ডঃ বাণিকান্ত কাকতি

...সাহিত্যৰ ক্ষেত্রত নতুনকৈ কৰিবলগীয়া কাম একো নাই। সাহিত্য ধ্বনি আৰু প্রতিধ্বনি মাথোন। পূর্বপুৰুষ সকলৰ ভাবৰ ধ্বনি যাৰ হৃদয়ত পুৰাকৈ প্রতিধ্বনিত হয় সিয়েই সফলতা লাভ কৰে... ডঃ বাণীকান্ত কাকতি, বাঁহী, ১৩শ বছৰ, অষ্টম সংখ্যা, আঘোণ, ১৮৪৭ শক।

Blog Archive

Saturday, January 21, 2017

কাণখোৱাৰ হাতপুথি ৬ : ঐতিহাসিক সমালোচনা

নৱকান্ত বৰুৱাৰ "বুৰঞ্জী"

[টোকা-
আখৰুৱা দলৰ অসমীয়া সমালোচনা সাহিত্য আৰু কবিতাৰ চৰ্চাৰ প্ৰতি আগ্ৰহী ন-লেখাৰু সকলক উদ্দেশ্য কৰি এলানি সম্ভাৱ্য আৰ্হি পাঠ পস্তুত কৰিবলৈ বিচাৰিছিলোঁ। এটা নিৰ্দিষ্ট কবিতাকে কেন্দ্ৰ কৰি সমালোচনা অথবা পৰ্যবেক্ষণৰ বিভিন্ন পদ্ধতি কেনেকৈ প্ৰয়োগ কৰিব পৰা যায় এয়া তাৰেই প্ৰয়াস। এই কাৰ্যটোক এটা খেলা হিচাপে গ্ৰহণ কৰিলেই ভাল পাম। কিয়নো আমি সমালোচনা সাহিত্যৰ বিশাৰদ নহয়। মাথোঁ নতুন প্ৰজন্মৰ লেখক লেখিকা সকলৰ মনত থকা খুদুৱনিখিনি আমাৰ মনতো আছে বাবেই ই এটা অনুশীলনৰ প্ৰক্ৰিয়া মাত্ৰ।

আলোচ্য কবিতাটি হ’ল নৱকান্ত বৰুৱাদেৱৰ “বুৰঞ্জী”। এইলানি লেখাত একাদিক্ৰমে এই একেটি কবিতাৰ ৰূপগত (ফৰ্মেলিষ্ট) বা/আৰু বস্তুনিষ্ঠ, ঐতিহাসিক, উত্তৰ আধুনিকতাবাদী, নাৰীবাদী আৰু মাৰ্ক্সবাদী (অথবা সমাজবাদী) পাঠ নিৰ্মাণ কৰিবলৈ চেষ্টা কৰিম। - সমুদ্ৰ কাজল শইকীয়া]


বুৰঞ্জী

প্ৰথমে এদিন প্ৰথম মানুহটো আচৰিত হ'ল :
পূবফালৰ সেই বিৰাট কাৰবাৰটো কি?
ৰাতি ওপৰৰ পৰা ইমানবোৰ চকুৱে
ইংগিতেৰে সিহঁতক ক'লৈ মাতিছে?
সৃষ্টি হ'ল উপনিষদৰ কবিৰ প্ৰাৰ্থনা মন্ত্ৰ :
হে পূষণ,
তোমাৰ হিৰন্ময় পাত্ৰেৰে সত্যৰ মুখ আচ্ছন্ন
উন্মুক্ত কৰা সেই আৱৰণ।

আকৌ এদিন নতুনকৈ আচৰিত হ'ল ৰবীন্দ্ৰনাথ
সেই প্ৰথম মানুহটোৰ দৰে,
উত্তৰ নোপোৱাৰ গ্লানিটোও ৰঙাই গ'ল
জীৱনেৰে....

আমি যে আচৰিত হ'বলৈ পাহৰিলোঁ
ঈশ্বৰ
মাথোন এবাৰ
আমাকো, এবাৰ আচৰিত কৰি দিয়া।

(শান্তিনিকেতন, ১৯৪৭)

নৱকান্ত বৰুৱা, "মোৰ আৰু পৃথিৱীৰ" 




ঐতিহাসিক পাঠ

আধুনিকতাবাদৰ সংজ্ঞা তথা পৰিসৰ ব্যাপক। ই মাত্ৰ এটা বাদ নহয়, বৰঞ্চ বহুতো বাদৰ সমষ্টি মাত্ৰ বুলি ক’ব পৰা যায়। এই সম্পৰ্কে বিস্তাৰিত ভাবে জানিব খুজিলে হৰেকৃষ্ণ ডেকাদেৱৰ “আধুনিকতাবাদ” শীৰ্ষক গ্ৰন্থখন পঢ়ি চাব পাৰি। সি যি কি নহওক উনবিংশ শতিকাত অসমীয়া সাহিত্যৰ জগতলৈ জোনাকী আলোচনীৰ হাত ধৰি অহা ৰমন্যাসবাদ অসমত আধুনিকতাৰ আৰম্ভণীৰ পৰ্যায় বুলি ক’ব পাৰি। প্ৰকৃতি আৰু প্ৰেমৰ পূজন এই ৰমন্যাসবাদৰ  সাৰবস্তু যদিও কোৱা হয় যে এই প্ৰকৃতি-প্ৰেম অন্তৰ্ভাগৰ পৰা জন্ম হোৱা এটা স্বাধীন আৰু স্বত:ফুৰ্ত তাগিদা নাছিল। ইংৰাজী সাহিত্যৰ ৰোমাণ্টিচিজমৰ অনুপ্ৰেৰণাৰে জন্ম হোৱা এটা সচেতন আন্দোলনৰহে ফচল বুলি ইয়াক ক’ব খোজা হয়। এই ৰমন্যাসবাদী অভ্যুত্থানকে আধুনিকতাবাদৰ পূৰ্বাভাস বুলি ধৰিলে সময় সাপেক্ষ নহ’লেও ধাৰণাৰ ফালৰ পৰাই পশ্চিমীয়া শিল্প সাহিত্যত আধুনিকতাবাদৰ উন্মেষ আৰু অসমীয়া সাহিত্যত আধুনিকতাৰ উন্মেষৰ এট সংযোগ স্থাপন কৰিব পৰা যায়।

এটা বিচাৰে অষ্টদশ শতকৰ ৰোমাণ্টিচিজম পশ্চিমীয়া শিল্পৰ আধুনিকতাৰ প্ৰৰম্ভণ বুলি ক’লেও আন এটা বিচাৰে আৰু অলপ উধাই গৈ পঞ্চদশ শতকৰ নৱজাগৰণ অথবা ৰেণেছাঁৰ সময়খিনিৰ কথা ক’ব খোজে। যিখিনি চৰিত্ৰগত বৈশিষ্ট্যই এইখিনি বিচাৰক সিদ্ধ কৰে সেইখিনি এইখিনিতে অলপ জুকিয়াই চাব পাৰোঁ। ৰেণেছাঁ পূৰ্বক মধ্যযুগীয় শিল্প সাহিত্যৰ কেন্দ্ৰবস্তু আছিল ঐশ্বৰিক। বিজ্ঞানৰ প্ৰসাৰ আৰু দৰ্শনৰ নত্ন দ্ৰিসটিভংগীয়ে ইশ্বৰৰ পৰা ধ্যান মানুহলৈ আৰু প্ৰকৃতিলৈ নমাই আনিলে। লিউনাৰ্ডো দা ভিঞ্চিৰ যুগান্তকাৰী সৃষ্টি মনালিছাৰ অন্যতম বিশেষত্ব এয়ে যে ই মানৱী। কোনো পুৰাণগাঁথা অথবা ধৰ্মীয় অনুষংগ ব্যতিৰেকে ই এক মানৱী অৱয়ৱ আৰু তাৰ পৃষ্ঠভাগত প্ৰকৃতিক ৰূপায়িত কৰে। ৰেণেছাঁ যুগটোক সেয়েহে মানৱতাবাদৰ যুগ বুলিও কোৱা হয়। তাৰ পিছতো মানুহ মানুহৰ গৰিমাৰেই মহিমামণদিত হৈ উপস্থাপিত হ’বলৈ আৰু প্ৰকৃতি প্ৰকৃতিৰ নিজস্ব মৰ্যাদৰে ঠিয় দি থাকিবলৈ ৰোমাণ্টিচিজম অথবা গুস্তাভ কুৰ্বেৰ ৰিয়েলিজম (বাস্তৱতাবাদ)ৰ সময়লৈকে ৰ’ব লগা হ’ল। কুৰ্বেয়ে ঘোষণাই কৰি দিলে যে যিটো বস্তু তেওঁ দুচকুৰে দেখা পাব নোৱাৰে সেইটো বস্ত তেওঁ আঁকিব নোৱাৰে। ঠিক তেনেকৈয়ে অসমীয়া সাহিত্যৰ ক্ষেত্ৰত শংকৰী আৰু উত্তৰ শংকৰী যুগৰ পিছত জোনাকী যুগে মানুহক আৰু প্ৰকৃতিক নিজস্ব গৰিমাৰে উদ্ভাসিত কৰিলেহি। অসমীয়া ৰমন্যাসিকেও ভাগৱত পুৰাণ আশ্ৰিত আধিভৌতিকতাৰ পৰা আঁতৰি আহি দৃষ্টি নিবদ্ধ কৰিলে চকুৰে দেখা পোৱা বাস্তৱ জগতখনত- সাদৰী গোলাপ পাহিত, দহিকতৰাত। সেই হিচাপেই ৰমন্যাসবাদ বাস্তৱতাবাদৰো সূচক। প্ৰকৃতিৰ সৌন্দৰ্য উদযাপন, প্ৰেমৰ জয়গান এইবোৰৰ লগে লগে উচ্চাৰিত হ’ল – “মানুহেই দেৱ, মানুহেই সেৱ, মানুহ বিনে নাই কেৱ”। 

এইখিনিতে ৰমন্যাসবাদ আৰু আধুনিকতাবাদৰ অনুষংগতে আধিভৌতিকতা আৰু ইতিহাস চেতনা সম্পৰ্কে দুটা কথা কৈ ল’ব লাগিব। ভক্তিবাদৰ কালৰ ধৰ্মীয় চৰ্চাৰ পৰা ফালৰি কাটি আহি প্ৰকৃতি, প্ৰেম আৰু মানুহকে কেন্দ্ৰস্থলত স্থাপন কৰিলেও আধুনিকতাবাদৰ উন্মেষকালত আধিভৌতিক চেতনাক এটা অন্য স্তৰলৈ লৈ গৈ চৰ্চা অব্যাহত ৰাখিলে। এনে ধৰণৰ এচাম কবিৰ কবিতাক অসমীয়া সাহিত্যৰ আলোচক সকলে ৰহস্যবাদী বা অতীন্দ্ৰীয়বাদী বুলি অভিহিত কৰিবলৈ ল’লে। শ্যেলী, কিটচ, ৱৰ্ডছৱৰ্থ আদিৰে প্ৰভাৱেৰে যদি প্ৰকৃতি  আৰু প্ৰেমে প্ৰাধান্য লাভ কৰিছিল, এই আধিভৌতিক চেতনাৰ ক্ষেত্ৰত ৰবীন্দ্ৰনাথ ঠাকুৰৰ কবিতা আৰু গীতৰ প্ৰভাৱ অসমীয়া সাহিত্যত উলাই কৰিব নোৱাৰি। ভৈৰৱচন্দ্ৰ খাটনিয়াৰদেৱৰ ‘মানিমুনি শাক’ নামৰ কবিতাটো এটা মজাৰ কবিতা। গোলাপ, দহিকতৰা আদিৰ দৰে চাক্ষুস আৰু প্ৰকৃতিগত এটা উপাদানক কেন্দ্ৰস্থলত লৈ লিখা কবিতা যদিও এই কবিতাটো আচলতে মহাজীৱন আৰু মহাজগতৰ সম্ভেদ দিয়া এটা আধিভৌতিক পৰ্যায়ৰ কবিতাহে।

আনটো কথা হ’ল ইতিহাস চেতনা যিটো এটা জাতিয়তাবাদী দায়িত্ববোধৰ হাত ধৰি ৰমন্যাসিক আৰু তদানুগামী আধুনিকতাবাদী সকলৰ মাজলৈ আহিছিল। এই আধুনিকতাবাদৰ সময়খিনি আত্মপৰিচয়ৰ সন্ধানৰো যুগ। ফলত ইতিহাস বীক্ষণৰ মাজেদিয়েই নিজৰ অস্ত্বিত্বৰ ধ্বজা বহন কৰিবলৈ বিচাৰি এই কবিকূলে হয় ইতিহাসৰ ঘটনা আৰু বীৰোচিত চৰিত্ৰসমূহলৈ নতুনকৈ চকু দিবলৈ চেষ্টা কৰিলে নহয় অসমৰ মাটি আৰু আকাশত নিহিত থকা পৰম্পৰাগত আৰু লোকায়ত সাধুকথা, মৌখিক সাহিত্য আদিৰ অনুসন্ধান আৰু পুণৰোত্থানতো মনোনিবেশ কৰিলে। এই ইতিহাস বীক্ষণৰ তাগিদাৰ ফলতেই আমি পালোঁ জয়মতী কুঁৱৰীৰ দৰে নাটক, আনকি তাৰ আধাৰতে কল্পনাপ্ৰসূত ডলিমীৰ দৰে চৰিত্ৰ। লোকসাহিত্যৰ গুৰুত্বৰ উপলব্ধিৰ ফলতে পালোঁ ‘বুঢ়ী আইৰ সাধু’। উপৰিউক্ত আটাইখিনি চৰিত্ৰগত বৈশিষ্ট্যকে সাঙুৰি সৃষ্টি হ’ল চন্দ্ৰকুমাৰ আগৰৱালাদেৱৰ তেজীমলাৰ দৰে কবিতা।

“মানুহৰ চোতালত মাধুৰী ফুটিলে
মানুহে নিচিনে হায়,
সাৰি, তুলি, ছিঙি মোহাৰি পেলালে
-          মানুহৰ মৰমো নাই।“

আধুনিকতাবাদৰ চৰিত্ৰগত বৈশিষ্ট্য সম্পৰ্কে এতিয়ালৈকে আমি পাতি থকা আটাইকেইটা প্ৰসংগই নৱকান্ত বৰুৱাৰ "বুৰঞ্জী" কবিতাটোত পোৱা যাব। প্ৰকৃতি, মানুহ, প্ৰেম, লোক জীৱনৰ পৰা বুটলি অনা সমল, এইবোৰৰ মাজত আঁহে আঁহে সোমাই থকা কবিৰ দায়িত্ববোধৰ আভাস আদি সকলোবোৰ।

কিন্তু কবিতাৰ ধাৰা গতিশীল। সকলো সময়তে সি প্ৰবাহমান। এটা সময়ত যতীন্দ্ৰনাথ দুৱৰাৰ দৰে কবিয়ে সোঁৱৰালে – অতীতক নেযাবা পাহৰি। কিন্তু যিহেতু অতীতমুখী হৈ এঠাইতে থমকি ৰ’লে যিহেতু আৰু নচলিব এসময়ত সেই একেজন কবিয়েই ক’ব লগাত পৰিল- অতীতক যোৱাহে পাহৰি। এই অতীতক পাহৰিব লাগে নে নেলাগে সেই দোমোজাতে আৱদ্ধ হৈ ৰোৱা অসমীয়া কবিতাক এটা সন্ধিক্ষণ দিলে দেৱকান্ত বৰুৱাই। তুংগত উঠিল ৰমন্যাসবাদ, আৰম্ভ হ’ল অসমীয়া কবিতাৰ আধুনিকতাৰ পৰ্বান্তৰ। সেই পৰ্বান্তৰেদি অসমীয়া কবিতাৰ আধুনিকতাবাদৰ শীৰ্ষবিন্দু প্ৰতিষ্ঠা কৰিলে নৱকান্ত বৰুৱাই। আধুনিকতাবাদ গ্ৰন্থত হৰেকৃষ্ণ ডেকাদেৱে দেখুৱাইছে কেনেকৈ পশ্চিমীয়া ধৰণৰ এটা আধুনিকতাৰ বোধ অসমীয়া সাহিত্যলৈ দ্বিতীয় বিশ্বযুদ্ধৰ পাছৰ সময়ছোৱাতহে আহিছিল আৰু এইখিনি সময়ৰেই ফচল নৱকান্ত বৰুৱাৰ "বুৰঞ্জী" কবিতাটো।

চমুৱাই ক’বলৈ যাওতে অসমীয়া কবিতাৰ আধুনিকতাবাদৰ ইতিহাসৰ ইটো সিটো বহুখিনি বাদ পৰি ৰোৱাটো স্বাভাৱিক। তথাপি চমুকৈ হ’লেও এই কথাখিনি ক’ব লগা হ’ল এইবাবেই যে নৱকান্ত বৰুৱাৰ “বুৰঞ্জী” শীৰ্ষক কবিতাটোৰ কথা ক’বলৈ গ’লে এইখিনি কথাই আমাক অলপ সহায় কৰিব। প্ৰকৃতি এই কবিতাৰ কেন্দ্ৰস্থ বস্তু হৈয়ো সি ৰমন্যাসবাদৰ প্ৰকৃতিতকৈ অলপ বেলেগ আৰু সেই প্ৰকৃতিয়ে মানৱ মনলৈ আনি দিয়া বিস্ময়বোধ হে ইয়াত মূখ্য অকৰ্ষণ হৈ ৰৈছে। সেই বিস্ময়বোধে কবিতাটোক প্ৰকৃতি বিষয়ক আন কবিতাবোৰৰ শাৰীত নথৈ আধিভৌতিক, অতীন্দ্ৰীয়বাদী বা ৰহস্যবাদী কবিতাসমূহৰ লগতহে থ’বলৈ অনুমোদন জনায়। কিন্তু সেই ৰহস্যবাদী বা মেটাফিজিকেল কবিতাসমূহৰ শাৰী পুৰাই বহিলেও নৱকান্তৰ "বুৰঞ্জী" তাত থাকিব এটা বিৰোধেৰে। সেই ৰহস্যবাদৰ ঐতিহ্যক প্ৰেক্ষাপটত ৰাখিও আধুনিক ব্যক্তিমনৰ নৈৰাশ্যৰ চেতনাই ইয়াক সিবোৰ কবিতাৰ সৈতে মিলিবলৈ দিয়া নাই।

এইখিনিতে কবিতাটোৰ লগত ৰবীন্দ্ৰনাথৰ এটা এৰাব নোৱাৰা সম্পৰ্ক আছে। তাৰ পিছত আকৌ এদিন নতুনকৈ আচৰিত হ’ল ৰবীন্দ্ৰনাথ বুলি কোৱা কথাষাৰে নিজেই সেই উল্লেখ দিছে। সেয়ে নহ’লেও প্ৰথমে এদিন আচৰিত হ’ল পৃথিৱীৰ প্ৰথম মানুহটো বুল কওতেও আমি সেই সম্ভেদ পাইছিলোঁ।
“আকাশভরা সূর্য-তারা, বিশ্বভরা প্রাণ,
তাহারি মাঝখানে আমি পেয়েছি মোর স্থান,
বিস্ময়ে তাই জাগে আমার গান॥"

ৰবীন্দ্ৰনাথৰ এই বিস্ময়ৰ চেতনা আৰু নৱকান্তৰ কবিতাৰ মাজত পোৱা বিস্ময়ৰ চেতনা যে একেই সেই কথা বুজিবলৈ আমৰ বৰ বেছি অসুবিধা নহয়। উল্লেখ্য যে নৱকান্তৰ কাব্যিক চেতনাৰ মাজত ৰবিন্দ্ৰীয় চেতনাই বাৰে বাৰে বিভিন্ন ৰূপত ভূমুকি মাৰিছেহি। নৱকান্তৰ গীত সমূহতো ৰবীন্দ্ৰ সংগীতৰ মৰ্মস্থলৰ সুৰ এটা আছেই-
“নিয়ৰৰে ফুল
এপাহ ফুলিল এপাহ সৰিল কেনি”।

কিন্তু ৰবিন্দ্ৰীয় বিস্ময়বোধতে আৱদ্ধ নাথাকি নৱকান্তৰ বিস্ময়বোধ অন্য এটা স্তৰলৈ আগবাঢ়ি আহিছে যিয়ে নৱকান্তৰ কবিতাক আধুনিকতাবাদৰ শীৰ্ষবিন্দুত উপনীত কৰালে। সেয়া হ’ল সেই বিস্ময়বোধক প্ৰেক্ষাপটত ৰাখি নৱকান্তই সন্মুখভাগলৈ লৈ অনা আধুনিক সভ্যতাৰ উদ্বিগ্নতা। ৰহস্যবাদ আৰু ৰবীন্দ্ৰ-চেতনা দুয়োটাৰে সৈতে সম্পৰ্ক স্থাপন কৰিও কেনেকৈ নৱকান্তৰ অস্তিত্ব আঁতৰি আহিছে সেই প্ৰসংগত ভবেন বৰুৱাদেৱে কোৱা কিছু কথা উল্লেখ কৰিবলৈ ভাল পাম-
"... নৱকান্ত বৰুৱাই যি 'আধুনিক' কবিতাৰ পথটো লৈছিল সি এহাতে mysticismঅৰ দূৰত ৰ'ল - আনহাতে, metaphysicsঅৰো দূৰত ৰ'ল। এই দুটা উৎসৰ যিকোনো এটাৰে পৰা ইতিধৰ্মী সত্তা-চেতনা আহিব পাৰে আৰু দুয়োটা উৎস লগ লাগিলে সৰ্বোত্তম পৰ্যয়টো আহে। তেনে সত্তাধৰ্মৰ প্ৰতিমুখে এবিধ ক্লীৱতাবোধ অক্ষমতাবোধেই নৱকান্ত বৰুৱাৰ মনৰ প্ৰধান ভাব হৈছিল -

পৰশমণিয়ে মোক নোৱাৰিলে কৰিব সোণালী
মোৰ কালিমাৰে মই
মণিটিকে কৰিলোঁ মলিন।
('কৃপণ')

ঘিণ কৰি মৰোঁ
দাপোণৰ নিজ ছায়াৰ বীভৎসতা
('তেজীমলা')---- মোৰ আৰু পৃথিৱীৰ

এই ফুল গ্ৰহণ কৰাৰ যোগ্যতা
মোৰ জানোঁ আছে?
(অক্ষমতাৰ অশ্লীল টোপনিত মগ্ন
মোৰ অনুভূতিৰ ঘাঁহবোৰ
টোপনি - গ্লানিৰ টোপনি।)
(ত্ৰিশংকুৰ আত্মজীৱনী")

এই কথাবোৰে দেখুৱাব যে ৰবীন্দ্ৰনাথৰ লগত নৱকান্তৰ সম্পৰ্কটো যেন এবিধ antibodyৰে সম্পৰ্ক হৈছিল। ৰবীন্দ্ৰনাথৰ সংগীতৰ পৰা কবিতা আৰু নাটকৰ মাজেৰে গুৰুত্বপূৰ্ণ হৈ থকা এটা সৃষ্টিমুখী ইতিধৰ্মী আধ্যাত্মিক-দাৰ্শনিক ধাৰাৰ লগত নৱকান্ত বৰুৱাৰ মনৰ ইতিধৰ্মী সংযোগ নঘটিল - ঘটা নাছিল। এই কাৰণেই নৱকান্ত বৰুৱাৰ কবিতাত আৰু চিন্তাত ক'তো 'ৰবীন্দ্ৰসংগীত'ৰ ইতিধৰ্মী উল্লেখ আৰু বিশেষকৈ তাৰ ইতিধৰ্মী প্ৰেৰণাৰ পৰিচয় প্ৰকাশ নহ'ল। ৰবীন্দ্ৰনাথৰ 'বলাকা' কবিতাটোৰ 'নক্ষত্ৰেৰ পাখাৰ স্পন্দন' নৱকান্তৰ পথত কেতিয়াও অনুভূত নহ'ল - উত্তৰ-ৰাবীন্দ্ৰিক এবিধ 'আধুনিক' পথতো নহ'ল"।
[ভবেন বৰুৱা, অসমীয়া কবিতা : ৰূপান্তৰৰ পৰ্ব/ ১৩৫]

নৱকান্ত বৰুৱাৰ "বুৰঞ্জী" কবিতাৰ শেহৰ স্তৱকটোত "আমি যে আচৰিত হ'বলৈ পাহৰিলোঁ" বুলি যেতিয়া কোৱা হৈছে তেতিয়া তাৰ মাজতেই নোকোৱাকৈ বহুত কথাই কোৱা হৈ গৈছে। বিজ্ঞানৰ প্ৰসাৰৰ পিছত আমি সকলো ৰহস্যৰ সম্ভেদ জানি পেলাইছোঁ। আমি আজি জানোঁ সূৰ্যটো কেৱল এটা গোলাকৃতিৰ অগ্নিপিণ্ড। আমি জানোঁ আকাশ কিয় নীলা, কিয় নীলা সাগৰৰ পানী। ক্ৰমশ: আমি আচৰিত হ’বলৈ পাহৰিছোঁ কিয় দিন হয়, কিয় ৰাতি হয় এইবোৰ কথাত। তথ্য প্ৰযুক্তি সম্প্ৰসাৰ ঘটিছে। প্ৰযুক্তিবিদ্যাৰ ব্যাপক নিৰ্ভৰশীলতাই মানুহখিনিক যান্ত্ৰিক কৰি তুলিছে। নগৰীয়া জীৱনবোৰ যান্ত্ৰিকতাই ঘেৰি ধৰিছে। এই গোটেইখিনি কথা ভাঙি পাতি ক’বৰ আৱশ্যকেই নহ’ল। কবিয়ে নোকোৱাকৈয়ো আধুনিক মননৰ এই ছবিখন প্ৰেক্ষাপটত ৰৈ গ’ল।

সৌভাগ্যক্ৰমে আমি কবিতাটোৰ ৰচনাকাল জানো- ১৯৪৭ চন, ভাৰতবৰ্ষৰ বাবে সকলোফালৰ পৰাই এক সন্ধিক্ষণৰ সময়। এই কবিতা লেখাৰ এবছৰ আগেয়েই "অসমীয়া আধুনিক কবিতা" পুথি প্ৰকাশ হৈ আধুনিকতাবাদৰ সমসাময়িক পৰ্বটোৰ চৰিত্ৰসমূহৰ সম্পৰ্কে অসমীয়া পাঠক সমাজক অৱগত কৰি ৰখা হৈছে-
"নৱকান্ত বৰুৱাৰ কবিজীৱনৰ চল্লিশৰ দশকৰ পৰ্বটোৰ প্ৰথম পৰিচয় আমি পাওঁ ১৯৪৬ চনত প্ৰকাশিত আৰু যতিনাৰায়ণ শৰ্মা সম্পাদিত 'আধুনিক অসমীয়া কবিতা' নামৰ সংকলনখনত। তাতে বৰুৱাই আধুনিক ঈশ্বৰক ধূপৰ ধোঁৱাৰ পৰা এলেজেব্ৰাৰ এক্সলৈকে বিচাৰি চোৱা এটা আকৰ্ষণীয় আধুনিক মনৰ পৰিচয় আছিল"।
(ভবেন বৰুৱা, অসমীয়া কবিতা : ৰূপান্তৰৰ পৰ্ব/ ১০৭)


ৰবীন্দ্ৰনাথৰ উপৰিও নৱকান্তই কবিৰাৰ কবিতাও অনুবাদ কৰিছে, ৱাল্ট হুইটমেনৰ কবিতাও অনুবাদ কৰিছে। আনহাতে এলিয়টৰ প্ৰুফকীয় দ্বন্দও নৱকান্তৰ কবিতাত বিদ্যমান। প্ৰাচ্য পাশ্চাত্যৰ দৰ্শনৰ বিভিন্ন শাখা প্ৰশাখাৰ সৈতে সু-পৰিচিত নৱকান্তই আধুনিক সময়ে আনি দিয়া ব্যক্তি মননৰ আধুনিক প্ৰকাশকে সাৰোগত কৰি ল’লে। আধুনিক নগৰীয়া জীৱন যাত্ৰাই সমান্তৰালভাবে লৈ অনা নৈৰাশ্য আৰু হতাশাক লুকুৱাই থ’বলৈ কবি অপাৰগ। সেয়েহে
"মাথোন এবাৰ
আমাকো, এবাৰ"
বুলি আকুতি কৰি কবিয়ে নিজৰ উদ্বিগ্নতাকেই প্ৰকাশ কৰি গ’ল।

আনহাতে, সম্পূৰ্ণ বিপৰীত মেৰুত অৱস্থান কৰি প্ৰায় তিনি দশকৰ পাছতো ঋষিতুল্য বুলি খ্যাত কবি নীলমণি ফুকনে সেই বিস্ময়বোধক বৰ্তাই ৰাখিলে-

আন্ধাৰতহে ধানে গেঁৰ ধৰে কিয়
বৰষুণ কিয় হয় কিয় হয়
পুৰুষৰ বীৰ্য নাৰীৰ স্তনত গাখীৰ
["নৃত্যৰতা পৃথিৱী", প্ৰথম প্ৰকাশ- নৱেম্বৰ ১৯৮৫]




সমুদ্র কাজল শইকীয়া   

No comments: