ডঃ বাণিকান্ত কাকতি

...সাহিত্যৰ ক্ষেত্রত নতুনকৈ কৰিবলগীয়া কাম একো নাই। সাহিত্য ধ্বনি আৰু প্রতিধ্বনি মাথোন। পূর্বপুৰুষ সকলৰ ভাবৰ ধ্বনি যাৰ হৃদয়ত পুৰাকৈ প্রতিধ্বনিত হয় সিয়েই সফলতা লাভ কৰে... ডঃ বাণীকান্ত কাকতি, বাঁহী, ১৩শ বছৰ, অষ্টম সংখ্যা, আঘোণ, ১৮৪৭ শক।

Blog Archive

Wednesday, November 19, 2025

মেটা-জুবিন

 


‘গোলমাল’ চিৰিজৰ চিনেমা এখনত অজায় দেৱগন নামৰ অভিনেতাজনৰ চৰিত্ৰটোৰ নাম গোপাল, কিন্তু সমীৰ হোৱাৰ ভাও জুৰে। অন্ধ ব্যক্তি এজনে (পৰেশ ৰাৱেল) “তই সমীৰেই হয় নে” বুলি সোধোঁতে উত্তৰ দিয়ে, “নহয়, মই অজয় দেৱগণ”। মানে অজয় দেৱগনে নিজেই নিজকে অজয় দেৱগন বুলিয়ে কৈছে। চিনেমাখনৰ চৰিত্ৰটোৱে নিজৰ পৰা ওলাই আহি ক্ষণিকৰ বাবে অভিনেতাজনৰ জনপ্ৰিয়তাক উদযাপন কৰি চৰিত্ৰৰ ৰূপায়নৰ আঁৰৰ শিল্পীজনলৈ মনত পেলাই দিয়ে। এই কাৰবাৰটো বলিউডৰ জনপ্ৰিয় চিনেমাত আগৰে পৰা ব্যৱহৃত হ’লেও ইয়াক এটা বিশেষ ৰূপ দিলে শ্বাহৰুখ খানে ২০০৭ চনৰ পিছৰ পৰা। একালৰ ভাল অভিনেতা বুলি খ্যাতি থকা শ্বাহৰুখে এইখিনি সময়ৰে পৰা চৰিত্ৰ ৰূপায়ণ কৰা অভিনেতাতকৈ নিজৰ কিং খান ইমেজটো আৰু বেছি গৰিমামণ্ডিত কৰি তুলিবলৈকে নিজৰ ষ্টাৰডম উদযাপন কৰাতহে বেছি গুৰুত্ব দিবলৈ ল’লে। ‘ঔম শান্তি ঔম’ নামৰ চিনেমাখনৰ প্ৰথম ভাগত তেওঁ এজন প্ৰত্যাশী অভিনেতা আৰু দ্বিতীয় ভাগত এজন চেলিব্ৰেটেড অভিনেতা। হিন্দী চিনেমাৰ সমগ্ৰ ইতিহাসটোৰ প্ৰতি এই চিনেমাখন শ্ৰদ্ধা নিৱেদন স্বৰূপ য’ত প্ৰথিতযশা ভালেসংখ্যক অভিনেতা তেওঁলোকৰ নিজা পৰিচয়ৰ গৌৰৱেৰে সৈতে আহি উপস্থিত হয়হি (কেমিও)। ‘বিল্লু বাৰ্বাৰ’ (পাছলৈ ‘বিল্লু’ নামেৰে প্ৰখ্যাত) চিনেমাখনতো শ্বাহৰুখ খানৰ চৰিত্ৰটো এটা চেলিব্ৰিটীৰ চৰিত্ৰ- সাহিৰ খান। সেই চৰিত্ৰটোৰ কৃতকৰ্মৰ খতিয়ন হিচাপে শ্বাহৰুখ খানৰ পূৰ্বৰ জনপ্ৰিয় চিনেমাবোৰৰ পোষ্টাৰ ব্যৱহাৰ কৰা হয়। চাবলৈ গ’লে এইখিনিতে এটা বিৰাট নান্দনিক যুক্তিৰ বিসংগতি আছে। চিনেমাখনৰ বিভিন্ন দৃশ্যত দেখা পোৱা চিনেমাৰ পোষ্টাৰবোৰ হ’ব লাগিছিল চৰিত্ৰটোৰ, মানে সাহিৰ খানৰ, কিন্তু পোষ্টাৰবোৰ ব্যৱহাৰ হৈ আছে শ্বাহৰুখ খানৰ। এই যৌক্তিক বিসংগতিক পিছে নিৰ্মাতা-পক্ষই হওক বা দৰ্শকেই হওক নিৰ্দ্বিধাই গ্ৰহণ কৰিলে। এয়াই ‘মেটা’ (Meta)। ‘মাই নে’ম ইজ খান’ চিনেমাখনৰ নামটোতেই মেটা আছে। শ্বাহৰুখ অভিনীত প্ৰতিখন চিনেমাতেই তেওঁৰ আগৰ চিনেমাৰ জনপ্ৰিয় সংলাপ ব্যৱহাৰ কৰেই কৰে, যেনে, ‘ৰাহুল, নাম ত’ শুনা হি হ’গা’। ‘Meta’ শব্দটো গ্ৰীক ভাষাৰ পৰা আহিছে, যাৰ মানে উপৰি, ‘-অধি’, অতিক্ৰম কৰা, নিজেই নিজ বিষয়ে কোৱা আদি (self-referential) এটা অৰ্থত, কিবা কথা এষাৰ কওঁতে বক্তাজনে নিজেই নিজকে উন্মোচিত কৰাৰ ঘটনাটোৱেই মেটা। 

অভিনয়ৰ পৰম্পৰাগত আৰু একাডেমিক ধাৰণাৰে চাবলৈ গ’লে অভিনেতা এজনে অভিনয় কৰি থকাৰ মাজতে চৰিত্ৰটোৰ পৰা ওলাই অহাটো এটা আঁসোৱাহপূৰ্ণ কথা। মে’ক-বিলিফ (Make-belief) খেলখনেই অভিনয়ৰ প্ৰাথমিকতা। ৰূপায়িত চৰিত্ৰটোত অভিনেতাজন নিমজ্জিত হৈ যাব লাগিব আৰু দৰ্শকেও মানি লৈ আশ্চৰ্যচকিত হৈ ৰ’ব লাগিব এই কথাত যে— এইজন দেখোন সাইলাখ সেই চৰিত্ৰটোৱেই! কিন্তু অভিনয়ৰ ইতিহাসত এনে তত্বও আছে যিয়ে অভিনেতাৰ বিষয়ীসত্বাক (Subjectivity) বেছি গুৰুত্ব দিয়ে, মে’ক-বিলিফ গে’মটোক নহয়। কেথাৰছিছৰ ধাৰণাটোক তেওঁলোকে সন্মুখতে ৰাখিবলৈ বিচাৰে। মই এই চৰিত্ৰটোৰ অভিনয়হে কৰিছোঁ, মই সেই চৰিত্ৰটো নহয়! মই হয়তো ৰামৰ অভিনয় কৰিছোঁ বা ৰাৱণৰ, কিন্তু মই ৰামো নহয়, ৰাৱণো নহয়, বৰং সেই চৰিত্ৰৰ ৰূপায়ক সমুদ্ৰ নামৰ এজন অভিনেতাহে মাত্ৰ। এইখিনিৰ আধাৰতে ‘এলিয়েনচন’, ‘চতুৰ্থখন দেৱাল ভাঙি পেলোৱা’- আদিবোৰ তত্বৰ বিকাশ ঘটে। 

জনপ্ৰিয় স্তৰৰ পৰিৱেশনধৰ্মী চৰ্চাত সকলোবোৰ চিন্তাৰেই এটা সানমিহলি দেখা যায়। বিশুদ্ধ ৰূপত ইয়াত একো নাথাকে— এয়াই পপুলাৰ কালচাৰৰ বৈশিষ্ট্য। ইয়াৰে কিছুমান সানমিহলি ইচ্ছাকৃত, কিছুমান খেলিমেলি ঘটি যোৱা ঘটনা। চিনেমা বা নাটক এখনত কোনটো উপাদান গুৰুত্বপূৰ্ণ কাহিনী, নে সংলাপ, নে পৰিচালনা, নে অভিনয়— এনে আলোচনা হৈ থাকিব। কিন্তু সামাজিক আৰু জনপ্ৰিয় স্তৰত, দ্ৰষ্টা বা দৰ্শক সমাজৰ ইচ্ছা অনিচ্ছা আৰু ৰুচি-অভিৰুচি যাদৃচ্ছিক। এজন দৰ্শকে যদি মৌখিকভাবে স্বীকাৰো কৰে যে তেওঁ নতুন কাহিনী এটা বিচাৰি চিনেমা এখন চায়, কিন্তু অৱচেতন মনত তেওঁৰ আচল আকাংক্ষাটো হয়তো তেওঁৰ পৰিচিত অভিনেতা এজনক নতুন এটা চৰিত্ৰৰ ৰূপতহে চাবলৈ বিচৰাৰ। 

সহজকৈ মেটা সেয়াই য’ত বাস্তৱ আৰু কল্পিত বাস্তৱ অথবা নিৰ্মিত বাস্তৱৰ মাজৰ সীমাৰেখাডাল অস্পষ্ট হৈ পৰে। ‘কাঞ্চনজংঘা’ নামৰ চিনেমাখনত জুবিন গাৰ্গৰ এষাৰ সংলাপ তাৎক্ষণিকভাৱেই আপ্তবাক্য হৈ উঠিছিল- “মোৰ কোনো জাতি নাই, মোৰ কোনো ধৰ্ম নাই, মোৰ কোনো ভগৱান নাই, মই মুক্ত। মই কাঞ্চনজংঘা।” জুবিন গাৰ্গক লৈ চৰ্চা এতিয়া তুংগত আৰু সকলোৱে সমস্বৰে ক’বলৈ লৈছে জাতি-ধৰ্ম বিভেদ বিভাজনৰ বিৰুদ্ধে এক মানৱীয়তাৰ পক্ষত কেনেকৈ জুবিন গাৰ্গে স্থিতি লৈছিল। বিতৰ্কই কেতিয়াও লগ নেৰা গাৰ্গৰ এই কথাটোতো একাংশই প্ৰশ্ন কৰিবলৈ লৈছে। সেয়া হেনো জুবিনৰ বক্তব্য নাছিল, এখন চিনেমাৰ সংলাপমাত্ৰহে আছিল, আৰু বিভিন্ন মঞ্চত সেই সময়ত তেওঁ কৈ ফুৰাৰ কাৰবাৰটোও চিনেমাখনৰ প্ৰম’চনৰ অংশহে আছিল। প্ৰশ্ন উঠিবই পাৰে যে “মোৰ কোনো জাতি নাই” বোলা কথাষাৰ কাৰ কথা, অনিৰ্বান নামৰ এটা চৰিত্ৰৰ কথা নে জুবিন গাৰ্গৰ কথা? 

‘মন যায়’ নামৰ চিনেমাখনত জুবিন গাৰ্গ নামৰ অভিনেতাজনৰ দ্বাৰা অভিনীত মানৱ নামৰ চৰিত্ৰটোৱে মাজতে এবাৰ কৈ উঠে, “কেতিয়াবা মোৰ বিষ্ণুৰাভা হ’বলৈ মন যায়”। জুবিন গাৰ্গে নিজেতো জানেই, সমস্ত দৰ্শক-ৰাইজেও জানে আৰু লগতে পৰিচালক এম মণিৰামেও ভালকৈয়ে জানে যে জুবিন গাৰ্গ বিষ্ণু ৰাভাৰ অনুৰাগী আৰু এই কথা তেওঁ বহুবাৰ বহু ঠাইত সাব্যস্ত কৰি থৈছে। অতি সূক্ষ্মভাবে হ’লেও ক্ষণিকৰ বাবে চৰিত্ৰ মানৱৰ পৰা অভিনেতা-কৰ্তা ব্যক্তিজন বাহিৰলৈ প্ৰকট হৈ পৰে আৰু ইয়েই দিয়ে এক অন্য নান্দনিক তৃপ্তি। একেবাৰে শেষৰখন চিনেমা ‘ৰৈ ৰৈ বিনালে’ৰ সৈতে এই মেটা-ৰ সংযোগ আৰু বছি জটিল ভাবে যুক্ত, একে সময়তে প্ৰকট। পৰিচালনা আনৰ হ’লেও বা চিত্ৰনাট্য ৰচনাত অন্য ব্যক্তি জড়িত থাকিলেও এইখন চিনেমাৰ কাহিনীটো জুবিন গাৰ্গৰেই। এজন অন্ধ ব্যক্তিৰ পৰিপ্ৰেক্ষিতেৰে ইয়াত ভালেখিনি দাৰ্শনিক দিশ সংলগ্ন হৈছে যিবোৰ জুবিন গাৰ্গ নামক ব্যক্তিত্বৰ জীৱন-দৰ্শনৰেই আভাস স্বৰূপ বুলি সকলোৱে ক’বলৈ লৈছে। “আৰ্টিষ্টৰ এটাই পলিটিক্স, সদায় ৰাইজৰ লগত, ৰজাৰ লগত নহয়” এই ধৰণৰ সংলাপ নিক্ষেপ, কেৱল কথাখিনিৰ গূঢ়াৰ্থই নহয়, তাৰ বাক্যৰ গাঁঠনি আৰু মিনিমেলিষ্ট শব্দৰ ব্যৱহাৰ- এই গোটেইখিনিয়েই জুবিনীয় ষ্টাইল। চিনেমাখনৰ দৰ্শকে চৰিত্ৰটোৰ নাম ৰাউল যদিও তাক ৰাউল হিচাপে নহয়, বৰঞ্চ জুবিন গাৰ্গ হিচাপেই চাবলৈ বিচাৰিছে আৰু সেই হিচাপেই গ্ৰহণ কৰিছে। সংলাপেই নহয় কেইবাটাও খণ্ডিত দৃশ্যাংশত জুবিন গাৰ্গৰ আত্মজৈৱনিক উপাদান সোমাই আছে বুলি অনুমান কৰিব পাৰি। চিনেমাখনত বাৰে বাৰে অহা সাগৰৰ অনুষংগ আৰু চিনেমাখনে মুক্তি পোৱাৰ আগেয়েই সাগৰত তেখেতৰ মৃত্যুবৰণ হোৱাৰ অবিশ্বসনীয় সংযোগবোৰেও এক অভূতপূৰ্ব মেটা-ৰ পৰিৱেশ যুক্ত কৰিলে।

 

ৰীমা দাসৰ চিনেমানিৰ্মান পদ্ধতিত থকা নন-নেৰেটিভ বৰ্ণনাভংগী, ভাস্কৰ হাজৰিকাৰ ‘কথানদী’ চিনেমাখনৰ বুঢ়ী আইৰ সাধুৰ সংগতিখিনি, কেনি বসুমতাৰীৰ ‘লোকেল’-চিৰিজৰ কামখিনি— এনেকৈ অলপ খুচৰি চালে অসমীয়া চিনেমাতো মেটা-ৰ প্ৰয়োগ ভালেখিনি চকুত পৰিবগৈ। কিন্তু একান্তই ব্যক্তিৰ স্বকীয় পৰিচয় নিৰ্ভৰ মেটা মুহূৰ্ত জুবিন গাৰ্গৰ চিনেমাৰ উদাহৰণখিনিত প্ৰকট আৰু স্পষ্ট। চিনেমাত মেটা সংযোগটো আহিছেই চিনেমাই নিজে নিজৰ ইতিহাসটোক লৈ কৰা উদযাপনৰ দিশেৰে। এটা গৌৰৱময় ইতিহাস থকাৰ পিছতহে মেটা-সংযোগ সম্ভৱপৰ হয়, আৰু ইয়াৰ লগতে প্ৰয়োজনীয় হয় চেলেব্ৰিটী সংক্ৰান্তীয় জনপ্ৰিয় স্তৰৰ কথাবতৰাখিনিৰ। অসমীয়া চিনেমাৰ নিজা এক গৌৰৱময় ইতিহাস থাকিলেও উদ্যোগ হিচাপে এতিয়াও ই নিৰ্মীয়মান অৱস্থাতে আছে। বলীউড বা দক্ষিণৰ চিনেমাজগতৰ দৰে অসমীয়া চিনেমাৰ অভিনেতাৰ চেলিব্ৰিটী ষ্টেটাছ বৰকৈ দেখা নাযায়। কোনোবাজন হয়তো জনতা-দৰ্শকৰ প্ৰিয় অভিনেতা, অথবা কোনোবাজন ভাল অভিনেতা হিচাপে সমাদৃত। কিন্তু চেলিব্ৰিটী হিচাপে এক ভাৱমূৰ্তি গঢ়ি উঠা আমি চিনেমাৰ অভিনেতাৰ ক্ষেত্ৰত নেদেখোঁ। তাৰ বিপৰীতে গানৰ জগতত শিল্পী-ব্যক্তিৰ জনপ্ৰিয়তা অন্যধৰণৰ। গানৰ পৰা আহি চেলিব্ৰিটীৰ ধাৰণাটো অসমীয়া চিনেমালৈ আনিব পৰাটো অসমীয়া চিনেমাজগতলৈ জুবিন গাৰ্গৰ এটা অৱদান আৰু সেই সূত্ৰেই এই পৰ্যায়লৈকে এক ধৰণৰ মেটা-উদযাপন তেওঁৰ বাবেহে সম্ভৱপৰ হৈ উঠিল।

[দৈনিক অসমৰ সম্পাদকীয় পৃষ্ঠাত প্ৰকাশিত, ১৯ নৱেম্বৰ ২০২৫]

 

সমুদ্ৰ কাজল শইকীয়া

kankhowa@gmail.com, +91 9811375594      

 


No comments: