ডঃ বাণিকান্ত কাকতি

...সাহিত্যৰ ক্ষেত্রত নতুনকৈ কৰিবলগীয়া কাম একো নাই। সাহিত্য ধ্বনি আৰু প্রতিধ্বনি মাথোন। পূর্বপুৰুষ সকলৰ ভাবৰ ধ্বনি যাৰ হৃদয়ত পুৰাকৈ প্রতিধ্বনিত হয় সিয়েই সফলতা লাভ কৰে... ডঃ বাণীকান্ত কাকতি, বাঁহী, ১৩শ বছৰ, অষ্টম সংখ্যা, আঘোণ, ১৮৪৭ শক।

Blog Archive

Tuesday, October 23, 2018

পেখু পেখু (চৌবিশ): বিশেষজ্ঞতা (Specialization) আৰু ডিছপোজেবল জনতা


[দৈনিক অসম, দেওবৰীয়া চ'ৰা, ৪ নৱেম্বৰ ২০১৮]
সৃষ্টিশীল আৰু চিন্তাশীল জগতখনত আমি সদায়ে পৰিধি বহল কৰাৰ কথাকেই কৈ আহিছোঁ। কেনেকৈ নতুন নতুন সম্ভাৱনাৰ দিশ উন্মোচন কৰাৰ প্ৰয়োজন আছে, কেনেকৈ মাধ্যমগত সীমাবদ্ধতাখিনি অতিক্ৰম কৰি এটা মাধ্যমৰ পৰা আন এটা মাধ্যমলৈ সম্প্ৰসাৰণ সম্ভৱ, কেনেকৈ আজি যে মাল্টি-ডিছিপ্লিনেৰি আৰু ক্ৰছ-ডিছিপ্লিনেৰী চৰ্চাৰ সময় আহি পৰিছে সেইখিনি কথাই আমি পাতি আহিছোঁ। এই "পেখু পেখু" স্তম্ভতেই হয়তো মন কৰিছে যে বেছিভাগ চিত্ৰকৰ ডালিয়ে কৰা চিনেমা, কবি হীৰুদাই অঁকা ছবি, চিত্ৰকৰ ভূপেন খক্কৰে লিখা ছুটিগল্প আদিৰ কথাই সঘনে উল্লেখ হৈ আহিছে। সকলো সময়তে ৰেডিকেল (এই শব্দটোৰ অসমীয়া অনুবাদ দুৰূহ), ধূতি-নীতি বিৰোধী, স্বতন্ত্ৰ আৰু 'যি মন যায়' ধৰণৰ শৈল্পিক সৃষ্টিৰ আমি পোষকতা কৰোঁ। কিন্তু তথাপি একোটা ডিছিপ্লিন বা বিষয়-ক্ষেত্ৰৰ গুৰুত্ব বুজি পোৱাৰ প্ৰয়োজনীয়তাখিনিৰ বাবে "ডিছিপ্লিন" নামেৰে এটা আলোচনা আগবঢ়াইছিলোঁ। একে ধৰণেৰে আজি অলপ বিশেষীকৰণ আৰু বিশেষজ্ঞতা সম্পৰ্কে অলপ কথা পাতিব খুজিছোঁ।

স্থূল দৃষ্টিৰে চাবলৈ গ'লে বাৰটা মাহত তেৰটা পাৰ্বনৰ দেশ অসমত সকলো সময়তে মানুহ সাংস্কৃতিক কাৰ্যকলাপতেই ব্যস্ত থাকে। গাঁৱে ভূঞে প্ৰতিভাৰ কোনো আকাল নাই। বহিৰ্ৰাজ্যলৈ ওলাই আহিলে এইবোৰ কথা আৰু চকুত পৰে। কাৰণ অন্য ৰাজ্যত আমি দেখা মতে সকলোৱে সকলো জানিবই লাগিব বুলি কোনো কথা নাই। কিন্তু অসমত হ'লে ডেকা-বুঢ়া নিৰ্বিশেষে সকলোৱে অন্তত: বিহুটো এপাক নাচি দেখুৱাব পাৰিবই লাগিব। ওপৰলৈ শিল এটা দলিয়াই দিলে যাৰ মূৰতেই পৰিব সিয়েই হয়তো কবিতা লিখে, গান গায়, বিতৰ্ক কৰে বা গীটাৰখন বজায়। এইবোৰ ক'ত কৰে? ঘৰৰ ভিতৰত গোপনেতো নকৰে। কৰে ৰাজহুৱা মঞ্চত। তাৰ মানে এইবোৰ চৰ্চাৰ বাবে দেধাৰ অনুষ্ঠান প্ৰতিষ্ঠানেৰে চাৰিওপাশ ভৰি আছে। সংস্কৃতিক চৰ্চাৰ এটা নদন বদন পৰিৱেশেৰে আমি পৰিৱেষ্টিত। এতিয়া মন কৰক, এইখিনি কথা 'স্থূল দৃষ্টিৰে' চকুত পৰা বুলিহে উল্লেখ কৰি আহিছিলোঁ। এনে এটা পৰিৱেশৰ পিছতো যিকোনো চৰ্চাৰ ক্ষেত্ৰতেই প্ৰায় সকলো চৰ্চাকাৰীয়েই 'উপযুক্ত পৰিৱেশৰ অভাৱ' বুলি হামৰাও কাঢ়ি থকা দেখা যায় কিয় সেইটো এটা গুৰুত্বৰ প্ৰশ্ন। আপুনি ধৰক বৰগীত গায়। কিন্তু গাব ক'ত? বিহুমেলাত? বিহুমেলা জানো বৰগীত গোৱাৰ ঠাই? বৰগীতৰ বাবে এটা সুকীয়া অনুষ্ঠান, লোকগীতৰ বাবে এটা সুকীয়া অনুষ্ঠান, আধুনিক গীতৰ বাবে এটা সুকীয়া অনুষ্ঠান কিয় আমাৰ মাজত নাই? প্ৰশ্নটোৰ আঁত ধৰিয়েই আমি দেখা পাওঁ যে আচলতে আমাৰ মাজত কোনো বিষয়ৰে একনিষ্ঠ চৰ্চাৰ প্ৰতি চৰম বিৰাগ। এটা বিশেষ মাধ্যমত উৎকৰ্ষলাভৰ বাবে যি এক বিশেষীকৃত পৰিৱেশৰ প্ৰয়োজন হয়, সেই বিশেষীকৰণৰ পৰা আমি সদায়েই আঁতৰি ৰৈছোঁ। সংখ্যাগত জনতাৰ মাজৰ জনপ্ৰিয়তাক শৈল্পিক চৰ্চাৰ এটা মাপকাঠি বুলি গ্ৰহণ কৰাৰ ফলতেই এই অন্তৰায়। এটা গানেই হওক, এখন চিনেমাই হওক, এটা কবিতাই হওক- তাক যেতিয়া জনপ্ৰিয়তাৰ মাপকাঠিৰে মান্যতা দিবলৈ চেষ্টা কৰা হ'ব তেতিয়া সেই চৰ্চাৰ আপোন মৰ্যাদা ক্ষুন্ন হোৱাটোৱেই স্বাভাৱিক। জনতা দৰ্শকে শিল্পীক ভস্মধূলাত ফু মাৰি সকলো সমস্যা নিমিষতে বাজিমাৎ কৰি দিব পৰা যাদুকৰী বাবাজীৰ ৰূপতহে বিচাৰে। আমাৰ চৌপাশৰ যিখিনি চৰ্চাৰ মঞ্চ আছে সেইখিনি কোনো দিশৰ পৰাই একাগ্ৰ বিশেষজ্ঞ শিল্পীৰ চৰ্চাৰ থলী নহয়। 'ৰাইজেই বিচাৰ কৰিব'- ধৰণৰ কথাবোৰ আচলতে ৰেটৰিক। তাহানিতেই অসমীয়া কবিতাৰ কাহিনী ক'বলৈ গৈ মহেশ্বৰ নেওগে উল্লেখ কৰিবলৈ বাধ্য হৈছিল- “গণপ্ৰাণেৰে হ’লেও গণভোটৰ দ্বাৰা কবিতাৰ মূল্য নিৰ্ণয় কৰিব নোৱাৰি। লোকৰঞ্জনো সাহিত্যৰ নিৰ্ভুল জোখকাঠি নহয়" (১৯৫৮)।

অলপ টেঙা, অলপ জ্বলা, অলপ মিঠা এনেকৈ কেইবাটাও সোৱাদযুক্ত বস্তুৰে চাট ধৰণৰ খাদ্যৰ জনপ্ৰিয়তা বহুত। ইয়াৰ ভাল কথা কেইবাটাও। সকলো সোৱাদ কম দামতে একত্ৰে পাব পাৰি। দ্বিতীয়তে, বাটে পথে এইবোৰ তেনেই সুলভ। তৃতীয়তে কাৰোবাৰ কোনোবাটো বিশেষ সোৱাদৰ প্ৰতি বিশেষ অনুৰাগ নাথাকিলেও আনবোৰ সোৱাদৰ বাবে কাম চলি যায় আৰু। কিন্তু এতিয়া কথা হ', দিনৰ পিছত দিন ধৰি অথবা একেটা দিনতো প্ৰতি সাঁ‌জতে আপুনি চাট খাই জীয়াই থাকিব পাৰিবনে? বহুতো সোৱাদৰ লগে লগে বহুতো খাদ্যমূল্যৰ ভিটামিন আদি তাত একত্ৰে পোৱা যায় বুলি ধৰি ল'লেও জীয়াই থাকিবলৈ সেয়াই একমাত্ৰ ভক্ষ্য হ'ব পাৰেনে? নোৱাৰে। বিভিন্ন সময়ত, বিভিন্ন প্ৰয়োজনত আমাক বিশেষ বস্তু কিছুমান বিশেষভাবে লাগে। বিশেষীকৰণ সেইকাৰণেই লাগে। কিন্তু অসমৰ সাংস্কৃতিক পৰিমণ্ডলত চৌদিশে কেৱল চাট আৰু চাট। কোনোটো বস্তুৰেই কোনো বিশেষীকৃত উপলব্ধি নাই, চৰ্চাও নাই, তাগিদাও নাই। এই কাৰণতেই অসমৰ অন্যতম জনপ্ৰিয় আৰু মান্য আলোচনী হ'ল "প্ৰান্তিক", আৰু যিকোনো উপলক্ষ্যতেই সাংস্কৃতিক চৰ্চাৰ পেডেষ্টেল হ'ল "বিহুমেলা", নহ'লে "সাংস্কৃতিক সন্ধিয়া"। মানি ল'বলৈ টান পালেও এই কথা সত্য যে প্ৰান্তিকো চাট, সাংস্কৃতিক সন্ধিয়াবোৰো চাট। প্ৰান্তিকত পাতত কবিতা প্ৰকাশ পোৱা ন-লেখকে একধৰণৰ মান্যতা লাভ কৰা দেখা যায়। এইটো এটা দুৰ্ভাগ্য। কাৰণ মূলত: প্ৰান্তিক এখন বাৰ্তালোচনী, a newsletter, সাহিত্যৰ অথবা কবিতাৰ আলোচনী নহয়েই। সেয়েহে অলপ ৰগৰৰ সুৰেৰেই আমি ক'বলৈ বাধ্য যে অসমীয়া এটা কেৱল চাট খাই খাই পেট বেয়া কৰি নৰিয়াত পৰি থকা জাতি।

এখন সভাত মাজত থিয় হৈ ছোৱালী এজনীয়ে গীত পৰিৱেশন কৰাৰ আলোকচিত্ৰ এখন দেখি আমাৰ প্ৰথম প্ৰতিক্ৰিয়া আছিল- ইমানবোৰ মানুহে বেৰি-কুৰি ধৰি অকলশৰীয়া ছোৱালীজনীক এনেকৈ ৰেগিং কৰি আছে কিয়? সভা এখনৰ মাজত প্ৰাসংগিক হওক বা নহওক, প্ৰাসংগিক হ'লেও পৰিৱেশনযোগ্য এটা পৰিস্থিতি থাকক নাথাকক, কেৱল আমাৰ সাংস্কৃতি-প্ৰেম সাব্যস্ত কৰিবৰ বাবেই কাৰোবাক গীত এটা গোৱাবই লাগিব বুলি কোনো কথা নাথাকে। সভাখন যদি পতা হৈছে কিবা এটা বিশেষ উদ্দেশ্যে এটা বিশেষ বিষয়ৰ আলোচনাৰ বাবে, তেন্তে সেই সভাখনত সেই বিশেষ বিষয়টোৰ আলোচনাই হওক। তাত আকৌ গান এটা নালাগে। যদি আপোনালোকে গান ভাল পায় তেনেহ'লে গানৰ বাবে এটা সুকীয়া পৰিৱেশৰ সৃষ্টি কৰক আৰু মন প্ৰাণ ভৰি গানকেই শুনক। নাটক এখন মঞ্চস্থ হোৱাৰ আগতে সুদীৰ্ঘ উন্মোচনী অনুস্থান এটাৰ প্ৰয়োজনীয়তা নাথাকে। নাটক কৰাই নাটককেই কৰক, চাওঁতাই চাওক। মনপুতি চাওক, একাগ্ৰতাৰে চাওক। আশাৰ বাতৰি এয়ে যে এই সময়তে চিনেমা বিষয়ক চৰ্চাক কেন্দ্ৰ কৰি "বিষয় চিনেমা" আৰু নাটক, চিত্ৰ আৰু ভাষ্কৰ্য বিষয়ক "সংস্কৃতি" নামেৰে নতুন দুখন আলোচনী প্ৰকাশ হৈছে। অলপমান সামাজিক ৰাজনৈতিক খবৰ, অলপ ক্ৰীড়া, অলপ বিনোদন এনেকৈ আঙুলিৰ মূৰেৰে চেলেকি খাব পৰা সংবাদ ভিত্তিক আলোচনীৰ পৃষ্ঠাবোৰৰ বিপৰীতে আশাকৰোঁ এইখিনি নতুন মঞ্চত একোটা বিষয়ৰ বিশদ কথা-বতৰাৰ পৰিৱেশ এটা উন্মোচিত হ'ব।

সভা-সমিতি আৰু আনুষ্ঠানিকতাই এনে এক চূড়ান্ত পৰ্যায় পাইছেগৈ যে এই বছৰৰে বিশ্ব পৰিৱেশ দিৱসৰ উদযাপনৰ সৈতেও এখন সাংস্কৃতিক সন্ধ্যাৰ আয়োজন কৰা হৈছিল। এই সময়ৰ আন এটা বিপৰ্যয়ৰ খবৰ এয়ে যে আন্ত:ৰাষ্ট্ৰীয় পৰ্যায়ত প্ৰচুৰ সম্ভাৱনা বহন কৰা খেলুৱৈ হিমা দাস এই লেখাটো লিখি থকাৰ সময়ত সম্বৰ্ধনাৰ দৰে অনুষ্ঠান সমূহত ঘূৰি ফুৰি নিজৰ অনুশীলনৰ প্ৰতি আওকাণ কৰাৰ খবৰ আহিছে। খেলুৱৈয়ে মূলত: সময় আৰু মনযোগ নিৱেশ কৰক খেলপথাৰত, সাংস্কৃতিক অনুষ্ঠানত কিয়? ড হীৰেন গোঁহাই যে অসমীয়া ভাষাত সমালোচনাৰ ক্ষেত্ৰত এজন অগ্ৰণী ব্যক্তি আমি সকলোৱে জানো। দিল্লীৰ জৱাহৰলাল নেহেৰু বিশ্ববিদ্যালয়ৰ অনুষ্টুপ আয়োজন এটাত নিজৰ বক্তব্য আগবঢ়াবলৈ গৈ তেখেতে ঈষৎ খেদ প্ৰকাশেৰেই কৈছিল, বেছিভাগ সময়তেই মই জনপ্ৰিয় মাধ্যমৰ লেখক হিচাপেই কাম কৰি আহিছোঁ। জনপ্ৰিয় স্তৰৰ কৰ্মী হোৱাৰ সীমাবদ্ধতাখিনি সকলো মানুহে সমানে উপলব্ধি কৰি উঠিবগৈ নোৱাৰে।

জনতাৰ সন্তুষ্টিকৰণ সন্মুখত ৰাখি চলিলে কোনো চৰ্চায়েই সঠিক পথেৰে আগুৱাব নোৱাৰিব। কাৰণ জনতাই সদায়ে নিজৰ তোষামোদ বিচাৰে। এটা বস্তুৰে জনতা সন্তুষ্ট কেতিয়াও নহয়। জনতাক সুন্দৰ শ্ৰুতিমধুৰ গীতেৰে মুগ্ধ কৰিম বুলি ভাবিলেও জনতাই তাত মাটিৰ গোন্ধ আৰু সমাজ দায়বদ্ধতা বিচাৰিব। এনেকৈ জনতাই কি বিচাৰে সেই কথা প্ৰাধ্যান্য দি চলিলে কথাবোৰ ঘূৰি পকি গৈ আকৌ সেই ঈছপৰ সাধুৰ বাপেকে পুতেকে মিলি গাধ বেচিবলৈ বজাৰলৈ যোৱাৰ ঘটনাটোৰ দৰেহে হ'বগৈ।



সমুদ্র কাজল শইকীয়া
Rajya Sabha Television (RSTV),
3rd Floor, Talkatora Stadium Annexe Building, New Delhi – 110001
email: kankhowa@gmail.com, mobile: +91 9811375594

No comments: