ডঃ বাণিকান্ত কাকতি

...সাহিত্যৰ ক্ষেত্রত নতুনকৈ কৰিবলগীয়া কাম একো নাই। সাহিত্য ধ্বনি আৰু প্রতিধ্বনি মাথোন। পূর্বপুৰুষ সকলৰ ভাবৰ ধ্বনি যাৰ হৃদয়ত পুৰাকৈ প্রতিধ্বনিত হয় সিয়েই সফলতা লাভ কৰে... ডঃ বাণীকান্ত কাকতি, বাঁহী, ১৩শ বছৰ, অষ্টম সংখ্যা, আঘোণ, ১৮৪৭ শক।

Blog Archive

Thursday, November 3, 2011

বৌদ্ধিক অনীহা নান্দনিক ঔদাসিন্য (প্রথম খণ্ড)


The following article was published in "Gana Adhikar", an Assamese Daily, Published from Guwahati, 27 March 2011

কাণখোৱাৰ চোতালঃ ডিছপোজেব্‌ল কথা-বার্তা
বৌদ্ধিক অনীহা নান্দনিক ঔদাসিন্য (অসমীয়া বৌদ্ধিক চর্চাত দেখা পোৱা কিছুমান আহুকাল)

সমুদ্র কাজল শইকীয়া

লেখকে কাৰ কাৰণে লেখে - এয়া এটা চিৰকালীন আহুকলীয়া প্রশ্ন। এই প্রশ্ন বহুবাৰ বহু ঠাইত উত্থাপিত হৈছে আৰু বহুজনে বহুধৰণেৰে ইয়াৰ উত্তৰ দিবৰ চেষ্টা কৰিছে। নিঃসন্দেহে সেইবোৰৰ গুৰুভাগেই ব্যক্তিগত অনুভৱ-সর্বস্ব। অন্যথা এই প্রশ্নৰ সার্বজনীন উত্তৰ একোটা থাকিব পাৰে বুলিও ভাবিবলৈ টান। লেখকে আচলতে নিজৰ বাবেই লিখে - এয়েই আটাইতকৈ দায় সাৰিব পৰা চমু উত্তৰ। কিন্তু বাতৰি কাকত আৰু আলোচনীৰ বিৰাট মুদ্রণ উদ্যোগটোৰ কথা আৰু তাৰ সৈতে সংপৃক্ত পাঠক সমাজৰ কথা মনলৈ আনিলে এই দায়সৰা চমু উত্তৰটো তেনেই অপ্রাসঙ্গিক যেন লাগে।

বহুল মাত্রাত প্রকাশ হৈ মানুহৰ হাতে হাতে বাগৰিব লগা কাকত এখনৰ কাৰণে লিখিবলৈ বহা এজন লেখকে ভাবিবলৈ বাধ্য হয় - তেওঁ কাৰ কাৰণে লিখিবলৈ বহিছে, অথবা কোন শ্রেণীৰ মানুহে তেওঁৰ লেখা পঢ়িব। একধৰণৰ স্পেক্টেটৰশ্বিপৰ চেতনা লেখকৰ মনত থাকেই আৰু সেই সূত্রেই লেখক পাঠকৰ ওচৰত দায়বদ্ধ। এই দায়বদ্ধতাৰ ভাল আৰু বেয়া দুয়োটা দিশেই আছে আৰু দুয়োটাৰেই গুৰুত্ব সমান।

স্পষ্ট কৰি লোৱা ভাল যে এই মুহূর্তত কৈ থকা 'দায়বদ্ধতা' কথাষাৰ একান্তই ব্যৱহাৰিক বা পৰিস্থিতি সাপেক্ষ। এই দায়বদ্ধতাৰ ভাল দিশ এয়ে যে, ইয়াৰ ফলতেই লেখকৰ লেখাৰ এটা স্থান কালৰ চেতনা নির্ণিত হয়। পাঠকৰ মাজত লেখাৰ গ্রহণযোগ্যতাৰ মাত্রাও ইয়াৰ ফলতেই বৃদ্ধি পায়। শিল্প সাহিত্য অথবা লেখা মেলা সম্পর্কে অতি বেছি উচ্চ আৰু ৰোমান্টিক ধাৰণা লৈ থকা কাৰোবাৰ এই কথা মনপুতঃ নহবও পাৰে কিন্তু সঁচা যে বহু সময়ত ক'ত লিখি আছোঁ বা কাৰ কাৰণে লিখি আছোঁ এই চেতনায়েই একোটা লেখাৰ উৎস বা চালিকা শক্তি হিচাপে কাম কৰে। বহুতো বিশ্ববিখ্যাত মহৎ সৃষ্টিৰ কথা জানোঁ যিবোৰ আচলতে একান্তই ব্যৱহাৰিক তাগিদা প্রসূত সৃষ্টি। এই একান্ত ব্যৱহাৰিক অথবা প্রায়োগিক দায়বদ্ধতায়েই একধৰণৰ মতাদর্শগত দায়বদ্ধতাৰ দিশে বাট দেখুৱায়।

কিন্তু সদায়ে যে এনে হ'ব সেয়া নহয়। দুর্ভাগ্যজনক ভাবে অতি সম্প্রতি ওলোটা কিছুমান কার্যকাৰণহে আমাৰ চকুত পৰি আহিছে, আৰু এয়েই আজিৰ আলোচনাৰ কেন্দ্রীয় প্রসংগ। বৌদ্ধিক চর্চাৰ এটা পৰিমণ্ডল যিবোৰ আহিলাৰে সংপৃক্ত সেইবোৰ আহিলাৰেই এটা নেতিবাচক ভূমিকা আমি দেখি আহিছোঁ। তেনেদৰেই নান্দনিক চর্চাৰ এটা পৰিবেশ সৃষ্টি কৰাৰ প্রতিশ্রুতি বহন কৰা কাৰকবোৰেই হৈ উঠা দেখোঁ নান্দনিক দৈন্যৰ কাৰক।

অসমীয়া সমাজখন বৌদ্ধিক চিন্তা চর্চাৰ প্রতি তুলনামূলক ভাবে উদাসীন। এই অভিযোগ এই লেখকৰ লগতে আৰু কেবাজনৰো। আমি খুব বেচি চিন্তা চর্চা কৰিবলৈ বেয়া পাওঁ, তাতোকৈ ডাঙৰ কথা, চিন্তা চর্চা কৰা মানুহখিনিৰ প্রতি মুখ ভেঙুচাবলৈ পালে আমি ভাল পাওঁ। কবি সকলক আমি যিমানে ভাল পাওঁ, কবিতাৰ সমালোচকক তাতোকৈ বহুগুণে ঘৃণা কৰোঁ। সমালোচকে কবিৰ সৃষ্টি কৰিব নোৱাৰে - সঁচা কথা, কিন্তু কোনোবাখিনিত যে সমালোচনাৰো এটা ভূমিকা থাকিব পাৰে সেয়া আমি ভাবি নাচাওঁ। অসমীয়া বুদ্ধিজীবী মহলৰ ভূমিকাক লৈ হয়তো বহুতো আপত্তি আমাৰো আছে। কিন্তু "বুদ্ধিজীৱী সকল" বুলি কথাই কথাই গালি গালাজ পৰাৰ প্রৱণতাটোও যৌক্তিক নহয়। সম্প্রতি "বুদ্ধিজীৱী" কথাষাৰেই হয়তো আটাইতকৈ বেচি অস্পৃশ্য।  

অসমীয়া সমালোচনাৰ নির্দিষ্ট কিবা ধাৰা এটা আছে বুলি ডাঠি ক'ব নোৱাৰি। বেজবৰুৱাৰ পৰা বাণীকান্তলৈকে বহুখিনি অসমীয়া বৰেণ্য লেখকক আমি সসন্মানে সুঁৱৰি থাকিলেওঁ সেই সূত্রে কোনো নির্দিষ্ট পদ্ধতিগত একোটা ধাৰা প্রতিস্থা কৰাত আমি সমর্থ নহয়। যেনেকৈ আধুনিকতাবাদৰ আৰম্ভণী হৈছিল পছিমীয়া ধ্যান ধাৰণাৰ আগমনেৰে, আজিকোপতি আমি বাহিৰৰ দেশৰ চিন্তা পদ্ধতিৰে পৰিচালিত। সেয়া একো বেয়া কথা নহয়। নিত্য নতুন ধ্যান ধাৰণাৰ আগমনে চিন্তাৰ পথাৰ গভীৰ আৰু প্রসাৰহে কৰে। কিন্তু আমি সাধাৰণ অভ্যাসত এটা নতুন চিন্তা পদ্ধতিক আদৰি ল'বলৈকো টান পাওঁ। উদাহৰণ স্বৰূপে, উত্তৰ-আধুনিকতাবাদৰ কথাকেই উনুকিয়াওঁ। কিবা বুজি পোৱাৰ আগতেই, একো বুজি নোপোৱাকৈয়ে আমি এই ধাৰণা লৈ বহি থাকোঁ যে এই উত্তৰ-আধুনিকতা কিবা এটা সাঙ্ঘাতিক বেয়া বস্তু, ই দেশ দুনীয়া উছন কৰিব। অন্যহাতে একেকোবেই বেয়া বুলি ভাবিবলৈ বেয়া পোৱা সকলেও আকৌ একো বুজি পাবলৈ চেষ্টা নকৰাকৈয়ে এই ধাৰণা লৈ বহি থাকিলোঁ যে এইটো এটা সাঙ্ঘাতিক জটিল "মূৰৰ ওপৰেদি পাৰ হৈ যোৱা" বস্তু। আমি আকোৰগোঁজ- আমি যেনেকৈয়ে আছোঁ তেনেকৈয়ে ভাল। নতুন একো চিন্তাৰ আমাৰ প্রয়োজন নাই। আমি স্থিতপ্রাজ্ঞ - আমাৰ পূর্বসূৰী সকলৰ অৱদানৰ ভিত্তিভূমিত আমি একো চিন্তা-পদ্ধতিৰ নির্মাণ নকৰোঁ, আৰু বাহিৰৰ চন্তা চর্চাৰ কোনো আভাসো আমি নলওঁ।  

ভাল খবৰ এয়ে যে সম্প্রতি বহুতো নতুন শিক্ষার্থিয়ে উচ্চ বিদ্যায়তনিক পৰিমণ্ডলত পাৰদর্শিতা দেখুৱাইছে আৰু বিদ্যায়তনিক চর্চাৰ আৰম্ভ কৰিছে। কিন্তু এইখিনিতে এটা বেয়া দিশ লক্ষ্য কৰিছোঁ, যিটো এটা উদাহৰণেৰে সৈতে বুজাবলৈ সুবিধা হ'ব। অলপতে ভাৰতবর্ষৰ এটা অতি উচ্চমান বিশিষ্ট শিক্ষানুষ্ঠানত শিক্ষ্যালাভ কৰা এজন যুৱ লেখকৰ দুটা লেখা পঢ়াৰ সুযোগ পালোঁ নেটৱর্কিং চাইট 'ফেচ্‌বুক'ৰ জৰিয়তে। সাম্প্রতিক বহু-সাংস্কৃতিক এটা পৰিমণ্ডলত "মাতৃভাষা" কি তাৰ সংজ্ঞা নিৰূপন কিমান জটিল সেই সম্পর্কীয় এটা লেখা পঢ়িলোঁ যিটো বেচ সুখপাঠ্য আৰু যুক্তি সঙ্গত। কিন্তু একেজন লেখকৰে এটি পুৰণা লেখাও পঢ়িবলৈ পালোঁ যিটো এখন অসমীয়া কাকতত প্রকাশ হৈছিল। সেই লেখাত লেখকে কয়, "কোনো কলাৰে আৰম্ভণি বিদ্যায়তনিক নাছিল।  কলাৰ আৰম্ভণি সাধাৰণতে সৰল, সৃষ্টিশীল, মেধাবী লোকৰ পৰাহে হয়৷ সভ্যতাৰ পৰিক্রমাৰ বিভিন্ন স্তৰত ইবিলাকৰ পদ্ধতিগত আৰু বিদ্যায়তনিক চিন্তাচর্চা হবলৈ ধৰিলে৷ তাৰ লগে লগে কলা চর্চাৰ স্বভাৱ, দৃষ্টিভংগী আৰু পৰিসৰো বদলি হল। কলাত সৰল ৰসাস্বাদনতকৈয়ো উচ্চস্তৰৰ কিবা আছে নেকি তাৰ বিচাৰ খোচাৰো আগবাঢ়িল। কলাৰ ৰস লোৱা আৰু আলোচনাত কলাৰ গুণগত মান, জীৱনবোধ, ঐতিহ্যবোধ, জাতীয় চেতনা, সামাজিক চেতনা জাতীয় চিন্তাৰো আগমন হল৷ অর্থাৎ কলা সৃষ্টিৰ লগতে সমালোচনাৰ অভ্যাসো আগবাঢ়িল৷" এইখিনিলৈকে কোনো অসুবিধা নাছিল। কিন্তু পাছলৈ লেখকে যেনেদৰে মোখনি মাৰিলে তাৰ মাজত বৌদ্ধিক অনীহা, বিদ্যায়তনিক চর্চাৰ প্রতি এক ধৰণৰ অৱজ্ঞাৰ সুৰ শুনা গ'ল, "সাহিত্যৰ লগত সমালোচনা সাঙোৰ খোৱাৰ পিছত স্বাভাৱিকতেই সাহিত্যৰ অধ্যয়নো জটিল হল৷ এটা অধ্যয়ন পদ্ধতিক আন এটাই নাকচ কৰি ভালদৰে খোপনি পুতিবলৈ নৌপাওতেই হয়তো তৃতীয় এটাই আগৰ দুয়োটাকে নস্যাৎ কৰি স্থান দখল কৰিলে৷ সাধাৰণ পাঠক মতবাদ আৰু তত্বৰ হেঁচাত উৱাদিহ হেৰুৱাব লগীয়া হয়৷ আকৌ এইবিলাকৰ সৈতে পৰিচয় নাথাকিলেও অপদস্থ হোৱাৰ ভয়।"

একে ধৰণৰ আৰু এটা কথা উনুকিয়াব পাৰি। আমি স্নাতক মহলত একেলগে পঢ়া এজন বন্ধু আমেৰিকাৰ এখন বিশ্ববিদ্যালয়লৈ গৈ ভাষাতত্বৰ বিষয়ত স্নাতকোত্তৰ শিক্ষা গ্রহণ কৰে। সম্প্রতি তেওঁ অন্য এখন দেশৰ সন্মানীয় বিশ্ববিদ্যালয়ত অধ্যাপনা কৰি আছে। স্বাভাৱিকতেই এনে ব্যক্তিৰ পৰা আমি তাত্বিক, বৌদ্ধিক বা গৱেষণাধর্মী কিবা এটা পঢ়িবলৈ পালে ভাল পাম। তেখেতৰ এটা অসমীয়া ভাষাত লেখা 'ব্লগ' আছে যাৰ জৰিয়তে তেওঁ অসমীয়া ভাষাতেই অভিজ্ঞতা-সম্ভূত কিছু লেখা লিখি প্রকাশ কৰে। লেখাখিনি ভাবে ভাষাই তেনেই অসমীয়া আৰু তেনেকৈয়ে তেওঁক আমি দূৰত থাকিও কাষতে পাওঁ। কিন্তু তেনেকুৱা এটি লেখাতেই এবাৰ 'বুদ্ধিজীবী' বিদ্বেষী এটা সুৰ শুনা পালোঁ। কথাষাৰ এই মুহূর্তত সঠিক মনত নাই, কিন্তু আমি সাধাৰণ মানুহ, আমাৰ ইমান বুদ্ধি বৃত্তি নাই, এনেধৰণৰেই কিবা এটা আভাস। এনেধৰণৰ অভিজ্ঞতাৰ পৰা আমি যিটো বুজিলোঁ, সেয়া হ'ল-
এজন উচ্চশিক্ষিত লেখকে অন্য ঠাইত অন্য ভাষাত হয়তো বৌদ্ধিক চিন্তা চর্চাই কৰি আছে, কিন্তু অসমীয়া ভাষাত কিবা লেখিবৰ বেলিকা সেই চর্চাৰ প্রভাৱ পৰিবলৈ নিদিয়ে। ইয়াৰ কাৰণ এয়েই যে, অসমীয়া পাঠক যে বৌদ্ধিক দিশত অনগ্রসৰ সেই ভ্রান্ত ধাৰণা আৰু ত্বতপ্রসূত হীনমন্যতা তেওঁলোকৰ আছে। অসমীয়া পাঠকৰ মাজত এক ধৰণৰ ৰোমান্টিক জাতীয়তাবাদ যে এটা চালু জিনিছ সেইটোও তেওঁলোকে জানে। সেই সূত্রেই এনেবোৰ লেখা একান্তই অতীতমূখী, ব্যক্তিগত আনুভূতি সর্বস্ব আৰু বুদ্ধি-বিদ্ধেষী।
     


অসমৰ সাহিত্য আৰু বুদ্ধিৰ চর্চা আলোচনী কেন্দ্রিক। অসমীয়া সাহিত্যৰ যুগ নিৰূপন হয় একোখন প্রভাৱশালী আলোচনীৰ নামেৰে। বাতৰি কাকত আৰু আলোচনী যিহেতু বহুল পাঠকসমাজৰ মাজত সহজে ব্যাপ্ত হৈ থকা এটা মাধ্যম, ইয়াৰ জৰিয়তে এটা চর্চাৰ পৰিবেশ সৃষ্টি হোৱাটো সহজ। মন কৰিবলগীয়া যে অসমীয়া বাতৰি কাকতত কবিতা আৰু গল্পৰ সমাহাৰ দেখিবলৈ পোৱাটোও এটা বিশেষ ঘটনা, অন্য ঠাইৰ বাতৰি কাকতত ইমান বুজন সংখ্যক ক্রিয়েটিভ লেখা প্রকাশ পোৱা আমি দেখা নাই। দ্বিতীয়তে পাঠকৰ সংখ্যা অনুপাতে অসমৰ পৰা প্রকাশ হৈ থকা কাকত আলোচনীৰ সংখ্যাও তাকৰীয়া নহয়। এই পৰিস্থিতিৰ নেতিবাচক কেইটিমান দিশ এনেকুৱা,

ছপাযন্ত্র আৰু বণিজৰ অপকাৰী দিশবোৰে লেখক আৰু লেখা দুয়োটাকেই প্রভাৱিত কৰে। ছপাযন্ত্রই ৰাতিটোৰ ভিতৰতে এজন লেখকক ছুপাৰ-হিৰো কৰি তুলিব পাৰে। যিদিনাই আপুনি নিজৰ লেখা এটা ছপা আখৰত দেখা পায়, সেইদিনাৰ পৰাই আপুনি লেখক। তাৰ বাবে আপুনি কোনো মাননী নাপাবও পাৰে অথবা পৰৱর্তি উত্তৰণৰ বাবে গঠণমূলক দিহা পৰামর্শ পাম বুলি পাঠকৰ পৰা আশা নকৰিবও পাৰে।
ৰাজহুৱা বক্তাৰ কিছুমান সাধাৰণ সমস্যা আছে যিবোৰ এজন পপুলাৰ মাধ্যমৰ লেখক হিচাপে আপোনাৰ মাজতো দেখা দিব পাৰে। এই সমস্যা এয়ে যে, কি কথা কোৱা হৈছে, বা কথাৰ সাৰভাগ কি তাতোকৈ বেছি গুৰুত্বপূর্ণ হৈ উঠে কেনেকৈ কোৱা হৈছে সেয়াহে। কথা কোৱাৰ ধৰণ কৰণৰ প্রতিহে আমাৰ বেছি ধ্যান থাকে। এটা সময়ত আমি বুজি পাওঁ যে আপুনি সুন্দৰকৈ কথা কয়, কিন্তু আপুনিনো আচলতে কি কয় আমি গমকেই নাপাওঁ।
তৃতীয়তে ৰাজহুৱা মাধ্যমৰ লেখক বা বক্তা হোৱাৰ সূত্রেই আপুনি জাকত জিলিকা হৈ থকাটোও জৰুৰী। এই সময়ত কেৱল গুৱাহাটীৰ পৰাই তেৰখনমান বাতৰি কাকত চলি আছে। অন্যান্য সৰু সুৰা প্রকাশনবোৰকো ধৰিলে প্রতি দিনে প্রতি সপ্তাহে কিমানখিনি প্রকাশ প্রচাৰিত হৈ আছে তাৰ অনুমান কৰিলে অবাক হ'ব লাগে। এক সীমিত পাঠককে লক্ষ্য কৰি হাজাৰ হাজাৰ প্রকাশিত শব্দ ৰাজহুৱা স্তৰত ঘূৰি ফুৰিছে। তেনে ক্ষেত্রত আপোনাৰ লেখা যদি অলপ ব্যতিক্রমী নহয়, যদি চার্কাষ্টিক নহয় আপোনাৰ লেখা মানুহে পঢ়িব কিয়? মানুহে যদি নপঢ়েই আপুনি লেখাৰ মানেটো কি হ'ল? এনে অৱস্থাত আপুনি মানুহৰ তাগিদা পূৰণৰ অর্থেই এটা বিচিত্র শৈলী উদ্ভাৱন কৰাৰ ফালেই স্বাভাবিকতে বেছি মন কাণ দিব।
এই শত সহস্র লিখিত ভাষ্যৰ মাজত আপোনাৰ ভাষ্য জাতে জাকত জিলিকা হৈ ৰয় তাৰ কাৰণেই আপুনি ব্যতিক্রমি, অগতানুগতিক আর্থাত ইডিওচিঙ্ক্রেটিক হৈ উঠে - যিটো পদ্ধতিগত এটা চর্চাৰ পৰিবেশ সৃষ্টিৰ ক্ষেত্রত এটা নেতিবাচক ঘটনা।
মজাৰ কথা যে, এনেকৈয়ে নিজকে সামাজিক কৰিবলৈ যাওতেই আপুনি আৰু বেছি ব্যক্তি-কেন্দ্রিক আৰু অসামাজিক হৈ উঠে। আত্মপ্রেমৰ দৰে এটা মনস্তাত্বিক ব্যাধিয়ে আপোনাক গ্রাস কৰে। সেই আত্মপ্রেমে আপোনাক নিজকে শ্রেষ্ঠতৰ বুলি প্রতিপন্ন কৰিবলৈ প্রোৎসাহিত কৰে যেনেকৈয়ে নহওক। 

এইখিনি হ'ল স্থান নির্বিশেষে পপুলাৰ মাধ্যমৰ লেখকৰ সাধাৰণ লক্ষণ। অসমৰ ক্ষেত্রত সমস্যা আৰু অলপ গভীৰতৰ। অসমৰ বহুল মাত্রাৰ প্রকাশন মাধ্যমবোৰ সৃষ্টিধর্মী আৰু সমালোচনাধর্মী - দুইধৰণৰ চর্চাৰ মধ্যৱর্তি এটা অৱস্থানত কার্যকৰী হৈ থাকে। যিখন বাতৰি কাকতে আপোনাক মৰা-কটা, হিংসা, ৰাজনীতিৰ দৈনিক খবৰ দিয়ে, সেইখন কাকততেই আপুনি প্রেমৰ কবিতাও পঢ়িবলৈ পায়। সংবাদ আৰু সাহিত্যৰ মাজৰ ৰেখাডাল সাম্প্রতিক অসমীয়া প্রকাশন উদ্যোগৰ কৃপাত অস্পষ্ট হৈ আহে। সংবাদ-ধর্মী ভাব ভাষাৰে আৰম্ভ হোৱা লেখা এটা শেহলৈ কল্পনাপ্রসূত সৃষ্টিধর্মী লেখাৰ দৰে হৈ উঠাৰ দৰে মজাৰ ঘটনাও আমাৰ চকুত পৰে। এনে এটা পৰিবেশত এজন লেখক হিচাপে আপুনি ঠাৱৰ কৰিব নোৱাৰাত পৰে, আপোনাৰ অৱস্থান কোনখিনিত। সমালোচনাত্মক চর্চাৰ কাৰণে এটা কেন্দ্রীভূত পদ্ধতি আৰু নিৰলস অধ্যাৱসায়ৰ প্রয়োজন হয়। সেই অধ্যাৱসায়ৰ পৰিবেশ মাচ-কম্যুনিকেচনৰ মাধ্যমবোৰে দিব নোৱাৰে। তাৰ বাবে লাগে এটা দৃঢ় বিদ্যায়তনিক পৰিমণ্ডল। সেই ইপ্সিত পৰিবেশ অসমৰ কোনোবাখন বিশ্ববিদ্যালয় অথবা অধ্যয়ণ ফ'ৰামে সৃষ্টি কৰিব পাৰিছে বুলি আমাৰ ধাৰণা হোৱা নাই। ফলত বাতৰি কাকত, আলোচনী আদিৰ সহজলভ্য, পণ্য আৰু তৰল পৰিবেশটোৰেই আমি পৰিপুষ্ট হৈ আছোঁ।    

No comments: