ডঃ বাণিকান্ত কাকতি

...সাহিত্যৰ ক্ষেত্রত নতুনকৈ কৰিবলগীয়া কাম একো নাই। সাহিত্য ধ্বনি আৰু প্রতিধ্বনি মাথোন। পূর্বপুৰুষ সকলৰ ভাবৰ ধ্বনি যাৰ হৃদয়ত পুৰাকৈ প্রতিধ্বনিত হয় সিয়েই সফলতা লাভ কৰে... ডঃ বাণীকান্ত কাকতি, বাঁহী, ১৩শ বছৰ, অষ্টম সংখ্যা, আঘোণ, ১৮৪৭ শক।

Blog Archive

Sunday, September 8, 2019

পেখু পেখু (তিয়ালিছ) : অনায়ত্বকৰণ (Unlearning) : আহক সকলো পাহৰি আৰম্ভ কৰোঁ দুনাই


["দৈনিক অসম"ৰ দেওবৰীয়া চ'ৰাত প্ৰকাশিত, ১ চেপ্তেম্বৰ, ২০১৯]

“To attain knowledge, add things every day.
To attain wisdom, remove things every day.”
-Lao Tzu

যিকোনো কথাত যিমানেই ভিন্ন-মত নাথাকক কিয় কিবা এটা শিকাটো বেয়া বুলি অন্তত: কোনেও নকয়। প্ৰশিক্ষণ যিকোনো বিষয়ৰে ল’ব লাগে। নাচ-গান শিকক। ছবি অঁকা শিকক। নতুন ভাষা এটা শিকক। গাড়ী চলাবলৈ, চিলা উৰুৱাবলৈ, ভাত ৰান্ধিবলৈ আৰু আনকি কেৰম খেলিবলৈকো শিকক। কোনোবাই এটা বিষয়কে মনপুতি শিকে, কোনোবাই হয়তো এটাৰ পিছত এটাকৈ নতুন নতুন বিষয়ৰ শিক্ষাগ্ৰহণ কৰিবলৈ তৎপৰ হৈ থাকে। কিন্তু শিকাৰ শেষ ক’ত? কিমানলৈকে শিকিব পাৰি এই প্ৰশ্নৰ উত্তৰ হ’ল অসীম। কিন্তু ক’ৰবাততো ৰ’ব লাগিব। শিকাৰ যাত্ৰাৰ উদ্দেশ্য জ্ঞানৰ শেষবিন্দুত উপনীত হোৱাটো নেকি? এইখিনিতেই সত্যজিৎ ৰায়ৰ ল’ৰাধেমালি খিনিলৈ মনত পেলাওক- “জনাৰ কোনো শেষ নাই, জনাৰ চেষ্টা বৃথা ভাই”। ধেমালি বাদ দি, আচলতে শিক্ষাৰ এডভান্স স্তৰটো শিক্ষাৰ সমাপ্তি নহয়, বৰঞ্চ আয়ত্ব কৰাখিনিক অনায়ত্ব কৰাৰ চেষ্টাহে।
 
পাবলো পিকাছো, শিশুৰ দৰে আঁকিবলৈ চেষ্টা কৰা ছবি, ১৯৩৮ 
কিন্তু এবাৰ শিকা বস্তু এটাক আকৌ ‘নিশিকা’ কেনেকৈ কৰিব পাৰি? এই নিশিকা কৰা বা নিশিকা হোৱা কথাটো অসমীয়াত শুনিবলৈ আচহুৱা হৈছে কাৰণ আমি এই বিষয়ত বৰ এটা অভ্যস্ত নহয়। কিন্তু তাৰ বাবে ইংৰাজীত প্ৰচলিত শব্দটো খুব বেছি আচহুৱা নহয়- আনলাৰ্ণিং (Unlearning)। মন কৰিব, আনুষ্ঠানিক বা প্ৰাতিষ্ঠানিক ভাবে আপুনি যে প্ৰশিক্ষণ গ্ৰহণ কৰিহে কিবা এটা শিকে সেয়া নহয়। আপুনি নজনাকৈয়ো বহুতো প্ৰশিক্ষণ ব্যৱস্থাৰ মাজেৰে জীৱনটো কটাই আহিছে। থিয়দঙা দিবলৈকো এদিন আপুনি শিকিছিলেই, কথা ক’বলৈকো শিকিছিল। এবাৰ শিকাটোক ‘অ-শিকা’ বা ‘নিশিকা’ কেনেকৈ কৰিব এতিয়া? ই কেনেকৈ হ’ব পাৰে? আপুনি সৰুতেই নিজৰ মাতৃভাষা হিচাপে অসমীয়া ভাষাটো শিকাৰ পিছত সেইটো নাজানো বোলাৰ বাট নাই। এবাৰ গাড়ী চলাবলৈ শিকাজনে গাড়ী চলাবলৈ নজনা হোৱাটো সম্ভৱনে? সম্ভৱ। জনাটোৰ প্ৰতি জানি বুজি অজানা হোৱাটো সম্ভৱ। আৰু বহুসময়ত এইটো এটা গুৰুত্বপূৰ্ণ প্ৰক্ৰিয়া। আনকি এনেকৈয়ো কোৱা হয় যে আজিৰ যুগত কিবা এটা শিকাতকৈয়ো, ইতিমধ্যেই জনা কিবা এটা নজনা হোৱাটো বেছি গুৰুত্বপূৰ্ণ বিষয়। বিশেষকৈ অসমৰ সাংস্কৃতিক পৰিমণ্ডলৰ বিভিন্ন চৰ্চা সম্পৰ্কে আমি যেতিয়া কথা পাতি থাকোঁ তেতিয়া বাৰে বাৰে উত্থাপিত হৈ থকা মিডিঅ’ক্ৰিছীৰ সমস্যা, গুণগত মান নিম্নগামী হোৱাৰ সমস্যা আৰু বিস্তৰ চৰ্বিত-চৰ্বন কিম্বা ক্লিচেৰ পয়োভৰৰ প্ৰসংগতো আমাৰ মনলৈ অহা প্ৰসংগ এইটোৱেই। কিবা এটা আয়ত্ব কৰাটো যেনেকৈ জৰুৰী, ইতিমধ্যেই আয়ত্বাধীন বস্তু এটাৰ অনায়ত্বকৰণটোও সমানে গুৰুত্বপূৰ্ণ। আধুনিক প্ৰযুক্তিৰ এগৰাকী চিন্তক, ভৱিষ্যৎবাদী ব্যৱসায়ী আলভিন টফলাৰে স্পষ্টকৈয়ে কৈছিল, একবিংশ শতিকাত যি আয়ত্ব কৰি, তাক অনায়ত্ব কৰি পুনৰ নতুনকৈ আয়ত্ব কৰিব নাজানে তেওঁকহে নিৰক্ষৰ বোলা হ’ব, লিখিব-পঢ়িব নজনাজনক নহয়।
পাবলো পিকাছো, জনাবোৰ পাহৰাৰ চেষ্টা, ১৯৬৫


অনায়ত্বকৰণ কথাষাৰে পোনছাটেই মনত পেলাব শিল্পৰ জগতত আটাইতকৈ বেছি প্ৰভাৱশালী জিনিয়াছ পাবলো পিকাছোলৈ। তেৰ বছৰ বয়সতে প্ৰফেছনেল শিল্পী হৈ উঠা পিকাছো আছিল চাইলড প্ৰ’ডিজী। জনাই জানে তেল ৰঙৰ ছবি অঁকা মুখৰ কথা নহয়, কিন্তু পিকাছোৱে আঠ বছৰ বয়সতে তৈলচিত্ৰত সিদ্ধহস্ত হৈ উঠিছিল। ১৮৮১ চনত জন্মগ্ৰহণ কৰা পিকাছোৱে ১৮৯০ চনত কৰা তৈলচিত্ৰ পোৱা যায়। পোন্ধৰ বছৰ বয়সৰ যিখন আত্মপ্ৰতিকৃতি পোৱা যায় সেইখনেই বিশ্বৰ যিকোনো মহান শিল্পীৰ শ্ৰেষ্ঠ শিল্পকৰ্মৰ সমকক্ষ। এইখিনি কথা বাহুল্য নহয়। সেই চালুকীয়া কালতেই তেওঁ ধ্ৰুপদী কলা-শিক্ষাৰে শিক্ষিত হৈ উঠিছিল আৰু মানৱ-শৰীৰৰ এনাটমীকে ধৰি সকলোবোৰ সম্ভাৱ্য পৰ্যবেক্ষণ নিজৰ আয়ত্বাধীন কৰি লয়। সেয়েহে সাধাৰণতে শিল্পীৰ মনোগ্ৰাফ বা এজন শিল্পীৰ জীৱনজোৰা কাম সম্পৰ্কে কথা পাতোতে সৰলৰৈখিক উৎকৰ্ষৰ যি বায়’গ্ৰাফিক কাঠামো এটা গ্ৰহণ কৰা হৈ থাকে সেয়া পিকাছোৰ ক্ষেত্ৰত প্ৰযোজ্য নহয়। স্কিল বা কুশলতাৰ ভিত্তিত সৰুতে ‘এনেকুৱা’ বা ‘তেনেকুৱা’ কাম কৰিছিল, লাহে লাহে ‘আপুনি বয়স হৈলে বুদ্ধি হৈবে ভাল’ সূত্ৰৰে তেওঁ আৰু বেছি কুশলতা আয়ত্ব কৰিলে এনেকৈ পিকাছোৰ ক্ষেত্ৰত ক’ব নোৱাৰি।   
 
আত্মপ্ৰতিকৃতি, তেনেই ল’ৰাকালৰ ছবি
তথাপি চাক্ষুস বাস্তৱতাক যথাদৃষ্টবাদী কুশলতাৰে ধৰি ৰাখিবলৈ সমৰ্থবান, এসময়ৰ ধ্ৰুপদী শিল্পৰ অনুগামী আৰু একাডেমিক কুশলতাৰ প্ৰশিক্ষনেৰে সিদ্ধহস্ত এই পিকাছোৱে একালত গৈ একেবাৰে ছবি আঁকিবলৈ নিশিকা শিশুৰ দৰে আঁক-বাক কৰিবলৈ আৰম্ভ কৰিলে। ইমানদিনৰ আয়ত্বাধীন জ্ঞানখিনিক কেনেকৈ পাহৰিব পাৰি আৰু একো নজনাৰ দৰে একেবাৰে শূন্যৰ পৰা সকলোবোৰ চাবলৈ পাৰি নেকি তাৰেই প্ৰচেষ্টাত তেওঁ ন্যস্ত হ’ল পুৰঠ বয়সত। এসময়ত গৈ এইবুলিও স্বীকাৰ কৰিলেগৈ যে “ৰাফাইলৰ দৰে আঁকিবলৈ শিকিবলৈ মোক চাৰিবছৰ লাগিছিল, কিন্তু এটি শিশুৰ দৰে আঁকিবলৈ শিকিবলৈ মোক গোটেই জীৱন লাগিল”। 
 
পাবলো পিকাছো, আগবয়সৰ ছবি

পাবলো পিকাছো, আগবয়সৰ ছবি

এতিয়া কথাখিনিত জটিলতা ঢেৰ। জনাখিনিক নজনা হোৱাটো কিয় জৰুৰী তাৰ ব্যাখ্যাৰো কেইবাটাও দিশ যেনেকৈ আছে, জনাখিনিক নজনা হোৱাৰ প্ৰক্ৰিয়াখিনি কেনেকুৱা হ’ব সেই প্ৰশ্নৰ উত্তৰো চমু নহয়। সহজ ব্যাখ্যা বিচাৰি এটা কথা সন্মুখলৈ আহে যে প্ৰাতিষ্ঠানিক শিক্ষণ পদ্ধতি সমূহৰ মাজতো বহুখিনি আঁসোৱাহ ৰৈ যায়। অমুক বস্তুটো এনেকুৱা বা অমুক কামটো এনেকৈ কৰিব লাগে বুলি শিকাৰ ফলত আমি স্বাভাৱিকতেই এই ধাৰণাখিনি কৰি ল’বলৈ লওঁ যে সেই বস্তুটো যিহেতু ‘এনেকুৱা’ সেয়েহে সি ‘তেনেকুৱা’ হ’ব নোৱাৰে, আৰু ‘এনেকৈ’ কৰিবপৰা কামটো ‘তেনেকৈ’ কৰিব নোৱাৰি। দীৰ্ঘকালীণ সুপ্ৰতিষ্ঠিত প্ৰশিক্ষণ পদ্ধতিসমূহেই সমাজত আজিৰ সকলোবোৰ সমস্যাকো প্ৰতিপালণ কৰি আহিছে। লিংগ-বৈষম্য, জাতি-ভেদ, স্বজাতি-তোষণ আৰু ‘আন’ৰ প্ৰতি ঘৃণা এই সকলোবোৰেই আমাক দিয়া হোৱা শিক্ষাৰ ফল। হিংসা-প্ৰতিহিংসাক বেয়া বুলি মুখেৰে যিমানেই কৈ থকা নহওক কিয়, দুৱাৰ-দলিত উজুটি খাই কন্দা শিশুটিক ফুচুলাবলৈ বুলি দুৱাৰ-দলিক মাৰি দেখুওৱাৰ সময়ত শিশু এটিৰ মনত শাস্তিপ্ৰদানৰ জৰিয়তে তৃপ্তি দিয়াৰ আঁৰত প্ৰতিহিংসাপৰায়ণতাৰ পাঠ এটা আমি নিজে ক’ব নোৱৰাকৈয়ে দিওঁ। এইখিনি আমি দৈনন্দিন জীৱনত স্বাভাৱিকতাৰে পাই অহা শিক্ষা। এটা সময়ত এই শিক্ষা অনায়ত্ব কৰাটো জৰুৰী। নাৰীদেহৰ ওপৰত আৰোপিত পুৰুষতান্ত্ৰিক বাধ্যবাধকতাও এটা শিক্ষাব্যৱস্থাৰ ফচল। তাকো অনায়ত্ব কৰাটো জৰুৰী। ইমান দিনে শিকি অহা কথাখিনি যদি ভুল তেনেহ’লে পাহৰণি এটা অভিশাপ নহৈ আশীৰ্বাদহে হ’ব পাৰে। আজিৰ জটিল সাংস্কৃতিক-সামাজিক-ৰাজনৈতিক অৱস্থানত ৰৈ এই কথা স্বীকাৰ কৰিবই লাগিব যে দেশপ্ৰেম, জাতীয়তাবাদ, মাতৃভাষাপ্ৰেম, প্ৰেম, যৌনতা, ৰাজনীতি, ইতিহাস, শিক্ষা, ভক্তি, ধৰ্ম- মুঠতে সকলো বিষয়তেই সৰুৰে পৰা শিকি অহা বা জানো বুলি ভাবি থকা কথাখিনিক পাহৰি নতুনকৈ শিকিবলৈ কৰা চেষ্টাৰেহে আমি নিজৰ উৎকৰ্ষ সাধন কৰিব পাৰোঁ। চাৰ্লছ বুকওস্কিৰ ভাষাৰে- “We are here to unlearn the teachings of the church, state, and our education system”. 


পাবলো পিকাছোৰ “অভিনেতা”


আনলাৰ্ণিং সম্পৰ্কে বহুকাল আগতেই লিখিবলৈ বহিছিলোঁ, তেতিয়া বিষয় আছিল অসমৰ নাটক আৰু চিনেমাৰ অভিনয়ৰ পদ্ধতি। কেনেবাকৈ কথাখিনি অসম্পূৰ্ণ হৈ ৰৈছিল। অসমত সাধাৰণ পপুলাৰ স্তৰৰ অভিনয় দেখি যিটো অসুবিধা অনুভৱ হয় সেইটো অভিনয় দক্ষতাৰ অভাৱৰ বাবে নহয়, বৰঞ্চ এইটো দেখিহে হয় যে অভিনেতা সকলে জানে কেনেকৈ অভিনয় কৰিব লাগে। তেওঁলোকে জানে সংলাপ কেনেকৈ প্ৰক্ষেপ কৰিব লাগে, ব’ডী-লেংগুৱেজ কেনেকুৱা হ’ব লাগে বা মঞ্চত বা কেমেৰাৰ সন্মুখত কেনেকৈ ঠিয় হ’ব লাগে। আৰু এইখিনি কথা তেওঁলোকে জানে কাৰণ তেওঁলোকে সেয়া আন আন উদাহৰণত দেখি আহিছে। অসমীয়া গাঁৱৰ বোৱাৰী এজনী ৰূপায়ণ কৰা অভিনেত্ৰী গৰাকীয়ে অসমৰ বোৱাৰী এজনীৰ ৰূপায়ণ কৰাতকৈ অসমীয়া নাটকে চিনেমাই অসমীয়া বোৱাৰীৰ যি ভাৱমূৰ্তি ইতিমধ্যে সাব্যস্ত হৈ আহিছে সেইটো ৰূপৰহে প্ৰতি-ৰূপায়ণ কৰে। তেওঁলোকত ধাৰণা দৰ্শকৰো ইচ্ছা-অভিৰুচি সেইখিনিয়েই। সেয়েহে চৰিত্ৰ এটাৰ ৰূপায়ণ গৈ থৈ হয়গৈ এটা ৰূপায়ণৰ প্ৰতিৰূপায়ণৰ প্ৰতিৰূপায়ণ (পূৰণ কৰক এক্স-টু-দি-পাৱাৰ এন)। উৎসৰ বাস্তৱতা ক’ৰবাতে থাকিল। এনে এটা অৱস্থাত এজন অভিনেতাৰ সন্মুখত প্ৰথম প্ৰত্যাহ্বান হ’বগৈ- হাও টু আনলাৰ্ণ? সংলাপ এনেকৈ ক’ব লাগে বুলি শিকি অহা কথাখিনি যেতিয়ালৈকে তেওঁ পাহৰিব নোৱাৰিব তেতিয়ালৈকে তেওঁ চৰিত্ৰ এটাৰ প্ৰতি সুবিচাৰ কৰিবই নোৱাৰিব। অতি-সম্প্ৰতি বহুখিনি সৰু বাজেটৰ স্বাধীন পৰিচালকৰ চিনেমাত অনা-অভিনেতাই কৰা অভিনয়ে নামকৰা কুশলী বা দক্ষ অভিনেতাৰ স্ক্ৰীণ-প্ৰেজেন্সকো চেৰ পেলাই নব্য-বাস্তৱবাদী-অভিনয়-ধাৰণাৰ সূত্ৰপাত ঘটোৱাটোৱে এই কথাকেই সূচায়। নাটকেই হওক চিনেমাই হওক, আজিৰ পৰিচালকে অভিনেতাক নিৰ্বাচন কৰোতে প্ৰথমেই এই প্ৰশ্নটো কৰি লোৱা উচিত, “অভিনয়ৰ নামত আপুনি ইমানদিনে যিখিনি শিকিলে সেই সকলোবোৰ পাহৰি পেলাব পৰাকৈ আপুনি প্ৰস্তুতনে?”  
 
পাবলো পিকাছোৰ “কবি”
একেটা প্ৰশ্ন অসমীয়া নতুন কবিসকলক আমি বহুত কৰিলোঁ; এইবাৰ তেওঁলোকে নিজে নিজকে কৰক। এইখিনি কথাকে সাব্যস্ত কৰিবলৈ গৈ ‘অসমীয়া কবিতাৰ ঐতিহ্য’ৰ নামত পুৰোধা কবিসকলক নতুন কবিয়ে অধ্যয়ন কৰক বুলি কৈ থকা কথাখিনিৰো বিৰোধিতা কৰি বহুতৰ ৰোষতো পৰিলোঁ। বাৰে বাৰে আমি দেখুৱাই আহিছোঁ যে আগৰ চাম কবিৰ কবিতা নপঢ়াটো নতুন কবিৰ যিমান সমস্যা তাতকৈ বহুগুণে জটিল সমস্যা আচলতে সেইখিনি কবিতা পঢ়ি পাহৰিব নোৱৰাটো। আজি যিকোনো এটা কবিতা তুলি লওক। কোনোবাটো বাক্য, খণ্ডবাক্য, চিত্ৰকল্প, উপমা যদি হীৰুদাৰ কবিতাত পোৱা গৈছিল, আন কোনোবাটো হয়তো নীলমণিৰ কবিতাত পোৱা গৈছিল। সেয়েহে অসমীয়া সাহিত্য পঢ়িলে সকলো সময়তে এটা ‘ডেজা-ভু’ অভিজ্ঞতা হয়, আগতে যেন ক’ৰবাত শুনিছোঁ শুনিছোঁ- এনেকুৱা। ন-শিকাৰু হিচাপে হয়তো এটা বয়সলৈ বা এটা পৰ্যায়লৈ এয়া স্বাভাৱিক। কিন্তু এয়াই যদি দস্তুৰ হৈ ৰয় তেন্তে সেয়া গ্ৰহণীয় একেবাৰেই হ’ব নোৱাৰে। এনে পৰ্যায়ত ইমান দিনে শিকি অহাখিনি পাহৰি আকৌ নতুনকৈ আৰম্ভ কৰাৰ বাহিৰে গত্যান্তৰ নাথাকে। এটা ফুকলীয়া শিশুৰ দৰে পৃথিৱীখনলৈ নতুন দৃষ্টিৰে চাবলৈ চেষ্টা কৰাৰ প্ৰয়োজন আহি পৰে এনেকুৱাতে।

আহক সকলো পাহৰি আকৌ আৰম্ভ কৰোঁ দুনাই।  



সমুদ্র কাজল শইকীয়া
Rajya Sabha Television (RSTV), 3rd Floor,
Talkatora Stadium Annexe Building, New Delhi – 110001
email: kankhowa@gmail.com, mobile: +91 9811375594


No comments: