ডঃ বাণিকান্ত কাকতি

...সাহিত্যৰ ক্ষেত্রত নতুনকৈ কৰিবলগীয়া কাম একো নাই। সাহিত্য ধ্বনি আৰু প্রতিধ্বনি মাথোন। পূর্বপুৰুষ সকলৰ ভাবৰ ধ্বনি যাৰ হৃদয়ত পুৰাকৈ প্রতিধ্বনিত হয় সিয়েই সফলতা লাভ কৰে... ডঃ বাণীকান্ত কাকতি, বাঁহী, ১৩শ বছৰ, অষ্টম সংখ্যা, আঘোণ, ১৮৪৭ শক।

Blog Archive

Tuesday, October 23, 2018

গ্ৰন্থন সমস্যা, গণ-পাঠক আৰু সেৱাদাতা লেখক


["নিয়মীয়া বাৰ্তা", ১০ মাৰ্চ, ২০১৮]
"কিতাপ চামুচ, কেঁচী, হাতুৰী আৰু চকাৰ নিচিনা। এবাৰ আৱিষ্কাৰ হোৱাৰ পাছত ইয়াৰ উৎকৰ্ষ সাধন কৰিব নোৱাৰি। আৱিষ্কাৰ হোৱাৰে পৰা চামুচ এখন একে গঢ়তে আছে। প্ৰাগৈতিহাসিক চকা আৰু আজিৰ চকাৰ মাজত বিশেষ পাৰ্থক্য নাই। কিতাপৰ কোনো বিকল্প ওলালেও ই কিতাপৰ দৰেই হ'ব লাগিব। চিনেমা, টেলিভিশ্যন, ইণ্টাৰনেট একোৱেই কিতাপৰ স্থান ল'ব নোৱাৰে।" ইটালীৰ লেখক উমবাৰ্টো ইক' আৰু ফৰাচী চিত্ৰনাট্য লেখক জাঁ ক্লডে কেৰিয়াৰৰ এটা কথোপকথনৰ আধাৰত গীতাশ্ৰী তামুলীৰ "সাহিত্য আৰু সমালোচনা" গ্ৰন্থৰ শেষ নিবন্ধটো হ'ল "কিতাপৰ কাহিনী"। তাতে উমবাৰ্টো ইক'ই কোৱা এই কথাখিনি আছে। যিমান যি প্ৰত্যাহ্বান আহিলেও কিতাপ আছে আৰু থাকিব তাৰ ঘোষণাই আছে লেখাটোত। হাজাৰটা আহুকালৰ মাজতো অসমীয়া কিতাপেও নিজৰ জয়যাত্ৰা অব্যাহত ৰাখিছে। কিন্তু গ্ৰন্থ প্ৰকাশনৰ উদ্যোগটো কিমান কি সমস্যাৰে জৰ্জৰিত আৰু গ্ৰন্থ প্ৰকাশনৰ এটা সুচল পৰিৱেশৰ অভাৱত লেখক সকল কেনেকৈ কিমান আপোচৰ মাজেৰে চলিবলগীয়া হয় সেয়া আমি দেখি আহিছোঁ।  

