ডঃ বাণিকান্ত কাকতি

...সাহিত্যৰ ক্ষেত্রত নতুনকৈ কৰিবলগীয়া কাম একো নাই। সাহিত্য ধ্বনি আৰু প্রতিধ্বনি মাথোন। পূর্বপুৰুষ সকলৰ ভাবৰ ধ্বনি যাৰ হৃদয়ত পুৰাকৈ প্রতিধ্বনিত হয় সিয়েই সফলতা লাভ কৰে... ডঃ বাণীকান্ত কাকতি, বাঁহী, ১৩শ বছৰ, অষ্টম সংখ্যা, আঘোণ, ১৮৪৭ শক।

Blog Archive

Tuesday, January 8, 2019

পেখু পেখু (আঠাইশ): উদ্ধৃতি

[দৈনিক অসমদেওবৰীয়া চ'ৰা, 13 Jan. 2019]


"কিতাপবিলাকে সদায় আনবিলাক কিতাপৰ কথাকে কয়, অৰু প্ৰতিটো গল্পই যি কাহিনী কয় সেই কাহিনীটোও ইতিপূৰ্ৱে কোৱা হৈ গৈছে"।
["books always speak of other books, and every story tells a story that has already been told".]
- Umberto Eco

সমজুৱাকৈ কিবা এষাৰ ক'বলৈ লৈ কথাখিনি মনোগ্ৰাহী কৰি তুলিবলৈ আপুনি কাৰোবাৰ উদ্ধৃতি দি ভাল পায় নেকি? কৰোবাৰ ভাষণ শুনোতে মাজতে উদ্ধৃতি শুনি আপুনি কেতিয়া মুগ্ধ হয় আৰু কেতিয়া বিৰক্ত হয়? কেতিয়াবা বহুতো আন আন লেখকৰ কথাৰ উল্লেখৰ মাজত এজন লেখকৰ নিজস্ব বক্তব্য হেৰাই যোৱা যেন অনুভৱ হয় নেকি? সততে লেখক-বক্তাৰ উদ্ধৃতিৰ অধিক মোহ আৰু পাঠক-শ্ৰোতাৰ উদ্ধৃতিৰ প্ৰতি বিৰাগ দুয়োটাই দেখা যায়। কিন্তু মূলগতভাৱে কথাখিনি কেৱল আন কোনোবাই কৈ বা লিখি থৈ যোৱা কথাৰ উল্লেখতেই শেষ নহয়। প্ৰায়বোৰ বক্তৃতা বা লেখাত কিছুমান উদ্ধৃতি ওফৰা জেঙৰ দৰে আহি লাগেহি আৰু তাৰ ফলতেই উদ্ধৃতি সম্পৰ্কীয় ধাৰণা কিছুমানো ওফৰা জেঙৰ দৰেই আমি শুনিবলৈ পাই থাকোহক। কাৰোবাৰ বাবে উদ্ধৃতি একোটা লেখা এটাক মনোগ্ৰাহী কৰি তুলিবৰ সৌন্দৰ্যবৰ্ধক কছমেটিক্স, কাৰোবাৰ বাবে নিজকে গ্ৰন্থকীট কিম্বা পণ্ডিত-প্ৰৱৰ বুলি জাহিৰ কৰিবৰ অৱকাশ, কাৰোবাৰ বাবে ৰাজনৈতিক কিম্বা বৌদ্ধিক স্থিতি সাব্যস্ত কৰিবৰ বাবে সাৰথিৰ সূচক। কিন্তু উদ্ধৃতি এটা অপৰিহাৰ্য প্ৰসংগ। ইয়াৰ গুৰুত্ব আৰু প্ৰয়োজনীয়তা উপলব্দ্ধি কৰিব পাৰিলে ইয়াৰ প্ৰয়োগ কেনেকৈ কৰিব লাগে সেই কথাও শিকিব পৰা যাব।


অসমৰ এই সময়ৰ সাংস্কৃতিক পৰিমণ্ডলত বিদ্যায়তনিক বা পদ্ধতিগত চৰ্চাৰ প্ৰতি আগ্ৰহ বৰকৈ দেখা নাযায়। সমজুৱাকৈ কথা ক'বলৈ বিচৰা বা কাকত-আলোচনীত লিখিবলৈ বিচৰা ব্যক্তি সকলৰো বেছিভাগৰে আচলতে নিজাকৈ একো বক্তব্য নাথাকে। ফলত স্থান, কাল আৰু উদ্দেশ্য সম্পৰ্কে অৱগত নোহোৱাকৈয়ে কথাৰ ওপৰত কথা কিছুমান আগবাঢ়ি গৈ থাকে। আধা ঘণ্টা সময়ৰ বাবে আয়োজিত অনুষ্ঠান একোটাতো মই পিছে বেছি কথা নকওঁ বুলি আৰম্ভ কৰি বক্তা এজনে পঞ্চলিশ মিনিটলৈকে অনৰ্গল কথা কৈ গৈ থাকিব পাৰে। আৰু কথাখিনিৰ মৰ্ম? ইমানেই বিস্তাৰিত যে অলমিতিবিস্তাৰেণ। অত্যন্ত গুৰুত্বপূৰ্ণ বিষয়ৰ শিৰোনাম একোটা দেখি লেখা এটা পঢ়িবলৈ লৈ শেষ পৰ্যন্ত দেখা পাওঁ সকলো কেৱল চৰ্বিত চৰ্বন। লেখকৰ বক্তব্য ক'তো নাই।

বহুকাল আগতেই আৰ্জেণ্টিনাৰ লেখক বৰ্হেছে স্বীকাৰ কৰি থৈ গৈছে যে (এইটোও এটা উদ্ধৃতিয়েই) সকলো কথাই কোৱা হৈ গৈছে, মানুহে কৰিব পৰা সকলো কামেই কৰা হৈ গৈছে। সৌ তাহানিতেই বাঁহীৰ পাতত বাণীকান্ত কাকতীদেৱেও কৈ থৈ গৈছে "সাহিত্যৰ ক্ষেত্রত নতুনকৈ কৰিবলগীয়া কাম একো নাই। সাহিত্য ধ্বনি আৰু প্রতিধ্বনি মাথোন"(ডঃ বাণীকান্ত কাকতি, "বাঁহী", ১৩শ বছৰ, অষ্টম সংখ্যা, আঘোণ, ১৮৪৭ শক)। কথাখিনি কোনোবাই অন্ত:কৰণেৰে মানি লওক বা নলওক, অন্তত: এইকথা মানি চলাই যুগুত যে আজি মই ক'বখোজা কথাটো ইতিমধ্যেই বহুজনে বহু ঠাইত বহুধৰণেৰে হয়তো কৈ থৈ গৈছে। আজি মই ভাবি থকা কথাটোৰ ময়েই একমাত্ৰ চিন্তক- এই ধাৰণা বাতুলতাৰ বাদে আন একো নহয়। ই অহমিকাযুক্ত। জ্ঞান আৰু বুদ্ধিৰ বিকাশৰ এটা বংশগতি আছে। অৱলীলাক্ৰম আৰু পদ্ধতিবিধিগত- দুয়োটা ধৰণেৰেই আমাৰ চিন্তা বা ভাবৰ জগতখন প্ৰভাৱিত। এনে ক্ষেত্ৰত এতিয়া এইটো আপোনাৰ সিদ্ধান্ত যে আপুনি সেই চিন্তন প্ৰক্ৰিয়াৰ গতিপথক স্বীকাৰ কৰি তাৰ এটা অংশ হিচাপে অপোনাৰ বক্তব্যখিনিক আগুৱাই নিবলৈ বিচাৰিব নে বক্তব্যখিনিক ব্যক্তিগত আছুতীয়া পৰ্যায়তে ৰাখিবলৈ বিচাৰিব। লগতে মন কৰি চলিব যে আপুনি বিচাৰিলেও নিবিচাৰিলেও আপোনাৰ চিন্তা বা ভাব কোনোবা নহয় কোনোবা এটা ধাৰাৰ/ ডিছিপ্লিনৰ/ স্কুলৰ অংশ। সেইকাৰণেই অগত্যা কিবা কথা এষাৰ উদ্ধৃতি দিবলগা হ'লেও কি কথাৰ উদ্ধৃতি দিয়া হৈছে তাৰ লগে লগে কথাষাৰ কাৰ কথা সেইটোও গুৰুত্বপূৰ্ণ হৈ উঠে। তেনেই সাধাৰণ যেন লগা কিছুমান শব্দ, বাক্য বা বাক্যাংশও আচলতে নিৰ্লিপ্ত নহয়। একোষাৰ কথাই তাৰ পিঠিত প্ৰসংগ সংগতিৰ বোজা কঢ়িয়াই ফুৰে।

মাৰ্চেল ডুচ্যঁৰ কৰ্মৰ চাক্ষুস উদ্ধৃতিৰে ব্যৱসায়িক বিজ্ঞাপন ভিত্তিক কাম


তেনেই সহজভাবে বুজিবলৈ এটা উদাহৰণ লওক। দেশৰ সৰ্বাংগীণ বিকাশ সকলোৱেই বিচাৰে। বিশেষকৈ বিশ্বৰ সৰ্ববৃহৎ গণতন্ত্ৰ বুলি প্ৰতিস্থিত দেশ এখনত যিকোনো ৰাজনৈতিক বা সামাজিক দলেই এইটোকেই বিচাৰিব যে সকলোৰে সৈতে সকলোৰে উন্নয়ন সমানে আগবাঢ়ক। কিন্তু কথাৰ মাজতে প্ৰধানমন্ত্ৰী মোডী ডাঙৰীয়াই কৈছে যে "সবকা সাথ, সবকা বিকাশ" বুলি যদি কোনোবাই উল্লেখ কৰে তেনেহ'লে বুজিবলৈ অসুবিধা নহয় যে বাচিক বা ভাষিক বক্তব্যখিনিয়েই শেষ কথা নহয়। তাৰ প্ৰাসংগিক আৰু প্ৰসংগায়িতকৃত দিশখিনিও সমানে গুৰুত্বপূৰ্ণ। গণতন্ত্ৰত সকলোৰে একেই অভিপ্সা হ'লেও একেটা উদ্ধৃতি বিৰোধী দলৰ এজনে কেতিয়াও নিদিয়ে। তাৰ মানেটোৱেই হ'ল এই যে একো একোটা উদ্ধৃতিৰ জৰিয়তে এটা মতাদৰ্শগত স্থিতিৰ পশ্চাদপট নিৰ্মাণ কৰি গৈ থকা হয়। এটা উদ্ধৃতিয়েই, কাৰ উদ্ধৃতি আৰু কি কথাৰ উদ্ধৃতি তাৰ ভিত্তিতেই প্ৰতিভাত কৰিব আপোনাৰ চিন্তন প্ৰক্ৰিয়াৰ গতিবিধি, আপোনাৰ মতাদৰ্শগত অৱস্থান। আত্মপক্ষ সমৰ্থনৰ বাবে সমৰ্থন বিচাৰিও উদ্ধৃতিৰ প্ৰয়োগ হয়। বিশেষ কোনোবাই অমুক কথাটো আগতে কৈ গৈছে বুলি কৈ মানুহক সহজে কথা এষাৰেৰে পতিয়ন নিয়াব পাৰি বাবেই ভূৱা উদ্ধৃতিৰ মীম (Meme) ইণ্টাৰনেটত সহজে উপলব্ধ। আব্ৰাহাম লিংকন অথবা ৱাশ্বিংটনৰ ফটো এখন সাঙুৰি তেওঁলোকৰ নামত হয়তো প্ৰচাৰ কৰা হ'ল যে "ইণ্টাৰনেটত পোৱা কথা সকলো কথা বিশ্বাস নকৰিবা"। আমি জানো যে এয়া হাস্যৰসৰ বাবেই কৰা হয় কাৰণ তেওঁলোকৰ দিনত ইণ্টাৰনেট নাছিলেই। কিন্তু কথাখিনিয়ে আঙুলিয়াই দিয়ে যে প্ৰসংগৰ উল্লেখ নথকা উদ্ধৃতিয়ে কেনেকৈ আমাৰ মনত বিভ্ৰান্তিৰ সৃষ্টি কৰিব পাৰে। এনেকৈ বিভ্ৰান্তি আৰু ভূৱা প্ৰচাৰেৰে প্ৰৰোচনাৰ কামো নিৰন্তৰ ঘটিয়েই আছে।   

ইণ্টাৰনেট মীম (meme)

ওপৰৰ উদাহৰণটো ব্যাখ্যাৰ বাবে সহজ আছিল। কিন্তু আন কিছুমান উৎস আছে যিখিনিত কথাখিনি ইমান স্পষ্ট নহয়। আব্ৰাহম লিংকন, জ্যোতিপ্ৰসাদ, মহাত্মা গান্ধী, ৰবীন্দ্ৰনাথ, আইনষ্টাইন আজি কিছুমান লাৰ্জাৰ-দেন-লাইফ নাম আছে যিসকলৰ কথা "মহৎ লোকৰ বাণী" বুলিয়েই শীৰোধাৰ্য কৰি সহজে সততে উল্লেখ কৰি থকা হয়। কিন্তু সেই সমূহতো সাৱধানতা সমানেই মানি চলিবলগীয়া হয়। মহৎ লোক এজনো মহৎ লোক হৈ উঠে কিছুমান নিৰ্মাণ প্ৰক্ৰিয়াৰ মাজেৰেহে। সদায়ে সুবিধাবাদী স্থিতি গ্ৰহণ কৰি অহা চৰকাৰী পক্ষৰ তোষামোদকাৰী লেখকৰ দ্বাৰা জ্যোতিপ্ৰসাদৰ কথা উদ্ধৃত হ'লে প্ৰগতিশীল মহল ক্ষুণ্ণ হোৱাৰ কাৰণ এইটোৱেই। কাৰণ আমি ভাবি থকাৰ দৰে এজন মহৎ লোকৰ বাণী প্ৰয়োগ কৰি আমি যে আমাৰ বক্তব্য বা লেখাৰ জোৰ বঢ়াইছোঁ সেয়ে নহয়, প্ৰকাৰান্তৰে আমি সেই ব্যক্তিবিশেষৰ ভাৱমূৰ্তিও নিৰ্মাণ কৰি গৈ আছোঁ। গতিকে প্ৰক্ৰিয়াটো ৱান-ৱে ট্ৰেফিক নহয়। আজি ডাৰউইনৰ উদ্ধৃতি দি ডাৰউইনৰ পৰা যদি মই সহায় লৈ আছোঁ, ডাৰউইনেও মোৰ লেখাটোৰ জৰিয়তে মোৰ পৰা সহায় লৈ আছে। কাৰণ পাঠৰ মাজেৰেহে লেখক বা স্ৰষ্টাৰ অস্তিত্ব বৰ্তি থাকে।    

নতুন প্ৰজন্মৰ সাহিত্যচৰ্চাকাৰী সকলৰ সৈতে মাজে মাজে গঠণমূলক আলোচনাত জড়িত হৈ বহুতো ন-পুৰণি প্ৰশ্নৰ সন্মুখীন হওঁ। এনেকুৱাতেই এই প্ৰশ্নটোও আহিছিল যে অধিক উদ্ধৃতিয়ে লেখা এটাৰ সৌষ্ঠৱ ম্লান পেলায় নেকি? লেখকৰ নিজা বক্তব্য বিচাৰি পাঠকে হাবাথুৰি খাবলগীয়াত পৰিবগৈ নেকি? উদ্ধৃতি কেৱল কি পাণ্ডিত্য জাহিৰ কৰাৰ প্ৰৱণতা? এইখিনি প্ৰশ্নৰ প্ৰতি সঁহাৰি এজন সামাজিক মাধ্যমৰ লেখকতকৈ এজন বিদ্যায়তনিক পৰ্যায়ৰ লেখকৰ নিশ্চয় পৃথক হ'ব। কাৰণ পাঠৰ পুনৰপাঠ, প্ৰসংগ সংগতিৰ সঞ্চয়ন, চাইটেচন বা টীকাকৰণ আদিয়েই বিদ্যায়তনিক চৰ্চাৰ আধাৰ। দৈনিক, সাপ্তাহিক, পষেকীয়া আৰু মাহেকীয়া কাকত-আলোচনীৰ দ্বাৰা প্ৰৰোচিত তাৎক্ষণিকতা-নিৰ্ভৰ, চাঞ্চল্যকৰ অথবা 'সুখপাঠ্যতা-নিৰ্ভৰ' লেখাৰ চৰ্চাই এই দিশত ভাবিবলৈ সুযোগ নিদিয়ে। বাতৰি-কাকতৰ আবয়ৱিক বাচ্য (বডী লেংগুৱেজ)-ৰ প্ৰতি আনুগত্য স্বীকাৰ কৰিয়েই আমি বেছিভাগ লেখাৰ লগতেই তাৰ পাদটীকা উল্লেখ নকৰোঁ। যিটো আচলতে এটা গৰ্হিত কাম।     

এইখিনিতে উল্লেখ কৰিব পৰা এটা ব্যক্তিগত উদাহৰণো আছে। স্নাতকোত্তৰ পৰ্যায়ত সমালোচনাত্মক লেখাৰ শ্ৰেণীকোঠাৰ অন্তৰ্গত এখন কাকত জমা দিবৰ বেলা শেষ মুহূৰ্তলৈকে মোৰ লেখা হৈ উঠা নাছিল। প্ৰসংগ পুথি বা সমল যোগাৰ কৰি থৈছিলোঁ যদিও লিখিব পৰা নাছিলোঁ। ছাত্ৰাৱস্থাৰ পৰীক্ষাৰ আগনিশাৰ অৱস্থা কেনেকুৱা হয় সকলোৱে জানে। তেনে এটা নিশাই সমস্ত সমলপুথিৰ অ'ৰ পৰা অলপ ত'ৰ পৰা অলপ উদ্ধৃতি আনি আনি জোৰা দি কোনোমতে কাকতখন সম্পূৰ্ণ কৰি পূৱালৈ জমা দিলোঁ। গোটেই কাকতখনত নিজা বুলিবলৈ বৰ বিশেষ কথা লিখাই নাছিলোঁ আৰু সেয়েহে বুজিছিলোঁ এইখন কাকতত মই নম্বৰ নোপোৱাটোৱেই খাটাং। পিছলৈ নিৰীক্ষক অধ্যাপকগৰাকীয়ে মোক মাতি নি ক'লে বোলে এইখনেই মোৰ সেই সময়লৈকে আটাইতকৈ উৎকৃষ্ট কাকত। পাছত আনৰ আগতো মই যুগুতোৱা কাকতখনক এটা আৰ্হি হিচাপে তেখেতে ব্যাখ্যা কৰিছিল। এই ঘটনাটোৰ পৰা এইটোৱেই বুজি পাইছিলোঁ যে সংগৃহীত সমলসমূহৰ চয়ন, সেই সমূহৰ বিন্যাস আৰু তাৰ মাজেৰেই এটা চিন্তন প্ৰক্ৰিয়াৰ ব্যাখ্যাচিত্ৰ নিৰ্মাণ কৰিব পৰাটোৱেই আছিল এটা সফলতা। লেখাৰ মাজত বা কথাৰ মাজত অধিক উদ্ধৃতিৰ প্ৰয়োগ বেয়া কথা নেকি- এই প্ৰশ্নটোৰ উত্তৰ ইয়াতেই আছে।  

শিল্পত প্ৰভাৱ, অনুকৰণ, অনুসৰণ, পুনৰোল্লেখ আদি বিৰল নহয়। এটা চিন্তাৰ আধাৰত তাৰ সমৰ্থনত অথবা বিৰোধত আন এটা চিন্তাই বাট বোলে। এই বিষয়ত "কুম্ভীলক নে ঐতিহ্যৰ বাহক? শিল্পত পাষ্টিচ’: উল্লেখ, অনুকৰণ আৰু প্ৰতিৰূপায়ণ" শিৰোনামেৰে আমি "প্ৰকাশ" আলোচনীত আগবঢ়োৱা এটা সুদীৰ্ঘ আলোচনাৰ মাজতে এইখিনি কথাও আছিল- "আমি জানো যে আমি অসমীয়া নহওঁ দুখীয়া কিহৰ দুখীয়া হএই কথাষাৰ আছিল লক্ষ্মীনাথ বেজবৰুৱাৰ। পাছলৈ ভূপেন হাজৰিকাদেৱে যেতিয়া গায় আমি অসমীয়া নহওঁ দুখীয়া বুলি সান্তনা লভিলে নহতেতিয়া সেইটো এটা পাষ্টিচৰ উদাহৰণ। এটা এল্যুজন (Allusion)তেনেকৈয়ে অজিৎ বৰুৱাৰ মন-কুঁৱলী সময়কবিতাত পোৱা বাক্য এটিৰ যেতিয়া সন্মুখীন হওঁ এদিনাখন এটা ধেকুৰা কুকুৰে মুখত মঙহ লৈআৰু জানিব পাৰোঁ যে সেই বাক্যটো আছিল তেওঁলোকৰ বাল্যকালত পঢ়াশালীৰ পাঠ্যত (দুৰ্গাধৰ বৰকটকী সংকলিত দ্বিতীয়মান শ্ৰেণীৰ পাঠ্যপুস্তক) অন্তৰ্ভূক্ত এটা পদ্যৰ বাক্য, তেতিয়া গম পাওঁ যে সেইটো এটা পাষ্টিচ। পূৰ্ৱসূৰীৰ প্ৰভাৱক স্বীকাৰ কৰি এনেদৰে বাট বোলাৰ ফলতেই এদিন এটা ঐতিহ্যৰ নিৰ্মাণ সম্ভৱপৰ হৈ উঠে। কেতিয়া কোনখিনি উল্লেখ, অনুকৰণ অথবা প্ৰতিৰূপায়ণক এটা ঐতিহ্যৰ নিৰ্মাণৰ পদ্ধতি হিচাপে স্বীকৃতি দিম আৰু কেতিয়া এনে এটা কাৰ্যক অসাধু চৌৰ্যবৃত্তি বুলিম তাৰ মাজৰ সীমাৰেখাডাল সকলো সময়তে সুস্পষ্ট হৈ নাথাকে"

কুম্ভীলক বৃত্তি সম্পৰ্কীয় অভিযোগ আৰু বিতৰ্ক আমাৰ মাজত সঘন। ই নিজেই এটা গুৰুতৰ বিষয়। কিন্তু ইয়াৰ লগে লগে পাদটীকা চয়ন নকৰা আৰু পদ্ধতিগত অধ্যয়ণক প্ৰাধান্য নিদিয়াটো আৰু বেছি ক্ষতিকাৰক কথা। কুম্ভীলক বৃত্তিৰো ইয়ে অণুঘটক। বিদ্যায়তনিক লেখাৰ বাবেতো অপৰিহাৰ্যই হয়, আমি আনকি কবিতাৰ ক্ষেত্ৰতো পাদটীকা কিম্বা প্ৰসংগ সংগতিৰ উল্লেখৰ আমি পোষকতা কৰোঁ। অন্য উৎসৰ পৰা চুৰি কৰাটোহে যে বেয়া সেইটো নহয়। অন্য উৎসৰ পৰা আহৰিত প্ৰকাশভংগী, বাক্যাংশ, চিত্ৰকল্প, ব্যঞ্জনা আদিৰ সৌজন্যতা স্বীকাৰ নকৰাটোও সমানেই অসাধুতা। কেৱল সামান্য সাৱধানতা, সততা আৰু সিদ্ধান্তৰ প্ৰয়োজন। কুম্ভীলক-বৃত্তিৰ অভিযোগত আক্ৰান্ত আপোনাৰ লেখা এটা হয়তো ঐতিহ্যৰ বাহকো হৈ উঠিবগৈ পাৰে।


সমুদ্র কাজল শইকীয়া
Rajya Sabha Television (RSTV), 3rd Floor,
Talkatora Stadium Annexe Building, New Delhi – 110001
email: kankhowa@gmail.com, mobile: +91 9811375594

No comments: