the following cultural criticism was published in Asomiya Pratidin, an Assamese Daily,
07 sept 2008
লুইতৰে পানী যাবি অ’ বৈ
সমুদ্র কাজল শইকীয়া
১৯ জুলাই ২০০৮ তাৰিখে নতুন দিল্লীৰ চিৰি ফোর্ট প্রেক্ষাগৃহত ওচিয়ান চিনে ফেন মহোৎসৱত জয়মতীখন চাবলৈ পালোঁ। চিনেমাখনৰ মূল প্রিন্টটো কেতিয়াবাই নষ্ট হৈ গৈছিল। জ্যোতিপ্রসাদৰ ভাতৃ হৃদয়ানন্দ আগৰৱালাই বহু যত্নেৰে তাৰ কিছু অংশ পুণৰোদ্ধাৰ কৰে যাৰ আধাৰত ভূপেন হাজৰিকাদেৱে “ৰূপকোঁৱৰ জ্যোতিপ্রসাদ আৰু জয়মতী” নামেৰে এখন তথ্যচিত্রৰ নির্মাণ কৰি উলিয়াইছিল। আলটাফ মজিদ ডাঙৰীয়াই চিনেমাখনৰ সম্পাদনা কৰি চাব্-টাইটেল সংযোগ কৰি আজিৰ দর্শকৰ কাৰণে এটা ভিডিও ফৰমেট প্রস্তুত কৰি উলিয়াইছে। ইতিমধ্যেই এই নতুন ফৰমেটত জয়মতীখন কেইবাটাও চলচ্চিত্র মহোৎসৱত প্রদর্শিত হৈছে। ওচিয়ান চিনে ফেনত প্রদর্শণৰ বেলিকা প্রায় এঘন্টাৰ আগতে জয়মতী আছিল হাউচ ফুল। আলটাফ মজিদ ডাঙৰীয়াৰ প্রতি আমাৰ কৃতজ্ঞতা জনাবৰ ভাষা নাই।
জ্যোতিপ্রসাদ নিঃসন্দেহে এজন আধুনিকতাবাদী। বিভিন্ন তাত্বিক কাৰণত আমি আধুনিকতাবাদী প্রপঞ্চ কিছুমানৰ পৰিপন্থী। বিগত শতিকাৰ শেহৰ ভাগৰে পৰাই আধুনিকতাবাদ-বিৰোধী কিছুমান বাক্ধাৰাৰ প্রচলণ হৈছে। আমিও তেনে কিছুমান কথা মনে প্রাণে বিশ্বাস কৰোঁ। কিন্তু অসমৰ বৌদ্ধিক সমাজৰ স্থবিৰতাই সেই কথাবোৰ আলোচনা কৰিবলৈ আমাক উৎসাহিত কৰা নাই। সকলো সময়তে একোটা সমালোচনাধর্মী দৃষ্টিৰে আলোচনা কৰাৰ হেতুকে আমাক কোনোবাই ভেনামাখিৰ লগত ৰিজাব পাৰে। কিন্তু তাত আমাৰ আপত্তি নাই। আধুনিকতাবাদৰ কালত আমি আহৰণ কৰা বিভিন্ন দিশবোৰৰ ভিতৰত এটা হ’ল পুৰুষ তান্ত্রিক সমাজখনৰ কিছুমান নির্দিষ্ট বাচ-বিচাৰ। আজিৰ আলোচনাত সেইবোৰ প্রাসঙ্গিক নহ’লেও পৰৱর্তি কালৰ বাবে কিছু উল্লেখ কৰি থোৱা যাওক।