গ্ৰন্থমেলাৰ বতৰত অন্য এখন কাকতত "প্ৰকাশক কাক বোলে" শীৰোনামেৰে আলোচনা এটা আগবঢ়াইছিলোঁ য'ত আমাৰ কেন্দ্ৰীয় বক্তব্য আছিল যে কিতাপৰ পাণ্ডুলিপি এটাক ছপা ৰূপত উলিয়াই দিয়াজনকেই প্ৰকাশক বোলা নহয়। "প্ৰকাশক মানে Curator; প্ৰকাশক মানে Connoisseur; প্ৰকাশক মানে Archivist; প্ৰকাশক মানে Strategist; প্ৰকাশক মানে Researcher; প্ৰকাশক মানে Manager; প্ৰকাশক মানে Conceptual Guide; প্ৰকাশক মানে Investor; প্ৰকাশক মানে Producer, Promoter, 'Pro'Claimer... আৰু বহুত কিবাকিবি। লেখাখিনি হয়তো লেখকৰ, কিন্তু কিতাপ আকাৰে প্ৰকাশ হৈ ওলোৱাৰ পিছত কিতাপখন আচলতে প্ৰকাশকৰহে"। কিন্তু তেনে আদৰ্শ প্ৰকাশক একোজন অসমত বিচাৰি উলিওৱাটো প্ৰায় অসাধ্য। গ্ৰন্থ প্ৰকাশন এটা বৌদ্ধিক কচৰৎ আৰু প্ৰকাশকজনো লেখকৰ সৈতে সমানে সমানে চিন্তন প্ৰক্ৰিয়া এটাৰ অংশীদাৰ। এই বৌদ্ধিক দিশটোৰ সৈতে যে অসমৰ স্বঘোষিত 'প্ৰকাশক' সকল যুক্ত নহয় সেই কথা আমি অভিজ্ঞতাৰ পৰাই দেখি আহিছোঁ। অন্য ব্যৱহাৰিক দিশটোতো থকা অপেশাদাৰী অভ্যাস, দায়িত্বগ্ৰহণৰ দিশত থকা হেমাহি আদিৰ ফালৰ পৰাও প্ৰকৃতাৰ্থত প্ৰকাশক এজনৰ অভাৱ আমি অনুভৱ কৰি থাকোঁ। অসমত অসমীয়া ভাষাৰ কিতাপৰ বিক্ৰীবাৰ্তাৰ কথা যিমান পতা হৈ থাকে, কিতাপ পঢ়াৰ অভ্যাসৰ কথা যেনেকৈ পতা হৈ থাকে তেনেকৈ কিন্তু প্ৰকাশন পদ্ধতিটোত থকা সমস্যাখিনিৰ কথা পতা নহয়। লেখক এজনে কোনোমতে নিজৰ উদ্যোগত কিতাপ এখন মুদ্ৰণৰ ব্যৱস্থা কৰিলেও তাৰ পিছত আহিব পৰা অৱশ্যাম্ভৱী সমস্যাটোৰ পৰা হাত সাৰিবৰ কোনো বাট নাথাকে। সেইটো হ'ল গ্ৰন্থ পৰিবেশন বা বিতৰণৰ সমস্যাটো। কিতাপ এখন মুদ্ৰণ কৰি বন্ধাই থ'লেইতো নহ'ব, সেইখন মানুহৰ হাতত পৰিবগৈও লাগিব। লেখকে যদি নিজা খৰছত কোনোমতে কিতাপ এখন ছপাই উলিয়ায়ো, সেইখন লৈ এতিয়া মানুহৰ ঘৰে ঘৰে বেচি ফুৰিবগৈতো নোৱাৰে, অথবা, দোকানে দোকানে বিতৰণ কৰিবও নোৱাৰে। যদি তেওঁ পাৰেও সেইটো আচলতে তেওঁৰ কাম নহয়। কিন্তু গ্ৰন্থৰ পৰিবেশক এজন ক'ত পোৱা যায় এতিয়া? গ্ৰন্থ প্ৰকাশনৰ এটা মতাদৰ্শ নোহোৱাকৈ, এটা পদ্ধতিবিধি অনুসৰণ কৰি চিন্তন-প্ৰক্ৰিয়া নথকাকৈ কেৱল কিতাপ এখন ছপাই দিয়াজন যেনেকৈ প্ৰকাশক নহয়, কিতাপ এখনৰ দহটা কপি বিক্ৰী কৰি দিয়াজনো পৰিবেশক বা বিতৰক নহয়। সেইজনক খুব বেছি কোৱা হ'ব পাৰে এজন দোকানীহে। এইবোৰ দিশলৈ চায়েই ক'ব পাৰি অসমত গ্ৰন্থ প্ৰকাশনটোৱেই আটাইতকৈ বেছি উদ্ভট আৰু আচহুৱা উদ্যোগ। প্ৰকৃতাৰ্থত প্ৰকাশকৰ অভাৱৰ পিছতো ইয়াত গ্ৰন্থ প্ৰকাশ হৈ থাকে, কোনো বিতৰণকাৰী নোহোৱাকৈয়ে উৎপাদনৰ উদ্যোগটো চলি থাকে। এইখিনিলৈকে আছিল প্ৰাককথন। আজিৰ আলোচনাত অন্য এটা দিশহে উনুকিয়াবলৈ বিচাৰিম।

গ্ৰন্থ প্ৰকাশনৰ উদ্যোগটোৰ অসুবিধাৰ কাৰণেই বুজন সংখ্যক লেখকে জীৱন পাত কৰিবলগীয়া হয় বাতৰি কাকত আৰু আলোচনীৰ পাতত লিখা মেলা কৰি। গ্ৰন্থিত কৰা বা গাঁঠি থোৱা কথাষাৰৰ পৰাই হয়তো "গ্ৰন্থ" শব্দটো আহিছে। এনেদৰে কাকতে আলোচনীয়ে প্ৰকাশ হোৱা লেখা অলপকে একেলগে গাঁঠি বেছিভাগ লেখকে গ্ৰন্থ প্ৰকাশ কৰে। কিন্তু গ্ৰন্থৰ নিৰ্মাণ এটা স্বয়ংসম্পূৰ্ণ কলা হিচাপে মানি ল'লে কেৱল লেখা অলপ থুপাই থোৱাটোকেই গ্ৰন্থ বোলা নাযাব। কিন্তু পৰিস্থিতি এনেকুৱা হয়গৈ যে তাকে নকৰিলে গত্যান্তৰ নাথাকেগৈ। এনেয়েও আৰম্ভণীৰে পৰাই অসমীয়া সাহিত্যৰ সামগ্ৰিক চৰিত্ৰটো আলোচনী-কেন্দ্ৰিক বুলি কথা এষাৰৰ প্ৰচলন আছে। একোটা আদৰ্শ বা একোজন ব্যক্তিৰ নামেৰে যুগবিভাজন হোৱাৰ পৰিৱৰ্তে অসমীয়া সাহিত্যৰ যুগবিভাজনৰ পদ্ধতিটোও আলোচনী-কেন্দ্ৰিকেই, যথা, অৰুণোদয় যুগ, জোনাকী যুগ, আৱাহন যুগ আদি। নি:সন্দেহে কাকত আলোচনীৰ ব্যাপক প্ৰচলনে, কাকত আলোচনীৰ নিৰ্ভৰশীলতাই লেখক সকললৈ বিস্তৰ সুবিধাও আগবঢ়াই আহিছে। কিতাপ এখন প্ৰকাশ কৰাটো যিহেতু পানীমিঠৈ নহয়, কাকত এখনতে লিখি নিজৰ লেখা-লিখিৰ হাবিয়াসখিনি পূৰণ কৰিব পৰা যায়। তাৰোপৰি কাকত আলোচনীত লিখি পাঠকৰ মতামত আদি সংগ্ৰহ কৰি পিছত তাক কিতাপ আকাৰে সজাই তুলিবলৈ লওঁতে পৰিমাৰ্জনা কৰিবৰ বা পুনৰ্সম্পাদনা কৰাৰ অৱকাশটোও থাকিল। এইখিনি হ'ল ভাল দিশ। কিন্তু কাকত আলোচনীৰ নিৰ্ভৰশীলতাই লেখক এজনলৈ আনি দিয়া কিছুমান অসুবিধাৰ দিশো আছে সেইখিনি উনুকিয়াবলৈহে আজি কলম মেলি লৈছিলোঁ।

প্ৰকাশৰ মাধ্যম বা ক্ষেত্ৰ এখনৰ চৰিত্ৰই লেখা এটাৰো চাৰিত্ৰিক বৈশিষ্ট্যক প্ৰভাৱিত কৰে। এটা প্ৰকাশনৰ উদ্যোগ হিচাপে কাকত আলোচনীৰ কেলেৱৰটোৰ প্ৰভাৱ ইয়াত গুৰুত্বপূৰ্ণ। বাতৰি কাকত এখনত সুদীৰ্ঘ গৱেষণা পত্ৰ এখন প্ৰকাশ কৰাৰ থল নাথাকে। একেদৰেই নিৰন্তৰ সমসাময়িকতাত অৱস্থান কৰা গণ মাধ্যমৰ অংশ হিচাপেও ইয়াৰ চাৰিত্ৰিক বৈশিষ্ট্যই লেখকৰ মনস্তত্বক গঢ় দি গৈ থাকে। সমসাময়িকতাৰ ভিত্তিতহে ইয়াত লেখা এটাই মান্যতা পায়। লেখা এটাক সময়সাপেক্ষ বুলি দাবী কৰিবৰ দায়িত্ব এটা লেখকৰ কান্ধত আপোনা-আপুনি আহি পৰেহি তাৰ লগতে আহি পৰে আন এটা তাগিদা- সেয়া হ'ল লোকচক্ষুৰ সন্মুখত বৰ্তি থাকিবৰ তাগিদা। ফলত সকলো সময়তে বাতৰি কাকত আৰু আলোচনীয়ে জন্ম দিয়া অথবা লালন পালন কৰি থকা লেখকে নিৰন্তৰ বিচাৰি ফুৰে ব্যতিক্ৰমী ভাব-ভাষা। এই ব্যতিক্ৰমৰ সন্ধানটো আপাত দৃষ্টিত এটা ভাল কথা যেন লাগিলেও বেছিভাগ সময়ত সি সাৰমৰ্মহীন লেখন অভ্যাসৰো জন্মদাতা। কি কামটো কৰা উচিত আৰু কি কথাটো পতা উচিত আদিবোৰ কথাতকৈ বেছি গুৰুত্বপূৰ্ণ হৈ উঠে লেখাটো গণ-পাঠকে (Mass-reader) আদৰি ল'ব নে নল'ব সেইটোহে। কাকত আলোচনী সমূহত ৰাজনীতিৰ পৰা ক্ৰীড়ালৈকে, কৃষিৰ পৰা বিনোদনলৈকে যিমানেই শিতান নাথাকক কিয়, পৰিশেষত কিন্তু সমস্ত শিতানেই সমসাময়িকতাৰ দাবীৰ ওচৰত নতশিৰ হ'বলৈ বাধ্য। একান্তই বিদ্যায়তনিক চৰ্চাৰ বাবে উৎসৰ্গিত শিতান বা পৃষ্ঠা এটা যদি ক'ৰবাত থাকেও সেই শিতানটোও কিন্তু এই সমসাময়িকতাৰ দাবীৰ পৰা উৰ্ধত নহয়। প্ৰকৃতাৰ্থত গৱেষণামূলক বা বিদ্যায়তনিক চৰ্চাত নিবিষ্ট লেখক এজনৰ তাগিদা অপূৰ্ণ হৈয়েই ৰয়। কলেৱৰৰ দিশেৰে শব্দসংখ্যাই যদি লেখকক এফালে আৱদ্ধ কৰিবলৈ বিচাৰে, আনফালে কাকতখনৰ জনমুখী বা পপুলাৰ চৰিত্ৰটোৱেও লেখকক নিজৰ বাটেৰে আগবঢ়াত অসুবিধাৰ সৃষ্টি কৰে। এইখিনি কাৰক বেছিভাগ সময়ত অলক্ষিতেই থাকি যায়। বহুকাল ধৰি কাকতে-পত্ৰই লেখা মেলি কৰি থকা লেখক এজনে এটা সময়ত নিজেই বুজিব নোৱাৰা হৈ ৰয় যে কোনবোৰ কাৰকৰ দ্বাৰা তেওঁ প্ৰভাৱিত হৈ আহিছে।

