the following theatre and cultural criticism was published in Asomiya Pratidin, an Assamese Daily, July 27, 2008
ঘুনুচাই নাচিব লাগিলে মেঘে ওন্দোলাই আনিব
সমুদ্র কাজল শইকীয়া
ঘুনুচাই এদিন পথাৰৰ মাজত কঁকাল ঘুৰাই নাচিছিল। আৰু সঁচাকৈয়ে মেঘে ওন্দোলাই আনিছিল। আৰু বৰষুণে ওপচাই দিছিল পথাৰ। আন কোনোবাই বিশ্বাস কৰক বা নকৰক মই বিশ্বাস কৰিছিলোঁ। বিশ্বাস কৰিবলৈ বিচাৰিছিলোঁ।
পঙ্কজ জ্যোতি ভূঞা মোৰ এজন অন্যতম প্রিয় নাট্যকাৰ। সম্ভৱত তেখেতৰ নাটকেই মই আটাইতকৈ বেছিকৈ চাইছোঁ আৰু অসমীয়া নাটকৰ ভিতৰত তেখেতৰ নাটকৰ কথাকেই আটাইতকৈ বেছিকৈ ভাবিছোঁ। পঙ্কজ জ্যোতিৰ মই চাবলৈ পোৱা শেহতীয়া নাটকখন হ’ল গুটি ফুলৰ গামোচা। কিন্তু পঙ্কজ জ্যোতি নাট্যকাৰ মাত্র নহয়, পৰিচালনা, সঙ্গীত আৰু চিত্রকল্প নির্মাণকে ধৰি সকলো দিশৰে একোটা সম্যক ধাৰণাৰে তেওঁ এজন সম্পুর্ণ নাট্যকর্মী। পঙ্কজ জ্যোতিৰ নাটকৰ সম্পূর্ণ মঞ্চায়ণ কেৱল তেতিয়াহে সার্থক হৈ উঠে যেতিয়া মঞ্চায়ণৰ আঁৰতো তেওঁ নিজে পৰিচালক হিচাপে থাকে। পঙ্কজ জ্যোতিক (বা পপুলাৰ ভাবে পোণাদা) যি সকলে জানে তেওঁলোকে এই কথাটো মানি ল’ব। পিছে এই আলোচনা পঙ্কজ জ্যোতি কেন্দ্রিক নহয়, তেওঁৰ বিষয়ে পিছলৈ আকৌ লেখিম।
গুটি ফুলৰ গামোচাৰ মূল কাহিনীভাগ থুলমুলকৈ এনে ধৰণৰ: প্রতিভাৱান ঢুলীয়া শুভৰ ভালপোৱা হ’ল ঘুনুচা, যাৰ খোজত পদুম ফুলে, যাৰ নাচোনত মেঘে ওন্দোলাই আনে। অনাবৃষ্টিৰ সময়ত গাঁৱৰ ৰাইজে যেতিয়া ভেকুলীৰ বিয়া পাতিও মেঘৰ ছাঁটোকে দেখা নাছিল তেনে এটা দিনতে ঘুনুচাৰ বিহু নাচৰ ছন্দত মেঘে ওন্দোলাই আনিলে। এই ঘটনাতে নিজৰ পাৰিবাৰিক জীৱনক লৈ অসন্তুষ্ট শুভৰ ককায়েক দামোদৰ ঘুনুচাৰ প্রতি আসক্ত হৈ ঘুনুচালৈ বিয়াৰ প্রস্তাৱ দিয়ে। ঘুনুচাৰ ককায়েক গম্ভীৰে এই কথাটো ঠিকমতে গ্রহণ কৰিব নোৱাৰি এটা প্রস্তাৱ ৰাখে যে, ম’হ যুঁজত যাৰ ম’হ জিকিব সেয়েই ঘুনুচাক বিয়া কৰিব। এনেকৈয়ে ঘটনা আগবাঢ়ে আৰু পৰিশেষত কেনেবাকৈ ঘুনুচা আৰু শুভৰ মিলন সম্ভৱ হৈ উঠে আৰু দামোদৰে নিজৰ ভুল বুজি পায়।
এই বছৰৰ দিল্লীৰ ৰাষ্ট্রীয় নাট্য বিদ্যালয়ৰ ভাৰত ৰঙ্গ মাহোৎসৱত ‘উৎস অসম’ৰ তৰফৰ পৰা বিদ্যাৱতি ফুকনৰ দ্বাৰা পৰিচালিত গুটি ফুলৰ গামোচাখন চাবলৈ পালোঁ। নাটকখন লীলা গগৈৰ নৈ বৈ যায়-ৰ দ্বাৰা অনুপ্রাণিত। গোটেই নাটকখনৰ মজ্জাভাগত আছিল বিহুকেন্দ্রিক অসমীয়া সমাজ জীৱন। এইখিনিলৈকে কথাবোৰ ঠিকেই থাকিল। কিন্তু গোটেই নাটক খনত দর্শকে চাবলৈ পালে কি? এটা সৰল ৰৈখিক কাহিনীৰ বর্ণনা, গতানুগতিক কাহিনী কথনৰ পুণৰাবৃত্তি। যুগ যুগ ধৰি আমি পাৰিবাৰিক চিনেমাবোৰত চাবলৈ পাই থকা, শেহৰ আসনত বহি হামিয়াই হিকটিয়াই অথবা কলমটিয়াই চাই থকা এটা কাহিনীৰ বর্ণনা। প্রথমতে পৰিবেশৰ এষ্টাব্লিছমেন্ট, তাৰপিছত এটা সংঘাত আৰু শেহত পৰিয়ালৰ আটাইবোৰ মানুহকে একেটা ফ্রেমতে থিয় কৰি আগবঢ়োৱা এটা সমাধান। য’ত নায়ক-নায়িকাও খুশ, দর্শকো খুশ। শেষ ভালেই সকলো ভাল। এয়ে প্রথম ফর্মূলা।
ভাৰতবর্ষৰ আগত অসমখনক তুলি ধৰিব লাগিব, দিল্লী নামৰ কেন্দ্রটোত বহি থকা সংস্কৃতিকাৰ সকলক বিহুৰ ঢোলটো বজাই শুনাই চমৎকাৰ দেখুৱাই দিব লাগিব, আমি সংস্কৃতিবান জাতি বুলি প্রমাণ দি দেশখনক সন্তুষ্ট কৰি থাকিব লাগিব এয়া হ’ল দ্বিতীয় পর্যায়ৰ ফর্মূলা।
তৃতীয় ফর্মূলাটো হ’ল কাহিনীটো আৰম্ভ হ’ব লাগিব once upon a time বুলি। সংস্কৃতি মানেই পুৰণা দিনৰ কথা, সকলো অতীত, বিগত, আজিৰ এতিয়াৰ কথা কবলৈ গ’লে সংস্কৃতিৰ কথা কেনেকৈ ক’ম? এতিয়াৰ সংস্কৃতি দেখুৱাবলৈ গ’লে যে মধ্যবিত্তৰ অতীত বিলাসী আত্মপ্রেমৰ তাগিদাবোৰ ক্ষুন্ন হোৱাৰ পদে পদে ভয়! সেয়েহে এখন আইডিয়েল গাওঁ, বিমূর্ত প্রকৃতিৰ বর্ণনা আৰম্ভ হওক।
সেয়ে হ’ল আৰু কেৱল সেয়েহে হ’ল। নাটকখন আৰু নহ’ল। আত্মপ্রেমী মধ্যবিত্ত মূলসূতিত আসমীয়া সকলৰ বাহিৰে অন্য কোনোবা মানুহক এনে এটা প্রযোজনাই সন্তুষ্ট কৰিব পাৰে বুলি মনে নধৰিলে।
মই চিনি পোৱা পঙ্কজ জ্যোতিজনক বিচাৰি নাপালোঁ। মঞ্চত চিত্রকল্প নির্মাণত তেওঁৰ ক্ষমতা অসাধাৰণ। দৰাচলতে নাটক যে কেৱল কাণেৰে শুনাৰ বস্তু এটা নহয়, চকুৰে দেখাৰ আৰু চকুৰে চাই বুজি পোৱা কিবা এটা সেই কথাটো পঙ্কজ জ্যোতিয়েই সম্ভৱ আটাইতকৈ বেছি ভালকৈ বুজি পায়। গুটি ফুলৰ গামোচা নাটকখনতো ঘুনুচাই নাচিবলৈ লোৱা দৃশ্যাটো, যিটো দৃশ্যত বহুদিনৰ অনাবৃষ্টিৰ মূৰত বৰষুণ নামি আহিবলৈ ধৰে, সেই দৃশ্যটো পঙ্কজ জ্যোতিয়ে নিজে যদি পৰিচালনা কৰিলেহেতেন কেনেকুৱা হ’লহেতেন সেই কথাটোকে বহুদিন ধৰি ভাবি থাকিলোঁ। আচলতে এইখিনিতেই আছিল নাটকখনৰ সাৰ ভাগ। এতিয়াও, অর্থাৎ প্রায় ছমাহৰ পিছতো মোৰ একেটাই ইচ্ছা। পঙ্কজজ্যোতিৰ পৰিকল্পনাৰে ঘুনুচাৰ বিহু নচাৰ দৃশ্যটো কিজানিবা চাবলৈ পাওঁ।
নাটক পৰিবেশন কলা। পৰিবেশনেই যদি বেয়া হয়, সেই নাটকৰ পাণ্ডুলিপিও যিমানেই ভাল নহওক, তাৰ কোনো মূল্য নাই। আমাৰ ওচৰত নোবেল পুৰষ্কাৰ পোৱা পাণ্ডূলিপি এটাৰো কোনো মূল্য নাই যদিহে তাৰ এটা সার্থক পৰিবেশন দেখিবলৈ নাপাওঁ। গুটি ফুলৰ গামোচাৰ আটাইবোৰ দোষেই মই আছুতীয়াকৈ ৰাখিব খোজোঁ পৰিচালক (পৰিচালিকা?) বিদ্যাৱতি ফুকনৰ বাবে। কিন্তু গূঢ়তৰ ৰাজনৈতিক সমস্যাবোৰৰ কথা পঙ্কজ জ্যোতিয়েও সমানে ভাবিব লাগিব।
কিন্তু দিল্লীৰ পৰিবেশনাটোত সেই দৃশ্যটো গৌণ হৈ পৰিল। গোটেই নেৰেটিভটো ইমানেই সৰল আৰু ৰৈখিক আছিল যে তাৰ মাজত সকলোবোৰেই হেৰাই থাকিল। অভিনয়ৰ বেলিকাও তথৈৱচ। এগৰাকীও অভিনেত্রী নেদেখিলোঁ যিয়ে খোলা উদ্দাত্ত কন্ঠেৰে বিহুনাম (বিহু গীত বোলাতকৈ বিহু নাম বুলিবলৈ মই ভাল পাওঁ) গাব পাৰে। অথচ গোটেই নাটকখনৰ আধাৰ আছিল বিহুনাম। চেঁপা মাতেৰে যেন কোনোবাই পিঠিত ঔ কিল হে সোধাইছে এনে ভাবত আটাইবোৰ মহিলা ভাৱৰীয়াই নাম জুৰিলে। অৱশ্যে এই সমস্যাটো এই নাটকখনতে নহয়, সামগ্রিক ভাবে অসমীয়া সঙ্গীত জগতখনতে দৃশ্যমান। অসমীয়া অভিনেত্রী সকলৰ বিশেষ কন্ঠ অনুশীলনৰ প্রয়োজন আছে। মন্তব্যটো ৰাজনৈতিক ভাবে প্রদূষিত বুলি জানিও ক’বলৈ বাধ্য হৈছোঁ। কাৰণটো বোধহয় কিছু পৰিমাণে ভৌগোলিক আৰু কিছু পৰিমাণে সামাজিক। ভৌগোলিক এই কাৰণেই যে নির্দিষ্ট কেইগৰাকীমান প্রতিভাবান গায়িকাক বাদ দি খোলা কন্ঠেৰে বলিষ্ঠ কন্ঠেৰে গান গোৱা অসমীয়া গায়িকাৰ সংখ্যা তেনেই তাকৰ। ৰঙালি বিহুৰ সময়ত অসমলৈ সোমোৱাৰ লগে লগেই আসংখ্য বিহুগীতৰ (বিহুনাম নহয়) কেছেটত যি বোৰ নাৰী কন্ঠ শুনিবলগীয়া হয় সেই যন্ত্রণাটোৰ কথা ভাবিয়েই বাৰে বাৰে পুণৰাই ভাবিবলগীয়া হয়, এইবেলি বিহুত ঘৰলৈ যাম নে নাযাম। কাৰণ শুনিব নুখুজিলেও ঘৰৰ বাজলৈ ওলালেই শুনিব লগাত পৰে ক’ৰবাৰ পৰা নহয় ক’ৰবাৰ পৰা এটা বিহুগান (এইবোৰ আকৌ গান, নাম নহয়) ভাঁহি আহে। এতিয়া নেখাওঁ ভাত খুৱালি নিগিলোঁ কি কৰ কৰ বুলি ঠেঁহ পাতিবতো নোৱাৰোঁ। দ্বিতীয়টো কাৰণ হয়তো সামাজিক। আমি যিমানেই নকওঁ আসমীয়া নাৰীৰ সফলতা বা উচ্চতৰ সামাজিক স্থানৰ কথা, আমাৰ অভিজ্ঞতাই কিন্তু অন্য এখন ছবিহে তুলি ধৰে। সম্ভৱত এই যে অসমীয়া মহিলা গায়িকাবোৰে মুকলিকৈ গান গাব নোৱাৰে, চেঁপি চেঁপি গান গায়, সেইটোও হয়তো তাৰেই এটা প্রভাৱ। সি যি কি নহওক এই আলোচনাটো পাছলৈ ৰাখিলোঁ।
মূল কথা এয়ে যে, আমি আগৰ লেখাত যি সমস্যাবোৰৰ কথা পাতিছিলোঁ সেই আটাইবোৰেই এইখন নাটকত আছিল। এখন অসমীয়া নাটক দিল্লীলৈ আহে ৰাষ্ট্রীয় ষড়যন্ত্রবোৰৰ অংশীদাৰ হৈহে। নাটক হিচাপে নহয়। নাটকক ইয়াৰ context–ৰ পৰা পৃথক কৰিব পৰা নাযায়, এইটো কথাকেই বাৰে বাৰে আমি দোহাৰোঁ। কিন্তু যেতিয়া দর্শক সলনি হয়, স্থান সলনি হয়, সেই মুহূর্তত ল’বলগীয়া সিদ্ধান্তখিনি ভাবি চিন্তি ল’ব লাগে। আৰু এটা কথা, আজিও মই পঙ্কজ জ্যোতিৰ নাটক এখন পঙ্কজ জ্যোতিৰ পৰিচালনাত চাবলৈ পাম বুলিয়ে বাট চাই থাকোঁ। ভাল নাটক কৰিবৰ বাবে এন এচ ডি-লৈ পঢ়িবলৈ অহাৰ কোনো প্রয়োজন নাই। যদি কোনোবাই জৱাহৰলাল নেহেৰুৰ কল্পনাৰ ৰাষ্ট্রখনৰ গোলাম হ’বলৈ বিচাৰে, তেনেহ’লে ইউ আৰ ম’ষ্ট ৱেলকাম।
বিদ্যাৱতি ফুকন, কথাবোৰ মই বুজাব পাৰিছোনে?
No comments:
Post a Comment