ব্যৱসায়িক অব্যৱসায়িক সকলো পর্যায়ৰ বিজ্ঞাপণৰ ক্ষেত্রতেই “নাৰী” এটা অত্যন্ত লাগতীয়াল “সামগ্রী”। নাৰীবাদী গৱেষক সকলে এই কথাটো বিভিন্ন ঠাইত ভাঙি পাতি দেখুৱাইছে। জাতীয়তাবাদ আৰু ৰাষ্ট্রীয়তাবাদৰ বিজ্ঞাপনৰ বেলিকাও নাৰী এটা উপযুক্ত সামগ্রী। চিৰ চেনেহী মোৰ ভাষা জননী বা জয় আই অসম বোলোতেও ভাষাটোৱে বা দেশখনে একোটা নাৰীৰূপেৰে আত্মপ্রকাশ কৰে। মা শেৰাৱালিৰ ৰূপেৰে ভাৰতমাতাৰ পোষ্টাৰ বিক্রী হয়। ১৯০৫ চনত বঙ্গ ভঙ্গৰ সময়ত চাৰিখন হাতেৰে এগৰাকী নাৰীৰ ছবি আঁকি অৱনীন্দ্রনাথ ঠাকুৰে নাম ৰাখিলে বঙ্গমাতা। পিছলৈ সেই গৰাকী নাৰীয়েই হৈ পৰিল ভাৰতমাতা। হিন্দী চিনেমাৰ এখন যুগান্তকাৰী চিনেমাত নার্গিছ হৈ পৰিছিল মাদাৰ ইণ্ডিয়া। এই আটাইবোৰ উল্লেখেই আধুনিকতাবাদৰ পৰিহাসবোৰৰে একো একোটা নিদর্শণ। আৰু জয়মতী? অসমীয়া ইতিহাস, অসমীয়া গীত-মাতৰ পুণৰোদ্ধাৰ, অসমীয়াৰ গৌৰৱ দিচ্প্লে’ কৰিবৰ কাৰণেও এটা নাৰী চৰিত্রই আটাইতকৈ গুৰুত্বপূর্ণ হৈ উঠিছিল। ভৈয়ামৰ ৰাজনীতিৰ পাকচক্র আৰু হিংসা-কূটনীতিৰ বিপৰীতে যেতিয়া পাহাৰৰ জনজীৱনৰ সৰলতা দেখুৱাবৰ প্রয়োজন হৈছিল তেতিয়াও ডালিমী নামৰ এটা নাৰী চৰিত্রৰ প্রয়োজন হৈছিল। অসমীয়াৰ স্বাধীনতা সংগ্রামৰ পটভূমিৰ নাটক লভিতাতো লভিতা নামৰ নাৰী গৰাকী এটা পোষ্টাৰ ফিগাৰ।
কিন্তু যিয়ে জয়মতী নামৰ চিনেমাখন চাবলৈ পাইছে তেওঁ অনুভৱ কৰিব যে আমি আৰম্ভণীতে দেখুউৱা তীক্ষ্ণধাৰ সমালোচনাধর্মী দৃষ্টিৰে জ্যোতিপ্রসাদৰ জয়মতীক চাব নোৱাৰি। জয়মতী নামৰ চিনেমাখন ইমানেই স্বয়ংসম্পূর্ণ আৰু শিল্পগুণসন্মত যে আধুনিকতাবাদী হৈয়ো চিনেমাখন আধুনিকতাবাদী প্রদূষণবোৰৰ পৰা মুক্ত হৈ ৰয়। জয়মতী প্রথম অসমীয়া চিনেমা। মন কৰিবলগীয়া কথা এয়ে যে, জয়মতী প্রথম অসমীয়া হিষ্টৰিকেল মুভি, প্রথম অসমীয়া মিউজিকেল, প্রথম অসমীয়া ৰিয়েলিষ্ট নেৰেটিভ, প্রথম অসমীয়া প্রেমৰ ছবি, প্রথম অসমীয়া এক্সন মুভি। যি সময়ত অন্যান্য ভাৰতীয় চিনেমা ধর্মীয় কাহিনীৰ আধাৰত চিনেমা নির্মাণ কৰি কেৱল পপুলাৰ স্তৰতেই ইমেজ নির্মাণত ব্যস্ত আছিল সেই সময়ত জয়মতীকেই আমি চিনেমা এটা পৰিপূর্ণ শিল্প হিচাপে দেখিবলৈ পাওঁ। যদিও চিনেমাখন হিষ্টৰিকেল, ইয়াৰ আঁহে আঁহে নিহিত থকা সমাজ চেতনাই দর্শকক এনেকৈ স্পর্শ কৰি যায় যে তাৰ ফলতে চিনেমাখন চিৰকালৰ বাবেই সমসাময়িক, কন্টেমপৰেৰি। এই গুণ নিহিত থকা খুব অল্পসংখ্যক অসমীয়া চিনেমাহে পাছলৈ দেখিবলৈ পাইছোঁ। সঙ্গীতৰ ক্ষেত্রতো এটা অর্কেষ্ট্রেচনৰ মুড শুনা পাওঁ। পৰৱর্তি বহু কাললৈকে কোনোবা অসমীয়া চিত্রনির্মাতাই চিনেমাত অর্কেষ্ট্রেচনৰ গুৰুত্ব ইমান ভালকৈ বুজি উঠিছে বুলি মনে নধৰে। চিনেমাখন বাস্তৱ অনুগত দু’ধৰণেৰে। ফর্মেল বাস্তৱতা আৰু সমাজ বাস্তৱতাৰ ই সংমিশ্রণ। মানে বাস্তৱিক অভিনয়েৰে ইয়াৰ নেৰেটিভ গঁঠা হৈছে আৰু সমাজ চেতনাৰ বাস্তৱতা তাৰ আধাৰ। হলিউড আৰু বলিউডৰ পপুলাৰ চিনেমাৰ পৰিৱর্তে ৰাছিয়ান ৰিয়েলিষ্ট চিনেমাহে আছিল জ্যোতিপ্রসাদৰ সন্মুখত আদর্শ। অভিনয়ত যিমানখিনি নাটকীয়তা আছিল সেয়া চিনেমাখনৰ সামগ্রিক ইম্প্রেচনৰ লগত খাপ খোৱা। কোৱা বাহুল্য যে মঞ্চ অভিনয়ৰ প্রৱণতাৰে পৰবর্তি বেছিভাগ অসমীয়া চিনেমাৰ অভিনয়তেই আমি এটা ছন্দ পতন অনুভৱ কৰি আহিছোঁ। আৰু এক্সন? প্রত্যেকটো এক্সন চিকুৱেন্সেই জ্যোতিপ্রসাদৰ বুদ্ধিমত্তাৰ পৰিচায়ক। অসমীয়া নাৰী ঘোঁৰাত উঠি যোৱা, ওখ টিলা এটাৰ ওপৰত শত্রুৱে আক্রমণ কৰোতে তললৈ বাগৰি পৰা দৃশ্যটো মনত সাঁচ বহুৱাই যাব পৰা বিধৰ। পর্বতিত (বেকগ্রাউণ্ড) আকাশৰ উজ্জলতা থকাৰ বাবে দেখা পোৱা ছায়াকায় (চিল্যুৱেট্) উৎকৃষ্ট দৃশ্যবোধৰ নিদর্শণ। তৰোৱাল যুদ্ধ, যাঠি যুদ্ধ, হতাহতি আটাইবোৰেই বেচ কৌশল পূর্ণ। বাৰে বাৰে আমি কেৱল অবাক হৈ ৰৈছিলোঁ, ১৯৩৩-৩৫ চনৰ সময়চোৱাত এইবোৰ কেনেকৈ সম্ভৱ হৈছিল।
ভাওনাৰ সূত্রধাৰী নৃত্যৰ এটি দৃশ্যৰে চিনেমাখনৰ আৰম্ভণী। তাৰ পিছতেই অসুৰৰ প্রবেশৰ দৃশ্য। এইবোৰেৰে জ্যোতিপ্রসাদে কেৱল অসমীয়া সংস্কৃতি দেখুৱাবলৈ বিচাৰিছিল বুলিয়ে কৈ থ’বলৈ বিচাৰিলে অন্যায় হ’ব। চলচ্চিত্র বা নাট্যশিল্পয়ো সততে এটা স্পেকটেকুলাৰ আৰম্ভণীৰ তাগিদা ৰাখে, জ্যোতিপ্রসাদে এই ফর্মেল প্রসঙ্গটো অধ্যয়ণ কৰিছিল। চিনেমাখনৰ মাজৰ যিকোনো অংশতে পজ কৰি যদি ফ্রেমৰ অধ্যয়ণ কৰা হয় তেতিয়া দেখা যাব যে প্রত্যেকটো ফ্রেমেই কলাসন্মত। স্থানৰ বিভাজন বা সংৰচনাৰ ক্ষেত্রত প্রত্যেকটো ফ্রেমেই আটিল। অন্তর্দৃশ্য বহির্দৃশ্য আটাইবোৰতেই কেমেৰাশিল্পৰ ব্যাকৰণ দেখা পাওঁ। খণ্ডচিত্রৰ মন্টাজেৰে আৰম্ভ হোৱা চিনেমাখন শেষ হয় বিস্তীর্ণ প্রাকৃতিক দৃশ্যৰে। বৰলুইতৰ অতুলনীয় দৃশ্যলানিৰ লগতে লুইতৰে পানী যাবি অ’ বৈ গীতৰ সংযোজন, ইয়াৰ ব্যতিৰেকে অন্য কিবা দৃশ্য ইয়াতকৈ উত্তম কেথাৰছিছৰ নমুনা হ’ব পাৰে বুলি কল্পনা কৰিব নোৱাৰি। সামগ্রিক চিনেমাখনত সাৱলীল গতিময়তাৰে (পেচ) বলিষ্ঠ চিত্রনাট্যৰ আভাস পোৱা গৈছিল। লুইতৰে পানী যাবি অ’ বৈ গীতটো শুনিবৰ পৰত শিহৰিত হৈ উঠিছিলোঁ আৰু চকুপানীও ওলাইছিল। কিন্তু এই চকুৰ পানী জয়মতীৰ মৃত্যুৰ বাবে নহয়। লুইতৰে পানী যাবি অ’ বৈ বুলি কওঁতে তাৰ মাজত কিছুমান সপোণ আৰু প্রতিশ্রুতি নিহিত আছিল। পৰৱর্তি কালত সেই প্রতশ্রুতিবোৰ যেন বাস্তৱত নফলিয়ালে। যি চিনেমাৰ ইতিহাস জয়মতীৰ দৰে এখন সর্বাঙ্গসুন্দৰ চিনেমাৰে আৰম্ভ হৈছিল সেই ইতিহাস আজি কোন স্তৰত উপনীত হ’ব লাগিছিল সেয়া কল্পনা কৰিয়েই চকুৰ পানী ওলাইছিল। জয়মতী একান্ত আমাৰ অসমৰ কথা, কাহিনী, গীত-মাত, চিনেমা। কিন্তু ই নির্বিবাদে এখন ওৱর্ল্ড ক্লাছিক। পৰৱর্তি কালত এখনো ওৱর্ল্ড ক্লাছিক অসমীয়া চিনেমা আমি কৰিব পাৰিলোনে? লুইতৰে পানী যাবি অ’ বৈ গীতটো এটা প্রার্থনা, এটা প্রতিশ্রুতি। জ্যোতিপ্রসাদৰ ওচৰত ক্ষমা প্রার্থনা কৰাৰ যোগ্যতা আমাৰ আছেনে? নাজানো কোনখিনিত ভুল হৈ গ’ল। টেক্নিকেল সুযোগ সুবিধা নাই বুলি দায় সাৰিব নোৱাৰি, সেয়া কাপুৰুষালি। সততা বা নিষ্ঠাৰ অভাৱ বুলিবলৈকো সত নাযায়। হয়তো অভাৱ বুদ্ধিমত্তাৰ।
No comments:
Post a Comment