লেখক এজনে যেতিয়া কয় "মই মোৰ নিজৰ বাবে লিখোঁ", অথবা, "মই মোৰ মনৰ তৃপ্তিৰ বাবে লিখোঁ", তেতিয়াও তেওঁ হয়তো নিজেই গম পোৱা নাই যে নিজৰ মনৰ তৃপ্তিৰ কথা কৈ থাকোঁতে আচলতে তেওঁ অন্য এজন পাঠকৰ তৃপ্তিহে পুৰাই আছে। তেওঁ সজ্ঞানে নহ'লেও অন্তত: অৱচেতনাত জানে যে তেওঁৰ মুখেৰে "মই মোৰ মনৰ তৃপ্তিৰ বাবে লিখোঁ" বুলি শুনিবলৈ ক'ৰবাত পাঠক এজন ৰৈ আছে। কেৱল যে লেখকে লেখা এটা লিখি উলিওৱাৰ পিছতহে তাৰ পাঠক থাকিব পাৰে তেনে নহয়। লেখা এটা লিখাৰ আগতেও সেই অদ্যাপি অলিখিত পাঠটোৰ পাঠক এজন আগৰে পৰাই ৰৈ আছেই। কিছুমান পাঠকৰ অস্তিত্ব লেখকৰ অস্তিত্বৰ পূৰ্বৱৰ্তী।

গ্ৰন্থ প্ৰকাশনৰ উদ্যোগটো সুচল বা তনকীয়াল নোহোৱাৰ ফলত হ'ব পৰা অসুবিধা বহুতেই আছে। লেখক এজনৰ স্বকীয় পৰিচয় এটা কিতাপ এখনৰ মাধ্যমেৰেই হয়। এখন কিতাপৰ প্ৰকাশৰ পিছত দ্বিতীয়খন কিতাপৰ প্ৰকাশৰ সময়ত এটা গুণগত উত্তৰণৰ তুলনামূলক বিচাৰৰো বাট মুকলি হয়। এনে বহুখিনি অসুবিধাৰ ভিতৰত কিন্তু লেখা প্ৰকাশৰ মাধ্যম হিচাপে গণমুখী মাধ্যমৰ তাগিদাই গঢ় দিয়া লেখকৰ আভ্যন্তৰীণ চৰিত্ৰটোহে অধিক গুৰুতৰ বিষয়। যিকোনো এটা বিষয়তেই অধ্যয়ণ কৰিবলৈ লৈ অসমীয়া ভাষাৰ পাঠক এজনে সমল পুথিৰ অভাৱৰ কথা দৰ্শায়। এজনে অমুকটো বিষয়ত 'চিৰিয়াছ' চৰ্চাৰ অভাৱৰ কথা কৈ থাকোঁতেই আনফালে অন্য এজনে তমুকটো বিষয়তো বিষদ আলোচনা পাবলৈ নাই বুলি গোচৰ তোলা শুনো। কাকত আলোচনীৰ তাগিদা সমূহ (আৰু সেইসমূহৰ পাঠক-সমাজৰ ক্ষণিক এক্তিয়াৰবোৰ) পুৰণ কৰি গৈ থকা একোজন "চাৰ্ভিছ প্ৰভাইডাৰ"ৰ ভূমিকা পালনৰ পৰা লেখক সকল ওলাই আহিব নোৱৰালৈকে এই অভাৱ-অভিযোগবোৰ চলিয়েই থাকিব। লেখক এজনৰ লেখক জীৱনৰ সুস্থ উত্তৰণৰ বাবেই গ্ৰন্থ উদ্যোগটো সুচল হোৱাটো বাঞ্চণীয়।   


সমুদ্র কাজল শইকীয়া
Rajya Sabha Television (RSTV), 3rd Floor,
Talkatora Stadium Annexe Building, New Delhi – 110001
email: kankhowa@gmail.com, mobile: +91 9811375594

No comments: