ডঃ বাণিকান্ত কাকতি

...সাহিত্যৰ ক্ষেত্রত নতুনকৈ কৰিবলগীয়া কাম একো নাই। সাহিত্য ধ্বনি আৰু প্রতিধ্বনি মাথোন। পূর্বপুৰুষ সকলৰ ভাবৰ ধ্বনি যাৰ হৃদয়ত পুৰাকৈ প্রতিধ্বনিত হয় সিয়েই সফলতা লাভ কৰে... ডঃ বাণীকান্ত কাকতি, বাঁহী, ১৩শ বছৰ, অষ্টম সংখ্যা, আঘোণ, ১৮৪৭ শক।

Blog Archive

Saturday, November 29, 2025

পেখু পেখু (৮৭) : অনাভিধানিক অভিধা আৰু ‘পপুলাৰ’ৰ সংজ্ঞা


জনপ্ৰিয় মানে আক্ষৰিক অৰ্থৰে জনতাৰ প্ৰিয় হ’ব লাগে যদিও সদায়ে সি নহ’বও পাৰে। জনপ্ৰিয় মানে খ্যাত, সকলোৱে জনা আৰু ব্যাপকভাবে প্ৰচলিত অৰ্থটোকহে বেছিকৈ সাঙুৰি লোৱা হৈ থাকে। সেই দিশেৰে জনতাৰ চৰম অপ্ৰিয় ব্যক্তি এজন বা বিষয় এটাকো জনপ্ৰিয় বোলা হৈ থাকে। সময়ৰ সৈতে শব্দৰ মানেবোৰ সলনি হৈ গৈ থাকে। আভিধানে শব্দৰ অৰ্থক ধৰি ৰাখিবলৈ চেষ্টা কৰে যদিও আভিধানিক অৰ্থতকৈ ব্যৱহাৰিক আৰু প্ৰায়োগিক অভ্যাসেৰেহে শব্দবোৰৰ আচল মানেবোৰ প্ৰকাশ হৈ গৈ থাকে, ভাষা এটাই তেনেকৈয়ে কাম কৰে। আমি আমাৰ ‘ডিছপোজেবল সূৰ্য’ নামৰ কবিতাপুথিৰ আৰম্ভণীতে সেয়ে পপুলাৰ স্তৰত মিষ্টাৰ ৰাজকুমাৰ বুলি পৰিচিত সাংস্কৃতিক কৰ্মীগৰাকীৰ কথা এষাৰ উল্লেখ কৰিছিলোঁ, “...চুদ্ধ ভাচা বোলনে কি জৰুৰত হে তো পেহলে গ্ৰামাৰ চিষ্টি হোনা চাহিয়ে, গ্ৰামাৰ তো পেহলে চিষ্টি নেহী হুৱা...” (মিঃ ৰাজকুমাৰ, A Wondrous Army)। 

বিংশ আৰু একবিংশ শতিকাৰ সন্ধিক্ষণৰে পৰা দৈনন্দিন জীৱনৰ প্ৰায়োগিক প্ৰযুক্তি আৰু তথ্য-প্ৰযুক্তিৰ দ্ৰুত তথা নিৰন্তৰ সঘন অভূতপূৰ্ৱ উত্তৰণ, বিকাশ আৰু সালসলনিয়ে সামাজিক, ৰাজনৈতিক আৰু সাংস্কৃতিক জীৱনত ব্যৱহাৰ হৈ থকা শব্দবোৰৰ অৰ্থলৈকো দ্ৰুত পৰিৱৰ্তনৰ আগমন ঘটাইছে। শব্দৰ প্ৰায়োগিক মানে কেনেকৈ কালক্ৰমত সলনি হয় সেইটো বুজাবলৈ আমি প্ৰায়ে ‘ধুৰন্ধৰ’ শব্দটোৰ উদাহৰণ দিওঁ। জ্ঞানী বা বুদ্ধিমান বুজাব পৰা এটা সদৰ্থক শব্দ কেনেকৈ ধুৰ্ত আৰু টেঙৰ বুজোৱা এটা নেতিবাচক শব্দ হৈ থাকিল সেয়াই। কিন্তু সেইবোৰ ঘটিছিল বহুদিনৰ চৰ্চাৰ যাদৃচ্ছিক পদ্ধতিৰে। আজিকালি শব্দ এটাই পূৰ্বাপৰ ৰূপ সলাই ন-ৰূপ ল’বলৈ বেছি সময় নালাগে। চ’চিয়েল মিডিয়া বা সামাজিক মাধ্যমে এই কামটো কৰে আটাইতকৈ বেছিকৈ। আন নালাগে সমাজ মূলৰ পৰা অহা সামাজিক আৰু সমজুৱা-ৰ শাৰীৰিক ভৌতিক আৰু স্পৰ্শক্ষম বাস্তৱতাক ই ভাৰ্চ্যুৱেল এটা ৰূপলৈ কেনেকৈ লৈ গ’ল সেই পৰ্যবেক্ষণ বৰ বেছি দিনৰ পুৰণি নহয়। বন্ধু, অনুৰাগী, পৰিয়াল আদি সকলো শব্দৰে এতিয়া অন্য সমান্তৰাল অৰ্থৰ জগত একোখন আছে। কোনোবাই হঠাতে কোৱা যদি কাণত পৰে যে “মোৰ মেম’ৰী হেৰাইছে বা কমি আহিছে”, তাৰ মানে আপুনি থিতাতে তেওঁৰ স্মৃতিশক্তি কমি আহিছে বুলি বুজি নল’ব, তেওঁ নিজৰ কম্পিউটাৰৰ মেম’ৰীৰ (RAM) কথাও ক’ব পাৰে। ‘ভাইৰেল’ শব্দটো আছিল ভাইৰাছৰ পৰা, সোঁচৰা ব্যাধিৰ প্ৰসংগেৰে; সহজে সমাজত বিয়পি যাব পৰা দৃশ্য-শ্ৰাৱ্য শিল্পকৰ্ম এটাক এতিয়া মানুহে ভাইৰেল বোলা হ’ল। ভাইৰেল বুলিলে এতিয়া আৰু কোনেও ৰোগ-ব্যাধিলৈ মনত নেপেলায়, মনত পেলায় এটা ভিডিঅ’ বা গান। এতিয়া সামাজিক মাধ্যমত আমি ‘ট্ৰ’ল’ মানে আন কিবা এটা বুজোঁ, কিন্তু হেনো আচলতে এই শব্দটোৰে প্ৰাচীন লোককথাত থকা দেখাত কুৎসিত আৰু হয় বিশালাকায় নহয় বাওনা দানৱকহে বুজোৱা হৈছিল। আন নালাগে cloud মানেই আৰু আকাশৰ মেঘ মাত্ৰ নহয়, হ’বপাৰে তথ্য সঞ্চয় কৰি থ’ব পৰা ভঁৰাল একোটা। Content মানে বিষয়বস্তু বুলি যিটো তাৰ প্ৰচলিত অৰ্থ আছিল, সমাজিক মাধ্যমৰ কণ্টেণ্টৰ ব্যাখ্যা অলপ বেলেগ। 

এনেকৈ প্ৰতিনিয়ত শব্দবোৰৰ সমান্তৰাল অৰ্থৰ অন্য জগত এখন নিৰ্মিত হৈ গৈ আছে। বিশ্বৰ বহুখিনি ঠাইতে ইংৰাজী ভাষাৰ ব্যাপক ব্যৱহাৰৰ এটা মূল কাৰণ হ’ল এই ভাষাটোৰ ব্যৱহাৰৰ নমনীয়তা। ব্যাকৰণগত ভাবে ভুল পদ্ধতি বা প্ৰয়োগ এটাকো বাণিজ্যিক বিজ্ঞাপনধৰ্মী চৰ্চাই বাৰম্বাৰ প্ৰচলন কৰি কৰি তাক জনমানসত সাব্যস্ত কৰি দিয়ে। এটা বিশেষ্যপদক ক্ৰিয়াপদৰ ৰূপ দিয়া নাযায়, noun এটাৰ সৈতে ‘-ing’ উপসৰ্গ লগোৱাটো স্বাভাৱিক নাছিল, কিন্তু আজিকালি এনেবোৰৰ ব্যতিক্ৰম দেধাৰ। Game এটা noun, Ghost এটা noun, Text এটা noun, কিন্তু আজিকালি Gaming, Ghosting বা Texting ধৰণৰ শব্দ আমাৰ বাবে আৰু আচহুৱা হৈ থকা নাই। “X friended or unfriended Y” ধৰণৰ কথাবাৰ্তা এতিয়া তেনেই স্বাভাৱিক। 

অৰ্থৰ সলনি ঘটা বা semantic shift-ৰ এই কাৰবাৰটো বুজাব পৰা resemanticization বুলি অভিধা এটা পালোঁ (এই শব্দটো মোৰ বাবেও নতুন)। এই পৰিৱৰ্তন বিভিন্ন উপায়েৰে হ’ব পাৰে, যেনে সাংস্কৃতিক পৰিৱৰ্তন, কলাত্মক ব্যাখ্যা, বা সমাজৰ বিৱৰ্তন, যাৰ ফলত পুৰণি অৰ্থৰ পৰা নতুন অৰ্থৰ সৃষ্টি হ’ব পাৰে। শব্দ বা ধাৰণা এটাই নতুন বা পৰিৱৰ্তিত অৰ্থ লাভ কৰা এই প্ৰক্ৰিয়াটো স্বাভাৱিক। কিন্তু বিগত তিনিটামান দশকৰ ভিতৰতে ই এক দ্ৰুততৰ আৰু সঘন ৰূপত আমাৰ চকুত পৰিবলৈ লৈছে। 

আমাৰ সমাজত ইতিমধ্যেই ‘লোক’(folk)-ৰ বিলুপ্তি ঘটিছে। লোকায়ত যি চৰ্চাবোৰ আছিল, ‘লোক-’ অনুসৰ্গৰে থকা শব্দবোৰ, zene— লোকসংগীত, লোকসাহিত্য, লোকসংস্কৃতি, লোককলা আদিবোৰৰ ম্যাদ উকলি যোৱাৰ দৰেই, তাৰ ঠাই  লৈছেহি ‘জনপ্ৰিয় সংস্কৃতি’ কথাষাৰে। কৰিষ্মা নাথ নামৰ শিল্পীব্যক্তিগৰাকীয়ে যি ধাৰাৰ পৰিৱেশন কৰে সেই ধাৰাক হয়তো লোক-সংস্কৃতিৰ উপাদান হিচাপে চাব পৰা যাব, কিন্তু এই শিল্পীগৰাকীক আজি আমি লোকশিল্পী বুলিম নে পপুলাৰ শিল্পী বুলিম, ই এক প্ৰশ্ন। Popular-এ Folk–ক হেঁচা মাৰি ধৰাৰ দৰে। মন কৰিবলগীয়া যে ফ’ক শব্দটোৰ প্ৰয়োগৰ মূলতেই আছিল আধুনিকতাবাদৰ প্ৰপঞ্চবোৰ য’ত আধুনিক স্বাধীন ব্যক্তিৰ স্বতন্ত্ৰতাৰ বিপৰীতে সমাজৰ প্ৰচলিত চৰ্চাসমূহক চাবলৈ চেষ্টা কৰা হৈছিল। গাওঁবোৰ যেন অতীত আৰু চহৰবোৰ যেন নতুন— ধাৰণাবোৰ অলপ সৰলীকৃতৰূপত এনেকুৱাই আছিল। কিন্তু লোক গীত-বাদ্য-সাহিত্যও স্থানু নহয়, প্ৰৱাহমান। ই কেৱল গাঁৱৰ লোকজীৱনৰ সৈতেই যুক্ত কিয় থাকিব বোলা এটা প্ৰশ্নৰ আঁত ধৰি কণ্টেম্প’ৰেৰী ফ’ক আৰু আৰ্বান ফ’ক বুলিও নব্য-লোকায়তৰ অভিধা কিছুমানৰ সৃষ্টি হৈছিল। এইবোৰ বিগত শতিকাৰ মাজভাগৰ লোকজীৱনৰ পুণৰোত্থানৰ সময়ৰে কথা। কিন্তু বিশেষ সময়ৰ বিশেষীকৃত প্ৰসংগেৰে এই অভিধাবোৰে কিছুমান তত্ব আৰু যৌক্তিক বিতৰ্কক সমৰ্থন দি আহিলেও বহল অৰ্থেৰে দীৰ্ঘম্যাদী প্ৰয়োগ আমি দেখা নাপালোঁ। অন্যদেশৰ অন্য সাংস্কৃতিক পৰিমণ্ডলৰ অন্য সময়ৰ অভিধা কিছুমানক ধাৰ কৰি আনি হুবহু অসমৰ পৰিপ্ৰেক্ষিতত স্থাপিত কৰিবলৈ বিচাৰিলেও আঁসোৱাহ বহুত ওলাব। সাংস্কৃতিক সমালোচনাৰ সুদৃঢ় আৰু নিৰবিচ্ছিন্ন ধাৰা এটা অসমত অসমীয়া ভাষাত নথকাৰ ফলত এটা সাংস্কৃতিক বৌদ্ধিক বাগধাৰা আমি দেখা পোৱা নাই। সেয়েহে এতিয়াও লোক বা ফ’ক সম্পৰ্কে আমাৰ ধাৰণা অত্যন্ত ৰোমাণ্টিক হৈ আছে আৰু সকলোবোৰ অনুসন্ধানেই প্ৰায় ‘বুঢ়ী আইৰ সাধু’তে অঠা লাগি ৰৈ যোৱা ধৰণৰ। জনপ্ৰিয় বা পপুলাৰ সংস্কৃতি সম্পৰ্কে অলপ বিস্তাৰিত কথাবতৰা আজিৰ তাৰিখত আটাইতকৈ প্ৰয়োজনীয়। জনপ্ৰিয় মানে ‘জন’-ৰ প্ৰিয় নহ’বও পাৰে বুলি যে আৰম্ভণীতে উল্লেখ কৰিছিলোঁ, সেই সূত্ৰে, ‘জনপ্ৰিয়’ত কৈ ‘পপুলাৰ’ বুলিয়ে উল্লেখ কৰাটো বেছি সুবিধাজনক। সময় সুবিধা মিলিলে এই সম্পৰ্কে আমি আগলৈ কথা পাতি থাকিম। 

["দৈনিক অসম"ৰ দেওবৰীয়া চ'ৰাত প্ৰকাশিত, ৩০ নৱেম্বৰ, ২০২৫]

 

 

সমুদ্ৰ কাজল শইকীয়া

kankhowa@gmail.com, +91 9811375594      

 

No comments: