্যৰ মাজেৰে জীৱন কটাবই লাগিব, আৰু জীৱিতকালতেই শিল্পীব্যক্তি কেনেকৈ লাঞ্ছনা-গঞ্জনাৰ সন্মুখীন হৈছিল তাৰ এটা নেৰেটিভ নিৰ্মাণ কৰিবই লাগিব সেয়াও যেন এক অলিখিত বিধান হৈ পৰিছে— যিটো হোৱা অনুচিত। প্ৰায়োগিক সমাধানকল্পে কৰা আলোচনা এটা অন্য বিষয় আৰু দুখ-দাৰিদ্ৰ্যক কল্পনাৰ ৰহণ সানি ৰোমাণ্টিচাইজড কৰা আন এটা কথা। কামেৰেই যিহেতু শিল্পীয়ে নিজৰ পৰিচয়টো গঢ় দিবলৈ বিচাৰে, এজন শিল্পীৰ বিয়োগৰ সময়ত তেওঁৰ কামৰ কথায়েই প্ৰাধান্য পোৱা উচিত। জীৱদ্দশাত কিবা নহ’ল যদিও এতিয়া অন্ততঃ আগতে নপতা কথাবোৰ পাতোঁ আহক— এয়াহে হোৱা উচিত আমাৰ স্থিতি।
কেৱল অসমৰ কথা নহয়, সমগ্ৰ বিশ্বতে শিল্পী সাহিত্যিকৰ অভাৱ-অনাটনৰ কথা প্ৰচলিত। চিত্ৰশিল্পী ভেন গঘৰ পৰা সাহিত্যিক ফ্ৰাঞ্জ কাফকালৈ দুৰ্দশাৰ মাজেৰে জীৱন সমাপ্ত কৰা শিল্পী-সাধকৰ কাহিনীৰ অন্ত নাই। আমি আগতেও এই দৈনিক অসমৰ পাততেই এই আলোচনা কৰি আহিছোঁ। “এনে আনুষংগিক নেৰেটিভৰে বলি হৈ আটাইতকৈ ক্ষতিগ্ৰস্থ হ’ল অসমীয়া সাহিত্যিক-শিল্পীকূল। “তুমিতো জানাই এই কবিৰ আৰু একো নাই” বোলা নেৰেটিভটোৱে অসমীয়া কবিক ধনী হ’বলৈ নিদিলে। শিল্পীয়ে সুন্দৰৰ উপাসনা কৰে বোলা নেৰেটিভটোৰ ফলতে এজনে যদি লিখে স্মৃতিৰ জোনাক, আনজনে লিখে স্মৃতিৰ ৰ’দালি। এজনে যদি গায় জোনাকী ৰাতি, আনজনে গায় উজাগৰী নিশা। এই নেৰেটিভবোৰ আমাৰ সামুহিক চেতনাত ইমানেই আগবাঢ়ি গ’ল যে দাৰিদ্ৰ্যৰ উদযাপন আৰু গৰিমা বিস্তাৰে ধৰ্ষকামী (sadist) মনস্তত্বক প্ৰতিপালন কৰিবলৈ ল’লে। ক্ৰীড়াজগতৰ কথাবতৰাতো বহুজনে বিশ্লেষণ কৰি ক’বলৈ ল’লে কেনেকৈ দাৰিদ্ৰইহে ক-ৰ, খ-ৰ অথবা গ-ৰ অধ্যাৱসায় আৰু কৃতকাৰ্যতাক সহায় কৰিছিল। এইটো হয় যে খেলুৱৈসকলৰ সংগ্ৰামৰ কাহিনী আন হাজাৰজনৰ কাৰণে অনুপ্ৰেৰণাৰো কাহিনী। কিন্তু তাৰ মানে এইটো হ’ব নালাগে যে দৰিদ্ৰতা অথবা সা-সুবিধাবোৰৰ পৰা বঞ্চিত হৈ ৰ’বলগীয়া পৰিৱেশ একোটাক আমি গৰিমামণ্ডিত কৰি থাকিম” [‘দৈনিক অসম’ৰ দেওবৰীয়া চ'ৰা, ২২ আগষ্ট, ২০২১]। এইখিনি কথাৰ আধাৰত আমি দৰিদ্ৰতাক মহিমামণ্ডিত কৰাৰ প্ৰৱণতাটোক “আই-ঐ-দেহী সংস্কৃতি” বুলিছিলোঁ।
শিল্পীৰ দুৰাৱস্থা সংক্ৰান্তীয় সামাজিক স্তৰৰ কথাখিনিত আমি স্ববিৰোধ দেখা পাওঁ আৰু মূল সমস্যা সেইটোৱেই। শিল্পীৰ দাৰিদ্ৰ্যক লৈ সহানুভূতি বা পুতৌ দেখুওৱাৰ মানে এইটো বুজি ল’ব নালাগিব যে জনসমাজে কোনোবা শিল্পীক আৰ্থিক দিশত সুচল আৰু স্বাৱলম্বী হোৱাটো কামনা কৰিছে। জনতাই শিল্পী দুখীয়া হোৱাক লৈ কন্দাকটা কৰিব ঠিকেই, কিন্তু শিল্পী চহকী হোৱাটোও তেওঁলোকে কামনা নকৰে। নহ’লে শিল্পী যদি সম্পত্তীশালী আৰু ধনী হৈ উঠে, আঐ ঐ দেহী বেচেৰাটো বুলি সেই কন্দাকটাখন কেনেকৈ কৰিব?
এজন শ্ৰদ্ধাস্পদ সমালোচকে অলপতে এটি আলোচনাত ভূপেন হাজৰিকাই কেনেকৈ এটা সময়ত অৰ্থ আহৰণৰ কাৰণে তেওঁৰ আদৰ্শ আৰু নিজস্ব ধাৰাৰ বাহিৰলৈ গৈয়ো কিছুমান কামত স্বনিয়োজিত কৰিবলগাত পৰিছিল সেই কথাক লৈ কটাক্ষ কৰে। কিন্তু তাৰ পিছতে ‘অৱশ্যে’ বুলি ভূপেন হাজৰিকাই যে কেৱল ধন ধন কৰি ধনকে গঢ়ি সম্পত্তিৰ পাহাৰ গঢ়ি যাব নোৱাৰিলে আৰু শেষ বয়সত তেওঁও আৰ্থিক দুৰ্দশা ভূগিবলগীয়া হ’ল সেই কথা উল্লেখ কৰে। এই উল্লেখখিনিয়ে আমাক এনেকৈ ভাবিবলৈ অনুমতি দিয়ে যে ভূপেন হাজৰিকাই বাৰু “সম্পত্তিৰ পাহাৰ” গঢ়িব নোৱাৰিলে, কিন্তু যদি পাৰিলেহেঁতেন তেতিয়া কি হ’লহেঁতেন? গায়ক, সাহিত্যিক, শিল্পী এজনে নিজৰ জীৱিত কালতেই অগাধ সম্পত্তি আহৰণ কৰাত সমস্যাটো কি? ধন টকা পইচা গোটাই নিজৰ পা-পৰিয়ালক চম্ভালি সুখে-সন্তোষে চকু মুদা শিল্পী এজনৰ শিল্পকৰ্মৰ শিল্পগূণ কেনেবাকৈ কমি যায় নেকি?
এই একেটা মানসিকতাৰে উদ্গীৰণ দেখা পালোঁ সদ্যপ্ৰয়াত জুবিন গাৰ্গক কেন্দ্ৰ কৰি। তথাকথিত এমেচাৰ চৰ্চা, বা ব্যৱসায়িক আৰু বাণিজ্যিক মহলটোৰ পৰা দূৰৈত অৱস্থান কৰা শিল্পী তেওঁ কোনোদিনেই নাছিল। বৰঞ্চ গাৰ্গ আছিল বিগত তিনিটা দশকত আটাইতকৈ বেছি পেশাগতভাৱে সফল ব্যক্তি, হায়েষ্ট পেইড পাৰফৰমাৰ। জীৱনৰ শেষৰ ফালে তেওঁৰ ধন-সম্পত্তিক লৈ আন আন মানুহে বেমেজালী ঘটোৱাৰ এলানি কাহিনী পোহৰলৈ আহিছে আৰু এই মুহূৰ্তত সেইবোৰ কাহিনী মানুহৰ মুখে মুখে। তথাপি নাখাই মৰিবলগীয়া হোৱা দিন এইজন শিল্পীৰ কোনোকালেই আহিবলগীয়া নাছিল। দাৰিদ্ৰ্য বুলিলে যি বুজা যায় বা জনতাৰ অৱহেলা বুলিলে যি বুজা যায় সেয়া জুবিন গাৰ্গৰ কাহিনীটোত খাপ নাখায়। তেন্তে এতিয়া কি কৰা যায়? তাৰ মাজতো এচাম ব্যক্তিৰ মাজত এনে চৰ্চাই নিজাকৈ অলপ ঠাই উলিয়াই ল’লেই যে— আমাৰ প্ৰাণৰ শিল্পীজনে নিৰ্মীয়মান ঘৰটোও সম্পূৰ্ণ কৰি ল’ব নোৱাৰিলে বা নিজৰ গাড়ীখনৰো লোন মাৰিব নোৱাৰিলে ইত্যাদি। সীমা চেৰাই গ’ল তেতিয়া, যেতিয়া জনৈক ব্যক্তিয়ে প্ৰস্তাৱ দিলে যে কোনোবা এটা বৃত্তৰ মানুহৰ পৰা এশ টকাকৈ বৰঙনি তুলি সেই ধনৰাশি হেনো তেওঁলোকে গাৰ্গৰ পত্নীৰ হাতত তুলি দিব। শেষ বয়সত শিল্পী দুখীয়া হৈ মৃত্যুবৰণ কৰিবলগীয়া হোৱাৰ কাহিনীটোক সাৰ-পানী দিয়াৰ বাহিৰে এইবোৰ আন একো নহয়।
জনতাৰ সৈতে সংযোগ স্থাপন কৰে ৰাজনীতিকসকলে আৰু শিল্পীসকলে। জনতাৰ মনৰ নিভৃত কোণলৈকে স্পৰ্শ কৰি শিল্পীকূলে যেনেকৈ আন্তৰিক সংযোগ স্থাপন কৰিব পাৰে সেয়া আন কোনেও নোৱাৰে। সেইখিনিতেই শিল্পীৰ ক্ষমতাৰ সম্ভাৱনা অপৰিসীম। শিল্পীৰ ক্ষমতাশীল হৈ উঠাটো পূৰ্বাপৰ ক্ষমতাসীন মহলে কেতিয়াও নিবিচাৰে আৰু সেই সূত্ৰেই শিল্পীসকলক দুৰ্বল, অসহায় আৰু পুতৌজনক অৱস্থানত দৰ্শাব পাৰিলে ক্ষমতাশালীসকলৰ অভিপ্ৰায় সিদ্ধ হয়। অতি সহজ ভাষাত, শিল্পীৰ দেখোন নিজৰেই অৱস্থা শোচনীয়, যি খেয়ালী আৰু উন্মাদ, তেওঁ আকৌ দেশ-দুনীয়াৰ কথা কি জানিব? দুৰ্দশাগ্ৰস্থ শিল্পীজীৱনক লৈ আৱেগধৌত উষ্মাপ্ৰকাশৰ আঁৰৰ ইও এক দিশ। শিল্পীৰ প্ৰতি সাধাৰণজনৰ মনৰ আৱেগৰ ই এক সহজ বহিৰ্প্ৰকাশ ভাবি থাকিলে ভুল হ’ব, আৰু প্ৰাত্যহিকতাৰ জীৱনচৰ্যাত নিহিত থকা ৰাজনীতিখিনিক উপেক্ষা কৰি চলা হ’ব। ফৰাছী দাৰ্শনিক Henri Lefebvre-ৰ দৰেই আমিও বিশ্বাস কৰোঁ যে দিন-প্ৰতিদিনৰ জীৱন মানে কেৱল ব্যক্তিগত জীৱনৰ দিনচৰ্যা নহয়, বৰং পুঁজিবাদ, নগৰায়ন, ৰাজনীতি, সংস্কৃতি, উপভোক্তাবাদ আৰু আধুনিকতাৰ নিৰন্তৰ প্ৰক্ৰিয়াই যি জীৱনশৈলী গঢ়ি তোলে— সেই সকলো একেলগে প্ৰাত্যহিকতাৰ অংশ। The everyday is the space where life happens, silently shaped by the structures of modern society.
যেনিবা পুঁজিবাদৰ বিৰোধিতা কৰাৰ গুৰুদায়িত্ব কিংবা “ধন জন মিছা মায়া সপোনৰে মাথোঁ ছায়া” বুলি ভাববাদী দৰ্শনক সাৰোগত কৰাৰ ভাৰখিনি কেৱল শিল্পীৰ কান্ধতহে ৰয়গৈ!
সমুদ্ৰ কাজল শইকীয়া
kankhowa@gmail.com, +91 9811375594

No comments:
Post a Comment