সদৌ অসম সূর্য বৰা সোঁৱৰণী একাঙ্ক নাট প্রতিযোগিতাৰ পঞ্চদশ বর্ষপূর্তিৰ মুহূর্তত
সম্ভাৱনা, প্রতিশ্রুতি আৰু প্রত্যাশা – অলপমান ভৱিষ্যতমূখী চিন্তা
সমুদ্র কাজল শইকীয়া
আমি বহুদিন ধৰি অসমীয়া একাঙ্ক নাটৰ সম্ভাৱনা আৰু প্রতিশ্রুতি সম্পর্কে চিন্তা চর্চা কৰি আহিছোঁ, সেই প্রসঙ্গতে সূর্য বৰা সোঁৱৰণীৰ অৱদানৰ কথাও বাৰে বাৰে উল্লেখ কৰিছোঁ। সু খবৰ যে এই বিষয়ত লেখা এটা বিস্তৰ আলোচনা কেৰেলা বিশ্ববিদ্যালয়ৰ পৰা সম্পাদন কৰা এখন সংগ্রহত সংকলিত হৈছে আৰু অক্সফোর্ড ইউনিভার্চিটি প্রেছৰ পৰা প্রকাশ কৰাৰ যো যা চলি আছে। এই লানি আলোচনাৰ কিছু সংক্ষিপ্ত ৰূপ ইতিপূর্বে অসমীয়া ভাষাতো একাধিকবাৰ প্রকাশ হৈ গৈছে[1]। সেই আলোচনাৰ গুটিদিয়েক দিশৰ লগতে ইয়াত আমি “সূর্য বৰা সোঁৱৰণীৰ” ভূমিকা আৰু আমাৰ প্রত্যাশা সম্পর্কে কিছু নতুন চিন্তাৰ অৱতাৰণা কৰিবলৈ বিচাৰিম।
অসমীয়া একাঙ্কিকাই সচেতন ভাবে অথবা অজানিতেই এটা বিৰাট ৰাজনৈতিক দায়িত্ব পালন কৰি আহিছে, সেই দায়িত্ব ভাৰৰ বিশ্লেষণ আমাৰ আলোচনাৰ প্রথম পর্ব। দ্বিতীয় পর্বত সেই ৰাজনৈতিক প্রতিশ্রুতিৰ সীমাবদ্ধতাক উল্লেখ কৰি আজিৰ দিনত এই অনুষ্ঠানটোৰ কৰণীয় কি হ'ব পাৰে তাৰ এটা আভাস দাঙি ধৰিম।
সু ব সোঁ –ৰ পঞ্চদশ বর্ষপূর্তিত আমি যেনেকৈ আহ্লাদিত, গৌৰৱাম্বিত তেনেকৈয়ে কিছুমান ক্রমান্বয়ে বাঢ়ি অহা প্রত্যাশাক লৈ উৎকণ্ঠিতও। কিয়নো যোৱা পাঁচটা দশক জুৰি এই অনুষ্ঠানটিয়ে কিমান অৱদান আগবঢ়ালে তাৰ খতিয়ন জুকিয়াই চোৱাটো আজি যিমান প্রাসঙ্গিক, সিমানেই প্রাসঙ্গিকতাৰে অনাগত দিনৰ স্বপ্ননির্মাণো আজিয়েই কৰিব লাগিব।
অসমীয়া একাঙ্কিকাৰ প্রতিশ্রুতি
স্বাধীনতা লাভৰ পৰৱর্তি কালছোৱাত অতি দ্রুতগতিত অসমৰ গাঁৱে ভূঞে, নগৰে চহৰে একাঙ্কিকা নাটকৰ প্রতিযোগিতাবোৰ অনুষ্ঠিত হ’বলৈ লয়। (অতুলচন্দ্র হাজৰিকাৰ ‘মঞ্চলেখা’ অনুসৰি অসমৰ প্রথমখন একাঙ্কিকা নাটকৰ প্রতিযোগিতা অনুষ্ঠিত হয় ডিব্রুগড়ত ১৯৫৯ চনত। সেই একেটা বছৰতে অসম একাঙ্কিকা নাট সন্মিলনৰো প্রতিষ্ঠা হয়।) বিশেষকৈ অসমীয়া একাঙ্ক নাটকে তিনিটা বিশেষ কথাৰ কাৰণে এটা স্বয়ংসম্পূর্ণ বিকল্পধর্মী সাংস্কৃতিক অনুষ্ঠান হিচাপে আমাৰ মনযোগ আকর্ষণ কৰিবলৈ বিচাৰেঃ (ক) এইবোৰৰ সঘন উপস্থিতি, (খ) অনুন্নত বা উন্নয়নশীল গাঁও অথবা অর্ধচহৰীয়া অঞ্চলত এইবোৰ নাটকৰ প্রাচুর্য আৰু (গ) আধুনিক একাঙ্ক নাটকৰ ধর্ম অনুযায়ী এইবোৰৰ একান্ত বাস্তৱবাদী চেহেৰা। প্রথমটো কথাই আমাক সোঁৱৰাই দিব খোজে এই একাঙ্কিকা নাটকো সাংস্কৃতিক উৎপাদন বা পণ্যৰে অংশ, দ্বিতীয়টোৱে সূচায় গণকৃষ্টি (মাচ কালচাৰ) হৈ উঠিব পৰাৰ সম্ভাৱনা আৰু তৃতীয়টোৱে নির্দেশ কৰে সমাজ বাস্তৱতাৰ কথা।
নিশ্চয়কৈ একাঙ্কিকা আধুনিকতাৰ সৃষ্টি। আধুনিকতাবাদেই জন্ম দিয়ে একাঙ্কিকাৰ ধাৰণাটোৰ। এৰিষ্টোতলৰ পিৰামিডটোৰ সামঞ্জস্য ৰাখি এখন পূর্ণাঙ্গ নাটকে পাঁচটা বা তিনিটা অঙ্ক বহন কৰাৰ বিপৰীতে একাঙ্কিকা নাটকে বহন কৰিব মাত্র এটা অঙ্ক – সেয়ে প্রাথমিক চর্ত। একাঙ্কিকাই এটা মাত্র অঙ্কৰ ভিতৰতে আৰোহণ-অৱৰোহণ সকলোবোৰ নিয়াৰিকৈ গাঁঠি ল’বও পাৰে অথবা (ইচ্ছাকৃত ভাবেই) এৰিষ্টোতলে কৈ যোৱা সেই নাটকীয় ঐক্য পৰিহাৰ কৰিবও পাৰে। কাৰণ অল্পদৈর্ঘ্যৰ সময়ৰ হেতুকে একাঙ্কিকাত সামগ্রিকতা হেৰাই যোৱাৰ ভয় সামান্য মাত্র। একাঙ্কিকা ইয়াৰ নিজৰ পৰিসৰৰ ভিতৰতে স্বয়ংসম্পূর্ণ। অন্যান্য পূর্ণদৈর্ঘ্যৰ নাটকৰ মহাকাব্যিকতা, আতিশয্য আৰু সময়ৰ ব্যাপ্তিক ই পৰিহাৰ কৰে। কিন্তু সেই বুলিয়ে একাঙ্কিকাক একোখন সংকুচিত পূর্ণাংগ নাটকৰ ৰূপ বুলিলেও অন্যায় কৰা হ’ব। একাঙ্কিকা আৰু পূর্ণাঙ্গ নাটকৰ সম্পর্কটোক চুটিগল্প আৰু উপন্যাসৰ পাৰস্পৰিক সম্পর্কটোৰে ৰিজাই চোৱাটো সম্ভৱ ভুল নহ’ব। যদিওবা মুল গঠণকাৰী উপাদানসমূহ একেই (পৰিৱেশ ব্যাখ্যা, বর্ণনা, চৰিত্র, ঘটনা – ইত্যাদি) ছুটিগল্প আৰু উপন্যাস দুটা স্বয়ংসম্পূর্ণ মাধ্যম। ছুটিগল্পই কৰাৰ দৰেই একাঙ্কিকাই সাঙ্কেতিক সময় আৰু বাস্তৱ সময়ক পৰস্পৰৰ পৰিপূৰক কৰি তুলিবলৈ বিচাৰে, যিটো উপন্যাস বা পূর্ণাঙ্গ নাটকৰ ক্ষেত্রত অন্য ধৰণৰ হৈ উঠে। অর্থাৎ বাস্তৱত, দৈনন্দিন জীৱনত, আধাঘন্টা সময়ত সংঘটিত ঘটনা এটাক একাঙ্কিকা এখনে আধা ঘন্টা সময়তেই উপস্থাপনা কৰিবলৈ বিচাৰিব। এখন পূর্ণাঙ্গ নাটকে যদি মহাত্মা গান্ধী নামৰ মানুহজনৰ জীৱনকাহিনী সাঙুৰিবলৈ বিচাৰে, তাৰ বিপৰীতে একাঙ্কিকা এখনে সেই ব্যক্তি বিশেষৰ জীৱনবীক্ষা প্রকাশ পোৱাকৈ তেওঁৰ জীৱনৰ এটা সৰু ঘটনাকহে উপস্থাপন কৰিবলৈ বিচাৰিব। প্রথমটোৰ বিৰাট ঐতিহাসিক প্রেক্ষাপটৰ বিপৰীতে দ্বিতীয়টোৰ প্রেক্ষাপট হ’ল – মুহূর্ত।
আধা ঘন্টাৰ কাহিনী এটাক আধা ঘন্টা সময়ৰ দৈর্ঘ্যৰ ভিতৰতে প্রকাশ কৰিবৰ যি প্রৱণতা – সেয়ে একাঙ্কিকাৰ গৌৰৱ আৰু মর্যাদা। শাৰীৰিক বাস্তৱতা, কল্প বাস্তৱতা – দুয়োটা এনেকৈয়ে একাকাৰ হৈ পৰে। সময়ৰ সীমাবদ্ধতাৰ কাৰণেই চৰিত্রৰ পুঙ্খানুপুঙ্খ ডিটেইলত গুৰুত্ব দিবৰ অৱকাশ নাথাকে, সেয়ে একাঙ্কিকাই একেকোবেই মূল বিষয়বস্তুত গুৰুত্ব আৰোপ কৰে আৰু বাচিক আতিশয্য, ঠেলা-হেঁচা চৰিত্রৰ ভীৰ আৰু ঘটনাৰ বাহুল্য পৰিহাৰ কৰি চলে। ফলত দিন-প্রতিদিনৰ ঘটনা একোটাই তাৰ সংক্ষিপ্ত আৰু মূলগত ৰূপ লৈ একাঙ্কিকাৰ মাজেৰে আত্মপ্রকাশ কৰে। বিৰাটত্ব আৰু মহাকাব্যিক বাক্য-চাৰণ পৰিহার্য হোৱাৰ বিনিময়ত ই দৈনন্দিন বাস্তৱতাৰ তেনেই চমু চাপি আহিব পাৰে। বেছিভাগ ক্ষেত্রতে একাঙ্কিকাৰ দর্শকে একাঙ্কিকাৰ অভিনেতাৰ দেহত ৰজা-মহাৰজাৰ পোছাক অথবা মুখত জকমকীয়া মেক্আপ চাবলৈ নিবিচাৰে। নিবিচাৰে ‘এখন দেশত এজন ৰজা আছিল’ জাতীয় কোনো ঘটনা। বৰঞ্চ দর্শকে বিচাৰে একান্ত নিত্য নৈমিত্তিক কিবা এটা – বজাৰখন, পাণ দোকানখন, বাছ আস্থান, মধ্যবিত্তৰ ঘৰৰ আলহী কোঠা, শোৱনিকোঠা, ফুটপাঠ ইত্যাদি। একাঙ্কিকা - সকলো অর্থতে ক্ষণস্থায়ী। একাঙ্কিকাৰ এটা স্ক্রিপ্ট বৰ বেছি দিনলৈ মঞ্চস্থ হৈ থকা দেখা নাযায়। সোনকালেই ইয়াৰ “ভেলিডিটি” শেষ হৈ যায়। সেয়েহে একাঙ্কিকা একান্তভাবে ইয়াৰ সমসাময়িকতাৰ ওচৰত অনুগত, আৰু এই আনুগত্যই ইয়াক দায়বদ্ধ কৰি তোলে। কথাবোৰ আকৌ এবাৰ জুকিয়াই লওঁ আহকঃ
(১) সঘন উপস্থিতিৰে আৰু ক্ষিপ্রতৰ বুদ্ধিমত্তাৰে একাঙ্কিকাই ধৰি ৰাখিব খোজে একান্ত নিত্য নৈমিত্তিক ঘটনা একোটা আৰু একে সময়তে আমাৰ প্রাত্যহিকতালৈ থিয়েটাৰ শিল্পক নমাই আনিবলৈ বিচাৰে।
(২) একাঙ্কিকা সেই গৰীৱ কলা কুশলী সকলৰ বাবে এক প্রশস্ত মাধ্যম, যি সকলৰ হেঁপাহ আৰু সপোন আছে, কিন্তু শব্দযন্ত্র-পোহৰ-প্রেক্ষাগৃহ আহি ভাড়া কৰিবৰ জোখাৰে আর্থিক সামর্থ্য নাই।
(৩) একাঙ্কিকা অ-পেশাদাৰী সকলৰ মাধ্যম (যাৰ পেশা নাই), ন-শিকাৰুসকলৰ আৰু বিশেষকৈ মহাবিদ্যালয়ৰ ছাত্র-ছাত্রীসকলৰ।
(৪) একাঙ্কিকাৰ প্রাদুর্ভাৱ আটাইতকৈ বেছি আধা-গাওঁ আধা-নগৰ অঞ্চলত আৰু ঠিক তেনেকৈয়েই সৰহভাগেই “নন-প্রফেচনেল” দর্শকৰ সন্মুখত পৰিবেশিত হয়।
(৫) একাঙ্কিকাই কোনো বিৰাট ৰাজসিক-পৌৰাণিক-ঐতিহাসিক ঘটনাৰ বিপৰীতে তুচ্ছ প্রত্যাহিকতাকেই বিষয়বস্তু হিচাপে বাছি ল’বলৈ উন্মুখ।
দেখা গ’ল প্রাত্যহিকতাৰ কল্পৰূপ (গেৰি টার্তাকভৰ ভাষাতঃ Imagery of Everyday Life) নির্মাণত অসমীয়া একাঙ্কিকা ন্যস্ত। বুর্জোৱা সংৰক্ষণশীল শিল্পচর্চাৰ নান্দনিকতাৰ প্রতি ই বৈপ্লবিক বৃদ্ধাংগুষ্ঠ প্রদর্শণ কৰাৰ প্রতিশ্রুতি দিয়ে। ই ক’ব খোজে নাটক চহৰৰ এমুঠি অর্থৱান মানুহৰ মনোৰঞ্জনৰ কাৰণে “সংৰক্ষিত” সম্পদ নহয়, বৰঞ্চ উপকণ্ঠ অঞ্চলৰ অগণিত সাধাৰণ মানুহৰো সম্পদ। এহাতে একাঙ্কিকাই মুষ্টিমেয় এচাম ‘প্রফেচনেল’ৰ হাতৰ ক্ষমতা কাঢ়ি আনি অগণিত ঘটিৰাম বাটিৰামৰ হাতলৈ বিলাই দিয়াৰ প্রৱণতা দেখুৱায়। ই ব্যক্তিকেন্দ্রিক “চেলিব্রিটি ষ্টেটাচ” (গ্লেমাৰাছ অভিনেতা, নাট্যকাৰ, পৰিচালক) খণ্ডন কৰি ‘উচ্চ-থিয়েটাৰ’ৰ অস্তিত্ববাদী সমস্যাৰ সমাধানৰ প্রতিশ্রুতি দিয়ে। আত্মপ্রেমী (নার্চিছিষ্ট) পঙ্গু অভিনেতাবোৰক একাঙ্কিকাই পৃষ্ঠপোষকতা নিদিয়ে। দ্বিতীয়তে, বিৰাট চৌখিন থিয়েটাৰৰ বাসনাবোৰক একাঙ্কিকাই ভেঙুচালি কৰে। গাঁৱৰ আটাইতকৈ নিমাত নিশ্চুপ ছোৱালী একোজনী হঠাতে প্রস্তুতি পৰাশৰ হ’বলৈ বিচাৰে। কিন্তু একাঙ্কিকা কৰি উঠি তাই বুজি পায় – তাই আচলতে ক, খ অথবা গ। যিহেতু আটাইতকৈ পৰিচিত স্বাভাবিক ঘটনা একোটাহে একাঙ্কিকাৰ উপজীব্য, সেয়েহে অভিনেতা অভিনেত্রীবোৰৰ স্বকীয় ব্যক্তিমানসৰ সৈতে নাটকৰ চৰিত্রৰ মনস্তত্বৰ অপূর্ব সামঞ্জস্য দেখিবলৈ পোৱা যায়। চতিয়াৰ দীপক গগৈৰ গাঁৱলীয়া পটভূমিত ৰচিত নাটক এখন ৰূপায়ণ কৰা চতিয়াৰ কলা-কুশলীসকলক আমি মঞ্চত দেখি অনুভৱ কৰোঁ নাটকৰ চৰিত্র সমূহ যিখন গাঁৱৰ বাসিন্দা – এই অভিনেতাসকলেও প্রকৃততেই সেইখন গাঁৱতেই বাস কৰে। এই অভিনয়ত প্রৱঞ্চনা নাই।
একাঙ্কিকাৰ অভিনেতাজন প্রকৃততেই এজন “যি কোনো মানুহ” (anybody)। এই “যিকোনো মানুহ”জনক বাটে-ঘাটে লগ পাব পাৰি। তেওঁ কেৱল দৈনন্দিন জীৱনৰ এটা “যিকোনো” ঘটনাৰ লগত জড়িত এটা “যিকোনো” চৰিত্র ৰূপায়িত কৰে। তেওঁৰ কোনো বিশেষত্ব নাই। তেওঁ ক, খ অথবা গ। সঁচা কথা ক’বলৈ গ’লে প্রফেচনেল একাঙ্কিকা অভিনেতা বুলি কোনো নাই। সেই “যিকোনো” মানুহজন কোনো আর্টিষ্ট-সম্প্রদায়ৰ অন্তর্ভূক্ত নহয়। তেওঁ কেৱল “যিকোনো” এজন। যদি তেওঁ কোনোবা বিখ্যাত মানুহো হয়, একাঙ্কিকাত তেওঁ “যিকোনো” এটা চৰিত্র ৰূপায়িত কৰে। এনেকৈয়ে আমাৰ গাঁৱৰ অথবা সৰু চহৰখনৰ যিকোনো ‘হিৰো’ একোজনৰ অথবা পাণদোকান এখনৰ গাঁথা চলি থাকে।
কিন্তু বাস্তৱতাৰ অন্য পিঠিখনত অন্য বাস্তৱতা আছে, অন্য কিছুমান সত্যতা চলি আছে, যিয়ে এই গোটেইখিনি প্রতিশ্রুতি বা সম্ভাৱনাক কৰি তোলে ফুটুকাৰ ফেন।
দুর্ভাৱনা
আমি পাহৰিলে নচলিব যে একাঙ্কিকা নাটক বা ছুটি নাটক এটা স্বয়ংসম্পূর্ণ ধাৰা হিচাপে আজিলৈকে গঢ়ি উঠা নাই, কেৱল ইয়াক দেখা যায় অসমৰ ইমূৰৰ পৰা সিমূৰলৈকে অনুষ্ঠিত হোৱা প্রতিযোগিতাবোৰৰ পৃষ্ঠপোষকতাতহে। প্রতিযোগিতাৰ পৰিপ্রেক্ষিতত অন্য কিছুমান কথাই আমাৰ মনযোগ আকর্ষণ কৰে। প্রতিযোগিতা বুলিলেই আহি পৰে নিয়মানুৱর্তিতা, অনুশাসন, পদ্ধতি আৰু অৱশ্যেই প্রতিযোগিতামূলক মানসিকতা। এইবোৰেই আমাৰ আলোচনাক অন্য দিশলৈ ধাবিত কৰায়। এটি সততে উপেক্ষিত ধাৰা হিচাপে একাঙ্কিকাই অন্য কিছুমান উপেক্ষিত বিষয়বস্তুক উপেক্ষা কৰি ইয়াৰ নিজৰ প্রদত্ত প্রতিশ্রুতিক সন্দিহান কৰি তোলে। যদিও চহৰীয়া, উচ্চ থিয়েটাৰৰ বা কমার্চিয়েল থিয়েটাৰৰ বিপৰীতে ইয়াৰ অৱস্থান, তথাপি সেই বিৰাট লোভনীয় নাট্যচর্চাৰ কিছুমান আদর্শগত সমস্যা (আইডিওলজিকেল প্রব্লেম) একাঙ্কিকায়ো বহন কৰি চলা দেখা যায়। একাঙ্কিকা সেয়েহে ইয়াৰ বিৰাট সম্ভাৱনা ব্যতিৰেকে অন্য এক বিকল্প হৈ উঠিব পৰা নাই। মেইনষ্ট্রিম সংস্কৃতিচর্চাৰ (অভিজাত, এলিট, ৰাষ্ট্রীয়, বুর্জোৱা...) প্রভূত্ব, কর্তৃত্ব আৰু উচাত্মিকতাবোধ একাঙ্কিকা চর্চাৰ মাজতো দেখা যায়। আমি যিমানেই ইতিবাচক দিশ উন্মোচনৰ কথা নাভাবোঁ কিয়, অসমীয়া একাঙ্কিকাই কেৱল নির্দিষ্ট এটা শ্রেণীৰ মানুহৰ ইচ্ছা-অভিৰুচিকেইহে সন্তুষ্ট কৰি আহিছে আৰু সেয়া হ’ল অসমীয়া মধ্যবিত্ত শ্রেণী। গতিকে মধ্যবিত্তৰ প্রভূত্বৰ বিৰোধিতা কৰিব পাৰিব বুলি আমি ভাবিবলৈ বিচৰা কিছুমান বিকল্প ব্যৱস্থায়ো দেখিছোঁ সেই একেখিনি সমস্যাৰেই পৃষ্ঠপোষকতা কৰি আহিছে।
যোৱা অর্ধশতিকাযোৰা অসমীয়া একাঙ্কিকাৰ ইতিহাসত আমি দেখিবলৈ পাওঁ কেনেকৈ উপেক্ষিত সকল উপেক্ষিত হৈয়ে ৰৈছে, যেনেঃ শিশু, মহিলা, কিশোৰ, স্থানীয় চল্তি ভাষাত কথা কোৱা মানুহ, চাহ-জনগোষ্ঠী, অন্যান্য ভাষিক জনজাতীয় গোষ্ঠী ইত্যাদি। মনত ৰখা উচিত যে আমি যেতিয়াই “অসমীয়া” বুলি কওঁ, আমি “মান্য” অসমীয়া ভাষাত কথা পতা, বৈষ্ণৱ ধর্মাৱলম্বী, মধ্যবিত্ত শ্রেণীৰ কথাহে কওঁ। এটা বিশেষ শ্রেণীৰ মূল্যবোধ আৰু বিচাৰকহে আমি অগ্রাধিকাৰ দি থাকোঁ।
তাৎক্ষণিকতা আৰু সঘন উপস্থিতিৰে সৰুসুৰা অঞ্চলবোৰত একাঙ্কিকাই বাতৰিকাকতৰ দৰেই ভূমিকা পালন কৰে। দর্শকে একাঙ্কিকাত কেৱল সমসাময়িক সমালোচনাৰ প্রত্যাশাহে ৰাখে। কিন্তু এটাই যেন চর্ত, সি মধ্যবিত্ত সমাজৰ আত্মপ্রেম বা নার্চিছিজমক তৃপ্ত কৰিব পাৰিব লাগিব। আৰু এই মধ্যবিত্তৰ জাতীয় চেতনাৰ আত্মপ্রীতিয়ে বিভিন্ন ভৌগোলিক-সাংস্কৃতিক বৈশিষ্ট্যবোৰক মষিমূৰ কৰি সকলোকে একেটা সুৰতে বান্ধিব খোজে। ৰাজ্যখনৰ ইমূৰৰ পৰা সিমূৰলৈকে সকলো শ্রেণীৰ মানুহৰ মাজতে একেটাই মাপকাঠি প্রতিষ্ঠা কৰিব খোজে; সমাজ সচেতনতাৰ নামত “আগৰ দিনবোৰেই ভাল আছিল, নতুন যি হ’বলৈ লৈছে আটাইবোৰেই বেয়া” – এনে ধৰণৰ এটা মধ্যবিত্তীয় কুপমণ্ডুকতাকেই বাৰে বাৰে প্রদর্শন কৰিবলৈ বিচৰা হয়। একাঙ্কিকাক বিকল্প বুলিছিলোঁ যদিও ই সমগ্র সমাজ ব্যৱস্থাটোৰ বাহিৰত নহয়। অভিনেতা আৰু দর্শকৰ ক্ষমতা বিতৰনৰ প্রক্রিয়াটো (power relationship or the performer and the spectator) একাঙ্কিকাই আৰু জটিল কৰি তোলে। মঞ্চত স্পট লাইটৰ তলত থকা ভীক্ষাৰীৰ চৰিত্রৰ অভিনেতা এজনে প্রেক্ষাগৃহৰ অন্ধকাৰত নিমজ্জিত ধনী মানুহ এজনতকৈও নিজকে ক্ষমতাশালী বুলি ভাবিব পাৰে। বাৰু, এইখিনি সদ্যহতে থাওক। অন্য ঠাইত আলোচনা কৰিম।
অসমৰ ইমূৰৰ পৰা সিমূৰলৈকে দেখা পোৱা একাঙ্কিকা নাট প্রতিযোগিতা পৰিচালনা সমিতিসমূহৰ বেছিভাগতেই এটা জাতীয়তাবাদী প্রৱণতা দেখা পোৱা যায় আৰু এই তথাকথিত ‘জাতীয়তাবোধ’ প্রতিযোগিতাত অন্তর্ভূক্ত নাটকসমূহতো দেখা পোৱাটো স্বাভাৱিক। এনে পৰিপ্রেক্ষিতত জাতীয়তাৰ লগত জড়িত হৈ থকা স্ববিৰোধী প্রশ্নবোৰ উত্থাপিত হ’বৰ কোনো সুযোগ নাই। আকৌ, প্রতিযোগিতা একোখনক সাফল্যমণ্ডিত কৰি তুলিবৰ কাৰণে পৰিচালনা সমিতিৰ তৰফৰ পৰা কিছুমান নিয়ম নীতি ধৰি দিয়া হয়, কালক্রমত সেই নীতি-নিয়মেই দূর্ভাগ্যজনক ভাবে নাটকশিল্পৰো নিয়মনীতিত পৰিণত হয়। উদাহৰণ স্বৰূপে বিশ্বনাথ চাৰিআলিৰ ঐতিহ্যমণ্ডিত ‘সদৌ অসম সূর্য বৰা সোঁৱৰণি একাঙ্ক নাট প্রতিযোগিতা সমিতি’ৰ তৰফৰ পৰা প্রচাৰিত নিয়মাৱলীখনৰ পৰা নির্বাচিত কিছু অংশ উল্লেখ কৰা হ’লঃ
...২, ক) প্রতিযোগিতাত কেৱল মৌলিক নাটকহে মঞ্চস্থ কৰিব। অনুবাদ নাটক মঞ্চস্থ কৰিব নোৱাৰিব। অৱশ্যে কাহিনীকাৰৰ অনুমতিক্রমে ৰূপান্তৰিত নাটক মঞ্চস্থ কৰিব পাৰিব।
খ) একাধিক শিশু চৰিত্র থকা নাটক প্রতিযোগিতাৰ বাবে গ্রহণ কৰা নহ’ব।
...
৪) প্রতিযোগিতাৰ নাটকসমূহত চৰিত্রৰ সংখ্যা আঠজনৰ বেছি হ’ব নোৱাৰিব।
৫) এই প্রতিযোগিতাত এবাৰ মঞ্চস্থ কৰা নাটক দ্বিতীয়বাৰৰ বাবে গ্রহণ কৰা নহ’ব।
৬) প্রতিযোগিতাত নাটকৰ পুৰুষ চৰিত্রসমূহ পুৰুষে আৰু স্ত্রী চৰিত্র সমূহ মহিলাই অভিনয় কৰিব লাগিব।
৭) ক) প্রতিযোগিতাত প্রতিখন নাটক অভিনয়ৰ কাৰণে পঞ্চলিশ মিনিট সময় দিয়া হ’ব...
উল্লেখযোগ্য যে অসমৰ প্রায় প্রতিখন একাঙ্কিকা নাট প্রতিযোগিতা সমিতিয়ে প্রায় একেধৰণৰ নিয়মাৱলীকেই পালন কৰি আহিছে। বহুকাল ধৰি এই নিয়মবোৰ পালিত হৈ অহাৰ ফলত এতিয়া একাঙ্কিকা নাটকৰ সংজ্ঞায়েই এনেকুৱা হৈ পৰিছে যে একাঙ্কিকা নাটক সেয়াই যি ৩০-৪৫ মিনিটৰ ভিতৰত সম্পূর্ণ হয়, আঠটা বা তাতোকৈ কম চৰিত্রহে বহন কৰা, আৰু কোনো কাৰণতে এটাতকৈ বেছি শিশু থাকিব নোৱাৰে। ওপৰৰ উল্লেখ কৰা ২ (ক) নিয়মটোৱে অন্য ভাষাৰ নাটক এখন অনুবাদ কৰি অন্য ভাষাৰ নাট্যচর্চাৰ সোৱাদ ল’বলৈ অণুপ্রাণিত নকৰে। ২ (খ) আৰু ৪ নম্বৰ দুটাই বহুতো কলা-কুশলীক একেলগে লৈ এটা ডাঙৰ গ্রুপৰ সৈতে কাম কৰাৰ সুযোগটোতো বাধা প্রদান কৰে। তেনেকৈয়ে ৫ নম্বৰ নিয়মটোৱে একেখন মঞ্চতে একেখন নাটককে লৈ বাৰম্বাৰ পৰীক্ষামূলকভাবে নাটক কৰি যোৱাৰ প্রয়াসটোত বাধা আৰোপ কৰে। ফলত একাঙ্কিকা নাটক একোখনৰ আয়ুস ছুটি হ’বলৈ বাধ্য।
আগেয়ে উল্লেখ কৰি অহাৰ দৰে আমাৰ এই দুখীয়া দেশখনত এই প্রতিযোগিতাবোৰৰ প্রতি একান্ত অনুগত নহ’লে সৰু নগৰ বা গাঁও অঞ্চলত মঞ্চ নাটকৰ চর্চা কৰাটো প্রায় অসাধ্য। এমেচাৰ গ্রুপ একোটাই সম্পূর্ণ নিজাকৈ কিবা এটা কৰাটো এতিয়াও অলীক সপোন। ফলত সেই নাট্যকর্মীসমূহ এইবোৰ নিয়মৰ বশৱর্তী আৰু সেই ‘কর্তৃপক্ষ’বোৰৰ ওচৰত দায়বদ্ধ। অর্থাৎ এই প্রতিযোগিতা সমিতিবোৰে এহাতে এমেচাৰ নাট্যকর্মীবোৰলৈ নাটক কৰাৰ সুযোগ সুবিধা আগবঢ়ায়, অন্যহাতে সেই নাট্যকর্মীবোৰৰ সম্ভাৱনাক সীমিত কৰি ৰাখে। (এইসকল নাট্যকর্মী স্ব-ইচ্ছাৰে এমেচাৰ নহয়। তেওঁলোক এমেচাৰ, কাৰণ প্রফেচনেল হৈ উঠাৰ সুযোগ নাই।)
পৰিণতি এয়ে যে এটা মধ্যমীয়া নাট্যদলৰ পৰিৱেশনত সততে দেখা পোৱা অনুযায়ী, অভিনেত্রীগৰাকীয়ে যেতিয়া হাঁহি হাঁহি কান্দি উঠে, অথবা বিদ্রোহ কৰি উঠে, অথবা চিৎকাৰ কৰি উঠে, তেতিয়া দর্শকৰ আসনত বহি থকা মানুহ এজনে গম পাই যায় যে অভিনেত্রীজনীয়ে তেনে কৰিছে ‘শ্রেষ্ঠ অভিনেত্রী’ৰ খিতাপটোৰ আশাত। মধ্যমীয়া কুশলতাৰ নাট্যদলটো যেতিয়া নাটক বিচাৰি নাট্যকাৰৰ কাষ চাপে, তেতিয়া সোধে, এটা শিশু চৰিত্র আছেনে নাই – কাৰণ অন্য কোনো পুৰষ্কাৰ নহ’লেও শিশু চৰিত্রৰ পুৰষ্কাৰটো ‘লাগি যাব পাৰে’। প্রথম এসপ্তাহৰ ৰিহার্চেলত মধ্যমীয়া দলটো ব্যস্ত হৈ ৰ’ব এই নির্বাচনত যে কোনটো চৰিত্র ‘শ্রেষ্ঠ অভিনেতা’ৰ বাবে উপযুক্ত আৰু কোনটো উপযুক্ত ‘শ্রেষ্ঠ সহযোগী অভিনেতা’ৰ বাবে। ‘শ্রেষ্ঠা অভিনেত্রী’ৰ বাবে নির্মিত চৰিত্রটোৱে নজৰ সম্ভাৱনাবোৰ বুজি পায় আৰু ‘সহযোগী অভিনেত্রী’ৰ বাবে সৃষ্ট চৰিত্রটোৱেও নিজৰ সীমাবদ্ধতা বুজি পায়। কেতিয়াবা কিছুমান নাট্যকাৰে মূল চৰিত্রটোক ধেমেলীয়া কৰি তুলি সমস্যাৰ সৃষ্টি কৰে, কাৰণ তেতিয়া ঠিৰাং কৰিব নোৱাৰা হয়- এই চৰিত্রটো আচলতে কিহৰ কাৰণে ফিট্ - বেষ্ট এক্টৰ নে বেষ্ট কমেডিয়ান!
হয়, এটা মধ্যমীয়া নাট্যদলৰ নাট্যচর্চা নাট্য আলোচনাৰ বিষয়বস্তু হৈ উঠা উচিত নহয়; কিন্তু সৰু নগৰ আৰু গাঁও অঞ্চলত বর্তি থকা মধ্যবিত্তীয় মানসিকতাৰ চিন সিবোৰত স্পষ্ট, আৰু আগতে আমি কোৱা – ‘একাঙ্কিকা প্রাত্যহিকতাৰেই প্রতিফলন’ বোলা কথাষাৰকো ই ধূসৰিত কৰি তোলে। সেয়েহে আজি আমি এনে এটা দিনৰ অপেক্ষাত ৰৈ আছোঁ, যিদিনা অসমীয়া একাঙ্কিকা এই প্রতিযোগিতা-ব্যৱস্থাৰ পৰা মুক্ত হ’ব আৰু ই বহন কৰা প্রতিশ্রুতিবোৰ সম্পূর্ণ কৰিব। অসমীয়া একাঙ্কিকা সঁচাকৈয়ে দৈনন্দিন সাধাৰণ জীৱনলৈ সোমাই যাব। কলা-কুশলী সকললৈ আঙুলি টোঁৱাই কোনো ‘কর্তৃপক্ষ’ নাথাকিব। যিদিনা আঠটাতকৈ অধিক চৰিত্রই আৰু একাধিক শিশু চৰিত্রই নির্দ্বিধাই ভূমুকি মাৰিব পাৰিব। তাতোকৈ ডাঙৰ কথা, কন্দা আৰু হঁহা আৰু হাঁহি হাঁহি কান্দি পেলোৱাৰ ব্যতিৰেকেও নাৰী চৰিত্র সমূহ নিজস্ব মর্যাদাৰে উপস্থাপিত হ’ব। আমাৰ গাঁৱৰ লগতে লাগি থকা চাহবাগানৰ বনুৱা, বড়ো বা মিচিং গাঁৱৰ উদ্যোগীসকলেও আহি নিজৰ উপস্থিতি সাব্যস্ত কৰিব পাৰিব। আৰু যদিহে সম্ভৱ, এদিন অসমীয়া একাঙ্কিকাই প্রচেনিয়াম প্রেক্ষাগৃহৰ আর্কিটেক্সাৰৰ গণ্ডী এৰি থৈ আহি সঁচাসঁচিকৈ তিনি আলিৰ পাণদোকানখনৰ সন্মুখত আত্মপ্রকাশ কৰিবহি। তেনে এটা দিনৰ অপেক্ষাতে ৰৈ আছোঁ।
কিছু সাম্প্রতিক আৰু কিছু ভবিষ্যতমুখী প্রস্তাবঃ
এই কথাত হয়তো কাৰো দ্বিমত নাথাকিব যে পঞ্চাশ বছৰৰ আগৰ এই অনুষ্ঠানটোৰ প্রাসঙ্গিকতা, কর্মপদ্ধতি আৰু ভাবাদর্শ আজি পাঁচটা দশকৰ পিছতো সম্পূর্ণভাবে একে হৈ নাথাকিবও পাৰে। যিটো সময়ত একাঙ্ক নাটকৰ প্রতিযোগিতাৰ সংখ্যা আছিল সীমিত, টকা পইচা নিয়োগ কৰিব পৰা মানুহৰ সংখ্যা তাকৰ, নাটক কৰিবৰ বাবে উপযুক্ত প্রেক্ষাগৃহৰ বন্দোবস্ত নাই আৰু প্রকাৰান্তৰে এটা বিকল্প নাট্যচর্চাৰ প্রয়োজনীয়তা তীব্রতৰ হৈ উঠিছিল সেই সময়ত সূ ব সোঁ অনুষ্ঠানটিয়ে এটা অগ্রণী ভূমিকা গ্রহণ কৰিলে। এটা বিকল্প নাট্যচর্চাৰ প্রয়োজনীয়তা আজিও আছে, ইতিহাসৰ পাত লুটিয়াই দেখোঁ যে এই প্রয়োজনীয়তা সকলো সময়তে একেই থাকে। কিন্তু পৰিস্থিতি সাপেক্ষে তাৰ ৰেহৰূপ ভিন্ন হয়। পঞ্চাশ বছৰৰ আগৰ অসমীয়া জাতীয়তাবাদৰ স্বৰূপ আৰু আজিৰ জাতীওয়তাবাদৰ স্বৰূপো একে নহয়। এতিয়া অসমৰ চুকে কোণে দেধাৰ একাঙ্ক নাটৰ প্রতিযোগিতা অনুষ্ঠিত হয়। ভালে বেয়াই অজস্র প্রেক্ষাগৃহ অথবা কম্যুনিটি হল আদি গঢ়ি উঠিছে বিভিন্ন ঠাইত। টকা পইছা নিয়োগ কৰিব পৰা এচাম ধনীক শ্রেণীও আজি আছে, ৰাষ্ট্রীয় বা অন্তঃৰাষ্ট্রীয় পুঁজি সংগ্রহৰো বহুতো দিশ মুকলি হৈছে। এনেস্থলত সূ ব সোঁ অনুষ্ঠানে যদি কেৱল এটা পূর্বস্থিত পৰম্পৰাকেই টানি লৈ গৈ নাথাকি অলপ নতুন কর্মপদ্ধতি আঁকোৱালি লয়, তেনেহ’লে অসমৰ সাংস্কৃতিক পৰিমণ্ডলত বাটকটীয়া হিচাপে থকা ইয়াৰ আত্মমর্যাদা অক্ষুন্ন থকাৰ লগতে অনাগত দিনবোৰত এটা নতুন মাত্রাৰ সংযোগ ঘটিব।
এই নতুন প্রস্তাৱনালনিৰ কেইবাটাও স্তৰ আছে। প্রথম স্তৰত নিম্নোক্ত কথাখিনি এলানি সাৰগর্ভী আলোচনাৰ মাজেৰে জুকিয়াই চোৱা উচিত।
১। বিশ্বনাথ চাৰিআলিৰ দৰে এখন ঠাইত সূর্য বৰাৰ দৰে এজন ভাষা আন্দোলনৰ মহান ছহীদক স্মৰণ কৰি একাঙ্ক নাট প্রতিযোগিতা আৰম্ভ কৰাৰ আঁৰত কোনবোৰ কাৰকে কেনেধৰণে ক্রিয়া কৰিছিল। এই অনুষ্ঠানটোৰ লক্ষ্য তথা উদ্দেশ্য এবাৰ পুণৰাই আলোচনা কৰা উচিত আৰু তাৰ লগতে সাম্প্রতিক কালত তাৰ প্রাসঙ্গিকতাক লৈ (গঠণমূলকভাবে) প্রশ্ন উঠক।
২। আজিৰ তাৰিখত স অ সূ ব সোঁ-ৰ কেন্দ্রীয় মনযোগ (ফ’কাচ) কোনখিনিতঃ জাতীয়তাবাদৰ পুণৰোত্থান, নে একাঙ্ক নাটৰ শ্রী বৃদ্ধি নে সামগ্রিক সাংস্কৃতিক পৰিমণ্ডলৰ চর্চা?
৩। এই অনুষ্ঠানে গাঁৱে ভূঞে সোমাই থকা নতুন প্রতিভাক অগ্রাধিকাৰ দিব খোজে যেন বোধ হয়। তাৰ কাৰণে এটা প্রতিযোগিতা-মূলক মানসিকতাৰ বিকাশ কৰাটো জৰুৰী নেকি?
নতুন প্রস্তাৱৰ দ্বিতীয় স্তৰত নিজৰ কর্মপন্থা সম্প্রসাৰণ কৰি এই অনুষ্ঠানটোৱে নতুন নতুন উদ্যোগ হাতত ল'ব লাগে, যথাঃ
১। পোণপ্রথমেই এই আপুৰোগীয়া অনুষ্ঠানটোৱে নিজৰ পৰিচিতি সুস্পষ্ট কৰক। বেচৰকাৰী সংস্থা (এন জি অ'), নন-প্রফিট মেকিং গোট ইত্যাদি বিভিন্ন বিভাজনৰ ভিতৰত কর্মপদ্ধতিৰ তফাৎ আছে।
২। প্রতিযোগিতা সংস্কৃতিৰ সীমাবদ্ধতা আৰু সমস্যা আমি আলোচনা কৰিছিলোঁ যদিও সেইখিনি সমস্যা একেকোবেই আঁতৰ কৰিব পৰা নাযাব। প্রতিযোগিতা এখনে নিজৰ নিয়মাৱলী ৰচনা কৰিবই লাগিব আৰু সেই আপাহতে ই নির্দিষ্ট কিছুমান মাপকাঠি নির্ধাৰণ কৰিবই। কিন্তু প্রতিযোগিতা খনেই যে শেষ কথা নহয়, শ্রেষ্ঠ অভিনেতা বা অভিনেত্রী হোৱাতেই যে নাট্য চর্চা শেষ হৈ যোৱা উচিত নহয় সেই কথাটোকে বুজাবলৈ এই অনুষ্ঠানটোৱে আৰু কিছু গঠণমূলক পদক্ষেপ ল'ব লাগিব।
৩। নিজৰ কর্মসূচীক আৰু অলপ সম্প্রসাৰণ কৰি নতুন নতুন উদ্যোগ হাতত লওক। বছেৰেকীয়া প্রতিযোগিতাখন আগৰ দৰেই চলি থাওক, কিন্তু তাৰ লগতে আৰু কিছুমান কাম-কাজ হাতত ল'ব লাগে। আটাইতকৈ যুক্তিসঙ্গত আৰু প্রয়োজনীয় কামটো হ'ল, "সূর্য বৰা সোঁৱৰণী ৰেপাৰেটৰী গ্রুপ" এটা গঢ়ি তুলিব লাগে। এই গ্রুপটোৱে বছৰত এটা হ'লেও নাট্যপ্রযোজনা বীণাপাণিতে কৰিব আৰু তাৰ পিছত অসমৰ বা দেশৰ অন্যান্য স্থানলৈ তাক লৈ যোৱাৰ কথা ভাবিব।
৪। সূর্য বৰা সোঁৱৰণী ৰেপাৰেটৰী গ্রুপটোৱে নিজে নাটক কৰাৰ উপৰিও এখন বার্ষিক মুখপত্রৰ কথা ভাবিব পাৰে, বছেৰেকীয়া কর্মশালাৰ কথা ভাবিব পাৰে।
৫। সূ ব সোঁ এ না প্রতিযোগিতাত শেষ্ঠ নাটক হিচাপে নির্বাচিত নাটকবোৰৰ সংকলন একোটা প্রতি পাঁচবছৰৰ মূৰে মূৰে প্রকাশ পোৱাটো জৰুৰী। কাৰণ আমাৰ বিচাৰত এই নাটকবোৰ একো একোটা সময়ৰ দলিল।
৬। ওপৰৰ কথাবোৰৰ পৰা দেখা গ'ল, কে'বাটাও দিশত এই অনুষ্ঠানটোবে নিজৰ সম্ভাৱনাক সম্প্রসাৰ কৰিব পাৰে, যেনে, মূল প্রতিযোগিতা সমিতিখন, ৰেপাৰেটৰী গ্রুপটো, এটা প্রকাশন বিভাগ, এটা উদীয়মান প্রতিভা সন্ধানী বিভাগ (শিশু-নাট কেন্দ্রিক) ইত্যাদি। এই আটাইকেইটা বিভাগ একেখিনি মানুহেই নিয়ন্ত্রণ কৰিব লাগিব বুলিও কোনো কথা নাই। এমুঠি অভিজ্ঞ ব্যক্তিৰ তত্বৱধানত সক্রিয় যুৱ-কর্মী সকলেও এইবোৰ বিভাগৰ দায়িত্ব ল'ব পাৰে, যিয়ে প্রকাৰান্তৰে আগন্তুক পঞ্চাশ বছৰলৈ এই অনুষ্ঠানটোক এটা নতুন মাত্রা প্রদান কৰিব বুলি ভাবিব পাৰি।
৭। অন্যান্য স্থানীয় আৰু বাহিৰৰ অনুষ্ঠান বা উদ্যোগৰ লগত পাৰস্পৰিক সহযোগিতাৰ প্রতি (ক'লাবৰেচন) ধ্যান দিব লাগিব। বহুখিনি নতুন নাট্যকর্মীয়ে বিশ্বনাথ চাৰিআলিতে নাট্যচর্চা কৰি আছে। তেওঁলোকক এটা সঠিক পথৰ সন্ধান দিব পাৰিব লাগিব আৰু সহায় সহযোগিতাও আগবঢ়াব লাগিব। তদুপৰি অন্য এটা লব্ধপ্রতিষ্ঠ অনুষ্ঠানৰ সৈতে যুগ্মভাবে যদি একোটা গঠণমূলক পদক্ষেপ লব পৰা যায়, তাত একো ক্ষতি নাই।
৮। যদি সমিতিয়ে ভাবে যে একাঙ্ক নাটকেই আমাৰ ঘাই কর্ম-কেন্দ্র তেতিয়াহ'লেও কৰণীয় কাম বহুত আছে। অসমীয়া একাঙ্কিকা নাটকৰ যেনেকুৱা এটা গৌৰৱময় অধ্যায় আছে, তদ্রূপ অভিজ্ঞতা আমি বাহিৰৰ ঠাইবোৰত তেনেকৈ দেখা পোৱা নাই। তত্রাচ অসমীয়া একাঙ্কিকাত বাস্তৱবাদৰ যি স্বৰূপ সি কেতিয়াও দেশৰ অন্যান্য প্রান্তত নাটক কৰিবলৈ অহা দল সমূহত দেখা পোৱা নাই। এয়া এটা গুৰুত্ব-পূর্ণ সমস্যা। এন এচ ডি বা ৰাষ্ট্রীয় নাট্য বিদ্যালয়ৰ দ্বাৰা প্রৰোচিত কিছুমান নাট্যপদ্ধতিকেই আঁকোৱালি লৈ চর্চা কৰা নাটক কিছুমানহে আমি অসমীয়া নাটক বুলি দেশৰ অন্যান্য ঠাইত দেখুৱাই আছোঁ। সূর্য বৰাই আজিৰ তাৰিখত এই কথাৰ গুণা গঠা কৰিব লাগে যে, কেনেকৈ আমি একাঙ্ক নাটকৰ বাস্তৱতা, তাৎক্ষণিক সমাজ সচেতনতাক কেৱল সৰু সৰু অঞ্চলবোৰতে আবদ্ধ নাৰাখি সর্বভাৰতীয় পর্যায়লৈ লৈ যাব পাৰোঁহক। নতুন চামৰ কর্মস্পৃহা অথবা প্রতিভা একোৰে অভাৱ নাই, কেৱল তেওঁলোকক বাট দেখুৱাবৰ বাবে জ্যেষ্ঠজনে উদ্যোগ ল'ব লাগে।
এটা পুৰণি দায়িত্ববান অনুষ্ঠান হিচাপে এই সমিতিখনৰ কান্ধত আৰু বহুখিনি দায়িত্ব আছে। উদাহৰণ স্বৰূপে, আমাৰ বীণাপাণি নাট্যমন্দিৰটো আজিও আমাৰ বাবে নাট্যচর্চাৰ আদিপাঠ আৰু প্রাণকেন্দ্র। কিন্তু এই প্রেক্ষাগৃহত বহুখিনি ব্যৱহাৰিক আঁসোৱাহ আছে। স্থাপত্যৰ দোষতেই উচ্চ-মানৰ শব্দ-ব্যৱস্থা ইয়াত ব্যৱহাৰ কৰিব নোৱাৰি। এনেবোৰ আঁসোৱাহ দূৰ কৰিবলৈকো এই অনুষ্ঠানটোৱে আগ ভাগ ল'ব পাৰে। মূলকথা এয়ে যে নিচক এক প্রতিযোগিতা সমিতি হৈ নাথাকি সূর্য বৰা সোঁৱৰণি সমিতি এক স্বয়ং-সম্পূর্ণ দায়িত্ববান সাংস্কৃতিক অগ্রদূত হৈ উঠক।
পৰিশেষত ইয়াকে কওঁ যে স অ সূ ব সোঁ এ না প্রতিযোগিতাই আছিল আমাৰ নাট্যচিন্তাৰ আদিপাঠ। ইয়াৰ পৰা আমাৰ প্রত্যাশা দিনক দিনে আৰু বাঢ়িছেহে। এই পঞ্চদশ বর্ষপূর্তিৰ মুহূর্তত আমি বিগত পঞ্চাশটা বছৰৰ কথা ভবাৰ লগতে, আগন্তুক পঞ্চাশটা বছৰৰ কথাও সমানে ভাবিবলৈ পালেহে ভাল পাম। আমি বিচাৰোঁ এই অনুষ্ঠানৰ আত্ম-মর্যাদা অক্ষুন্ন থাকক আৰু এই অনুষ্ঠানৰ লগতে সমগ্র বিশ্বনাথ চাৰিআলি অঞ্চলটোৱেই নাট্যচর্চাৰ এটা বিকল্প কেন্দ্র হৈ উঠক।
লেখকৰ ঠিকনাঃ
Samudra Kajal Saikia, Creative Director, Kathputlee Animation Studios, A 26, (New B 239), West Vinod Nagar, Patparganj, I P Extension, (Opp. Saraswati Kunj Appt.), New Delhi 110092
Mobile: 09811375594, e-mail: Kankhowa@gmail.com
[1] “প্রাত্যহিকতাৰ কল্পৰূপ - অসমীয়া একাঙ্কিকা নাটকৰ প্রতিশ্রুতি আৰু ব্যর্থতা” শীর্ষক এলানি লেখা “সাতসৰী” আলোচনীত আৰু বীণাপানি নাট্য সমাজৰ স্মৃতিগ্রন্থত আগতে প্রকাশ হৈ গৈছে।
No comments:
Post a Comment