ডঃ বাণিকান্ত কাকতি

...সাহিত্যৰ ক্ষেত্রত নতুনকৈ কৰিবলগীয়া কাম একো নাই। সাহিত্য ধ্বনি আৰু প্রতিধ্বনি মাথোন। পূর্বপুৰুষ সকলৰ ভাবৰ ধ্বনি যাৰ হৃদয়ত পুৰাকৈ প্রতিধ্বনিত হয় সিয়েই সফলতা লাভ কৰে... ডঃ বাণীকান্ত কাকতি, বাঁহী, ১৩শ বছৰ, অষ্টম সংখ্যা, আঘোণ, ১৮৪৭ শক।

Monday, January 7, 2019

পেখু পেখু (ছাব্বিশ): প্ৰেক্টিকেল সাহিত্য

[দৈনিক অসমদেওবৰীয়া চ'ৰা, 2 Dec. 2018]


সাহিত্য আৰু শিল্প সম্পৰ্কে জনমানসৰ থকা অত্যুৎসাহ আৰু অত্যাধিক বিশুদ্ধতাবাদী মনোভাৱৰ বিৰোধিতা আমি ইমানকৈয়ে কৰি আহিছোঁ যে মানুহে আমাক 'সাহিত্য বিৰোধী সাহিত্যিক' আৰু 'শিল্প বিৰোধী শিল্পী' বুলিয়েই জানিবলৈ লৈছে। সাহিত্যৰ চৰ্চাৰ পথাৰত ভৰি থোৱা ন-লেখক সকলৰ মাজতো ধূতি নীতি আৰু সূচীবায়ুগ্ৰস্থতাই তেনেই ফুকলীয়া স্তৰতেই এনেকৈ গ্ৰাস কৰে যে ভাবিলে আচৰিত লাগে। যিকোনো সৃষ্টিশীল কৰ্মতেই অগ্ৰসৰ হোৱাৰ সময়ত বিশ্ববীক্ষণত এনেকৈ সাহিত্যৰ প্ৰলেপ লগাই দিয়া হয় যে সাহিত্যৰ আচ্ছাদন ফালি অন্য কোনো চেতনাৰ নিৰ্যাস পোৱাটো আৰু সম্ভৱ হৈ নৰয়গৈ। নাটক হৈ পৰে নাট্য সাহিত্য। চিনেমা হৈ পৰে চিনেমা সাহিত্য। ইয়াৰ ফলত কাৰ কি লাভ হ'ল নাজানো, কিন্তু আজিকোপতি না নাটক বা চিনেমাৰ কিবা উৎকৰ্ষ সাধন হ'ল, না সাহিত্যই কিবা নতুন আয়তন পালে। এতিয়াও সাহিত্য কিবা এটা গজদন্ত মিনাৰৰ বস্তু। কিন্তু সৃষ্টিশীল যিকোনো কামেই যে আচলতে ব্যৱহাৰিক, ব্যৱহাৰ্য, প্ৰায়োগিক, প্ৰযুক্ত, স্থান আৰু কাল নিৰ্ভৰ, ব্যয়বহুল, শাৰীৰিক শ্ৰম-সাধ্য, কাৰিকৰী, অভ্যাস-পূৰ্ৱক আহৰিত সেয়া বুজি উঠিবলৈ এতিয়াও যেন বহু যোজন বাট। যদি এই কথাখিনি সত্য নহয় তেনেহ'লে লেখা এটাৰ বাবদ মাননী বিচৰাটো আজিও অশোভনীয় বুলি কিয় গণ্য হৈ আহিছে? জনমুখী নাট্য পৰিৱেশন এটাক কমাৰ্চিয়েল হ'ল বুলি তুচ্ছ্যাৰ্থত ঠাট্টা মস্কৰা কিয় কৰা হয়? গান এটা যে সুৰৰ আধাৰতহে লিখিত হয় সেই কথাটো অনেকেই কিয় মানি ল'বলৈ টান পায়? প্ৰশ্ন বহুত। উত্তৰ Blowin' in the wind.
 
সমুদ্ৰ কাজল শইকীয়া, নদীৰ পাৰৰ কবিতা, River Song II, ৰাজস্থান
সেয়েহে কিছুমান কথা আমি বাৰে বাৰে পাতি থকাটো জৰুৰী। আটাইতকৈ জৰুৰী এই কথাটোত পতিয়ন যোৱাটো যে সাহিত্যই হওক বা শিল্পই হওক, এইবোৰ মানৱসৃষ্ট মানুহৰ প্ৰয়োজনত নিৰ্মিত বস্তু। এইবোৰৰ একোটা বস্তুগুণ আছে। কবিতা এটা কেৱল ধাৰণা নহয়, ইয়াক শব্দৰে কাগজত লিখি উলিওৱা হয় অথবা শব্দোচ্চাৰণেৰে তাক শৰীৰ দিয়া হয়। এহাতে যেনেকৈ কাগজ, কলম আৰু চিয়াঁহীৰ বস্তুগত দিশ আছে, তেনেকৈয়ে ভাষা, ব্যাকৰণ আৰু মানুহৰ মাজত তাৰ গ্ৰহণযোগ্যতাৰ ব্যৱহাৰিক দিশখিনিও আছে। ইয়াৰ এটা শৰীৰী অবয়ৱ যিহেতু আছে, সেয়েহে ইয়াৰ শৰীৰী প্ৰসংগখিনি বাদ দি কেৱল এটা ধাৰণাগত দিশেৰে কথা পাতি থাকিলে নহ'ব। তেনেকৈয়ে এখন ছবিৰ এটা শৰীৰ আছে, এটা গানৰো এটা শৰীৰ আছে। ছবি এখন বা মূৰ্তি এটা বস্তুৰে নিৰ্মিত হয়। ইয়াৰ ৰং, ৰূপ, গন্ধ আছে। সেয়েহে দৃশ্যশিল্পৰ উপাদান সমূহক প্লাষ্টিক আৰ্ট বুলিও জনা যায়। শিল্পীৰ সৈতে বস্তুৰ সম্পৰ্ক অভিন্ন।

বিভ্ৰান্তিখিনি ক'ত হয় সেই কথা দুটা প্ৰচলিত অভিযোগৰ আধাৰত উনুকিয়াব খুজিছোঁ। এই সময়ৰ অসমীয়া গানৰ বিপৰ্যয়ৰ কথা ক'বলৈ গৈ বহুতে মত পোষণ কৰে যে আজিকালি হেনো গানবোৰ আগতে সুৰ নিৰ্মাণ কৰি তাৰ আধাৰতহে গীত লিখা হয়। এইটো এটা দোষণীয় কাম (হেনো)। ইয়াৰ ফলতে আজিকালিৰ অসমীয়া গীতত ভাব-ভাষাৰ গভীৰতা হেৰুৱাইছে আৰু গানবোৰ আত্মাহীন হৈ পৰিছে বুলি মত। দ্বিতীয়টো অভিযোগ এয়ে যে উত্তৰ-ডিজিটেল যুগত গানবোৰ ইউটিউব বা আন মাধ্যমত প্ৰসাৰৰ বাবে ভিডিঅ'ৰ কথা মনত ৰাখিহে নিৰ্মাণ কৰা হৈ আছে যাৰ বাবে (হেনো) সমসাময়িক গীতৰ শ্ৰাব্যগুণত মাধমাৰ পৰিছে। কিন্তু আমাৰ বিচাৰেৰে যিখিনি ধাৰণাৰে এই অভিযোগবোৰে গা কৰি উঠে সেই ধাৰণাখিনি নিজেই একোটা সমস্যা। ধাৰণাখিনি বিশুদ্ধতাবাদী, ভাববাদী, কল্পনাশ্ৰয়ী আৰু অব্যৱহাৰিক। গান সকলোসময়তেই পৰিৱেশ্য শিল্প আৰু চিৰকালেই ই সুৰ আৰু কথাৰ সমিলমিলেৰে সৃষ্টি হৈ আহিছে। সুৰৰ আধাৰতেই প্ৰকৃততে গানৰ সৃষ্টি সম্ভৱ, আৰু সেয়া হোৱাও উচিত। সুৰেই ধৰি দিয়ে আপোনাৰ কথাখিনি কোন ছন্দেৰে কি গতিৰে কোন মুডেৰে আগবাঢ়িব। গানটো কবিতাৰ লেখীয়াকৈ আগতে লিখা বস্তু এটা আৰু তাৰ পিছত কোনোবা সুৰকাৰে আহি সুৰ দিয়েহি বুলি ভাবি থকাটো কেৱল সাহিত্য-প্ৰেমীৰ উন্নাসিকতাৰ বাহিৰে আন একো নহয় আৰু এই কাৰবাৰটোহে বেছি ক্ষতিকাৰক। অসমীয়া "গীতিসাহিত্য"ৰ দুজন পুৰোধ ব্যক্তিৰ দুটা কথা এইখিনিতে টানি আনিব পাৰি। জয়ন্ত হাজৰিকাৰ কণ্ঠ আৰু সুৰেৰে নিৰ্মলপ্ৰভা বৰদলৈৰ "সাৰ পাম মই পুৱতি নিশাতে" গানটোৰ সৃষ্টিৰ আঁৰৰ কাহিনী এটা অনেকেই জানে - কেনেকৈ নীলা বাইদেউৰ ঘৰলৈ আহি ৰাণাদাই সুৰ এটা গুণগুণাই শুনাই থৈ গ'ল আৰু তাৰ বাবে গীত এটা অনুৰোধ কৰিলে, আৰু কেনেকৈ পিছদিনা পুৱালৈ সেই সুৰৰ আধাৰত গীতটোৰ সৃষ্টি হ'ল। আনজন বহুল সমাদৃত ব্যক্তি হীৰন ভট্টাচাৰ্যই এবাৰ কথা প্ৰসংগত আমাৰ সন্মুখতে কৈছিল- গান নিলিখে নহয়। গান লিখা বস্তু নহয়, গান কৰে, নিলিখে।
 
নদীৰ শিলত কবিতা লিখি থকা অৱস্থাত প্ৰদ্যুম্ন কুমাৰ গগৈ
চলচ্ছিত্ৰৰ বাবে বা চলচ্ছিত্ৰত ব্যৱহৃত গীত যে এটা ব্যৱহাৰিক নিৰ্মাণ সেয়া বুজিবলৈ অসুবিধ নহয়। চিনেমাৰ বাবে গান কৰোতে কেইবাটাও দিশলৈ ধ্যান দি আগবাঢ়িবলগা হয়। উৰ্দু গজলৰ দৰে এটা ধাৰক জনপ্ৰিয়কৰণত বিশেষ ভূমিকা পালন কৰা জগজিৎ সিঙে এসময়ত চিনেমা-সংগীতৰ পৰা আঁতই আহি নিজাববীয়া এলবামত মনোনিৱেশ কৰিছিল এই বাহ্যিক তাগিদা সমূহৰ আতিশয্যত অতীষ্ঠ হৈয়েই। চিনেমাখনৰ কাহিনীয়ে কি বিচাৰিছে, কেনেকুৱা পৰিস্থিতিত কোন চৰিত্ৰৰ মুখেৰে গানটো গোৱাব এইখিনি কথাতো বিচাৰ্য হ'বই লাগিব, তাৰ লগতে পৰিচালকৰ তাগিদা আৰু প্ৰযোজকৰ প্ৰয়োজনখিনিকো সন্তুষ্ট কৰি চলিবলগীয়া হয়। এইবিলাকৰ উপৰিও অভিনেতা আৰু অভিনেত্ৰীৰ তাগিদাখিনিও আহি পৰে ভূতৰ ওপৰত দানহৰ দৰে। এনে পৰিস্থিতিতহে চিনেমাৰ গান এটা নিৰ্মিত হয়। হিন্দী চিনেমা বুলিয়েই নহয়, অসমীয়া চিনেমাৰো একেই কাহিনী। ইমান বাধ্যবাধকতা আৰু পৰিস্থিতিগত সীমাবদ্ধতা থকাৰ পিছতো আজি আমি জানো যে শ্ৰেষ্ঠ অসমীয়া গীতৰ তালিকা এখন যদি আপুনি প্ৰস্তুত কৰে তাৰ সৰহসংখ্যক গীতেই আচলতে ফিল্ম-মিউজিক। আধুনিক অসমীয়া সংগীতৰ জঁকাটো নিৰ্মাণ কৰি থৈছে ৰমেন বৰুৱা আৰু কেশৱ মহন্ত যুতিৰ চিনেমা সংগীতে। স্থান-কাল-পাত্ৰ সমন্বিতে অনেকবোৰ ব্যৱহাৰিক আৰু প্ৰায়োগিক বিচাৰ বিবেচনাৰ মাজেৰেহে ই সম্ভৱ, আৰু সেয়া এটা দোষ যে কোনোমতেই হ'ব নোৱাৰে। 

ব্যৱহাৰ্যতা আৰু প্ৰায়োগিক দিশে শিল্প সৃষ্টিক কাহনিও গুণগত দিশেৰে অৱদমিত কৰাৰ নজিৰ নাই। বৰঞ্চ ব্যৱহাৰ্যতাই বিশুদ্ধ ৰূপত আমি গ্ৰহণ কৰিবলৈ বিচৰা এটা শিল্পৰূপক অন্য মাত্ৰাহে প্ৰদান কৰে। শ্ৰীমন্ত শংকৰদেৱৰ লেখাত সাহিত্যমূল্যৰ বিচাৰ কৰি থকা সকলকো আমি বাৰে বাৰে আঙুলিয়াই দিওঁ যে কীৰ্তনপুথিৰ ৰসবিচাৰ কৰোঁতে তাত কিমান কি সাহিত্য ওলায় নাজানো, কিন্তু তাৰ পৰিৱেশন, ঘোষাপাঠ, কীৰ্তনপাঠ, গায়ন আৰু শ্ৰৱনেহে গুৰুজনাক চিৰকালৰ বাবে এক অনন্য আসনত অধিস্থিত কৰি ৰাখিলে। কীৰ্তন বা নামঘোষা কোনোখনেই বিশুদ্ধ সাহিত্য নহয়, ব্যৱহাৰিক সাহিত্যহে।   
 
পাৰফৰমেন্স আৰ্ট কৰি থকা অৱস্থাত কবিতা পাঠত শিল্পী অনুপম শইকীয়া 
নাটকৰ লিখিত পাঠবোৰ যিহেতু একান্তই ব্যৱহাৰ্য সাহিত্যৰূপ ইয়াত সাহিত্যৰ বিশুদ্ধতাবাদৰ স্থান নাই। সেয়েহে নাট্যকাৰ সকলৰ সমাজত স্থানো নাই। তালৈকে চাই যেতিয়া নাটককো সাহিত্য বুলি দাবী একোটা উত্থাপন হয় সেয়াও অন্য এটা চক্ৰান্তৰ অংশ হৈ পৰে। সাহিত্যৰ মৰ্যাদা প্ৰাপ্তিৰ আকাংক্ষাৰে সেইসমূহক কেন্দ্ৰ কৰি আগবঢ়া বাগধাৰা ক্ৰমশ: পৰিৱেশনৰ দিশটোৰ পৰা আঁতৰি আহিবলৈ লয়। নাটকক গণ্য কৰিবলৈ লোৱা হয় সংলাপৰ সমষ্টি হিচাপে। চিনেমাক সংকুচিত কৰি পেলোৱা হয় 'বিষয়বস্তুলৈ' অথবা কাহিনীটোৱে 'কি বুজাব খোজা হৈছে' তালৈ। স্থান-কাল নিৰ্ভৰ পৰিৱেশনৰ মৰ্ম বুজি উঠাত থকা অক্ষমতা আৰু ব্যৱহাৰ্যতাৰ পৰা আঁতৰত অৱস্থান কৰাটোৱেহে এই সময়ৰ সাহিত্যৰ আৰু শিল্পৰ গুণগত মান নিম্নগামী কৰি আনিছে বুলি আমাৰ বিশ্বাস। এই সময়ৰ কবিতাৰ বেছিভাগেই আবৃত্তিৰ বাবে উপযুক্ত নহয়। কবিতা আৰু গীতৰ মাজৰ সম্পৰ্কটোও দূৰলৈ গৈ আছে ক্ৰমশ:। সুখৰ কথা যে এইবছৰ গ্ৰন্থমেলাত তুলনামূলকভাব নতুন কবিৰ কবিতাৰ কিতাপৰ বিক্ৰী বাঢ়িছে বুলি খবৰ আহিছে। কিন্তু সংগীত, চিনেমা, নাটক আদিৰ সৈতে জড়িত কবি কেইজন আছে আমি নাজানো। থাকিলেও তেওঁলোকৰ কবিতাৰ কোনোবা দিশত প্ৰায়োগিক দিশ আছে বুলি আমি জ্ঞাত নহয়। সেই অৰ্থেৰে এইসকল কবিৰ সকলোৱেই বিশুদ্ধ কবি। কাৰোবাৰ জনপ্ৰিয়তা থাকিলেও জনমুখীতাৰ দিশখিনি প্ৰশ্নৰ আৱৰ্তত। এইখিনি কেৱল কবিতাৰ বাবে কবিতা (লিখিত ৰূপত- ছপাবৰ বাবে আৰু মনে মনে পঢ়িবৰ বাবে)। আজিৰ আলোচনাটো আমাৰ আগৰ আলোচনাটোৰ কনট্ৰাষ্ট, য'ত আমি বিশেষ ডিছিপ্লিন এটাত বিশেষ মনোনিৱেশেৰে একাগ্ৰ সাধনাৰ কথা পাতিছিলোঁ। ব্যৱহাৰ্যতাৰ দিশখিনি আওকাণ কৰি চলাৰ ফলত এই বিশুদ্ধতাই কিন্তু 'কবিতা কবিতাৰ বাবে'- এই দৰ্শনকো সিদ্ধ কৰিবলৈ সক্ষম হোৱা নাই। সেইটোহে মনকৰিবলগীয়া।    


সমুদ্র কাজল শইকীয়া
Rajya Sabha Television (RSTV), 3rd Floor,
Talkatora Stadium Annexe Building, New Delhi – 110001
email: kankhowa@gmail.com, mobile: +91 9811375594

No comments: