The following piece of theatre and cultural writing was published in Sadin, an Assamese Weekly, 4th November 2011
কাণখোৱাৰ ডিছপোজেব্ল ঘৰ ২
এবাৰ কৰি দলিয়াই পেলাব পৰা থিয়েটাৰঃ ডিচপোজেবল থিয়েটাৰ
যোৱা বছৰ আই এচ টি আৰ-ৰ দ্বাৰা নতুন দিল্লীত আয়োজিত আন্তর্জাতিক আলোচনা সভা এখনত মূল আলোচনাত ভাগ ল’বলৈ সুবিধা পাইছিলোঁ (ইন্টাৰনেচনেল ফেডাৰেচন ফৰ থিয়েটাৰ ৰিচার্চৰ ভাৰতীয় শাখা ইণ্ডিয়ান চ’চাইটি ফৰ থিয়েটাৰ ৰিচার্ছ)। তাতে ডিচপজেবল থিয়েটাৰৰ কথা কৈছিলোঁ আৰু নমুনা দেখুৱাইছিলোঁ। নেপালৰ কাঠমাণ্ডুত হোৱা আন এখন আন্তর্জাতিক সমাৰোহত কথাবোৰ কৈছিলোঁ আৰু থিয়েটাৰ কৰি দেখুৱাইছিলোঁ। এইবোৰক বাদ দিও শান্তিনিকেতন আৰু বৰোদাৰ তিনিখন আলোচনা সভাত আমি আলোচনা আগবঢ়োৱাৰ লগতে থিয়েটাৰ কৰি দেখুৱাইছিলোঁ। থিয়েটাৰ সম্পর্কীয় চিন্তা-চর্চাৰ অভাব পিছে সকলো ঠাইতে অনুভৱ কৰিছোঁ। আমাৰ অসমীয়া মানুহৰ মাজত চন্তা-চর্চা বা আলোচনাৰ প্রতি অনীহা অলপ বেছি। কিন্তু প্রয়োজন যে বহুত। সেয়েহে অলপ অলপ কৈ আলোচনা, কথা-বার্তা, বাক-বিতণ্ডাৰ সূত্রপাত কৰা যাওক বুলিয়েই এইখিনি কথা লিখিছোঁ। আমি যি ধৰণৰ থিয়েটাৰ কৰি আহিছোঁ, তাৰ নাম থৈছোঁ ডিছপোজেবল থিয়েটাৰ।
১
আপোনালোকে কেনে ধৰণৰ থিয়েটাৰ কৰে? প্রায়ে আমি এনে প্রশ্নৰ সন্মুখীন হ’বলগীয়া হয়। এৰা হয়তো, কেনেকুৱা থিয়েটাৰ কৰোঁ? এন এচ ডি-ক আমি বেয়া পাওঁ কিয়? আধুনিকতাবাদৰ বিৰোধিতাই বা কিয় কৰোঁ? কথাবোৰ বেচ জটিল আৰু দীঘলীয়া। আমাৰ কাৰণে বিশ্বজনীন বুলি একো নাই। শিল্প সাহিত্য সংস্কৃতিৰ একোটা সার্বজনীন আবেদনৰ কথা কোৱা মূলসূতিৰ (মেইন-ষ্ট্রিম) সংস্কৃত-মূলৰ শিল্পচর্চা কিয় আমি বেয়া পাওঁ? আজি আলপমান খেলি মেলি কথাৰেই আৰম্ভণী কৰা যাওক, পাছলৈ সুবিধা পালেই জুকিয়াই আগবঢ়াই নিম।
২
নাটকৰ কাৰণে দর্শক আৰু অভিনেতাৰ পাৰস্পৰিক সম্পর্ক থকা এটা সাম্প্রদায়িক (কমিউনিটি) পৰিবেশৰ প্রয়োজন হয়। মই মঞ্চৰ ওপৰত উঠি কৈ থকা কথাখিনি যদি দর্শকৰ আসনত বহি থকা আপুনি বুজি নাপায়, অথবা আপুনি বিশ্বাস নকৰোঁ বুলি আকোৰগোঁজ হৈ বহি থাকে মই কেনেকৈ নাটক কৰিম? গতিকে নাটক মূলতে এখন বিশ্বাসৰ খেলা। আপুনিও মোক বিশ্বাস কৰিব লাগিব, ময়ো আপোনাক সমানে বিশ্বাস কৰি চলিম। আমাৰ দুয়োপক্ষৰে কিছুমান অভিজ্ঞতাৰ সামঞ্জস্য থাকিবই লাগিব। বিশ্বাসৰ সমাজ এখনত অৱস্থান নকৰিলে অসুবিধা যে বহুত। সার্বজনীন বুলি একো নাই। দৃশ্য আৰু সঙ্গীতক স্থান আৰু কালে বান্ধিব নোৱাৰে বুলি সততে কৈ থকা হয়। কিন্তু আচলতে সেয়াও ভুল।
কেতিয়াও বাহিৰলৈ ওলোৱা সোমোৱা নকৰা এজন অসমীয়া মানুহে কেতিয়াবা দক্ষিণ ভাৰতলৈ গ’লে তাৰ খোৱা বস্তু মুখত লৈ কৈ উঠাটো স্বাভাৱিক, “এইসোপাও মানুহে খায়নে? ইয়াতকৈ দেখোন আমাৰ আলু পিটিকাও বহুত ভাল”। শাস্ত্রীয় সঙ্গীত নুশুনা মানুহ এজনে কৰবাত ৰাগ সঙ্গীত বাজি থাকিলে এনেকৈ উৎকন্ঠা প্রকাশ কৰিব পাৰে, “কি হ’ল, ক’ৰবাত মানুহ মৰিছে নেকি”? বিহুৰ লগত অপৰিচিত মানুহ এজনে কেনেকৈ বুজি পাব, “যোৱা বাৰ বানত মোৰ হালৰ গৰু মৰিলে” বুলি গোৱা গানতো কিয় আমি কঁকাল ঘূৰাই ঘূৰাই নাচোঁ? তামোলৰ ঢকুৱাৰ লগত জোনাকি পৰুৱা, আৰু তাৰ লগতে “কেলৈ মনে মাৰি থাক” বুলি সোধা কথাষাৰৰ সঙ্গতি কোনখিনিত সেয়া অনা-অসমীয়া কোনোবা এজনক কেনেকৈ বুজাওঁ? চীনা ভাষাটো কিছুমান অনুস্বৰ বিসর্গৰ সমষ্টি মাত্র যেন নালাগেনে বাৰু? দক্ষিনী ভাষাবোৰো কছুমান ণই ডই অণ্ড আৰু লই লই আল্লৰ পার্মুটেচন-কম্বিনেচন যেন নালাগেনে বাৰু? দূৰৰ কথা বাৰু দূৰতে থাওক, বিহু যদি আনন্দৰ উৎসৱ হয়, মিচিং বিহুৱাইনো ইমান ইনাই বিনাই বিহুনাম জুৰে কিয়?
আসমীয়া আৰু বঙালী তেনেই ওচৰা ওচৰি ভাষা। মিচিং বড়ো কার্বি বা আনবোৰ জনজাতীয় ভাষাতকৈও ইয়াক বেছি ওচৰচপা যেন লাগে। কিন্তু তাৰ পিছতো, আমি বোলা ‘মৰম’ শব্দটো আৰু বঙালিয়ে বোলা মৰম শব্দৰ মাজত এশ যোজন ফাঁক। বঙালীৰ মৰম শব্দটো সংস্কৃত মর্ম শব্দৰ অলপমান ইফাল সিফাল মাত্র, কিন্তু আমাৰ কাৰণে তাতেই কিমান মৰম কেনেকৈ বুজাওঁ? আমাৰ মৰমৰ সমান্তৰাল কিবা যদি আছে বঙালীত সেয়া হ’ল “দৰদ”। কিন্তু আমি “দৰদ” বুলিলে বুজোঁ অলপমান বেলেগ। এই যে অলপমান বেলেগ, তাতেই বহু অঘটন ঘটিব পাৰে। এটা ৰবীন্দ্রসংগীত আছে “বিৰহ দহন লাগে”। বিৰহ দহন লাগে মানে এই লগাটো আঘাত লগাৰ দৰে লগা। কিন্তু একেটা বাক্যকে অসমীয়াত লিখিলে হ’বগৈ বিচৰা। যেন বিৰহ দহন বিচৰা। কোনোবাই বাৰু “বিৰহ দহন” বিচাৰেনে? এনে বিসঙ্গতিমূলক বিপদ কে’বাবাৰোঁ ঘটিছে। এই কথাষাৰ নৱকান্ত বৰুৱাইয়ো এঠাইত উল্লেখ কৰিছিল।
৩
সেইবোৰো দূৰৰ কথা। আমি আমাৰ কাষৰ গাঁৱৰ ভাওনাখন চাবলৈ ভাল পাওঁনে? মানে নিজৰ গাঁৱৰ ভাওনাখন যিমান ভিতৰে বাহিৰে উপভোগ কৰোঁ ঠিক সিমানলৈকে উপভোগ কৰিব পাৰোনে? আমাৰ নিজৰ গাঁৱৰ ভাওনাখন সদায়ে ভাল। কাৰণটোনো কি?
কাৰণটো এই যে, নিজৰ গাঁৱৰ ভাওনাখনত মই কিবা কৰোঁ বা নকৰোঁ ময়ো তাৰ সমগ্র প্রক্রিয়াটোৰ এটা অংশ। ভাওনা মানে কেৱল ৰাতিটোৰ ঘটনা নহয়। নাম প্রসঙ্গ কৰা, কলপাত কটা, মানুহ গোটোৱা, দন-খৰিয়াল কৰা, অৰিহণা দিয়া বা নিদিয়া, গোঁসাইৰ সন্মুখত প্রণিপাত কৰা আৰু পেটে পেটে গোঁসাইক গালি পৰা, পদুমৰ পাত অনা, চাউল ঢেকীঁ দিয়া, ৰংচঙীয়া কাগজ কাটি নামঘৰ সজোৱা, নামঘৰৰ মজিয়া মচা, ধূতি পিন্ধি বা লং পেন্ট পিন্ধি নামঘৰত সোমোৱা, হেজাৰ টকা খৰছ কৰি পোছাক অনা, আধা মেক-আপ কৰি ফটো উঠা, ডবাৰ কোব, আঁৰ চকুৰে মনে বিচৰা জন কোনখিনিত বহি আছে তাৰ সন্ধান কৰা, ঘনে ঘনে তামোল খোৱা, ৰাতি উজাগৰে থকা... এই আটাইবোৰেই ভাওনাখনৰ অংশ। এই গোটেইখিনি মিলিহে ভাওনাখন হৈ উঠে। ইয়াত উল্লেখ কৰা কোনোটো কামৰে মই অংশীদাৰ নহ’লেও মই এইবোৰৰ মাজতে বিৰাজ কৰোঁ। কিন্তু কাষৰ গাঁৱৰ ভাওনাখন? সেইখনত মই মাত্র এজন দর্শক। এজন বহিৰাগত দর্শক মাত্র। তাত মোৰ ভূমিকা পৰোক্ষ। ভাওনাখন হৈ উঠাৰ সমগ্র প্রক্রিয়াটোত মোৰ কোনো ভূমিকা নাই। তাত ভাও লোৱা ভাৱৰীয়াবোৰো মোৰ চিনাকী নহয়। (মন কৰিবলগীয়া কথা যে, চিনাকি হিৰো নেথাকিলে আমি হিন্দী চিনেমা এখনো চাই ভাল নাপাওঁ)।
থিয়েটাৰৰ ক্ষেত্রতো একেটা কথাই খাটে। থিয়েটাৰত দুটা পক্ষ, এটা দর্শকৰ এটা অভিনেতাৰ। কথাষাৰ ভুল। আচলতে দর্শক আৰু অভিনেতাৰ একেটাই পক্ষ। দুয়োটা মিলি এক পক্ষ হ’লেহে নাটক নামৰ ঘটনাটো ঘটি উঠে। সেয়েহে নাটক কৰা বস্তু নহয়। নাটক কৰিব নোৱাৰি। ই ঘটি উঠে। ভাওনাখনৰ উদাহৰণটোৱেই আটাইতকৈ উৎকৃষ্ট যেন লাগিল। আমি মানুহবোৰ আত্মকেন্দ্রিক। আমি আত্মপ্রেমী। ইয়াত দোষ একো নাই। যি কামটোত আমি জড়িত নহয়, য’ত আমাৰ ভূমিকা নাই তাত আমি মজা নাপাওঁ। যি অভ্যাসত আমি নিমজ্জিত তাতেই আমি মজা পাওঁ। আলু পিটিকা খায়েই আমি ভাল পাওঁ, আমাৰ আমনি নেলাগে, কিন্তু একেৰাহে তিনিদিন চাওমিন বা পিজ্জা বা দোচা খালেই আমাৰ আমনি লাগিব। তেনেদৰেই আমাৰ নিজৰ গাঁৱৰ ভাওনাখনৰ লগত আমনিৰ কথাটোৱেই নুঠে। কাহিনীটো জনা, কোনে কি ভাও লৈছে জনা, আৰম্ভনীতে কি হ’ব জনা, শেহলৈ কি হ’ব তাকো আছে জনা। তথাপি সেইখিনি চাই থাকি আমি ব’ৰ নহওঁ। আমি আমনি নেপাওঁ। এডৱার্ড চেইডৰ স’তে হোৱা এটা আলোচনাত বনি মাৰাঙ্কাই ঠিকেই কৈছিল, “অন্যান্য শিল্প কলাত আমি সদায়ে নতুন কিবা এটা চাবলৈ বিচাৰোঁ। কিন্তু থিয়েটাৰৰ ক্ষেত্রত কথাটো নাখাটে। থিয়েটাৰত আমি একেটা বস্তুকে বাৰে বাৰে চাবলৈ বিচাৰোঁ”। কথাটো সঁচা। শ্বেইক্সপীয়েৰৰ কোনখন নাটকৰ কি কাহিনী, কেনেকৈ ঘটে আমি সকলোবোৰ জানোঁ, তথাপি বাৰে বাৰে শ্বেক্সপীয়েৰ চাবলৈ যাওঁ।
৪
পিছে যি বিশ্বাসৰ সমাজখনৰ কথা ক’লোঁ সেইখন আজি ক’ত বিচাৰি পাওঁ? বহুদিন ধৰি এটা বহুজাতিক, বহুভাষিক পৰিবেশত বাস কৰিছোঁ। মঞ্চত অভিনেতা হৈ থকাজনৰ ভাষা বেলেগ আৰু দর্শকৰ আসনত বহি থকাজনৰ ভাষা বেলেগ। ভাবৰ বিনিময় কেনেকৈ সম্ভৱ? ভাৰতবর্ষৰ যি কেইখন প্রধান চহৰ আছে সেই কেইখনৰ সাধাৰণ চৰিত্র কেইটামান আছে। সেই আটাইকেইখনেই হ’ল উত্তৰ-ঔপনিবেশিক, বহুভাষিক আৰু বহু-জাতিক। আমাৰ গাওঁখনো জানো একেঠাইতে ৰৈ আছে। হনুমানৰ কঁকালৰ খোচনিতো দেখোন মোবাইল ফোন!
ভাষা-ধর্ম-কথা-ভাব একোৰে একো সামঞ্জস্য নথকা আমি বহুতো মানুহ একেলগে থাকোঁ। থাকিবলগীয়া হয়। একোটা বিশুদ্ধৰূপৰ চলাথ কৰাটো তাত মূর্খামি মাত্র। তথাপি আমি দেশ আৰু জাতিৰ নাম লৈ সেইখিনি কৰি থাকোঁ। আমি লুকুৱাই থাকোঁ ভিন্নতাখিনি। মুষ্টিমেয় এচাম মধ্যবিত্ত আসমীয়াৰ অনায়াস প্রচেষ্টাখিনিকে বাৰে বাৰে কচৰত কৰি কৈ থাকোঁ এয়াই অসমীয়া সংস্কৃতি। উত্তৰ ভাৰতীয় এচাম ক্ষমতাশালীৰ নেতৃত্বকে অৱধাৰিত বুলি মানি লৈ কৈ থাকোঁ, ‘চি দিচ ইজ ইণ্ডিয়া’।
এইখিনিতেই ৰাষ্ট্র নামৰ যন্ত্রটোৰ ষড়যন্ত্র। ৰাষ্টীয় নাট্য বিদ্যালয়, বা এন এচ ডি, (নেচনেল স্কুল অব্ ড্রামা) এই ষড়যন্ত্রৰে বাহক। নেহেৰুবাদী মতাদর্শেৰে ই অনুপ্রাণিত। ভাৰতবর্ষ বুলি এটা কাল্পনিক ভূখণ্ডৰ এখন কাল্পনিক ইতিহাস এটা ৰচনা কৰাত ইহঁতবোৰৰ আগ্রহ অপৰিসীম। এইবোৰ প্রতিস্থানে আমাক আঙুলিয়াই দেখুৱাই দিয়ে, নাটক এনেকৈ কৰিব লাগে, বা নাটক এনেকুৱা হোৱা উচিত। নাট্যশাস্ত্রৰ ৰচয়িতা ভৰতমুণিৰ কথা কোৱা হয়। কিন্তু ভৰত মুণি যে উনবিংশ আৰু বিংশ শতিকাৰ একাংশ বিদ্বানৰ দ্বাৰা পুণৰোদ্ধাৰ কৰা কিছুমান তথ্য মাত্র সেই কথাটো পাহৰি থকা হয়। থিয়েটাৰ আনুষ্ঠানিকতাৰ মাজলৈ সোমাই গৈ থাকে। একোটা প্রডাক্ট হৈ গৈ থাকে। দর্শক আৰু অভিনেতাৰ দুয়োটা পক্ষৰ মাজত ব্যৱধানৰ সৃষ্টি কৰে। এই ব্যৱধান আচলতে থিয়েটাৰৰ বেলিকা নিজৰ পৰা নিজৰ মাজতে এটা ব্যৱধান।
এই ব্যৱধানখিনিয়ে আধুনিক ভাৰতৰ ৰাজনৈতিক মতাদর্শখিনিক সন্তুষ্ট কৰি ৰাখে। একেখন আসনতে বহি এজন মানুহে কেৰেলাৰ পৰা পাঞ্জাৱলৈকে সকলো ঠাইৰ নাটক চাব পাৰে। পোন্ধৰ আগষ্ট বা ছাব্বিছ জানুৱাৰীৰ নেচনেল পেৰেড আৰু দিল্লীৰ এটা ৰাষ্ট্রীয় নাট্য মহোৎসৱৰ মাজত কোনো তফাৎ নাথাকেগৈ।
৫
কিন্তু আমি যেতিয়া নাটক কৰিবলৈ বিচাৰোঁ, আমি তেনেকুৱা কৰিব নোৱাৰোঁ। বিশ্বানাথ চাৰিআলিত কৰা নাটক এখন আমি কলকাতাত, আহমেদাবাদত, বা নতুন দিল্লীত একেধৰণে কৰিব নোৱাৰোঁ। নাটক একান্তই স্থান আৰু কাল নির্ভৰ। সেয়ে যদি হয়, বিভিন্ন ঠাইত বিভিন্ন সময়ত একেখন নাটকৰে পুণৰাবৃত্তি কেনেকৈ সম্ভৱ? সময় প্রতিমূহূর্ততে সলনি হৈ থাকে আৰু তাৰ লগে লগে সলনি হয় স্থান। আনকি একেডোখৰ ঠাই সময় সলনি হৈ যোৱাৰ পিছত সেই আগৰ একেডোখৰ ঠাই আৰু হৈ নাথাকে। স্থান একেটা ঠাইতে থাকিও সলনি হৈ থাকে। মোবাইল ফোন অহাৰ আগৰ শান্তিনিকেতন আৰু সকলোৰে হাতে হাতে মোবাইল ফোন হোৱাৰ পিছৰ শান্তিনিকেতন আচলতে সম্পূর্ণ বেলেগ দুটুকুৰা ঠাই। কেৱল নামটোহে একে থাকিল। মাইক্র’ফোন ব্যৱহাৰ নকৰাকৈ ভাওনা কৰা নামঘৰটো আৰু মাইক্র’ফোন ব্যৱহাৰ কৰি ভাওনা কৰা নামঘৰটো আচলতে বেলেগ। এই সৰু সুৰা বেলেগ বেলেগ কথাবোৰ আমি এৰাই চলিব খোজোঁ। কিন্তু থিয়েটাৰ এইবোৰতেই সোমাই থাকে। থিয়েটাৰ যদি মানুহৰ, মনুষ্যত্বৰ ভাষা হয়, তেনেহ’লে থিয়েটাৰ এই সৰু সৰু প্রসঙ্গবোৰেৰেই গ্রন্থিত হয়। জীৱনো আচলতে অলেখ সৰু সৰু কথাৰ সমষ্টি মাত্র। ভাত-পানী-চাহ-তামোল-কাপোৰ-ঘৰ-হামি-হিকটি-হাঁচি-উজুটি-মৰম-ঠেঁহ-ভাললগা-বেয়ালগা-টোপনিতে সলোৱা এটা বাগৰ... এইবোৰেৰেই জীৱন নির্মিত হয় আৰু থিয়েটাৰো নির্মিত হয়। আমাৰ কাৰণে থিয়েটাৰ 'লার্জাৰ দেন লাইফ' বিৰাট কিবা এটা নহয়।
কিন্তু ৰাষ্ট্রীয় বা আধুনিক ভাৰতীয় নাটকে এই সৰু সৰু কথাবোৰ 'সৰু কথা' বুলি আমাক পাহৰি থাকিবলৈ শিকায়। প্রেক্ষাগৃহৰ ভিতৰলৈ সোমোৱাৰ পিছত আপুনি পাহৰি থাকিবলৈ বাধ্য হয় আপুনি আচলতে কোন। টিকট কাটিবৰ পৰতেই আপুনি অগণিত মানুহৰ শ্রেণীৰ পৰা পৃথক হৈ পৰিব, যি সকলৰ এই টিকট কাটিবৰ সামর্থ্য বা অধিকাৰ নাই। আপোনাৰ ম’বাইল ফোনটো চুইচ অফ কৰি ৰাখিবলৈ বাৰে বাৰে অনুৰোধ জনোৱা হ’ব। লাইটবোৰ বন্ধ হৈ যোৱাৰ পিছত আপুনি আৰু গম নাপায়, আপোনাৰ তেনেই কাষৰ চিটত বহি থকেজন কোন। কেৱল মঞ্চত পোহৰেৰে উজ্জ্বল মুখবোৰেহে কথা কব, আপোনাৰ মাত মতাৰ অধিকাৰ তাত নাই। ক’তো কোনো ধৰণৰ যোগাযোগৰ সম্ভাৱনা তাত নেথাকে।
সেয়েহে আধুনিক থিয়েটাৰৰ এই নির্মাণবোৰৰ পৰা আমি আঁতৰি আহিবৰ চেষ্টা কৰোঁ। আমি কৰোঁ ডিচপোজেবল থিয়েটাৰ, এবাৰ কৰি যাক দলিয়াই পেলাব পৰা যায়। জীৱনৰ দৰে। এবাৰ যাপন কৰা জীৱন এটাক যেনেকৈ পুণৰাই যাপন কৰিব নোৱাৰি (আমি পুণর্জন্ম নামানোঁ) এবাৰ কৰা থিয়েটাৰো দুনাই কৰিব নোৱাৰি। এই থিয়েটাৰত মানুহে মানুহৰ স’তে কথা পাতে। যি সময়ত কৰা হয়, যি স্থানত কৰা হয়, তাৰ স’তে ই হাঁড়ে হিমজুৱে সংপৃক্ত হৈ থাকে। স্থান আৰু কালৰ পৰা আঁতৰাই ইয়াক চাব নোৱাৰি। আধুনিকতাবাদৰ আঁৰত থকা আসোঁৱাহবোৰক এই থিয়েটাৰে সমালোচনা কৰে। আধুনিকতাবাদে কেৱল মধ্যবিত্ত সকলৰ সুবিধাখিনিকহে গুৰুত্ব দি আহিছে আৰু ই এটা অতীতমুখী আত্মপ্রেম প্রতিপালিত কৰি আহিছে। আধুনিকতাবাদে কয়, আগৰ দিনবোৰেই ভাল আছিল, আজি যি ঘটিব লাগিছে সকলো বেয়াৰ কাৰণে ঘটিছে। সর্বভাৰতীয় ব্রাহ্মণীয় প্রভূত্বক আধুনিকতাবাদে আৰু আধুনিক নাটকে সদায়ে উচ্চ স্থান দি আহিছে। আধুনিকতাবাদ ঐককেন্দ্রিক। আমাৰ ডিচপোজেবল থিয়েটাৰ বহু কেন্দ্রিক। আমাৰ ডিচপোজেবল থিয়েটাৰ ভবিষ্যৎ মুখী।
ডিচপোজেবল থিয়েটাৰ অতীত আৰু ভৱিষ্যতৰ মাজৰ এডাল সূক্ষ্ম ৰেখাৰ ওপৰত অৱস্থান কৰে। ই সদায়ে বর্তমান। ইয়াক কৰাৰ আগৰ মুহূর্তলৈকে ই ভৱিষ্যৎ আৰু কৰাৰ মুহূর্ততেই ই অতীত হৈ পৰে। ই সদায়ে বর্তমান, কিন্তু তেনেই ক্ষণস্থায়ী এই বর্তমান। ই একান্তই পৰিবেশ নির্ভৰ। এটুকুৰা বহুজাতিক আৰু বহুভাষিক ঠাইত ই এখন ঘৰ বিচাৰি ফুৰে। ক্ষমতাশালীৰ প্রভূত্ববিস্তাৰক ই নস্যাৎ কৰে। ব্যক্তিবিশেষৰ স্বাধীনতাক ই অগ্রাধিকাৰ দিয়ে। নাৰীৰ ওপৰত পুৰুষৰ, ব্যক্তিৰ ওপৰত ৰাষ্ট্রৰ, অঞ্চলৰ ওপৰত কেন্দ্রৰ আধিপত্য বিস্তাৰক ই লাই নিদিয়ে, তথাকথিত আধুনিক মেইনষ্ট্রিম-ভাৰতীয় থিয়েটাৰে যিটো কৰি আহিছে। প্রতিষ্ঠান আৰু প্রতিষ্ঠান বিৰোধীৰ মধ্যৱর্তি স্থানত ই আৱস্থান কৰে। এই “মধ্যৱর্তি স্থান” (ইন্টাৰ-ফেচ) ডিচপোজেবল থিয়েটাৰৰ কাৰণে অত্যন্ত গুৰুত্বপূর্ণ। কাৰণ, ব্যক্তি আৰু সমাজৰ (individual and society), ব্যক্তিগত আৰু সামাজিকৰ (private and public), প্রাতিষ্ঠানিকতা আৰু ব্যতিক্রমীৰ (institutional and non-institutional), তাত্বিক চর্চা আৰু ব্যৱহাৰিক অভ্যাসৰ (theory and praxis), দর্শকৰ আৰু পৰিবেশকৰ (spectator and perfpormer), পৰম্পৰা আৰু পৰম্পৰা-বিৰোধীৰ (tradition and radical) এটা মধ্যৱর্তি স্থানত ই সদায়ে বিচৰণ কৰি থাকে। ই সদায়ে ইন্টাৰ-ডিচিপ্লিনেৰি আৰু সদায়ে চাইট-স্পেচিফিক। থিয়েটাৰ মানে কোনোবা সাহিত্যকাৰে লিখা এখন নাটকৰ পাণ্ডুলিপি মাত্র নহয়, নহয় জীৱনতকৈ ডাঙৰ বিৰাট কিবা এটা। যদি জন বার্জাৰে যি ধৰণেৰে “থিয়েটাৰ অফ ইন্ডিফাৰেন্স”-অত থিয়েটাৰ কথাষাৰ ব্যবহাৰ কৰিছে, বা ৰ’লা বার্থে “মিথ” কথাষাৰক ব্যৱহাৰ কৰিছে সেইবোৰক মনত পেলাওঁ, তেতিয়াহ’লে এই কথাটো মানি ল’বলৈ অসুবিধা নহ’ব যে থিয়েটাৰ আমাৰ দিন প্রতিদিনৰ সৰু সুৰা কথাবোৰতেই সোমাই আছে। থিয়েটাৰ এটা প্রাত্যহিক অভিজ্ঞতা। ই প্রতিদিনে ঘটিব পাৰে, আৰু শেষ হৈ যাব পাৰে। চিনেমা বা আনবোৰ ইলেক্ট্রনিক মাধ্যমৰ দৰে থিয়েটাৰে নিজে নিজৰেই পুণৰাবৃত্তি কৰিব নোৱাৰে। এবাৰ কৰা এখন নাটক দ্বিতীয়বাৰ কৰিব নোৱাৰি।
ৰচয়িতা-লেখক-স্রষ্টা-কেন্দ্রিক আধুনিকতাবাদী আলোচনাবোৰে দর্শকৰ ভূমিকাক সদায়ে উপেক্ষা কৰি আহিছে। লেখক/পৰিচালক/অভিনেতা/শিল্পীৰ বিষয়ে আমি বহুত কথা জানোঁ, কিন্তু যাৰ বাবে এইবোৰ কৰা হয়, যিয়ে এইবোৰ নিৰন্তৰ চাই আছে, সেইসকলৰ বেলিকা একা? কেৱল ডিচপোজেবল থিয়েটাৰ, যি অৱস্থান কৰে গতানুগতিক দিন প্রতিদিনৰ অভিজ্ঞতা আৰু এটা বিৰাটত্বৰ মাজত, যাৰ শৰীৰ গঢ়ি উঠে দর্শকেৰে - অভিনেতাৰে নহয়, সেই থিয়েটাৰেহে দাবী কৰিব পাৰে যে, হয়, এয়াহে আমাৰ সময়ৰ থিয়েটাৰ।