ডঃ বাণিকান্ত কাকতি

...সাহিত্যৰ ক্ষেত্রত নতুনকৈ কৰিবলগীয়া কাম একো নাই। সাহিত্য ধ্বনি আৰু প্রতিধ্বনি মাথোন। পূর্বপুৰুষ সকলৰ ভাবৰ ধ্বনি যাৰ হৃদয়ত পুৰাকৈ প্রতিধ্বনিত হয় সিয়েই সফলতা লাভ কৰে... ডঃ বাণীকান্ত কাকতি, বাঁহী, ১৩শ বছৰ, অষ্টম সংখ্যা, আঘোণ, ১৮৪৭ শক।

Thursday, October 4, 2018

গেজেককৈ উভতি ধৰা কথাবোৰ আৰু মনোজ নেওগৰ কবিতা


[মনোজ নেওগৰ "এজন ৰঙৰ মিস্ত্ৰি" কিতাপৰ পাতনি। চেপ্তেম্বৰ, ২০১৮]

"I see not only the eye of an other; I see also that he looks at me." That is, what is SEEN is not only a thing, a dead object, but also a responding subject, an intention even. If a LOOK can be seen, then empiricism and all the reductionisms that are associated with it are destroyed. But a look CAN be seen, not only the face, but another face's glance at my face. 

[Jaques Derrida,
Derrida quotes Scheler in his essay "Violence and Metaphysics: An Essay on the Thought of Emmanuel Levinas”, Writing and difference.]

শিল্প আৰু সাহিত্যৰ জগতখনৰ বেছিভাগ কথাই পেৰাডক্সিকেল, আৰু কিছুমান পেৰাডক্স সকলো যুগতে একেই থাকে। কবিতাৰ আলোচনা আৰু সমালোচনাৰ প্ৰয়োজন নাই বোলা এটা মত আৰু তাৰ বিপৰীতে সমালোচনাৰ প্ৰয়োজন নাই বোলা মতটো একেখন সমতলতে বিৰাজ কৰে। আপোন স্থিতি অনুসৰি কথাবোৰে মোৰ লয়। আৰু কথাবোৰ বুলি যেতিয়া কোৱাই হ'ল আৰু কথাৰ কথাকেই আমি পাতি আছোঁ‌, সেয়েহে কথা পতাৰ প্ৰয়োজনীয়তা নাই বুলিবৰ আৰু অৱকাশ নৰয়গৈ। ইয়াৰ পিছত আহে দ্বিতীয় স্তৰৰ সমস্যাটো। সম্ভৱতঃ কবিতা সম্পৰ্কেই আটাইতকৈ বেছি কথা পতা হৈ থাকে। প্ৰায়ভাগ লেখকৰে লেখক জীৱনৰ আৰম্ভণী কবিতাৰে হয়, সাহিত্য চৰ্চাৰ লগত পেশাদাৰীত্বৰে জড়িত নোহোৱা এজন 'সাধাৰণ' মানুহেও কোনোবা এটা মুহূৰ্তত হ'লেও শব্দৰ নিৰ্মাণৰ খেলাখন উপভোগ কৰিব পাৰে। তাতে দৈনিক বাতৰি কাকততো পৃষ্ঠা ভৰাই কবিতা প্ৰকাশ কৰা হয় যেতিয়া কবিতাৰ চৰ্চাৰ বিপুল উৎসাহ যে এই দেশত আছে সেয়া বুজিবলৈ টান নহয়। এতিয়া কবিতা আৰু কবিতা সম্পৰ্কীয় কথাবতৰাৰ এটা সুচল পৰিবেশ আমাৰ মাজত আছে, আৰু তেনেকৈ সুস্থ পৰিবেশ এটা আমাৰ মাজত আজিও গঢ়ি নুঠিল বোলা অভিযোগখিনি- এই দুইখিনি কথায়ো এটা পেৰাডক্সৰ ৰূপ লৈ আমাৰ মাজত বৰ্তি আছে। সম্ভৱ চৰ্চা কৰিলেই নহ'ব, চৰ্চাৰ স্তৰ, গুণগত মান আৰু পদ্ধতিবিধি বা মেথ'ড'ল'জী সম্পৰ্কেও সচেতন হোৱাটো যে আৱশ্যক সেইখিনি কথাই এইবোৰ বিৰোধাভাসেৰে ভৰা প্ৰপঞ্চই আঙুলিয়াই দেখুৱায়। আজি মনোজ নেওগৰ কবিতা সম্পৰ্কে দু আষাৰ কথা পাতিম বুলি লৈয়েই এইখিনি সমস্যাৰ সন্মুখীন হৈছোঁ‌। নেওগৰ কবিতা আমি কেনেকৈ চাম? কি ভাষাৰে কথা পাতিম? (সাহিত্যৰ) কেনেকুৱা ঐতিহাসিক প্ৰেক্ষাপটত তাৰ বিচাৰ কৰিম? চাৰিওফালে হেজাৰ কথাবতৰাৰ ভীৰ থাকিলেও এনেকুৱা এটা এটা মুহূৰ্তত উপলব্ধি কৰোঁ‌ যে আচলতে আমাৰ হাতত কথাবোৰ আগুৱাই লৈ যাব পৰাকৈ আচলতে কোনো আৰ্হিপাঠ নাই, পদ্ধতি-বিধান নাই, একোটা পূৰ্ৱনিৰ্মিত অৱস্থান নাই। মনোজ নেওগৰ দুটামান কবিতাৰ উদ্ধৃতি দি অমুক কবিতাটো মননশীল, তমুকটোত মাটিৰ গোন্ধ আছে বা ভুচুকটোত সামাজিক দায়বদ্ধতা প্ৰকাশ পাইছে বুলি কৈ থ'লেই হ'লহেতেন। কিন্তু তাত কবিজনৰ প্ৰতি কোনো সুবিচাৰ নহয়। পাঠকে একো সমল বিচাৰি নাপায়। পৰিশেষত কথাবোৰে কোনো বাট বিচাৰি নাপাই একেখিনি ঠাইতে ঘুৰ্মুটিয়াই থাকেগৈ।

মনোজ নেওগৰ কবিতা সম্পৰ্কে আগতে কেনেধৰণৰ আলোচনা হৈছে নাজানো। সমসাময়িক কোনো কবি সম্পৰ্কেই বৰ বিশেষ কথা পতা হোৱা নাই। এইটো এটা উমৈহতীয়া অভিযোগ। এই সময়ৰ চৰ্চাকাৰী সকলক একোটা সময়ৰ বিভাজনৰ পদ্ধতিৰে কেনেকৈ চাব পাৰি তাকে লৈ দুই এটা প্ৰয়াস মাজে মাজে দেখা যায় যদিও কোনো বলিষ্ঠ সমালোচনাত্মক বিশ্লেষণ আমাৰ চকুত পৰা নাই। পৰ্বান্তৰৰ নামত কোনে কোন সময়ত কবিতা লিখিবলৈ লৈছে, কোনে কবিতা লিখিবলৈ এৰিলে আদিবোৰ কথাৰ সিপাৰে কবিতা সম্পৰ্কীয় আঁহফলা আলোচনা আৰু চকুত নপৰে। পূৰ্ৱসূৰী কেইজনমান পুৰোধা কবিৰ নামৰ সৈতে সাঙোৰ খায়েই যেন অসমীয়া কবিতা সম্পৰ্কীয় আলোচনাখিনিও স্তিমিত হৈ ৰ'ল। সি যি কি নহওক, এটা ঐতিহ্যময় ইতিহাসৰ মাজেদি আহি আমি আজি মনোজ নেওগৰ দৰে এজন কবিক পাওঁ। দুটা শতিকাৰ সন্ধিক্ষণ, দেশৰ নিৰ্মাণৰ পৰৱৰ্তী স্তৰৰ পৰিচয়ৰ ৰাজনীতিৰ ঘনঘটা আৰু গোলকীয় অৰ্থনীতিয়ে আনি দিয়া এটা নিৰন্তৰ পৰিৱৰ্তনশীল সামাজিক ব্যৱস্থাৰ মাজত কবিৰ বিৰাজ। সুখৰ খবৰ এয়ে যে এইজন কবিয়ে প্ৰতিটো কবিতাৰ মাজত নিজেই নিজৰ কথনৰ প্ৰেক্ষাপট অংকন কৰি চলিছে।

Momentum

মনোজ নেওগ কবিজনৰ মাজত এজন কথক সোমাই আছে। এই সময়ৰ অসমীয়া কবিতা অলপ বহল ভাবে দুটা ভাগত ভগাব পাৰি। এচাম কবি কাহিনীকাৰ। কাহিনী কথনৰ আমেজেৰে তেওঁলোকে এটা পৰিৱেশ তুলি ধৰি নাটকীয় পৰিস্থিতি একোটাৰ সৃষ্টি কৰে। আনটো ভাগত থাকিল সেই সকল কবি যি সকলে একোটা চিত্ৰকল্প নিৰ্মাণত অধিক গুৰুত্ব দিয়ে, অথবা এটা মানসিক স্থিতি বা মুড নিৰ্মাণ য'ত ঘাই কথা হৈ থাকে। মনোজ নেওগ এই প্ৰথমটো ভাগৰ কথাশিল্পী। সেইটো হিচাপেৰে তেওঁ নৱকান্ত বৰুৱা, কেশৱ মহন্ত, বিপুলজ্যোতি শইকীয়া, জ্ঞান পূজাৰী আৰু ৰফিকুল হোছেইনৰ দৰে কবি সকলৰ পথৰ পথিক।

বিশেষকৈ ৰফিকুল হোছেইনৰ কবিতাৰ মাজৰ অভিব্যক্তিবাদী প্ৰকাশ, আৰু চেগা চোৰোকাকৈ অধিবাস্তৱতাৰ অনুভৱ মনোজ নেওগৰ কবিতাৰ মাজত অনুভূত হয়। অধিবাস্তৱতা (Surrealist) বোলোঁতে যোৱা ৰাতি কথা পাতি যোৱা, ডিঙিত চিন্থেটিক গামোচা এখন আঁৰি অহা কৱন্ধ এটাৰ কথা কোৱা ৰফিকুল হোছেইনৰ "জৰাসন্ধ" এটা উৎকৃষ্ট উদাহৰণ বুলিব লাগিব। তেনেকৈয়ে অভিব্যক্তিবাদী প্ৰকাশৰ বাবে তলৰ উদাহৰণখিনিয়েই সদ্যহতে যথেষ্ট-
‘ভগা টোকাৰিত বান্ধিনো আনিছ কাৰ
জ্বলা জুপুৰিৰ চিঞৰ
(ৰফিকুল হোছেইন, ব'ৰাগী)
আৰু
"জুইৰ মাজত এটি শিশু কান্দিছেনে বাৰু চিঞৰিছে সি
নে বোবা হ'ল নে হেৰুৱালে সি
ডিঙিৰ মৌপিয়া মাতষাৰি তাৰ
সি পালেনে ঘূৰাই নে হেৰুৱালে এইমাত্ৰ
আকাশ এখন, সৰিয়হনী এডৰা, এজাৰ গছৰ মৌ এবাহ
আৰু নদীৰ দৰে জোনাক আৰু জোনাকৰ দৰে ৰ
আৰু ভেটফুলা বিলখন
ডঁৰিকণা মাছ এটি
(ৰফিকুল হোছেইন, অৰণ্য কথাঃতৃতীয় ভাগ)

এই সময়ৰ বেছিভাগ কবিৰ কবিতাত দেখা পোৱা অত্যাধিক আবেগৰ লিকটিয়া আঠা অথবা অত্যুৎসাহৰ জোৱাৰৰ পৰা যে অভিব্যক্তিবাদী চৰ্চা পৃথক তাৰ এটি আভাস দিবৰ বাবেই এইখিনি কথা টানি আনিবলগীয়াত পৰিল। অভিব্যক্তিবাদ (Expressionism) শিল্পৰ এটা অন্যতম প্ৰভাৱশালী আৰু শক্তিশালী ধাৰা। অভিব্যক্তিবাদে চকুৰ সন্মুখৰ ৰেটিনেল বাস্তৱতাৰ যথাদৃষ্ট বাস্তৱতাৰ প্ৰতিৰূপায়ণৰ পৰা এঢাপ আগুৱাই তাৰ অভিব্যক্তিক গুৰুত্ব দিয়ে। এইখিনি প্ৰসংগ ইমানেই গুৰুত্বপূৰ্ণ যে ইয়েই প্ৰকাৰান্তৰে প্ৰতীকবাদ, চিত্ৰকল্পবাদ আৰু অধিবাস্তৱবাদ আদিৰ কাৰণেও এটা বাটকটীয়া চৰ্চা-ধাৰা হিচাপে পৰিগণিত হ'ব পাৰে। সেয়েহে মনোজ নেওগৰ কবিতা পঢ়োঁতে পাঠক নিৰ্লিপ্ত আৰু উদাসীন (indifferent) হৈ থাকিব নোৱাৰে। হৃদয় আৰু মস্তিষ্কত তেওঁৰ কবিতাই এনেকৈ জোকাৰণি তোলে যে কবিৰ কবিতাই সৃষ্টি কৰা এটা নাটকীয় পৰিৱেশৰ তেওঁ অভিন্ন অংগ হৈ পৰে। এই বিশেষ কাৰ্যটো কবি মনোজ নেওগে কেনেকৈ সাধন কৰিছে, অথবা ইয়াৰ বাবে কাৰক সঁজুলি সমূহ কি কি এতিয়া অলপ সেইবোৰলৈ চোৱা যাওক।

ৰূপক, নিৰ্মিত সমাস আৰু যৌথ শব্দৰ বিন্যাস এটা উল্লেখনীয় দিশ। ৰূপকৰ সুচল ব্যৱহাৰে কেইটিমান কবিতাৰ ঘনত্ব বঢ়াইছে। মন কৰিবলগীয়া যে শব্দ সংযোগৰ বিন্যাসৰ ক্ষেত্ৰত কবিয়ে আন বহুতো কবিতকৈ পৃথকভাবে নিজৰ বাটেৰে আগুৱাইছে। যিটো সময়ত পূৰ্ৱানুমান সম্ভৱপৰ অত্যন্ত স্বাভাৱিক (predictable and obvious) ৰূপক আৰু উপমাৰ চৰ্বিত চৰ্বনেৰে অসমীয়া কবিতা ভাৰাক্ৰান্ত সেই সময়ত মনোজ নেওগে নিজৰ কথন পদ্ধতি নিজে নিৰ্মান কৰি চলিছে। শব্দ চয়ন একান্ত ঘৰুৱা। যিটো পৰিৱেশৰ মাজেৰে কবিতাটোৰ বাস্তৱতা নিৰ্মিত হৈছে তাত এই শব্দবোৰ এলিয়েন একেবাৰেই নহয়। গ্ৰাম্য অসমীয়া ভাষাৰ আমেজেখিনিয়ে অনন্য ৰসৰ সৃষ্টি কৰিছে।

মনোজ নেওগৰ কবিতাখিনিত অভিব্যক্তিবাদী টান এটাই পাঠকক নিবিষ্ট কৰি ৰাখে। নেওগৰ কবিতা সম্পূৰ্ণৰূপে অভিব্যক্তিবাদীও নহয়, অধিবাস্তৱবাদীও নহয়। কিন্তু এই দুইটাৰে নিৰ্যাসখিনি ইয়াত উপলব্ধ। ব্যক্তিগত ভাবে কবিক লগ পোৱা নাই। তেওঁৰ সৃষ্টিৰ সৈতেও আমাৰ সংযোগ দীৰ্ঘদিনীয়া নহয়। কিন্তু অনুমান কৰিবলৈ অসুবিধা নহয় যে অভিনয়, নাটৰচনা বা সামগ্ৰিকভাবে কবিৰ নাট্যশিল্পৰ সৈতে সম্পৰ্ক জৰুৰ আছে। অভিব্যক্তি প্ৰকাশত এনে নাটকীয় উপাদান অন্যথা সম্ভৱপৰ নহ'লহেতেন।  

ৰূপক নিৰ্মাণ আৰু শব্দ চয়নত সৃষ্টি কৰা সামঞ্জস্য আৰু সংঘাত (Harmony and Contrast), তাৰ লগে লগে অভিব্যক্তিবাদী টানৰ সমান্তৰালকৈ গুৰুত্বপূৰ্ণ কথাটো হ'ল কবিৰ পৰিৱেশ নিৰ্মাণৰ কুশলতা। এই কুশলতাৰ বাবেই কথকৰ কোনোটো কাহিনীৰ কোনোটো চৰিত্ৰই নিৰালম্ব নহয়। চৰিত্ৰৰ অৱস্থানৰ পৰিপ্ৰেক্ষিতত একোটা পশ্বাদপট নিৰ্মিত হৈ চলিব লাগিছে নিৰন্তৰ। আৰু এতিয়ালৈকে উল্লেখ কৰি অহা আটাইকেইটা দিশকে সাঙুৰি আগবাঢ়িছে কবিৰ নেৰেটিভ। উদ্ধৃত দিশকেইটা সবল নোহোৱাহ'লে কবিতাত নেৰেটিভ নিৰ্মাণ এটা জটিল বিষয়। নেৰেটিভৰ গুৰুত্ব থাকিলেও পৰিশেষত আমি জানো যে কবিতা গল্প নহয়, কবিতা নাটকো নহয়। নেৰেটিভে আনিব খোজা গতি আৰু সঞ্চাৰৰ সমানে সমানে ৰূপকৰ ব্যৱহাৰ আৰু অভিব্যক্তিৰ শক্তিশালী টানখিনিয়ে সমগ্ৰ কবিতাটোৰ ভৰবেগ (Momentum)-ৰ জন্ম দিছে। এই ভৰবেগেই মনোজ নেওগৰ কবিতাৰ মূল কথা।    
কথকতা (Narrativity)

আগতে উল্লেখ কৰি অহা অসমীয়া কবিতাৰ দুটা ধাৰা- এটা নেৰেটিভ, আনটো ছবি-ধৰ্মী, এই দুইটাৰে সাধনা কৰা সকলৰ বাবে সুকীয়া প্ৰত্যাহ্বান থাকে। প্ৰথমটো ধাৰাৰ সমস্যা এয়ে যে ইয়াত বাৰে বাৰে একেটা ধৰণৰে কথকতা আগবঢ়াই নিব নোৱাৰি। কেশৱ মহন্তৰ "সোণজিৰা মাহীৰ নাড়ী" বাৰে বাৰে লিখিব পৰা কবিতা এটা নহয়। সেয়েহে সেইটো এটা ঐতিহাসিক সৃষ্টি। নৱকান্ত বৰুৱাৰ "ৰাৱণ"ৰ ক্ষেত্ৰতো একে কথা। বাৰে বাৰে সমস্তৰীয় নেৰেটিভ প্ৰায় অসম্ভৱ। কিন্তু কবিতা নিৰ্মাণৰ আনটো ট্ৰেণ্ড, এটা মুড সৃষ্টি কৰা, হয়তো বাৰে বাৰে সম্ভৱ। একক মুহূৰ্তৰ অনুভৱ এটা, কবিৰ ব্যক্তি মনৰ প্ৰতিফলন একোটা হয়তো বাৰম্বাৰ বিভিন্ন ৰূপত প্ৰতিফলিত হ'ব পাৰিলেহেতেন। সেয়েহে নেৰেটিভ কবিতাৰ গঢ় গতি বহুলাংশে নিৰ্ধাৰণ কৰি দিয়ে তাৰ বিষয়বস্তু বা কণ্টেণ্টে। মনোজ নেওগৰ কবিতাৰ এইটোৱে বৈশিষ্ট্য যে পোনে পোনেই তেঁওৰ কবিতাই পাঠকক কণ্টেণ্টলৈ লৈ যায়। প্ৰতিটো কবিতাতেই কবিৰ কিবা ক'বলগা আছে। এই ক'বলগীয়াখিনি আছে বাবেই কবি কথক। এই ক'বলগীয়া কথাখিনিয়ে দাবী কৰাৰ হেতুকেই এই কথকতাৰ নিৰ্মাণ।

নন্দ কাইটি নামৰ জনৈক ব্যক্তিৰ পৰিচয় আৰু তেওঁৰ সৈতে কবিৰ ব্যক্তিগত সম্বন্ধৰ বৰ্ণনাৰে "নন্দ-কাইটি" এটা অপূৰ্ৱ কবিতা আৰু আমি কৈ অহা কথাখিনিৰ বাবে ই এটা ভিত্তি অধ্যয়নৰ সমল (case study) হ'ব পাৰে। ইমান পৰে কৈ অহা নেৰেটিভ নিৰ্মাণৰ কথাখিনিত সংযোগ কৰিবলগীয়া আন এটা দিশ হিচাপে চাব লাগিব কবিয়ে কেনেকৈ নেৰেটিভক এটা বহল পৰিসৰৰ (lager context) সৈতে সংযুক্ত কৰিছে।
কবিতাটোৰ প্ৰথম দুটা চৰণ-
"ঘটবোৰ গৈ-ঘট হোৱাৰ আগলৈকে মাটিয়েই আছিল মাটিক
মাটিৰ পৰা পৃথক কৰিছিল এজন মাটিৰ ঈশ্বৰে"
এই দুয়োটা চৰণেই সমনে শক্তিশালী। এজন চহা ব্যক্তিৰ সৈতে কবিৰ আশৈশৱ সম্বন্ধৰ কথা ক'বলৈ গৈয়ো কবিৰ কবিতাৰ আৰম্ভণী এটা বিৰাট প্ৰেক্ষাপটেৰে আৰম্ভ হৈছে। আমি কৈ অহা লাৰ্জাৰ কণ্টেক্সট এইখিনিয়েই। একে সময়তে চৰিত্ৰৰ বাবে প্ৰেক্ষাপট নিৰ্মাণো এইখিনিয়েই।
"তেনে এটা ঘটত নন্দকাইটিয়ে ক'লী গাইৰ গাখীৰৰ পোহ
দি জীৱন পুহিছিল
নন্দ-কাইটিৰ দৈ ঘট নহ'লে বোলে ভোগালীৰ ভোগ অসাৰ"  
এইখিনিতে চৰিত্ৰৰ প্ৰৱেশ। "গাখীৰৰ পোহ দি জীৱন পোহা" কথাষাৰলৈ মন কৰক। বস্তু, ব্যক্তি আৰু জীৱনৰ অনন্য অনুভৱ ব্যতিৰেকে এনে কথন সম্ভৱপৰ নহয়।

"সময় বেলা সঠিককৈ মনত নাই
নন্দ-কাইটিৰ জেংখৰি হাতত ওলমি অহা ঘটটো আছিল
মোৰ জীৱনৰ বিস্ময়কৰ পাঠ"
নাটকীয় (এৰিষ্টটলৰ) পিৰামিড সম্পৰ্কে যিসকল অৱগত তেওঁলোকে বুজিব পাৰিব কেনেকৈ এই কবিতাতো এটা পিৰামিড ক্ৰমশ: নিৰ্মাণ হ'ব লাগিছে। বিষয়বস্তুৰ কেন্দ্ৰবিন্দু বা এংকৰ-পইণ্ট কেনেকৈ ঘনীভূত হ'ব লাগিছে।  

"ভোগালীৰ নামত পেটলৈকে চুঁচি খোৱা ঘটটো
চেৰা সময়ত ঘৰৰ পিছফালে পৰি থাকিল!"
এইখিনিত বুজিবলৈ অসুবিধা নহ'ব আমি ইমান পৰে কৈ অহা ঘনত্বৰ কথাখিনি। এই দুটা চৰণ ইমানেই স্বয়ংসম্পূৰ্ণ যে এই দুটা চৰণক সুকীয়াকৈয়ো এটা পূৰ্ণাংগ কবিতাৰ ৰূপ দিব পাৰি। ভোগালীত পেট ভৰাই খায়। ইয়াত ব্যাখ্যাটো আকৌ পেটলৈকে চুঁচি খোৱাহে হ'ল। এইটোও এটা শব্দই অনি দিয়া বিষয়গত সংঘাতৰ নমুনা। লগতে নোকোৱাকৈ ৰৈ যোৱা ইংগিতটো এয়ে যে খাওতাৰ পেট ভোগালীত ভৰিছে, যাৰ ফলস্বৰূপে ঘটটো উদং হৈছে। কৰ্মৰ ভিত্তিত কৰ্তাৰ অৱস্থান সলনি হৈছে। তাৰ পিছত ভোগালী পাৰ হৈ যোৱাৰ সময়ত ঘটটো ঘৰৰ পিছফালে পৰি থকাৰ কথাখিনিয়ে যিকোনো পাষাণ হৃদয়ৰ পাঠকৰো মন টানিব। এই টেজেডি-ধৰ্মী বৰ্ণনাখিনিৰ যি অভিব্যক্তি, তেনে ধৰণৰ অসংখ্য অভিব্যক্তিৰে ভৰি আছে মনোজ নেওগৰ কবিতা। বস্তুৰ গুৰুত্ব, তাৰ সৈতে সময়ৰ সংযোগ, সময়ৰ সৈতে বস্তুৰ পৰিৱৰ্তিত সংজ্ঞা এই গোটেইখিনি কথা সাঙুৰি এই দুটা মাত্ৰ চৰণেই আনি দিছে এক বিশাল বাগধাৰাৰ সম্ভাৱনা। একে সময়তে মন কৰক "চেৰা সময়" কথাষাৰ। তেনেকৈয়ে আগতে উল্লেখ কৰি অহা "জেংখৰি হাত"। জেং খৰিৰ দৰে ক্ষীণ হাত। এনেদৰেই শব্দচয়ণৰ ঘনত্বৰে আগবাঢ়িছে কবিতা। 

"ল'ৰালিৰ ল'ৰামতীয়া কথা-
অঁকৰা ভাৱনাত ঘহি-পিহি লোৱা ঘটটো
ঘটভঙা খেলত কাণি-মুনি কোবাই ভাঙিব নোৱৰা ঘটটো
ঘটে-ঘটে গছৰ গুৰিত পানী ঢলা ঘটটো
ঘটটো আছিল মোৰ ওমলাঘৰ টিঘিল-ঘিলোৱাৰ লগ"
ঘট এটাৰ আত্মপৰিচয়ৰ বহুত্বখিনি এনেকৈয়ে উদ্ঘাটিত হ'বলৈ লয়। পৰীক্ষামূলক নাটকৰ কৰ্মশালাত যেনেকৈ বস্তু এপদক 'প্ৰপ' (prop/ property) হিচাপে ব্যৱহাৰ কৰি তাৰ ব্যৱহাৰ্যতাৰ বহুত্বক উন্মোচিত কৰি গৈ থকা হয়, এইখিনি পঢ়ি তেনেকুৱাই লাগিল। এই বহুত্বৰ উদযাপনৰ লগে লগে আহিছে "ঘটে-ঘটে গছৰ গুৰিত পানী ঢলা ঘটটো"ৰ দৰে ধ্বনিৰ পুনৰাবৃত্তিৰ অৰ্থাৎ অনুপ্ৰাসৰ আমেজখিনি।

"...এদিন উবুৰি ঘটটোত/ এঙাৰৰ আঙুলিয়ে আঁকি দিছিলোঁ দুটা চকু" বুলিয়ে এইবাৰ সংযোজিত হ'ল আৰোপিত পৰিচয়। ঘটটোৱেই নন্দকাইটি। বস্তুৱেই মানুহ। "পো, বোৱাৰী আনকি দহজন জ্ঞাতিয়ে মিলি চুঁচি যোৱা এজন মানুহ/ অন্তিমৰ সময়ত ঘৰৰ পিছফালে পৰি আছিল/ - নন্দ-কাইটি" বুলি যেতিয়া কবিতাটোৰ শেষৰ ফালে পাওঁ তেতিয়া তৎক্ষণাৎ মনত নপৰাকৈ নাথাকে আগতে উল্লেখ কৰি অহা সেই ঘটটো, যিটো "চেৰা সময়ত ঘৰৰ পিছফালে পৰি থাকিল"। জীৱন ভোগালী। ভোগালী জীৱনৰ শেষত ঘটটো পৰিয়ে ৰয়। হাজৰ মানুহে হাজাৰ ধৰণেৰে কৈ কৈয়ো কৈ শেষ নোহোৱা সেই কথাষাৰ। সন্ত কবিৰৰ "ভালেই হ'ল মোৰ লোটাটো ভাগিল, বাৰে বাৰে পানী অনাৰ লেঠাটো ছিগিল", অথবা নীলমণিৰ "মাটিৰ মানুহ আকৌ মাটি হ'ব, সেই পুৰণি কথাটোৰ দৰে"ৰ দৰে।

বৰ্হেছে ক'বৰ দৰে সকলো কথাই কোৱা হৈ গৈছে, নতুনকৈ ক'বলৈ আচলতে আৰু একো নাই। কিন্তু কথা এষাৰ কি পৰিস্থিতিত কেনেকৈ কোৱা হৈছে সেইখিনি কথাৰ গুৰুত্ব সদায়েই থাকিব। নন্দ-কাইটি নামৰ চৰিত্ৰটোৰ সৈতে কবিৰ আশৈশৱ সম্পৰ্ক, সেই সম্পৰ্কৰ স্মৃতি আৰু তাৰ সৈতে জীৱন-বোধৰ যি অপৰূপ চয়ন এই কবিতাটোৰ আছে সি কবিতাটোক অনবদ্য কৰি তুলিছে।

পলিটিক্স

অনুৰূপ কুশলতা আৰু আবেদনেৰে ভৰা আন এটা কবিতা "ৰজাৰ গোৰোহা"ত কবিৰ মাকৰ ফটা গোৰোহাৰ বৰ্ণনা পাওঁ।
"... মাৰ ভৰি দুখন কিমান দিন ভালকৈ মন কৰা নাছিলোঁ কেতিয়া যে এযোৰ
চেন্দেলৰ নামত জুখিছিলোঁ এবেগেতীয়া জোখ
ইকৰা বেৰ লিপিবলৈ গোবৰ মাটি ফেনেকা ভৰি দুখন
গৰকাত নাচি থকা ভৰি দুখন
পুৱাৰ চোতালত সোঁতাৰ সাঁচত জিলিকি থকা ভৰি দুখনৰ গোৰোহাত
কঁচিয়াই থোৱা মাছৰ দেহৰ দৰে আঁক..."
দৈনন্দিন দিনৰ পৰিশ্ৰমে কোঙা কৰি অনা চহা জীৱনৰ  শৰীৰবোৰলৈ চকু দিবলৈ আহৰি কাৰো নাথাকে। তাৰ মাজতো কেনেকৈ সৰু সুৰা বিষ যন্ত্ৰনাক উপেক্ষা কৰি কেনেকৈ জীৱনক আগুৱাই লৈ গৈ থাকিব পাৰি তাৰেহে কচৰৎ চলি থাকে। "-সহজ কথা অ', মাথোঁ দোপ দিলে বিষ এটাই গেজেককৈ উভটি ধৰে..."।

এইখিনিতে মন কৰিব যে এতিয়ালৈকে উল্লেখ কৰি থকা দুয়োটা কবিতাতেই শৈশৱ আৰু স্মৃতিৰ এটা সংযোগ থাকিলেও সেয়া কিন্তু এই সময়ৰ আন বহুতো নতুন কবিতাত দেখা পোৱা স্মৃতিকাতৰতা বা অতীত-বিলাসৰ পৰা পৃথক। কাৰণ এই মাকৰ ফটা গোৰোহাৰ কথাখিনিয়েও অৱলীলাক্ৰমে অন্য এটা মোৰ লৈছে যাৰ ফলত কেৱল আৱেগ আৰু ব্যক্তিগত অনুভৱৰ স্তৰতেই কবিতাখিনি আৱদ্ধ নাথাকি অন্য এক স্তৰলৈ উত্তীৰ্ণ হৈছে। আৰম্ভণীতে আপত দৃষ্টিৰে কবিতাটো মাকৰ ফটা গোৰোহাক কেন্দ্ৰ কৰি লিখা এটা আবেগিক প্ৰকাশ যেন লাগিলেও "ৰজাৰ গোৰোহা" আচলতে এটা ৰাজনৈতিক কবিতা। সাধাৰণ পৰিশ্ৰমী মানুহৰ শক্তিক ব্যাখ্যান কৰি লিখা কবিতাৰ সংখ্যা কমি গৈ থকা এটা সময়ত মনোজ নেওগৰ এইটো কবিতা এটা শক্তিশালী উপস্থিতি-   
"কৃষকৰ গোৰোহা ফাটে
শিল-বালি মাটিৰ সৈতে একাকাৰ মজদুৰ
তোৰ দেউতাৰ দৰে গঞা মানুহৰ গোৰোহা ফাটে
সেয়েহে ভৰি চেলেকা এচামে
আমাৰ দৰে মানুহৰ মাজৰ পৰা কাকো ৰজা পতা নাই
কাৰণ সিহঁতৰ জিভা কটা যোৱাৰ ভয়"

কথাখিনিয়ে কবিতাটোৰ স্তৰ ভিন্ন মাত্ৰা (dimension)-লৈ আগবঢ়াই দিছে। সৰ্বসাধাৰণ মানুহৰ অৱস্থা আৰু তাত নিহিত থাকিব পৰা শক্তিখিনিৰ কথা উনুকিওৱাৰ লগতে সমসাময়িক ৰাজনীতিত থকা আৰ্থিক আভিজাত্যৰ আধিপত্য, পৰিয়ালকেন্দ্ৰিকতা আদি কথাৰো ইংগিত দিয়ে, যিহেতু দেখা মতে "আমাৰ দৰে মানুহৰ মাজৰ পৰা কাকো ৰজা পতা নাই"। কথাখিনি আগবঢ়াই নিলে এনেকৈয়ো ক'ব পাৰি যে গণতন্ত্ৰৰ সংজ্ঞাটোৰ প্ৰতিয়েই ই এক ভ্ৰূকুটি। সকাহ এইখিনিতেই যে, জনসাধাৰণ বঞ্চিত হৈ ৰোৱা কথাখিনিৰ নেতিবাচক উল্লেখতেই কবিতাটো শেষ নহৈ শেষ হৈছে এটা 'ব্লেডৰ দৰে ধাৰ' থকা উৎপ্ৰেক্ষাৰে-

"চুই চা - চুই চা
ফটা গোৰোহাত ব্লেডৰ দৰে ধাৰ!"

মনোজ নেওগৰ ভাব ভাষা উমাল। প্ৰায় আটাইবোৰ কবিতাতে একধৰণৰ  উষ্মা অনুভৱ কৰা যায়। এই অনুভৱৰ প্ৰাৱল্যৰ ফালে চকু দিয়েই অভিব্যক্তিবাদৰ কথাখিনি আমি আৰম্ভণীতে উল্লেখ কৰিছিলোঁ। তেনে কেইটিমান উদাহৰণ তলত দিয়া হ'ল-
"...বৰ কষ্টকৰ এই সময়
দাৰুণ বৰষুণৰ এই ৰাতিবোৰ
শীত-গ্ৰীষ্মৰ দোমোজাত এই ঋতুৰ চৌহদ
ঘিট-মিট আন্ধাৰৰ পোছাক পিন্ধি
অতবেলি জুপুকা লাগি বহি আছিলোঁ মই
শুনি আছিলোঁ, দূৰ অৰণ্যৰ পোতাশাল জিনি ৰিণি-ৰিণি ভাঁহি
আহিছিল চিঞৰ
-আই মোৰ তেজে কুটকুটাই...
[আত্মলিপি]
*
"...জীয়া সময় শামুকভঙা ঠোঁটৰ যাঠী
এপাতৰ দৰে টোৱাই আহিছিল

মই বাধা দিব পৰা নাই
পলাব পৰা নাই
মৃত-মৃত-"
[শীতকালৰ শামুক]
*
"প্ৰিয় দেশ বুলিলে মনত পৰে
মোৰ তেজত আদিম পৃথিৱীৰ গান..."
[নোম]
*
"টং কৈ মাৰিলে ক'ৰবাত, মেৰুদণ্ডৰ মাজেদি গ'ল সোঁত
তলকিবলৈ নহ'ল দৰ্জী নে কবিৰ ভাৱনা
নে চফল তেজৰ উকি-"
[মিছেছ বৰুৱাৰ ব্লাউজ আৰু এটা উত্তৰ আধুনিক কবিতা]
*
"দিনটোৰ হাবিয়াস চুঁচি তেঁও গাঁঠি আনিছিল
খাজুৰী বেণীডাল
উশাহ উছাহৰ প্ৰথম স্বৰত উমলি আছিল
মৌনতাৰ চিফুং"
[পাঠৰ অন্তত]
*
"টিপৌকলি তুলসী পুলিটো তেতিয়ালৈ
অৱশ হৈ পৰেগৈ
যেন এই দেশৰ অপুষ্টিত ভূগি থকা এটা
অৰ্ধমৃতপ্ৰায় শিশু-"
[উদযাপন]
*
"...বেলি নুমালেই আন্ধাৰৰ চৌকাত ফুটি দিম একুৰা
চণ্ডালৰ মুখৰ জুই

(আপুনি জানেনে
উপনৈত ওপঙে কাৰ কপাল ফুটা শৰীৰৰ ছাঁ)..."
[চণ্ডালৰ মুখৰ জুই]
*
"...চোৱা, বতাহক ফেপেৰী পাতি ঋতু ধৰ্ষিতা পাতবোৰ
কিদৰে কঁপি আছে"
[সূতা]
*
"...কুঁহিলাৰ খেলনা ভগাদি ঘৰ ভাগিছিল
পানীৰ সোঁতেদি তেজ
এখন নদীৰ নৈ:শব্দ আজিও মোৰ বুকুত
অতিদৃষ্টিৰ এটা কান্দোন..."
[নৈ পৰীয়া ল'ৰা]

কথক কবিৰ বক্তব্য আৰু বিষয়ৰ প্ৰতি থকা অগাধ আনুগত্যৰ বাবেই মনোজ নেওগৰ কবিতাত হৃদয়াবেগৰ জোৱাৰে ক্লিচেৰ পয়োভৰ ঘটোৱাহি নাই। এটা ৰাজনৈতিক আৰু সামাজিক পৰিস্থিতিৰ পৰা ফালৰি কাটি গৈ কবিৰ কোনোটো কবিতাই বতাহত ওপঙি থকা নাই। শ্লেষ, ব্যংগ, বক্ৰোক্তি আৰু হাস্যৰসৰ প্ৰয়োগেৰে আগবাঢ়িছে ৰাজনৈতিক নেৰেটিভ। এদিনীয়া হুজুগ, এদিনীয়া আবেগৰ প্ৰতিকী জাতীয় চেতনাৰে সমাজৰ ভেটি গঢ়িব খোজা কুটিল প্ৰপঞ্চক ভিত্তি কৰিয়েই ৰচিত হৈছে "এজন ৰঙৰ মিস্ত্ৰি"ৰ কথকতা, যিটো মনোজ নেওগৰ সংকলনখনৰো শিৰোনাম। কবিতাটোৱে প্ৰতীকি সামাজিক আবেগক যেনেকৈ কটাক্ষ কৰিছে, তেনেকৈয়ে মূৰ্তি বা আইকণ কেন্দ্ৰিকতাৰ অন্ধকাৰ দিশটোও উদঙাই দেখুৱাইছে। তাৰ লগতে ৰং শব্দৰ অৰ্থৰ বিস্তাৰনৰ সৈতে সাঙুৰিছে বহুধা বিভক্ত দিশ। এই ৰং কেতিয়াবা চহৰখনে বিচাৰি থকা ৰং, কেতিয়াবা জীৱনৰ কল্পনাৰ ৰং আৰু কেতিয়াবা পুঁজিবাদে জুখি মাখি আটকীয়া কৰি অনা পণ্যদ্ৰৱ্য ৰং।  

কিছুসংখ্যকৰ বাবে কবিতা এতিয়াও এটা ফুলকুমলীয়া বস্তু, সুন্দৰৰ সাধনাৰ নামত যি মন টানিব পৰা মধুৰ শব্দৰ সমষ্টি মাত্ৰ। প্ৰতীকী আৰু ৰূপক-আশ্ৰিত আবেদন কবিতাৰ এক অনন্য সাৰকথা হৈয়ো কেনেকৈ ই সত্যৰ মুখামুখি কৰায় সেইটোহে গুৰুত্বপূৰ্ণ কথা। সেই বাবেই নদী কেৱল নাৰী, জীৱন আদি শব্দৰ সহায়ত বৰ্নিত বিমূৰ্ত অনুষংগৰ বাহক হৈত্থকা নাই, তেঁও দেখিছে- "পানীৰ সোঁতেদি তেজ"। নাৰী এইজন কবিৰ সন্মুখত তেজ মঙহৰ মানুহ, বিমূৰ্ত ধাৰণা এটা নহয়। বাঁহী বজোৱা কৃষ্ণৰ বিপৰীতে ৰাধাই আহি যেতিয়া এইজন কবিৰ কবিতাত ধৰা দিছেহি, ধৰা দিছেহি প্ৰকৃতিৰ সেই নিৰ্মম ভুলটোক লৈ। "ৰজস্বলা নাৰী"ৰ কথা অসমীয়া কবিতাত দুৰ্লভ নহয়, কিন্তু মনোজ নেওগৰ কবিতাত আহি সোমাইছেহি "ৰাধাৰ তলপেটৰ বিষটো"।  

"...মাহেকীয়া সময়ৰ তলপেটৰ বিষত কুঁজা হৈ আছিল ৰাধা..."

"...তলপেটৰ বিষত কুঁজা হৈ পৰা নাৰীয়ে পাহৰি যায়
চকুৰ কাজল , চুলিৰ শৃংগাৰ..."

"...বৰবাদ সময়ত বুকুত ফুলি উঠে দুটা বিষপানীৰ বেলুন
তলপেটৰ বিষত কুঁজাহৈ পৰা নাৰীৰ বাবে স্পৰ্শ , চুমা সকলোবোৰ নৰক..."
[ৰাধাৰ তলপেটৰ বিষটো]

নৈ পৰীয়া ল'ৰাৰ কাহিনীৰ পৰা পোন্ধৰ আগষ্টত ফুটপাথত পতাকা বিক্ৰি কৰা ল'ৰাটোৰ পতাকা বিক্ৰি হ'লেই মাছ কিনি নিবৰ হেঁপাহকণলৈকে, সকলোখিনিয়েই এটা এটা সমাজবাস্তৱতাৰ আধাৰত ঠিয় দি থকা কথকতা। ঐতিহাসিক ছবছৰীয়া আন্দোলন আৰু তাৰ পৰৱৰ্তী কালখিনিত ঘটি যোৱা অজস্ৰ খেলিমেলিৰে ভৰা ৰাজনৈতিক খণ্ডিত অভিজ্ঞতাই জুৰুলা কৰা আজিৰ প্ৰজন্মৰ মাজত কেইবাটাও স্তৰত ৰৈছে মোহভংগৰ অভিজ্ঞতা। এই মোহভংগৰ অভিজ্ঞতাই আনি নিয়া নৈৰাজ্য আৰু হতাশাৰ চিন কবিতাখিনিৰ আঁহে আঁহে ৰৈছে।
"...জানেনে, আজি কালি জাতি-ধৰ্ম-দেশৰ
দোহাই দি কোৱা কথাবোৰ ষ্টেচনত বিক্ৰী হোৱা
মুমফলিৰ দৰে একেই
অত্যাধিকত কেৱল বদহজম..."
[কথা, কবিতা আৰু ফফৌ ফৌ বেঙেনাৰ...]
*
"...তুলসীৰ তলে কি চৰে

মৃগ নহয়
কঙাল খেতিয়কৰ চাকোলা চিঞৰ"
[উদযাপন]
*
"...ফুটপাথৰ ওপৰত পতাকা বিক্ৰি কৰি থকা
এটা সৰু ল'ৰা
মোৰ প্ৰায়বোৰ প্ৰশ্নৰ সহায়ত উত্তৰ দি
অন্তিমত থেৰো গেৰোকৈ ক'লে
'গোটেইখিনি বিকিব পাৰিলে
আজি ঘৰলৈ মাছ নিম'
[উদযাপন (পোন্ধৰ আগষ্ট)]

এই মোহভংগৰ সময়খিনিত কবিৰ হাতৰ কলমটোও আকাশ কুসুম হৈ থাকিব নোৱাৰে। অদম্য যন্ত্ৰনাত, মানৱীয় তেজ-মঙহৰ শৰীৰি যন্ত্ৰনাত, হাতৰ কলমটোও কাতৰ। আগতে উল্লেখ কৰি অহা নন্দ-কাইটিৰ ঘটটোৰ দৰে কবিৰ কলমটোও নিষ্প্ৰাণ নহয়। একো-একোটা বস্তু, একো-একোটা জীৱন্ত শৰীৰ। ডেৰিডাই কোৱাৰ দৰেই, আপুনি বস্তু এটালৈ চাই আছে মানে বস্তুটোৱেও আপোনালৈ চাই আছে।
... কেতিয়াবা সঁচাই মোৰ এনেলাগে
কবিতা লিখিবলৈ চুব খোজা মোৰ কলমটো
আৰু ঋতুকালীন সমস্যাত ভূগি থকা এজনী নাৰী , একেই...
চুই দিলেই জপিয়াব বহিব যেন ফুটুকানিত জখমী বাঘিনীৰ খং...
[ৰাধাৰ তলপেটৰ বিষটো]

কবিতাপুথিখনত সংকলিত প্ৰায় ষাঠিটা কবিতাত পাঠকে বৈচিত্ৰ্যময় অভিজ্ঞতাৰ সন্মুখীন হ'ব। এক বিশেষ শৈলীৰ অভ্যাসেৰে স্বকীয় আৰু একক আত্মপৰিচয় প্ৰতিষ্ঠা কৰাৰ হাবিয়াসখিনিৰ পৰা এইজন কবি মুক্ত। বৰঞ্চ বিষয়বস্তুৰ বৈচিত্ৰ্য আৰু সেই বৈচিত্ৰ্যৰ তাগিদা অনুসৰণ কৰি ফৰ্মৰ বৈচিত্ৰ্যও এইজন কবিয়ে আঁকোৱালি লৈছে। কবিতাপুথিখনৰ নামটো "এজন ৰঙৰ মিস্ত্ৰি"- শুনিবলৈ অলপ আচহুৱা, ঠিক হৃদয় উদ্বেলিত কৰি তুলিব পৰা বিধৰ "কাব্যিকতা" ইয়াত নাই। এই ৰুক্ষতা কবিৰ উদ্দেশ্যপ্ৰণোদিত যেনেই লাগে। কবিতাটোৱে লৈ অনা বাস্তৱতাৰ ৰূঢ়তাক হয়তো কাব্যিক কাব্যিক যেন লগা ফুলাম জোনাকী নামেৰে দৰ্শাব পৰা নগ'লহেতেন। কাহিনীকথনৰ প্ৰয়োজনত স্বাভাৱিক গতিৰেই যেতিয়া য'ত ইংৰাজী শব্দ আহি পৰিছে, তাক কবিয়ে কৃত্ৰিমতাৰে ভাষান্তৰ কৰিবলৈ চেষ্টা কৰা নাই। যথা সম্ভৱ নেচাৰেলিষ্টিক কৰি ৰখাত ই সহায়ক হৈছে। "মিছেছ বৰুৱাৰ ব্লাউজ আৰু এটা উত্তৰ আধুনিক কবিতা", "নোম", "জেঠি", "টুথপেষ্ট", "অঞ্জলী হোটেলৰ ছিঙৰা" আদি কবিতাৰ শিৰোনামবোৰে স্পষ্টত: ইংগিত দিয়ে যে সচেতন ভাবেই এইখিনি কবিতা "জোনাকী ৰাতি" বা "বুকুৰ বেদনা" জাতীয় সুৰসুৰনিৰ পৰা আঁতৰত। এহাতে নন্দ কাইটি, লিলৌ আইতাৰ সৈতে কবিয়ে যেনেকৈ মুখামুখি কৰাইছে, তেনেকৈয়ে আনহাতে মিছেছ বৰুৱাৰ সৈতেও তেওঁ মুখামুখি কৰাইছে। যিসকল নতুন কবিয়ে কেৱল "সুখপাঠ্যতা"ৰ নামত "কিবা সুৰ এটাই আহি মনত দোলা দি যোৱা" ধৰণৰ সুৰীয়া ভাষাপ্ৰয়োগৰ চৰ্চাতেই নিবিষ্ট হৈ ৰৈছে তেওঁলোকে মনোজ নেওগৰ কবিতা পাঠ কৰিলে উপকৃত হ'ব। সমূহীয়াকৈ পাঠৰ ব্যৱস্থা থাকিলেতো আৰু ভাল। মনোজ নেওগৰ কবিতাত নিহিত থকা নাটকীয়তাখিনিয়ে পৰিৱেশন বিচাৰে। কবিতাই জীৱন্ত শৰীৰ এটা বিচৰাৰ কথাখিনি সঁচা।    

যোৰহাটৰ "শব্দ"ই প্ৰকাশ কৰি আগবঢ়াই দিয়া এই কিতাপখন অসমীয়া পাঠকে আদৰি নোলোৱাৰ কথাই নাই। আমাৰ এইখিনিও বিশ্বাস যে এইখন পুথি হাতত পৰাৰ পিছত কবি মনোজ নেওগৰ প্ৰতি অসমীয়া কবিতাৰ পাঠকৰ প্ৰত্যাশা বাঢ়িবলৈ ল'ব।



সমুদ্র কাজল শইকীয়া
Rajya Sabha Television (RSTV),
3rd Floor, Talkatora Stadium Annexe Building,
New Delhi – 110001

email: kankhowa@gmail.com, mobile: +91 9811375594





No comments: