ডঃ বাণিকান্ত কাকতি

...সাহিত্যৰ ক্ষেত্রত নতুনকৈ কৰিবলগীয়া কাম একো নাই। সাহিত্য ধ্বনি আৰু প্রতিধ্বনি মাথোন। পূর্বপুৰুষ সকলৰ ভাবৰ ধ্বনি যাৰ হৃদয়ত পুৰাকৈ প্রতিধ্বনিত হয় সিয়েই সফলতা লাভ কৰে... ডঃ বাণীকান্ত কাকতি, বাঁহী, ১৩শ বছৰ, অষ্টম সংখ্যা, আঘোণ, ১৮৪৭ শক।

Monday, January 7, 2019

পেখু পেখু (সাতাইশ): সানন্তিক স্থৈৰ্য

[দৈনিক অসমদেওবৰীয়া চ'ৰা, 16 Dec. 2018]


এই সময় অনাস্থাৰ সময়। তিনি দশকৰ পূৰ্ৱেও সময় অনাস্থাৰেই আছিল। কিন্তু দুয়ো সময়ৰ অনস্থাৰ মাজত প্ৰভেদ ৰৈছে। বিৰাট জনজাগৰণৰ ক্ৰমণিকাৰ মাজেৰে এটা দীঘলীয়া বাট বুলি ভাৰতবৰ্ষৰ স্বাধীনতাপ্ৰাপ্তিৰ সদ্য পৰৱৰ্তী কালত প্ৰতিষ্ঠিত গণতন্ত্ৰৰ চন্দোৱাৰৰ তলত জনতাৰ কণ্ঠস্বৰক এক অনন্য মৰ্যাদা দিয়া হ'ল। পিছে সাধাৰণ মানুহৰ সাধ্য ক্ষমতা, শক্তিৰ কথা কালক্ৰমত কেৱল ৰোমাণ্টিক ধাৰণা বুলি ল'বলৈ ল'লে এচাম মানুহে। বিংশ শতিকাৰ শেষাৰ্ধৰ দুটা দশক এই দিশেৰে এটা স্বপ্নভংগৰ যুগৰ সূত্ৰপাত বুলিয়ে ক'ব লাগিব। বিশেষকৈ নব্য উদাৰ নীতি, মুক্ত অৰ্থব্যৱস্থাৰ পিছত সমাজৰ সকলো দিশ পুঁ‌জিবাদৰ ওচৰত এনেকৈ লেটুসেতু হ'বলৈ ধৰিলে যে জনতাৰ সন্মিলিত কণ্ঠস্বৰেও ৰূপ সলাবলৈ ল'লে। জনতা, জনগণ বা মানুহ এটা বিমূৰ্ত ধাৰণা মাত্ৰ নহয়। স্থান আৰু কালৰ পৰিপ্ৰেক্ষিতে ইয়াৰ চৰিত্ৰ নিৰ্ধাৰণ কৰি চলে।  একালত বাঁওপন্থী চৰ্চাই শোষক আৰু শোষিতৰ এটা দ্বৈত-বিৰোধ (বাইনেৰী) সন্মুখত ৰাখি এই জনতাৰ কণ্ঠস্বৰক সৰলীকৃত কৰিবলৈ চেষ্টা কৰিছিল একেদৰে স্বাধীনতা আন্দোলনৰ বুৰঞ্জীলেখকৰ বাবেও দেশী আৰু ঔপনিৱেশিকৰ এটা স্পষ্ট দ্বৈত-বিৰোধ মজুদ আছিল। কিন্তু কালক্ৰমত যেতিয়া সকলো কথাই বহুধাবিভক্ত হৈ গৈ থাকিল তেতিয়া দেখা গ'ল যে এই জনতাৰ কণ্ঠস্বৰক সংজ্ঞায়িত কৰা বা প্ৰতিনিধিত্ব কৰাটোও এটা জটিল অংক। কণ্ঠস্বৰৰ কথা বাৰু পাছলৈ আহে। তাৰ আগতেই সামূহিক চেতনা (কালেক্টিভ কনচিয়েন্স)ৰ ক্ষুদ্ৰাতিক্ষুদ্ৰ চৰিত্ৰগত দিশখিনিয়ে আজিৰ তাৰিখত আৰু সামগ্ৰিক বা সম্যক ধাৰণা এটা লৈ থাকিবলৈ আমাক প্ৰেৰণা নোযোগায়। কোনে ভাবিছিল আজিৰ তাৰিখত দেশভক্তি এটা আটাইতকৈ ভয়ানক শব্দ হৈ উঠিব? এই সময়ত সন্মিলিত জনতা, জাগ্ৰত জনতা আৰু সমাজৰ প্ৰতি দায়বদ্ধ বুলি প্ৰমাণ কৰিবলৈ উঠি পৰি লগা জনতায়েই আটাইতকৈ বেছি সংগঠিত কূটাঘাত কৰিব লাগিছে। কোনো বহিৰাগত শত্ৰুৱে অথবা সাম্ৰাজ্যবাদী শোষকে নহয়, দেশপ্ৰেমিক, ধৰ্মপৰায়ণ, পৰম্পৰাৰ ৰক্ষক আৰু সমাজ উদ্ধাৰকৰ্তা জনতায়েহে গৈ মন্দিৰ ভাঙে অথবা মছজিদ ভাঙে। গাওঁখনৰ হিতাকাংক্ষী অনামী জনতাই হাত উজান দিয়ে ডাইনী-সন্দিগ্ধক অথবা সোপাধৰাবেশীক মৰিয়াই মৰাত। ভাৰ্চুৱেল জগতে নতুনকৈ সৃষ্টি কৰা চিমুলাক্ৰাৰ মাজত টিক টক ভিডিঅ'ৰে সময় অতিবাহিত কৰা এটা প্ৰজন্মৰ সামূহিক চেতনাক প্ৰতিনিধিত্ব কৰি এজন কবিয়ে কয় জানো- মই মানুহৰ অমল উৎসৱ? প্ৰায় চাৰি দশকৰ আগৰ এটা তুমুল বিপ্লৱৰ বিপৰ্যয়ে সৃষ্টি কৰা অনাস্থাৰ পিছত এতিয়া এয়া অনাস্থাৰ দ্বিতীয় স্তৰ।












কিন্তু অনাস্থাৰে মানুহ নাবাঁ‌চে। অনাস্থাৰে জগতো নাবাচে। বিবৰ্তন আৰু ৰূপান্তৰৰ মাজৰে আহি আজিৰ বসবাসযোগ্য এই সুন্দৰ পৃথিৱীখন আজিৰ অৱস্থা পাইছেহি কেৱল সামূহিকতাৰ ওপৰত থকা আস্থাৰ বাবেহে। আজি আমি যাৰ মাধ্যমেৰে কথা পাতি আছোঁ‌হক, এই মুখৰ ভাষাটোও সামূহিকতাৰেই সাধন। অন্ন বস্ত্ৰ বাসস্থানৰ সকলো সাধনেই সামূহিকতাৰ মাজেৰে অগ্ৰসৰ হৈ আহি কৰা সাধন মাত্ৰ। সেয়েহে সমস্ত অনাস্থাৰ বিপৰীতে এক গভীৰ আস্থাৰ কামনা একাংশ কবি শিল্পী সাহিত্যিকে বৰ্তাই ৰাখিবই লাগিব। এইখিনিতেই কবি সনন্ত তাঁতিৰ অপৰিসীম গুৰুত্ব।

শিল্প আৰু সাহিত্যত মুল্যবোধ আৰোপ কৰি তাক মান্যতা প্ৰদান কৰাৰ অলিখিত বিধান কিছুমান আছে। ঘৰুৱা আড্ডাত বন্ধু এজনে এবাৰ ধেমেলীয়া সুৰেৰে কৈছিল, জীৱনৰ আগবয়সত 'কম্যুনিষ্ট' হোৱাটো ভাল। মানুহৰ মুক্তিৰ জয়গান, সমাজ পৰিৱৰ্তন আদি কথাবোৰ ডেকাকালৰ তেজ গৰম হৈ থকালৈকে ভাল, কিন্তু বয়স বাঢ়ি অহাৰ লগে লগে নিচা ফাটি সেইবোৰৰ পৰা আঁতৰি আহিব নোৱাৰিলে ব্যক্তিগত উৎকৰ্ষ সম্ভৱ নহয়। আৰু কেনেবাকৈ যদি বয়স বঢ়াৰ পিছতহে কোনোবাই সমাজ মানুহ আদিবোৰ কথালৈ বেছিকৈ মন দিবলৈ লয়, তেতিয়া হেনো তেওঁক আৰু কোনেও উদ্ধাৰ কৰিব নোৱাৰে। কথাখিনিয়ে কি সূচায় সেয়া আচলতে নক'লেও বুজিব পৰা কথা। কবিতা এটা লিখোতে সুযোগ এটা এৰি থ'ব লাগে যাতে কোনোবা সমালোচকে আহি ক'বহি পাৰে "ইয়াত কবিৰ সমাজৰ প্ৰতি দায়বদ্ধতা প্ৰকাশ পাইছে"। কাব্যসাধনাৰ পথাৰত ব্যক্তিগত উৎকৰ্ষৰ বাবেই সমাজৰ প্ৰতি দায়বদ্ধতা প্ৰকাশ এটা অলিখিত পৰিমাপক। কিন্তু একেসময়তে এইটোও দেখা যায় যে ভাব ভাষাৰ স্পষ্টতাৰ সৈতে মতাদৰ্শগত সিদ্ধান্তৰে কবিতাৰ চৰ্চাক সামগ্ৰিক ৰূপত সমসাময়িক অসমীয়া কবিতাই বৰ এটা গুৰুত্ব নিদিয়ে। সেই ফালৰ পৰা সমাজৰ প্ৰতি দায়বদ্ধতাৰ প্ৰকাশ অসমীয়া কবিতাৰ এটা অতিৰিক্ত উপাদান মাত্ৰ। আঞ্জা ৰান্ধোতে সুস্বাদু কৰিবলৈ ওপৰৰ পৰা ছটিয়াই দিয়া জালুকৰ গুৰিৰ দৰে।

১৯৭১ চনৰে পৰা আৰম্ভ কৰি অসমৰ জনজীৱনৰ কেইবাটাও জটিল সন্ধিক্ষণৰ মাজেদি আগবাঢ়ি আহি নিৰবিচ্ছিন্ন ভাবে কবিতাৰ চৰ্চা কৰি অহা সনন্ত তাঁতি জনতাৰ পক্ষত দ্বিধাহীন ভাবে থিয় দি ৰোৱা এটা একক কণ্ঠস্বৰ। কবিক বিচলিত কৰিব পৰাকৈ যথেষ্ঠ কাৰক ৰাজনৈতিক আৰু সামাজিক ঘটনাক্ৰমত নিহিত আছিল। আন্দোলনৰ স্বপ্নভংগ, পৰিচয়-ৰাজনীতিৰ উত্থান আৰু বিপৰ্যয়, মুক্ত অৰ্থনীতিৰ পিছৰ ব্যক্তিকেন্দ্ৰিকতা, নৱ্য-মাধ্যমৰ প্ৰসাৰে আনি দিয়া ব্যক্তিজীৱনৰ একাকীত্ব আদি অজস্ৰ কাৰক আছিল কবিমনক কক্ষচ্যুত কৰিবৰ বাবে। কিন্তু অটল, অনৱদমনীয় স্থিতিৰে কেৱল মানুহৰ জয়গানক মূলমন্ত্ৰ কৰিয়েই নিৰলস সাধনা কৰি গৈ থাকিল এইজন কবিয়ে। চৈধ্যখনকৈ কবিতাৰ সংকলন ইতিমধ্যে প্ৰকাশ হোৱা সনন্ত তাঁতিৰ কবিজীৱনৰ সুদীৰ্ঘ পৰিক্ৰমাত তেঁও কেতিয়াও কাৰো লগত 'প্ৰতিযোগিতা'ত অৱতীৰ্ণ হ'বলগীয়া হোৱা নাই। পৰীক্ষা নীৰিক্ষাৰ নামেৰেও কেতিয়াও আপোন কাব্যভাষাৰ পৰা কক্ষচ্যুত হ'বলগীয়া হোৱা নাই। একে ঠাইতে ৰৈ যোৱা আৰু দৃঢ়তা বা স্থিৰতাৰ মাজত পাৰ্থক্য আছে। আস্থাহীনতাৰ এই যুগত আমাৰ বাবে এই সানন্তিক স্থৈৰ্যৰ (consistency) প্ৰয়োজন আছে।    

"...মই জানো হৃদয়বান ব্যক্তিসকলৰ মৃত্যু ঘটিব নোৱাৰে
অসত্যৰ বিৰুদ্ধে সত্য প্ৰতিষ্ঠা কৰি যুঁজি থকা মানুহবোৰৰ মৃত্যু ঘটিব নোৱাৰে
মই জানো বিশ্বাস আৰু বিশ্বাসবোধত নিহিত
অনুভূতিক আলফুলে ডাঙৰ দীঘল।কৰা মানুহবোৰৰ মৃত্যু ঘটিব নোৱাৰে..."

এই স্পষ্টতা আৰু পোনপটীয়া প্ৰকাশৰ বাবেই সনন্ত তাঁতি আমাৰ সকলোৰে প্ৰিয়। কাব্যজীৱনৰ সুদীৰ্ঘ পৰিক্ৰমাত বাৰে বাৰে এইজন কবি নতুন উদ্যমেৰে কেৱল জী উঠে, "সেয়ে নিহত হোৱাৰ পিচতো মই আকৌ জী উঠিছোঁ অভাৱনীয়ভাৱে"। জীৱনক সদায়ে মহত্ব প্ৰদান কৰা এইজন কবিয়ে মৃত্যুক স্বীকাৰ কৰি ল'বলৈ নাৰাজ। মৃত্যুক প্ৰত্যাখ্যান কৰিবলৈ অমান্তি হোৱা এই মনোবৃত্তিটোৱেই আমি ইমান সময়ে কৈ অহা আস্থাৰ সঞ্চয়ন। 
"অচিনাক্ত বন্দুকধাৰীৰ গুলীত নিহত হোৱাৰ পিচত
মই আকৌ জী উঠিছোঁ আচৰিতভাৱে
মাজে মাজে ভুমুকি মৰা সকলো দমন আৰু সন্ত্ৰাসৰ বিৰুদ্ধে।"
("মই আকৌ জী উঠিছোঁ")

সনন্ত তাঁতিয়ে ২০১৩ চনৰ ডিচেম্বৰ মাহত "আঁক-বাক " প্ৰকাশনৰ দ্বাৰা প্ৰকাশিত "কাইলৈৰ দিনতো আমাৰ হ'ব" শীৰ্ষক কবিতাৰ সংকলনৰ বাবে ২০১৮ বৰ্ষৰ সাহিত্য অকাডেমি বঁটা লাভ কৰাৰ খবৰে সকলোৰে মনত নতুন আশাৰ সঞ্চাৰ কৰিছে। এই আলোচনাৰ আগভাগত উল্লেখ কৰি অহাৰ দৰে অসমীয়া কবিতাৰ মূলসূঁতিৰ আলোচনাত কেৱল "সামাজিক দায়বদ্ধতাৰ প্ৰকাশ" পোৱাকেই মান্যতা দি থকা হয়। প্ৰকৃততেই বিদ্ৰোহ আৰু বিপ্লৱৰ কথা পাতিবলৈ গ'লে অধিকাংশ লোকেই নাক কোচোৱাৰ সম্ভাৱনাহে অধিক। সাহিত্য অকাডেমী বঁটাৰ ঘোষণা সেয়েহে এটা সুখবৰ এইবাবেই যে বঁটা-বাহনে এজন লেখকৰ ৰচনাৰাজি সম্বন্ধে নতুনকৈ আলোচনা কৰিবলৈ এটা অৱকাশ আনি দিয়ে। ৯ ডিচেম্বৰ, ২০১৮-ৰ "অসমীয়া প্ৰতিদিন" কাকতত প্ৰকাশিত এটি লেখাত এক "প্ৰান্তীয় কণ্ঠস্বৰ" "মূলসুঁতিৰ শক্তিশালী কণ্ঠস্বৰ" হৈ উঠাৰ দিশটো কমল কুমাৰ তাঁতীয়ে ফঁহিয়াই দেখুৱাইছে। চাহ জনগোষ্ঠীৰ মাজৰ পৰা পোনতে বঙালি ভাষাত কাব্যচৰ্চা আৰম্ভ কৰি অসমীয়া ভাষাকে আপোন কৰি লোৱা সনন্ত তাঁতিয়ে সাহিত্য অকাডেমী লাভ কৰাটোৰ আন এটা উল্লেখযোগ্য দিশ হৈছে "বোধকৰোঁ পোনপ্ৰথমবাৰৰ বাবে সাহিত্য অকাডেমী বঁটা অসমৰ বৰাক উপত্যকাত জন্মগ্ৰহণ কৰা এজন লেখক বা কবিয়ে লাভ কৰিছে"। দিব্যজ্যোতি শৰ্মাৰ দ্বাৰা অনুদিত ২০১৭ চনত প্ৰকাশিত "Selected Poems, Sananta Tanty" নামৰ ইংৰাজী সংকলনখনত "The Metaphysics of a Rebel" শীৰোনামেৰে আমাৰো এটা আলোচনা প্ৰকাশ পাইছিল। ইমান সুদীৰ্ঘ কাল ধৰি এটা বলিষ্ঠ কাব্যভাষাৰ চৰ্চা কৰি থকাৰ পিছতো কেনেকৈ সমালোচকৰ দ্বাৰা সনন্ত তাঁতী উপেক্ষিত হৈ ৰৈছে তাৰ এটা পৰ্যবেক্ষণ আগবঢ়াইছিলোঁ। কেৱল চাহজনগোষ্ঠীয় এটা পৃষ্ঠভাগ থকাৰ বাবেই অসমীয়া কবিতাৰ আলোচনা সমূহত সমীৰ তাঁতী আৰু সনন্ত তাঁতিৰ নাম একত্ৰে উল্লেখ মাত্ৰ কৰা হৈ থাকে। আলোচনা আৰু আগ নাবাঢ়ে।  

কবিতা মানেই শব্দৰ খেল। ওৰেটো জীৱন এইজন শিল্পীয়ে শব্দ লৈ খেলিছে। অসমীয়া কবিতাত আকৌ 'সুৰ'ৰ এক অনন্য গুৰুত্ব আছে। পাঠ আৰু উদ্দাত্ত আবৃত্তিৰ বাবে সদায়ে উপযুক্ত হৈ উঠা সনন্তৰ কবিতাৰ শব্দ চয়ন পাঠকৰ মন উদ্বেলিত কৰিব পৰা। কবিতাৰ সুৰে অন্তৰ্মনক জোকাৰি যাব পৰা। এতিয়া কথা হ'ল কোনখিনি শব্দক লৈ বা কেনেধৰণৰ সুৰ একোটাক লৈ কবি এজনে নিজৰ জীৱনটো নিয়োজিত কৰিব? হৃদয়াবেগক উদ্বেলিত কৰিব পৰা চকুপানী বোৱাই প্ৰেম বিৰহৰ মাজতে কবি আৱদ্ধ থাকিব নে দেশ আৰু কালৰ পৰিপ্ৰেক্ষিতত আপোন স্থিতিৰ সন্ধান কৰিব? কবি স্পষ্ট। কবি পাঠকৰ ওচৰত বা বহল অৰ্থত জনগণৰ ওচৰত দায়বদ্ধ। কিন্তু পাঠকক সন্তুষ্ট কৰি চলা অথবা পঠন অভিজ্ঞতাক কেৱল তৃপ্ত কৰি চলা কবিৰ উদ্দেশ্য নহয়। কবি স্পষ্ট। কবিয়ে আমাকো স্পষ্ট কৰি দিয়ে।
"প্ৰিয় মহাশয় ভুল নুবুজিব এই বুলি যে
আপোনাৰ সহায়ৰ বাবে মই এই শব্দবোৰ
সজাই পৰাই লৈছোঁ আৰু মই
আপোনাৰ আকৰ্ষণৰ বাবে
অৰ্থহীন অভিপ্ৰায় গঢ়ি তুলিছোঁ …"
( "প্ৰিয় মহাশয়", কাইলৈৰ দিনতো আমাৰ হ'ব )


সমুদ্র কাজল শইকীয়া
Rajya Sabha Television (RSTV), 3rd Floor,
Talkatora Stadium Annexe Building, New Delhi – 110001
email: kankhowa@gmail.com, mobile: +91 9811375594

No comments: