ডঃ বাণিকান্ত কাকতি

...সাহিত্যৰ ক্ষেত্রত নতুনকৈ কৰিবলগীয়া কাম একো নাই। সাহিত্য ধ্বনি আৰু প্রতিধ্বনি মাথোন। পূর্বপুৰুষ সকলৰ ভাবৰ ধ্বনি যাৰ হৃদয়ত পুৰাকৈ প্রতিধ্বনিত হয় সিয়েই সফলতা লাভ কৰে... ডঃ বাণীকান্ত কাকতি, বাঁহী, ১৩শ বছৰ, অষ্টম সংখ্যা, আঘোণ, ১৮৪৭ শক।

Tuesday, September 24, 2019

পেখু পেখু (পঞ্চল্লিছ) : নাকচকৰণ (Negation) : নিয়মাকাঙ্ক্ষী বাটৰ নিয়ম ভঙাৰ নিয়ম

["দৈনিক অসম"ৰ দেওবৰীয়া চ'ৰাত প্ৰকাশিত, ২৯ চেপ্তেম্বৰ, ২০১৯]


“Knowledge is two-fold, and consists not only in an affirmation of what is true, but in the negation of that which is false”.
-       Charles Caleb Colton

“Art, unlike the trades in the artistic capacity of fashion and food, can literally be anything. It can be the negation of itself and conceptually not present”.
-       Richard Phillips

“বুলবুল কেন ছিং”ৰ পোষ্টাৰ

গণিত আৰু তৰ্কবিদ্যাৰ শব্দ এটা শিল্পৰ জগততো বিশেষ গুৰুত্বৰে সৈতে ব্যৱহাৰ হৈ থাকে- Negation : অগ্ৰাহ্য, নাকচ বা অস্বীকাৰ কৰা। পৰম্পৰা, শিক্ষা আৰু বিধি-বিধানৰ গ্ৰহণৰ মাজেৰে শিল্পৰ উৎকৰ্ষ সাধন কৰা যায় বুলি থকা প্ৰচলিত ধাৰণাটোৰ বিপৰীতে শিল্পৰ এটা মজ্জাগত প্ৰৱণতা আচলতে অমান্য কৰাহে। আগতেও আমি কৈ অহা কথাবোৰৰ মাজৰ এটা হ'ল : এটা পৰ্যায়ৰ পিছত শিল্পৰ বস্তু-মূল্যই শিল্পমূল্য নিৰ্ধাৰণ নকৰে। শিল্পবস্তুৰ গুৰুত্ব এইবাবেহে বাঢ়ি ৰয় কিয়নো ই কিছুমান কথা পাতিবৰ বাবে বাট মোকোলাই দিয়ে। ই এটা বাগধাৰাক নিৰ্মাণ কৰে কিম্বা প্ৰচলিত বাগধাৰা এটাক আগুৱাই নিবলৈ সহায় কৰে। দৰ্শনেই হওক, বিজ্ঞানেই হওক বা শিল্পই হওক, এটা মতবাদ, ধাৰণা কিম্বা সিদ্ধান্তক পৰৱৰ্তী কালত উত্তৰসূৰীয়ে নাকচ কৰে। এই নাকচ, অমান্য কিম্বা অস্বীকাৰ কৰাৰ অভ্যাসটোৱেই বাগধাৰা এটাক আগুৱাই লৈ যায়। আধুনিকতাবাদ বুলিলে যাক সততে বুজি থকা হয় তাৰ মাজতেই সীমা-সংখ্যাহীন বহুতো বাদ বা মতাদৰ্শৰ সংঘাত বিৰাজমান আছিল। পৰম্পৰাৰ পুনৰোত্থানৰ পোষকতা যি আধুনিকতাবাদে কৰিছিল, পৰম্পৰাৰ বিৰুদ্ধাচৰণো সেই আধুনিকতাবাদৰে অংগ।   
 
গুস্তাভ কুৰ্বেৰ আত্ম-প্ৰতিকৃতি
আধুনিকতাবাদক তৰংগায়িত কৰি তোলা কাৰবাৰটো আৰম্ভ হৈছিল গুস্তাভ কুৰ্বেৰ (Gustave Courbet) বাস্তৱবাদৰ (ৰিয়েলিজম) সময়ৰ পৰা। সেই বাস্তৱতা ইমানেই বেছি চাক্ষুস বা ৰেটিনেল আছিল যে তাক নাকচ কৰাৰ ৰাস্তা বিচাৰিয়েই ইম্প্ৰেছনিজমৰ কালৰ শিল্পীকূলে ৰঙৰ পাৰস্পৰিক সম্পৰ্কৰ বিজ্ঞানৰ মাজত সত্যৰ সন্ধান কৰাত লাগিল, ঘনকবাদী বা কিউবিষ্ট সকলে চাক্ষুস দৰ্শনৰ সমতলৰ সৈতে জ্ঞান নিৰ্ভৰ বহুতৰপীয়া বহুমাত্ৰিক অবয়ৱৰ অস্তিত্ব সন্ধান কৰাত লাগিল। “মই কেৱল দেখা পোৱা বস্তুহে আঁকিব পাৰোঁ, যি বস্তু দেখা নাই সেই বস্তু আঁকিব নোৱাৰোঁ” বুলি কোৱা কুৰ্বেৰ অৱস্থানটোৰ মাজতো আকৌ এটা নাকচকৰণৰ ইংগিত আছে। দৈৱ, আখ্যান-ভিত্তিক, কল্পকাহিনী-আশ্ৰিত সকলো দিশ পৰিহাৰ কৰিবলৈ কুৰ্বেইয়ো সাহস কৰিবলগা হৈছিল আৰু ধ্ৰুপদী কিম্বা মধ্যযুগীয় পৰম্পৰাক নাকচ কৰাটো জৰুৰী হৈ উঠিছিল। আমাৰ কথাখিনি সাব্যস্ত কৰিবলৈ সুবিধা হোৱাকৈ সৌভাগ্যক্ৰমে কুৰ্বেই দিয়া প্ৰতিৰূপায়ণ আৰু ৰিয়েলিজমৰ এই সংজ্ঞাটোত ‘নিগেচন’ শব্দটো নিজে সোঁশৰীৰে উপস্থিত আছে : “Painting is the representation of visible forms. The essence of realism is it’s negation of the ideal”.
 
অৱনীন্দ্ৰনাথৰ কুটুম কাটাম
আগতে আমি পাতি অহা "অনায়ত্বকৰণ" বা আনলাৰ্ণিং বিষয়ক কথাখিনিৰো আঁৰত একধৰণৰ নিগেচনৰ মনোবৃত্তি সোমাই আছিল। ভৰপক বয়সত সমস্ত ধ্ৰুপদী আৰু বিদ্যায়তনিক শিক্ষা নাকচ কৰি এটা শিশুৰ দৰে ছবি আঁকিবলৈ পিকাছোৱে কিয় বিচাৰিছিল? তেনেকুৱাই মজাৰ এটা উদাহৰণ- অৱনীন্দ্ৰনাথ ঠাকুৰৰ কুটুম কাটাম। জীৱনৰ শেষ বয়সত পৰম্পৰাগত মাধ্যমেৰে ছবি আঁকিবলৈ এৰি অৱনীন্দ্ৰনাথে অ'ৰ ত'ৰ পৰা বুটলি অনা গছৰ গুটি, কাঠি আদি তলসৰা বস্তু জোৰা দি সৰু সৰু আকাৰৰ পুতলা-সদৃশ কিছুমান অবয়ৱ নিৰ্মাণ কৰিবলৈ লৈছিল। প্ৰাপ্তবস্তু (found object) বা সামগ্ৰীখিনিয়ে ইয়াত নিৰ্মিত অবয়ৱটোৰ চৰিত্ৰ নিৰূপণ কৰে। মজাৰ খেলা হিচাপে ধৰিব পৰা এই কামটোৰ নাম দি লোৱা হৈছিল “কুটুম কাটাম”। এতিয়া মন কৰক এইজনেই সেইজন অৱনীন্দ্ৰনাথ যি বেংগল স্কুলৰ প্ৰতিষ্ঠাতা, ঔপনিৱেশিক কালত আত্ম-পৰিচয়ৰ সন্ধান কৰি ভাৰতীয় পৰম্পৰাগত আৰু ধ্ৰুপদী শিল্পৰ পুণৰোত্থানৰ অন্যতম প্ৰৱক্তা, আৰু শিল্প নিৰ্মাণৰ পদ্ধতিবিধি সম্পৰ্কে বিশদ গৱেষণা কৰা প্ৰথমভাগৰ মানুহজন। এইজনেই সেই অৱনীন্দ্ৰনাথ যি ভাৰত শিল্পত ‘ষড়ংগ’ৰ বিশ্লেষণখিনিক আধুনিকীকৰণ কৰি শিল্পনিৰ্মাণৰ বিধিৰ ব্যাখ্যান কৰি থৈ গৈছে। তেনেহ'লে তেনে এজন মানুহে জীৱনৰ শেষৰ ফালে কাটুম কুটুমৰ দৰে কামত ৰস বিচাৰিবলৈ কিয় ল'লে? এটা পৰ্যায়ৰ পিছত বিদ্যায়তনিক শিক্ষাৰ পৰা বাজলৈ ওলাই আহি অভিজ্ঞতাক অধিক মান্যতা দি কাম কৰিবলৈ বিচৰাৰ প্ৰৱণতাটোৱেও একধৰণৰ নাকচকৰণৰ কথা কয় নেকি? ডাডাবাদী সকলৰ প্ৰায় সমস্ত কামৰেই মূল আধাৰটো আছিল নাকচকৰণ। এণ্টি-শিল্প, এণ্টি-কবিতা, এণ্টি-পাব্লিক- এনে আটাইবোৰ ধাৰণাৰ গুৰি নাকচকৰণ। শিল্প নিৰ্মাণ তেওঁলোকে কৰিছিল শিল্প নিৰ্মাণৰ ধাৰণাটোক নাকচ কৰিবৰ কাৰণেই। বজাৰৰ পৰা কিনি অনা মূত্ৰাগাৰটোতেই চহী এটা কৰি দি কৈছিল- এয়ে মোৰ আৰ্ট। পিয়েৰো মঞ্জ'নিয়ে বিষ্ঠা টেমাত ভৰাই পৰিৱেশন কৰিলে- এই মলখিনিয়েই আৰ্ট (Artist’s Shit)।
 
অসমৰ অভিনেতা আৰু চলচ্ছিত্ৰ পৰিচালক অনুপম কৌশিক বৰাই অংকন কৰা মাৰ্চেল ডুচ্যঁৰ প্ৰতিকৃতি
অসমৰ সাংস্কৃতিক পৰিমণ্ডলৰ উপাদানসমূহৰ মধ্যমীয়া ৰেহ-ৰূপলৈ চাই সততে শিল্প-নিৰ্মাণৰ কৌশলগত ৰূপ খিনি আজিও তেনেই চালুকীয়া পৰ্যায়তে আছে বাবে আমাৰ বেছিভাগ কথা-বতৰাই পদ্ধতিগত চৰ্চাৰ বাবে উন্মুখ হৈ ৰয়। এনে পৰিৱেশত এই নাকচকৰণৰ দিশেৰে কথা পতিবৰ সুযোগ বৰ সতকাই নাহে। শেহতীয়াকৈ ৰীমা দাসৰ “বুলবুল কেন ছিং” চিনেমাখনে অসমৰ ছবিগৃহত মুক্তি পোৱাৰ সুবাদত ‘সাংস্কৃতিক অসমীয়া’ ৰাইজৰ মাজত সৃষ্টি হোৱা তৰংগলানিয়ে নিগেচন সম্পৰ্কে অলপ কথা পতাৰ বাটটো মোকলাই দিলে। বাক্যটোত সাংস্কৃতিক অসমীয়া কথাষাৰ উৰ্ধকমাৰ ভিতৰত ৰাখি বিশেষীকৰণ কৰা হৈছে কাৰণ চিনেমাখনত সচৰাচৰ অসমীয়া মানুহ সংস্কৃতিপ্ৰেমী হয়েই বুলি থকা ধাৰণাটোক তুলি ধৰা হৈছে যদিও ইমানদিনলৈকে সংস্কৃতি-প্ৰেমীৰ প্ৰতিৰূপায়ণৰ প্ৰতি থকা সহজাত ধাৰণাটোক ইয়াত নাকচ কৰিবৰ চেষ্টা কৰা হৈছে। চিনেমাখন যদি এখন শ্ৰেষ্ঠ চিনেমা বুলি দাবী কৰা হয় আৰু কোনোবাই যদি সেই শ্ৰেষ্ঠত্বৰ এটা মাপকাঠি দৰ্শাবলৈ কয় তেনেহ’লে এই ‘নিগেচন’ৰ মনোবৃত্তিটোৱেই চিনেমাখনক শ্ৰেষ্ঠত্ব প্ৰদান কৰিছে বুলি ক’ব লাগিব। এই প্ৰতীতীৰ সন্মুখত এটা টেকনিকেল মাধ্যম হিচাপে চিনেমা নিৰ্মাণৰ অত্যন্ত গুৰুত্বপূৰ্ণ দিশখিনি, যেনে শব্দ আৰু পোহৰৰ সংযোজন, কেমেৰাৰ কাম, সম্পাদনা আদিৰ দিশত থকা আসোঁৱাহখিনিও (যদি কিবা আসোঁৱাহ কোনোবাই দেখা পায়) গৌণ হৈ ৰয়।    

দ্ৰষ্টানিষ্ঠা (spectatorship) যিহেতু আমাৰ অনুসন্ধানৰ এটা কেন্দ্ৰীয় বিষয় মূল চিনেমাখনতকৈয়ো কেইজনমান দৰ্শকৰ মন্তব্যৰ পৰিপ্ৰেক্ষিতেহে আজিৰ লেখাটোৰ মাজত এইখন চিনেমাৰ উদাহৰণটো টানি আনিবলৈ আমাক সহায় কৰিলে। এই দ্ৰষ্টানিষ্ঠা শব্দটো ইংৰাজী স্পেক্টেটৰশ্বিপ শব্দৰ পৰিৱৰ্তে ব্যৱহাৰ কৰিলোঁ। ইয়াৰ আগতে ইয়াক “দ্ৰষ্টাবাদ” বুলিছিলোঁ যদিও এতিয়া লাগে যেন সেয়া সঠিক নাছিল। সামাজিক মাধ্যমৰ ব্যাপক প্ৰচলনৰ পিছৰে পৰা শেহতীয়াকৈ যিকোনো অসমীয়া চিনেমাৰ মুক্তিৰ সময়তে তুমুল প্ৰতিক্ৰিয়া, মত-অমত আদিয়ে আমাক আগুৰি ধৰে। মাত্ৰ কেইদিনমান আগতে মুক্তি লাভ কৰা জুবিন গাৰ্গৰ “কাঞ্চনজংঘা”ক কেন্দ্ৰ কৰি এটা আৱেগ ঢৌত উত্তেজনাৰ পৰিৱেশত ৰীমা দাসৰ এইখন চিনেমাৰ ৰাজহুৱা উপলব্দ্ধি কেনেকুৱা হ’ব তাৰ প্ৰতি আমাৰ এটা কৌতুহল আছিলেই।
দৰ্শকৰ প্ৰত্যাশাক প্ৰত্যাহ্বান দিবৰ এটা হাবিয়াস "বুলবুল কেন ছিং" চিনেমাখনত আছে। এই প্ৰত্যাশাৰ অপূৰ্তিৰ কথাখিনি কেইবাটাও দিশেৰে আহিছে। সাধাৰণ ধাৰণাৰে চিনেমা এখন এনেকুৱা হ'ব লাগে বুলি থকা ধাৰণাটোৰেই ই বিৰোধীতা কৰে। চিনেমা দৰ্শনৰ সৈতে একো একোটা দৃশ্য বা উপাদানক তাৰ প্ৰতীকী অনুষংগৰে বিশ্লেষণ কৰাৰ প্ৰৱণতা এটা পৰম্পৰাগত চিনেমা-কথকতাত আছিলেই। ৰূপক, উপমা বা সাযুজ্যৰ ধাৰণাখিনিকো এইখন চিনেমাই প্ৰত্যাহ্বান জনায়। ইয়াত আৰম্ভণীতেই ছোৱালীজনীয়ে শিমলু ফুল লৈ থকা দেখি সেই শিমলু ফুল কিহৰ প্ৰতীক বুলি অন্য মাত্ৰাৰ অৰ্থ এটা বিচাৰি গৈ লাভ নাই। ইয়াত ফুলপাহ কেৱল এপাহ ফুল। ল'ৰাটো ল'ৰাটোৱেই, ছোৱালীজনী ছোৱালীজনীয়েই। সিহঁতে আন কাৰোবাক প্ৰতিনিধিত্ব কৰি থকা নাই। এটা এটা বস্তু আৰু একো একোজন ‘বিষয়’ নিজৰ একক বিষয়ী অৱস্থানেৰেই ইয়াত উপস্থিত হৈ আছে। সেই কাৰণে ‘গ্ৰাম্য জীৱনৰ ছবি’, ‘নিম্বমধ্যবিত্তৰ সংগ্ৰাম’ এনেধৰণৰ কথাবোৰ দৰ্শক-ৰাইজে পাতিবলৈ বিচাৰিছে যদিও সেইবোৰ কথাবতৰাই চিনেমাখনৰ প্ৰতি বৰ সুবিচাৰ নকৰে। প্ৰদৰ্শশালাত ছবি এখনৰ নীলা ৰং দেখি ‘এই নীলা ৰং-টোৱে কি সূচাইছে’ বুলি আজি আৰু শিল্পৰ দ্ৰষ্টাই সুধিবলৈ এৰিছে। শান্তি বুজাবলৈ শান্তিৰ কপৌ আজিৰ চিত্ৰকৰে আঁকিবলৈ নাযায়। সাম্প্ৰতিক কবিয়েও আগৰ দৰে প্ৰতীক আৰু ৰূপকৰ আশ্ৰয় ল'বলৈ এৰিছে। ‘তোমাৰ জোনৰ দৰে মুখ’ বুলি উপমা বা ‘তোমাৰ জোন-মুখ’ বুলি কোনো ৰূপক সমসাময়িক কবিয়ে ব্যৱহাৰ কৰিবলৈ বেয়া পায়। আজি শিল এটাৰ ছবি এখন শিল্পীয়ে আঁকিলে সেই শিলটো কেৱল এটা শিল। শিলটোক শিল বুলিয়েই চাবলৈ শিকিব লাগিব। কোনো প্ৰতিকী অৰ্থ বহন নকৰাকৈ শিল এটাক শিল হিচাপেই আঁকিলে তাক শিল্প বুলিব পৰা নাযাব নেকি? 
John Baldessari, I Will Not Make Any More Boring Art, 1971


এই কথাখিনিৰ পৰিণতিত হ'ল কি, সাংস্কৃতিক ভাবে শিক্ষিত মানুহখিনি শুভবুদ্ধি সম্পন্ন আৰু ভাল মানুহ- এই ধাৰণাটোকো চিনেমাখনে নাকচ কৰাৰ সাহস কৰিব পাৰিলে। দৰ্শকে গ্ৰহণ কৰিবলৈ সুবিধা হোৱাকৈ এইখিনি মানুহ ভাল সেইখিনি বেয়া- এনে কোনো প্ৰতিৰূপায়ণৰ পদ্ধতি ইয়াত নাথাকিল। ইয়াৰ আগলৈকে অসমীয়া চিনেমাত গান গোৱা আৰু গান শিকোৱা মানুহজন আছিল আদৰ্শবান, ভাল ব্যক্তি আৰু নষ্টালজিয়াৰ বাহক।

যিকোনো লব্ধপ্ৰতিষ্ঠ চিনেমাৰীতিৰ প্ৰতি থকা প্ৰত্যাশাখিনি আঁতৰাই থৈ ৰীমা দাসৰ "বুলবুল কেন ছিং" এখন প্ৰকৃত অৰ্থত auteur চিনেমা বুলি গ্ৰহণ কৰিলেই সুবিধা বহুত। এগৰাকী পৰিচালকৰ নিজৰ ধৰণেৰে কৰা একক আৰু অদ্বিতীয় ধৰণৰ এটা কাম। ছোৱালী এজনীৰ গান গাবলৈ থকা ইচ্ছা, বয়:সন্ধি কালৰ কিছুমান বিশেষ অৱলোকন, সাংস্কৃতিক ৰক্ষণশীলতাৰ হেঁচাত ব্যক্তিমনৰ স্বাধীনতাৰ অৱলুপ্তি, সমাজৰ দায়িত্ব লৈ বহি থকা এচাম মানুহৰ দ্বাৰা গণ-প্ৰহাৰৰ দৰে হিংসাত্মক কাৰ্যৰ প্ৰতি উদ্যত হোৱাৰ প্ৰৱণতা… এনে কেইবাটাও দিশ চিনেমাখনে সমান্তৰালকৈ চুইছে। সেই হিচাপেৰে এইখনক এখন ইছ্যু-বেছ্‌ড চিনেমা বুলিব পৰা গ'লহেতেন। কিন্তু ক্ৰাফট-নিৰ্মাণৰ কৌশলখিনিয়ে ইয়াক কেৱল ইছ্যু-ভিত্তিক পৰ্যায়ত নাৰাখি বোধৰ অন্য স্তৰলৈ উন্নীত কৰিছে। এইখিনিতো এটা নাকচকৰণৰ দিশ সোমাই আছে। চিনেমাৰ সৈতে genre বা ধাৰা কিম্বা ৰীতিৰ কথা এষাৰ সদায়েই ওত:প্ৰোত ভাবে জড়িত হৈ থাকে। কোনোবাখিনিত কোনো genre-ৰ অন্তৰ্গত হ'বলৈ নিদিওঁ বুলিও এটা নিগেচন ইয়াত দেখা গৈছে। অন্যথা ৰীতিৰ দিশেৰে চিনেমাখনক সহজেই এখন প্ৰেমৰ চিনেমালৈ বা coming-of-age ধাৰালৈ পৰিণত কৰিব পৰা গ'লহেতেন; সেয়ে নহ'লে অন্তত: এখন সাংগীতিক(musical)-ৰ ৰূপ দিয়াটোও তেনেই সহজ আছিল। দৃষ্টিনান্দনিক দৃশ্য আছেই। মানৱীয় সম্পৰ্ক খিনিও আছে। কোনোবা এজন সংগীতকাৰক দায়িত্ব দি কেইটামান গান প্ৰস্তুত কৰি সুমধুৰ গীত-মাতেৰে ভৰা এখন পৰম্পৰাগত ধাৰণাৰ মিউজিকেল তৈয়াৰ কৰাও সহজ আছিল। কিন্তু তাকে কৰা নহ'ল। তাতো এটা নাকচকৰণ দেখা যায়। ষ্টুডিঅ' মিউজিকৰ সাধাৰণ ধাৰণাখিনিক পৰিহাৰ কৰি থাকিও আদ্যোপান্ত গোটেই চিনেমাখনৰ আধাৰত ৰৈছে সংগীত।
 
“Art is not my Business”, পণ্যৰ বিজ্ঞাপনৰ সৈতে সাঙুৰি ডুচ্যঁৰ প্ৰসংগ
অসমীয়া চিনেমাৰ দ্ৰষ্টা সুধী সমাজে চিনেমাখন চাবলৈ গৈ কিবা নহয় কিবা প্ৰত্যাশাৰ জন্ম দি সেয়া পূৰ্ণ নোহোৱাত অসন্তুষ্টি প্ৰকাশ কৰিছে। বিশ্ব-চলচ্চিত্ৰৰ সৈতে সম্পৰ্ক থকা আৰু কাৰিকৰী দিশতো জড়িত যথেষ্ঠ জনাবুজা সংবেদনশীল ব্যক্তিয়েও মত প্ৰকাশ কৰিছে। কোনোবা যদি শিমলু ফুল দেখুওৱা দৃশ্যটোৰ অন্য স্তৰৰ প্ৰতীকী প্ৰয়োগ বিচাৰি হতাশ হৈছে, আন কোনোবাই ‘প্ৰেমৰ চিনেমা’ হিচাপে চাবলৈ গৈ প্ৰেমৰ সংজ্ঞা এটাই পূৰ্ণতা নোপোৱাত খেদ প্ৰকাশ কৰিছে। দৰ্শকৰ এই অসন্তুষ্টিখিনি আচলতে চিনেমাখনৰ সাৰ্থকতা। আমাৰ বিচাৰেৰে যদি এতিয়ালৈকে পাতি অহা নিগেচন-ৰ ধাৰণাটো চিনেমাখনৰ মৰ্মস্থলত আছে তেন্তে দৰ্শক সমূলাঞ্চে সন্তুষ্ট হোৱা হ'লে সেইটোহে চিনেমাখনৰ ব্যৰ্থতা হ'লহেতেন। বাকী যিখিনি মূলগত কথা, অসমীয়া সাংস্কৃতিক সমাজৰ ৰক্ষণশীলতা, হিপোক্ৰিছী, আদৰ্শৰ নামেৰে মদগৰ্ৱীতা- এইখিনিৰ কথা এতিয়ালৈকে অন্তত: সাধাৰণ দৰ্শকে বৰকৈ পতা চকুত পৰা নাই। আগলৈকো কোনোবাই সেইখিনি কথা পাতিব যেন মনে নধৰে। চিনেমাখনৰ কথাও সেয়াই। চিনেমাখনৰ শব্দ বেয়া, ভালকৈ নুশুনি বুলি আনি থকা অভিযোগটোও উদ্দেশ্যপ্ৰণোদিত। কাৰণ কিছুমান কথা আমি ইচ্ছা কৰিয়েই শুনিবলৈ নিবিচাৰোঁ। উদাহৰণ স্বৰূপে তেনে এষাৰ কথা এনে : “বেছিকৈ মানুহৰ কথা শুনি থাকিলে জীৱনটো ধ্বংস হৈ যাব, মনটোৱে যি কয় তাকেই শুনিবি৷”   
 
নাটক চলি থকাৰ মাজতে অভিনয় কৰিবলৈ অমান্তি হোৱা ডিছপোজেবল থিয়েটাৰৰ অভিনেতা
  
সমুদ্র কাজল শইকীয়া
Rajya Sabha Television (RSTV), 3rd Floor,
Talkatora Stadium Annexe Building, New Delhi – 110001
email: kankhowa@gmail.com, mobile: +91 9811375594

No comments: