ডঃ বাণিকান্ত কাকতি

...সাহিত্যৰ ক্ষেত্রত নতুনকৈ কৰিবলগীয়া কাম একো নাই। সাহিত্য ধ্বনি আৰু প্রতিধ্বনি মাথোন। পূর্বপুৰুষ সকলৰ ভাবৰ ধ্বনি যাৰ হৃদয়ত পুৰাকৈ প্রতিধ্বনিত হয় সিয়েই সফলতা লাভ কৰে... ডঃ বাণীকান্ত কাকতি, বাঁহী, ১৩শ বছৰ, অষ্টম সংখ্যা, আঘোণ, ১৮৪৭ শক।

Blog Archive

Thursday, January 12, 2017

কাণখোৱাৰ হাতপুথি ৪ : সৃষ্টিশীল আৰু চিন্তাশীলৰ সংযোগ আৰু বিৰোধ

(কবি এজনে কবিতাৰ সমালোচনা কেনেকৈ পঢ়িব?)

সৃষ্টিশীল কৰ্মত, ধৰাহওক কবিতা লেখন প্ৰক্ৰিয়াত সমালোচনাৰ প্ৰয়োজন আছে নে নাই সেই প্ৰশ্নৰ পৰা এঢাপ আগুৱাই তাৰ পৰৱৰ্তী প্ৰশ্নটোৰ আঁত ধৰি কিছু আলোচনা কৰা যাওক। আগৰ আলোচনাখিনি যতি সমালোচনা কেনেকৈ লিখিব লাগে তাৰ আঁত ধৰি কৰা আলোচনা, আজিৰখিনিক ক’ব পাৰি সমালোচনা কেনেকৈ পঢ়িব লাগে সেই সূত্ৰ ধৰি আগবঢ়া কিছু কথা-বাৰ্তা। পৰৱৰ্তী প্ৰশ্নটো হ’ব – সমালোচনা অথবা সমালোচনাত্মক সাহিত্যই সৃষ্টি প্ৰক্ৰিয়াক কেনেকৈ সহায় আগবঢ়াব? সমালোচনা সাহিত্য নিজতেই সম্পূৰ্ণ শিল্পৰূপ আৰু এক বিদ্যায়তনিক আৰু বৌদ্ধিক চৰ্চা (Praxis) বুলি বাৰু মানি লোৱা হ’ল। এতিয়া এই চৰ্চাৰ প্ৰতি সৃজনীশীল/ সৃষ্টিমূলক কৰ্মৰ অভ্যাসীসকলৰ সঁহাৰি কেনে ধৰণৰ হ’ব বা হোৱা উচিত?

আখৰুৱা দলৰ সদস্যসকলে কবিতাৰ পুনৰীক্ষণখিনি যেনে ধৰণেৰে আগবঢ়াই আহিছে ঠিক একে ধৰণেৰেই পুনৰীক্ষণৰ পুনৰীক্ষণখিনিও আগবঢ়াবলৈ আমি কিয় আগ্ৰহী নহয় সেই কথাৰ উত্তৰো এইখিনি আলোচনাতেই পোৱা যাব।

ধৰা হওক মই এজন কবি আৰু মোৰ কবিতা সম্পৰ্কে এজন সমালোচকে নিজৰ বিশ্লেষণ আগবঢ়ালে। এতিয়া সেই সমালোচনাই দেখুওৱা ধৰণেৰে মোৰ ‘বেয়া দিশ’খিনি আঁতৰাবলৈ চেষ্টা কৰা উচিত বুলি বুজি উঠিলেও, সেয়া কৰাটো মোৰ বাবে এটা সহজ কাম হ’ব নে? তাকে কৰিবলৈ যাওঁতে মোৰ ব্যক্তিনিষ্ঠা (Subjectivity) অথবা মোৰ লেখাত মোৰ নিজৰ উপস্থিতিৰ যি উমান আছে সেয়া ক্ৰমে বিলুপ্ত হোৱাৰ উপক্ৰম ঘটিব নেকি? যিমানেই বস্তুনিষ্ঠ হ’বলৈ চেষ্টা নকৰক, সমালোচনা এটাত সমালোচকৰ ব্যক্তি-অৱস্থান অলপ হ’লেও অলপ সোমাই থাকিবই। আনকি, আমি আগৰ লেখাত সমালোচকৰ ব্যক্তিনিষ্ঠাক অগ্ৰাধিকাৰ দিয়াৰ কথাটোৰেই পোষকতা কৰিছিলোঁ। তেনে ক্ষেত্ৰত অন্য এক ব্যক্তিমনৰ বিচাৰ-বিবেচনাক মই কিমান দূৰলৈ গ্ৰহণ কৰিম, কৰিলেও কেনেকৈ কৰিম? এয়া এক জটিল সমস্যা আৰু এই সমস্যাটো সম্পৰ্কে বৰ বিশেষ কথা পতা নহয় বাবেই সমালোচনা সাহিত্যই সৃষ্টিশীল সাহিত্যক ক্ষতি কৰাৰ নজিৰ দেধাৰ।

প্ৰথমেই সমালোচনাক সমালোচনা হিচাপে গ্ৰহণ কৰিবলৈ শিকিব লাগিব। অন্যথা, সমালোচনাক নিন্দুকৰ কাম বুলি ভ্ৰুকুটি কৰি যি সকলে সমালোচনা “গঠনমূলক” হ’ব লাগে বুলি কৈ থাকে তেওঁলোকে অলপ চালি জাৰি চালে নিজেই দেখা পাব যে ইতিহাসত ‘নিন্দুক’ সমালোচনাই যিমান ক্ষতি কৰিছে, ‘গঠণমূলক’ সমালোচনাই ক্ষতি কৰিছে বেছি। ‘নিন্দুক’ সমালোচনাই এজন কবিক সাময়িকভাবে হতাশাগ্ৰস্ত কৰিব পাৰে যদিহে কবিজন অসাৱধান আৰু খুব বেছি স্পৰ্শকাতৰ হয়। কিন্তু ‘গঠনমূলক’ হোৱাৰ নামতে প্ৰশস্তিমূলক সমালোচনাই হয়তো চিৰদিনৰ বাবে কবি এজনৰ থাকিব পৰা সম্ভাৱনাসমূহক শেষ কৰি দিব পাৰে। কাৰো নাম নোলোৱাকৈ কেনেকৈ উদাহৰণ দিব পাৰি তাৰে অলপ চেষ্টা কৰিম। ধৰা হওক এজন কবিয়ে বিভিন্ন ধৰণৰ বিষয়ত বিভিন্ন পৰীক্ষা নিৰীক্ষাৰে কবিতা লিখি এখন কাব্য সংকলণ প্ৰকাশ কৰিলে। এতিয়া সেইখিনি চালি জাৰি চাই সমালোচকে ‘গঠণমূলক’ভাবেই কোনখিনি বিষয়বস্তু আৰু কোনখিনি পদ্ধতিত লেখক সফল হৈছে আৰু তেওঁ সেই বিশেষ দিশত আগবাঢ়িলে যে তেওঁৰ উত্তৰোত্তৰ অগ্ৰগতি সহজ হ’ব সেয়া বুজাই দিলে। ইয়াৰ পিছত হয়তো কবিজন আগবাঢ়ি গ’ল আৰু জনপ্ৰিয়তাৰ মাপকাঠীত অথবা বঁটাবাহনৰ দিশেৰে সফলো হ’ল। কিন্তু এনেকৈ ভাবি ল’বৰ থল থাকি গ’ল যে অন্যান্য বিষয়বোৰক লৈ লিখা অথবা অন্যান্য পদ্ধতিৰ প্ৰয়োগেৰে লিখা সেই একেজন কবিৰে আনবোৰ কবিতাৰ মাজত সোমাই থকা সম্ভাৱনাখিনি (সেয়া লাগিলে যিমানেই অপৈনত নহওক তেখতৰ প্ৰথম পুথিখন প্ৰকাশৰ কালত) চিৰকালৰ বাবেই নিৰ্বাপিত হৈ গ’ল। এই সমস্যাটো বুজাই দিয়াত যদি আমি সফল হৈছোঁ, তেনেহ’লে কবি, লেখক, অভ্যাসী, পাঠক সকলে বুজিব যে সমালোচনা এটা আগবঢ়াওতে যেনেকৈ বিশেষ সাৱধানতা অৱলম্বন কৰিবলগীয়া হয়, কবিতা এটা লিখোতে যেনেকৈ সাৱধান আৰু যত্নপৰ হোৱা যায়, ঠিক তেনেকৈ সমালোচনাৰ পঠনৰ বেলিকা পাঠকসকলো সমানেই সাৱধানতা আৱলম্বন কৰিবলগীয়াত পৰে।

ইয়াৰ বাবে কেইটিমান প্ৰাথমিক (fundamental) বিধান হ’ব এনে-

১/ নিজৰ পৰা নিজৰ দূৰত্ব (স্থানিক)

নিজে লিখা কবিতা এটা আন এজন মানুহৰ ভূমিকা লৈ পাঠক হিচাপে পঢ়াটো সম্ভৱ হয়নে? অন্য কবিৰ কবিতাৰ সম্পৰ্কে লিখা সমালোচনা এটা ‘মই’ যেনেধৰণেৰে পঢ়িম, ‘মোৰ’ নিজৰ কবিতা সম্পৰ্কে  লিখা লেখা এটাও তেনেদৰেই পঢ়িব পাৰিম নে? হয়তো নোৱাৰিম। কিন্তু যিমান দূৰ সম্ভৱ আমি চেষ্টা কৰা উচিত। নিজৰ পৰা নিজৰ এটা স্থানিক ব্যৱধান সৃষ্টিৰ প্ৰয়াস কৰা উচিত। অন্যথা নিজৰ মাজতে বৰ বেছিকৈ সোমাই পৰাৰ সম্ভাৱনাই বেছি - যিটো ক্ষতিকৰ। এই স্থানিক দূৰত্ব যদি অৱান্তৰ আৰু অসম্ভৱ যেন লাগে তেনেহ’লে সময়-ভিত্তিক দূৰত্বৰ ফালে ধ্যান দিব পাৰি।

২/ নিজৰ পৰা নিজৰ দূৰত্ব (সময়-ভিত্তিক)

সময়ে নিজৰ পৰা নিজৰ এটা দূৰত্বৰ সৃষ্টি কৰে। কবিতা এটা লিখি উঠি লগে লগেই প্ৰকাশৰ বাবে পঠাই নিদিবলৈ সেয়েহে পৰামৰ্শ দিয়া হয়। কাৰণ লিখি থকাৰ সময়খিনিত আমি এটা মোহত আৱদ্ধ হৈ থাকোঁ আৰু কবিতাটোৰ প্ৰতি সুবিচাৰ কৰিব নোৱাৰো। বহুসময়ত আমাৰ এনে হৈছে যে – দহবছৰ বা কুৰি বছৰৰ আগৰ কবিতা এটা পঢ়ি এতিয়া নিজেই লজ্জিত হওঁ। ইমান ব্যৱধানলৈও ৰ’ব নেলাগে। এমাহৰ আগৰ লেখা এটা দেখিও কেতিয়াবা ভাবো- এইটো ময়েই লিখিছিলোঁনে?

নীলমণি ফুকনদেৱে এটা আঠাইশ শৰীৰ কবিতা কাটি কুটি দুশাৰী কৰাৰ এটা অসাধাৰণ উদাহৰণ আছে। আপুনিও সেই একেটা কামকেই কৰিব লাগিব বুলি কোৱা নাই। বহু লোকে প্ৰথম বহাতেই প্ৰাণৰ তাগিদাত লিখি উলিওৱাখিনিৰ স্বতঃস্ফুৰ্ততাক বিশ্বাস কৰে আৰু ভাবে যে বৰ বেছি কটা-কুটি কৰিলে তাৰ ভাবৰ উচাহখিনি ম্লান পৰি যোৱাৰ ভয় থাকে। মতান্তৰক সন্মান জনাই যদি সেইখিনি কথা মানিও লওঁ তেতিয়াহ’লেও কবিতা এটা লিখি কিছুসময় থৈ দিয়াটো জৰুৰী। আগলৈ কটাকুটি বা সম্পাদন কৰিম বুলি নহ’লেও, অন্য এটা মানসিক অৱস্থানত, অন্য এটা অৱস্থানত থিয় হৈ, অন্য এজন মানুহৰ দৃষ্টিৰে, এবাৰ এজন পাঠকৰ চকুৰে পঢ়ি চাম বুলি হ’লেও কবিতা এটা অলপ ‘পেলাই থোৱা’ ভাল। কবিতায়ো সময়ৰ লগে লগেহে পক ধৰে।

এইখিনিতেই আখৰুৱাৰ পুনৰীক্ষণৰ পৰ্যবেক্ষক আৰু কবি- দুয়োপক্ষই বাৰে বাৰে সন্মুখীন হোৱা সংকটটো : পৰ্যবেক্ষকে বস্তুনিষ্ঠ আলোচনা এটা আগবঢ়ালেও, কবিয়ে সেই আলোচনাটি কিমান বস্তুনিষ্ঠভাবে গ্ৰহণ কৰাৰ সাধ্য বা সাহস ৰাখে? 

৩/ চেতনা আৰু অৱচেতনাৰ বীক্ষণ

কাব্য-চৰ্চা, কাব্য-পাঠ আদিবোৰ যিমানেই বৈজ্ঞানিক, বৌদ্ধিক আৰু চিন্তন সম্পৰ্কীয় চৰ্চা বুলি নকও কিয়, বিজ্ঞানৰ আৰু দৰ্শনৰ বাকীবোৰ শাখা প্ৰশাখাবোৰতকৈ ইয়াত কথাবোৰ ঘটে অলপ পৃথকভাবে। ইয়াত এটা এটা আৱিষ্কাৰে, এটা এটা অনুধাৱনে, এটা এটা উপলব্ধিয়ে চেতনাৰ পৰা অৱচেতনালৈ এটা বাট গঢ়ে। পৰিসংখ্যা বিজ্ঞানত অথবা অন্যান্য বিজ্ঞানৰ শাখাত হয়তো এটা সমীক্ষা অথবা লেবৰেটৰীৰ পৰীক্ষাত প্ৰাপ্ত উপলব্ধি এটাক আপুনি পোণপটীয়াকৈ গৱেষণাত প্ৰয়োগ কৰি কামত আগবাঢ়িব পাৰিব। কবিতাৰ ক্ষেত্ৰত কিন্তু সেইটো নহয়। সেইটো কৰিবলৈ গৈ বহু কবি হামখুৰি খাই পৰাটোহে দেখা যায়। তাৰ বাবেও অলপ সময় ব্যয় কৰাটো প্ৰয়োজনীয় হৈ উঠে। ধৰক মোৰ কবিতা সম্পৰ্কে এজন সমালোচকে কিছু কথা লিখিলে আৰু কিছু কথাত মই সন্মত হ’লোঁ আৰু অনুভৱ কৰিলোঁ যে এইখিনি বস্তু মোৰ সৃষ্টি কৰ্মত প্ৰয়োগ কৰা উচিত। এতিয়া একে ৰাতিতে সেয়া প্ৰয়োগ কৰিবলৈ গ’লে সেয়া সফলকাম হৈ নুঠাটোৱেই স্বাভাৱিক। তাৰ মানে কিবা এটা খাই উঠি লগে লগে তাক ওকালি উলিয়াই দিয়াটোহে বুজাব। কিবা এটা খাই তাক হজম কৰি দেহৰ প্ৰয়োজনত কামত লগোৱাটো নুবুজাব। সেয়েহে, বোধ এটা- চেতনাৰ স্তৰৰ পৰা অৱচেতনাত নিহিত হৈ নপৰালৈকে তাৰ সু-প্ৰয়োগ সৃষ্টিশীল কামত সম্ভৱপৰ নহ’ব। হ’লেও সি হ’ব উপৰুৱা, বাহ্যিক আৰু অগভীৰ। উদাহৰণ স্বৰূপে, তীক্ষ্ণধী পাঠকে বুজি পায় কবিয়ে কেতিয়া কেৱল সমাজৰ প্ৰতি সচেতনতা দেখুৱাব লাগে বাবেই কবিতা এটাত কিবা এষাৰ কয়, আৰু কেতিয়া সেই সমাজ চেতনা কবিৰ মজ্জাগত চেতনাৰ বহিঃপ্ৰকাশ হিচাপে আপোনা-আপুনি ঘটে।

গতিকে সমালোচনা পঢ়ক। আনৰ কবিতাও পঢ়ক। কোনে কি কৈছে কি নকৈছে মন দি শুনক। তাৰ পিছত তাক পাহৰি যাওক। পাহৰণি মানৱ সভ্যতাৰ এটা আশীৰ্বাদ। যদি আপোনাৰ স্মৃতিশক্তি প্ৰখৰ আৰু আপুনি ইতিমধ্যেই কাব্যকলাৰ বিধি বিধান শিকি পেলাইছে, তেনেহ’লে এতিয়া আপোনাৰ কাম হ’ব পাহৰিবলৈ শিকাটো। শিক্ষিত বিষয় এটাত নিজকে আকৌ অশিক্ষিত কেনেকৈ কৰি তুলিব পাৰি? এইখিনি কথা ক’বলৈ পাবলো পিকাছোৰ উদাহৰণ দিব লাগিব – কেনেকৈ শিল্পী হিচাপে বিশ্বজুৰি খ্যাতি লাভ কৰাৰ পিছত, শিল্পকলাৰ সকলোবোৰ কৌশল আয়ত্বলৈ অনাৰ পিছত হঠাতে তেওঁ স্ব-ইচ্ছাৰে ছবি কেনেকৈ আঁকে সেই কথা পাহৰিবলৈ চেষ্টা কৰিছিল। শিল্পৰ ক্ষেত্ৰত সকলো শিল্পীয়েই এটা সময়ৰ পিছৰ পৰা আনলাৰ্ণ (Unlearn) কৰিবলৈ চেষ্টা কৰে আৰু এই আনলাৰ্ণৰ পৰ্যায়টোৱেই শিল্পীক পূৰ্ণতা দিয়ে। এই যে কিবা এটা পঢ়ি, বুজি আকৌ তাক পাহৰি যোৱা; অথবা লাৰ্ণ কৰা বস্তু এটাক আনলাৰ্ণ কৰা- এই সম্পৰ্কে পৰৱৰ্তী লেখাত বহলাই লিখিম।

৪/ Reading between the lines (নিহিতাৰ্থৰ সন্ধান)

সমালোচক এজনে কৈ থকা কথাখিনিৰ উপৰিও বহুখিনি কথা নোকোৱাকৈ থাকি যায়,  যিখিনি পঢ়িব পৰাটো এটা বিৰল গুণ। সমালোচক এজনে এজন কবিৰ অমুক গুণটোৰ প্ৰশংসা কৰিছে মানে সেই কবিয়ে আগলৈকো সেই বিশেষ গুণটোৰেই বিকাশ ঘটোৱাটো কামনা কৰিছে নে নাই সেইটো বুজাত কেতিয়াবা অসুবিধাও হয়। সেয়েহে লেখা এটাৰ মাজত নিহিত গূঢ়াৰ্থ বিচাৰি উলিয়াব পৰাটো আটাইতকৈ জৰুৰী। নীৰৱতা, নৈশব্দ অথবা শূন্যস্থানৰো যে ভাষা থাকে সেই কথা কবিতকৈ ভালকৈ আৰু কোনে বুজিব?

৫/ প্ৰাসংগিক পাঠ সমীক্ষাৰ ধাৰণা

এইখিনিতেই প্ৰসংগ, অনুষংগ আৰু সমালোচনাত্মক লেখা এটাৰ শাৰীৰিক অৱয়বৰ বাহিৰৰ কিছুমান কথাৰ সম্ভেদ ৰখাটো জৰুৰী হৈ পৰে। কবিতাৰ সমালোচনা মানে কেৱল কবিতা এটাৰ দেহ-বিচাৰ, অস্ত্ৰোপচাৰ আদিয়েই নহয়। কেতিয়াবা কবিতা এটা হ’ব পাৰে সমালোচকৰ অন্য এটা ইপ্সিত বিষয়বস্তুৰ আলোচনাৰ পথত এটা সহায়ক সমল মাত্ৰ। এটা বিশেষ সময়ৰ সমাজ বিপ্লৱৰ আৰু সামজিক স্থিতি আদিৰ বিশ্লেষণ কৰিবলৈ বুলি বহি এজন সমলোচকে অমূল্য বৰুৱাৰ ‘কুকুৰ’ কবিতাটোক তুলি ল’ব পাৰে। কেতিয়াব কোনোবা পৰ্যবেক্ষকে, পুনৰীক্ষকে, সমালোচকে আকৌ ইচ্ছাকৃতভাবেই কবিৰ (অথবা পাঠকৰ) ধ্যান অন্যফালে আকৰ্ষণ কৰিবলৈ চেষ্টা কৰিব পাৰে।

মহেন্দ্ৰ বৰাৰ ‘নতুন কবিতা’ সংকলনখনিৰ পাতনিটো কেৱল সেই বিশেষ কিতাপখনৰ পাতনিয়েই নহয়, অসমীয়া কবিতাৰ পৰ্বান্তৰ সম্পৰ্কীয় সি এটা স্বয়ংসম্পূৰ্ণ লেখা- যি আজিৰ তাৰিখতো সমানেই প্ৰাসংগিকতা ৰাখে। তেনেকৈয়ে আমি সকলোৱে হয়তো সহমত পোষণ কৰিম যে হীৰেণ গোঁহাইদেৱে লিখা ‘সাগৰতলীৰ শংখ’ কিতাপৰ পাতনিভাগ কেৱল কবি নীলমণি ফুকন সম্পৰ্কে লিখা কথা মাত্ৰ নহয়। সেই কবিতাখিনি কেন্দ্ৰবস্তু হ’লেও তাৰ বাহিৰেও আৰু বহুখিনি কথা ঘূৰিপকি থাকে যিখিনি কথা মিলি এটা বাকধাৰা বা ডিছকোৰ্ছ গঢ় দিয়ে। সেই বাকধাৰাৰ এটা অংশ হৈ উঠিব নোৱাৰিলে কবিতা আৰু সমালোচনা সম্পৰ্কীয় আমাৰ ধাৰণাবোৰ খণ্ডিত, বিক্ষিপ্ত আৰু অসম্পূৰ্ণ হৈ ৰোৱাটোৱেই স্বাভাৱিক।


সমুদ্র কাজল শইকীয়া   


No comments: