[অসমীয়া প্ৰতিদিন, ২৪ আগষ্ট ২০০৮]
অ’ আমাৰ জাহ্নু বৰুৱা
অ’ আমাৰ জাহ্নু বৰুৱা
আগৰ লেখাত আমি কিয় আধুনিকতাবাদী হ’বলৈ নিবিচাৰোঁ তাৰ কিছু উল্লেখ কৰিছিলোঁ। হয়তো লাহে লাহে আমাৰ আধুনিকতাবাদ-বিৰোধী অৱস্থান অসমীয়া পাঠক সমাজৰ সন্মুখত স্পষ্ট কৰিবলৈ সক্ষম হ’ম।
ওচিয়ান চিনে ফেন মহোৎসৱত যিদিনা জ্যোতিপ্রসাদৰ জয়মতী চাবলৈ পাইছিলোঁ সেইদিনাই (১৯ জুলাই ২০০৮) বলীউডৰ ছয়জন পৰিচালকৰ দ্বাৰা নির্মিত “মুম্বাই কাটিং” নামৰ চিনেমাখনো চাবলৈ পাইছিলোঁ। সেই ছয়জন পৰিচালকৰ মাজতে এজন আছিল জাহ্নু বৰুৱা। অ’ আমাৰ জাহ্নু বৰুৱা বুলি খেদি কুৰি চাবলৈ গ’লোঁ। চিনেমাখন আছিল কেইবাজনো পৰিচালকৰ দ্বাৰা নির্দেশিত কেইবাখনো ছুটি ছবিৰ এটা কোলাজ। সেয়ে আছিল ওচিয়ান চিনেমা মহোৎসৱৰ সামৰণি অনুষ্ঠান আৰু সেয়েহে চিনেমাখনৰ প্রদর্শণৰ আৰম্ভণীতে পৰিচালক সুধীৰ মিশ্রকে ধৰি কেইবাজনো ব্যক্তি মঞ্চত উপবিষ্ট আছিল। কেইবাখনো ছুটি ছবিৰ সংমিশ্রণেৰে একোখন পূর্ণদৈর্ঘ্যৰ ছবি নির্মাণ কৰাটো “ডৰনা মানা হেই”, “ডৰনা জৰুৰী হেই” আৰু “দশ কাহানিয়া”ৰ পিছত বলিউডত আৰু একেবাৰে নতুন কথা হৈ থকা নাই। জাহ্নু বৰুৱাৰ পৰিচালিত ছুটি ছবিখনৰ নাম আছিল “অঞ্জানে দোস্ত”। উল্লেখযোগ্য যে সেয়াই আছিল ভাৰতবর্ষত চিনেমাখনৰ প্রথম প্রদর্শণ। গতিকে প্রিমিয়াৰ বোলা যায়। চিনেমাখনত আৰু এজন উদীয়মান সম্ভাৱনাময় অসমীয়া সঙ্গীত শিল্পী যুক্ত আছিল, পাপন ওৰফে অঙ্গৰাগ মহন্ত। তেওঁৰ বিষয়ে কিছু কথা আগলৈ লিখিম।
এছিয় আৰু আৰৱ দেশৰ চিনেমাৰ প্রদর্শণেৰে ওচিয়ান চিনে ফেন উৎসৱৰ এয়া দশম বছৰ। প্রায় ছল্লিশখন দেশৰ মুঠ দুশখন চিনেমা এইবাৰ প্রদর্শিত হ’ল। ১৯৯৯ চনত সাতাইশখন চিনেমাৰে এটা সৰু উৎসব হিচাপে ওচিয়ান চিনেমা উৎসৱৰ আৰম্ভণী হৈছিল।
আমি আগৰ লেখাত অসমীয়া চিনেমা সম্পর্কে যিমানখিনি নঞর্থক সমালোচনা তুলি ধৰিছিলোঁ তাৰ কাৰণ হ’ল অসমীয়া চিনেমাৰ অগ্রগতিত থকা আমাৰ প্রত্যাশাৰ অপূর্তি। কিন্তু অসমীয়া চিনেমাৰ নিজস্ব এটা অৱস্থানো আছে। তুলনামূলক ভাবে অসমীয়া চিত্র নির্মাতাসকলৰ মাজত তুলুঙা পপুলাৰিটিৰ বিপৰীতে বাস্তৱতাৰ প্রতি এক ধৰণৰ আনুগত্য আমি দেখি আহিছোঁ যিটো স্বীকাৰ কৰিব লাগিব। কিন্তু প্রশ্ন উঠিব বাস্তৱতাৰ কোনখিনি সংজ্ঞা আমি গ্রহণ কৰিছোঁ। তথাকথিত অসমীয়া (অসমীয়া?) মধ্যবিত্তৰ বাবে সুবিধাজনক বাস্তৱতাৰ এটা সংজ্ঞাকেই আমি প্রতিপালন কৰি থকা নাই নে?
জাহ্নু বৰুৱাই নির্মাণ কৰা দুখন হিন্দী চিনেমা মই চাবলৈ পালোঁ। প্রথমখন চিনেমা “মেইনে গান্ধী কো নেহী মাৰা”ৰ বিষয়ে আগতেও এখন কাকতত এটা সমালোচনা লেখিছিলোঁ। “মেইনে গান্ধী কো নেহি মাৰা” চিনেমাখন চাই যিবোৰ কথা লেখিছিলোঁ সেই একেবোৰ কথাই এইবাৰ জাহ্নু বৰুৱাৰ আনখন হিন্দী ছবি চাই লেখিবলৈ মন গৈছে, বৰঞ্চ এইবাৰ যেন মোৰ ধাৰণা আৰু বিশ্লেষণ আৰু বেছি সত্য বুলিহে প্রতিপন্ন হ’ল।
চলচ্চিত্র নির্মাতা হিচাপে জাহ্নু বৰুৱাৰ স্কিল বা কুশলতা সম্পর্কে মোৰ ক’বলৈ নাই। মোৰো এজন অন্যতম প্রিয় পৰিচালক হ’ল জাহ্নু বৰুৱা। মোৰ অসুবিধা কেৱল অসমীয়া আধুনিকতাবাদৰ সৈতে, অসমীয়া মধ্যবিত্তৰ শিল্প চর্চাৰ অবিধাবোৰৰ সৈতে। অসমীয়া ছুটিগল্পতেই সম্ভৱতঃ এই আধুনিক অসমীয়া মধ্যবিত্তৰ হেজিমনি (প্রভূত্ব)বোৰৰ উমান আটাইতকৈ ভালকৈ অনুধাৱণ কৰিব পৰা যায়। অসমীয়া ছুটিগল্পই হয়তো আটাইতকৈ বেছি প্রদূষিত (কৰাপ্টেড্) ক্ষেত্র। পাঠকে বিচাৰিলে পাছলৈ অসমীয়া ছুটিগল্পত সযতনে সংৰক্ষিত অসমীয়া মধ্যবিত্বৰ মনস্তত্বৰ এটা অধ্যয়ণ আগবঢ়াব পাৰোঁ। তাৰ কাৰণে অসমীয়া ছুটিগল্পৰ বোদ্ধা সকলে আগৰে পৰাই টঙালি বান্ধিব পাৰে।
অসমীয়া ছুটিগল্পৰ সেই আটাইবোৰ সমস্যায়েই অসমীয়া চিনেমা শিল্পক প্রভাৱিত কৰি আহিছে। গল্প-কথনৰ শিল্পতকৈয়ো কবিতা-শিল্পৰ স’তে বা সঙ্গীতৰ স’তেহে যে চিনেমাশিল্পৰ সম্পর্ক ঘনিষ্ঠ হোৱা উচিত সেই কথাটো কাক কেনেকৈ বুজাওঁ? অসমীয়া চিনেমাৰ অন্যজন লাইখুটা সদৃশ ব্যক্তি ভবেন্দ্র নাথ শইকীয়াৰ চিনেমাবোৰো শেষ বিচাৰত একোটা ছুটি গল্পৰ চিত্রৰূপেই হৈ নাথাকেনে বাৰু? উল্লেখযোগ্য যে এই চিনেমাখনৰ (মুম্বাই কাটিং) টাইটেলত চিনেমাখনৰ ছুটি চিনেমাবোৰক ছুটি গল্প (চর্ট ষ্টৰিজ) বুলিয়েই উল্লেখ কৰা হৈছে।
অনুপম খেৰ আৰু উর্মিলা মাতোণ্ডকাৰ অভিনীত “মেইনে গান্ধী কো নেহি মাৰা” চিনেমাখনত আমি দেখা পাওঁ এজন বয়স্ক অধ্যাপক, যি আদর্শবাদী, গান্ধীবাদেৰে উদ্বুদ্ধ আৰু যাৰ পৰিপ্রেক্ষিতেৰে আমি দেখা পাওঁ আজিৰ সমাজৰ অৱক্ষয়ৰ ছবিখন। হে পাঠক, যদি আপুনি চিনেমাখন চোৱা নাই তেতিয়াহ’লে মাত্র ইমানখিনি সংবাদেৰেই আপুনি বাহ বাহ কৰি উঠিব। কাৰণ চিনেমাখন “সামাজিক ভাবে দায়বদ্ধ” (অসমীয়া সমালোচনা সাহিত্যৰ বাবে আটাইতকৈ জৰুৰী কথা) অথবা ইয়াত সামাজিক দায়বদ্ধতা আছে। কিন্তু এইবাৰ অন্যান্য সঁচা কথাবোৰো মনত পেলোৱা উচিত। সৰু-বৰ, প্রতিষ্ঠিত-উদীয়মান সকলো অসমীয়া গল্পলেখকৰ গল্পৰে অন্ততঃ আশী শতাংশ গল্পৰে নায়ক হয়তো অৱসৰ প্রাপ্ত শিক্ষক, অধ্যাপক নহলেবা কোনোমতে চাৰে ঘাৰে জীবন নির্বাহ কৰা একোজন চৰকাৰী কর্মচাৰী। কোনো পৰিশ্রমী ব্যক্তি, অত্যুতসাহী যুবক, নিজৰ ভৰিত থিয় দিবলৈ বিচৰা ব্যবসায়ী অসমীয়া ছুটিগল্পৰ নায়ক হ’বই নোৱাৰে। কাৰণ কর্মবিমুখ অসমীয়া লেখকৰ কল্পনাই নিজৰ সীমাৰ বাহিৰত কল্পনা কৰিবই নোৱাৰে। অসমীয়া একাঙ্ক নাটক বুলি যে এটা বস্তু আছে, তাৰ ক্ষেত্রতো একেটা কথাই দেখিবলৈ পাওঁ। নাটকৰ চূড়ান্ত “মেছেজ”টো সদায়ে দিবহি এজন অৱসৰ প্রাপ্ত শিক্ষক, অধ্যাপক অথবা পেন্সন নোপোৱা কর্মচাৰীয়েহে। একেটা কাৰণতে বিহপূৰীয়াৰ জিন্টু ভট্টাচার্যৰ “দিক্ষা” নাটকখনৰ সমালোচনা কৰিছিলোঁ। “মেইনে গান্ধি কো নেহি মাৰা” চিনেমাখনতো অনুপম খেৰ কেন্দ্রীয় চৰিত্র, আৰু তেওঁ হ’ল এজন অৱসৰ প্রাপ্ত অধ্যাপক।
এতিয়া দ্বিতীয় কথাটো হ’ল, চাৰিওফালে যি হৈ আছে আটাইবোৰ বেয়াৰ কাৰণে হৈছে, যিমানবোৰ ভাল আছিল সেই আটাইবোৰেই অতীত। জাহ্নু বৰুৱাৰ চিনেমাখনতো সেইটোৱেই সাৰমর্ম। জাহ্নু বৰুৱাৰ আন এখন ক্লাছিক “সাগৰলৈ বহুদূৰ”লৈ মনত পেলাওক। দলং এখন নির্মাণৰ ফলত সৃষ্টি হোৱা নাৱৰীয়া এজনৰ জীৱন নির্বাহৰ সমস্যা। কিন্তু এই সমস্যাটোকে ৰোমান্টিচাইজ কৰাৰ বাহিৰে অন্য কোনো প্রগতিবাদী দৃষ্টিভঙ্গী আমি পাওনে চিনেমাখনত? নতুন পুৰণিৰ এটা দ্বন্দ আমি দেখিবলৈ পাওঁ, কিন্তু এই দ্বন্দত পুৰনিৰ প্রতি এটা সহানুভুতি-সূচক দৃষ্টিৰ বাহিৰে চিনেমাখনত আন একো নাই।
অৱশ্যে এই নতুন হিন্দী চিনেমাখনত (“অঞ্জানে দোস্ত”) জাহ্নু বৰুৱাৰ অলপ উত্তৰণ ঘটিল। ইয়াতো মূখ্য নায়ক এজন কোম্পানীৰ কর্মচাৰী মধ্যবয়সী মধ্যবিত্ত। ঘৰুৱা পৰিবেশ বা সম্পর্কবোৰ যেনেকৈ দেখুউবা হ’ল সেইবোৰ আচলতে যিকোনো অসমীয়া বা গুজৰাটী বা মাৰাঠী মধ্যবিত্তৰ সাংসাৰিক ছবিৰ স’তে মিল বিচাৰিব পৰা। কি কাৰণতনো এই বিশেষ ঘটনাটো কেৱল মুম্বাইৰহে এটা ঘটনা, অন্য কোনো ঠাইৰ নহয় সেইটো প্রতিষ্ঠা কৰাত জাহ্নু বৰুৱা ব্যর্থ হ’ল। “মুম্বাই কাটিং” নামেৰে মুম্বাইৰ লাইফ-স্টাইল দেখুউৱাৰ যি প্রতিশ্রুতি সামগ্রিক চিনেমাখনত আছিল সেয়া এইখন চিনেমাত আছিল বুলি ক’ব নোৱাৰি। সৌভাগ্য জনক ভাবে এই চিনেমাখনত নায়কে এজন অল্পবয়সী যুৱকৰ প্রাণৱন্ত জীৱন চর্যাৰ দ্বাৰা অণুপ্রাণিত হৈ নিজৰ ক্ষেত্রত ঘটি থকা অন্যায় অবিচাৰৰ প্রতিবাদ কৰিবলৈ শিকে। কিন্তু শেষ পর্যন্ত এটা নীতিশিক্ষাহে যেন চিনেমাখনে বহন কৰি থাকিল, কোনো নান্দনিক স্বাদ ই বহন নকৰিলে। সমাজৰ প্রতি এটা শিক্ষা, এটা মেছেজ যেন বহন কৰিবই লাগিব, সেই প্রৱণতাটোকেই আমি দেখিবলৈ পালোঁ। মুম্বাইৰ মধ্যবিত্তৰ জীৱনৰ ছবি এখন নির্মাণত হয়তো জাহ্নু বৰুৱা সফল, কিন্তু যি নেৰেটিভেৰে “অঞ্জানে দোস্ত” নামৰ চিনেমাখন গঁঠা হৈছে তাৰ লগত “মুম্বাই কাটিং” (যিখন চিনেমাৰ ই অংশ) চিনেমাখনৰ সামগ্রিক ইম্প্রেচনৰ কোনো সঙ্গতি নাই। মুম্বাই কাটিং” চিনেমাখনৰ টাৰগেট অ’ডিয়েৰন্সৰ লগতো ইয়াৰ সঙ্গতি নাই। ফলত চিনেমাখন ফ্লপ। অ’ আমাৰ জাহ্নু বৰুৱা বুলিয়েই এটা চেন্টিমেন্ট দেখুৱাই চিনেমাখনক ভাল বুলিবলৈ আমি বাধ্য নহয়। চিনেমা এখন চাবৰ পৰত আমি চিনেমা এখনেই চাবলৈ বিচাৰোঁ। কোনো উপদেশ শুনিবলৈ নিবিচাৰোঁ। অসমীয়া চিনেমাৰ ক্ষেত্রত ইমানবোৰ শ্রেষ্ঠতম চিনেমা উপহাৰ দি অহা পৰিচালক এজনে সর্বভাৰতীয় পর্যায়ত নিজকে এজন মিডিওকাৰ পৰিচালক হিচাপেহে আত্মপ্রকাশ কৰিব নেকি? এইখিনিতেই আমাৰ খেদ।
No comments:
Post a Comment