ডঃ বাণিকান্ত কাকতি

...সাহিত্যৰ ক্ষেত্রত নতুনকৈ কৰিবলগীয়া কাম একো নাই। সাহিত্য ধ্বনি আৰু প্রতিধ্বনি মাথোন। পূর্বপুৰুষ সকলৰ ভাবৰ ধ্বনি যাৰ হৃদয়ত পুৰাকৈ প্রতিধ্বনিত হয় সিয়েই সফলতা লাভ কৰে... ডঃ বাণীকান্ত কাকতি, বাঁহী, ১৩শ বছৰ, অষ্টম সংখ্যা, আঘোণ, ১৮৪৭ শক।

Blog Archive

Sunday, September 8, 2019

পেখু পেখু (বিয়ালিছ): মেঘ : ব্যক্তি আৰু বিষয়


["দৈনিক অসম"ৰ দেওবৰীয়া চ'ৰাত প্ৰকাশিত, ১৮ আগষ্ট, ২০১৯]

১)
অসম উপত্যকা। বিস্তীৰ্ণ সমতল। ৰঙা নদীৰ ইপাৰে সিপাৰে দুয়োপাৰে দূৰণিত নীলা পাহাৰৰ লানি। ওপৰত বিৰাট আকাশ। তাতে বতৰে বতৰে তৰপে তৰপে মেঘৰ খেলা। বিশ্বৰ ভিতৰতে সেমেকা ঠাই এই উত্তৰ-পূৰ্ৱাঞ্চলতে আছে। পেটৰ ভাতমুঠিৰ বাবে এই মেঘৰ ওপৰতে এতিয়াও মানুহৰ আশ। প্ৰতিবছৰে বাৰে বাৰে নৈৰ পানীয়ে মহতীয়াই নিলেও নৈপৰীয়া মানুহে নৈ এৰি নাযায়। অসমৰ বানৰ বিধ্বংসী ৰূপ বছৰে বছৰে দেখি আহিলেও ইয়াৰ সমাৰ্থক শব্দবোৰ কেনে মোহনীয়া মন কৰক- প্লাৱন, বন্যা। মাৰি নিলেও আমি প্ৰকৃতিক বেয়া বুলিবলৈ শিকা নাই। ইয়াত কবিৰ কবিতাত আহি এই মেঘ, আকাশ, পানী, বৰষুন, বান, বোকাই সঘনে ভুমুকি মাৰিবৰে কথা। অসমৰ আকাশে মেঘৰ বৰ্ণিল চিত্ৰৰ পোহাৰ মেলে।

“ঘন বাৰিষা। মই তুলি ললোঁ নাওখেলা গীতৰ নিনাদিত পদ।
পিছল মাটি। ছায়া পৰ বেলি। জনপদজনৰ অন্যমন।
মেঘ-মাটি-জল লালিত স্থানিক সৃজন…” (“পদাংক”)
অসমৰ প্ৰকৃতিৰ এটা এটা উপাদানৰ চিত্ৰায়ণ আৰু তাৰ অন্তৰালত মানৱীয় বোধ যাৰ কবিতাত আটাইতকৈ বেছি সাৱলীল আৰু মনোগ্ৰাহী ৰূপত পোৱা যায় সেয়া হ’ল হীৰেন ভট্টাচাৰ্য। ঘন বাৰিষা বোলোঁতে ঘন বাৰিষাৰ সেমেকা অনুভৱখিনি অকাতৰে পোনে পোনে আহে। “জলবন্দী কবিৰ বুকুত তৎপৰ যুৱক মেঘৰ সহজ সমাৰোহ”ৰ দৰে ঘনত্ববিশিষ্ট কাব্যাংশই জল-ঘনিষ্ঠতাৰ অনুষংগৰ পৰা তৰুণ মেঘৰ উদ্যমতাৰ নাটকীয়তালৈকে সকলো একত্ৰে সামৰে। “শাওনৰ পথাৰত এদিন, তোৰ ঘাটত নাও চপাম” বুলি হাবিয়াস ৰখা এইজন কবিৰ হাততে আনহাতে খৰাং বতৰতো চিত্ৰিত হৈছে মেঘৰ অন্য ৰূপ : “পিয়াহত ছাতি-ফুটি কৰি থকা শুকান ডাৱৰবোৰ/ পুৰণি কিতাপৰ পাতৰ দৰে উঁৱলি গৈছে...” (“ছাতি-ফুটি কৰি আছে ডাৱৰ”)। 

শিল্পী গৌৰৱ দাস 


২)
মন কৰিবলগীয়া যে যে ড০ মহেন্দ্ৰ বৰাই অসমীয়া কবিতাৰ পৰিচয়অলোচনাটোত যিটো অসমীয়া কবিতাত প্ৰথমবাৰৰ বাবে প্ৰকৃতিত ব্যক্তিসত্বাৰ আৰোপন আৱিষ্কাৰ কৰিছে সেইটো হ'ল ভোলানাথ দাসৰ "মেঘ": "সংক্ৰান্তি যুগৰ প্ৰথম সফল কবিজন হ'ল ভোলানাথ দাস। তেওঁৰ 'মেঘ' কবিতাটো এটা অতি উল্লেখযোগ্য কবিতা। এইটো কবিতাতে প্ৰথমবাৰৰ কাৰণে অসমীয়া কাব্যৰ ইতিহাসত প্ৰকৃতি প্ৰাণময়তাৰে অভিষিক্ত হৈছে। আধুনিক যুগৰ আগলৈকে প্ৰকৃতি কেৱল মানৱীয় অনুভূতিৰ পটভূমিকাৰূপে চিত্ৰিত হৈছিল, নাইবা প্ৰকৃতিৰ চিত্ৰৰূপময় সৌন্দৰ্য বৰ্ণিত হৈছিল; কিন্তু ক'তোৱেই সেই প্ৰকৃতিৰ সৌন্দৰ্যত ব্যক্তিসত্বা আৰোপিত হোৱা নাছিল"

এই ব্যক্তিসত্বাৰ উপস্থিতিটো আধুনিকতাৰ এক অন্যতম বৈশিষ্ট্য বুলিও গণ্য কৰা যায়। ৰমন্যাস-পূৰ্ৱৱৰ্তী কবিতাসমূহত নৈব্যক্তিক বৰ্ণনায়েই প্ৰাধান্য পাই আহিছিল। মনত ৰখা ভাল যে ৰমন্যাসবাদ আৰু আধুনিকতাবাদক তুলনাৰ বিচাৰেৰে চোৱা হয় যদিও ৰোমাণ্টিকতাও বহল অৰ্থত আধুনিকতাবাদৰেই প্ৰাৰম্ভিক কালৰ অংগ। কিন্তু ৰোমাণ্টিকতাৰ পৰৱৰ্তী কালত ব্যক্তিসত্বা পৰিহাৰ কৰাৰ এলিয়টীয় দাৰ্শনিক দাবী কিছুমানেও গা কৰি উঠিছিল। বস্তুসত্বাত বিশেষ গুৰুত্ব দিবলৈ বিচৰা এলিয়টেও শেহৰ ফাললৈ ব্যক্তিসত্বাৰ বিষয়টোৰ প্ৰতি নমনীয় হৈ আহিছিল। কথাবোৰ কিবা এটা প্ৰজন্মই পিতৃ প্ৰজন্মৰ সৈতে বিৰোধ কৰি ককাদেউতাকৰ প্ৰজন্মৰ সৈতে বেছি আত্মীয়তা অনুভৱ কৰাৰ লেখীয়া প্ৰপঞ্চ। এটা অৱস্থানে নিৰ্ধাৰণ কৰি দিয়া ব্যক্তিৰ পৰিচয় আৰু উপস্থিতিৰ গুৰুত্ব আধুনিকতাৰ শেষৰ ফালে আকৌ ঘূৰি আহিবলৈ লয়। ব্যক্তিনিষ্ঠা আৰু বস্তুনিষ্ঠাৰ এই ওপৰা-ওপৰি কথাখিনি শিল্পৰ জগতত চিৰকালেই আছে। ১৮৫৬ চনতেই জন ৰাস্কিনে এই শব্দদুটাক লৈ চৰম বিৰক্তি প্ৰকাশ কৰি গলেও ইয়াৰ আধাৰতে সময়ে সময়ে একো একোটা দাৰ্শনিক ভেটি নিৰ্মাণ হৈ আহিছে আৰু সম্ভৱ আগলৈয়ো হৈ থাকিব। [প্ৰকাশ আলোচনীত প্ৰকাশিত “বিষয়, ব্যাখ্যান, নাৰী আৰু সোণজিৰা মাহীজনী” নামৰ লেখাত এইখিনি কথা বহলাই আছে]।

শিল্পী নীলিম মহন্ত

৩)
শিল্পৰ নিৰ্মাণত আৰু তাৰ সমান্তৰালকৈ শিল্পদৰ্শনৰ অভিজ্ঞতা কিম্বা সমালোচনা পদ্ধতিত বস্তুনিষ্ঠা আৰু ব্যক্তিনিষ্ঠাৰ সম্পৰ্ক আৰু পাৰস্পৰিক দ্বন্দ অত্যন্ত পুৰণি আৰু অমীমাংসিত প্ৰসংগ। অসমীয়া গান আৰু কবিতাকে ধৰি সাংস্কৃতিক পৰিমণ্ডলৰ উপাদান সমূহৰ শৈল্পিক মানৰ অৱক্ষয়ৰ কথা আজিকালি সঘনে শুনা যায় আৰু সেই অভিযোগসমূহৰ ভিত্তি অনুসন্ধান কৰি আমি পাইছিলোগৈ যে অসমীয়া সাংস্কৃতিক চৰ্চাৰ মাজত ব্যক্তিসত্বা বা বিষয়ী অৱস্থান কিবা এটা কাৰণত কোনোবা এটা সময়ত হৰলুকী দিয়াটোৱেই ইয়াৰ মূখ্যতম কাৰণ। ফাগুন, মন, জোনাক, উজাগৰী ৰাতি আদি শুনিবলৈ ভাল লগা শব্দৰ সমষ্টিয়েই যেন গান- এনে এটা ধাৰণাই কেনেকৈ আহি খোপনি পুতিলেহি নাজানো, কিন্তু তাৰ ফলত এই সময়ৰ প্ৰেমৰ গান এটা শুনিলেও সেই প্ৰেমৰ অন্তৰালত থকা ব্যক্তিৰ উপস্থিতি অনুভূত নহয়। অজস্ৰ সৃষ্টিকৰ্মই নিতে নিতে আমাৰ মাজত ভুমুকি মাৰি থাকিলেও সেই সমূহৰ মাজত বক্তাৰ উপস্থিতিটো নথকাৰ ফলত কি কথা কোৱা হৈছে কিম্বা কোনে কাকেই বা কৈছে সেই প্ৰশ্নখিনিলৈ বাট পোনাবৰ আৰু কোনো সুযোগেই নৰয়গৈ। বিষয়বস্তুৰ বৈচিত্ৰ্য যে নাই তেনে নহয়। কিন্তু কোনোটো বিষয়তেই যেন সৃষ্টিশীল মানুহখিনিৰ নিজাকৈ ক'বলগা একো নাই। ক'বলগা কথাবোৰ শেষ হৈ গৈছে নে নোহোৱা হৈ গৈছে এইটো এটা জটিল প্ৰশ্ন। প্ৰেমৰ হওক, বিপ্লৱৰ হওক, প্ৰকৃতিৰ হওক বা দৈনন্দিন জীৱনৰ কিবা সৰু-সুৰা কথাই হওক, কোনোটো কথায়েই বহুকাল অসমীয়া গান বা কবিতাৰ মাজেৰে কোনো বাৰ্তা বহন কৰি অনা নাই। গীতৰ বা কবিতাৰ মাজৰ মানুহ এজনৰ উপস্থিতি বিচাৰি গ'লে এতিয়াও বাৰে বাৰে আমি ভূপেন হাজৰিকাৰ কামসমূহৰ মাজলৈকে উভতি যাবলগীয়াত পৰে।

মই অমুকে অমুক কথাটো কৈছোঁ বুলি স্পষ্টত: উল্লেখ কৰিলেহে যে ব্যক্তিসত্বাৰ প্ৰকাশ পায় সেয়াও নহয়। কেতিয়াবা কথাৰ মজেৰে নহয়, একো একোটা ফৰ্মৰ মাজেৰেও এই সত্বাৰ প্ৰকাশ পাব পাৰে। গৰম চাহ একাপৰ বৰ্ণনাৰ মাজতো সোমাই থাকে ব্যক্তিসত্বা আৰু বিষয়। কালিদাসৰ মেঘদূতৰ মেঘৰ বৰ্ণনাৰ মাজতো সোমাই আছিল কবিৰ সত্বা। মোহন ৰাকেশৰ নাটকৰ মাজেৰে ("আহাৰৰ এদিন") প্ৰতিভাত কালিদাস আৰু মল্লিকাৰ কাহিনীয়েও এই সত্বাৰ আৱিষ্কাৰ কৰিবলৈ পৰৱৰ্তী কালত আমাক সহায় কৰিছিল। মেঘত আৰোপিত এটা সত্বাৰ অন্তৰালত যে সৃষ্টিকৰ্তা কবিৰ আন এক সত্বাৰ প্ৰতিফলন কেনেবাকৈ থাকিব পাৰে সেইখিনিয়েও 'শিল্পত বিষয়ী উপস্থিতি ক'ত আৰু কেনেকৈ অনুভূত হয়' এই প্ৰশ্নটোৰ বাবে এটা বাট মোকোলাই দিব পাৰিছিল। 

বিষয়ী সত্বাৰ (Subjective) উপস্থিতি আৰু অৱস্থান সম্পৰ্কে যিকোনো পৰ্যায়ৰ কথা পাতিবলৈকে ভূপেন হাজৰিকাদেৱতকৈ উৎকৃষ্ট উদাহৰণ আৰু কোনো নাই। অসমীয়া গীতি-সাহিত্যৰ সুৱদী সুৰীয়া হৃদয়াবেগৰ জোৱাৰক প্ৰত্যাহবান জনাব পৰা একমাত্ৰ মানুহ ভূপেন হাজৰিকাৰ কৰ্মত ওজন থকা ধ্বনিময় শব্দৰ চয়ন লক্ষণীয়। যিকোনো সময়ৰে যিকোনো বিষয়ৰে গান একোটাৰ মাজত এটা ব্যক্তিসত্বা আপোন অস্তিত্বৰে প্ৰতিভাত হৈ থাকে। "এটুকুৰা আলসুৱা মেঘ ভাঁহি যায়" বুলি শৰতৰ মেঘ এজোলাৰ বৰ্ণনাৰে আৰম্ভ হোৱা গান এটাতো মানুহ এজন উপস্থিত আছে নগৰীয়া জীৱনৰ প্ৰাত্যহিকতাৰ অভিজ্ঞতাৰ পৰিপ্ৰেক্ষিত এটাত- "মই এক যক্ষ মহানগৰীৰ"। সৰুতে বুজা নুবুজাকৈ শুনোতে এই যক্ষ শব্দটোৱে মন টানিছিল কিবা জনা নজনাকৈয়ে। এদিন অন্যমনস্কতাত হঠাতে মনত পৰিল কালিদাসৰ মেঘদূতৰ যক্ষলৈ। তাৰ আগলৈকে যক্ষ শব্দটোৱে কিম্ভূত কিমাকাৰ Grotesque কিবা এটাহে মনলৈ আনিছিল। কালিদাসৰ যক্ষ গৈ আছিলগৈ প্ৰেয়সীৰ পৰা দূৰৈত। বিৰহৰ কালত মেঘেই আছিল যক্ষৰ একেমাত্ৰ ভৰসা যিয়ে প্ৰেয়সীলৈ বাৰ্তা কঢ়িয়াই নিব পাৰিব পাৰে। শাৰদীয় খিৰিকীমুখত বহি থকা এই গীতিকাৰৰ বিৰহ আছিল সেই যক্ষৰে বিৰহ। একোটা সৃষ্টি কৰ্মৰ অন্তৰ্পাঠ (Subtext) এনেকৈয়ে আৱিস্কৃত হয়। অকস্মাতে।

একেদৰেই এজাক যেন বৰষুণ আহোঁ আহোঁ কৰা বতৰৰ গিৰ গিৰ কৰা হিৰ হিৰ হিৰ কৰা মেঘৰ ধ্বনিময় ৰূপটোক যিটো গানৰ মাজেৰে গীতিকাৰে ধৰি ৰাখিছে সেই একেটা গীতেই “ধান নিদিওঁ ঋণো নলওঁ” বুলি লোৱা এটা পনৰ কথাও কয়। বা লাগি আগলতি কলাপাত লৰাৰ ক্ষণটোৰ এটা সামাজিক-বাস্তৱিক স্থান আৰু কালৰ চয়ন আমি পাওঁ।  
 
শিল্পী মাম্পী দাস
৪)
সমসাময়িক অসমীয়া সহিত্য আৰু সাংস্কৃতিক চৰ্চাত প্ৰাকৃতিক উপাদান একোটায়ো কোনো বিষয়ী উপস্থিতিৰ সম্ভেদ আনিব নোৱৰাৰ পৰ্যবেক্ষণটোৰ আধাৰত আমাৰ "ডিছপোজেবল সূৰ্য আৰু অন্যান্য পদ্য" শীৰ্ষক কবিতাপুথিখনৰ অন্তৰ্গত এটা থূপ "অক্ষৌহিণী মেঘ" সম্পৰ্কে উল্লিখিত কিছু টোকাৰ মাজত কিছুমান অভিযোগ আনিছিলোঁ। অভিযোগখিনি সৰ্বজনগ্ৰাহ্য অথবা শুদ্ধ হ’ব বুলি কথা নাই। কিন্তু শিল্পদৰ্শনৰ এটা পৰিপ্ৰেক্ষিত ইয়াৰ মাজত নিশ্চয় আছে। তলৰ কথাখিনি তাৰে পৰাই তুলি দিয়া হৈছে।

সঘন বৰষুণৰ দেশ অসমত বৰষুণক কেন্দ্ৰ কৰি লেখা কবিতাৰ সংখ্যাও অজস্ৰ হোৱাটো স্বাভাৱিক। তথাপি আমাৰ চকুত পৰা মতে প্ৰতি বছৰে, বছৰৰ যিকোনো ঋতুতে ইমান হাৰত বৰষুণ হোৱা স্বত্বেও, প্ৰতিবছৰে বানৰ প্ৰকোপত ধন জন হানি হোৱাৰ স্বত্বেও, মেঘে নিত্য নতুন ৰূপেৰে আকাশ ভৰাই ৰখাৰ পিছতো অসমীয়া কবিতাত বৰষুণৰ উপস্থিতি সঘন হৈয়ো যেন নিষ্প্ৰাণ। এয়া আমাৰ ব্যক্তিগত অনুভৱো হ'ব পাৰে। বহুকাল অসমীয়া লেখা মেলা পঢ়াৰ পৰা দূৰত থকাৰ বাবেও আমাৰ এই অনুভৱ হ'ব পাৰে। কিন্তু সকলো কৈফিয়ৎ বা স্পষ্টীকৰণৰ পৰা উধাই গৈয়ো এই কথা সঁচা যে 'মেঘেৰ পৰে মেঘ জমেছে'ৰ দৰে প্ৰায় এহেজাৰ ৰবীন্দ্ৰ সংগীতত সততে উপলব্ধ বৰষুণৰ যি চিত্ৰকল্প - সেয়া অসমীয়া কবিতাত একেবাৰেই নাই।

"প্রচণ্ড গর্জনে আসিল একি দুর্দিন-- দারুণ ঘনঘটা, অবিরল অশনিতর্জন ॥
ঘন ঘন দামিনী-ভুজঙ্গ-ক্ষত যামিনী, অম্বর করিছে অন্ধনয়নে অশ্রু-বরিষন ॥"
অথবা
"বর্ষণগীত হল মুখরিত মেঘমন্দ্রিত ছন্দে,
কদম্ববন গভীর মগন আনন্দঘন গন্ধে– "
ইত্যাদি ৰচনাৰ মাধ্যমেৰে (লগতে মন কৰিব, সংখ্যাগত ভাবে সেয়া হেজাৰৰ ঘৰত) ৰবীন্দ্ৰনাথে যেনেকৈ বৰষুণৰ বিৰাট নাটকীয় মুহূৰ্তবোৰ ধৰি থৈ গৈছে তাৰ সমতুল্য উদাহৰণ অসমীয়াত নাই। সেই বিৰাট নাটকীয়তাৰ লগে লগে 'নিশীথৰাতেৰ বাদলধাৰা'ৰ দৰে নিভৃত অনুভৱবোৰৰ কথা নকলোৱেই বা।
 
শিল্পী অনুপম শইকীয়া 
নতুন কবিৰ অসমীয়া কবিতালৈ চকু দিলেই দেখা পাওঁ, বৰষুণে বেছিভাগ সময়তেই ভুমুকি মাৰিছে প্ৰতীকী আৰু পোছাকী ৰূপতহে। সদায়ে বৰষুণ, টোপাল, মেঘ, নদী এই গোটেইবোৰ কিহবাৰ নহয় কিহবাৰ প্ৰতীক মাত্ৰ। বৰষুণত তিতি ভাল পোৱা নে নাই - সেই ধৰণৰ একোটা পেনপেনীয়া প্ৰশ্নৰ ব্যতিৰেকে প্ৰকৃত বৰষুণৰ উপলব্ধিখিনি ক'তোৱেই নাই। কাৰোবাৰ প্ৰেমিকাই হয়তো বৰষুণত তিতি ভাল পায়, কাৰোবাৰ প্ৰেমিকাই নাপায়। কথা সিমানখিনিয়েই। সম্ভৱ কোনো অসমীয়া কবিয়েই আজিলৈকে বৰষুণত তিতাই নাই। অৱশ্যে এই কথাখিনিত বেছিলৈ আপত্তি কৰিবলৈ আমাৰ হক নাই। কাৰণ অসমত মাছ-পুঠিৰ জুই-ছাই দামলৈ চাই অসমত দেখোন বৰষুণ নহয়েই বা এই দেশত খাল-বিল-পুখুৰী-নদীও নাই বুলিয়েই পতিয়ন গৈ সন্তুষ্টি লভি থাকোঁ। ই কথা ৰহোক।

এই কথাখিনি উদাহৰণ সহিতে খেনোৱে খণ্ডন কৰিবও পাৰে। কিন্তু এইখিনি কথাৰ পৰা অসমীয়া কবিতাৰ ৰেহ-ৰূপ বা গতি-বিধি সম্পৰ্কে আমি আগতে বাৰে বাৰে কৈ অহা আৰু কিছুমান কথা প্ৰতীয়মান কৰিব পৰা যায়। তাৰ মাজত এটা হ'ল - ক্লীছে (Cliche)সৌ তাহানিতে নৱকান্ত নামৰ এক প্ৰেমিকে 'বাৰিষাৰ ৰাতি তোমাৰ কবিক মনত পৰেনে অৰুন্ধতী' বুলি লিখাৰ পিছৰে পৰা সমস্ত কবিকূলৰ বাবে বাৰিষা হৈ থাকিল ৰোমাণ্টিকতাৰ একেটাই মুড। নহ'লেবা হীৰুদাৰ বাটকে অনুসৰণ কৰি সৰ্বত্ৰ উঠি থাকিল ধান-গান-বানৰ উজান। প্ৰেমৰ বৰষুণত তিতোতে তিতোতে, অথবা প্ৰেমিকাক তিয়াম নে নিতিয়াম ভাবোঁতে ভাবোঁতে, অথবা ছাতি লোৱাটো ভাল নে বেয়া সেইটো কওঁতে কওঁতে অসমৰ আকাশে বৰষা বৰষুণৰ জাকবোৰ ক'ৰবাতেই থাকিল। বৰষা নহয়, শৰৎ হে আছিল পাৰ্ৱতি প্ৰসাদৰ প্ৰিয় সময়। কিন্তু বৰ্ষাৰ অন্তত শৰতৰ ফৰকাল আকাশৰ আগমনৰ বৰ্ণনা কৰিবৰ বেলিকা সেই পাৰ্বতি প্ৰসাদেইহে বৰষুণ, আকাশ আৰু ডাৱৰৰ বিৰাট নাটকীয়তাক ধৰিব পাৰিছিল। ক্লীছেৰ কবলৰ পৰা মুক্ত হোৱাটোৱেই অসমীয়া কবিৰ বাবে এই মুহূৰ্তত আটাইতকৈ বেছি ডাঙৰ চেলেঞ্জ। নদীৰ কথা ক'বলৈ গৈ নদীক নাৰীৰ লগত তুলনা কৰিবই লাগিব বুলি কোনো কথা নাই। নদী নদীয়েই। নাৰী নাৰীয়েই। নদী নাৰী নহয়। নাৰীও নদী নহয়। এতিয়া এইখিন ক'লে শোভা নাপায়।
 
বিৰহিনী নায়িকা, ৰাগমালা পেইণ্টিং, মাণ্ডি, ১৮২০

সমুদ্র কাজল শইকীয়া
Rajya Sabha Television (RSTV), 3rd Floor,
Talkatora Stadium Annexe Building, New Delhi – 110001
email: kankhowa@gmail.com, mobile: +91 9811375594

No comments: