The following article was published in "Gana Adhikar", an Assamese Daily, Published from Guwahati, April, 2011
কাণখোৱাৰ চোতালঃ ডিছপোজেব্ল কথা-বার্তা
বৌদ্ধিক অনীহা নান্দনিক ঔদাসিন্য (২)
সমুদ্র কাজল শইকীয়া
১
চলিত বর্ষৰ ভাৰঙ্গম (ভাৰত ৰঙ্গ মহোৎসৱ, ২০১১)ত গুণাকৰ দেৱগোস্বামী কৃত ফানুচ নাটকখন চাবলৈ পালোঁ। প্রাক্-শ্বেইক্সপীয়েৰীয় কালৰ এখন ক্লাছিক নাটকক অসমীয়া ভাষালৈ ৰূপান্তৰ কৰাটো যেনে দুৰূহ, তাক মাঞ্চায়িত কৰাটো তেনেকৈয়ে কঠিণ। দেৱগোস্বামী ডাঙৰীয়াই এই প্রযোজনাৰ মাধ্যমেৰে এক প্রকাৰে এক অসাধ্য সাধন কৰি দেখুৱালে। আশাকৰোঁ এই প্রযোজনা অসমীয়া নাটকৰ অভিযোজনাৰ ক্ষেত্রত এক ইতিহাস হৈ ৰ'ব।
ক্রিষ্টোফাৰ মার্লোৰ "ডক্তৰ ফষ্টাচ" নামক মুক্তক ছন্দৰ নাটকখনক যথাসাধ্যানুসাৰে হিল্লোল কুমাৰ পাঠকে ছন্দায়িত অসমীয়ালৈ ৰুপান্তৰ কৰিছে। পাঠকৰ কৃত্বিত্বৰো শলাগ ল'বলগীয়া। অসমৰ থলুৱা কাৰুকৃতিৰে সৈতে গীত মাত আৰু বাজনাৰ সমাৱেশেৰে নাটকখনক এক পূর্ণতা দিয়া হৈছে যি এক অনবদ্য প্রয়াস। নাটকখন উপভোগ কৰিবৰ পৰত মনলৈ অহা কিছু আলোচনা কৰিম, কিন্তু নাটকখনৰ উপস্থাপনাৰ ক্ষেত্রত ৰচয়িতা বা পৰিচালক অভিনেতা মণ্ডলীৰ অফুৰন্ত হাবিয়াস আৰু আধ্যাৱসায়ৰ কথা আৰম্ভণীতেই উনুকিয়াই নথ'লে পাপে চুলে হেতেন।
২
আগৰ আলোচনাত আমি পাতি আছিলোঁ অসমীয়া সমাজত বৌদ্ধিক আৰু নান্দনিক অনীহা, ঔদাসিন্য, বৈৰাগ্য বা দৈন্যৰ কথা। এই বৈৰাগ্য আৰু দৈন্য আমাৰ সমাজলৈ একেকোবে আহি পৰা নাই, ইতিহাসৰ পাততো আমি খুব বেছি বৈপ্লবিক জোৱাৰ একোটা কেতিয়াও দেখা নাই। খ্রীষ্টোফাৰ মার্লোৰ "ডক্তৰ ফষ্টাচ" এখন যুগজয়ী নাটক আৰু তাৰ পৰিবেশনৰো প্রাসঙ্গিকতা আছে। কিন্তু নাটকখনে বৌদ্ধিক চর্চা, জ্ঞান-পিপাসাৰ প্রসঙ্গবোৰ আমাক ভবাই তুলিলে। দর্শক হিচাপে প্রেক্ষাগৃহত বহি থকাৰ সময়খিনিতো এক ধৰণৰ অস্বস্তিয়ে মোক আগুৰি আছিল। অসমীয়া ভাষাত আৰু অসমীয়া পটভূমিত নহৈ অন্য কোনোবা ভাষা আৰু পটভূমিত হ'লে হয়তো একেখন নাটককে মই বেচি ভালকৈ উপভোগ কৰিব পাৰিলোঁহেতেন। স্বীকার্য যে এয়া এজন ‘ব্যক্তি-দর্শক' হিচাপে মোৰ একান্তই ব্যক্তিগত অনুভৱ আৰু দৃষ্টিভঙ্গীৰ কথা, ইয়াৰ লগত নাটকখনৰ কলাকুশলীৰ পাৰদর্শিতাৰ কোনো সম্পর্ক নাই।
‘ডক্তৰ ফষ্টাচ' ইউৰোপীয় নৱজাগৰণৰ সূত্রপাতৰ দস্তাবেজ। ই এহাতে যেনেকৈ অপৰিসীম জ্ঞানপিপাসী পশ্চিমীয়া নৱজাগৰণৰ সম্ভেদ দিয়ে তেনেকৈয়ে মিশ্চেল ফুকোৱে দর্শাই যোৱা জ্ঞান (ন'লেজ) আৰু ক্ষমতা (পাৱাৰ)ৰ সম্পর্কটোৰ কথাও কয়। জ্ঞানেই ক্ষমতা। কোনো এখন বিশেষ ক্ষেত্রৰ জ্ঞান আহৰণ কৰা মানেই সেই বিশেষ ক্ষেত্রখনৰ ওপৰত আপুনি আপোনাৰ ক্ষমতাও সাব্যস্ত কৰে। ডক্তৰ ফষ্টাচে পুৰাপুৰি সেই কথাটোকেই কয়। খুবেই সাধাৰণ ভাবে এই জ্ঞান আৰু ক্ষমতাৰ কথাটো বুজাবলৈ - সম্প্রতি আমেৰিকা বিশ্বৰ জ্ঞান চর্চাৰ এক প্রধান কেন্দ্র হৈ উঠা আৰু বিশ্ব জুৰি আমেৰিকাৰ ক্ষমতা বা প্রভূত্ব বিস্তাৰৰ প্রসঙ্গখিনিলৈ আঙুলিয়াব পাৰি। আজি আমি আমেৰিকাৰ ভিতৰুৱা গাওঁ এখনৰ কথা হয়তো নাজানোঁ, কিন্তু আমেৰিকাই আমাৰ মাজুলীখনৰ কথা জানে। যিহেতু আমেৰিকাই আজি মাজুলীৰ কথা জানে, কাইলৈ আমেৰিকাই মাজুলীলৈ উন্নয়নৰ নামত আহি তাৰ ভূ্গোলৰ ওপৰত নিজৰ অধিকাৰ সাব্যস্ত কৰিবহি পাৰে। সেই সূত্রেই আমেৰিকাই মাজুলীত এদিন বোমা এটা ফুটাবৰ অধিকাৰো সাব্যস্ত কৰিব। বিশ্বজুৰি তদানুৰূপ দৃষ্টান্ত আমি দেখি আহিছোঁ। দ্বিতীয় উদাহৰণ স্বৰূপে ইন্টাৰনেট আৰু প্রধানকৈ গুগলৰ কথা ক'ব পাৰি। গুগলৰ ক্রমাগত জনপ্রিয়তা আচলতে যিমানেই জ্ঞানৰ স্পৃহা, সিমানেই ক্ষমতাৰ লালসা। ‘ইমানখিনি তথ্য-প্রযুক্তি' মোৰ ওচৰত আছে মানে ‘ইমানখিনি ক্ষমতা' মোৰ হাতত আছে।
ডক্তৰ ফষ্টাচ আছিল এজন জ্ঞানী মানুহ যাৰ জ্ঞান পিপাসাৰ কোনো অন্ত নাছিল। সেই জ্ঞান পিপাসাই এটা সময়ত ক্ষমতাৰ পিপাসালৈ ৰূপান্তৰিত হয় আৰু তেনেকৈয়ে ডক্তৰ ফষ্টাচে চৰম জ্ঞান আৰু চৰম ক্ষমতাৰ আকাংক্ষাৰে অশুভ শক্তিৰ ওচৰত আত্মসমর্পণ কৰে। সেইখিনিতেই ট্রেজেদীৰ সূত্রপাত।
নাটকখন চাবৰ পৰত মই যি অস্বস্তিৰ কথা উনুকিয়াইছিলোঁ তাৰ উৎস এই যে, মই চাই থকা নাটকখনৰ পটভূমি (ভাবে-ভাষাই, সাজে-পোছাকে) অসমীয়া। অসমীয়া সমাজখনত এই তীব্র জ্ঞানৰ পিপাসা আমি কেতিয়াবা দেখিছোনে? যি বৌদ্ধিক জাগৰণৰ পৰিবেশ এই নাটকখনৰ মূল আধাৰ সেই বৌদ্ধিক জাগৰণ আমি কেতিয়া দেখা পাইছিলোঁ অসমীয়া সমাজত? ইউৰোপীয় নৱজাগৰণ - যি বিজ্ঞান, ইতিহাস চর্চা, সাহিত্য, কলা, ভ্রমণ, দর্শন সকলো ক্ষেত্রৰে অভূতপূর্ব জাগৰণ তাৰ সমান্তৰাল কি জাগৰণ আমি দেখিছোঁ অসমীয়া সমাজত? আমি সততে চিন্তা বিমুখ, ভ্রমণ বিমুখ আৰু এডভেন্সাৰ বিমুখ। আমি খাৰ খাই শুই থাকি ভাল পোৱা জাতি। গুৰুতৰ বেমাৰত পৰি মৰোঁ জীওঁ অৱস্থা হ'লে আমি খুব বেছি ভেলোৰলৈ যাওঁ, নহ'লে ল'ৰা ছোৱালীক পঢ়াবলৈ ইউনিভার্চিটিত এডমিচন দিয়াবলৈ আমি ক'ৰবালৈ যাওঁ। তাৰ বাহিৰে আমি ঘূৰি ফুৰি বেয়া পোৱা জাতি, একান্তই বাধ্য নহ'লে আমি শহুৰৰ ঘৰলৈকো নাযাওঁ। আৰু এডভেন্সাৰ? সেই শব্দটো আমাৰ অভিধানত নায়েই। আমি অসমীয়াই পাহাৰ নবগাওঁ, সাগৰত জাহাজেৰে গৈ নতুন দেশ আৱিষ্কাৰ নকৰোঁ, চৰকাৰী চাকৰী ব্যতিৰেকে নতুন ব্যৱসায় আৰম্ভ নকৰোঁ, কেৰম আৰু লুডোৰ বাহিৰে ফুটবলো নেখেলোঁ - ক্রিকেটো নেখেলোঁ। গতিকে এনে এখন সমাজত ডক্তৰ ফষ্টাচৰ অভিযোজনাই একধৰণৰ অতৃপ্তিহে সৃষ্টি কৰিলে। অভিযোজনাটো যেন জোৰ কৰি হে অসমীয়াত কৰা হৈছিল।
৩
অসমীয়া সমাজত আটাইতকৈ প্রভাৱশালী আৰু চিৰ নমস্য শংকৰদেৱৰ ধ্যানধাৰণা আৰু বিশেষকৈ তেৰাৰ ধ্যানধাৰণাতকৈয়ো তেওঁৰ দর্শনৰ পৰৱর্তি কালৰ প্রয়োগ সম্পর্কেও আমাৰ আপত্তি আছে একেটা প্রসঙ্গতেই। শঙ্কৰীয় আদর্শৰে অণুপ্রাণিত অসমীয়া বৈষ্ণৱ সমাজৰ দর্শনত জীৱনমুখী বাস্তৱবাদতকৈ একধৰণৰ আত্মতৃপ্তি আৰু কর্মবিমুখ জীৱনবিমুখ অভ্যাসহে আমাৰ চকুত পৰে। এই দর্শনত হৰি নাম লোৱাটোৱেই শেষ কথা। অন্যহাতে প্রায় সমসাময়িক সর্বভাৰতীয় স্তৰৰ ভক্তি আন্দোলনৰ অন্যান্য প্রৱক্তা সকলৰ দর্শন আৰু বাণীয়ে আজিও আমাক এনেকৈ অভিভূত কৰি ৰাখে যে তেওঁলোকক আজিও আমাৰ সমসাময়িক যেনেই লাগে। উদাহৰণ স্বৰূপে কবীৰৰ কথাই ক’ব পাৰি। কবীৰৰ ধ্যান ধাৰণা আৰু শিক্ষা ইমানেই বাস্তবিক আৰু সুদূৰপ্রসাৰী যে দেশে বিদেশে আজিও অগণন সাধু-সন্ত-শিল্পী-সমাজবিজ্ঞানীয়ে তেওঁক অনুসৰণ কৰি আহিছে অথবা তেওঁৰ বাণীৰ ভিত্তিত নতুন নতুন চন্তাৰ উন্মেষ ঘটাই আহিছে। সাধাৰণ মানুহৰ ধর্মীয় অনুভূতিত আঘাত হনাৰ ভয়ত আমি সততে এইখিনি কথা পাতিবলৈ নিবিচাৰোঁ। কিন্তু শ্রীমন্ত শঙ্কৰদেৱক ভগৱানৰ অৱতাৰ স্বৰূপ নামানি এজন ইতিহাস-প্রসিদ্ধ গূণৱান পুৰুষ হিচাপে মানি যুক্তিৰে ফঁহিয়াই চোৱাত কোনো অপৰাধ নাই। তাতোকৈ ডাঙৰ কথা এয়ে যে, তেখেতৰ অৱদানতকৈয়ো পৰৱর্তি কালত আমি কেনেকৈ তেওঁৰ আদর্শৰ মূল্যায়ন কৰিলোঁ সেয়াহে আমাৰ বিচার্য।
বুলে শ্বাহ বা কবীৰে যেনেদৰে আত্মজ্ঞানৰ কথা সোঁৱৰাই থৈ গৈছে, যেনেদৰে তেওঁলোকে প্রচলিত সমাজব্যৱস্থাক ইতিকিং কৰি মানুহৰ মুক্তিৰ কথা কৈ থৈ গৈছে সেয়া আজিও সমানেই প্রযোজ্য। সেইকাৰণেই পৰম্পৰাগত সাধু-সন্তৰ চর্চাত কবীৰৰ যিমান গুৰুত্ব - সিমান গুৰুত্ব সহকাৰেই অতি আধুনিক মিউজিক বেণ্ডৰ মাজতো কবীৰৰ গানে প্রাধান্য পাই আহিছে। সেইবোৰ চর্চাৰ সমান্তৰাল ভাবে শংকৰীয় আদর্শৰ পূণর্মূল্যায়ণ আমাৰ চকুত পৰা নাই। বৰঞ্চ ইমান দিনে আমি তেখেতৰ ধ্যান ধাৰণাক কেৱল হৰি নাম লৈ বৈতৰণী পাৰ হোৱাৰ মাজতেই আবদ্ধ কৰি ৰাখিলোঁ। চকু মুদি পৰলোকৰ কথা কল্পনা কৰাৰ বিপৰীতে, চকু মেলি জীৱন জগতৰ জ্ঞান আহৰণ কৰাৰ কোনো অভ্যাস আমাৰ সংস্কৃতিত নাই।
৪
এনেকৈয়ে অসমীয়া সমাজত বৌদ্ধিক বৈৰাগ্যৰ কিছুমান দৃষ্টান্ত আৰু কেতবোৰ কাৰক আমি দেখিলোঁ। আধুনিক অসমীয়া সমাজখনত এই বৈৰাগ্যৰ আৰু এটা গুৰুতৰ হেতু আছে, তাৰ উল্লেখ কৰিয়াই আমি এই প্রসঙ্গৰ পৰা অলপ ফালৰি কাটিম।
আধুনিক অসমীয়া সমাজখনত শ্রেণী বৈষম্যৰ চৰিত্র অলপ সুকীয়া ধৰণৰ। অতি বেছি দুখীয়া বা চহকী মানুহতকৈ মধ্যবিত্ত শ্রেণীৰ সামাজিক প্রতিপত্তি ইয়াত বেছি। উল্লেখ কৰি থোৱা ভাল যে বহু ক্ষেত্রত “মধ্যবিত্ত” কথাষাৰে এটা অর্থনৈতিক অৱস্থাৰ পৰা সামান্য আঁতৰি গৈ একোটা মানসিক আৰু সামাজিক স্থিতিকহে দর্শায়। এই মানসিক স্থিতিত এজন দীন-দুখীয়া ব্যক্তিৰ হেঁপাহ-হাবিয়াস, জীৱন-বীক্ষা এজন বিত্তবান ব্যক্তিৰ সৈতে একে ধৰণৰ হ’ব পাৰে। এই মধ্যবিত্তীয় মনস্কতাত ক্ষণিক আত্মতৃপ্তি এটা সচৰাচৰ লক্ষণীয় চৰিত্র। ইয়াত কোনোমতে চাৰে-ঘাৰে জীয়াই থকাটোৱেই জীৱনৰ আদর্শ। দুবেলা দুমুঠি খাই থাকিব পৰাটো জীৱনৰ লক্ষ্য। এনে এটা পৰিস্থিতিত জ্ঞান পিপাসাৰ কথা কল্পনা কৰিব নোৱাৰি। শিক্ষা গ্রহণো বৃত্তি আহৰণৰ এটা অজুহাত মাত্র, জ্ঞান চর্চাৰ আহিলা নহয়। আমি শিক্ষা গ্রহণৰ কাৰণে সন্তানক প্রৰোচিত কৰোঁ ডিগ্রী আহৰণৰ উদ্দেশ্যে অথবা কর্ম-সংস্থানৰ প্রয়োজনতহে। এনে এটা পৰিবেশত কোনোবা ব্যক্তি বিশেষৰ কোনোবা উচ্চাকাংক্ষা যদি থাকেও, তেওঁৰ সন্মুখত প্রত্যাহবানো বহুত। বৌদ্ধিক পৰিবেশ এটাৰ সৃষ্টি অবিহনে সামাজিক পৰিস্থিতিৰ স্থবিৰতাৰ কোনো সমাধান নাই।
শিল্প, সাহিত্য আৰু সংস্কৃতি মানুহৰ অনুভৱৰ সামগ্রী, মস্তিষ্কতকৈ হৃদয়ৰ লগতহে তাৰ সংযোগ বেচি। কথাষাৰ কিছু পৰিমানে সত্য হ’লেও সম্পূর্ণ সত্য নহয়। শিল্পচর্চাৰ লগত বৌদ্ধিক চর্চাৰ পৰিবেশৰ এটা এৰাব নোৱাৰা সম্পর্ক আছে। অসম আৰু উত্তৰপূর্বাঞ্চলৰ শিল্প, সাহিত্য আৰু সংস্কৃতি বহুমুখী আৰু বহুবর্ণী। কিন্তু সেইবোৰ নির্দিষ্ট একোটা পৰিচয়েৰে সৈতে গৰিমামণ্ডিত হৈ উঠিবৰ হ’লে আমাক লাগে এটা সুস্থ বৌদ্ধিক চর্চাৰ পৰিবেশ, - লাগে এখন বিতর্কৰ মঞ্চ।
No comments:
Post a Comment