ডঃ বাণিকান্ত কাকতি

...সাহিত্যৰ ক্ষেত্রত নতুনকৈ কৰিবলগীয়া কাম একো নাই। সাহিত্য ধ্বনি আৰু প্রতিধ্বনি মাথোন। পূর্বপুৰুষ সকলৰ ভাবৰ ধ্বনি যাৰ হৃদয়ত পুৰাকৈ প্রতিধ্বনিত হয় সিয়েই সফলতা লাভ কৰে... ডঃ বাণীকান্ত কাকতি, বাঁহী, ১৩শ বছৰ, অষ্টম সংখ্যা, আঘোণ, ১৮৪৭ শক।

Tuesday, January 22, 2019

পেখু পেখু (ঊনত্ৰিশ): দৃশ্যৰ বিশ্বাসঘাতকতা

This is not a pipe, ৰেণে মাৰ্গ্ৰিট  
[দৈনিক অসম, দেওবৰীয়া চ'ৰা, 3 February, 2019]

অলপতে এই লেখকৰে "ডিছপোজেবল সূৰ্য" নামেৰে দুখন কবিতাৰ সংকলন প্ৰকাশ পাইছিল আৰু তাৰে প্ৰথমখন কিতাপৰ শিৰোনাম পৃষ্ঠাৰ পিছতে প্ৰথমখিলা পাত আছিল উকা। তলৰ ফালে হাতৰ আখৰেৰে লিখা আছিল ফৰাছী ভাষাত "Ceci n'est pas une papier vide" আৰু অসমীয়াত "এই পাতখিলা উকা নহয়"। আধুনিক শিল্পৰ সৈতে সম্বন্ধ থকা ব্যক্তি মাত্ৰেই বুজিবলৈ অসুবিধা নাপাব যে পৃষ্ঠাটো উৎসৰ্গিত আছিল অন্যতম প্ৰভাৱশালী আধুনিক আৰু অধিবাস্তৱতাবাদী বেলজিয়ান শিল্পী ৰেণে মাৰ্গ্ৰিটৰ (Rene Magritte) প্ৰতি। ১৯২৭-২৮ চনত মাৰ্গ্ৰিটে ধোঁৱা-খোৱা পাইপ এটা আঁকি তাৰ তলত লিখি দিয়ে "এইডাল এডাল পাইপ নহয়"। পাইপডালৰ ছবিখন দেখিলেই বুজা যায় সেইডাল এডাল পাইপেই হয়, তাৰ এমুৰে ধপাত ভৰাই আনটো মূৰেৰে মানুহে হুপি খায়। তলত লিখা কথাখিনি টোকাবহীত হাতেৰে লিখাৰ দৰে। গোটেই ছবিখনৰ আৱেদনটো ব্যাখ্যাচিত্ৰ বা ইলাষ্ট্ৰেচনৰ দৰে। উদ্ভিদবিজ্ঞানৰ টোকাবহীত যেনেকৈ পাত এখিলাৰ ছবিৰ তলত তাৰ নাম লিখা থাকে তেনেকুৱা। অথবা সৰু ল'ছালীয়ে স্কুলৰ কামত যেনেকৈ আম এটা আঁকি তলত "আম" বুলি লিখি দিয়ে- ঠিক তেনেকুৱা। কিন্তু ইয়াত এটা বস্তু ওলোটা, সেয়া হ', ইয়াত "এইডাল এডাল পাইপ" কিম্বা কেৱল "পাইপ" বুলি লিখাৰ পৰিৱৰ্তে লিখা আছে "এইডাল এডাল পাইপ নহয়", ফৰাছী ভাষাত- "Ceci n'est pas une pipe", (ইংৰাজীত- "This is not a pipe.")অঁকা ছবিখন যেনেকৈ স্পষ্ট, তাৰ তলত লিখি দিয়া ব্যাখ্যাটোও স্পষ্ট। একেসময়তে ছবিখনৰ যিটো শিৰোনাম সেইটোও সমানে স্পষ্ট- The Treachery of Images (La Trahison des images), অৰ্থাৎ দৃশ্যৰ বিশ্বাসঘাতকতা। স্পষ্টত: এই কাৰবাৰটোৱে যি সূচায়, সেয়া হ', এয়া পাইপ নহয় পাইপ এডালৰ প্ৰতিৰূপায়ন বা দৃশ্যায়নহে মাত্ৰ। পাইপ নহয়, পাইপৰ ছবিহে। আচল পাইপ এডাল আৰু পাইপডালৰ প্ৰতিনিধিত্ব কৰা ৰূপ এটাৰ মাজত নিশ্চয়কৈ এটা পাৰ্থক্য থাকিব। এই সৰু কামটোৱেই শিল্পৰ চৰ্চাত আৰু তাৰ লগে লগে বহুখিনি দাৰ্শনিক চিন্তা ভাৱনাতো ব্যাপক প্ৰভাৱ পেলালে। কোৱা হয় আধুনিকতাবাদী শিল্পকলাৰ চৰিত্ৰ নিৰূপণত এইখন ছবিৰ ভূমিকা অপৰিসীম।  

ছবিখনে দৃশ্যগত ৰূপায়ণ আৰু বাস্তৱতাৰ মাজৰ ভেদখিনি উদঙাই দিয়ে। চুইছ ভাষাতাত্বিক ফাৰ্ডিনাণ্ড দ্য চচুৰৰ (Ferdinand de Saussure) অভিমতেৰেও সূচক বা চিহ্ন (sign, signifier) সূচিত বা চিহ্নিত (signified) বস্তুতকৈ পৃথক। মাৰ্গ্ৰিটৰ ছবিখনৰ দৰ্শক এই বাস্তৱতাৰ বিশ্বাস অৱিশ্বাসৰ মাজৰ দুদুল্যমান অৱস্থাটোতে ওলমি ৰয়। মৰ্গ্ৰিটৰ আন এখন ছবি  La Clef des songes - The Key of dreams (1930)-ৰ মাজতো একেধৰণৰ প্ৰশ্ন কিছুমানৰ অৱতাৰনা কৰা হয়, 'ত প্ৰতিভাত হয় যে ছবিৰ দৰেই শব্দ বা ভাষাও সমানেই অৱলীলাৰ অধীন। এইখন ছবিত কেইটপদমান বস্তু অংকিত হৈছে, কিন্তু তাৰ তলত লিখি থোৱা নামবোৰ সেইসমূহ বস্তুৰ নহয়। কি শব্দই কোন বস্তুটোক বুজায়? বস্তু এটাৰ অস্তিত্ব তাৰ প্ৰতীকী ৰূপৰ ধাৰণাৰে চিনি পাওঁ নে তাক দিয়া হোৱা ভাষিক নামৰ মাধ্যমেৰে চিনি পাওঁ? পানীৰ গিলাচ এটাৰ তলত "L' Orage" বুলি লিখি দিয়াটো সহজ যাৰ ফৰাছী অৰ্থ "ধুমুহা"। জন বাৰ্জাৰৰ বিখ্যাত গ্ৰন্থ "Ways of Seeing"-ৰ বেটুপাততে (এইখন কিতাপৰ বেটুপাতটোৱেই কিতাপখনৰ পাঠৰো প্ৰথম পাত) ৰেণে মাৰ্গ্ৰিটৰ ছবিখন ৰখা আছেআমি কেনেকৈ চাওঁ, কেনেকৈ চাব পাৰি, কি চাই থকা হয়- এই সকলোখিনি প্ৰশ্নকে সন্মুখলৈ লৈ আনিবলৈ হ'লে মাৰ্গ্ৰিটেই আছিল বাৰ্জাৰৰ সন্মুখত সৰ্বোৎকৃষ্ট দৃষ্টান্ত।
 
Kathputlee Interactive-ৰ বাবে কৰা ৰেণে মাৰ্গ্ৰিটৰ "Not to be Reproduced"ৰ আধাৰত সমুদ্ৰ কাজল শইকীয়াৰ কাম।  
সূচিত আৰু সূচকৰ সম্বন্ধটো সাংস্কৃতিক প্ৰক্ৰিয়াৰে গঢ়া, ইয়াত নিজে নিজে একো নঘটে- চচুৰে ইতিমধ্যেই এইখিনি কথাৰো ব্যাখ্যা কৰিছে। সূচক আৰু সূচিতৰ মাজৰ সম্পৰ্কটো চচুৰৰ মতেৰে অৱলীলাক্ৰমে ঘটে যদিও বিংশ শতিকাৰ শেষাৰ্ধৰ ফালে ৰ'লা বাৰ্থৰ দৰে চিন্তক সকলে দেখুৱায় যে এই ধৰণৰ সকলো যথাৰ্থতা নিৰূপণ পদ্ধতি আচলতে মতাদৰ্শগত (Roland Barthes, Mythologies, 1957)মাৰ্গ্ৰিটৰ পেইণ্টিং বস্তুক তাৰ সহজাত বা স্বাভাৱিক বুলি ভাবি থকা শাব্দিক অৰ্থৰ পৰা মুক্ত কৰি তাৰ আঁৰত থাকিব পৰা মতাদৰ্শগত কাৰকখিনিক উন্মোচিত কৰিবলৈ বিচৰা নিৰ্গঠণবাদী লক্ষণা নিৰ্মাণৰ পূৱাভাস বুলিও মাৰ্ক লেভীৰ দৰে আলোচকে ব্যখ্যা কৰিব খোজে। শিল্পৰ সৈতে পৰম্পৰাগতভাৱে যুক্ত থকা বাস্তৱতা আৰু সত্যৰ ধাৰণাটোৰ উৰ্ধত প্ৰতিৰূপ, সাদৃশ্য বা simulacrum-ক সন্মুখলৈ লৈ অনাত ৰেণে মৰ্গ্ৰিটৰ কৃতিত্ব অপাৰ। 

অধিবাস্তৱবাদী ৰেণে মাৰ্গ্ৰিটৰ বাবে জাগ্ৰত অৱস্থাৰ সচেতন বাস্তৱতা, স্বপ্নৰ বাস্তৱতা আৰু শৈল্পিক বাস্তৱতাৰ মাজত বিশেষ প্ৰভেদ জৰুৰী নাছিল। এই বাস্তৱতাখিনি মন-জগতলৈ একোটা ৰূপ লৈয়েই আহে আৰু এইবোৰৰ মাজত এটাতকৈ আনটোক বেছি গুৰুত্ব দিয়াৰ কথাও নাথাকে। ফৰাছী দাৰ্শনিক মিশ্বেল ফুকোৱে কয় (১৯৭৩), "কাৰণ অৱশেষত সপোনতেই মানুহ নিৰৱতাত অৱগাহণ কৰে, বস্তুৰ মৰ্মাৰ্থৰ সৈতে যোগাযোগ স্থাপন কৰে, আৰু নিজকে আন ক'ৰবাৰপৰা অহা প্ৰহেলিকাময় শব্দবোৰৰ  দ্বাৰা প্ৰভাৱিত হ'বলৈ এৰি দিয়ে। বস্তুৰ ৰূপ বা গঢ়ত কথকতা কেনেকৈ সোমাই যাব পাৰে "এইডাল এডাল পাইপ নহয়" কামটোৱে তাৰেই দৃষ্টান্ত দাঙি ধৰে। বাগধাৰা এটাৰ মাজত নিহিত থকা প্ৰত্যাখ্যান কৰিব পৰা আৰু নহ'লেবা দ্বিগুণ কৰাৰ অনিৰ্ধাৰিত ক্ষমতাকেই ই উন্মোচিত কৰে (it reveals discourse’s ambiguous power to deny and redouble.”)ফুকোৱে কয়, ভাব বা চিন্তাই অনুৰূপ নহ'লেও সাদৃশ্য বিচাৰি উলিয়ায় আৰু ঠিক এইখিনিতেই মাৰ্গ্ৰিটৰ পেইণ্টিঙৰ স্থিতি।

বস্তুৰ প্ৰতিৰূপায়ণ বস্তুৰ বাস্তৱতা হ'বই যে নোৱাৰে সেই কথা মানি লৈ বাৰ্থেও কয়, “The drawing does not reproduce everything… the denotation is less pure, for there is never a drawing without style.” (Barthes, 1977)। ছবি এখন বাস্তৱতাৰ উপস্থাপন হোৱাৰ পৰিৱৰ্তে ই যে সদায়ে ৰূপক, প্ৰতীকী আৰু আলংকৰিক সেই কথাটো ৰেণে মাৰ্গ্ৰিটৰ ভালেখিনি কামৰ মাজতেই উপস্থাপিত হৈছে।  মিশ্বেল ফুকোৱেও “The essence of rhetoric is allegory,” বুলি কৈ ইয়াত এই ছবিখন ধ্ৰুপদী ধাৰণাৰ বা পৰম্পৰাগত শিল্পৰ অভ্যাসৰ এটা ৰেটৰিক বুলিয়েই কৈছে আৰু তাত থকা লেখা খিনি তাৰেই অৰ্থালংকাৰ। বাস্তৱতা মানে যিয়েই নহওক কিয়, ই সদায়েই মতাদৰ্শৰ দ্বাৰা প্ৰভাৱিত- এই ধাৰণাও দৰ্শনগতভাবে নতুন নাছিল। ফ্ৰেডেৰিক নিৎসেৰ "প্ৰকৃত তথ্য বুলি একো নাই, সকলো কেৱল ব্যাখ্যা" ("there are no facts, only interpretations")-ৰ দৰে মত আগৰে পৰাই আছিল আৰু নিৰ্গঠণবাদী আৰু উত্তৰ আধুনিক শিল্পীসকলেও নিৎসেৰ এই বাণী সাৰোগত কৰে। পাছলৈ সমসাময়িক সমাজ এখনৰ উত্তৰ আধুনিক মেজাজত সাদৃশ্য আৰু প্ৰতিৰূপক লৈ বিশদভাবে কাম কৰা জাক বদ্ৰিলাৰ্ড এই সিদ্ধান্তত উপনীত হয় যে "মিডিয়াৰ ৰূপৰ এই স্খলন--- য'ত অৰ্থৰ কোনো আশা নৰয়" ৰূপৰ স্খলন কথাষাৰে ৰূপৰ এটা প্ৰতিকী বা ভাৰ্চুৱেল বাস্তৱতাক জন্ম দিয়ে য'ত বাস্তৱতা আৰু আপাত-সাদৃশ্য (simulacra) হতাশাজনকভাবে বিভ্ৰান্তিকৰ হৈ ৰয় আৰু প্ৰতিৰূপায়ণে বাস্তৱতাৰ অস্তিত্বক অতিক্ৰম কৰি গৈ থাকে (Baudrillard, "The Precession of Simulacra", 1995)।  

সেয়েহে ছবিখনত যেনেকৈ লিখি থোৱা আছে- এইডাল এডাল পাইপ নহয়, তেনেকৈয়ে এই ছবিখনৰ বিষয়েই কৈ দিব পাৰি যে এইছবিখন ছবি নহয়, বৰঞ্চ এইখন এখন "ভাষাতাত্বিক ইস্তাহাৰ"। চুইছ ভাষাতাত্বিক আৰু চেমিয়'টিচিয়ান চচুৰৰ তাত্বিক ব্যাখ্যা সমূহৰ সম্পৰ্কে মাৰ্গ্ৰিট অৱগত আছিল । আনকি, আগফালৰ অধিবাস্তৱবাদী বা ছুৰিয়েলিষ্ট আন্দোলনটোৱে চচুৰৰ চিন্তাচৰ্চাৰ পৰাও কিছু অনুপ্ৰেৰণা লা কৰিছিল (Thomas Alden, "The Essential Rene Magritte")

আমি আগতে পাতি অহা কথাৰ আঁত ধৰিয়েই আকৌ কওঁ, শিল্পক, আমাৰ সমাজৰ বেছিভাগ মানুহে ভাবি থকাৰ দৰে কেৱল দৃষ্টিনান্দনিকতা বা সুখপাঠ্যতাৰ দৰে আওপুৰণি আৰু অসম্পূৰ্ণ ধাৰণাৰ মাজতেই আৱদ্ধ কৰি ৰখা নাযায়। শিল্পৰ গুৰুত্ব এইখিনিতহে যে ই সদায়ে চিন্তাশীল মনলৈ এটা প্ৰশ্ন এৰি থৈ যায়। শিল্প এইবাবেই গুৰুত্বপূৰ্ণ যে ই সদায়ে এটা বাগধাৰাক জন্ম দিয়ে। শিল্প কেতিয়াবা এটা দৰ্শনৰ আলমত যেনেকৈ গঢ় লৈ উঠে, কেতিয়াবা এটা দাৰ্শনিক চিন্তনো এটা শিল্পৰ আধাৰত আগবাঢ়িব পাৰে। আধুনিকতাবাদৰ চৰম সময়খিনিত ইউৰোপীয় চিন্তন আৰু মননৰ ইতিহাসে এইখিনি কথাই আমাক দৰ্শাই থৈ গৈছে। আজিৰ সামগ্ৰিক চিন্তন প্ৰক্ৰিয়াত এনেকৈয়ে ৰেণে মাৰ্গ্ৰিটৰ ছবিখনৰ গুৰুত্ব অপৰিসীম হৈ ৰৈছে। কাৰণ সত্য, বাস্তৱতা, উপস্থাপন পদ্ধতি, সপোন, অস্তিত্ব, ভাষা, দৃশ্য আৰু শব্দৰ সম্বন্ধ, জাগতিক পৰ্যবেক্ষণ, মনোজগতৰ কল্পৰূপ নিৰ্মাণ এই সকলোবোৰ মূলগত দিশকেই চুই গৈছে এই আপাত-সাধাৰণ ছবিখনে। মাৰ্গ্ৰিটৰ নিজৰ ভাষাতেই, "মই যি ছবি কৰোঁ তাত চকুৱে সহজতে বা সাধাৰণতে কৰি থকাৰ পৰা পৃথক ভাবে চিন্তা কৰিবই লাগিব (উৎস- Roberta Bernstein, "Magritte in Magritte and Contemporary Art: The Treason of Images")।" দৃশ্যগত ৰূপনিৰ্মাণৰ আলমতে ৰূপনিৰ্মাণৰ সমগ্ৰ প্ৰক্ৰিয়াটোকেই প্ৰশ্নৰ আৱৰ্তলৈ লৈ আনি তাক ভাষাতত্বগত দিশেৰে যেনেকৈ মানৱিক সংবেদনশীলতাৰ প্ৰাথমিক প্ৰশ্নখিনি তুলি ধৰা হ'ল, তালৈ চাই ঔপন্যাসিক আৰু চেমিয়'টিচিয়ান উমবাৰ্ট' ইকোই তেওঁৰ  "চেমিয়'টিক্স আৰু ভাষাৰ দৰ্শন" নামৰ গ্ৰন্থত কোৱা কথাখিনিলৈ মনত পেলাব পাৰি, "পাঠ এটা কেৱল যোগাযোগকাৰী সঁজুলিয়েই নহয়।  ই এটা আহিলা যাৰ দ্বাৰা পূৰ্ৱাপৰস্থিত সূচকীয় পদ্ধতিক প্ৰশ্ন কৰিব পৰা যায়, প্ৰায়ে সেইসমূহৰ নৱীকৰণ ঘটায়, আৰু কেতিয়াবা সেই সমূহক নৎস্যাৎ কৰি দিবও পাৰে" । সেয়েই শিল্প। সেয়েই শিল্পৰ পাঠ।

গ্ৰন্থপঞ্জী-
  1. Alden, Todd. 1999. The Essential Rene Magritte. Harry N. Abrams, Inc.: New York.
  2. Barthes, Roland. (1977) Rhetoric of the Image. Ed. and trans. Stephen Heath. Image, Music Text. New York: Hill and Wang.
  3. Berger, John. 1972. Ways of Seeing. London: Penguin Books Ltd.
  4. Eco, Umberto. 1976. A Theory of Semiotics. Indiana University Press.
  5. Foucault, Michel. 1973. This Is Not A Pipe. Trans. James Harkness. Berkeley: University     of California Press.
 
The Key of dreams, 1930, ৰেণে মাৰ্গ্ৰিট

সমুদ্র কাজল শইকীয়া
Rajya Sabha Television (RSTV), 3rd Floor,
Talkatora Stadium Annexe Building, New Delhi – 110001
email: kankhowa@gmail.com, mobile: +91 9811375594

No comments: