ডঃ বাণিকান্ত কাকতি

...সাহিত্যৰ ক্ষেত্রত নতুনকৈ কৰিবলগীয়া কাম একো নাই। সাহিত্য ধ্বনি আৰু প্রতিধ্বনি মাথোন। পূর্বপুৰুষ সকলৰ ভাবৰ ধ্বনি যাৰ হৃদয়ত পুৰাকৈ প্রতিধ্বনিত হয় সিয়েই সফলতা লাভ কৰে... ডঃ বাণীকান্ত কাকতি, বাঁহী, ১৩শ বছৰ, অষ্টম সংখ্যা, আঘোণ, ১৮৪৭ শক।

Blog Archive

Saturday, January 7, 2017

হোক্স, মেমে, চিনেমা, ষ্ট্ৰেটেজী আৰু বকুলতললৈ ছাকিৰা অহাৰ সম্বাদ

"কি নাম দি মাতিম" 

চিনেমাৰ কিমান যে নাম! লগতে বদনাম। কিমান যে চৰ্চা। মুখ-চুপতি। উৰা-বাতৰি। কিমান যে যাত্ৰা, স্থানচ্যুতি, নিজৰ পৰা আঁতৰি যোৱা, আকৌ উভতি অহা...

চিনেমা নামটোৰে এক বিশেষ কলাকেই বুজিছিলোঁ সৰুৰে পৰাই। ডাঙৰ হৈ হে দেখিলোঁ চিনেমা মানে কেৱল পৰ্দাখন আৰু তাত দেখা পোৱা বস্তুখিনি নহয়, চিনেমা মানে হলঘৰটোহে। থিয়েটাৰ বুলিলে নাটক বুজিছিলোঁ। কিন্তু অভিধান চাই বুজিলোঁ- থিয়েটাৰ মানে ৰংগমঞ্চ, নাট্যশালা। যিহেতু ছবিবোৰ আৰু শব্দবোৰ চলমান, সেয়েহে মুভি বুলিলোঁ। যিহেতু কথাও আছে ছবিও আছে সেয়ে কথাছবি বুলিলোঁ। কথা ভাগক বেছি গুৰুত্ব দি যেতিয়া 'সাহিত্য-ধৰ্মিতা'ৰ দাদাগিৰিখিনি বাঢ়ি যোৱা দেখিলোঁ তেতিয়াই উদ্দেশ্যপ্ৰণোদিত ভাবে চলচ্ছিত্ৰ বুলিলোঁ। সৰু সৰু পৰ্দাৰ উপকৰণবোৰ আহি পৰাৰ পিছত মাজে মাজে বিগ-স্ক্ৰীণ বুলিও কৈ থ'লোঁ। আৰু চেনেহতে মাজে মাজে ক'লোঁ ছিলভাৰ-স্ক্ৰীণ, ৰূপালী পৰ্দা। (মন কৰিব, প্ৰতিটো নামকৰণেই সাংঘাতিকভবে, নিচকভাবে, কাৰিকৰী।) এতিয়াও খুব সহজতে ফিল্ম বুলি থাকোঁ। অথচ আমি জানোঁ যে ফিল্ম মানে ৰসায়ণিক পদ্ধতিৰে প্ৰস্তুত কৰিব পৰা এটা বিশেষ বস্তু, এটা ৰিল, ফটোগ্ৰাফীৰ 'নিগেটিভ' বুলিলে যি বুজোঁ তেনেকুৱাই কিবা এটা। সময় আৰু তাৰ লগে লগে পদ্ধতি সলনি হৈ সকলোবোৰ ডিজিটেলাইজড হৈ যোৱাৰ পিছত ৰীল বা ফিল্ম নাথাকিলেও তাকো ফিল্মেই বুলি থাকিলোঁ। কি যে আইৰণি! নিজৰ সুবিধামতে এনেকৈয়ো কৈ থাকিলোঁ যে- ডিজিটেল ফিল্ম! ডিজিটেলটো বাৰু বুজিলোঁ, কিন্তু ফিল্মখিনি ক'ত? তথাপি ফিল্ম। আৰু আপোন কৰি ক'বলৈ হ'লে ফিলিম! তাত কিন্তু আমি বুজাব খোজাখিনিত একো অসুবিধা নহ'ল। কাৰণ শব্দবোৰ বহুবীহি। ই ভগৱানৰ দৰেই। যি নামেৰেই নামাতোঁনো কিয়, সেই অজানাজন সেইজনেই (নে সেই জনীয়েই?)। এই বস্তুটোও তেনেকুৱাই- যি নামেৰেই নামাতোঁ কিয় আমি জানো ই কি। লগতে জানো যে এই বস্তুটো একক নহয়, ই সমগ্ৰতাক সাঙুৰি গা কৰি উঠা এটা বিৰাট আয়োজন। কিন্তু আমাৰ সংকুচিত বীক্ষণৰ বাবে এই সমগ্ৰতাৰ কথাখিনি মাজে মাজে পাহৰি যাওঁ। 

হিমাংশু প্ৰসাদ দাসৰ "ছাকিৰা আহিব বকুলতলৰ বিহুলৈ" নামৰ চিনেমাখনৰ প্ৰমোচনৰ কাম চলি থকাৰ সময়তে এই সমগ্ৰতাৰ দিশটোৰ কথা আকৌ এবাৰ মনত পেলাবলৈ আৰু ন-কৈ ভাবিবলৈ অলপ সুযোগ ওলাল। লগতে পপুলাৰ কালচাৰ, মাছ কালছাৰ আৰু স্পেক্টেটৰশ্বিপ সম্পৰ্কেও দুটা কথা পাতিব পৰা যাব।

ডেৰঘণ্টাৰ পৰা তিনি ঘণ্টাৰ মাজৰ সময়খিনিত পৰ্দাত চলি থকা কাৰবাৰখিনিয়েই চিনেমা নহয়। তাৰ বাহিৰতো ই আছে। কেতিয়াবা কিছুমান দিশলৈ চাই ক'ব পাৰি তাৰ বাহিৰতেইহে আছল বস্তুটো। The art lies somewhere outside the object. অসমীয়া দৰ্শকৰ (ননি টেৰনৰ পৰা ধাৰ কৰা ভাষাৰে ভকতীয়া দৰ্শকৰ) সীমাবদ্ধতা এয়ে যে চিনেমা মানে কেৱল কাহিনী এটা। কাহিনীটোৱে যদি সমাজলৈ কিবা এটা বাৰ্তা প্ৰেৰণ কৰিছে, বা মেছেজ দিছে তেনেহ'লেই সেয় ভাল কিবা এটা। 'মেছেজ' (message)  নিদি যদি কেনেবাকৈ 'মাছাজ' (massage) দিবলৈ আৰম্ভ কৰে তেতিয়া? পক্ষাঘাতগ্ৰস্ত, স্নায়ু-বিকল, ক্লিনিকেলি নাম্ব ভকতীয়াই সেয়া অনুভৱ কৰিব নোৱাৰে। কাহিনী এটাতকৈ চিনেমা এখন ক'ত, কেনেকৈ, কাৰ লগত চাইছিল সেই চোৱাৰ মুহূৰ্তখিনিৰ অনুভৱখিনি বৰ গুৰুত্বপূৰ্ণ। সেয়ে গুৰুত্বপূৰ্ণ হৈ উঠে- পোষ্টাৰ, বেনাৰ, বেনাৰৰ আখৰৰ ফণ্ট/ হাফ-টোন প্ৰিণ্ট, ত্ৰাই-কালাৰ প্ৰিণ্ট/ চাইজ এইবোৰ, টিকট কাউণ্টাৰত শাৰী পাতি থকা মানুহবোৰৰ গছিপ আৰু উৎকণ্ঠা, বেৰত চোবোৱা তামোলৰ দাগ, পপ-কৰ্ণ, চিনেমাহলৰ আসনত থকা উৰহৰ কামোৰ, বাথৰুমত থকা নেপথেলিন গুটি অথবা চিত্ৰনলাৰ গোন্ধ আদি সকলোবোৰ। আপোনাক যদি অমুক চিনেমাখনৰ কথা সোধা হয় কি কি কথা অপোনাৰ মনলৈ আহে বাৰু? সেই অমুক চিনমাখন চাবলৈ যোৱাৰ দিনা আপোনাৰ কোষ্ঠ-কাঠিন্য আছিল নে পাতলীয়া আছিল সেইটোও গুৰুত্বপূৰ্ণ নহয় জানো? মোৰ বাবে কিন্তু হয়। কাৰণ চিনেমা এখন চোৱাটো এটা অভিজ্ঞতা। এই অভিজ্ঞতা বাতাৱৰণৰ সৈতে যুক্ত, ইক'ল'জিকেল। চাউণ্ড চিষ্টেম কেনে আছিল? গাঁঠিৰ ধন ভাঙি চাবলৈ গৈছিল নে কোনোবাই ফ্ৰীতে দেখুৱাইছিল? সেইদিনা অসম বন্ধ আছিল নেকি? বতৰটো গোমা আছিল নে ফৰকাল?


"কিতনে আদমি থে?"


আমি বলিউড ভাল পাওঁ এইবাবেই যে বলিউডে চিৰকালেই ৰূপালী পৰ্দাৰ আয়তক্ষেত্ৰাকাৰ স্পেচৰ পৰা চিনেমাক উন্মুক্ত কৰি আহিছে। বলিউডৰ আচল মজা সদায়ে চিনেমাখনৰ বাহিৰত। ত্বাত্বিক ভাবে ক'বলৈ গ'লে বলিউডৰ প্ৰতিখন চিনেমাই এটা বাগধাৰাৰ মাজৰ এটা অৱস্থান। আমাৰ ঘৰতে আমাৰ দেউতা প্ৰাণৰ ফেন, আমাৰ সৰু খুৰা ধৰ্মেন্দ্ৰৰ ফেন, মা সঞ্জীৱ কুমাৰৰ ফেন। সৰুতে দূৰদৰ্শনত যেতিয়াই চিনেমা এখন আহিছিল, চিনেমাখনৰ আগতেই আমি তাৰ সম্পৰ্কে বহু কথা শুনিছিলোঁ। কথাবোৰ শুনি শুনিয়েই চিনেমাখনক কেন্দ্ৰ কৰি এটা আৱহাৱা তৈয়াৰ হৈ গৈছিল। ৰাজেশ খান্না বা দেৱানন্দৰ চিনেমা এখন চোৱাৰ পৰত সেই অভিনেতা সকলে অভিনয় কৰা চৰিত্ৰ সমূহতকৈ বহুগুণে ডাঙৰ হৈ ধৰা দিছিল সেই ব্যক্ত্বিত্ব খিনিৰ কাষৰ গোলাকৃতিৰ মৰল। এতিয়াও চিনেমা এখন হললৈ অহাৰ আগতেই ফিল্ম-মেগাজিন, ৰিয়েলিটি শ্ব', ইউ-টিউব আৰু চ'ছিয়েল চাইটৰ যোগেদি আমি আগতেই সোমাই পৰোঁ চিনেমাখনৰ পাৰিপাৰ্শ্বিকতাত। এইখিনিক বাদ দি চিনেমাখন সম্পূৰ্ণ নহয়। বলিউডৰ অন্যতম মাইলৰ খুটা "শ্ব'লে" বুলি ক'লে সেই আয়তাকাৰ ক্ষেত্ৰত দেখা ঘটনাখিনি নহয়, আমাৰ মনলৈ আহে গব্বৰ সিঙৰ “লাৰজাৰ দেন লাইফ” ভাৱ-মূৰ্তিটো, বিভিন্ন মাধ্যমত শুনা ডাকু আৰু ঠাকুৰৰ অজস্ৰ কৌতুক, চ'ছিয়েল মাধ্যমত দেখা শতাধিক মেমে। কেৱল স্ক্ৰীণ-টাইমৰ বাবেই শ্ব'লে শ্ব'লে হোৱা নাই, শ্ব'লে শ্ব'লে হৈ উঠিছে এই সকলোবোৰ সামৰিহে।



“তুমি জানিলেই জানা মোৰো জনা হয়”


"ষড়দ্ৰষ্টা" নামৰ এটা লেখাত আমি ছয় প্ৰকাৰৰ দ্ৰষ্টা বা দৰ্শকৰ কথা উল্লেখ কৰিছিলোঁ। শিল্প অনুধাৱণৰ পদ্ধতি আৰু অভিনেতা আৰু দৰ্শকৰ মাজৰ সম্পৰ্ক সন্দৰ্ভত কৰা সেই আলোচনাটোত ছয় প্ৰকাৰৰ দৰ্শকৰ মাজত এবিধ আছিল "ঘৰচীয়া বা ঘৰুৱা দৰ্শক (Domestic Spectator)"। এইবিধ দৰ্শক আছিল এনেধৰণৰ:

"এইজন দৰ্শক হ'ব পাৰে নাটকৰ কৰ্মকৰ্তা সকলৰে কোনোবা এজন, অভিনেতা-পৰিচালক-প্ৰযোজক, অথবা তেওঁলোকৰ কোনোবা অঙহী-বঙহী, ৰিহাৰ্ছেল চলি থকা সময়ত সদায়ে কাষেৰে পাৰ হৈ যোৱা কোনবা এজন, নাট্যবলিয়া কোনোবা ছাত্ৰ বা অনুসন্ধিৎসু বিদ্বান যিয়ে যেনেকৈয়ে নহওক কিয় হ'বলগীয়া বা হৈ থকা নাটকখনৰ সম্পৰ্কে অলপ হ'লেও কিবা এটা জানে। যিহেতু ইতিমধ্যেই কিবা নহয় কিবা এটা জানে, তেওঁ নাট্যমুহূৰ্তটোত নিজকে এজন বহিৰাগত ব্যক্তি বুলি নাভাবে, তেওঁৰ হাতত এনে বহুটো সমল আছে যাৰ জৰিয়তে তেওঁ পৰিবেশটোত নিজকে খাপ খুৱাই ল'ব পাৰে। এই ঘৰুৱা দৰ্শকজনেই শ্ৰেষ্ঠতম দৰ্শক, কিয়নো নাটক এখন তেওঁ নিজৰ মতে বুজি পায় আৰু নিজৰ ব্যক্তিগত স্মৃতি অথবা জ্ঞানৰ সৈতে ৰজিতা খুৱাই তাক উপভোগ কৰে।

মন কৰিবলগীয়া কথা যা সাম্প্ৰতিক হিন্দী চিনেমাৰ প্ৰমোচনেল ষ্ট্ৰেটেজিবোৰে চিনেমা এখন ৰিলিজ হোৱাৰ আগতেই গানবোৰ বজাৰত উলিয়াই দি, পোষ্টাৰ উলিয়াই, নায়ক-নায়িকাৰ মুখৰোচকৰ কাহিনী সজাই, ৰিয়েলিতি শ্বো পাতি, 'ইউ-টিউব'ৰ দৰে চ'চিয়েল নেটওৱৰ্কত প্ৰচাৰ কৰি আচলতে এই শ্ৰেণীৰ ঘৰুৱা দৰ্শকৰ প্ৰস্তুতিকেই পোষকতা কৰে। এইবোৰ মাৰ্কেটিং চানেকীয়ে আগতীয়াকৈয়ে চিনেমাখনৰ সম্পৰ্কে কিছুমান ক্লু বা সূত্ৰ ভাবি-দৰ্শকৰ মাজলৈ আগবঢ়াই দিয়ে, যাৰ জৰিয়তে সেই ভাবি দৰ্শকজনৰ শিল্পকৰ্মটোত মনোনিৱেশ কৰিবলৈ সুবিধা হ'ব পাৰে।..."

(দ্ৰষ্টব্য- সমুদ্ৰ কাজল শইকীয়া, "ষড়দ্রষ্টা- বিভিন্ন স্থান-কালৰ পৰিপ্রেক্ষিতত ছয় প্রকাৰৰ দ্রষ্টা বা দর্শকৰ সংজ্ঞা নিৰূপণৰ প্রয়াস"
http://assameseculturalwriting.blogspot.in/2011/11/blog-post_2305.html)


কৰ্কৰা ভাত খাই ধনশ্ৰী ৰাগ টনা অসমীয়া


কিবা কিবি কাৰণবশত: আমাৰ সকলোবোৰ লেখাই একেখিনি কথালৈকে ঘুৰি পকি আহে, আৰু তেনেকৈয়ে এইখিনিতে আমি আগতে বাৰম্বাৰ উল্লেখ কৰি অহা অসমীয়া সমালোচনাৰ সংকট আৰু অসমীয়া মধ্যবিত্তীয় পণ্ডিতৰ শুচিবায়ুগ্ৰস্থতাৰ কথা অলপ কৈ ল'ম। প্ৰথমতে, অসমীয়া সমালোচনাৰ সংকট এয়ে যে, সমালোচনাক সমালোচনা হিচাপে বা এক স্বকীয় গৰিমামণ্ডিত কলা হিচাপে আজিও অসমীয়া মানুহে গ্ৰহণ নকৰিলে। ফলত সমালোচনা হয় হ'ল নিন্দুকৰ নহয় হ'ল চাটুকাৰৰ বৃত্তি। দ্বিতীয়তে, ওপৰলৈ শিল এটা দলিয়াই দিলে যাৰ মূৰতে পৰিব তেওঁৱেই এজন লেখক - সেই কথা বাৰু ভাল কথা। মত প্ৰকাশৰ স্বাধীনতা সকলোৰে আছে আৰু সেয়াই হোৱা উচিত। কিন্তু তাৰ মাজতো এনে লোকৰ সংখ্যা খুবেই কম যাৰ যি বিষয়ত যি লিখি থকা হৈছে সেই বিষয়ত অলপ হ'লেও ব্যৱহাৰিক জ্ঞান আছে। চিনেমা এটা টেকনিকেল মাধ্যম। ফিল্ম, ছিল্ভাৰ স্ক্ৰীণ- এই সকলোবোৰ নামেই টেকনিকেল ব্যৱহাৰিক বস্তু। একো একোটা ব্যৱহাৰিক বস্তু, পদ্ধতি, কাৰিকৰী প্ৰক্ৰিয়া এইবোৰৰ ন্যুনতম জ্ঞান নোহোৱাকৈ আপুনি লিখিবই পাৰে। লিখক। কিন্তু তেতিয়া আপোনাৰ লেখাটো খুব বেছি সাহিত্য নিৰ্ভৰ হৈ গৈ থকাৰ সম্ভাৱনা আছে। হওক, তাতো আপত্তি নাই। কিন্তু সমস্যাটো হ’ল সেইখিনিতহে যেতিয়া সকলো লোকেই একেখিনি পৰিপ্ৰেক্ষিতেৰে একেখিনি কথাকেই পাতি থাকিলে! ইমান বিস্তাৰিত, বহুমুখী মাধ্যম এটাক একমূখী আৰু সীমিত কৰি পেলোৱাটো এটা অপৰাধেই নহ'ল নে? ইয়াৰ শাস্তি কি হোৱা উচিত- আজীৱন কাৰাদণ্ড নে ফাঁচী? তৃতীয়তে, লিখি থকা মানুহখিনি যেনেকৈ সীমাবদ্ধ, পঢ়ি থকা মানুহখিনিও সমানে সীমাবদ্ধ। সংখ্যাগত ভাবেও, ধাৰণাগতভাবেও। লিখি থকা মানুহখিনিও "মান্য" অসমীয়া-ভাষী আধুনিকতাবাদী মধ্যবিত্ত, পঢ়ি থকাখিনিও একেখিনিয়েই। অথচ মাধ্যমগত ভাবে চিনেমা আছিল মধ্যবিত্তীয়- নিম্নবিত্তীয় নিৰ্বিশেষে (আনকি ভাষা নিৰ্বিশেষেও আৰু দেশ নিৰ্বিশেষেও) সকলোকে সম্বোধন কৰিব পৰা এক বিৰাট শিল্প। গতিকে এনে এক বিৰাট শিল্পক নিজৰ কমফ'ৰ্ট জ'ন এটা বিচাৰি উলিয়াই সীমাবদ্ধ পৰিসৰৰ মাজলৈ সুমুৱাই নি কথা পাতি থকাটো অপৰাধেই নহ'লনে? চতুৰ্থতে, অপ্ৰিয় হ'লেও সত্য যে অসমীয়া শিক্ষিত সমজখন সাংঘাতিক ধৰণেৰে এলিট (Elite)। কৰ্কৰা ভাত খাই ধনশ্ৰী ৰাগ টনা অসমীয়া সমাজখনত ধূতি-নীতি আৰু শুচিবায়ুগ্ৰস্থতা ইমানেই যে - অলিখিত কিছুমান বিধানৰ পৰা অলপ ইফাল সিফাল হ'লেই বস্তুবোৰ আৰু গ্ৰহণ যোগ্য নহয়। গতিকে ইয়াত নীতি আৰু নৈতিকতাহে মূল কথা। আমোদ, প্ৰমোদ অথবা সকলোৰে উৰ্ধত "অভিজ্ঞতা"- এইখন এলিট সমাজে কাহানিবাই নস্যাৎ কৰি থৈছে। গতিকে চিনেমাক পপুলাৰ কালচাৰ বা মাছ কালচাৰৰ অংশ হিচাপে চোৱাটোতো দূৰৰে কথা, কোনোবাই তেনেদৰে চাবলৈ বিচাৰিলেও তাক এই (ভ্ৰান্ত) এলিট সমাজে লেই লেই চেই চেই কৰাটোহে স্বাভাৱিক। অলপতে অসমৰ ভ্ৰাম্যমাণ নাটক সম্পৰ্কে কোৱা কথা এষাৰ আকৌ ক'ম যিটো অসমীয়া চিনেমাৰ ক্ষেত্ৰতো প্ৰযোজ্য। কথাষাৰ আছিল "বিশ্বায়নে নহয়, পুঁজিবাদে নহয়, ভ্ৰাম্যমাণ থিয়েটাৰ ধ্বংস কৰিলে অসমৰ সাংস্কৃতিক পৰিমণ্ডলৰ উন্নাসিকতাই"। যিটো সময়ত ভ্ৰাম্যমাণ থিয়েটাৰৰ জনপ্ৰিয়তা তুঙ্গত আছিল সেই সময়ত সকলো শিক্ষিত চিৰিয়াছ নাট্যকৰ্মী আৰু 'সমালোচকে' ভ্ৰাম্যমানৰ নাট্য-ধৰ্মিতাক নিন্দা কৰি গ'ল। হয় সেই আটাইবোৰ কথাই গুৰুত্বপূৰ্ণ আৰু যুক্তি-যুক্ত আছিল। কিন্তু সমস্যাটো এইখিনিতে ৰ'ল যে ভ্ৰাম্যমাণক এটা পপুলাৰ আৰু মাছ কালছাৰৰ অংশ হিচাপে কোনেও নাচালে। ফলত কালক্ৰমত অসমৰ এটা আপুৰুগীয়া সমসাময়িক পৰম্পৰা (Contemporary Tradition) নিম্নমুখী হৈ আহিল। চিনেমা শিল্পৰ সন্মুখত আহি পৰা প্ৰত্যাহ্বান খিনিৰ কথাও পাতি থকা হয়। তাৰ মাজত থাকে- কেনেকৈ হলবোৰ আজিকালি নোহোৱা হ'ল, কেনেকৈ নব্য-মাধ্যমৰ সম্প্ৰসাৰণে মানুহৰ জুতি বা টেষ্ট সলনি কৰি গৈ আছে ইত্যাদি। পুঁজিবাদ, বিশ্বায়নকে সাঙুৰি আৰ্থ সামাজিক সকলো কথা পতা হৈ থাকে। কিন্তু Mass Culture বা Popular Culture-ৰ দৃষ্টিৰে আৰু তাৰ প্ৰতি অসমীয়া এলিট সমাজৰ শুচিবায়ুগ্ৰস্থতাই কৰা ক্ষয় ক্ষতিৰ দৃষ্টিৰে কথা পতাই নহ'ল।


অহুকাণে পহুকাণে ছাকিৰা আহিব বকুলতলৰ বিহুলৈ


১৯৯৭ চনৰ পৰা ২০০০-ৰ মাজৰ সময়খিনিত হিমাংশু প্ৰসাদ দাসক গুৱাহাটী ক্লাবত কে’বাবাৰো পাইছিলোঁ। প্ৰতিৰোধৰ ক্ষমতা ৰখাটো কিমান গুৰুত্ব পূৰ্ণ সেই কথাত, দীঘলী পুখুৰীৰ পাৰত ডেকা-গাভৰুৱে কিয় প্ৰেম কৰিব নোৱাৰিব সেই প্ৰশ্নত হিমাংশুৰ নাকৰ পাহি ফুলিছিল। নেছনেল স্কুল অফ ড্ৰামাত শিক্ষাগ্ৰহণৰ সময়খিনিত হিমাংশুৰ ব্যৱহাৰ-পাতি আছিল বেক-বেঞ্চাৰবোৰৰ দৰে। প্ৰডাকচনৰ বাহিৰলৈ আহি সকলোকে উধাই মুধাই গালি পাৰিবলৈ পালেই ভাল পাইছিল। ২০১২ চনত গুৱাহাটী মহানগৰ জুৰি আমি আয়োজন কৰা এটা পাব্লিক আৰ্টৰ উৎসৱৰ সময়ত হিমাংশুৱে আমাৰ অনুৰোধ মৰ্মে ‘পণবন্দী’ নামৰ অভূতপূৰ্ৱ নাটকখন আকৌ কৰিছিল। যৌতুকৰ সমস্যা আৰু সমসাময়িক যুৱ-সমাজৰ অৱস্থানক সাঙুৰি চলন্ত চিটিবাছৰ মাজতে সংঘটিত সেই নাটকখনৰ উত্তেজনা ইমানেই বাঢ়ি গৈছিল যে এসময়ত কণ্ডাক্টৰে চলন্ত বাছখন আদবাটতে ৰখাই দিবলৈ বাধ্য হৈছিল। পেছেঞ্জাৰৰ ৰূপত থকা নাট্যকৰ্মী সকলৰ বাহিৰেও অন্যান্য যাত্ৰী সকলৰ পাৰ্টিচিপেছনে এক অনন্য ৰূপ লৈছিল। ‘এই ছোৱালী এবাৰ ভাল পাই চাবা নেকি’ বুলি কবিতা এটাক ভিডিঅ’ৰূপ দিছিল- পপুলাৰ চিনেমাৰ কিছুমান অনুষংগ ব্যৱহাৰ কৰি। কবিতাটোত থকা সুৰটোকলৈ অলপ অসুবিধা পাইছিলোঁ কিন্তু সেইখিনি কথা অসমীয়া কবিতাৰ গতিবিধি সম্পৰ্কীয় অন্যস্থানত লিখিম। কিন্তু চিনেমাৰ আৰু ভিডিঅ’ৰ স্ক’প’ফিলিয়া কৰবাৰটোক হিমাংশুৱে যেনেকৈ ব্যৱহাৰ কৰিছিল তাৰ শলাগ নলৈ নোৱাৰি। এই হিমাংশুৱে যেতিয়া চিনেমা কৰিবলৈ লৈছে তাত মেজাজটো যে অলপ অন্য হ’ব সেই কথাত দ্বিধা নাই।

হিমাংশু প্ৰসাদ দাসে বুজি পালে যে চিনেমা এখনৰ নিৰ্মানৰ লগতে তাৰ প্ৰমোচনৰ দিশটো এটা প্ৰক্ৰিয়া বহিৰ্ভূত বস্তু নহয়। প্ৰমোচন চিনেমাখনৰে এটা অংশ। এইটো যিহেতু চ'ছিয়েল মেডিয়াৰ যুগ, চ'ছিয়েল নে'টৱৰ্কিঙৰ প্লেটফৰ্মবোৰ হিমাংশুৱে সুপৰিকল্পিতভাবেই ব্যৱহাৰ কৰি গ'ল। মেমে (Meme) আৰু ফটো মেনিপুলেচন চ'চিয়েল মেডিয়াৰ এটা অভূতপূৰ্ব আৱিষ্কাৰ। নতুন নতুন গ্ৰাফিক্সৰ সংযোজনেৰে, ফটো মেনিপুলেচনেৰে সদায়ে মানুহৰ সন্মুখলৈ আহি থাকিল "ছাকিৰা আহিব"-ৰ নিৰ্মাণৰ আৰু প্ৰম'চনৰ নতুন নতুন খবৰ। দেখিব বিশ্বৰ ক্ৰীড়াংগণৰ, বিশ্ব-সংগীতৰ, হলিউডৰ আৰু বলিউডৰ একো একোজন বাঘা বাঘা তাৰকাই “ছাকিৰা আহিব” চিনেমাখনৰ প্ৰ’ম’চনত নামি পৰিছে। এনেধৰণেৰ চ’চিয়েল মিডিয়াই দিব পৰা চমক আটাইখিনি হিমাংশুৰ টীমে ব্যৱহাৰ কৰিছে। ইণ্টাৰনেট হোক্স (Hoax)-ক যে কেনেকৈ এটা গঠণমূলক কামত ব্যৱহাৰ কৰিব পাৰি তাকেই হিমাংশুৰ পি আৰ টীমে দেখুৱালে। তাৰ লগে লগে ইভেণ্ট মেনেজেমেণ্টৰ আয়োজনবোৰো চলি থাকিল। অহা বিছ জানুৱাৰীত মুক্তি পাবলগীয়া চিনেমাখনৰ সম্পৰ্কে অসমৰ চুকে কোণে অগণন জনে বিভিন্ন ধৰণেৰে প্ৰকাশ কৰিলে এই উষ্মা- "ছাকিৰা আহিব বকুল তলৰ বিহুলৈ"। নামটোৰ মাজতেই আছে এটা উষ্মা। কোনোবা আহিব। কিবা এটা হ'ব। কিবা এটা ঘটিব। আজিৰ পৰা পোন্ধৰ বিছ বছৰমানৰ আগতে এখন একাংকিকা নাটকৰ নামে নাম কৰিছিল- "কিবা এটা হৈ আছে"। সেই নামটোতো এটা উষ্মা আছিল। ভ্ৰাম্যমাণ থিয়েটাৰ চোৱা দৰ্শক মাত্ৰেই জানে গমগমীয়া কণ্ঠৰে ঘোষিত হোৱা "আৰু ক্ষন্তেক পাছতেই" বুলি কোৱা কথাষাৰৰ মাজত কি উত্তেজনা সোমাই আছে। এই চিনেমাখনৰ নামকৰণৰ মাজত থকা সেই উষ্মাটোক অতি কৌশলেৰে এটা পাৰফৰমেটিভ ৰূপ দিয়া হ'ল। ক্ৰমাগতভাবে এই প্ৰম'চনৰ পদ্ধতিটোৱেই হৈ উঠিল এটা পাৰফৰমেন্স। চিনেমাখন, সেই আয়তাকাৰ ৰূপালী পৰ্দাত নিৰ্দিষ্ট সময়ত কি ওলাব বা কি ঘটিব সেইবোৰ কথা পিছত। হয়তো চিনেমাখন সফল হ'ব, অথবা ফ্লপ হ'ব। চিনেমাজগতত হয় পুজাৰ নিৰ্মালি পোৱা যায় নহ'লেবা কুকুৰে কাঁইট নোখোৱাকৈ পৰা গালি। ইয়াত কোনো মধ্যৱৰ্তী অৱস্থান নাথাকেই। কিন্তু তাৰ আগতেই এই যি প্ৰম'চনৰ পাৰফৰমেন্স - তাত ইতিমধ্যেই "ছাকিৰা আহিব বকুলতলৰ বিহুলৈ"-খনে সফলতা লাভ কৰিছে। ইতিমধ্যেই অসমৰ ৰাইজে বুজি পাইছে যে - কিবা এটা ঘটিবলৈ গৈ আছে। এই কথাটো সঁচা যে অসমৰ চিনেমাৰ জগতখনতেই আচলতে কিবা এটা ঘটিবলৈ গৈ আছে।

হিমাংশু প্ৰসাদ দাসৰ এটাও মঞ্চ প্ৰযোজনা মই দেখিবলৈ পোৱা নাই। কিন্তু শুনি আহিছোঁ, আৰু এষাৰ কথাই কাণত পৰিছে বাৰে বাৰে যে - 'দৰ্শকক কেনেকৈ আকৃষ্ট কৰি ধৰি ৰাখিব লাগে সেই কথা হিমাংশুৱে জানে'। যি সময়ত অসমৰ শিল্প-সাহিত্যত জোনাকী ৰাতি, বৰষুণৰ টোপাল, পথাৰৰ ধান, বুকুৰ বেদনা আৰু ফাগুণৰ উতলা বা-ৰ দৰে লীৰিকেল কথা-বাৰ্তাৰ পয়োভৰ সেই সময়ত হিমাংশুৰ এখন নাটকে জনপ্ৰিয়তা লাভ কৰিছিল যাৰ নাম আছিল - "মই শ্বাহৰুখ খান হ'ব খোজোঁ"। আমি জানোঁ যে এই সময়ৰ অসমীয়া মিউজিক ভিডিঅ'বোৰে আমদানী কৰা সংবেদনশীলতাৰ পৰা হিমাংশু বহু আঁতৰত, কিন্তু এইটোও বুজাই যায় যে অসমৰ এলিট পৰিমণ্ডলৰ মাজত আৱদ্ধ হৈ থকিবলৈ হিমাংশু প্ৰসাদ দাসৰ আৰু ইচ্ছা নাই। এলিট আৰু পপুলাৰৰ মাজত কোনোবাখিনিত দলং এখন হয়তো এনেকৈয়ে অতি শীঘ্ৰেই গঢ়ি তুলিব পৰা যাব।

চৰ্চা হওক। চুপতি হওক। উৰাবাতৰি ওলাওক। আমি গছিপবাজ।



সমুদ্ৰ কাজল শইকীয়া
৭ জানুৱাৰী ২০১৭, নতুন দিল্লী

No comments: